সৰ্বনাম (একাদশ অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ একাদশ অধ্যায়

১১. সৰ্বনাম

১১.০১ বাক্যত পূৰ্বে ব্যৱহৃত অথবা অজ্ঞাত কোনো বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা পদবোৰেই সৰ্বনাম। সৰ্বনামবোৰ সধাৰণ নামপদৰেই (nominals) এটি ভাগ। সৰ্ব অৰ্থাৎ সকলো নাম বা বিশেষ্যৰ সলনি ব্যৱহৃত হয় কাৰণেই এই নাম পদবোৰক সৰ্বনাম বোলা হয়। যেনে,

দিবাকৰৰ ঘৰলৈ গৈছিলোঁ। তাক লগ নাপালোঁ। তাৰ দেউতাকে ক’লে যে সি নগাঁৱলৈ গৈছে।

এই বাক্যকেইটাত বিশেষ্য ‘দিবাকৰ’ ৰ সলনি তাক, তাৰ আৰু সি সৰ্বনাম প্ৰয়োগ হোৱাত বিশেষ্য পদটোৰ সঘন পুনৰুক্তি হৈ বাক্যকেইটা শুনিবলৈ শুৱলা হৈছে।

ৰূপগত দিশত অৰ্থাৎ বচনবাচক প্ৰত্যয়, লিঙ্গবাচক প্ৰত্যয়, কাৰক, বিভক্তি আৰু পৰসৰ্গ যোগৰ ক্ষেত্ৰত সৰ্বনাম আৰু বিশেষ্যৰ মাজতভালেমান সাদৃশ্য আছে। বিশেষ্যৰ দৰে সৰ্বনামতো উল্লিখিত প্ৰত্যয়-বিভক্তিবোৰ একেদৰে লগ লাগে। যেনে,

বচন: সিহঁত, যিবোৰ, কোনবিলাক, কোনমখা আদি।

লিঙ্গ: ইটো, সিজন, যিজনী, কোনজনী আদি।

নিৰ্দিষ্টতা বাচক প্ৰত্যয়: ইখন, সিখন, সৌডাল, যিপাট, কোনটাঁৰ আদি।

বিভক্তি আৰু পৰসৰ্গ যোগ: তোক, তাৰ, তালৈ, তোমালৈ, কাৰদ্বাৰা, তাৰ হতুৱাই, মোৰপৰা আদি।

বিশেষ্যৰ দৰে সৰ্বনামৰ পাছতো জোৰ বুজোৱা প্ৰত্যয় লগ লাগে। যেনে, সিও (যাব), সিহে (কৰিলে), সিতো (যাবই) আদি। কিন্তু প্ৰয়োগিক দিশত সৰ্বনামবোৰৰ কেতবোৰ নিজা বৈশিষ্ট্য আছে, যি বোৰে সৰ্বনামক বিশেষ্যৰ পৰা পৃথক কৰিছে। সৰ্বনামৰ নিজা বিশেষত্ব কিছুমান হৈছে এনে ধৰণৰঃ

(ক) সৰ্বনামবোৰ তিনিটা পুৰুষত পোৱা যায়:

প্ৰথম পুৰুষ: মই, আমি

দ্বিতীয় পুৰুষ: তই, তুমি, আপুনি

তৃতীয় পুৰুষ: সি, তাই-কে ধৰি আন সকলো সৰ্বনাম তৃতীয় পুৰুষৰ।

(খ) দ্বিতীয় আৰু তৃতীয় পুৰুষৰ সৰ্বনামৰ তুচ্চাৰ্থক, মান্য আৰু অধিক মান্যাৰ্থক ৰূপ আছে।

(গ) কিছুমান সৰ্বনামৰ একবচন আৰু বহুবচনৰ কাৰণে সুকীয়া ৰূপ আছে। যেনে,

মই একবচনৰ আৰু আমি বহুবচনৰ। যেনে কিছুমান সৰ্বনামৰ কেৱল এক বচনৰ ৰূপহে পোৱা যায়। যেনে, নিজ, স্বয়ং, একো, কেও, কোনো আদি।

(ঘ) প্ৰায়বোৰ সৰ্বনামৰে দুটাৰূপ: প্ৰত্যক্ষ (direct) আৰু তীৰ্যক (ablique)৷ প্ৰত্যক্ষ ৰূপবোৰ কেৱল কৰ্তা কাৰকৰ ৰূপ। ইয়াত কোনো বিভক্তি যোগ নহয়। আন কাৰকত ৰূপ কৰিলে সৰ্বনামবোৰে এক বচনত আৰু কেতিয়াবা বহুবচনত একোটা তীৰ্যক ৰূপ লয় আৰু তাৰ পাছতহে কাৰকৰ বিভক্তি লগ লাগে। যেনে,

কৰ্তা কৰ্ম
মই মো-ক
তই তো-ক
তুমি তোমা-ক
সি তাক আদি

(ঙ) সৰ্বনামবোৰ কৰ্মকাৰকত ৰূপ হ’লে বিশেষ্যৰ দৰে বিভক্তিহীন হৈ বা শূন্য বিভক্তি যোগ হৈ ব্যৱহাৰ হ’ব নোৱাৰে।

(চ) ব্যক্তিবাচক সৰ্বনামত পোনপটীয়াকৈ নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ নহয়। সেই সৰ্বনামবোৰৰ সম্বন্ধ পদৰ ৰূপৰ পাছতহে বুজাব খোজা বিশেষ্য পদবোৰৰ আকৃতি-প্ৰকৃতি অনুযায়ী ভিন ভিন নিৰ্দিষ্টতাবাচক প্ৰত্যয় লগ লাগে। যেনে, মোৰখন কিতাপ, তাৰডাল পেন্সিল আদি।

(ছ) সৰ্বনামবোৰ সীমিত সংখ্যাৰ।

ডº বাণীকান্ত কাকতি প্ৰমুখ্যে ভাষাবিদসকলে পৰম্পৰাগত আসমীয়া ব্যাকৰণৰ আৰ্হিত বস্তুবাচক সৰ্বনাম যিহ কিহ আদিক ক্লীৱলিঙ্গৰ ৰূপ বুলি কৈছে। কিন্তু অসমীয়াত যিহেতু প্ৰাণীবাচক শব্দৰ মাজতহে লিঙ্গভেদ হয়, তদুপৰি ক্লীৱ লিঙ্গৰ যিহেতু কোনো সুকীয়া বৈশিষ্ট নাই, সেয়েহে বিশেষ্যৰ দৰে সৰ্বনামৰো ক্লীৱ লিঙ্গ নাই; পুংলিঙ্গ, স্ত্ৰীলিঙ্গ আৰু উভয়লিঙ্গ বা লিঙ্গ নিৰপেক্ষ ৰূপহে আছে।

১১.০২ সৰ্বনামৰ শ্ৰণীবিভাগ: অৰ্থৰ ওপৰত ভিত্তি কৰি সৰ্বনামক সাতোটা ভাগত ভগাব পাৰি:

১. ব্যক্তিবাচক সৰ্বনাম (Personal pronouns)

২. নিৰ্দেশবোধক সৰ্বনাম (Demonstrative pronouns)

৩. সাকল্যবাচক সৰ্বনাম (Inclusive pronouns)

৪. সঙ্গতিসূচক বা সম্বন্ধবাচক সৰ্বনাম (Relative pronouns)

৫. অনিশ্চয় বা অনিৰ্দিষ্টতাবাচক সৰ্বনাম (Indefinite pronouns)

৬. প্ৰশ্নবাচক সৰ্বনাম (Interrogative pronouns)

৭. আত্মবাচক সৰ্বনাম (Reflexive pronouns)

কোনো কোনো ভাষাবিদে ব্যক্তিবাচক আৰু সাকল্যবাচক সৰ্বনাম কেইটাৰ বাহিৰে বাকীসকলো সৰ্বনামক তদৰ্থক সৰ্বনামৰ ভিতৰত ধৰিছে (গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণ প্ৰবেশ, পৃ. ২৫২)৷ দৰাচলতে সৰ্বনাম মূলৰ ভিত্তিত গঢ় লিৱা সৰ্বনামজাত বিশেষণ আৰু ক্ৰিয়াবিশেষণবোৰকহে তদৰ্থক শিতানত ধৰা উচিত। কাৰণ, সৰ্বনামূলৰ (য্, ত্, ক্ আদি) ভিত্তিত গঢ়ি উঠা এই ৰূপবোৰে সৰ্বনামৰ অৰ্থটোকে বলাই নি বাক্যত বিশেষণ আৰু ক্ৰিয়া বিশেষণৰ অৰ্থ প্ৰকাশ কৰে। গতিকে এনেকুৱা, তেনেকুৱা, ইমান. যিমান, অ’ত, ত’ত, এনেকৈ, তেনেকৈ আদি ৰূপ কোনোবা নামপদৰ সলনি ব্যৱহাৰ হৈছে যদিও এইবোৰে বাক্যত বিশেষণ আৰু ক্ৰিয়াবিশেষণৰহে কাম কৰে।

১১.০২.১ ব্যক্তিবাচক সৰ্বনাম: পুৰুষ অনুযায়ী ব্যক্তিবাচক সৰ্বনাম তিনিপ্ৰকাৰৰ:

প্ৰথম পুৰুষ (মই, আমি)

দ্বিতীয় পুৰুষ (তই, তুমি, আপুনি)

তৃতীয় পুৰুষ (সি, তাই)

যি কয়. সি প্ৰথম পুৰুষ, যাক কোৱা হয় সি দ্বিতীয় পুৰুষ আৰু যাৰ কথা বা যাৰ বিষয়ে কোৱা হয়, সি তৃতীয় পুৰুষ। আগতেই উল্লেখ কৰা হৈছে যে দ্বিতীয় আৰু তৃতীয় পুৰুষৰ সৰ্বনামৰ তুচ্চ, মান্য আৰু অধিক মান্য ৰূপ আছে। অৰ্থগত দিশৰপৰা দ্বিতীয় পুৰুষৰ অধিক মান্যাৰ্থৰ ৰূপ আপুনি নিঃসন্দেহে দ্বিতীয় পুৰুষৰে সৰ্বনাম। কিন্তু প্ৰয়োগ আৰু বাক্যবিন্যাসগত দিশৰ পৰা বিশ্লেষণ কৰিলে ই তৃতীয় পুৰুষতহে পৰে। কিয়নো আপুনি সৰ্বনামৰ ক্ৰিয়াপদত তৃতীয় পুৰুষৰ ক্ৰিয়া-বিভক্তিহে লগ লাগে। যেনে,

সি পঢ়িছে

আপুনি পঢ়িছে

ইয়াত তৃতীয় পুৰুষৰ সৰ্বনাম সি-ৰ ক্ৰিয়াপদ হৈছে তৃতীয় পুৰুষৰ-এ বিভক্তি যুক্ত ‘পঢ়িছে’। কিন্তু দ্বিতীয় বাক্যত দ্বিতীয় পুৰুষৰ অধিক মান্যাৰ্থৰ সৰ্বনাম হোৱা স্বত্ত্বেও আপুনি সৰ্বনামৰ পিছতো একেই ‘পঢ়িছে’ ক্ৰিয়াপদ ব্যৱহৃত হৈছে। গতিকে আপুনি অৰ্থৰ ফালৰ পৰা দ্বিতীয় পুৰুষৰ অধিক মান্যাৰ্থৰ ৰূপ যেন লাগিলেও প্ৰয়োগৰ দিশৰ পৰা ই তৃতীয় পুৰুষৰহে সৰ্বনাম। প্ৰত্যক্ষ আৰু তীৰ্যক ৰূপসহ ব্যক্তিবাচক সৰ্বনাম বোৰ পুৰুষ, বচন আৰু লিঙ্গ অনুযায়ী তলৰ তালিকাত ভাগ কৰি দেখুওৱা হ’ল:

পুৰুষ একবচন বহুবচন
প্ৰত্যক্ষ ৰূপ তীৰ্যক ৰূপ প্ৰত্যক্ষ ৰূপ তীৰ্যক ৰূপ
১ম পুৰুষ (উ.লিং) মই মো আমি আমা-
২য় পুৰুষ (উ.লিং) তই (তুচ্চ) তো- তহঁত
(উ.লিং) তুমি (মান্য) তোমা- তোমালোক
আপুনি (অধিক মান্য) আপোনা- আপোনালোক
আপোনাসকল
৩য় পুৰুষ (পুং) সি (তুচ্চ) তা- সিহঁত
(স্ত্ৰী) তাই (তুচ্চ) তাইহঁত
(উ.লিং) তেওঁ (মান্য) তেওঁলোক
(উ.লিং) তেখেত (অধিক মান্য) তেখেতসকল

উল্লিখিত একবচনৰ প্ৰত্যক্ষ ৰূপৰ সৰ্বনামবোৰ সদায় কৰ্তাকাৰকৰ, কিন্তু ইয়াত কৰ্তাকাৰকৰ ১মা বিভক্তি যোগ নহয়। তথাপি সেইবোৰত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হয়। আনহাতে তীৰ্যক ৰূপৰ একবচনৰ সৰ্বনামবোৰত কৰ্তাৰ বাহিৰে সকলো কাৰকৰ বিভক্তি যোগ হয়। যেনে-

কৰ্ম : মোক, তোক, তোমাক, আপোনাক, তাক

কৰণ : মোৰদ্বাৰা, তোৰদ্বাৰা, তোমাৰদ্বাৰা, আপোনাৰদ্বাৰা, তাৰদ্বাৰা

নিমিত্ত : মোলৈ, তোলৈ, তোমালৈ, আপোনালৈ, তালৈ

অপাদান : মোৰপৰা, তোৰপৰা, তোমাৰপৰা, আপোনাৰপৰা, তাৰপৰা

সমন্ধ : মোৰ, তোৰ, তোমাৰ, আপোনাৰ, তাৰ

অধিকৰণ : মোত, তোত, তোমাত, আপোনাত, তাত

বহুবচনৰ প্ৰত্যক্ষ ৰূপ ‘আমি’ সদায় কৰ্তাকাৰকত আৰু তীৰ্যক আমা-বাকীবোৰ কাৰকত ৰূপ হয়। বহুবচনৰ আন সকলো প্ৰত্যক্ষ আৰু তীৰ্যক ৰূপ সকলো কাৰকতে ওপৰত দেখুওৱাৰ দৰে ৰূপ হয়।

১১.০২.২ নিৰ্দেশবোধক সৰ্বনাম: এই সৰ্বনামবোৰে ওচৰত বা দূৰত থকা কোনো প্ৰাণী বা বস্তুক নিৰ্দেশ কৰে। দুৰত্ব অনুযায়ী এই সৰ্বনাম দুবিধ: প্ৰত্যক্ষ বা নিকটস্থ নিৰ্দেশক (near demonstrative) আৰু পৰোক্ষ বা দুৰস্থ নিৰ্দেশক।

(ক) নিকটস্থ নিৰ্দেশবোধক সৰ্বনাম ওচৰত থকা কোনো প্ৰাণী বা বস্তুৰ সলনি ব্যৱহাৰ হয়। এনে সৰ্বনাম ছটা:

তুচ্চাৰ্থক মান্যাৰ্থক
ই (পুং) এওঁ (উভয় লিঙ্গ)
এই (স্ত্ৰী) এখেত (উভয় লিঙ্গ)
এইটো
এইয়া

কৰ্তাকাৰকৰ একবচনত ই, এই আৰু এওঁ সৰ্বনামত কোনো বিভক্তি যোগ নহয় অৰ্থাৎ তিনিওটা শূন্য বিভক্তিযুক্ত হৈ ৰয়। আন কাৰকৰ গেক বচনত ই-ৰ তীৰ্যক ৰূপ হয় ইয়া-; যেনে, ইয়া-ক, ইয়া-ৰদ্বাৰা, ইয়া-লৈ, ইয়া-ৰপৰা, ইয়া-ৰ আৰু ইয়া-ত। এওঁ-ৰ কোনো তীৰ্যক ৰূপ নাই। এইয়া সদায় একবচনৰ ৰূপ। এইটো একবচনত সকলো কাৰকতে ৰূপ কৰিব পাৰি। বহুবচনতো ৰূপ কৰিবব পাৰি; বহুবচনত ৰূপ কৰিব লাগিলে এই সৰ্বনামত বহুবচনৰ প্ৰত্যয় প্ৰত্যক্ষভাবে যোগ দি তাৰ পিছতহে কাৰক অনুযায়ী ৰূপ কৰিব লাগে। যেনে,

কৰ্তা: ইহঁতে, এইহঁতে, এইবোৰে, এওঁলোকে, তেখেতসকলে

কৰ্ম: ইহঁতক, এইহঁতক, এইবোৰক, এওঁলোকক, এখেতসকলক ইত্যাদি।

(খ) পৰোক্ষ বা দূৰস্থ নিৰ্দেশবোধক সৰ্বনামে কিছু দুৰত থকা প্ৰাণী বা বস্তুৰ সলনি ব্যৱহাৰ হোৱা সৰ্বনামক বুজায়। এনে সৰ্বনাম চাৰিটা:

সেই, সেইয়া, সৌ, সৌৱা

ইয়াৰে প্ৰথমৰ দুটাই কম দূৰত্ব আৰু পিছৰ দুটাই বেছি দূৰত্ব বুজায়। ইহঁতৰ তীৰ্যক ৰূপ নাই। সেই আৰু সৌ সৰ্বনাম নিকটস্থ এইটো সৰ্বনামৰ দৰে দুয়োটা বচন আৰু সকলো কাৰকতে ৰূপ কৰিব পাৰি। যেনে,

কৰ্তা: সেইটোৱে, সৌটোৱে, সেইবোৰে, সৌবোৰে

কৰ্ম: সেইটোক, সৌটোক, সেইবোৰক, সৌবোৰক ইত্যাদি

সেইয়া আৰু সৌৱা সদায় একবচনৰ ৰূপ। কাৰক অনুযায়ী ইহঁতৰ ৰূপ নহয়। উল্লিখিত সৰ্বনামকেইটা লিঙ্গ নিৰপেক্ষ। যদি সেই ৰূপ কেইটাই দূৰত থকা কোনো পুৰুষ বা স্ত্ৰীক নিৰ্দেশ কৰে, তেন্তে সিহঁত পুংলিঙ্গ বা স্ত্ৰীলিঙ্গৰ হ’ব আৰু তেতিয়া সিহঁতৰ পাছত লিঙ্গ বাচক প্ৰত্যয় যোগ হ’ব। যেনে,

সেইটো নৰেন নেকি?

সৌজনী হৰেণৰ জীয়েক।

অৰ্থগত দিশৰ পৰা তৃতীয় পুৰুষৰ ব্যক্তিবাচক সৰ্বনামকেইটাও দূৰ নিৰ্দেশক সৰ্বনাম। কেৱল মানুহক বুজোৱা এই সৰ্বনাম কেইটাই কিছু আঁতৰত থকা জনকহে বুজায়। যেনে,

ই/এই পঢ়িছেনে?

সি/তাই/তেওঁ/তেখেতে পঢ়িছেনে?

ইয়াত প্ৰথম বাক্যৰ সৰ্বনাম দুটাই কাষতে বা ওচৰতে থকাজনক আৰু দ্বিতীয় বাক্যৰ সৰ্বনামকেইটাই কিছু দূৰত থকাজনক নিৰ্দেশ কৰিছে।

১১.০২.৩ সাকল্যবাচক সৰ্বনাম: বহুতো প্ৰাণী বা বস্তুৰ নামৰ সলনি এই সৰ্বনাম ব্যৱহৃত হয়। অসমীয়াত এনে সৰ্বনাম সাতোটা:

সকলো, সমূহ, উভয়, আটাই, গোটেই, সব আৰু সদৌ

উভয়, সমূহ আৰু সদৌ সৰ্বনাম প্ৰাণীবাচক আৰু বাকীবোৰ প্ৰাণীবাচক-অপ্ৰাণীবাচক সকলো শব্দ বুজাবলৈ ব্যৱহৃত হয়।

উভয় সৰ্বনামে সদায় দুটা বা দুজনক বুজায়। বাকী কেইটা সৰ্বনাম সদায় বহুবচন বাচক। কিন্তু কেতিয়াবা বিশেষ কিছুমান লোকক নিৰ্দিষ্ট কৰি দিবলৈ সকলো, আটাই আৰু সব শব্দৰ পিছত বহুবচনৰ প্ৰত্যয় যোগ দিয়া হয়। যেনে,

সকলোবিলাক ল’ৰা, সকলোবোৰ ছোৱালী, আটাইবিলাক মানুহ,

সববোৰ বা সববিলাক ছাত্ৰ ইত্যাদি।

এই তিনিওটা সাকল্যবাচক সৰ্বনামকে বিভিন্ন কাৰক অনুযায়ীও ৰূপ কৰিব পাৰি। যেনে,

কৰ্তা: সকলোৱে, আটায়ে, সবেই

কৰ্ম: সকলোকে, আটাইকে, সবাকে ইত্যাদি।

সব শব্দৰ পিছত বহুবচন প্ৰত্যয় যোগ হ’লে সাধাৰণ অৰ্থ বা তুচ্চাৰ্থ প্ৰকাশ পায়। কিন্তু বহুবচনৰ প্ৰত্যয় যোগ নকৰাকৈ বিভিন্ন কাৰকত ৰূপ কৰিলে ই কিছু মান্যাৰ্থ বা বিনয় ভাৱ প্ৰকাশ কৰে। যেনে, সবেও, সবাকো, সবাৰে, সবাৰো, সবাতো আদি।

দুটা বুজোৱা উভয় আৰু বহুতো বুজোৱা সমূহ আৰু সদৌ সৰ্বনামো কেইটামান কাৰকত ৰূপ কৰিব পাৰি। যেনে,

কৰ্তা: উভয়ে (আহিবা)।

কৰ্ম: উভয়কে, সমূহকে, সদৌটিকে (নিমন্ত্ৰণ জনালোঁ)।

নিমিত্ত: উভয়লৈ, সমূহলৈ, সদৌটিলৈ (নমস্কাৰ)।

কথিত ভাষাত সদৌ শব্দটি সদৌৱে, সদৌকে, সদৌৰে ৰূপতো ব্যৱহাৰ কৰা হয়। গোটেই সৰ্বনাম সাধাৰণতে অকলে ব্যৱহাৰ নহয়। ইয়াৰ পিছত এটা বুজোৱা নিৰ্দিষ্টতাবাচক আৰু বহুবচনৰ প্ৰত্যয় লগ লাগিলেহে সি বাক্যত ব্যৱহাৰৰ উপযোগী হয়। যেনে,

গোটেইটো ধুনীয়া হৈ আহিছে।

ভাওনালৈ গোটেইমখা আহিবি।

দুই-এটা কাৰকতো গোটেই সৰ্বনাম বহুবচনত ৰূপ কৰিব পাৰি। যেনে,

কৰ্তা: গোটেইবোৰেই আহিবি।

কৰ্ম: গোটেইবোৰকে মতা হৈছে।

নিমিত: গোটেইবোৰলৈ আনিছোঁ। ইত্যাদি।

১১.০২.৪ সম্বন্ধ বা সঙ্গতিবাচক সৰ্বনাম: বাক্যত বহি আন নামপদৰ লগত সম্বন্ধ বা সঙ্গতি বুজোৱা সৰ্বনামবোৰেই সঙ্গতিবাচক সৰ্বনাম। অসমীয়াত এনে সৰ্বনাম দুটা: যি আৰু যিহযি প্ৰাণীবাচক- অপ্ৰাণীবাচক সকলো শব্দৰ লগত আৰু যিহ কেৱল অপ্ৰাণীবাচক ৰূপৰ ক্ষেত্ৰত ব্যৱহৃত হয়। প্ৰাণীবাচক শব্দৰ লগত সম্বন্ধ স্থাপন কৰা যি-টো উভয়লিঙ্গবাচক; লিঙ্গবাচক টো বা জনী যোগ দি তাক পুংলিঙ্গ বা স্ত্ৰীলিঙ্গলৈ ৰূপান্তৰ কৰিব পাৰি। যেনে,

যিজনক মাতিছিলোঁ, তেওঁ নাহিল।

যিজনীক মতা নাছিলোঁ, তাইহে আহিল।

যিবোৰ কাম তুমি বেয়া পোৱা, তেনে কাম নকৰিবা।

যিহ সৰ্বনাম সদায় একবচনৰ। যি আৰু যিহ এই দুয়োটাকে বিভিন্ন কাৰক অনুযায়ী ৰূপ কৰিব পাৰি। যি-টো কৰ্তাকাৰকৰ ৰূপ। আন কাৰকত ৰূপ কৰিলে ইয়াৰ তীৰ্যক ৰূপ যা হয়। যেনে,

কৰ্তা: যিয়ে যিবোৰে
যিহে ——
কৰ্ম: যাক যিবোৰক
যিহক —— ইত্যাদি।

১০.০২.৫ অনিশ্চয় বা অনিৰ্দিষ্টতাবাচক সৰ্বনাম: অনিশ্চিত বা অনিৰ্দিষ্ট কোনো প্ৰাণী বা বস্তুৰ সলনি ব্যৱহাৰ হোৱা সৰ্বনামবোৰেই আনিৰ্দিষ্টতা বাচক সৰ্বনাম। অসমীয়াত এনে সৰ্বনাম ঘাইকৈ চাৰিটা:

একো, কেও/ কেৱে, কোনো আৰু কোনোবা

প্ৰথমৰ তিনিটা নঞৰ্থক আৰু শেহৰটো সদৰ্থক। একো অপ্ৰাণীবাচক আৰু বাকীকেইটাই প্ৰাণীবাচক শব্দৰ সলনি ব্যৱহাৰ হৈ উভয়লিঙ্গ বুজায়। যেনে,

আজি খাবলৈ একো নাই।

ঘৰত কেও নাই।

কথাটো কেৱে নাজানিলে।

বজাৰলৈ পঠাবলৈ কোনো নাই।

কোনোবা আহিছে।

এই কেইটা সৰ্বনাম একবচনৰ। কেতিয়াবা কোনো আৰু কোনোবা শব্দ পুনৰুক্তি কৰি বহুবচন কৰা হয়। যেনে,

কোনো কোনোৱে এনেকৈ কয়।

কোনোবা কোনোবা গ’লগৈ।

দুই এটা কাৰক অনুযায়ীও এইবোৰৰ ৰূপ হয়। কোনোবা সৰ্বনামে কৰ্তাকাৰকৰ বাহিৰে আন কাৰকত ৰূপ হ’লে কাৰোবা এই তীৰ্যক ৰূপ লয়। যেনে,

কৰ্ম: কোনো, কোনোক, কাৰোবাক কাৰোবাক

কৰণ: কোনো, কোনোৰদ্বাৰা, কাৰোবাৰ, কাৰোবাৰদ্বাৰা

একো, কোনো আৰু কোনোবা শব্দত কেতিয়াবা দুই-এটা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ো লগ লাগে।

১১.০২.৬ প্ৰশ্নবোধক সৰ্বনাম: প্ৰশ্ন সুধিবলৈ ব্যৱহাৰ কৰা সৰ্বনামবোৰেই প্ৰশ্নবোধক সৰ্বনাম। অসমীয়াত এনে সৰ্বনাম তিনিটা:

কি, কিহ আৰু কোন

কি প্ৰত্যক্ষ বা কৰ্তাকাৰকৰ একবচন ৰূপ। আন কাৰকৰ একবচনত ৰূপ কৰিলে ইয়াৰ তীৰ্যক ৰূপ কা- হয় আৰু তাৰ পিছতহে কাৰকৰ বিভক্তি যোগ হয়। কোন কৰ্তাকাৰকৰ একবচন ৰূপ। আন কাৰকৰ একবচনত ইয়াৰো কা-ৰূপ হয়। বহুবচনত সকলো কাৰকতে কোন একেদৰে ব্যৱহাৰ হয়। অৰ্থাৎ কোন-ৰ পিছত বহুবচনৰ প্ৰত্যয় যোগ দি তাৰ পিছত কাৰকৰ বিভক্তি যোগ দিয়া হয়। কোন প্ৰাণীবাচক-অপ্ৰাণীবাচক আৰু কি, কিহ অপ্ৰাণীবাচক বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। দুটামান কাৰকত ইহঁতৰ প্ৰয়োগ দেখুওৱা হ’ল:

কৰ্তা: কি, কিহে, কোনে কিবোৰে, কোনবোৰে
কৰ্ম: কাক, কিহক কিবোৰক, কোনবোৰ
কৰণ: কাৰদ্বাৰা, কিহৰদ্বাৰা কিবোৰৰদ্বাৰা, কোনবোৰৰদ্বাৰা ইত্যাদি।

১১.০২.৭ আত্মবাচক সৰ্বনাম: নিজক বুজোৱা সৰ্বনামবোৰেই আত্মবাচক সৰ্বনাম। অসমীয়া ভাষাত এনে সৰ্বনাম তিনিটা: নিজ, স্বয়ং আৰু আপোন/আপুনি। ‘নিজ’ অৰ্থ প্ৰকাশ কৰা এই সৰ্বনাম তিনিটাৰ ভিতৰত কেৱল নিজটোহে বিভিন্ন কাৰক অনুযায়ী ৰূপ কৰিব পাৰি। বহুবচনত ৰূপ কৰিলে নিজ সদায় দ্বিত্ব হৈ যায়। যেনে,

কৰ্তা: নিজে নিজে নিজে
কৰ্ম: নিজক নিজক নিজক
কৰণ: নিজৰ দ্বাৰা নিজৰ নিজৰ দ্বাৰা ইত্যাদি।

স্বয়ং আৰু আপোন/আপুনি একোটা বিশেষ পৰিবেশত একবচনতহে ব্যৱহৃত হয়। যেনে,

(মই)স্বয়ং আহিলোঁ।

তেওঁ স্বয়ং সভাত উপস্থিত হ’লহি।

আপোন ভালেই জগত ভাল।

তেওঁ আপুনি এইখিনি পালেহি।

মন কৰিবলগীয়া যে নিজ সৰ্বনামত নিৰ্দিষ্টবাচক আৰু বহুবচনৰ প্ৰত্যয় প্ৰত্যক্ষ ৰূপে লগ নালাগে। ৬ষ্ঠী-ৰ যুক্ত হোৱাৰ পাছতহে সেই বোৰ প্ৰত্যয় লগ লাগে। যেনে,

নিজৰটো, নিজৰখন, নিজৰবোৰ, নিজৰবিলাক ইত্যাদি।

আপোন শব্দটো আ-কাৰান্ত কৰি তাৰ লগত আপুনি লগ লগাই একেলগে উচ্চাৰণ কৰিলেও স্বয়ং অৰ্থ প্ৰকাশ পায়। যেনে,

কথাটো আপোনা-আপুনি মনত পৰিল।

কিন্তু কেতিয়াবা আপোনা-আপুনি শব্দই পৰস্পৰ অৰ্থ প্ৰকাশ কৰে আৰু তেতিয়া তাক পাৰস্পৰিক বা ব্যতিহাৰিক সৰ্বনাম বোলা হয়। যেনে, আদালতলৈ নগৈ সিহঁতে কাজিয়াখন আপোনা-আপুনি মিটমাট কৰিলে।

১১.০৩ ইয়াৰ বাহিৰেও অসমীয়া ভাষাত ক্ৰিয়াৰ স্থান, কাল আৰু ধৰণ বুজোৱা আৰু প্ৰাণী বা বস্তুৰ গুণ, পৰিমাণ আদি বুজোৱা কিছুমান সৰ্বনাম আছে। যেনে,

(ক) ইয়াত, তাত, কেতিয়া, যেতিয়া, এনেকৈ, তেনেকৈ আদি।

(খ) এনে, এনেকুৱা, তেনে, তেনেকুৱা, ইমান, তিমান আদি।

(ক) শিতানৰ শব্দবোৰ স্থান, কাল, ধৰণবাচক কিছুমান নামপদৰ সলনি ব্যৱহাৰ হোৱাৰ কাৰণে সিহঁত সৰ্বনাম; কিন্তু এইবোৰ সৰ্বনামে ক্ৰিয়াৰ স্থান, কাল আৰু ক্ৰিয়া কৰাৰ ধৰণকহে বিশেষ কৰি বুজাইছে। সেয়েহে এইবোৰক সাধাৰণ কালবাচক-স্থানবাচক সৰ্বনাম বুলি নধৰি সৰ্বনামজাত ক্ৰিয়াবিশেষণ বুলি ধৰাহে যুগুত। সেইদৰে (খ) শিতানৰ শব্দবোৰেও সৰ্বনাম হৈও কোনো নামপদৰ গুণ বা অৱস্থা আৰু পৰিমাণহে নিৰ্দেশ কৰে। সেয়েহে সেইবোৰকো সৰ্বনামজাত বা সৰ্বনামীয় বিশেষণ বুলিহে ধৰা ভাল (বিশেষ অধ্যায়ৰ ১০.০৫ আৰু ১০.০৯ ছেদ চাওক)।

অসমীয়া ভাষাত কেতিয়াবা দুটা ভিন্ন শ্ৰেণীৰ সৰ্বনাম যোৰ পাতি ব্যৱহাৰ হয়। সাধাৰণতে তৃতীয় পুৰুষৰ সৰ্বনাম সি- ৰ তীৰ্যক ৰূপ তা-, সম্বন্ধবাচক সৰ্বনাম যি-ৰ তীৰ্যক ৰূপ যা- আৰু অন্য (বিশেষণ) সৰ্বনামৰ পৰা হোৱা আ-ৰ পিছত কে বা ব্যৱহাৰ কৰি সেই সৰ্বনামবোৰ যুৰীয়াকৈ ব্যৱহাৰ কৰা হয়। যেনে,

আক তাক সুধি গম পালোঁ।

যাকে তাকে বিশ্বাস নকৰিবা।

য’তে ত’তে থু নেপেলাবা।

যিহকে তিহকে নক’বা ইত্যাদি।

এনেবোৰ সৰ্বনামক যুৰীয়া সৰ্বনাম বুলি ক’ব পাৰি। সৰ্বনামজাত ক্ৰিয়া বিশেষণবোৰ প্ৰায়ে এনেদৰে যুৰীয়াকৈ ব্যৱহাৰ কৰা হয়। যেনে,

য’ৰে ত’ৰে পানী খাব নালাগে।

অ’ত ত’ত কথা লগাই নুফুৰিবা।

পৰীক্ষাৰ সময়ত অলৈ তলৈ নাযাবা।

যেনিতেনি ঘূৰি নুফুৰিবা।

মানুহক যেনেকৈ তেনেকৈ কথা নকবা।

১১.০৫ সৰ্বনামৰ বিশেষণ হিচাবে প্ৰয়োগ: সাধাৰণতে প্ৰথম আৰু দ্বিতীয় পুৰুষৰ সৰ্বনামৰ বাহিৰে আন কিছুমান সৰ্বনাম বিশেষ্যৰ আগত বিশেষণৰ দৰে ব্যৱহাৰ হ’ব পাৰে। বিশেষিত পদ বহুবচন হ’লে, একবচনৰ সৰ্বনামৰ পিছত -বোৰ, -বিলাক, সব, সকল আদি বহুবচনাত্মক ৰূপ লগ লাগে। বিশেষণৰ দৰে ব্যৱহাৰ হ’লে সৰ্বনামৰ পিছত কাৰকৰ বিভক্তি যোগ নহৈ বিশেষিত পদৰ পাছতহে যোগ হয়। যেনে,

সেই মানুহজনৰ; সেইজন মানুহৰ।

যিবোৰ মানুহক; এইবিলাক কিতাপ।

কোনো কোনো পণ্ডিত ইত্যাদি।


Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments