নিৰ্দিষ্টতাবাচক, অনিৰ্দিষ্টতাবাচক, সম্বোধনাত্মক আৰু অন্যান্য সৰ্গ (অষ্টম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ অষ্টম অধ্যায়

৮. নিৰ্দিষ্টতাবাচক আৰু অন্যান্য সৰ্গ

৮.০১ নিৰ্দিষ্টবাচক সৰ্গ বা প্ৰত্যয় অসমীয়া ভাষাৰ ৰূপতত্ত্বৰ এটি গুৰুত্বপূৰ্ণ উপাদান। ভাৰতীয় আৰ্য্য ভাষাবোৰৰ ভিতৰত কেৱল অসমীয়া, বঙলা আৰু উৰিয়া ভাষাতহে এনে সৰ্গ আছে। তাৰ ভিতৰত অসমীয়াতেই এনে সৰ্গৰ সংখ্যা সৰ্বাধিক আৰু ইবোৰৰ প্ৰয়োগৰ বৈচিত্ৰ্যও অধিক। এই সৰ্গ বিধৰ প্ৰথম উল্লেখ পোৱা যায় ইংৰাজী ভাষাত লিখা অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ ড°নাথান ব্ৰাউনৰ grammatical notes on the Assamese Language (১৮৪৮) নামৰ সৰু গ্ৰন্থখনিত। বিশুদ্ধ শব্দ বা বিশুদ্ধ সৰ্গ, কোনোটোৰ ভিতৰতে নপৰা জন, খন, ডাল, পাট, চটা আদি এই সৰ্গবোৰক তেওঁ generic affix বুলি কৈছে। তাৰপিছত এই শব্দটোক হেমচন্দ্ৰ বৰুৱাৰ ‘অসমীয়া ব্যাকৰণ’ত (১৮৫৯) ‘উপশব্দ’, দেৱানন্দ ভৰালীৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ আৰু সাহিত্যৰ চিনাকি’ত (১৯১২) একেই ‘উপশব্দ’ (article), সত্যনাথ বৰাৰ ‘বহল ব্যাকৰণ’ত (১৯২৫)‘অন্য এবিধ তদ্ধিত প্ৰত্যয়’, কালিৰাম মেধিৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ত (১৯৩৬)শব্দাংশ (particle) আৰু গিৰিধৰ শৰ্মাৰ ‘আধুনিক অসমীয়া ব্যাকৰণ’ত অনুসৰ্গ বা নিৰ্দেশক প্ৰত্যয়, -এনে বিভিন্ন ৰূপত পোৱা যায়। ড° বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থ ‘Assamese, Its Formation and Developement’ (১৯৪১)-ত এইবিধ সৰ্গক Enclitic definitives বোলা হৈছে। কাকতিদেৱৰ গৱেষণা গুৰু ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ গৱেষণা গ্ৰন্থ Origin and developement of Bengali Language অৰ অন্তৰ্গত Enclitic definitives অধ্যায়ৰ আৰ্হিতে কাকতিয়ে এই শব্দ দুটা ব্যৱহাৰ কৰিছে। চট্টোপাধ্যায়ে এই শব্দ দুটাৰ বাংলা অনুবাদ কৰিছে ‘পদাশ্ৰিত নিৰ্দেশক’। Enclitic-অৰ পদাশ্ৰিত অনুবাদ যথোপযুক্ত। কিয়নো আধুনিক ভাষাবিজ্ঞানত Enclitic হৈছে, “A term used in grammar to refer to a form which resembles a word, but which can not stand on its own as a normal utterance,being structurally dependent upon a neighbouring word in a Construction ….” গাথনিকভাবে আন শব্দৰ ওপৰত নিৰ্ভৰশীল অকলে ব্যৱহাৰ হ’ব নোৱাৰা এই ৰূপবোৰ পদাশ্ৰিত অৰ্থাৎ একপ্ৰকাৰ সৰ্গ বা প্ৰত্যয়ৰ দৰে বদ্ধ ৰূপ। আনহাতে definitives মানে নিৰ্দেশক বা নিৰ্দিষ্টতাবাচক। কোনো প্ৰানী বা বস্তুক নিৰ্দিষ্টকৈ বুজাই কাৰণেই ভাষাচাৰ্য ড° উপেন্দ্ৰনাথ গোস্বামীয়ে এইবোৰক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কৈছে।৩ তাৰপিছৰপৰা বৰ্তমানলৈকে অসমীয়া ভাষাত আৰু অসমৰ তিব্বতবৰ্মী ভাষাবোৰত ব্যৱহৃত এই ধৰণৰ ৰূপবোৰ বুজাবলৈ সাধাৰণতে ‘নিৰ্দিষ্টবাচক প্ৰত্যয়’ নামটো ব্যৱহাৰ কৰি অহা হৈছে। তাৰ মাজতে ১৯৮২ চনত প্ৰকাশিত Structure of Assamese গ্ৰন্থত প্ৰসিদ্ধ ভাষাবিদ ড° গোলোকচন্দ্ৰ গোস্বামীয়ে প্ৰাকৃতিগত দৃষ্টিভঙ্গীৰ পিনৰপৰা এইবোৰক মূলাভাস প্ৰাকৃতি(Subroot morpheme) আখ্যা দিছে আৰু লগতে এইবোৰ নিৰ্দিষ্টতাসূচক বুলিও কৈছে (পৃ. ১৫৯)। কিন্তু ২০০০ চনত প্ৰকাশিত ‘অসমীয়া ব্যাকৰণ-প্ৰবেশ’ত তেওঁ এইবোৰক একবচন বুজোৱা নিৰ্দিষ্টতাবাচক উপশব্দ বুলি কৈছে আৰু একবচনৰ শিতানত আলোচনা কৰিছে (পৃ। ২০৮-২১৫)। ‘উপশব্দ’টো বন-উপবনৰ নিচিনা শব্দ। গতিকে পিছত লগ লাগি থকা অৰ্থত Enclitic-অৰ প্ৰতিশব্দ পদাশ্ৰিত সৰ্গ বা প্ৰত্যয় হোৱাটোহে যুক্তিযুক্ত। এই সৰ্গবোৰে মুখ্যত: ইংৰাজী definite article ‘the’- ৰ অৰ্থ প্ৰকাশ কৰে। যেনে – the book ‘কিতাপখন’, the pen ‘কলমটো’। সেয়েহে নামপদৰ পাছত সৰ্গৰ দৰে ব্যৱহাৰ হোৱা এই ৰূপবোৰক পদাশ্ৰিত নিৰ্দেশক বা নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয় বোলাটোৱেই যুক্তিযুক্ত। যিহেতু নিৰ্দিষ্টতাবাচক প্ৰত্যয় নামটো অসমীয়া ভাষাত বহুদিন ধৰি চলি আহিছে, সেয়েহে নতুন নতুন নাম দি ছাত্ৰ-ছাত্ৰীক বিমোৰত নেপেলাই পৰম্পৰা ৰক্ষা কৰি নিৰ্দিষ্টতাবাচক প্ৰত্যয় নামটোকে সকলোৱে ব্যৱহাৰ কৰা ভাল। আধুনিক ভাষাবিজ্ঞানত বস্তুৰ আকৃতি-প্ৰকৃতি নিৰ্দেশ কৰা এই প্ৰত্যয়বোৰক classifier বোলা হৈছে আৰু ইয়াৰ অসমীয়া প্ৰতিশব্দ কৰা হৈছে ‘শ্ৰেণীনিৰ্দেশক’। এই নামটোতো definitives-অৰ অৰ্থ প্ৰকাশ নাপায়, যিটো এই সৰ্গবোৰৰ মুখ্য অৰ্থ।

৮.০২ অসমীয়া ভাষাত তিনিকুৰিতকৈ অধিক নিৰ্দিষ্টতাবাচক প্ৰত্যয় আছে। সেইবোৰৰ কিছুমান হৈছে: জন, জনী, টো, খন, ডাল, পাট, চটা, গছ, খিলা, যোৰ, যুৰি, হাল, গণ্ডা, কোছা, মুঠা, আখি, থোপা, থোকা আদি। অসমীয়া ভাষাৰ মূল সংস্কৃতত প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ বুজোৱা বা বস্তুৰ আকৃতি-প্ৰকৃতি বুজোৱা এনেধৰণৰ কোনো সৰ্গ নাই। সুপ্ বিভক্তিয়েই সংস্কৃতত কিছু পৰিমাণে নিৰ্দিষ্টবাচক প্ৰত্যয়ৰ কাম কৰে। উদাহৰণস্বৰূপে, প্ৰাণীবাচক নৰঃ শব্দত থকা সু বিভক্তিয়েই মানুহ যে এজন, ইযে পুংলিঙ্গবাচক আৰু কৰ্তাকাৰকৰ ৰূপ, তাৰ নিৰ্দেশ দিয়ে। সেইদৰে বস্তুবাচক পুস্তকঃ শব্দটো কৰ্তাকাৰক একবচন আৰু পুংলিঙ্গৰ ধাৰণা নিহিত হৈ আছে। কিন্তু মন কৰিবলগীয়া কথা হৈছে অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক সৰ্গবোৰৰ কিছুমানৰ মূল সংস্কৃত নামপদ কিছুমান, যিবোৰ সামান্য ধ্বনিগত পৰিৱৰ্তন হৈ অসমীয়াত নিৰ্দিষ্টতাবাচক সৰ্গ হিচাপে ব্যৱহৃত হৈছে। যেনে, খণ্ড->খন, দ্বিখণ্ড > ডোখৰ, পট্ট > পাট, গচ্ছ > গছ, স্তূপ > থোপা, স্তোক > থোক ইত্যাদি।

আকৃতিৰ ফালৰ্পৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ অধিকাংশই ব্যঞ্জনান্ত। স্বৰান্ত প্ৰত্যয়বোৰ ঘাইকৈ আ-কাৰান্ত,ই/ঈ-কাৰান্ত, উ-কাৰান্ত আৰু ও-কাৰান্ত। এই সকলো ধৰণৰ নিৰ্দিষ্টতাবাচক সৰ্গ প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক সকলো শ্ৰেণীৰ মূৰ্ত(Concrete) আৰু অমূৰ্ত (abstract) ৰূপৰ পিছত যোগ হয়। মুৰ্ত ৰূপৰ পাছত যোগ হ’লে এই সৰ্গবোৰে বহল চেপেটা, দীঘল-ঘূৰণীয়া-গোটা বা দীঘল-চেপেটা-ঠেক আদি অৰ্থ প্ৰকাশ কৰে। কিন্তু অমূৰ্ত ৰূপৰ পাছত যোগ হ’লে সৰ্গবোৰে আকৃতি-প্ৰকৃতি নিৰ্দেশ নকৰি মাত্ৰ বুজাব খোজা ধাৰণাটো নিৰ্দিষ্ট কৰি দিয়ে। উদাহৰণস্বৰূপে, বহল, চেপেটা অৰ্থ প্ৰকাশ কৰে কাৰণে ডলা, নদী, কিতাপ আদি মূৰ্ত ৰূপৰ পাছত খন লগ লাগে। যেনে – ডলাখন, নদীখন, কিতাপখন। কিন্তু মন আৰু অন্তৰ বা হৃদয়, এই অমূৰ্ত বা স্পৰ্শাতীত ৰূপকেইটাৰ পাছত ক্ৰমে –টো আৰু -খন লগ লাগি সেই ৰূপকেইটাৰ ধাৰণাটোহে ঘাইকৈ নিৰ্দিষ্ট কৰি দিয়ে। যেনে – মনটো (the mind), অন্তৰখন বা হৃদয়খন (the heart)। অৱশ্যে -টো আৰু -খনে ক্ৰমে মনটো যে গোল আৰু অন্তৰ বা হৃদয়খন যে আঁহত পাতখিলাৰ দৰে চেপেটা, তেনে ধাৰণা এটাও মনলৈ আনি দিয়ে।

৮.০৩ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ ৰূপসাপেক্ষে (morphologilcally conditioned)। কেতিয়াবা আকৃতিগতভাবে সাদৃশ্য থকা দুটা ভিন্ন বস্তু বুজাবলৈ দুটা ভিন্ন প্ৰত্যয় ব্যৱহাৰ কৰা হয়। আৰু কেতিয়াবা আকৃতিগত সাদৃশ্য নথকা সত্ত্বেও দুটা ভিন্ন বস্তু ব প্ৰাণী বুজাবলৈ একেটা মাত্ৰ প্ৰত্যয় ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, কলম আৰু পেন্সিল দুয়োটা বস্তু দেখিবলৈ একে – গোটা আৰু দীঘলীয়া। অথচ কলমত সাধাৰণতে -টো (কলমটো) আৰু পেন্সিলত -ডাল প্ৰত্যয় যোগ হয়। বিৰক্তি ব হেয় অৰ্থত কলমত -ডাল (কলমডাল) ব্যৱহাৰ হ’লেও পেন্সিলত -টো অৰ্থাৎ পেন্সিলটো কেতিয়াও নহয়। আনহাতে হাত আৰু চকি, হাতী আৰু মাখিৰ মাজত আকৃতিগত সাদৃশ্য নাই যদিও হাত আৰু চকি-ত খন আৰু হাতী আৰু মাখিত-টো প্ৰত্যয় লগ লাগে। কিন্তু কিয় এনে হয়, ব্যাখ্যা কৰিব নোৱাৰি। এই প্ৰসঙ্গতে উল্লেখ কৰিব পাৰি যে জীৱ-জন্তু, চৰাই-চিৰিকতি, কীট-পতঙ্গ বুজোৱা প্ৰাণীবাচক শব্দৰ পাছত সদায় টো প্ৰত্যয় যোগ হয়। কিন্তু মাইকী বুজালে এনে কিছুমান শব্দৰ পাছত প্ৰায়ে -জনী যোগ হয়। যেনে – হাতীজনী, কুকুৰজনী, গৰুজনী আদি। সেয়েহে নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ বিশুদ্ধ classifier নহয়।

৮.০৪ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ সকলো বিশেষ্য, কিছুমান বিশেষ্ণ, সৰ্বনাম আৰু সকলো সংখ্যাবাচক শব্দৰ পিছত যোগ হয়। ধাতুৰ কৃদন্ত ৰূপৰ পাছতো এনে সৰ্গ লগ লাগে। বিশেষ্যৰ বাহিৰে আন শব্দৰ পাছত যোগ হ’লে এই সৰ্গবোৰে বুজাব খোজা বিশেষ্যটোৰ আকৃতি-প্ৰকৃতি অনুযয়ীহে ৰূপ লয়। যেনে, ভালখন (কিতাপ), সৌটো (পাহাৰ), (ল’ৰা) দুজন, (মানুহ) অহাটো (আহিল)যোৱাটো (গ’ল), সৌজোপা (বগৰী) আদি। মন কৰিবলগীয়া যে নিৰ্দিষ্টতাবাচক সৰ্গ যোগ হ’লে বিশেষণ আৰু কৃদন্তটোৱে বিশেষ্যৰ ৰূপ লয়। উল্লিখিত ‘ভাল’ বিশেষণ আৰু অহা-যোৱা কৃদন্তত ক্ৰমে-খন আৰু -টো যোগ হোৱাত দুয়োটা বিশেষ্য হৈছে। নিৰ্দেশবোধক সৰ্বনামৰ পাছত নিৰ্দিষ্টবাচক প্ৰত্যয় যোগ হ’লে ইবোৰে ইংৰাজী this, that আদি নিৰ্দেশবোধক সৰ্বনামৰ (determiners) ৰূপ লয়। যেনে,

এইজন ল’ৰা ‘this (particular) boy’

সৌডাল সাপ ‘ that (particular) snake’

সৌপাট শৰ ‘that (particular) arrow’

মন কৰিবলগীয়া যে ‘নিজ’ আত্মবাচক সৰ্বনাম আৰু ব্যক্তিবাচক সৰ্বনামৰ প্ৰত্যক্ষ ৰূপৰ (direct form) পাছত নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ নহয়। সেই সৰ্বনামবোৰৰ সম্বন্ধ পদৰ ৰূপৰ পাছতহে খন, জন, ডাল আদি প্ৰত্যয় যোগ হয়। যেনে,

মোৰখন (কিতাপ) ভাল, তোৰখন বেয়া।

তোৰখন (পেন্সিল) জোঙা।

আমাৰখন (চোতাল) পৰিস্কাৰ।

নিজৰখন (বহী) বিচাৰি লোৱা।

আন এটা উল্লেখনীয় কথা হৈছে, সংখ্যাবাচক শব্দৰ পাছত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰক Numeratives অৰ্থাৎ সংখ্যাবোধক নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলি কোৱা হয়। এক সংখ্যাবাচক শব্দৰ এ-ৰ লগত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ে সংখ্যাৰ ধাৰণাহে নিৰ্দিষ্টকৰি দিয়ে, নামপদটোক নিৰ্দিষ্ট কৰি নিদিয়ে। যেনে, এজন মানুহ বা মানুহ এজন। ইয়াত মানুহ যে এজন সেইটো নিৰ্দিষ্ট, কিন্তু মানুহজন পূৰ্ব পৰিচিত নে কি সেইটো নিৰ্দিষ্ট নহয়। আন সংখ্যাবাচক শব্দৰ পাছত নিৰ্দিষ্টতাবাচক প্ৰত্যয় যোগ হৈ নামপদটোৰ গাতে লাগি ব্যৱহাৰ হ’লে আৰু নামপদটো জোৰ দি বুজালে, তেনে সংখ্যাবাচক শব্দই সংখ্যাৰ ধাৰণা দিয়াৰ লগতে নামপদটোকো নিৰ্দিষ্ট কৰি দিয়ে। কিন্তু সংখ্যাবাচক শব্দটো আগত বহিলে নামপদটো নিৰ্দিষ্ট নহয়, কেৱল নামপদৰ সংখ্যাটোহে নিৰ্দিষ্ট হয়। যেনে,

দুজন ল’ৰা আহিছে।

ল’ৰাদুজন আহিছে।

এই বাক্য দুটাৰ প্ৰথমটোত ‘দুজন’ শব্দই কেৱল ল’ৰাৰ সংখ্যাহে নিৰ্দিষ্ট কৰি দিছে। কিন্তু দ্বিতীয়টোত সেই শব্দই সংখ্যাৰ ধাৰণা দিয়াৰ লগতে ল’ৰা দুজন যে আগতে জনা বা আহিম বুলি কোৱা বিশেষ ল’ৰা, সেয়াও নিৰ্দিষ্ট কৰি দিছে।

৮.০৫ বাক্যবিন্যাসগত দৃষ্টিভঙ্গীৰে চালে দেখা যায় যে সংখ্যাবাচক শব্দ, নিৰ্দেশবোধক সৰ্বনামকে ধৰি কিছুমান সৰ্বনাম আৰু বিশেষণৰ লগত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আংশিকভাবে ব্যাকৰণগত (grammatical)। পৰিবেশ বিশেষে বাক্যৰ গাথনিত এইবোৰে বিশেষ বাক্যৰ গাথনিত এইবোৰে বিশেষ ভূমিকা গ্ৰহণ কৰে। যেনে,

এইখন মোৰ কিতাপ।

পেন্সিল দুডাল দিয়াচোন।

তোমালৈ কলম দুটা পঠালো।

ভালটো ৰাখি বেয়াটো ওভোতাই দিবা।

এই বাক্যকেইটাৰ বৰ হাতৰ আখৰৰ শব্দকেইটাৰপৰা ক্ৰমে খন, ডাল, টা, টো সৰ্গ আঁতৰাই দিলে এই, দুই, ভাল আৰু বেয়া শব্দৰ মৌলিক অৰ্থৰ কোনো পৰিবৰ্তন নহয়। কিন্তু বাক্য কেইটাৰ গাথনিত কেনা লাগিব। সৰ্গ বা প্ৰত্যয়কেইটা আঁতৰাই দিলে উল্লিখিত বাক্যকেইটা ক্ৰমে এনে ধৰণৰ হ’ব:

এই মোৰ কিতাপ।

পেন্সিল দুই দিয়াচোন।

কলম দুই পঠালোঁ।

ভাল ৰাখি বেয়া ওভোতাই দিবা।

পদ্যত আমি ‘এই মোৰ দুই হাত, এই দুই ভৰি’ বুলি ক’ব পাৰোঁ, কিন্তু গদ্যত ‘এই দুখন হাত’, ‘এই দুখন ভৰি’ বুলি ক’বই লাগিব। সেইদৰে ওপৰৰ বাক্যকেইটাতো সেই পৰিবেশত এই-ৰ লগত খন, দুই-ৰ লগত ডাল, টা আৰু ভাল/বেয়া-ৰ লগত টোৰ ব্যৱহাৰ অপৰিহাৰ্য। প্ৰথম আৰু শেষৰ বাক্য দুটাৰ গঠন কিছু সলাই এই সৰ্বনামৰপৰা খন আৰু ভাল-বেয়া বিশেষণৰপৰা টো আঁতৰাব পাৰিলেও অৰ্থাৎ বাক্য দুটা ক্ৰমে

এই কিতাপখন মোৰ।

ভাল কলমটো ৰাখি বেয়া কলমটো ওভোতাই দিবা।

– এনেকৈ সজাব পাৰিলেও ‘দুই’ শব্দৰ পৰা ডাল, টো কোনো পধ্যে আঁতৰাব নোৱাৰি। গতিকে বিশেষ পৰিবেশত সৰ্বনাম আৰু বিশেষণৰ লগত আৰু প্ৰাণী বা বস্তু এক নে একাধিক, তাক নিদিৰ্ষ্ট কৰি দিবলৈ সকলো পৰিবেশতে সংখ্যাবাচক শব্দৰ পিছত নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ব্যৱহাৰ অপৰিহাৰ্য। অৰ্থগত দিশৰপৰা নামপদৰ পিছত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰো ব্যাকৰণগত। উদাহৰণ স্বৰূপে, মানুহজন আহিছে – এই বাক্যৰ পৰা ‘জন’ আঁতৰাই আনিলে বাক্যৰ গাথনিক দিশত ব্যাঘাত নঘটে, কিন্তু আগতে আহিম বুলি কোৱা নিৰ্দিষ্ট এজন মান্য পুৰুষ অহাৰ অৰ্থ প্ৰকাশ নাপায়। সেই অৰ্থ অটুট ৰাখিবলৈ হ’লে ‘মানুহ’ শব্দত ‘জন’-ৰ ব্যৱহাৰ অপৰিহাৰ্য।

নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ বিভক্তিমূলক (inflectional)। এইবোৰে -অনি (ধাননি), -উৱা (ধৰুৱা) প্ৰত্যয়ৰ দৰে নতুন অৰ্থবাচক শব্দ গঠন নকৰে; মাত্ৰ যোগ হোৱা শব্দটোৰ মৌলিক অৰ্থৰ লগত অতিৰিক্ত অৰ্থ সংযোগ কৰি শব্দটোৰ ৰূপৰ পৰিবৰ্তন ঘটায়। উদাহৰণ স্বৰূপে, শিক্ষকজন বৰ ভাল – এই বাক্যত শিক্ষকত লগা জন-টোৱে নিৰ্দিষ্ট এগৰাকী শিক্ষককহে বুজাইছে, শিক্ষক শব্দৰ মৌলিক অৰ্থৰ পৰিবৰ্তন কৰি ধান + অনি =ধাননি-ৰ দৰে নতুন অৰ্থবাচক শব্দ গঠন কৰা নাই।

৮.০৬ অৱস্থানগত দিশৰপৰা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ পৰসৰ্গ বা পৰপ্ৰত্যয় (suf-fix)। কিন্তু পৰিবেশ বিশেষে এইবোৰ মূল শব্দৰ দৰে ব্যৱহাৰ হয়। মূল শব্দৰ দৰে প্ৰয়োগ হ’লে ইবোৰৰ পিছত -এ, -ই প্ৰত্যয় যোগ কৰি তাৰ পিছত প্ৰতি শব্দ ব্যৱহাৰ কৰা হয় আৰু তেতিয়া সেই ৰূপবোৰে প্ৰত্যেকে (every) অৰ্থ প্ৰকাশ কৰে। যেনে, খনে প্ৰতি, ডালে প্ৰতি, জনে প্ৰতি, জোপাই প্ৰতি আদি। কেতিয়াবা খনৰ পিছত -ইয়া প্ৰত্যয় যোগ কৰি বিশেষণৰ দৰে ব্যৱহাৰ কৰা হয়। যেনে – খনিয়া তামোল। সেইদৰে জন প্ৰত্যয়ৰ লগত মূৰি লগাই জনমূৰি কৰা হয়; তেতিয়া জনৰ অৰ্থ মানুহলৈ সম্প্ৰসাৰিত হৈ জনমূৰিৰ অৰ্থ হয় মানুহজনে প্ৰতি। কেতিয়াবা বিশেষ প্ৰসঙ্গত এই প্ৰত্যয়বোৰৰ কিছুমান মূল শব্দৰ দৰে পুনৰুক্তি হৈ ব্যৱহৃত হয় আৰু তেতিয়া ই ক্ৰিয়া বিশেষণৰ অৰ্থ প্ৰকাশ কৰে। যেনে –

তামোলটো খন খন কৰ।

বাঁহবোৰ ডাল ডাল হৈ আছে।

কেতিয়াবা পুনৰুক্তি হিচাপে মূল শব্দৰ দৰে ব্যৱহাৰ হোৱা দ্বিতীয় শব্দৰ পিছত কৈ বা কৰি আৰু এ-প্ৰত্যয় যোগ হয়। যেনে-

বাঁহডাল কাটি ডোখৰ ডোখৰকৈ থ’বা।

লেটেকুবোৰ থোপা থোপে লাগিছে।

কেতিয়াবা পুনৰুক্তি হিচাপে ব্যৱহাৰ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়টোত -এ যোগ দি বহুবচনৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে,-

খনে খনে তমোল

আখিয়ে আখিয়ে কল ইত্যাদি।

এইদৰে মূল প্ৰাকৃতি যেন লাগে অথচ মূল নহয়, এনে অৰ্থতে ড° গোলোকচন্দ্ৰ গোস্বামীদেৱে এই প্ৰত্যয়বোৰক মূলাভাস প্ৰাকৃতি বুলি কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে অসমীয়া ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ প্ৰয়োগ অতি বিচিত্ৰ।

৮.০৭ প্ৰাণী বা বস্তুৰ সংখ্যাৰ ধাৰণা দিয়াৰ দিশৰপৰা অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দিষ্টতাবাচক সৰ্গবোৰক বহলভাবে চাৰিটা ভাগত ভগাব পাৰিঃ

(ক) একবাচক (unit of one)

(খ) দ্বিবাচক (unit of two)

(গ) চৰ্তুবাচক (unit of four)

(ঘ) বহুত্ববাচক (unit of many)

আশীটা বস্তু একেলগে বুজাবলৈও অসমীয়া ভাষাত এটা শব্দ আছে ‘পোণ, যিটো নিৰ্দিষ্টতাবাচক সৰ্গৰ দৰে ঘাইকৈ তামোল বা নেমু বুজাবলৈ বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ পিছত যোগ হয়। যেনে, তামোলপোণ, এইপোণ নেমু, ভালপোণ তামোল, এপোণ বা দুপোণ তামোল ইত্যাদি। বিশ খিলা পাণ একেলগে বুজোৱা শব্দ এটাও আছে। সেইটো হৈছে: গুচি। যেনে, পাণগুচি।

৮.০৭.১ একবাচক বা এটা বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গ বা প্ৰত্যয়: অসমীয়া ভাষাত এটা বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গ প্ৰায় কুৰিটাৰো ওপৰ হ’ব। সেইবোৰৰ কিছুমান হৈছে:

কুৰা, খন/খনি, খিলা, খুতৰা, গছ, গৰাকী, চকল, চটা, চপৰা, জন/জনী, জোপা, টো/টা/টি, টুকুৰা, ডাল, ডোখৰ, পদ, পাট, পাব, পাহ, লদা, সূত, কণ/কণি ইত্যাদি। এই সৰ্গবোৰে (ক) সকলো বিশেষ্য (খ) বিশেষ বিশেষ বিশেষণ (গ) বিশেষ বিশেষ সৰ্বনাম আৰু (ঘ) সকলো সংখ্যাবাচক শব্দৰ পাচত বহি প্ৰাণী বা বস্তুক নিৰ্দিষ্ট কৰি দিয়াৰ লগতে সিবোৰৰ আকৃতি-প্ৰকৃতি আদিও নিৰ্দেশ কৰে। কাৰক-বিভক্তি এই সৰ্গবোৰৰ পাছত যোগ হয়। কেইটামান সৰ্গৰ প্ৰয়োগ তলত দেখুওৱা হ’ল।

-কুৰাঃ এইটো ৰূপ সাপেক্ষ। কেৱল জুই বুজাবলৈ ই বিশেষ্য, সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ পিছত লগ লাগে। যেনে,

জুইকুৰা, এইকুৰা জুই,

জুই একুৰা, দুকোৰা জুই আদি।

-খন/-খনিঃ সাধাৰণতে বহল, দীঘল আৰু চেপেটা বস্তু বুজাবলৈ অপ্ৰাণীবাচক মূৰ্ত আৰু অমূৰ্ত শব্দৰ পিছত খন আৰু ক্ষুদ্ৰতা বা মৰম বুজাবলৈ খনি ব্যৱহাৰ হয়। যেনে,

(ক) কিতাপখন, নৈখন, নৈখনি, দেশখন, জাহাজখন, সভাখনি, কপালখন, জিভাখন, হাতখন, অন্তৰখন, হিয়াখন, ৰাতিখন (বিশেষ সময় অৰ্থত) আবেলিখন, ঘৰখন (পৰিয়াল অৰ্থত) ইত্যাদি।

(খ) ভালখন, ডাঙৰখন, সৰুখন, ৰঙাখন, ক’লাখন ইত্যাদি।

(গ) এইখন, সৌখন, কোনখন, যিখন, যিখিনি, কাৰখন, নিজৰখন আদি। কি প্ৰশ্নবোধক সৰ্বনামৰ পিছত খন যোগ হ’লে অবাঞ্ছিত কিবা ঘটনা ঘটাৰ অৰ্থ প্ৰকাশ কৰে। যেনে, কি খন যে হ’ল!

(ঘ) একৰ পৰা কোটিলৈকে বিভিন্ন সংখ্যাৰ পাছত যোগ হৈ নামপদৰ আগত বা পাছত বহে। যেনে,

এখন কিতাপ, কঠ এখন

এখন নদী, হাত এখন, পাঁচখন হাত আদি।

খিলাঃ ৰূপ সাপেক্ষ। বহল-চেপেটা অৰ্থ প্ৰকাশক। সাধাৰণতে পাণ, গছৰপাত, কাগজ বুজাবলৈ ব্যৱহৃত হয়। যেনে,

(ক) পাণখিলা, কাগজখিলা, গছপাতখিলা

(খ) ভালখিলা, বেয়াখিলা, ডাঙৰখিলা আদি

(গ) এইখিলা, সৌখিলা, কোনখিলা, যিখিলা, নিজৰখিলা, তোৰখিলা, তাৰখিলা আদি।

(ঘ) এখিলা পাণ, কাগজ এখিলা, গছপাত এখিলা, দুখিলা কাগজ আদি।

খুতুৰাঃ কেৱল মাংস বা মাছৰ ক্ষেত্ৰত খণ্ড (piece) অৰ্থত ব্যৱহৃত হয়। যেনে, মাছখুতুৰা, মাংসখুতুৰা, এইখুতুৰা মাছ, ভাল খুতুৰা, এখুতুৰা মাছ, মাংস এখুতুৰা, দুখুতুৰা মাংস

-গছ/গছিঃ ৰূপ সাপেক্ষে। লেহুকা, নাতিদীৰ্ঘ অৰ্থ প্ৰকাশক। সাধাৰণতে বতিয়া, শলিতা, চাকি, বন্তি আদি শব্দৰ পিছত যোগ হয়। যেনে,

(ক)বতিয়াগছ, শলিতাগছ, বন্তি গছ

(খ) ভালগছ (শলিতা)।

(গ) এইগছ (শলিতা), তোৰ গছ চাকি (শলিতা বা বতিয়া)

(ঘ) বন্তি এগছ ইত্যাদি।

-গৰাকীঃ কেৱল মানুহৰ ক্ষেত্ৰত মান্যাৰ্থত ব্যৱহৃত হয়। লিঙ্গ নিৰপেক্ষ বা উভয় লিঙ্গ বাচক। যেনে,

(ক) মানুহগৰাকী, মহিলাগৰাকী, মন্ত্ৰীগৰাকী অতিথিগৰাকী আদি।

(খ) ভালগৰাকী (গায়কক মাতিবা)

(গ) এইগৰাকী, সৌগৰাকী, কোনগৰাকী

(ঘ) এগৰাকী, দুগৰাকী, পাঁচগৰাকী আদি।

মন কৰিবলগীয়া যে বিশেষণত যোগ হোৱা গৰাকী সৰ্গই বিশেষ পৰিবেশত জোৰ দি বুজালে হেয় বা অবাঞ্ছিত অৰ্থ প্ৰকাশ কৰে। যেনে, ভাল গৰাকীকে মাতিলা!

-চকলঃ ৰূপ সাপেক্ষে। সাধাৰণতে আম, নেমু আৰু মাছৰ পাতল টুকুৰা বুজাবলৈ ব্যৱহৃত হয়। যেনে,

(ক) আমচকল, নেমুচকল, মাছচকল

(খ) ভালচকল (আম), ডাঙৰচকল মাছ

(গ) এইচকল, যিচকল, কোনচকল, তোৰচকল, মোৰচকল, কোনচকল (আম দিম?)

(ঘ) এচকল, দুচকল, আমদুচকল আদি।

-চটাঃ চেপেটা, ঠেক আৰু দীঘল ফলা বস্তু বুজাবলৈ ব্যৱহৃত হয়। যেনে,

(ক) বাঁহচটা, কাঠচটা, পাটচটা, খৰিচটা, কামিচটা

(খ) ভালচটা (বাঁহ), সৰুচটা (খৰি)

(গ) এইচটা, সৌচটা, কোনচটা, মোৰচটা (বাঁহ)

(ঘ) এচটা, দুচটা, কাঠ তিনিচটা আদি।

-চপৰাঃ কেৱল মাটিৰ টুকুৰা বুজাবলৈ ব্যৱহৃত হয়। যেনে,

(ক) মাটিচপৰা

(খ) সৰুচপৰা, ডাঙৰচপৰা (গ) এই চপৰা (মাটি)

(ঘ) দুচপৰা, এচপৰা, মাটি দুচপৰা

জন/জনা/-জনীঃ জন পুংলিঙ্গবাচক আৰু মান্যাৰ্থক। সকলো ব্যক্তিবাচক নামপদৰ পাছত ই যোগ হয়। যেনে,

(ক) মানুহজন, ছাত্ৰজন, ডাক্তৰজন, ৰোগীজন আদি।

(খ) ডাঙৰজন, সৰুজন, বগাজন, ক’লাজন

(গ) এইজন, সৌজন, যিজন, কোনজন, মোৰজন, তোমাৰজন

(ঘ) এজন, দুজন, (ছাত্ৰ) দহজন আদি।

কেতিয়াবা বিশেষ পৰিবেশত ভাল বিশেষণত -জন আৰু তাৰ পিছত -কে যোগ দি বিশেষ জোৰ দি উচ্চাৰণ কৰিলে হেয় বা অবাঞ্ছিত অৰ্থ প্ৰকাশ কৰে। যেনে,

ভালজনকে জোকাই ল’লা।

কেতিয়াবা অধিক মান্যাৰ্থ প্ৰকাশ কৰিবলৈ জনা ব্যৱহাৰ কৰা হয়। ই উভয় লিঙ্গবাচক। যেনে,

(ক) গোঁসাইজনা, গোঁসানীজনা, মন্ত্ৰীজনা, ৰজাজনা

(খ) সৰুজনা গোঁসাই, বৰজনা কুঁৱৰী

(গ) এইজনা, সেইজনা, কোনজনা, যিজনা, মোৰজনা (গোসানী)

(ঘ) এজনা, দুজনা, গোসাই দুজনা আদি।

স্ত্ৰী বা মাইকী বুজোৱা সকলো প্ৰাণীবাচক শব্দৰ পাছত তুচ্চাৰ্থত জনী ব্যৱহাৰ হয়। যেনে,

(ক) মানুহজনী, ছোৱালীজনী, ৰান্ধনীজনী, পোহাৰীজনী, নাচনীজনী, তিৰোতাজনী, ম’হজনী আদি।

(খ) ৰূপহীজনী, সৰুজনী, ডাঙৰজনী, কান্দুৰীজনী

(গ) ইজনী, সিজনী, কোনজনী, সৌজনী আদি।

(ঘ) এজনী, দুজনী, ছোৱালীতিনিজনী আদি।

কেতিয়াবা বিশেষ পৰিবেশত ভাল বিশেষণত -জনী আৰু তাৰ পিছত –কে যোগ কৰি বিশেষ জোৰ দি উচ্চাৰণ কৰিলে হেয় বা অবাঞ্ছিত অৰ্থ প্ৰকাশ পায়। যেনে,

ভালজনীকে ক’লা (কথাটো)।

সৰু ছোৱালীক মৰমেৰে মাতোতে নামপদৰ পাছত -জনী যোগ কৰি সাধাৰণ অৰ্থ প্ৰকাশ কৰা হয়। যেনে,

মাজনী, সোণজনী, গোঁসানীজনী আদি।

-জোপাঃ কেৱল বিভিন্ন গছ বুজাবলৈ সকলো নামপদৰ পাছত যোগ হয়। যেনে,

(ক) আমজোপা, ফুলজোপা, লাউজোপা আদি।

(খ) ভালজোপা, ডাঙৰজোপা, সৰুজোপা

(গ) এইজোপা, সৌজোপা, কোনজোপা, যিজোপা আদি।

(ঘ) এজোপা, দুজোপা, আমপাঁচজোপা আদি।

-টোঃ প্ৰাণীবাচক অপ্ৰাণীবাচক, মূৰ্ত-অমূৰ্ত সকলো ৰূপৰ পাছত যোগ হয়। প্ৰাণীবাচক শব্দৰ পিছত যোগ হ’লে ই সদায় মতা বুজায় আৰু সাধাৰণ ব তুচ্চাৰ্থ প্ৰকাশ কৰে। যেনে,

(ক) মানুহটো, ল’ৰাটো, মধুটো, চৰাইটো, গৰুটো, হাতীটো, মাখিটো, ঘৰটো, আলুটো, পিয়াজটো, মূৰটো, ডিঙিটো, আবেলিটো, লাউটো, মনটো, বুদ্ধিটো, স্বভাৱটো, চৰিত্ৰটো, মাতটো ইত্যাদি।

(খ) ডাঙৰটো, সৰুটো, ভালটো, বেয়াটো আদি।

(গ) এইটো, সৌটো, কোনটো, যিটো, নিজৰটো, তোৰটো, মোৰটো আদি।

(ঘ) কৃদন্তৰ পিছতঃ অহাটো, যোৱাটো, খোৱাটো আদি।

-টাঃ সংখ্যাবাচক শব্দত সদায় -টা যোগ হয়। যেনে,

টা, দুটা, মানুহ পাঁচোটা আদি। আদৰ আৰু ক্ষুদ্ৰাৰ্থ বুজালে ব্যক্তিবাচক শব্দৰ পিছত সদায় -টি যোগ হয়। যেনে, ল’ৰাটি, পোনাটি, আইটি, সোণটি আদি।

-ডালঃ গোটা, দীঘল, টান আৰু লেহুকা বস্তু বুজাবলৈ নামপদৰ পিছত যোগ হয়। যেনে,

(ক) কাঠ ডাল, বাঁহডাল, জখলা ডাল, পেন্সিলডাল, ৰচিডাল, সূতাডাল, ৰেখাডাল, শিকলিডাল আদি।

(খ) ভালডাল, বেয়াডাল, সৰুডাল, ডাঙৰডাল

(গ) এইডাল, সৌডাল, কোনডাল, যিডাল, তোৰডাল, মোৰডাল, তাৰডাল আদি।

(ঘ) এডাল, দুডাল, বাঁহদুডাল আদি।

মন কৰিবলগীয়া যে ব্যক্তিবাচক শব্দৰ পাছত -ডাল যোগ হৈ পুৰুষক বুজালে গালি আৰু তুচ্চাৰ্থ প্ৰকাশ কৰে। যেনে,

এই মানুহডালক কোনে মাতিছিল?

এইডাল ল’ৰাৰ লগত নুফুৰিবা।

সৌডাললৈ চোৱা, কেনেখন কৰিছে।

-পাটঃ চেপেটা, দীঘল বা গোল আৰু ঠেক বস্তু বুজাবলৈ বিশেষকৈ শৰ, যাঠি, ব’ঠা বুজোৱা ৰূপৰ পিছত ব্যৱহৃত হয়। যেনে,

(ক) শৰপাট, কাঁড়পাট, যাঠিপাট, ব’ঠাপাট, খাৰুপাট আদি।

(খ) ভালপাট (যাঠি), ডাঙৰপাট (ব’ঠা)

(গ) এইপাট, সৌপাট, কোনপাট, যিপাট (শৰ) আদি।

(ঘ) এপাট (শৰ), শৰ এপাট

ব্যক্তিবাচক শব্দৰ পিছত যোগ হ’লে ই অতি হেয় আৰু তুচ্চাৰ্থ প্ৰকাশ কৰে। যেনে,

সৌ ল’ৰাপাটলৈ চোৱা।

আহিল আৰু এইপাট! আদি।

৮.০৭.২ দ্বিবাচক বা একেলগে দুটা বস্তুৰ গোট বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গঃ অসমীয়া ভাষাত দ্বিবচন নাই যদিও একেলগে দুটা বস্তুক বুজাবলৈ পাঁচোটা শব্দ আছে: যোৰ/যুৰি, হাল, যুগল, দ্বয় আৰু উভয়। যোৰ পাতি থকা প্ৰায়বোৰ নামপদৰ পাছতে এইকেইটা যোগ হয়। এইকেইটাৰ প্ৰয়োগ এনেধৰণৰ:

-যোৰ/যুৰি: হাঁহ, পাৰ, খৰম, জোতা, মুজা, চেলাউৰী বুজোৱা শব্দত সাধাৰণতে -যোৰ যোগ হয়। যেনে,

(ক) হাঁহযোৰ, পাৰযোৰ, জোতাযোৰ, মুজাযোৰ, চেলাউৰীযোৰ

(খ) ভালযোৰ (জোতা), ভালযোৰ পাৰ

(গ) এইযোৰ, সেইযোৰ, কোনযোৰ, যিযোৰ আদি।

(ঘ) এযোৰ জোতা, মুজা এযোৰ

আদৰ আৰু ক্ষুদ্ৰাৰ্থ বুজাবলৈ যুৰি ব্যৱহাৰ হয়। যেনে, পাৰযুৰি, চকুযুৰি, হাঁহযুৰি

-হাল: বিশেষ প্ৰাণীবাচক আৰু সকলো স্ংখ্যা শব্দৰ পিছত যোগ হয়। যেনে,

(ক) গৰুহাল, ম’হহাল, ল’ৰা-ছোৱালীহাল, বুঢ়া-বুঢ়ীহাল আদি।

(খ) ডাঙৰহাল গৰু, ৰঙাহাল

(গ) এইহাল, সৌহাল, কোনহাল, যিহাল আদি।

(ঘ) এহাল গৰু, ম’হ এহাল

মন কৰিবলগীয়া যে এই দ্বিবাচক ৰূপকেইটা দুইৰ পৰা আন সংখ্যাবাচক শব্দৰ পিছত ব্যৱহাৰ কৰিলে সিহঁতে বহুবচনৰ অৰ্থ প্ৰকাশ কৰিব।

-যুগল: কেৱল তৎসম শব্দত সাধাৰণতে দেৱ-দেৱী বা গোঁসাই-মহন্তৰ হাত, ভৰি, চকু, কাণ বুজাবলৈ ব্যৱহৃত হয়। যেনে,

পদযুগল, নয়ন যুগল, চৰণযুগল, হস্তযুগল, কৰ্ণযুগল

-দ্বয়: এই সৰ্গও কেৱল তৎসম শব্দত দুজন ব্যক্তিক একেলগে বুজাবলৈ ব্যৱহৃত হয়। যেনে,

বক্তাদ্বয়, অতিথিদ্বয়

দুজন ব্যক্তি একেলগে বুজোৱা আনটো ৰূপ হৈছে উভয়। দুজনক বিশেষভাৱে বুজালে ইয়াৰ পাছত সদায় –এ প্ৰত্যয় যোগ হয়। যেনে,

বৰ-কন্যা উভয়কে আশীৰ্বাদ দিলোঁ।

স্বামী-স্ত্ৰী উভয়ে আহিবা।

৮.০৭.৩ চতুৰ্বাচক বা চাৰিটা বস্তুৰ গোট বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গ: অসমীয়াত এনে সৰ্গ তিনিটা: গণ্ডা, অঁৰা আৰু হালি। প্ৰথম দুটা তামোল, নেমুৰ ক্ষেত্ৰত আৰু হালি ঘাইকৈ কণীৰ ক্ষেত্ৰত ব্যৱহৃত হয়। যেনে,

তামোলগণ্ডা, এঅঁৰা তামোল, নেমু এঅঁৰা

কণীহালি, এহালি কণী

দুইৰ পৰা আন সংখ্যাবাচক শব্দৰ পাছত যোগ কৰি এইবোৰকো বহুবচনলৈ ৰূপান্তৰ কৰিব পাৰি।

৮.০৭.৪ বহুত্ববাচক বা বহুবস্তুৰ গোট বুজোৱা নিৰ্দিষ্টতাবাচক সৰ্গ: অসমীয়া ভাষাত বহু বস্তুৰ গোট বুজোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয় ডেৰকুৰিমান হ’ব। সেইবোৰ হৈছে:

কোছা, খিনি, গাল, চিৰা, টাৰ, টোপা, ডৰা, মুঠা/মুঠি, ষাৰ, পোলা আদি। মখা, জাক, দল, আদি সমূহবাচক শব্দইও নামপদৰ পাছত যোগ হৈ প্ৰাণী বা বস্তুক নিৰ্দিষ্টকৈ বুজায়। বহু বস্তুৰ থূপ বা গোট বুজালেও এইবোৰ একবচনৰ দৰে। ইহঁতৰ আগত ‘এক’ সংখ্যা শব্দ যোগ দি একবচনৰ আৰু দুইৰপৰা আন সংখ্যাবাচক শব্দ যোগ দি বহুবচনৰ ৰূপ পাব পাৰি।

এই সৰ্গবোৰৰ কিছুমানৰ প্ৰয়োগ এনে ধৰণৰ:

-কোছা: কিছু দীঘল, লেহুকা বা টান বস্তুৰ গোট বুজাবলৈ সাধাৰনতে বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু সংখ্যাবাচক শব্দৰ পাছত যোগ হয়। যেনে,

(ক) চুলি কোছা, খৰিকোছা, চাবি কোছা

(খ) ভালকোছা খৰি, বেয়াকোছা চাবি

(গ) এইকোছা, সৌকোছা, কোনকোছা

(ঘ) একোছা, দুকোছা, খৰিতিনিকোছা আদি।

-খিনি: গোটা, জুলীয়া আদি বস্তুৰ গোট বুজাবলৈ নামপদৰ ব্যৱহাৰ কৰা হয়। যেনে,

(ক) ভাতখিনি, পানীখিনি, মাছখিনি

(খ) ভালখিনি, বেয়াখিনি

(গ) এইখিনি, সৌখিনি, কোনখিনি, যিখিনি

(ঘ) দুখিনি ভাত, মাছদুখিনি; এনে প্ৰয়োগ সীমিত।

-চিৰা: ৰূপ সাপেক্ষ। মাহজাতীয় শস্য বুজোৱা শব্দৰ পিছত যোগ হয়। যেনে,

(ক) মাহচিৰা, মগুমাহ চিৰা

(খ) ভালচিৰা (মাহ দিয়া।)

(গ) এইচিৰা, কোনচিৰা, সেইচিৰা

(ঘ) দুচিৰা মাহ, মাহ দুচিৰা

-টাঁৰ: দীঘল, লেহুকা বস্তুৰ গোট বুজাবলৈ সাধাৰণতে চুলি, বাঢ়নি শব্দৰ পাছত যোগ হয়। প্ৰয়োগ সীমিত। যেনে,

(ক) চুলি টাঁৰ, বাঢ়নি টাঁৰ

(খ) ভালটাঁৰ বাঢ়নি

(গ) এইটাঁৰ, সৌটাঁৰ, কোনটাঁৰ

(ঘ) দুটাঁৰ বাঢ়নি বা বা বাঢ়নি দুটাঁৰ

-মুঠা/ মুঠি: ভাত, চাউল, খৰি, খেৰ আদিৰ গোট বুজাবলৈ বিভিন্ন নামশব্দৰ পিছত যোগ হয়। মুঠি ক্ষুদ্ৰাৰ্থবোধক। যেনে,

(ক) ভাতমুঠি, চাউলমুঠা, খৰিমুঠা, খেৰমুঠি

(খ) ভালমুঠা খৰি, বেয়ামুঠা খেৰ

(গ) এইমুঠা, সৌমুঠি, কোনমুঠা

(ঘ) এমুঠা, দুমুঠা, খৰি দুমুঠি

-পোলা: গোটা, দীঘল বস্তুৰ গোট বুজাবলৈ বিশেষ নামপদৰ পিছত যোগ হয়। যেনে,

(ক) কুঁহিয়াৰপোলা, ইকৰাপোলা, খৰিপোলা

(খ) ভালপোলা কুঁহিয়াৰ, বেয়াপোলা ইকৰা

(গ) এইপোলা, সৌপোলা, কোনপোলা, যিপোলা, তোৰপোলা, মোৰপোলা

(ঘ) দুপোলা, খৰিদোপোলা

-গাল (ভাতগাল), চমকা (মাটিচমকা), চলু (পানীচলু), চাম (লেখকচাম), জাউৰী (গালিজাউৰী), জোকা (বেঙেনাজোকা), ডৰা (সৰিয়হডৰা), আখি (কলআখি), –থোকা (কলথোকা), ধাৰ (মালধাৰ), -ধোকা (পানীঢোকা)-পালি (দৰবপালি),ফেৰা (লোণফেৰা),-ষাৰ (মাতষাৰ, কথাষাৰ) আদি ৰূপবোৰো বহুত্ববোধক নিৰ্দিষ্টতাবাচক সৰ্গ হিচাপে ব্যৱহৃত হয়। কিন্তু এইবোৰো একবচনৰ দৰে। দুইৰপৰা আন সংখ্যাবাচক শব্দৰ পিছত যোগ কৰি এইবোৰৰো কিছুমান বহুবচনলৈ ৰূপান্তৰ কৰিব পাৰি। যেনে,

দুচলু পানী, পানী তিনিচলু, দুডৰা সৰিয়হ,

তিনিপালি ঔষধ, দুষাৰ কথা, পাঁচআখি কল,

থোকা কল, দোজোকা বেঙেনা ইত্যাদি।

-ফেৰা সদায় এক সংখ্যাবাচক শব্দৰ পিছত যোগ হয়। যেনে, লোণ এফেৰা।

৮.০৮ জুলীয়া বা গোটা বস্তুৰ পৰিমাণ, মাটিৰ জোখ, পথৰ দূৰত্ব বা দৈৰ্ঘ আদি নিৰ্দিষ্টভাবে প্ৰকাশ কৰিবলৈ কিছুমান নামপদ তাৰ লগত সম্পৰ্ক থকা আন কিছুমান নামপদৰ পাছত নিৰ্দিষ্টতাবাচক সৰ্গৰ দৰে যোগ হয়। অৰ্থগত দিশপৰা এনে নামপদ দুবিধ: আধাৰবাচক আৰু পৰিমাণবাচক। আধাৰবাচক নামপদ কিছুমান হৈছে: কাপ, গিলাচ, বালি, বটল, কাঁহী, বাতি, কলহ, দোন, ডুলি, পাচি ইত্যাদি। পনীয়া বা জুলীয়া আৰু গোটা বস্তু বুজোৱা নামপদবোৰ এইবোৰ আধাৰ বাচক শব্দৰ আগত ব্যৱহাৰ কৰি সেই পণীয়া বা গোটা বস্তুবোৰক নিৰ্দিষ্ট কৰি দিয়া হয়। এই আধাৰব

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
anup kuri
2 years ago

ধন্যবাদ

Anonymous
1 year ago

বাবুগিৰিৰ প্ৰত্যয় কি ?

Baharul
1 year ago

বাবুগিৰিৰ প্ৰত্যয় = বিদেশী তদ্বিত প্ৰত্যয়

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক