নামপদৰ লিঙ্গ (সপ্তম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ সপ্তম অধ্যায়

৭. নামপদৰ লিঙ্গ

৭.০১ ‘লিঙ্গ’ শব্দৰ অৰ্থ হৈছে চিহ্ন। যিবোৰ চিহ্নই পুৰুষ-স্ত্ৰী বা মতা-মাইকীৰ ধাৰণা স্পষ্ট কৰে, সাধাৰণতে তেনেবোৰ চিহ্নকে লিঙ্গ বোলা হয়। কিছুমান ভাষাত লিঙ্গই কেৱল প্ৰাণীবাচক শব্দকহে সামৰি লয়, কিন্তু কিছুমান ভাষাত প্ৰাণীবাচক-অপ্ৰাণীবাচক সকলো শব্দৰে লিঙ্গভেদ নিৰূপণ কৰিব পাৰি। অসমীয়া ভাষাৰ মূল সংস্কৃতত প্ৰাণীবাচক-অপ্ৰাণীবাচক সকলো শব্দৰে লিঙ্গভেদ কৰিব পাৰি। সেই হিচাপে সংস্কৃতত লিঙ্গ তিনিবিধ: পুংলিঙ্গ, স্ত্ৰীলিঙ্গ আৰু ক্লীৱলিঙ্গ। পুৰুষ বা স্ত্ৰীৰ ধাৰণা স্পষ্ট কৰি নিদিয়া ৰূপবোৰেই ক্লীৱলিঙ্গ। সংস্কৃতত এই তিনিটা লিঙ্গৰ ভেদ নিৰ্ণয় কৰা হয় প্ৰধানতঃ তিনিটা কথাৰ ওপৰত ভিত্তি কৰি: শব্দটোৰ অৰ্থ অনুযায়ী, শব্দটোত যোগ হোৱা বিভিন্ন প্ৰত্যয় অনুযায়ী আৰু শব্দটোৰ গঠন বা আকৃতি অনুযায়ী। সেই হিচাপে সংস্কৃতত দেৱ, অসুৰ, চন্দ্ৰ, সূৰ্য, বায়ু , স্বৰ্গ, মেঘ , পৰ্বত আদি অৰ্থ প্ৰকাশ কৰা, ঘঞ্, অল্, নঙ্, ইমন, প্ৰত্যয় যোগ হোৱা আৰু ক্ ষ্ ণ্ ভ্ বা ৰ্ ব্যঞ্জন শেষত থকা শব্দবোৰ পুংলিঙ্গবাচক। সেইদৰে স্ত্ৰীলিঙ্গ বা ক্লীৱলিঙ্গ বাচক শব্দবোৰো অৰ্থ, প্ৰত্যয় আৰু গঠন বা আকৃতি অনুযায়ী নিৰ্ণয় কৰা হয়। কেতিয়াবা অৱশ্যে একেটা ক্লীৱলিঙ্গবাচক শব্দ বিশেষ পৰিৱেশত অৰ্থ অনুযায়ী পুংলিঙ্গ হিচাপেও ব্যৱহৃত হয়। যেনে – “স মে মিত্ৰম্” ইয়াত বন্ধু অৰ্থত ‘মিত্ৰ’ শব্দই ক্লীৱলিঙ্গৰ দৰে ৰূপ লৈছে, কিন্তু “উদেতি গগনে মিত্ৰঃ” ইয়াত সূৰ্য অৰ্থত ‘মিত্ৰ’ শব্দই পুংলিঙ্গৰ দৰে ৰূপ লৈছে। কেতিয়াবা অৰ্থ বিশেষে একোটা শব্দৰ বেলেগ বেলেগ লিঙ্গ হ’ব পাৰে। যেনে, ‘গো শব্দ অৰ্থ বিশেষে পুংলিঙ্গ (bull), স্ত্ৰীলিঙ্গ (cow) আৰু ক্লীৱলিঙ্গ (The hair of the body) হ’ব পাৰে। কেতিয়াবা একে অৰ্থতে একেটা শব্দৰে বেলেগ লিঙ্গ হোৱাও দেখা যায়। যেনে, ‘মৃত্যু’ শব্দ পুংলিঙ্গ-স্ত্ৰীলিঙ্গ দুয়োধৰণে ৰূপ হ’ব পাৰে।

৭.০২ সংস্কৃত লিঙ্গ ব্যাকৰণ সিদ্ধ। ব্যাকৰণসিদ্ধ লিঙ্গত প্ৰাণী-অপ্ৰাণী, পুৰুষ-স্ত্ৰী আদিৰ সৈতে সম্পৰ্ক নৰখাকৈ কোনো শব্দ পুংলিঙ্গ, স্ত্ৰীলিঙ্গ বা ক্লীৱলিঙ্গ হয়। উদাহৰণস্বৰূপে, ‘শৰীৰ’ (body) বুজাবলৈ সংস্কৃতত তিনিটা লিঙ্গৰ তিনিটা শব্দ আছে: ‘ঘঞ্’ প্ৰত্যয়ান্ত ‘কায়’ (মূল ‘চিৎ’) পুংলিঙ্গ; লাহী, কোমল অৰ্থ বুজোৱা ‘তনু’ (মূল ‘তন’) স্ত্ৰীলিঙ্গ আৰু ক্লীৱত্ব বুজোৱা ‘শৰীৰ’ (মূল ‘শ্ৰী) ক্লীৱলিঙ্গ। সেইদৰে ‘ঘৈণী’ (wife) বুজাবলৈয়ো সংস্কৃতত তিনিটা লিঙ্গৰ তিনিটা শব্দ আছে: ‘ভাৰ্যা’ স্ত্ৰীলিঙ্গ, ‘দাৰ’ পুংলিঙ্গ আৰু ‘কলত্ৰ’ ক্লীৱলিঙ্গ। লিঙ্গ অনুযায়ী সংস্কৃতত প্ৰতিটো শব্দই কাৰকৰ বিভিন্ন বচনত ভিন ভিন ৰূপ লয়। উদাহৰণস্বৰূপে, পুংলিঙ্গ ‘নৰ’, স্ত্ৰীলিঙ্গ ‘বালিকা’ আৰু ক্লীৱলিঙ্গ ‘মিত্ৰ’ শব্দ কৰ্তা কাৰকৰ তিনিটা বচনত ক্ৰমে এনেদৰে ৰূপ হয়:

একবচন দ্বিবচন বহুবচন
নৰ: নৰৌ নৰাঃ
বালিকা বালিকে বালিকাঃ
মিত্ৰম্ মিত্ৰে মিত্ৰাণি

এনে লিঙ্গবাচক ভিন্নতাৰ উপৰি সংস্কৃতত বিশেষ্যৰ লিঙ্গ অনুযায়ী বিশেষণৰো লিঙ্গ ভেদ হয়। যেনে, “নৰ্তক্যাঃ স্বৰঃ মধুৰঃ”, “নৰ্তক্যঃ গীতিঃ নধুৰা” আৰু “নৰ্তক্যাঃ ৱচনং মধুৰম্”- এই বাক্য তিনিটাৰ প্ৰথমটোত ‘স্বৰ’ শব্দ পুংলিঙ্গ হোৱাৰকাৰণে বিশেষণ ‘মধুৰ’ শব্দৰ ৰূপ পুংলিঙ্গ ‘দেৱ’ শব্দৰ দৰে হৈছে, দ্বিতীয়টোত ‘গীতি’ শব্দ স্ত্ৰীলিঙ্গ হোৱাৰকাৰণে ‘মধুৰ’ শব্দ ‘মধুৰা’ হৈ স্ত্ৰীলিঙ্গ ‘বালিকা’ শব্দৰদৰে ৰূপ হৈছে আৰু তৃতীয়টোত ‘মধুৰ’ শব্দৰ ৰূপ ক্লীৱলিঙ্গ বাচক ‘মিত্ৰ’ৰ দৰে হৈছে, কাৰণ ‘ৱচন’ শব্দ ক্লীৱলিঙ্গ।

সংস্কৃত লিঙ্গৰ এনে বৈশিষ্ট্য আধুনিক ভাৰতীয় আৰ্যভাষাবোৰৰ সকলোতে ৰক্ষিত হোৱা নাই। অসমীয়া, বাংলা, উৰিয়া আদি ভাষাত অৰ্থ অনুযায়ীহে লিঙ্গ নিৰ্ণয় কৰা হয়। তদুপৰি এই ভাষা কেইটাত পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গৰ মাজতহে ভেদ ৰক্ষিত হৈছে; ক্লীৱলিঙ্গ পুংলিঙ্গৰ লগত মিলি গৈছে। হিন্দী আৰু পাঞ্জাৱীতো ক্লীৱলিঙ্গৰ ব্যৱহাৰ নোহোৱা হৈছে। সিন্ধ্ৰীত মাত্ৰ কেইটামান অৰ্বাচীন ৰূপত ক্লীৱলিঙ্গ ৰক্ষিত হৈছে। কিন্তু মাৰাঠী, গুজৰাটী, সিংহলী আদি ভাষাত সংস্কৃতৰ দৰে তিনিওটা লিঙ্গৰ মাজত পাৰ্থক্য ৰক্ষিত হৈছে। হিন্দী, মাৰাঠী, উৰ্দু আদি ভাষাত লিঙ্গ ব্যাকৰণগত। সেয়েহে সংস্কৃতৰ দৰে এই ভাষাকেইটাতো লিঙ্গই বাক্যৰ গাঁথনিত প্ৰভাৱ বিস্তাৰ কৰে; অৰ্থাৎ কৰ্তাৰ লিঙ্গ অনুযায়ী বিশেষণ, ক্ৰিয়াৰূপ আদিৰো পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে, হিন্দীত পুংলিঙ্গত “লড়কা অচ্ছা হেই”, কিন্তু স্ত্ৰীলিঙ্গত “লড়কী অচ্ছী হেই”। তদুপৰি হিন্দীত সংস্কৃতৰ দৰে অপ্ৰাণীবাচক শব্দও পুংলিঙ্গ বা স্ত্ৰীলিঙ্গ হ’ব পাৰে। সেয়েহে হিন্দীত আৱাজ, মেজ আদি শব্দ স্ত্ৰীলিঙ্গ। এনে ব্যাকৰণগত লিঙ্গ অসমীয়া, বঙলা আৰু উৰিয়া- এই মগধীয় ভাষাকেইটাত ৰক্ষিত হোৱা নাই। ইয়াৰ কাৰণ হিচাপে ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ে তিনিটা কথালৈ আঙুলিয়াইছে। প্ৰথমটো হৈছে, প্ৰাকৃত অপভ্ৰংশ স্তৰত সকলো শব্দই অ-কাৰান্ত পুংলিঙ্গবাচক শব্দৰ দৰে ৰূপ হ’বলৈ ধৰা প্ৰৱণতাই সংস্কৃতৰ ব্যাকৰণগত লিঙ্গ প্ৰক্ৰিয়াক দুৰ্বল কৰি পেলাইছিল আৰু তাৰ ফলতেই অসমীয়া, বঙলা, উৰিয়া ভাষাত ব্যাকৰণগত লিঙ্গ লোপ পাইছিল। দ্বিতীয়তে, প্ৰত্যয়ে পুংলিঙ্গ, স্ত্ৰীলিঙ্গ আৰু ক্লীৱলিঙ্গৰ মাজত ভেদ প্ৰদৰ্শন কৰিব নোৱৰা কোল আদি অষ্ট্ৰিক ভাষাৰ প্ৰভাৱতো মগধীয় ভাষাকেইটাত ব্যাকৰণগত লিঙ্গ লোপ হ’ব পাৰে। নতুবা লিঙ্গ পদ্ধতিৰ এনে সৰলীকৰণ এক স্বাভাৱিক ক্ৰমবিকাশৰ ফল হ’ব পাৰে। ইয়াৰ লগতে তিব্বতবৰ্মী ভাষাৰ প্ৰভাৱলৈকো আঙুলিয়াব পাৰি। সি যি কি নহওক, এনে বিভিন্ন কাৰণত মগধীয় ভাষাকেইটাত লিঙ্গ নিৰ্ণয় প্ৰক্ৰিয়াই এক সুকীয়া গঢ় ল’লে।

অসমীয়া ভাষাৰ ব্যাকৰণবোৰত সংস্কৃত লিঙ্গৰ অনুকৰণত তিনিটা লিঙ্গৰ কথা কোৱা হৈছে: পুংলিঙ্গ (masculine gender), স্ত্ৰীলিঙ্গ (feminine gender) আৰু ক্লীৱলিঙ্গ (neuter gender)। পুৰুষ বা মতা বুজোৱা শব্দবোৰ পুংলিঙ্গ: যেনে, ককা, দেউতা, ল’ৰা, দমৰা আদি; স্ত্ৰী বা মাইকী বুজোৱা শব্দবোৰ স্ত্ৰীলিঙ্গ: যেনে, আইতা, মা, ছোৱালী, গাই আদি আৰু পুৰুষ-স্ত্ৰী একোকে নুবুজোৱা অপ্ৰাণীবাচক শব্দবোৰ ক্লীৱলিঙ্গ: যেনে, ৰূপ, সোণ, কাঠ, চকি, মেজ আদি। মন কৰিবলগীয়া যে, ক্লীৱলিঙ্গৰ ভিতৰত ধৰা অপ্ৰাণীবাচক শব্দবোৰৰ কোনো বিশেষ আকৃতি নাই আৰু বেলেগ ৰূপো নাই। পুংলিঙ্গৰ আকৃতিয়ে তাৰ আকৃতি আৰু পুংলিঙ্গৰ ৰূপেই তাৰো ৰূপ। শব্দৰূপৰ ক্ষেত্ৰতো পুংলিঙ্গ-ক্লীৱলিঙ্গৰ মাজত কোনো ভেদ দেখা নাযায়। ইয়াৰপৰা এটা সিদ্ধান্তলৈ আহিব পাৰি যে, অসমীয়াত কেৱল প্ৰাণীবাচক শব্দৰহে লিঙ্গভেদ হয় আৰু সেই হিচাপে অসমীয়া ভাষাত লিঙ্গ প্ৰধানতঃ দুবিধ: পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ। কিন্তু প্ৰাণীবাচক শব্দবোৰৰ মাজত এনে কিছুমান শব্দ আছে, যিবোৰে পুৰুষ নে স্ত্ৰী, সেই ভেদ স্পষ্ট কৰি নিদিয়ে। এনেদৰে পুৰুষ-স্ত্ৰী স্পষ্ট কৰি নিদিয়া প্ৰাণীবাচক শব্দবোৰক ইংৰাজী common gender অৰ আৰ্হিত উভয়লিঙ্গ বুলি কোৱা হয়। মানুহ, গৰু, চৰাই, গঁড়, মকৰা আদি প্ৰাণী বুজোৱা জাতিবাচক বিশেষ্যবোৰক সাধাৰণতে উভয়লিঙ্গৰ ভিতৰত ধৰা হয়। এই উভয়লিঙ্গবাচক শব্দবোৰকে লিঙ্গ নিৰপেক্ষ ৰূপ বুলি কোৱা হয়। (অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৯৩, পৃ. ১১৯)। এই উভয়লিঙ্গবাচক বা লিঙ্গ নিৰপেক্ষ শব্দবোৰ বিভিন্ন প্ৰক্ৰিয়াৰে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গলৈ ৰূপান্তৰ কৰা হয়।

আগতেই উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাত লিঙ্গ ব্যাকৰণগত নহয়। সেয়েহে লিঙ্গই বাক্যৰ গাঁথনিত প্ৰভাৱ বিস্তাৰ নকৰে। অৰ্থাৎ বিশেষ্যৰ লিঙ্গ অনুযায়ী বিশেষণ বা ক্ৰিয়াপদৰ ৰূপৰ কোনো পৰিৱৰ্তন নহয়। যেনে – ভাল ল’ৰা–ভাল ছোৱালী, বেয়া ল’ৰা–বেয়া ছোৱালী, ধুনীয়া ল’ৰা-ধুনীয়া ছোৱালী, ল’ৰাই পঢ়ে-ছোৱালীয়ে পঢ়ে ইত্যাদি। কিন্তু কিছুমান তৎসম আৰু তদ্ভৱ শব্দত সংস্কৃতৰ দৰে বিশেষ্যৰ লিঙ্গ অনুযায়ী বিশেষণৰো লিঙ্গ পৰিৱৰ্তন হোৱা দেখা যায়। অৰ্থাৎ পিছত থকা পুংলিঙ্গ বা স্ত্ৰীলিঙ্গবাচক শব্দ অনুযায়ী আগত থকা বিশেষণটোও পুংলিঙ্গবাচক বা স্ত্ৰীলিঙ্গবাচক হয়। যেনে-

তৎসম শব্দ:
বিদ্বান পুৰুষ বিদূষী নাৰী
মহান পুৰুষ মহীয়সী নাৰী
সুন্দৰ যুৱক সুন্দৰী যুৱতী ইত্যাদি
তদ্ভৱ শব্দ:
ৰূপহ ডেকা ৰূপহী যুৱতী
কণা ল’ৰা কাণী ছোৱালী
অজলা ল’ৰা আজলী ছোৱালী
পগলা ল’ৰা পাগলী ছোৱালী
ফেদেলা ল’ৰা ফেদেলী ছোৱালী ইত্যাদি।

উল্লিখিত ৰূপবোৰলৈ লক্ষ্য কৰি অসমীয়া ভাষাত লিঙ্গ আংশিকভাবে ব্যাকৰণগত বুলি ক’ব পৰা যায়। কিন্তু তদ্ভৱ শব্দবোৰত স্ত্ৰীবাচক শব্দৰ আগত ব্যৱহৃত বিশেষণটোত স্ত্ৰী প্ৰত্যয় যে যোগ কৰিবই লাগিব, তেনে কোনো ধৰা-বন্ধা নিয়ম নাই; পুংলিঙ্গবাচক বিশেষণটোও স্ত্ৰীলিঙ্গবাচক শব্দৰ আগত বা পিছত ব্যৱহৃত হ’ব পাৰে: যেনে- কণা ছোৱালী বা ছোৱালীজনী কণা, পগলা ছোৱালী, ফেদেলা তিৰোতা ইত্যাদি। কিন্তু পুংলিঙ্গ বাচক ‘ৰূপহ’ শব্দৰ পিছত স্ত্ৰীবাচক ‘গাভৰু’ হ’বই নোৱাৰে; ‘গাভৰু’ৰ আগত সদায় স্ত্ৰী প্ৰত্যয়যুক্ত ‘ৰূপহী’হে প্ৰয়োগ হ’ব।

বিশেষ্যৰ লিঙ্গ অনুযায়ী বিশেষণৰ লিঙ্গ পৰিৱৰ্তনৰ নিয়মটো অসমীয়া ভাষাৰ প্ৰত্ন ৰূপ চৰ্যাগীততো কিছু পৰিমাণে ৰক্ষিত হৈছে। যেনে: দিটি তাঙ্গী (৫), তোহোৰি কুড়িআ (১০), সোণে ভৰিলী নাৱী (৮), লাগলি আগি (৪৭) ইত্যাদি। উল্লিখিত উদাহৰণবোৰত তাঙ্গী, কুড়িআ, নাৱী আৰু আগি স্ত্ৰীলিঙ্গবাচক হোৱাৰ কাৰণেই তাৰ আগত বিশেষণ আৰু ক্ৰিয়া হিচাপে প্ৰয়োগ হোৱা শব্দকেইটা স্ত্ৰী প্ৰত্যয়ান্ত (ই/ঈ) হৈছে। পুৰণি অসমীয়া ভাষাৰ তদ্ভৱ শব্দত এনে প্ৰয়োগ পোৱা নাযায়। কিন্তু তৎসম শব্দত সংস্কৃতৰ দৰে স্ত্ৰীবাচক শব্দৰ আগত ব্যৱহৃত বিশেষণটো প্ৰায়ে স্ত্ৰী প্ৰত্যয়ান্ত হোৱা দেখা যায়।

৭.০৩ অসমীয়া ভাষাত লিঙ্গ নিৰ্ণয় প্ৰক্ৰিয়া: অসমীয়া ভাষাত সাধাৰণতে পাঁচোটা উপায়েৰে লিঙ্গ নিৰ্ণয় বা লিঙ্গভেদ কৰা হয়:

১. পুৰুষ আৰু স্ত্ৰী বুজোৱা ভিন ভিন শব্দ ব্যৱহাৰ কৰি; যেনে-

`

পিতৃ মাতৃ
দেউতা মা
ককা আইতা
দমৰা চেউৰী ইত্যাদি।

২. উভয়লিঙ্গ বাচক বা লিঙ্গ নিৰপেক্ষ ৰূপৰ আগত মতা-মাইকী আৰু পুৰুষ-মহিলা শব্দ ব্যৱহাৰ কৰি; যেনে-

পুৰুষ কবি মহিলা কবি
পুৰুষ প্ৰতিনিধি মহিলা প্ৰতিনিধি
পুৰুষ ৰাষ্ট্ৰপতি মহিলা ৰাষ্ট্ৰপতি
মতা মানুহ মাইকী মানুহ
মতা ম’হ মাইকী ম’হ ইত্যাদি।

৩. উভয়লিঙ্গ বা লিঙ্গ নিৰপেক্ষ ৰূপৰ পিছত টো, জন আৰু জনী প্ৰত্যয় যোগ কৰি; যেনে-

মানুহজন মানুহজনী
গৰুটো গৰুজনী
কুকুৰটো কুকুৰজনী
চৰাইটো চৰাইজনী আদি।

৪. অকল স্ত্ৰীবাচক আৰু অকল পুৰুষবাচক শব্দ ব্যৱহাৰ কৰি; যেনে- ৰাংঢালী. ৰচকী, আয়তী, সধৱা, ধাই, ডাইনী, লাহতী, পোৱাঁতী আদি শব্দ সদায় স্ত্ৰীলিঙ্গবাচক আৰু দড়ীয়া, গুফীয়া, ভঙুৱা, বৰলা শব্দ সদায় পুংলিঙ্গবাচক। বিশেষ বিশেষ কাৰ্য কৰা মহিলাক বুজাবলৈয়ো অসমীয়াত কেতবোৰ অকল স্ত্ৰীবাচক শব্দ আছে। যেনে, নামতী, ফুলতী, ৰোৱনী, দাৱনী, শিপিনী, পোহাৰী আদি। মন কৰিবলগীয়া যে এসময়ত ঘাইকৈ মহিলাৰ মাজত আৱদ্ধ থকা ফুল তোলা, ৰোৱা, বোৱা, ৰন্ধা, ধানকটা আদি কাৰ্য লাহে লাহে পুৰুষেও কৰিবলৈ লোৱাত এই শব্দবোৰক উভয়লিঙ্গবাচক বা লিঙ্গ নিৰপেক্ষ ৰূপ হিচাপে ধৰা হয় আৰু ইবোৰৰ পাছত পুংলিঙ্গবাচক ‘টো’ বা ‘জন’ আৰু স্ত্ৰীলিঙ্গবাচক ‘জনী’ যোগ দি ক্ৰমে পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ কৰা হয়। যেনে, ‘ৰান্ধনীটো/ৰান্ধনীজন’ পুংলিঙ্গ, আৰু ‘ৰান্ধনীজনী’ স্ত্ৰীলিঙ্গ। কেতিয়াবা দীৰ্ঘ ঈ কাৰান্ত শব্দবোৰ স্ত্ৰীবাচক হিচাপে ধৰি সেই শব্দবোৰ হ্ৰস্ব-ই-কাৰান্ত কৰি পুংলিঙ্গলৈ ৰূপান্তৰ কৰা হয়।

৫. স্ত্ৰী প্ৰত্যয় যোগ: সংস্কৃতৰ দৰে অসমীয়াতো স্ত্ৰী প্ৰত্যয় যোগ কৰি পুংলিঙ্গবাচক শব্দ স্ত্ৰীলিঙ্গলৈ ৰূপান্তৰ কৰা হয়। সংস্কৃতত স্ত্ৰী প্ৰত্যয় তিনিটা: আ, ঈ আৰু আনী। অসমীয়াতো মূলতঃ স্ত্ৰী প্ৰত্যয় তিনিটা: ঈ, -নী আৰু –ৰী। ‘নী’ প্ৰত্যয়ৰ আৰু তিনিটা প্ৰসাৰিত (extended) ৰূপ আছে: -অনী, -ইনী আৰু –উনী। শব্দত যোগ হ’লে ‘-ৰী’ প্ৰত্যয়েও –অৰী, -এৰী আৰু –উৰী এই তিনিটা প্ৰসাৰিত ৰূপ লাভ কৰে। গতিকে আকৃতিগতভাবে অসমীয়া ভাষাত স্ত্ৰী প্ৰত্যয়ৰ নটা ৰূপ: -ঈ, -নী, -অনী, -ইনী, -উনী, -ৰী, -অৰী, -এৰী আৰু –উৰী। এই প্ৰত্যয়বোৰৰ কেইটামান ধ্বনি-সাপেক্ষ (Phonologically conditioned) আৰু কেইটামান আংশিকভাবে ধ্বনি-সাপেক্ষ আৰু আংশিকভাবে ৰূপ-সাপেক্ষ (Morphologically conditioned)। অৰ্থাৎ কেতিয়াবা মূল শব্দটোৰ শেষত বা আদিত থকা স্বৰ অনুযায়ী আৰু কেতিয়াবা বিশেষ বিশেষ ৰূপ অনুযায়ী এই প্ৰত্যয়বোৰ ব্যৱহৃত হয়। উদাহৰণস্বৰূপে, আ-কাৰান্ত আৰু ই-কাৰান্ত শব্দত সদায় ‘নী’ প্ৰত্যয় হয়। যেনে,- বৰুৱানী, শইকীয়ানী, নাতিনী আদি। গতিকে ‘নী’ প্ৰত্যয় সদায় ধ্বনি-সাপেক্ষ। কিন্তু ব্যঞ্জনান্ত শব্দ কিছুমানত কেতিয়াবা ‘অনী’ , কেতিয়াবা ‘ইনী’ আৰু কেতিয়াবা ‘উনী’ হয়। যেনে- ফুকন-ফুকননী; কিন্তু বাঘ-বাঘিনী। সেইদৰে ডোম, কোচ, ভূত, চোৰ আদি ব্যঞ্জনান্ত হোৱা সত্ত্বেও আদ্যক্ষৰত থকা ‘উ/ও’ ৰ কাৰণে ‘উনী’ প্ৰত্যয় লগলাগি ক্ৰমে ডুমুনী, কুঁচুনী, ভূতুনী, চুৰুণী হয়। গতিকে দেখা যায় যে এই প্ৰত্যয় তিনিটা আংশিকভাৱে ধ্বনি-সাপেক্ষ আৰু আংশিকভাৱে ৰূপ-সাপেক্ষ। কাৰণ, এই বিশেষ ৰূপবোৰতহে এনে পৰিবৰ্তন হয়। আনহাতে অৰী, এৰী আৰু উৰী প্ৰত্যয় কেইটামান বিশেষ ৰূপৰ পিছতহে লগ লাগে। যেনে, – ‘কলা’ শব্দত ‘ৰী’ টো ‘অৰী’ হৈ ‘কালৰী’, ‘ডেকা’ শব্দত ‘ৰী’ টো ‘এৰী’ হৈ ‘ডেকেৰী’ আৰু ‘বেঙা’ শব্দত ‘ৰী’ টো ‘উৰী’ হৈ ‘বেঙুৰী’ হয়। গতিকে দেখা যায় যে ‘অৰী’, ‘এৰী’ আৰু ‘উৰী’ ৰূপ-সাপেক্ষ। আটাইতকৈ বেছি শব্দত প্ৰয়োগ হোৱা ‘ঈ’ প্ৰত্যয়টো প্ৰধানতঃ ধ্বনি-সাপেক্ষ। সাধাৰণতে আ-কাৰান্ত পুংলিঙ্গ বাচক বিশেষ্য বা বিশেষণ শব্দত এই প্ৰত্যয়ৰ প্ৰয়োগ বেছি। যেনে, – বুঢ়া-বুঢ়ী, খুৰা-খুৰী, ঘোঁৰা-ঘুৰী, ক’লা-ক’লী ইত্যাদি। কিছুমান ব্যঞ্জনান্ত পুংলিঙ্গবাচক শব্দতো এই প্ৰত্যয় যোগ হয়। যেনে,-

কোঁৱৰ কুঁৱৰী
ভালুক ভালুকী
টেঙৰ টেঙৰী
ৰাক্ষস ৰাক্ষসী
ৰূপহ ৰূপহী ইত্যাদি।

মন কৰিবলগীয়া যে সংস্কৃতত অধিকাংশ পুংলিঙ্গবাচক শব্দ অ-কাৰান্ত আৰু অধিকাংশ স্ত্ৰীলিঙ্গবাচক শব্দ আ-কাৰান্ত। ইয়াৰ বিপৰীতে অসমীয়াত অধিকাংশ পুংলিঙ্গবাচক শব্দ আ-কাৰান্ত।

স্ত্ৰী প্ৰত্যয়বোৰ বিভিন্ন আকৃতিত পুংলিঙ্গবাচক শব্দবোৰ স্ত্ৰীলিঙ্গলৈ ৰূপান্তৰ কৰাৰ লগতে পত্নী, জাতি, ব্যৱসায়, উপাধি আদি অৰ্থও প্ৰকাশ কৰে। গতিকে অসমীয়া স্ত্ৰী প্ৰত্যয়বোৰৰ প্ৰয়োগৰ এক বিশেষ বৈশিষ্ট্য আছে। উদাহৰণস্বৰূপে: শইকীয়া, বৰা, শৰ্মা আদি উপাধিসূচক শব্দত ‘-নী’ লগাই স্ত্ৰীলিঙ্গ কৰা হয়। আগৰ দিনত বিবাহিতা মহিলাৰ নামৰ পিছত স্ত্ৰীলিঙ্গবাচক উপাধিৰ প্ৰয়োগ হৈছিল। যেনে, – পদ্মাৱতী দেৱী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি। আজিকালি শিক্ষিত মহিলাই নামৰ পিছত স্ত্ৰী প্ৰত্যয়ান্ত উপাধি ব্যৱহাৰ নকৰে যদিও বিশেষ পৰিৱেশত বৰানী, শৰ্মানী উপাধিৰ ব্যৱহাৰ দেখা যায়।

আগৰ দিনত ডাক্তৰ, উকীল, হাকিম, মৌজাদাৰ আদিৰ পত্নীক বুজাবলৈ স্ত্ৰী প্ৰত্যয়ান্ত ডাক্তৰনী, উকীলনী, হাকিমনী, মৌজাদাৰনী শব্দৰ প্ৰয়োগ আছিল। কিন্তু বৰ্তমান মহিলাও ডাক্তৰ, উকীল, হাকিম আদি হোৱাত এনে স্ত্ৰী প্ৰত্যয়ান্ত বৃত্তিসূচক শব্দৰ প্ৰয়োগ নোহোৱা হৈ আহিছে।

সম্প্ৰদায় বা জাতি (caste) বুজোৱা শব্দত স্ত্ৰী প্ৰত্যয় লগালে সেইবোৰে পত্নীক নুবুজাই সেই সেই সম্প্ৰদায়ৰ মহিলাকহে বুজায়। যেনে, -কলিতানী, কেওঁতনী, কুঁচনী আদি। সেইদৰে কোনো ব্যৱসায় বা কাম কৰা তিৰোতাকহে বুজোৱা হয়। যেনে, -ধুবুনী, কুমাৰণী, চুৰুণী আদি। এসময়ত নাপিতৰ ‘পত্নী’ অৰ্থত ‘নাপিতনী’ হৈছিল। কিন্তু ‘বিউটি পাৰ্লাৰ’ত মহিলাইয়ো চুলি কাটিবলৈ লোৱাত ‘নাপিতনী’ শব্দই পত্নীৰ অৰ্থৰ লগতে সেই কাম কৰা মহিলাকো বুজাবলৈ লৈছে।

কিছুমান শব্দৰ দুটাকৈ স্ত্ৰীলিঙ্গবাচক ৰূপ পোৱা যায়। তেনেবোৰ শব্দৰ এটা পত্নীবাচক আৰু আনটো মহিলাবাচক যেন ধাৰণা হয়। যেনে, – বামুণী (পত্নীবাচক) – বামুণনী (মহিলাবাচক), পিশাচী (পত্নীবাচক) – পিশাচিনী (মহিলাবাচক) ইত্যাদি।

৭.০৪ স্ত্ৰীলিঙ্গক পুংলিঙ্গলৈ ৰূপান্তৰ: সংস্কৃতত পুংলিঙ্গবাচক শব্দক স্ত্ৰীলিঙ্গলৈ ৰূপান্তৰ কৰিবলৈ তিনিটা স্ত্ৰীপ্ৰত্যয় আছে: আ (যেনে, চতুৰ-চতুৰা), ঈ (যেনে, ছাত্ৰ-ছাত্ৰী) আৰু আনী (যেনে, ৰুদ্ৰ-ৰুদ্ৰানী)। স্ত্ৰীলিঙ্গবাচক শব্দ কিছুমানক পুংলিঙ্গলৈ ৰূপান্তৰ কৰিবলৈয়ো সংস্কৃতত ভালেকেইটা প্ৰত্যয় আছে। যেনে, ডামহ, ষ্ণেয়, ষ্ণ, ষ্ণি, ডুল, বতুপ্, মতুপ্ ইত্যাদি। স্ত্ৰীবাচক শব্দত যোগ দি নতুন অৰ্থবাচক পুংলিঙ্গ শব্দ গঠন কৰা এই প্ৰত্যয়বোৰক সংস্কৃতত তদ্ধিত প্ৰত্যয় বোলা হয়। প্ৰত্যয়কেইটাৰ প্ৰয়োগ এনেধৰণৰ:

মাতা + ডামহ = মাতামহ

ৰাধা + ষ্ণেয় = ৰাধেয়

দিতি + ষ্ণ্য = দৈত্য

পৃথা + ষ্ণ = পাৰ্থ

সুমিত্ৰা + ষ্ণি = সৌমিত্ৰি

মাতা + ডুল = মাতুল

লক্ষ্মী + বতুপ্ = লক্ষ্মীবান

শ্ৰী + মতুপ্ = শ্ৰীমান ইত্যাদি।

বতুপ্ আৰু মতুপ্ প্ৰত্যয়যুক্ত পুংলিঙ্গবাচক সংস্কৃত শব্দবোৰত স্ত্ৰী প্ৰত্যয় ‘ঈ’ যোগ দি সেইবোৰক স্ত্ৰীলিঙ্গলৈয়ো ৰূপান্তৰ কৰা হয়। যেনে, – বুদ্ধিমান-বুদ্ধিমতী, ধনৱান-ধনৱতী, ৰূপৱান-ৰূপৱতী ইত্যাদি।

উল্লিখিত তদ্ধিত প্ৰত্যয়যুক্ত পুংলিঙ্গবাচক সংস্কৃত শব্দবোৰ তৎসম শব্দ হিচাপে অসমীয়া, বঙলা, উৰিয়া আদি ভাষাত ব্যৱহাৰ হৈ আহিছে। কিন্তু অসমীয়াকে ধৰি মগধীয় ভাষাকেইটাৰ নিজস্ব ৰূপটোত স্ত্ৰীলিঙ্গবাচক শব্দত এনেদৰে তদ্ধিত প্ৰত্যয় যোগ কৰি পুংলিঙ্গবাচক শব্দ গঠন কৰা দেখা নাযায়। বঙলা ভাষাত ননন্দ, বোন, পিসী আৰু মাসী – এই চাৰিটা স্ত্ৰীলিঙ্গবাচক শব্দৰ পৰা ক্ৰমে নন্দাই (ননদৰ পতি), বোনাই (ভগ্নীপতি),পিসা ( পেহা) আৰু মেসো (মহা) – এইকেইটা পুংলিঙ্গবাচক শব্দ পোৱা যায়। পুংলিঙ্গবাচক শব্দ গঠন কৰা –আই, -আ আৰু –ও-ক বঙলা ভাষাত পুং প্ৰত্যয়ৰ মৰ্যাদা দিয়া নাই।

অসমীয়া ভাষাত পুং প্ৰত্যয়: অসমীয়া ভাষাতো কিছুমান বিশেষ্য আৰু বিশেষণ শব্দত ‘-আ’, ‘-আই’/-ই’ প্ৰত্যয় যোগ কৰি কিছুমান পুংলিঙ্গবাচক শব্দ সাধন কৰা হয়।

-আ প্ৰত্যয়যুক্ত পুৰুষৰ নাম: যেনে, –

শাওন + আ = শাওনা

ফাগুন + আ = ফাগুনা

গাইমূৰ + আ = গাইমুৱা

মৰ + আ = মৰা (যেনে, ঐ মৰা, মৰাটো)

-আই/-ই প্ৰত্যয়যুক্ত পুৰুষৰ নাম: যেনে-

পুহ + আই = পুহাই

মাঘ + আই + মঘাই

ধন + আই = ধনাই

ৰূপ + আই = ৰূপাই

বগা + আই = বগাই

ক’লা + আই = ক’লাই

ৰঙা + আই = ৰঙাই আদি।

কেতিয়াবা ভাদ, ক’লা আদি শব্দত ‘-ঈয়া’ প্ৰত্যয় যোগ দিও পুংলিঙ্গবাচক শব্দ গঠন কৰা হয়। যেনে, – ভাদ + ঈয়া = ভদীয়া, ক’লা + ঈ = ক’লীয়া আদি। উল্লিখিত প্ৰত্যয়বোৰে একোটা ভিন্ন অৰ্থবাচক শব্দত যোগ হৈ সেই শব্দৰ অৰ্থৰ লগত সম্পৰ্ক থকা একোটা নতুন অৰ্থবাচক পুংলিঙ্গ শব্দহে গঠন কৰিছে। গতিকে সেই প্ৰত্যয়কেইটা তদ্ধিত বা শব্দ গঠনৰ প্ৰত্যয়হে। অসমীয়া ভাষাত বিশেষ কিছুমান ধাতুত ‘ওঁতা’ কৃৎ প্ৰত্যয় যোগ দিও পুংলিঙ্গবাচক কৃদন্ত শব্দ গঠন কৰা হয়। যেনে, – খা + ওঁতা = খাওঁতা, কৰ + ওঁতা + কৰোঁতা আদি। গতিকে ‘-ওঁতা’ও শব্দ সাধনৰ প্ৰত্যয়হে। মন কৰিবলগীয়া যে খাওঁতা, কৰোঁতাকে ধৰি উল্লিখিত প্ৰায়বোৰ সাধিত পুংলিঙ্গবাচক শব্দতে স্ত্ৰীপ্ৰত্যয় যোগ দি সেইবোৰ স্ত্ৰীলিঙ্গলৈ ৰূপান্তৰ কৰিব পাৰি। যেনে, খাৱতী, কৰতী। অসমীয়া ভাষাত পুংলিঙ্গবাচক শব্দ গঠন কৰাৰ দৰে বিশেষ প্ৰত্যয়ৰ যোগত স্ত্ৰীলিঙ্গবাচক শব্দও গঠন কৰা হয়। যেনে, – পুহিলা, পুহিতা আদি। পুহ মাহত জন্ম হোৱা মহিলাক বুজাবলৈ ‘পুহ’ শব্দত যোগ হোৱা –ইলা, -ইতা তদ্ধিত প্ৰত্যয়হে, বিশুদ্ধ স্ত্ৰী প্ৰত্যয় নহয়। সেইদৰে সংস্কৃত সৰলা, চতুৰা, নিপুণা আদি ‘আ’ স্ত্ৰী প্ৰত্যয়ান্ত শব্দৰ আৰ্হিত অসমীয়া ভাষাত মহিলাৰ নাম বুজোৱা ভালেমান শব্দ ‘আ’ যোগ দি কৰা হয়। যেনে, – সোণ + আ = সোণা, ৰূপ + আ = ৰূপা, পানীমল + আ = পানীমলা, ৰহিমল + আ = ৰহিমলা ইত্যাদি। কিন্তু ‘আ’টোক অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ ভিতৰত ধৰা হোৱা নাই।

ওপৰৰ আলোচনাৰপৰা দেখা গ’ল যে অসমীয়া ভাষাত সংস্কৃতৰ দৰে স্ত্ৰীলিঙ্গবাচক শব্দত বিশেষ বিশেষ তদ্ধিত প্ৰত্যয় যোগ দি পুংলিঙ্গবাচক শব্দ সাধন কৰিব নোৱাৰি। কিন্তু বিশিষ্ট বাগবিজ্ঞানী তথা ভাষাবিদ ডঃ গোলোকচন্দ্ৰ গোস্বামীদেৱে ভাষাৰ গাথনিক বিশ্লেষণৰ (Structural analysis) আধাৰত কিছুমান আ-কাৰান্ত পুংলিঙ্গবাচক শব্দ স্ত্ৰীলিঙ্গবাচক শব্দৰপৰা গঢ় লৈ উঠা দেখুৱাইছে। তেখেতে ৰঙা, বগা, ক’লা, অঁকৰা, অজলা, কজলা. পেহা, মহা আদি আ-কাৰান্ত শব্দৰ ‘আ’টোক পুং প্ৰত্যয় বুলি কৈছে আৰু স্ত্ৰীলিঙ্গবাচক ৰাঙী, বগী, ক’লী. আঁকৰী, আজলী, কাজলী, পেহী, মাহী আদি শব্দৰ ‘ঈ’ প্ৰত্যয় গুচাই তাত “আ” পুং প্ৰত্যয় যোগ দি উল্লিখিত পুংলিঙ্গবাচক শব্দবোৰ পোৱা যায় বুলি কৈছে। ডঃ ৰমেশ পাঠকে ঐতিহাসিক বিৱৰ্তনলৈ লক্ষ্য ৰাখি ডঃ গোস্বামীদেৱে দেখুওৱা আজল, কাজল, কাণ আদি কেইটামান শব্দক মূল ৰূপ বুলি মানি লৈছে আৰু কামৰূপীত এইবোৰ আজলা, কাজলা, কাণা ৰূপতে এতিয়াও চলি আছে বুলি কৈছে।১০ এতিয়া কথা হ’ল, কামৰূপী উপভাষাত আদ্য শ্বাসাঘাতযুক্ত আজলা, কাজলা আদি আ-কাৰান্ত শব্দবোৰ মৌলিক পুংলিঙ্গবাচক শব্দ। এই মৌলিক শব্দবোৰেই মান্য ভাষাত উপধা অক্ষৰত পৰা শ্বাসাঘাত আৰু দুটা ‘আ’ ওচৰাওচৰিকৈ থাকিলে প্ৰথমটো ‘অ’ হোৱা নিয়ম অনুযায়ী অজলা, কজলা, কণা, অঁকৰা হ’ল। গতিকে মান্য অসমীয়া ভাষাতো অজলা, কজলা, কণা আদি আ-কাৰান্ত মৌলিক পুংলিঙ্গবাচক শব্দহে আৰু এই শব্দবোৰৰ শেষৰ ‘-আ’ৰ ঠাইত স্ত্ৰী প্ৰত্যয় ‘-ঈ’ যোগ হৈ স্ত্ৰীবাচক আজলী, কাজলী, কাণী আদি হৈছে। আ-কাৰান্ত শব্দৰ শেষত ‘আ’ গুচাই ‘ঈ’ লগালে অসমীয়া ধ্বনি পৰিৱৰ্তনৰ নিয়ম অনুযায়ী মূল শব্দৰ আদ্যক্ষৰত থকা অ > আ হয়। এই ধ্বনি পৰিৱৰ্তনৰ কাৰণেই অসমীয়াত ‘কলা’ শব্দ ‘কালৰী’ আৰু ‘অন্ধলা’ শব্দ ‘আন্ধলী’ হৈছে। গতিকে ‘অজলা’ৰপৰা ‘আজলী’, ‘কজলা’ৰপৰা ‘কাজলী’ হোৱাৰ যি ব্যাখ্যা পূৰ্বসুৰী ব্যাকৰণ লেখকসকলে দাঙি ধৰিছে, সেয়া অভ্ৰান্ত।

৭.০৫ পুং প্ৰত্যয় নিৰূপণৰ কাৰণে ডঃ গোলোকচন্দ্ৰ গোস্বামীদেবে শব্দৰ মূল (base form) বিচাৰৰ যি গাথনিক বিশ্লেষণ দাঙি ধৰিছে, সেয়া ভাষা বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পিনৰপৰা নিখুঁত হ’ব পাৰে; কিন্তু লিখিত সাহিত্যৰ সুদীৰ্ঘ পৰম্পৰা থকা অসমীয়া ভাষাৰ ক্ষেত্ৰত তেনে বিশ্লেষণ পদ্ধতি মানি ল’ব নোৱাৰি। বিশেষকৈ লিঙ্গবাচক শব্দৰ মূল নিৰূপণৰ এনে বিশ্লেষণে নতুন নতুন কাল্পনিক বা কৃত্ৰিম মূল ৰূপ উলিয়াই নতুন সমস্যাৰহে সৃষ্টি কৰিব।

উদাহৰণস্বৰূপে, গাথনিক বিশ্লেষণ পদ্ধতিৰ সহায়ত শব্দমূল বিচাৰিবলৈ গ’লে ককা, খুৰা, খোনা, খোৰা, ঘোঁৰা আদি শব্দৰ মূল হিচাপে কক, খুৰ, খোন, খোৰ, ঘোঁৰ আদি কাল্পনিক মূল ৰূপৰ ওচৰ চাপিব লাগিব, যিটোৱে অসমীয়া ভাষাত অযথা জটিলতাৰহে সৃষ্টি কৰিব। এই প্ৰসঙ্গতে ইংৰাজী ‘sister’ শব্দটোলৈ আঙুলিয়াব পাৰি। গাথনিক বিশ্লেষণ প্ৰক্ৰিয়াৰে বিশ্লেষণ কৰিলে sister শব্দৰ মূল হ’ব ‘sist’ আৰু ‘er’ হ’ব প্ৰত্যয়। কিন্তু ইংৰাজীত ‘sister’ শব্দ ‘older’ শব্দৰ দৰে দুটা অৰ্থবহ ৰূপত, যেনে old + er- এনেদৰে ভাঙিব নোৱাৰি। ‘sist’ আৰু ‘er’ এই দুইটা প্ৰাকৃতি মিলিহে ইংৰাজীত এটা মাত্ৰ ‘sister’ প্ৰাকৃতি গঠিত হৈছে। সেয়েহে প্ৰসিদ্ধ ভাষাবিদ চি.এফ. হকেটে কৈছে, “We therefore decide to accept sister as a single morpheme”। ১১ অসমীয়া ভাষাত থকা আ-কাৰান্ত অজলা, কজলা, পেহা, মহা আদি শব্দও ইংৰাজী sister শব্দৰ দৰে একোটা স্বয়ং সম্পূৰ্ণ মৌলিক পুংলিঙ্গবাচক শব্দহে। এইখিনিতে মনত ৰাখিব লাগিব যে অজলা, কজলা আদিৰ শেষত থকা ‘-আ’ আৰু শাওনা, ফাগুনা আদিৰ শেষত থকা ‘-আ’ একে নহয়। পিছৰ শব্দ দুটাত থকা ‘-আ’ পুংলিঙ্গবাচক শব্দ সাধন কৰা তদ্ধিত প্ৰত্যয়। এই প্ৰসঙ্গতে ডঃ বাণীকান্ত কাকতিয়ে ‘-আ’ প্ৰত্যয়টোৰ সম্পৰ্কত ডঃ সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ গৱেষণাগ্ৰন্থৰ পৰা দিয়া উদ্ধৃতিটোলৈ আঙুলিয়াব পাৰি: “It indicates definiteness, it implies coarseness or biggishness; in the object, it means reference or connexion, it forms agenive adjectives and frequently it is also pleonastic” (AFD; 1972. P. 254)। অসমীয়া ভাষাৰ থকা শাওনা, ফাগুনা, সোণামুৱা আদি শব্দৰ শেষত থকা ‘-আ’ ডঃ কাকতিয়ে উল্লেখ কৰা শব্দসাধনমূলক তদ্ধিত প্ৰত্যয়হে, যাৰ যোগত উল্লিখিত ধৰণৰ পুংলিঙ্গবাচক শব্দবোৰ সাধিত হৈছে।


১. হৰিচন্দ্ৰ ভট্টাচাৰ্য: সংস্কৃত ব্যাকৰণ প্ৰভা, পৃ. ৪২

২. প্ৰাগুক্ত গ্ৰন্থ. ৭৪

৩. Subhadra Jhn: Formation of the Maithili Language, 1985 p. 280-281.

৪. Suniti Kumar Chatterji: ODBL, 1986, p. 722

৫. কালিৰাম মেধি: অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, ১৯৭৮ পৃ. ১১১

৬. উপেন্দ্ৰনাথ গোস্বামী: অসমীয়া ভাষাৰ ব্যাকৰণ, পৃ. ২৪

৭. গোলোকচন্দ্ৰ গোস্বামী: অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, পৃ. ১২৯-১৩০

৮. সুনীতিকুমাৰ চট্টোপাধ্যায়: ভাষা প্ৰকাশ বাংলা ব্যাকৰণ ১৯৪৫,পৃ. ২০৮

৯. অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, পৃ. ১২৭

১০. ৰমেশ পাঠক: ব্যাকৰণ আৰু প্ৰাকৃতি বিজ্ঞান, ১৯৮৮ পৃ. ৭৬

১১. C. F. Hocket: A course in Modern Linguistics, 1976, p. 25; এই গ্ৰন্থখনৰ ২৪০ পৃষ্ঠাত সন্নিবিষ্ট Derivation অধ্যায়ত থকা খন্দমূলৰ আলোচনা চাওক।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
3 years ago

So nice things