ক্ৰিয়াপদ (দ্বাদশ অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ দ্বাদশ অধ্যায়

১২. ক্ৰিয়া পদ

১২.০১ ক্ৰিয়াপদ সব্যয় পদৰ এটি প্ৰধান ভাগ। কোনো কাম কৰা, হোৱা বা ঘটা বুজোৱা পদবোৰেই ক্ৰিয়াপদ। ভাষা এটাৰ বহুবোৰ ৰূপতাত্ত্বিত দিশ ইয়াৰ লগত জড়িত হৈ আছে। ধাতু, পুৰুষ, কাল, ভাৱ (mood) আৰু বাচ্য-এই কেউটাৰ সুসমন্বয়তহে ক্ৰিয়াপদৰ আলোচনা সম্পূৰ্ণ হ’ব পাৰে।

ধাতুঃ ধাতুৱেই হৈছে ক্ৰিয়াপদৰ মূল। আন কথাত ক্ৰিয়াপদৰ পৰা পুৰুষবাচক, কালবাচক আৰু ভাৱবাচক বিভিন্ন চিহ্নবোৰ আঁতৰাই আনিলে যি মূল ৰূপ থাকে, সিয়েই ধাতু। যেনে,

পঢ়োঁ, পঢ়িছোঁ, পঢ়িছিলোঁ, পঢ়িম, পঢ়ক

এই ক্ৰিয়াপদ কেইটাৰপৰা ক্ৰমে -ওঁ, -ইছোঁ, -ইছিলোঁ, -ইম্ আৰু –অক আঁতৰাই আনিলে তাৰ মূল ৰূপ হ’ব পঢ়্; এই পঢ়্-টোৱেই উল্লিখিত ক্ৰিয়াপদকেইটাৰ মূল বা ধাতু। গতিকে ধাতু ক্ৰিয়াপদৰ মূল ভেটি। অসমীয়া ভাষাত প্ৰায় ডেৰ হাজাৰমান ধাতু দেখা যায়। ইয়াৰে কিছুমান ধাতু লোপ পাইছে বা সময়ৰ লগে লগে অপ্ৰচলিত হৈ পৰিছে।

১২.০২ অসমীয়া ধাতুবোৰৰ উত্পত্তি, সিবোৰৰ প্ৰকৃতি আৰু গাঠনিক দিশ বিচাৰ কৰি এইবোৰক মুখ্যাতঃ তিনিটা ভাগত ভগাৱ পাৰিঃ

(ক) মুখ্য বা মৌলিক ধাতু (Primary roots)

(খ) গৌণ বা সাধিত ধাতু (Secondary roots বা derivatives)

(গ) যৌগিক ধাতু (Compounded roots)

এই কেউপ্ৰকাৰ ধাতুতে পুৰুষ, কাল আৰু ভাৱবাচক চিহ্ন য়োগ কৰি নতুন নতুন ক্ৰিয়াপদ গঠন কৰিব পাৰি। আকৃতিৰ ফালৰ পৰা এই ধাতুবোৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত, দুয়ো ধৰণৰ হ’ব পাৰে।

১২.০২.০১ মৌলিক ধাতুঃ যিবোৰ ধাতু স্বয়ং সিদ্ধ, যিবোৰ ধাতুক অৰ্থপূৰ্ণভাবে ভাঙি খণ্ড খণ্ড কৰিব নোৱাৰি, সেইবোৰেই মুখ্য বা মৌলিক ধাতু। যেনে,

কৰ্, দেখ্, পঢ়্, মৰ্, বল্, খা, যা, শুন্, উজা, ওপজ,

উৰ্, ওলম্, ওঘাল, ফাল্, পাৰ্ থ ইত্যাদি।

এই ধাতুবোৰৰ উত্সলৈ (Source) লক্ষ্য কৰিলে দেখা যায় যে এইবোৰৰ কিছুমান সংস্কৃতৰ সাধাৰণ ধাতুৰ পৰা প্ৰাকৃতৰ মাজেদি আহিছে (যেনে, কৰ্, দেখ, পঢ়্ আদি), কিছুমান ধাতু সংস্কৃতৰ উপসৰ্গযুক্ত ধাতুৰপৰা আহিছে (যেনে, উজা, ওপজ্, ওলপ আদি) আৰু কিছুমান ধাতু সংস্কৃতৰ পাঁচনি ধাতুৰপৰা আহিছে (যেনে, ফাল্, পাৰ্, থ, দা আদি)।সংস্কৃতৰ পৰা অহা মৌলিক ধাতুবোৰৰ অধিকাংশই তদ্ভৱ অৰ্থাত্ প্ৰাকৃতৰ মাজেদি অহা। তত্সম আৰু অৰ্দ্ধ তত্সম মৌলিক ধাতুও অসমীয়াত আছে। যেনে, চিন্ত্, পূজ, লভ্, লিখ্, গৰজ্, সুমৰ্ আদি। অজ্ঞাত মূল বা দেশী, আৰ্য ভিন্ন ভাষা আৰু বিদেশী মূলৰ পৰা অহা দুই-এটা শব্দও অসমীয়াত মৌলিক ধাতু হিচাপে ব্যৱহাৰ হোৱা দেখা যায়।

১২.০২.০২ সাধিত ধাতুঃ যিবোৰ ধাতু অৰ্থপূৰণ ভাবে ভাঙি খণ্ড খণ্ডকৈ দেখুৱাব পাৰি, যিবোৰ ধাতু ভাঙিলে এটা বা নামশব্দ আৰু একাধিক প্ৰত্যয় পোৱা যায়, সেইবোৰেই সাধিত বা গৌণ ধাতু। যেনে,

পঢ়ুৱা, চৰিয়া, ধপধপা , দেখা ইত্যাদি।

এই ধাতুকেইটা ভাঙিলে আমি নিম্ন লিখিত ৰূপকেইটা পামঃ

পঢ়্ + উৱা, চৰ (নামপদ)+ আ, দেখ + আ

এইদৰে পঢ়্ ধাতুত –উৱা যোগ হৈ পঢ়ুৱা, চৰ্ নামপদত + ইয়া যোগ হৈ চৰিয়া, ধপধপ্ ধ্বন্যাত্মক শব্দত যোগ হৈ ধপধপা আৰু দেখ্ ধাতুত আ যোগ হৈ দেখা সাধিত ধাতু গঠিত হৈছে। এই সাধিত ধাতুকেইটাত যোগ হোৱা ক্ৰমে-উৱা আৰু –ইয়া প্ৰত্যয় অৰ্থবহ। ইহঁতৰ যোগত ক্ৰমে পঢ়ুৱা- পাঁচনি ধাতু, চৰিয়া- নামধাতু, ধপধপা্ ধ্বন্যাত্মক ধাতু আৰু দেখা কৰ্মবাচ্যৰ ধাতু গঠন কৰা হৈছে। ইয়াৰপৰা দেখা যায় যে সাধিত ধাতুবোৰ কোনো মৌলিক ধাতু বা নামশব্দৰ পিছত বিভিন্ন অৰ্থবাচক প্ৰত্যয় যোগ কৰি গঠন কৰা হয়। অসমীয়াত সাধিত ধাতু মুখ্যতঃ তিনিপ্ৰকাৰৰঃ (ক) পাঁচনি ধাতু (খ)নামধাতু আৰু (গ) ধ্বন্যাত্মক ধাতু। কেতিয়াবা কৰ্মবাচ্যৰ ধাতুবোৰকো ইয়াৰ ভিতৰত ধৰিব পৰা যায়। যেনে, কথাটো ভাল শুনা নাই, কামটো হোৱা নাই আদি। কিন্তু পাঁচনী ধাতু, নামধাতু আৰু ধ্বন্যাত্মক ধাতুৰ দৰে কৰ্মবাচ্যৰ ধাতুবোৰ পুৰুষ-বিভক্তি আৰু কাল আনুযায়ী ৰূপ কৰিব নোৱাৰি।

পাঁচনি ধাতুঃ আনৰ দ্বাৰা কাৰ্য সমাধা কৰা ধাতুবোৰেই পাঁচনি ধাতু। পাঁচনি ধাতু গঠন কৰা প্ৰত্যয় কেইটা হৈছেঃ –আ আৰু –উৱা/-ওৱা। মৌলিক ধাতুৰ পিছত এই প্ৰত্যয় কেইটা যোগ দি পাঁচনি ধাতু গঠন কৰা হয়। পাঁচনি প্ৰত্যয় যোগ হ’লে প্ৰায়ে মূল ধাতুটোৰ আদ্য অক্ষৰৰ বা মধ্যাক্ষৰৰ স্বৰৰ গুণৰ পৰিবৰ্তন হয়। আকৃতিগত ভাবে পাঁচনি প্ৰত্যয় তিনিটা যদিও তিনিওটাৰে অৰ্থ একেই অৰ্থাৎ আন মানুহক পাঁচি ক্ৰিয়া কৰোৱা। পাঁচনি প্ৰত্যয় যোগ হোৱা কিছুমান পাঁচনি ধাতু হ’লঃ

-আ প্ৰত্যয় যুক্তঃ

ক্ + আ = কোৱা

ল + আ = লোৱা

গা + আ = গোৱা

দি + আ = দিয়া

মৰ্ + আ = মৰা

পি + আ = পিয়া ইত্যাদি।

-উৱা /-ওৱা

প্ৰত্যয় যুক্তঃ পঢ়্ + উৱা = পঢ়ুৱা

কান্দ্ + উৱা = কন্দুৱা

হাঁহ্ + উৱা = হহুঁৱা

নাচ্ + উৱা = নচুৱা

দেখ্ + উৱা = দেখুৱা

ধো + উৱা = ধুউৱা

পলা + উৱা = পলুৱা

কৰ্ + ওৱা = কৰোৱা ইত্যাদি।

কেতিয়াবা একেটা মৌলিক ধাতুতে দুটা ভিন্ন পাঁচনি প্ৰত্যয় যোগ কৰি গঠন কৰা পাঁচনি ধাতু দুটাৰ মাজত অৰ্থৰ পৰিবৰ্তন ঘটে। যেনে,

পঢ়াওঁ (নিজে আনক পঢ়াওঁ)

পঢ়ুৱাওঁ (আনৰ পঢ়াৰ দায়িত্ব বহন কৰোঁ)

সেইদৰে কৰাওঁ, কৰোৱাওঁ। অৱশ্যে ইয়াৰ মাজত থকা পাৰ্থক্য অতি সূক্ষ্ম। পাঁচি ধাতুবোৰ বিভিন্ন পুৰুষ আৰু কালত ৰূপ কৰিলে পাঁচনি ক্ৰিয়াপদ পোৱা যায়।

নামধাতুঃ সাধাৰণতে বিশেষ্য আৰু বিশেষণ শব্দত প্ৰত্যয় যোগ কৰি নামধাতু গঠন কৰা হয়। অসমীয়াত নামধাতু গঠন কৰা প্ৰত্যয় তিনিটাঃ –আ, -ইয়া আৰু –উৱা । এই প্ৰত্যয় যোগ হোৱাৰ পাছত কেতিয়াবা নামপদটোৰ আদ্যক্ষৰৰ স্বৰৰ পৰিবৰ্তন ঘটে। উদাহৰণ,

বিশেষ্য/ বিশেষণ প্ৰত্যয় নামধাতু
কিল কিলা
চৰ চৰা
বোল বোলা
ভুকু ভুকুৱা
লাঠি লঠিয়া
আঙুলি আঙুলিয়া
তপত তপতা
বহল বহলা
ডাবি ডাবিয়া
টাঙন ইয়া টঙনিয়া
ৰিঙ ইয়া ৰিঙিয়া
আগ উৱা আগুৱা
পাচ উৱা পাচুৱা ইত্যাদি।

পাঁচনি ধাতুৰ দৰে নামধাতুবোৰো বিভিন্ন পুৰুষ আৰু কাল অনুযায়ী ৰূপ কৰি নতুন নতুন নামক্ৰিয়া পদ গঠন কৰিব পাৰি।

ধ্বন্যাত্মক ধাতুঃ ধ্বন্যাত্মক ধাতুবোৰ একপ্ৰকাৰ নামধাতুৱেই। কোনো ধ্বনিৰ অনুকৰণত সৃষ্টি হোৱা ধ্বন্যাত্মক শব্দবোৰ সাধাৰণতে নামশব্দ। এই শব্দবোৰৰ পাছত বিবিধ প্ৰত্যয় যোগ দি এইবোৰ নামধাতু, বিশেষণ, ক্ৰিয়াবিশেষণ আদিলৈ ৰূপান্তৰ কৰিব পাৰি। ধ্বন্যাত্মক শব্দবোৰৰ কিছুমান এটা অংশ আৰু কিছুমান সচৰাচৰ দুটা অংশৰে গঠিত। অসমীয়াত দ্বিৰুক্তি হোৱা ধ্বন্যাত্মক শব্দৰ সংখ্যাই সৰহ। একক বা দ্বিত্ব হোৱা ধ্বন্যাত্মক শব্দত আ প্ৰত্যয় যোগ দি ধ্বন্যাত্মক ধাতু গঠন কৰা হয়। যেনে-

কেঁক + আ = কেঁকা

ফোঁপ + আ = ফোঁপা

গুণগুণ + আ = গুণগুণা

ফুচফুচ্ + আ = ফুচফুচা

দপদপ + আ = দপদপা ইত্যাদি।

১২.০২.০৩ যৌগিক ধাতুঃ কিছুমান ধাতুৱে কিছুমান বিশেষ্য বা বিশেষণ, অসমাপিকা ক্ৰিয়া, ক্ৰিয়াৰ ভৱিষ্যতকালৰ তৃতীয় পুৰুষৰ ৰূপ, ক্ৰিয়াৰ অতীত কৃদন্ত ৰূপ, তুমুনন্ত ক্ৰিয়াৰূপ আৰু প্ৰত্যয়ান্ত ধাতুৰ পাছত লগ লাগি ভিন্ন অৰ্থ প্ৰকাশক এক শ্ৰেণীৰ নতুন ধাতুৰ সৃষ্টি কৰে। এই ধাতুবোৰৰ দুটা মূল (base) অৰ্থাৎ দুটা ভিন্নমূলীয় ৰূপৰ সংযোগত সৃষ্টি হোৱা ধাতুবোৰেই যৌগিক বা সংযুক্ত ধাতু। উদাহৰণঃ

(ক) বিশেষ্য আৰু বিশেষণৰ পাছত ধাতু যোগঃ

নাম কৰ্, ভাল কৰ্, কাষ চাপ, মাছ মাৰ্,

আৰম্ভ কৰ্, শেষ কৰ্, চুটি কৰ্, চমু কৰ্ আদি।

(খ) অসমাপিকা ক্ৰিয়াৰ পিছত ধাতু যোগঃ

খাই পেলা, পৰি যা, লৈ যা বহি থাক,

ৰাখি থ, কৈ চা, বাগৰি পৰ ইত্যাদি।

(গ) ক্ৰিয়াৰ ভৱিষ্যতকালৰ তৃতীয় পুৰুষৰ ৰূপৰ পাছত ধাতুযোগঃ

খাব পাৰ্, ক’ব পাৰ, যাব খোজ,

বহিব পাৰ্, কৰিব পাৰ, পঢ়িব পাৰ্ আদি।

(ঘ) ক্ৰিয়াৰ অতীত কৃদন্ত ৰূপৰ পাছত ধাতু যোগঃ

ধৰা পৰ্, অহা-যোৱা কৰ্, খোৱা কৰ্,

মৰা পৰ্, শোৱা কৰ্ আদি।

(ঙ)নিমিত্তাৰ্থক ক্ৰিয়া-ৰূপৰ পাছত ধাতু যোগঃ

খাবলৈ ধৰ্, পঢ়িবলৈ বহ্, খাবলৈ উঠ্,

ৰান্ধিবলৈ লাগ, কৰিবলৈ এৰ্ ইত্যাদি।

(চ) প্ৰত্যয়ান্ত ধাতুৰ পাছত আন ধাতু যোগঃ

গচক্ মাৰ, খলক্ লাগ, থেকেচ্ মাৰ্,

বাগৰ মাৰ, চোঁচৰ্ খা ইত্যাদি।

এনেদৰে দুটা শব্দমূলৰ সংযোগত সৃষ্টি হোৱা যৌগিক ধাতুবোৰো একপ্ৰকাৰ সাধিত ধাতু। আন সাধিত ধাতুৰ দৰে যৌগিক ধাতুবোৰো পুৰুষ আৰু কাল অনুযায়ী ৰূপ কৰি বিভিন্ন যৌগিক ক্ৰিয়াপদ গঠন কৰিব পাৰি।

১২.০৩ প্ৰত্যয়ান্ত ধাতুঃ অসমীয়া ভাষাত থকা কিছুমান ধাতু বিশ্লেষণ কৰিলে দেখা যায় যে সেই ধাতুবোৰ যিবোৰ মূলৰ পৰা ওলাইছে বুলি ভবা হয়, সেইবোৰৰ পিছত ক্, চ্, ট্, ঠ্, ৰ্, ল্, আৰু হ-এইকেইটা ব্যঞ্জন প্ৰত্যয় হিচাপে লগ লাগে। প্ৰত্যয় হিচাপে যোগ হোৱা এই ব্যঞ্জনবোৰে সাধাৰণতে কাৰ্যৰ আকস্মিকতা, ধাৰাবাহিকতা, সাদৃশ্য, পুনঃ পুনঃ আদি অৰ্থ প্ৰকাশ কৰে। এি প্ৰত্যয়ান্ত ধাতুবোৰ দেখাত মৌলিক ধাতুৰ দৰে। এইবোৰৰ কিছুমানৰ পিছত –কৈ প্ৰত্যয় যোগ দি সেইবোৰ ক্ৰিয়াবিশেষণ আৰু কিছুমানৰ পাছত আন ধাতু যোগ দি নতুন যৌগিক ধাতু গঠন কৰিব পাৰি। এনে কিছুমান প্ৰত্যয়ান্ত ধাতুৰ উদাহৰণ হলঃ

-ক্ প্ৰত্যয়ান্ত ধাতুঃ

খলক্ সোলক্
গৰক্ হোঁহক্
টলক্ পিটিক
থমক্ সৰক্, চেলেক্ ইত্যাদি

-চ্ প্ৰত্যয়ান্ত ধাতুঃ

কৰচ্
খামোচ্
থেকেচ্
মলচ্
বেচ্

-ট, -ঠ প্ৰত্যয়ান্ত ধাতুঃ

ঘোকট্
চিকুট্,
নেওঠ্ ইত্যাদি।

-ৰ্ প্ৰত্যয়ান্ত ধাতুঃ

আঁজোৰ্ জামৰ্
খোচৰ্, বাগৰ্
গোজৰ্, ভেকুৰ,
চোঁচৰ, চেকুৰ্ ইত্যাদি।

-ল প্ৰত্যয়ান্ত ধাতুঃ

টকাল্
টহল্
তপাল্
মোকল্
লেৰেল্ ইত্যাদি।

-হ প্ৰত্যয়ান্ত ধাতুঃ

চোহ্
ডেমেহ্
থেৰেহ্ আদি।*

১২.০৪ উল্লিখিত প্ৰত্যয়ান্ত ধাতুবোৰৰো কিছুমান পুৰুষ আৰু কাল অনুযায়ী ৰূপ কৰি নানান ক্ৰিয়াপদ গঠন কৰিব পাৰি। ইয়াৰ বাহিৰেও অসমীয়া ভাষাত আৰু এনে কিছুমান ধাতু আছে, যিবোৰক উত্স অনুযায়ী অষ্ট্ৰিক মূলীয়, তিব্বতবৰ্মী মূলীয় আৰু আৰবী-ফাৰ্চী মূলীয়-এই তিনিটা ভাগত ভগাব পাৰি। উল্লিখিত প্ৰত্যয়ান্ত ধাতুবোৰৰ কিছুমান এনেবোৰ আৰ্য ভিন্ন ভাষাৰ।

সম্ভাৱ্য অষ্ট্ৰিক মূলীয় সৰল ধাতুঃ

আট্ পোত্
উট্ বাক্
উবুৰিয়া বিলা
কামোৰ্ বুতল্
কটাল্ টোক্
কোৰোক্ লৰ্
খামোচ্ জোপ্
চিঞৰ্ সলা

অষ্ট্ৰিক মূলীয় একমাত্ৰ যৌগিক ধাতুটো হৈছেঃ উবুৰি হ।

সম্ভাৱ্য তিব্বত – বৰ্মী পৰিয়ালৰ বড়ো মূলীয় ধাতুঃ

সৰল ধাতুঃ চেলেক্‌ চেকুৰ্‌
চেবা ভেকুৰ্‌
জিৰা বখলিয়া
ৰেপ্‌ গোৰা
আগচ চেপ্‌
গচক্‌, ইত্যাদি
যৌগিক ধাতুঃ খাম্ বান্ধ
গবা মাৰ্
বিৰ দি
থলামুৰি মাৰ্

আৰবী-ফাৰ্চী মূলীয় ধাতুঃ

বদল্

জম্

অজ্ঞাত মূলৰ পৰা অহা ধাতুঃ

ঠেল্, তু, ভোজ, ঠেল্

সান্, তু, ভোজ, সান্ আদি।

উল্লিখিত ধাতুবোৰৰ পৰাও সৰল আৰু যৌগিক বিভিন্ন ধৰণৰ ক্ৰিয়াপদ গঠন কৰিব পাৰি।

ওপৰত অসমীয়া ভাষাৰ ধাতুবোৰৰ যি সংক্ষিপ্ত পৰিচয় দাঙি ধৰা হ’ল, তাৰপৰা দেখা যায় যে ধাতুৰ গঠন আৰু তাৰ বিভাজনত অসমীয়া ভাষাটোৰ এক নিজস্ব বৈশিষ্ট্য আছে। সংস্কৃত ধাতুৰ যি গণবিভাজন আৰু সেই বিভাজন অনুযায়ী ধাতুবোৰৰ যি ৰূপ, সেয়া অসমীয়া বা আন কোনো নব্য ভাৰতীয় আৰ্য ভাষাতে ৰক্ষিত হোৱা নাই। কিন্তু সংস্কৃত দহোটা গণৰ অন্তৰ্গত কিছুমান ধাতু অসমীয়াত মৌলিক ধাতুৰূপত ৰক্ষিত হৈছে আৰু সেইবোৰ অসমীয়া ধাতুৰূপৰ নিয়মানুযায়ী ৰূপ হয়। উদাহৰণ স্বৰূপে, সংস্কৃত ক্ৰ্যাদিগনীয় ধাতু ক্ৰী-ৰ পৰা অসমীয়া কিন্ ধাতু, দিবাদি গণীয় বুধ্ ধাতুৰ পৰা অসমীয়া বুজ্, ৰুধাদিগণীয় ভুজ্ ধাতুৰপৰা অসমীয়া ভুঞ্জ আৰু তনাদিগণীয় কৃ ধাতুৰপৰা অসমীয়া কৰ্ ধাতু গঢ়লৈ উঠিছে; কিন্তু সংস্কৃত গণৰ বৈশিষ্ট্য এইবোৰ ধাতুত নাই। এইবোৰ অসমীয়া ভাষাৰ মৌলিক ধাতু আৰু আন মৌলিক ধাতুৰ দৰে এইবোৰো পুৰুষ আৰু কাল অনুযায়ী ৰূপ হয়।

১২.০৫ ক্ৰিয়াপদ আৰু ক্ৰিয়াপদৰ শ্ৰেণীবিভাগঃ উল্লিখিত বিবিধ প্ৰকাৰৰ ধাতুত কাল, ভাব আৰু পুৰুষবাচক বিভক্তি যুক্ত কৰিলে যিবোৰ পদ পোৱা যায়, সেইবোৰেই ক্ৰিয়াপদ। ক্ৰিয়াপদবোৰে কোনো কাম কৰা, হোৱা বা নোহোৱা অৰ্থ প্ৰকাশ কৰে। যেনে,

মই পুৱা সদায় কিতাপ পঢ়োঁ।

ছুনামিত বহুত মানুহ মৰিল।

আমি গৰমৰ বন্ধত দাৰ্জিলিঙলৈ যাম।

ৰাভা দিৱসত বেছি মানুহ নহ’ল।

এই বাক্যকেইটাত ক্ৰমে পঢ়োঁ পদে পঢ়া কাম কৰা, মৰিল পদে মৃত্যু হোৱাৰ কথা, যাম পদে ভৱিষ্যতে যোৱাৰ কথা আৰু নহ’ল পদে নোহোৱাৰ কথা প্ৰকাশ কৰিছে। গতিকে পঢ়োঁ, মৰিল, যাম আৰু নহ’ল ক্ৰিয়াপদ আৰু ইহঁতে উল্লিখিত কামবোৰ সমাপ্ত হোৱা বা নোহোৱা অৰ্থ প্ৰকাশ কৰি প্ৰতিটো বাক্য শেষ হোৱা বুজাইছে।

কিছুমান ক্ৰিয়াপদে ক্ৰিয়াৰ কাৰ্যৰ অসমাপ্তিৰ লগতে বাক্যৰ অসমাপ্তিও বুজায়। বাক্যটো সমাপ্ত হোৱা বা শেষ হোৱা বুজাবলৈ এইবোৰ ক্ৰিয়াপদে আন ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। যেনে,

মাধৱ স্কুলৰপৰা আহি ভাত খাই গুৱাহাটীলৈ য়াব।

ইয়াত আহি আৰু খাই ক্ৰিয়াপদে মাধৱৰ স্কুলৰ পৰা অহা আৰু ভাত খোৱা কাৰ্যৰ অসমাপ্তি বুজাইছে আৰু লগতে বাক্যটোও অসমাপ্ত অৰ্থাৎ শেষ নোহোৱা বুজাইছে। বাক্যটো শেষ হ’বলৈ পৰবৰ্তী ‘গুৱাহাটীলৈ যাব’ অংশ অপৰিহাৰ্য।

এইদৰে বাক্যৰ অৰ্থ সম্পূৰ্ণ ব্যক্ত হোৱা বা নোহোৱা অথবা বাক্যৰ সমাপ্তি বা অসমাপ্তি, এনে অৰ্থৰ ওপৰত ভিত্তি কৰি ক্ৰিয়াপদক বহল ভাৱে দুটা ভাগত ভগোৱা হয়ঃ

(ক) সমাপিকা ক্ৰিয়া

(খ) অসমাপিকা ক্ৰিয়া।

১২.০৫.০১ সমাপিকা ক্ৰিয়াঃ যিবোৰ ক্ৰিয়াপদে ক্ৰিয়াৰ কাৰ্যৰ সমাপ্তি বুজোৱাৰ লগতে বাক্যও শেষ হোৱা বুজায়, সেইবোৰেই সমাপিকা ক্ৰিয়া. এনেবোৰ ক্ৰিয়া সাধাৰণতে সদায় বাক্যৰ শেষত বহে। যেনে,

মহন্তই ভাগৱত পঢ়িছে।

ইয়াত পঢ়িছে ক্ৰিয়াপদে ভাগৱত পঢ়া কাৰ্যৰ লগতে বাক্যটোও শেষ হোৱা বুজাইছে। গতিকে ই সমাপিকা ক্ৰিয়া। ওপৰত উল্লেখ কৰা পঢ়োঁ, মৰিল, যাম, নহ’ল আৰু যাব প্ৰতিটোৱে সমাপিকা ক্ৰিয়া; কিয়নো ইহঁতে প্ৰতিটো বাক্যৰে অৰ্থ শেষ হোৱা বুজাইছে। সমাপিকা ক্ৰিয়াক সাধ্যা ক্ৰিয়াও বোলা হয়।

বাক্য একোটাত ক্ৰিয়াৰ কৰ্ম থকা বা নথকা অনুযায়ী সমাপিকা ক্ৰিয়া দুবিধঃ

(ক) সকৰ্মক ক্ৰিয়া

(খ) অকৰ্মক ক্ৰিয়া

সকৰ্মক ক্ৰিয়াঃ যিবিলাক সমাপিকা ক্ৰিয়াৰ কৰ্ম থাকে, সেইবোৰেই সকৰ্মক ক্ৰিয়া। যেনে,

তুমি বুৰঞ্জী পঢ়া। মই অংক কৰোঁ।

ইয়াত পঢ়া ক্ৰিয়াৰ কৰ্ম বুৰঞ্জী আৰু কৰোঁ ক্ৰিয়াৰ কৰ্ম অংক। কেতিয়াবা একেটা বাক্যতে এটা ক্ৰিয়াৰ দুটা কৰ্ম থাকিব পাৰে। তেতিয়া এটা ক্ৰিয়াৰ মুখ্য কৰ্ম আৰু আনটো গৌণ কৰ্ম হয়। যেনে,

শিক্ষকে ছাত্ৰক অংক শিকাইছে।

ইয়াত শিকাইছে ক্ৰিয়াৰ দুটা কৰ্মঃ অংক আৰু ছাত্ৰক। শিক্ষকে কি শিকাইছে? উত্তৰ হ’ব অংক অৰ্থাত্ অংকৰ লগত শিকাইছে প্ৰত্যক্ষ বা পোনপটীয়া সম্পৰ্ক। গতিকে ই মুখ্য কৰ্ম। আনহাতে ‘কাক শিকাইছে’ বুলি যদি প্ৰশ্ন কৰা হয়, তেতিয়া উত্তৰ পাম ছাত্ৰক; ছাত্ৰৰ লগত শিকাইছেৰ সম্পৰ্ক পৰোক্ষ অৰ্থাত্ পোনপটীয়া নহয়। গতিকে ছাত্ৰক ‘শিকাইছে’ ক্ৰিয়াৰ পৰোক্ষ কৰ্ম বা গৌণ কৰ্ম। ইয়াৰ পৰা দেখা যায় যে সকৰ্মক ক্ৰিয়াটোক কি বা কাক বুলি প্ৰশ্ন কৰিলেই উত্তৰ হিচাপে কৰ্মটো ওলাই পৰে। সাধাৰণতে সকৰ্মক ধাতুৰ পৰাই সকৰ্মক ক্ৰিয়াপদ পোৱা যায়। কৰ্, পঢ়্, লিখ্, শিক্, খা আদি সকৰ্মক ধাতু।

অকৰ্মক ক্ৰিয়াঃ কৰ্ম নথকা সমাপিকা ক্ৰিয়াবোৰেই অকৰ্মক ক্ৰিয়া। সাধাৰণতে কিছুমান ধাতুৰপৰা উদ্ভৱ হোৱা ক্ৰিয়াৰ কৰ্ম নাথাকে; এনেবোৰ ক্ৰিয়ামূল বা ধাতুক অকৰ্মক ধাতু বোলা হয়। চৰ্, মৰ্, বুৰ্, উৰ্, উঠ্, বহ্ আদি অকৰ্মক ধাতু আৰু এইবোৰৰ পৰা গঢ় লৈ উঠা উৰিছে, মৰে, উঠিলোঁ, বহিলোঁ আৰু আহিলোঁ অকৰ্মক ক্ৰিয়া। অকৰ্মক ক্ৰিয়াৰ কৰ্তাত ১মা-এ বিভক্তি যোগ নহয়। যেনে,

চৰাই উৰে

মানুহ মৰে।

সাধাৰণতে হঁহা, কন্দা, নচা, ভ্ৰমণ, গমন, শয়ন, পতন, মৰণ আদি অৰ্থত ধাতুবোৰ অকৰ্মক হয়। অকৰ্মক ধাতুৰপৰা গঢ়লৈ উঠা অকৰ্মক ক্ৰিয়াপদক দুই প্ৰকাৰে সকৰ্মক ক্ৰিয়া কৰিব পাৰিঃ

(ক) ক্ৰিয়াৰ অনুৰূপ কৰ্ম সংযোগ কৰি অৰ্থাত্ ধাতুৰ সমগোত্ৰীয় কৰ্ম (cognate object) ব্যৱহাৰ কৰি। যেনে,

তাই নাচিছে

তাই বঢ়িয়া নাচ নাচিছে

ইয়াত প্ৰথম বাক্যৰ নাচিছে অকৰ্মক আৰু ক্ৰিয়াৰ অনুৰূপ কৰ্ম ‘নাচ’ থকাৰ কাৰণে দ্বিতীয় বাক্যৰ নাচিছে সকৰ্মক ক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে।

(খ) পাঁচনি ক্ৰিয়া ব্যৱহাৰৰ দ্বাৰাও অকৰ্মক ক্ৰিয়া সকৰ্মক কৰিব পাৰি। যেনে,

হৰেণে ৰীতাক হহুঁৱালে

ইয়াত হাঁহ্ ধাতুত পাঁচনি প্ৰত্যয়-উৱা যোগ হোৱাত হহুঁৱালে সকৰ্মক ক্ৰিয়া হৈছে আৰু ইয়াৰ কৰ্ম হৈছে ৰীতাক।

১২.০৫.০২ অসমাপিকা ক্ৰিয়াঃ যি ক্ৰিয়াই বাক্যৰ অৰ্থ সম্পূৰ্ণভাৱে ব্যক্ত কৰিব নোৱাৰে অথবা বাক্য সম্পূৰ্ণ কৰিবলৈ যি ক্ৰিয়াই অন্য ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব লাগে, তেনে ক্ৰিয়াপদেই অসমাপিকা ক্ৰিয়া। যেনে,

ৰীতা ভাত খাই শুলে।

ইয়াত খাই এই ক্ৰিয়াপদটোৱে বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰিব পৰা নাই; ইয়াৰ পাছত শুলে ক্ৰিয়াপদ ব্যৱহাৰ কৰিলতহে বাক্যৰ অৰ্থও সম্পূৰ্ণকৈ প্ৰকাশ পালে আৰু বাক্যটোও শেষ হোৱা বুজালে। গতিকে বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিবৰ কাৰণে খাই ক্ৰিয়া শুলে সমাপিকা ক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। গতিকে খাই অসমাপিকা ক্ৰিয়া।

অসমাপিকা গঠন কৰা কৃত্ প্ৰত্যয় হৈছে ‘ই’। যি কোনো ধাতুৰ পাছত ‘ই’ কৃত্ প্ৰত্যয় যোগ কৰি অসমাপিকা ক্ৰিয়া সিদ্ধ বা গঠন কৰা হয়। কাল আৰু পুৰুষ অনুযায়ী এইবোৰ ক্ৰিয়া ৰূপ নহয়। ইহঁত সিদ্ধ ৰূপৰ। সেয়েহে অসমাপিকা ক্ৰিয়াক সিদ্ধা ক্ৰিয়াও বোলে। এনে কিছুমান সিদ্ধা বা অসমাপিকা ক্ৰিয়া হৈছেঃ কৰি, পঢ়ি, হাঁহি, লিখি, শুই, বহি, উঠি, ফুৰি, ঘূৰি, চৰি ইত্যাদি।

এটা সমাপিকা ক্ৰিয়াৰ অসমাপিকা ক্ৰিয়া থাকিবও পাৰে, নাথাকিবও পাৰে,; অসমাপিকা থকা-নথকাটো বক্তাৰ কথা কোৱাৰ ধৰণৰ ওপৰত নিৰ্ভৰশীল। তথাপি বাক্য সংক্ষিপ্ত আৰু শ্ৰুতিমধুৰ কৰিবলৈ আৰু এটা সমাপিকা ক্ৰিয়াৰ লগত কেইবাটাও কাৰ্য কৰাৰ অৰ্থ প্ৰকাশ কৰিবলৈ অসমাপিকা ক্ৰিয়াৰ অৱশ্যই প্ৰয়োজন আছে। এনে ক্ষেত্ৰত এটা সমাপিকা ক্ৰিয়াৰ এটা বা একাধিক অসমাপিকা ক্ৰিয়া থাকিব পাৰে। যেনে

সি গা ধুই ভাত খাই কাপোৰ-কানি পিন্ধি স্কুললৈ গ’ল।

এই বাক্যটোত সি কৰ্তাই কেইবাটাও কাম কৰিলে- গা ধুলে, ভাত খালে, কাপোৰকানি পিন্ধিলে আৰু স্কুললৈ গ’ল। ইয়াৰ ভিতৰত তেওঁৰ স্কুললৈ যোৱাটোৱেই প্ৰদান আৰু শেহৰ কাৰ্য, আৰু এই কাৰ্য বুজোৱা গ’লটোৱে বাক্যটো সম্পূৰ্ণ কৰিছে। গতিকে গ’ল সমাপিকা ক্ৰিয়াৰ অসমাপিকা ক্ৰিয়া তিনিটাঃ ধুই, খাই আৰু পিন্ধি, ইহঁতে তিনিটা পৃথক বাক্য সংযোগ কৰি এটা কৰিছে। এইদৰে একেটা কৰ্তাৰে এটা মাথোন সমাপিকা ক্ৰিয়া আৰু এটা বা একাধিক অসমাপিকা থাকিলে তাক এক কৰ্তৃক অসমাপিকা ক্ৰিয়া বোলা হয়।

অসমাপিকা ক্ৰিয়াৰ ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা হৈছে যে ই বাক্যহে সম্পূৰ্ণ কৰিব নোৱাৰে, কিন্তু কেতিয়াবা কোনো এটা কাৰ্য শেষ কৰা বা চলি থকা বুজাব পাৰে। যেনে,

ৰামে ৰাৱণক মাৰি সীতাক উদ্ধাৰ কৰিলে।

যাদৱে অংক কৰি আছে।

ইয়াৰে প্ৰথম বাক্যৰ ৰামে ৰাৱণক মাৰি, মানে মাৰি উঠি অৰ্থাৎ মৰা কাৰ্য শেষ কৰিহে সীতাক উদ্ধাৰ কৰিলে। গতিকে মাৰি অসমাপিকাত কাৰ্য এটা শেষ কৰাৰ অৰ্থ নিহিত আছে, কিন্তু ই বাক্যৰ সমাপ্তি বুজোৱা নাই। আনহাতে দ্বিতীয় বাক্যৰ কৰি অসমাপিকাও অংক কৰা কাৰ্যটো চলি থাকহে বুজাইছে, বাক্যটোৰ সমাপ্তি বুজাইছে আছে ক্ৰিয়াইহে। গতিকে অসমাপিকাই সদায় বাক্যৰ অসমাপ্তিহে বুজাই, সেই ক্ৰিয়াৰ কাৰ্য বা ভাৱৰ অসমাপ্তি নুবুজাবও পাৰে।

১২.০৬ ক্ৰিয়াৰ অসমাপিকা ৰূপ গঠন কৰা অন্যান্য প্ৰত্যয়ঃ অতীত কৃদন্ত পদ গঠন কৰা -লে বা -ইলে আৰু -লত বা -ইলত প্ৰত্যয় কোনো ধাতুৰ পিছত যোগ দিও অসমাপিকা ক্ৰিয়া গঠন কৰিব পাৰি। সাধাৰণতে কৃৎ প্ৰত্যয়ান্ত কৃদন্ত শব্দই বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে। যেনে,

দাদাই পঢ়িলে ময়ো পঢ়িম।

দৰব খালে অসুখ গুচে।

সি গ’লত মই শুলোঁ।

পুলিচ আহিলত ডকাইতবোৰ পলাল।

ঊল্লিখিত বাক্যকেইটাত থকা ক্ৰমে পঢ়িলে, খালে, গলত, আহিলত কদৃন্ত পদে বাক্যৰ অৰ্থ সম্পূৰ্ণ কৰা নাই বাবে সিহঁত একপ্ৰকাৰ অসমাপিকা ক্ৰিয়া। এনে অসমাপিকা ক্ৰিয়াৰ কাৰ্যৰ ওপৰতে উলিলিখিত বাক্য পঢ়িম, গুচে, শুলোঁ আৰু পলাল সমাপিকা ক্ৰিয়া কেইটাৰ কাৰ্য নিৰ্ভৰ কৰে। ইয়াৰ পৰা দেখা যায় যে – লে/-ইলে, -লত/-ইলত প্ৰত্যয়ান্ত অসমাপিকা ক্ৰিয়াযুক্ত বাক্যবোৰৰ দুটা অংশ আৰু দুয়োটা অংশৰে কৰ্তাও পৃথক পৃথক। উল্লিখিত বাক্যবোৰৰ প্ৰথম অংশই অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে; কিন্তু দ্বিতীয় অংশ অকলে অৰ্থবহ অৰ্থাৎ ময়ো পঢ়িম এই অংশই অকলে অৰ্থ প্ৰকাশ কৰিব পাৰে; মাত্ৰ ময়ো পঢ়াৰ কাৰ্যটো নিৰ্ভৰ কৰিব পৃথক কৰ্তা থকা দাদাই পঢ়িলে অংশৰ ওপৰতহে। এইদৰে পৃথক কৰ্তা থকা অসমাপিকা ক্ৰিয়াক ভিন্ন কৰ্তৃক অসমাপিকা ক্ৰিয়া বোলা হয়।

-ওঁতে আৰু –ওৱান প্ৰত্যয়ান্ত বৰ্তমান কৃদন্ত ৰূপৰ দ্বাৰাও ক্ৰিয়াৰ অসমাপিকা ৰূপ পাব পাৰি। যেনে,

মই ভাত খাওঁতে তেওঁ আহি পালে।

ঔষধ খুওৱাত তাৰ অসুখ ভাল হল।

প্ৰথম বাক্যৰ অসমাপিকা ক্ৰিয়া খাওঁতে –ৰ কৰ্তা মই আৰু দ্বিতীয় বাক্যৰ খুওৱাত অসমাপিকাৰ কৰ্তা হৈছে ঔষধ। গতিকে এনেবোৰ অসমাপিকাও ভিন্ন কৰ্তৃক অসমাপিকা।

অসমীয়াত –ইব/ইবলৈ প্ৰত্যায়ন্ত তুমুনন্ত বা নিমিত্তাৰ্থক ক্ৰিয়াপদবোৰো এক প্ৰকাৰৰ অসমাপিকা ক্ৰিয়া। কিয়নো চাবলৈ, কৰিব বা কৰিবলৈ আদি নিমিত্তাৰ্থক ক্ৰিয়াই বাক্যবোৰ শেষ হোৱা নুবুজায়; তাৰ পিছত দিয়া, আছে আদি সমাপিকা ক্ৰিয়া যোগ হ’লেহে বাক্য সম্পূৰ্ণ হয়।

-লে/-ইলে আৰু –ওঁতে প্ৰত্যয়ান্ত অসমাপিকা ক্ৰিয়াবোৰ নঞৰ্থক ৰূপতো পোৱা যায়। যেনে,

বৰষুণ নেৰিলে ঘৰৰ পৰা নোলাবা।

ৰাম নৌ ওপজোঁতেই ৰামায়ণ ৰচনা কৰা হৈছিল।

এই বাক্য দুটাৰ পৰা দেখা যায় যে নঞৰ্থক অসমাপিকা ক্ৰিয়া থকা বাক্যৰ সমাপিকা ক্ৰিয়াটো নঞৰ্থকো হ’ব পাৰে নতুবা অস্ত্যৰ্থকো হ’ব পাৰে। প্ৰথম বাক্যৰ অসমাপিকা আৰু সমাপিকা ক্ৰিয়া, দুয়োটাই নঞৰ্থক। আনহাতে দ্বিতীয় বাক্যত অসমাপিকা ক্ৰিয়াটো নঞৰ্থক আৰু সমাপিকা ক্ৰিয়াটো অস্ত্যৰ্থক।

১২.০৭ ক্ৰিয়াপদৰ পুৰুষঃ কৰ্তা অনুসাৰে ক্ৰিয়াপদৰ পুৰুষ তিনিটাঃ

প্ৰথম পুৰুষ (First Person)

দ্বিতীয় পুৰুষ(Second person)

তৃতীয় পুৰুষ(Third person)**

এই তিনিওটা পুৰুষত ক্ৰিয়াৰ ৰূপ বেলেগ বেলেগ হয়। ক্ৰিয়াৰ যি বক্তা অৰ্থাৎ যি নিজৰ বিষয়ে কয়, সি প্ৰথম পুৰুষ। মই, আমি প্ৰথম পুৰুষৰ ক্ৰিয়াৰ কৰ্তা। যাৰ প্ৰতি বা ওচৰত উপস্থিত যাক লক্ষ্য কৰি কিবা কোৱা হয়, সি দ্বিতীয় পুৰুষ। তই, তুমি, আপুনি, তহঁত, তোমালোক, আপোনালোক দ্বিতীয় পুৰুষৰ ক্ৰিয়াৰ কৰ্তা। অনুপস্থিত বা আঁতৰত থকা যাক লক্ষ্য কৰি বা যাৰ সম্বন্ধে কিবা কোৱা হয়, সি তৃতীয় পুৰুষ। সি, তাই, তেওঁ, তেখেত, সিহঁত আৰু তেওঁলোক তৃতীয় পুৰুষ। অসমীয়া ভাষাত থকা অধিক মান্যাৰ্থৰ সৰ্বনাম আপুনি, আপোনালোক অৰ্থৰ পিনৰ পৰা দ্বিতীয় পুৰুষ(you, thou); কিন্তু প্ৰায়োগিক দিশৰপৰা চালে ই তৃতীয় পুৰুষৰ সৰ্বনাম। কিয়নো আপুনি বা আপোনালোক সৰ্বনামৰ ক্ৰিয়াপদ সদায় তৃতীয় পুৰুষৰ হয়। যেনে,

আপুনি পঢ়ে। আপোনালোকে পঢ়ে।

সি পঢ়ে। সিহঁতে পঢ়ে।

আপুনি যায়। আপোনালোক যায়।

সি যায়। সিহঁত যায়।

উল্লিখিত পঢ়ে আৰু যায় ক্ৰিয়াপদ তৃতীয় পুৰুষৰ। কাৰণ পঢ়্ আৰু যা ধাতুত তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি -এ, -য় (আ-কাৰন্ত ধাতুত) যোগ হৈছে। পঢ়্ আৰু যা ধাতুত দ্বিতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি মান্যাৰ্থক -আ যোগ কৰি আপুনি সৰ্বনামৰ লগত ব্যৱহাৰ কৰিলে অৰ্থাৎ ‘আপুনি পঢ়া/যোৱা’ কৰিলে বাক্য বিন্যাসগত ভাবে ভুল হ’ব।

ক্ৰিয়াপদৰ এই প্ৰতিটো পুৰুষ নিদিষ্টকৈ বুজাবলৈ কিছুমান সৰ্গ (affix)আছে। এই পুৰুষবাচক সৰ্গবোৰকে পুৰুষ বিভক্তি বা ক্ৰিয়া বিভক্তি বোলা হয়। পুৰুষ অনুযায়ী এই বিভক্তিবোৰ এনে ধৰণৰঃ

প্ৰথম পুৰুষঃ -ওঁ
দ্বিতীয় পুৰুষঃ
তুচ্চাৰ্থক -অ
মান্যাৰ্থক -আ
তৃতীয় পুৰুষঃ -এ, -য় (আ-কাৰান্ত ধাতুত)

অসমীয়াত ক্ৰিয়াপদৰ পুৰুষবাচক বিভক্তিবোৰ বচন নিৰপেক্ষ অৰ্থাৎ একবচন আৰু বহুবচনৰ বিভক্তিৰ মাজত কোনো পাৰ্থক্য নাই। একেটা পুৰুষবাচক বিভক্তিয়েই অসমীয়াত একবচন আৰু বহুবচনৰ পুৰুষ বুজায়। যেনে,

একবচন বহুবচন
মই পঢ়ো আমি পঢ়ো
তই পঢ় তহঁতে পঢ়
তুমি পঢ়া তোমালোকে পঢ়া
সি পঢ়ে সিহঁতে পঢ়ে

ইয়াৰপৰা দেখা যায় যে অসমীয়াত বচন অনুযায়ী ক্ৰিয়া বিভক্তিৰ ৰূপৰ কোনো পৰিবৰ্তন নহয়। কিন্তু কেতিয়াবা কেতিয়াবা প্ৰথম আৰু দ্বিতীয় পুৰুষৰ ক্ৰিয়াপদৰ পাছত বহুবচন বুজাবলৈ হঁক বা হঁত ব্যৱহাৰ কৰা হয়। যেনে,

ব’ল, আমি কৰোঁহঁক। তোমালোকে কৰাহঁক

ঐ, তহঁতে পঢ়হঁত। তোমালোকে পঢ়াহঁত

অৱশ্যে এনে প্ৰয়োগ বক্তাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল।

১২.০৮ ক্ৰিয়াপদৰ ভাৱ(mood): যি উপায়ে বা প্ৰক্ৰিয়াৰে ক্ৰিয়াপদৰদ্বাৰা বৰ্ণিত কাৰ্য সংঘটিত হোৱাৰ ভাব বা ৰীতি বোধ হয়, তাকেই ক্ৰিয়াপদৰ ভাব (mood)বোলা হয়। অসমীয়াত ক্ৰিয়াৰ ভাৱ দুটাঃ

(ক) নিৰ্দেশক ভাৱ (Indicative mood)

(খ) অনুজ্ঞা ভাৱ (Imperative mood)

নিৰ্দেশক ভাৱে কোনো এক সময়ৰ কোনো এটা কাৰ্য মাত্ৰ প্ৰকাশ কৰে। আন কথাত ক্ৰিয়াৰ সাধাৰণ ভাৱ প্ৰকাশৰ উপায়েই হৈছে নিৰ্দেশক ভাব। বৰ্তমান, অতীয় আৰু ভৱিষ্যত কেউটাকালৰ ক্ৰিয়াপদ নিৰ্দেশক ভাবৰ হ’ব পাৰে। যেনে,

মই পঢ়োঁ

তুমি পঢ়িলা

তই পঢ়

সি পঢ়িব

অনুজ্ঞা ভাবত আদেশ, অনুমতি, অনুৰোধ, আৰ্শীবাদ, ইচ্ছা আদি অৰ্থ প্ৰকাশিত হয়। সংস্কৃত লোট্, বিধিলিঙং আৰু আশীৰ্লি ঙ্ ভাৱৰ (mood)অৰ্থ অসীয়াত অকল অনুজ্ঞাই প্ৰকাশ কৰে। অনুজ্ঞা নিত্য বৰ্তমান কালৰ দ্বিতীয় আৰু তৃতীয় পুৰুষত আৰু ভৱিষ্যত্ কালৰ দ্বিতীয় পুৰুষত পোৱা যায়। দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থ, মান্যাৰ্থ আৰু অধিক মান্যাৰ্থৰ ৰূপ আছে। কাল আৰু পুৰুষ অনুযায়ী অনুজ্ঞাৰ বিভক্তিবোৰ এনে ধৰণৰঃ

দ্বিতীয় পুৰুষ তৃত্বীয় পুৰুষ
তুচ্চ মান্য
বৰ্তমান কাল -০ -আ -অক/-ওক
ভৱিষ্যত কাল -ইবি/-বি -ইবা/-বা

অনুজ্ঞাৰ বিভক্তিৰ প্ৰয়োগঃ বৰ্তমান কালৰ দ্বিতীয় পুৰুষৰ তুচ্চাৰ্থত অনুজ্ঞা বুজোৱা কোনো বিভক্তি যোগ নহয়। সেয়ে তাত শূন্য বিভক্তি লগ লাগ বুলি ধৰা হয়। সেই বিভক্তিহীন ধাতুটোৱেই অনুজ্ঞাৰ অৰ্থ প্ৰকাশ কৰে। ইয়াৰ মান্যাৰ্থৰ -আ বিভক্তিও দেখাত নিৰ্দেশক ভাৱৰ -আৰ দৰে। সেইদৰে ভৱিষ্যতকালৰ -ইবি/-বি আৰু -ইবা/-বা বিভক্তিও দেখাত নিৰ্দেশক ভাবৰ দৰে। অনুজ্ঞাৰ বিভক্তিবোৰো বচন নিৰপেক্ষ; একবচন-বহুবচন অনুযায়ী ইয়াৰ ৰূপৰ কোনো পৰিবৰ্তন নহয়। যেনে,

দ্বিতীয় পুৰুষ
তুচ্চ মান্য
তই অংকটো কৰ তুমি অংকটো কৰা
তহঁতে অংকটো কৰ তোমালোকে অংকটো কৰা
তই যা তুমি যোৱা / তোমালোক যোৱা
তহঁত যা
তই অংকটো কৰিবি তুমি অংকটো কৰিবা
তহঁতে অংকটো কৰিবি তোমালোকে অংকটো কৰিবা
তই আবেলি আহিবি তুমি আবেলি আহিবা
তহঁত আবেলি আহিবি তোমালোক আবেলি আহিবা

ওপৰৰ বাক্যবোৰ সাধাৰণভাবে মাতি গ’লে নিৰ্দেশক ভাবৰ যেনেই লাগিব। কিন্তু অসমীয়া ভাষাত অনুজ্ঞাবাচক এটা বিশেষ সুৰ বা লয় আছে। কথা কোৱাৰ বা বাক্যৰ সেই সুৰ বা লয়েহে অনুজ্ঞাৰ আদেশ, অনুৰোধ আদি অৰ্থ প্ৰকাশ কৰে।

কেতিয়াবা অনুজ্ঞাৰ দ্বিতীয় পুৰুষৰ ৰূপৰ পাছত চোন আৰু দেই ব্যৱাহৰ কৰি আদেশ বা অনুৰোধৰ অৰ্থ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments