অব্যয় আৰু অনুপদ (ত্ৰয়োদশ অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ ত্ৰয়োদশ অধ্যায়

১৩. অব্যয়

অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ আন এক উল্লেখযোগ্য উপাদান হৈছে অব্যয়। সব্যয় শব্দৰ বিপৰীত শব্দবোৰেই হৈছে অব্যয়। সব্যয় নামপদ আৰু ক্ৰিয়াপদৰ দৰে; অব্যয় শব্দবোৰ কাৰক, পুৰুষ, বচন, লিংগ ইত্যাদি অনুযায়ী ৰূপ নহয়। অৰ্থাত কোনো পৰিৱেশ বা অৱস্থাতে ব্যয় নোহোৱা অথবা ৰূপৰ ক্ষয় বা পৰিৱৰ্তন নোহোৱা শব্দবোৰেই অব্যয়। যেনে,

মই আৰু তুমি যাম।

সি যদি দিয়ে, মোৰ আপত্তি নাই।

ইমান মাতিলোঁ, তথাপি নাহিল।

ছিঃ! তেনে কথা ক’ব নাপায়। ইত্যাদি।

এই বাক্যকেইটাত ব্যৱহৃত আৰু, যদি, তথাপি, ছিঃ – এই শব্দকেইটাত কাৰক, বচন, লিংগবাচক কোনো সৰ্গ যোগ নহয় বাবেই ইবোৰ বাক্যৰ সকলো পৰিৱেশতে অপৰিৱৰ্তিত হৈ ৰৈছে। সেয়েহে এনেবোৰ শব্দক অব্যয় বোলা হয়। অৱশ্যে অসমীয়া ভাষাৰ কিছুমান অব্যয় শব্দত জোৰ বুজোৱা প্ৰত্যয় আৰু সম্বোধনাত্মক পুৰুষ বুজোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ হয়। যেনে,

ইমান ক’লোঁ, তথাপিও তেওঁ নুশুনিল।

তুমি নাহিলা যদিও কামটো সুকলমে হ’ল।

হেৰ’ ল’ৰা, এইফালে আহ।

কেতিয়াবা বিশেষ কিছুমান বিশেষ্য শব্দৰ পাছত প্ৰথমা-এ, ৭মী-ত বিভক্তি আৰু -কে প্ৰত্যয় যোগ দি সেইবোৰ অব্যয়ৰূপে বিশেষ্য বা সৰ্বনামৰ পিছত ব্যৱহাৰ কৰা হয়। যেনে,

সেইকাৰণে (কাৰক + এ)

ইয়াৰওপৰত (ওপৰ + ত), তাৰতলত (তলত + ত)

তাৰহকে (হক + এ)

সেইহেতুকে (হেতু + কে), ইত্যাদি।

গঠনৰ দিশৰপৰা অব্যয়বোৰ মৌলিক আৰু যৌগিক এই দুটা ভাগত ভগাব পাৰি। অৰ্থপূৰ্ণভাৱে খণ্ড খণ্ড কৰিব নোৱৰা যদি, কিন্তু, তথাপি, সম্ভৱ, আৰু আদি মৌলিক অব্যয়। আনহাতে অৰ্থবহ বাবে খণ্ড খণ্ড কৰিব পৰা নতুবা, জানোচা, কিজানিবা, হ’বলা আদি যৌগিক অব্যয়। বাক্যত প্ৰয়োগৰ দিশৰপৰাও অব্যয়বোৰক মুখ্যতঃ তিনিটা ভাগত ভগাব পাৰি: গুটিয়া বা স্বতন্ত্ৰ অব্যয়, উপপদ অব্যয় (Preposition) আৰু অনুপদ অব্যয় (Postposition)।

অৰ্থৰ ওপৰত ভিত্তি কৰি অব্যয়ক সাতোটা ভাগত ভগাব পাৰি:

১। যোজক বা সংযোজক অব্যয়

২। বিযোজক বা পৃথকবোধক

৩। সন্দেহবোধক

৪। ভাববোধক

৫। সম্বোধনবোধক

৬। সমিধানবোধক

৭। আনুষঙ্গিক বা পদাম্বয়ী অব্যয়।

যোজক অব্যয়: দুটা শব্দ বা বাক্যৰ মাজত বহি সেই শব্দ দুটাৰ বা বাক্য দুটাৰ ইটোৰ সৈতে সিটোৰ সংযোগ বা সম্বন্ধ স্থাপন কৰা অব্যয়বোৰেই যোজক বা সংযোজক অব্যয়। যেনে,

দয়া আৰু ক্ষমা মহত গুণ।

ইমান মাতিলো অথচ তুমি নাহিলা।

তুমি মতা হেতুকে মই আহিলোঁ।

উল্লিখিত বাক্যকেইটাত আৰু শব্দই দয়া আৰু ক্ষমা শব্দক, অথচ্ শব্দই ‘ইমান মাতিলোঁ’ আৰু ‘তুমি নাহিলা’ বাক্যাংশক আৰু হেতুকে শব্দই ‘তুমি মতা’ আৰু ‘মই আহিলোঁ’ বাক্যাংশক সংযোগ কৰাৰ কাৰণে সিহঁত যোজক অব্যয়। এনে ধৰণৰ আন কিছুমান যোজক অব্যয় হৈছে- এতেকে, তেন্তে, তেনেহ’লে, বৰং, কাৰণ, কাৰণে, বাবে, গতিকে, কিয়নো, দেখি, ইত্যাদি। মন কৰিবলগীয়া যে যোজক অব্যয় হিচাপে ব্যৱহৃত হ’লে কাৰণে, নিমিত্তে, দৰে, বাবে, হেতু আদি অব্যয়ৰ আগত প্ৰায়ে কি, যি, এই বা সেই সৰ্বনাম ব্যৱহৃত হয়। যেনে, সেই নিমিত্তে যাব নোৱাৰিলোঁ। (সত্যনাথ বৰা: বহল ব্যাকৰণ, ১৯৭২, পৃ. ৯৯)। বিশেষ্য বা সৰ্বনামৰ পিছত যোগ হ’লে এইবোৰ আনুষঙ্গিক অব্যয়ৰ কাম কৰে।

পৃথকবোধক অব্যয়: দুটা শব্দ বা দুটা বাক্যৰ মাজত বহি শব্দ বা বাক্য দুটাক পৃথক কৰি দেখুওৱা অব্যয়বোৰেই পৃথকবোধক অব্যয়। যেনে,

দুজন বা তিনিজন ল’ৰা আহিলেই হ’ব।

ইমান মাতিলোঁ তথাপি তুমি নাহিলা।

গল্পটো লেখিলোঁ, কিন্তু ভাল নহ’ল।

এই বাক্য তিনিটাত ক্ৰমে বা অব্যয়ে দুজন আৰু তিনিজন ল’ৰাক, তথাপি অব্যয়ে ইমান মাতিলোঁ আৰু তুমি নাহিলা বাক্যক আৰু কিন্তু অব্যয়ে গল্পটো লেখিলোঁ আৰু ভাল নহ’ল বাক্যক পৃথক কৰি দেখুৱাইছে। সেয়েহে বা, তথাপি আৰু কিন্তু পৃথকবোধক অব্যয়। আন কিছুমান পৃথকবোধক অব্যয় হৈছে – নাইবা, অথবা, নতুবা, কিম্বা, তেও, নহ’লে ইত্যাদি।

সন্দেহবোধক অব্যয়: সন্দেহ, সম্ভাৱনা বা অনিশ্চয়তা ভাব প্ৰকাশৰ অব্যয়বোৰেই সন্দেহবোধক অব্যয়। যেনে,

যদি বৰষুণ দিয়ে, ফুৰিবলৈ নাযাওঁ।

জানোচা সি আহে।

চাকৰিটো হ’ব কিজানি

এই বাক্যকেইটাত ব্যৱহৃত যদি, জানোচা আৰু কিজানি শব্দই ক্ৰমে সম্ভাৱনা, সন্দেহ আৰু অনিশ্চয়তা ভাব প্ৰকাশ কৰিছে কাৰণ সেই তিনিটাই অব্যয়। আন কেইটামান সন্দেহবোধক অব্যয় হৈছে জানো (জানো তেওঁ আহেনে নাহে !), চাগৈ (সিচাগৈ আহিব), হ’বলা (সিহ’বলা আহিব) আদি।

ভাববোধক অব্যয়: মনৰ আনন্দ, সুখ-দুখ, বেজাৰ, লাজ, ভয়, ঘৃণা, আশ্চৰ্য আদি ভাব প্ৰকাশ কৰা অব্যয়বোৰেই ভাববোধক অব্যয়। যেনে,

বাঃ কি সুন্দৰ !

হায় হায়! ল’ৰাটো অকালতে ঢুকাল।

ছিঃ এনে বেয়া কথা নক’বা।

আও! তাৰ ইমান সাহস।

এই বাক্যকেইটাত ব্যৱহৃত বাঃ, হায় হায়, ছিঃ, আও আদি শব্দই ক্ৰমে আনন্দ, বেজাৰ, ঘৃণা আৰু আশ্চৰ্য ভাব প্ৰকাশ কৰিছে। গতিকে সিহঁত ভাববোধক অব্যয়। অসমীয়া ভাষাত আনকেইটিমান ভাববোধক অব্যয় হ’ল – উঃ, ইচ্, আই ঐ, ঐ দেহি, হৰি হৰি, ৰাম ৰাম, শ্ৰীবিষ্ণু ইত্যাদি।

সম্বোধনবোধক অব্যয়: কাৰোবাক সম্বোধন কৰি মাতিবলৈ ব্যৱহাৰ কৰা অব্যয়বোৰেই সম্বোধনবোধক অব্যয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা এনে অব্যয়কেইটামান হৈছে; অ’ (নৰেন), (ল’ৰা), হে (হৰি),হেৰা (বন্ধু), (পিতাই ঔ). হয়ে (জেতুকী) ইত্যাদি।

প্ৰশ্নবোধক অব্যয়: কাৰোবাক প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা অব্যয়বোৰেই প্ৰশ্নবোধক অব্যয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা প্ৰশ্নবোধক অব্যয়কেইটামান হৈছে: বোলে, হেনো, হয়, জানো ইত্যাদি। বাক্যত এইবোৰৰ প্ৰয়োগ এনেধৰণৰ:

সি বোলে গ’লগৈ? বা সি গ’লগৈ বোলে?

যত্ন কৰিছোঁ হয় ভগৱানেহে জানে !

ইমানকৈ ডিঙি মেলি কি চাইছা ?

সি হেনো আজি আহিব?

তই পিকনিকত যাবি জানো?

উল্লিখিত বাক্যত ব্যৱহৃত বোলে, কি, হেনো, জানো আদি অব্যয়ে সন্দেহভাৱ প্ৰকাশ কৰিছে। বাক্যৰ সুৰ বা লহৰৰপৰাই সি প্ৰশ্নবোধক নে সন্দেহবোধক সেইটো বুজা যায়। যেনে,

হেৰা, সি বোলে আহিয়ে যাবগৈ।

ৰীতা হেনো বিয়ালৈ আহিব নোৱাৰিব।

এইবাৰ দিল্লীলৈ ময়ো যাওঁ নেকি!

এইকেইটা বাক্যত ব্যৱহৃত বোলে, হেনো, নেকি অব্যয়ে সন্দেহ, সম্ভাৱনা অৰ্থ প্ৰকাশ কৰিছে।

সমিধানবোধক অব্যয়: আন মানুহৰ কথা বা আচৰণৰ উত্তৰ স্বৰূপে ব্যৱহাৰ হোৱা অব্যয়ৰ নাম সমিধানবোধক অব্যয়। যেনে,

তুমি আজি ক্লাছলৈ যাবানে?

ওঁ, যাম।

তুমি যাবানে।

ওহোঁ, নাযাওঁ।

বোপা ঘৰত আছানে?

হয় আছোঁ। আহক।

ইয়াত ওঁ, ওঁহো, হয় আদি সমিধানবোধক অব্যয়। আন কিছুমান সমিধানসূচক অব্যয় হৈছে: এৰা, বাৰু, ভাল, পাচে, ৰেচ্, ঠিক্ ঠিক্ আদি।

আনুষঙ্গিক অব্যয়: বিশেষ্য বা সৰ্বনাম আৰু ক্ৰিয়াপদৰ পিছত বহি সিহঁতৰ অৰ্থ ভিন ভিন কৰা অব্যয়বোৰেই আনুষঙ্গিক অব্যয়। এনে অব্যয় যোগ হ’লে বিশেষ্য বা সৰ্বনাম শব্দৰ পিছত প্ৰায়ে বিশেষ বিশেষ বিভক্তি যোগ হয়। সেই বিভক্ত্যন্ত পদৰ সৈতে এইবোৰ অব্যয়ৰ অন্বয় বা সম্বন্ধ স্থাপিত হয় বাবেই এইবোৰ অব্যয়ক পদান্বয়ী অব্যয় বুলিও কোৱা হয়। প্ৰয়োগৰ ভিত্তিত আনুষঙ্গিক অব্যয়বোৰক উপপদ অব্যয় (Preposition) আৰু অনুপদ অব্যয় (Post-position) এই দুটা ভাগত ভগাব পাৰি।

উপপদ অব্যয়: ইংৰাজী Preposition-অৰ অনুৰূপ উপপদ অব্যয় অসমীয়াত তেনেই তাকৰ। দৰাচলতে অসমীয়াত ব্যৱহৃত আটাইবোৰ উপসৰ্গই উপপদ অব্যয়। এই অব্যয়বোৰৰ নামপদৰ লগত ঘনিষ্ঠ সম্বন্ধ থাকে আৰু যি পদৰ লগত সম্বন্ধ থাকে, তাৰ ঠিক আগতে বহে। এইদৰে নামপদৰ আগত বহা অব্যয়বোৰেই উপপদ অব্যয়। উপপদ অব্যয়বোৰ উপসৰ্গৰ দৰে নামপদৰ গাতে লগাই বহুৱাব লাগে। যেনে,

বিনামেঘে বজ্ৰপাত,

উপপ্ৰধান মন্ত্ৰী

সহযোদ্ধা

ইয়াত ক্ৰমে মেঘে, প্ৰধানমন্ত্ৰী আৰু যুদ্ধা শব্দৰ আগত বহা বিনা, উপ আৰু সহ উপপদ অব্যয়। সাইলাখ (দেউতাকৰ দৰে), প্ৰতি (শনিবাৰে) আদিও উপপদ অব্যয়ৰ ভিতৰত পৰে।

অনুপদ অব্যয়: অসমীয়া ব্যাকৰণবোৰত অনুপদ অব্যয়ক পৰসৰ্গ বোলা হৈছে। পৰসৰ্গই যিহেতু শব্দ বা ধাতুৰ পিছত বহি নতুন অৰ্থবাচক শব্দ গঠন কৰে বা শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটায়, সেয়েহে শব্দ গঠনাত্মক আৰু ৰূপাত্মক পৰসৰ্গৰপৰা (Suffix) পৃথক কৰিবৰ কাৰণে নামপদ বা ক্ৰিয়াপদৰ পিছত বহা অব্যয়বোৰক অনুপদ অব্যয় বোলা উচিত। সাধাৰণতে শব্দ-বিভক্তি-যুক্ত নামপদ আৰু ক্ৰিয়াপদৰ পিছত যোগ হোৱা অব্যয়বোৰকে অনুপদ অব্যয় বোলা হয়। অনুপদ অব্যয়বোৰক নামপদ বা ক্ৰিয়াশব্দৰ গাতে লগাই ব্যৱহাৰ কৰিব লাগে।* প্ৰয়োগৰ দিশৰ পৰা এই অনুপদবোৰক দুটা ভাগত ভগাব পাৰি:

(ক) বিশেষ্য বা নামবাচক অনুপদ (Nominal post-position)

(খ) ক্ৰিয়াবাচক অনুপদ (Verbal post-position)

বিশেষ্য বা নামবাচক অনুপদ: বিশেষ্য বা সৰ্বনামৰ পিছত যোগ হোৱা অনুপদবোৰেই নামবাচক অনুপদ। এই অনুপদবোৰ যোগ হোৱাৰ আগতে বিশেষ্য বা সৰ্বনাম শব্দটোৰ পিছত প্ৰায়ে ষষ্ঠী-ৰ, প্ৰথমা-এ, তৃতীয়া-ৰে বিভক্তি লগ লাগে। কেতিয়াবা দ্বিতীয়-ক, অথবা সপ্তমী-ত বিভক্তিও লগ লাগে। বিভক্তিহীন বিশেষ্য আৰু সৰ্বনামৰ পিছতো অনুপদ অব্যয় যোগ হয়। কেতিয়াবা অনুপদৰ পিছতো প্ৰথমা-এ বা সপ্তমী-ত বিভক্তি যোগ হয়। বিভক্ত্যন্ত বিশেষ্য আৰু সৰ্বনামৰ পিছত যোগ হোৱা নামবাচক অনুপদবোৰ হৈছে: অৰ্থে, ওপৰত, কাৰণে, দৰে, দ্বাৰা, নিমিত্তে, নিচিনা, মতে, পৰা, পিছত, পিনে, প্ৰতি, বাবে, বাহিৰে, বিষয়ে, ভিতৰত মতে, মাজত, লগত, সম্বন্ধে, হকে হতুৱাই, দি দেখোন, নো, পতি, বা, হ’লে, সৈতে, আদি কৰি, কৈ আদি। এইবোৰৰ প্ৰয়োগ হৈছে এনে ধৰণৰলাগে।:

১। বিভক্তিযুক্ত নামপদৰ পিছত যোগ হোৱা অনুপদ:

(ক) –ৰ বিভক্তিৰ পিছত:

পুতেকৰকাৰণে

তোমাৰওপৰত

মধুৰদৰে

তাৰপিছত

মানুহৰবাবে

সিহঁতৰমাজত

মাৰলগত

দেশৰহকে

তাৰহতুৱাই, ইত্যাদি।

(খ) –এ বিভক্তিৰ পিছত:

বাটেদি

বিন্ধাইদি

বুকুৱেদি

দুৱাৰেদি

মানুহে দেখোন (বেয়াকৈ কয়)

সিহঁতেনো (কি ভাবিব)

গাইপতি (ভগাই ল’বা)

মানুহেবা (কি ভাবে)

তুমি হ’লে (আহিব লাগিব), ইত্যাদি।

(গ) –ৰে বিভক্তিৰ পিছত:

ভক্তিৰেসৈতে

তাৰেসৈতে

তোমাৰেসৈতে

কেতিয়াবা অকল –ৰ বিভক্তিৰ পাছতো সৈতে যোগ হয়। যেনে, দেউতাৰ সৈতে

(ঘ) –ক বিভক্তিৰ পিছত: -ক বিভক্তিৰ পিছত আদি কৰি অনুপদ যোগ হ’লে –‘ক’ প্ৰায়ে ‘কে’লৈ ৰূপান্তৰ হয়। যেনে,

তেওঁকে অদি কৰি।

(ঙ) –ত বিভক্তিৰ পিছত:

হৰিতকৈ মধু ভাল।

(২) বিভক্তিহীন নামপদৰ পিছত যোগ হোৱা অনুপদবোৰৰ প্ৰয়োগ এনে ধৰণৰ:

কথা অনুযায়ী, কাম অনুসৰি

এইকাৰণে, সেইদৰে

এইনিমিত্তে, এইপিনে

এইবাবে, সেইফালে

এইবুলি, সেইমতে

এইৰকমে, সেই সম্পৰ্কে

জুইযেন, এইহেন, ইত্যাদি।

ক্ৰিয়াবাচক অনুপদ: ক্ৰিয়াবাচক অনুপদবোৰক স্বাৰ্থিক প্ৰত্যয় (Pleonastic Suffix) বুলিও কোৱা হয়।2 এই অনুপদবোৰে আনুষঙ্গিক অব্যয় হিচাপে ক্ৰিয়াপদৰ পিছত যোগ হৈ বাক্যৰ অৰ্থ দৃঢ় কৰে অথবা অনিশ্চয়তা, সন্দেহ, সম্ভাৱনা, মৃদু অনুৰোধ, ইচ্ছা আদি ভাব প্ৰকাশ কৰে। বিভিন্ন অৰ্থত ব্যৱহৃত হোৱা ক্ৰিয়াবাচক অনুপদবোৰ আৰু সিহঁতৰ প্ৰয়োগ এনে ধৰণৰ:

-হি: আহি পোৱা বুজায়; হৰি ঘৰ পালেহি

গৈ: গৈ পোৱা বুজায়; ৰীতা অফিচ পালেগৈ

চোন: মৃদু অনুৰোধ বা আশাৰ বিপৰীতে অৰ্থ প্ৰকাশ কৰে। যেনে,

তুমি এবাৰ আহিবাচোন

দীপক নাহিলচোন

দেই: মৃদু অনুৰোধ বুজায়; যেনে, বিয়ালৈ আহিবাদেই

দেখোন: আশাৰ বিপৰীতে অৰ্থ প্ৰকাশ কৰে; যেনে, সি নাহিল দেখোন

বুলি: গুৰুত্বসূচক ভাব প্ৰকাশ কৰে; যেনে, সি আহিব বুলি জানিছোঁ।

পাই: অলপ জোৰ বুজায়; যেনে, মই নাজানো পাই

চাগৈ, হ’বলা, জানো, নো, নেকি: চাগৈ, হ’বলা আৰু জানো গুটিয়াকৈ সন্দেহবোধক অব্যয় হিচাপেও ব্যৱহাৰ হয় আৰু আনুষঙ্গিক অনুপদ হিচাপে ক্ৰিয়াৰ পিছতো ব্যৱহাৰ হয়। নো নামপদ আৰু ক্ৰিয়াপদ আৰু নেকি সহায় ক্ৰিয়াপদৰ পিছত যোগ হয়। ইহঁতে সম্ভাৱনা, অনিশ্চয়তা, সন্দেহ, প্ৰশ্ন আদি বুজায়। যেনে,

সি আহিবচাগৈ

তুমি পূজা চাবলৈ যাবা হ’বলা

ৰাস চাবলৈ যাবাজানো

পঢ়িলেনো কি হ’ব?

চিনেমা চাবলৈ যাবা নেকি? ইত্যাদি।

তো: নিশ্চয়কৈ বুজাবলৈ ব্যৱহৃত হয়। যেনে, নিছোঁতো

নে: প্ৰশ্ন সুধিবলৈ ক্ৰিয়াৰ পিছত যোগ হয়। যেনে, তুমি এতিয়া পঢ়িবানে?

হেঁতেন: ছৰ্ত সাপেক্ষতা বুজাবলৈ ব্যৱহৃত হয়; যেনে,

খবৰ পালে গ’লোহেঁতেন ইত্যাদি।

অসমীয়া ভাষাত আৰু এনে কিছুমান ৰূপ আছে, যিবোৰে ওপৰঞ্চি আৰু ডাঠি কোৱা ভাব প্ৰকাশ কৰে। এই ৰূপবোৰক জোৰ বুজোৱা ৰূপ বোলা হয়। এই ৰূপবোৰ ‘বিশেষ্য, বিশেষণ, সৰ্বনাম, শব্দবিভক্তি, ক্ৰিয়া, ক্ৰিয়া বিশেষণ, সংখ্যাবাচক শব্দ, নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু অনিৰ্দিষ্টতাবাচক প্ৰত্যয়’ৰ পিছত যোগ হয়। এই ৰূপবোৰ এক প্ৰকাৰ সৰ্গ বা প্ৰত্যয়ৰ দৰে বদ্ধ। ইহঁতে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। বিভিন্ন পদৰ পিছত যোগ হ’লেহে ইহঁতৰ অৰ্থ প্ৰকাশ পায়। ওপৰঞ্চি ভাবত ব্যৱহাৰ হোৱা একমাত্ৰ ৰূপ হৈছে ও। ইয়াৰ প্ৰয়োগ এনে ধৰণৰ:

দেউতা যাব।

ভালো ভাল, অতি ভাল।

ডাঙৰো আহিব।

তুমি আহিবা।

ঘৰলৈ মনত পৰি থাকে।

ৰামৰপৰা ল’ব লাগিব।

তাই পঢ়িব নাজানে।

দিগন্ত আজি নাহিল।

দুয়ো আহিবা।

কিতাপখনো লৈ আহিবা।

ল’ৰা দুজনমানো অহাৰ কথা।

ডাঠি কোৱা ভাবত ব্যৱহাৰ হোৱা ৰূপকেইটা হৈছে: -এ, -এই, -হে, আৰু –কে। ‘-কে’ৰ ব্যৱহাৰ তেনেই সীমিত। ইহঁতৰ প্ৰয়োগ এনে ধৰণৰ:

ঘৰত একো বস্তুৱে নাই।

ভাওনাত মানুহেই নাই।

সৰুৱে বা সৰুৱেই ভাল

মইহে ভুলটো ধৰিব পাৰিলোঁ।

সন্ধ্যা ঘৰলৈকে আহিবা।

তোমাৰপৰাই কথাটো প্ৰচাৰ হ’ল।

এইমাত্ৰ ভাত খালোঁহে

আজিলৈকে কামটো যোগাৰ নহ’ল।

তিনিয়েই বাজিল, মই যাওঁ।

তোমাৰ কিতাপখনহে দিব পৰা নাই।

মই অহা দুমাহমানেই হ’ল।

সি যোৱা দুমাহমানহে হৈছে, ইত্যাদি।

‘কেতিয়াবা ক্ৰিয়াৰূপ এটা দুবাৰ ব্যৱহাৰ কৰি প্ৰথমবাৰ ৰূপটোৰ লগত জোৰ বুজোৱা ৰূপ ই, এই, হে যোগ দিও জোৰ বুজোৱা কাৰ্যৰ গাঢ়তা প্ৰকাশ কৰা হয়।’ যেনে,

সি যাবই যাব।

মই ভাত খামেই খাম।

গানটো শুনোহে শুনো, তেও মনত নৰয়।


* অসমীয়া ব্যাকৰণ প্ৰৱেশ’ত (পৃ. ৩১২-৩১৩) গোলোকচন্দ্ৰ গোস্বামীদেৱে কোনোবাটো উপপদ অব্যয় গাতে লগাই আৰু কোনোবাটো পৃথককৈ লেখিছে। সেইদৰে অনুপদবোৰো কেতিয়াবা গাতে লগাই আৰু কেতিয়াবা গুটিয়াকৈ ব্যৱহাৰ কৰিছে। এনে খেলি-মেলি নকৰি অনুপদবোৰ নামপদৰ গাতে লগাই ব্যৱহাৰ কৰিব লাগে।

১. উপেন্দ্ৰনাথ গোস্বামী: অসমীয়া ভাষাৰ ব্যাকৰণ, পৃ. ১০২-১০৬

২. ভগৱান মৰল: অসমীয়া ব্যাকৰণ জ্যোতি, পৃ. ১৩৫-১৩৯

৩. অসমীয়া ভাষাৰ ব্যাকৰণ, পৃ. ১০৫-১০৬

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক