কাৰক আৰু শব্দ-বিভক্তি (নৱম অধ্যায় :: অসমীয়া ভাষাৰ ৰূপতত্ত্ব : লীলাৱতী শইকীয়া বৰা)



অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ লীলাৱতী শইকীয়া বৰাঃ নৱম অধ্যায়

৯. কাৰক আৰু শব্দবিভক্তি

৯.০১ বাক্যৰ অন্তৰ্গত ক্ৰিয়াপদৰ লগত অন্য নামপদৰ যি সম্বন্ধ, সেই সম্বন্ধকে কাৰক বোলা হয়। কাৰকে ক্ৰিয়া সম্পাদন কৰাত সহায় কৰে। যেনে,

ৰজাই তেওঁৰ ৰাজ্যত ভঁৰালৰপৰা ধন উলিয়াই নিজ হাতেৰে দুখীয়াক বিলাই দিলে।

এই দীঘল বাক্যটিত বিলাই দিলে ক্ৰিয়া সম্পাদন হওঁতে বাক্যটিত থকা ৰজাই, ৰাজ্যত, ভঁৰালৰপৰা, নিজ হাতেৰে, ধন, দুখীয়াক – এই প্ৰতিটো পদেই সহায় কৰিছে। ‘বিলাই দিলে’ ক্ৰিয়াপদটোক তলত দিয়াৰ দৰে প্ৰশ্ন কৰিলেই বাক্যৰ কোনকেইটা পদৰ লগত তাৰ সম্বন্ধ ঘটিছে, বুজা যাব।

কোনে বিলাই দিলে? ৰজাই (কৰ্তৃ-সম্বন্ধ)

কি দিলে? ধন (কৰ্ম-সম্বন্ধ)

কাক দিলে? দুখীয়াক (নিমিত্ত সম্বন্ধ)

কিহেৰে দিলে? নিজ হাতেৰে (কৰণ-সম্বন্ধ)

ক’ৰপৰা দিলে? ভঁৰালৰপৰা (অপাদান-সম্বন্ধ)

ক’ত দিলে? নিজ ৰাজ্যত (অধিকৰণ-সম্বন্ধ)

এইদৰে বাক্যত ক্ৰিয়াপদৰ লগত হোৱা আন নামপদৰ সম্বন্ধই হৈছে কাৰক। অৰ্থাত্ উল্লিখিত বাক্যত ক্ৰিয়াৰ লগত সম্বন্ধ ঘটা প্ৰতিটো নামপদেই একো একোটা কাৰক।

ক্ৰিয়াৰ লগত হোৱা নামপদৰ সম্বন্ধৰ ভিত্তিত সংস্কৃতৰ দৰে অসমীয়া কাৰককো ছটা ভাগত ভগাব পাৰি: কৰ্তা, কৰ্ম, কৰণ, নিমিত্ত, অপাদান আৰু অধিকৰণ।

কেতিয়াবা এটা নামপদৰ ক্ৰিয়াৰ লগত সম্বন্ধ নহৈ আন এটা নামপদৰ লগত সম্পৰ্ক স্থাপিত হয়। যেনে, এইখন ৰামৰ কিতাপ। এই বাক্যটোত কিতাপ শব্দৰ লগত ৰাম শব্দৰ এটা সম্পৰ্ক আছে। কিন্তু কিতাপ শব্দটো ক্ৰিয়া নহয়, নামপদহে। এইদৰে দুটা নামপদৰ সম্পৰ্কক সম্বন্ধ পদ বোলা হয়।

কোনো কোনো ব্যাকৰণত সম্বোধনাত্মক শব্দকো কাৰকৰ শিতানত ধৰি সংস্কৃতৰ দৰে সম্বোধনত প্ৰথমাৰ শূন্য বিভক্তি লগ লাগে বুলি কোৱা হৈছে। দৰাচলতে সম্বোধনাত্মক শব্দক কাৰক অনুযায়ী ৰূপ কৰিব নোৱাৰি। কাৰোবাৰ নাম বা সম্বন্ধ অনুসৰি সম্বোধন কৰিব লাগিলে, সেই পদটোত আচলতে কোনো পৰিস্থিতিতে কোনো বিভক্তি যোগ নহয়। মাত্ৰ সম্বোধনাত্মক নামপদৰ আগত প্ৰায়ে হে অ’ ঐ আদি সম্বোধনাত্মক অব্যয় শব্দ যোগ হয়। যেনে,

ৰূপা, (তুমি) এইফালে আহাচোন।

হে প্ৰভু, (তুমি) দয়া কৰা।

হেৰ’ মানুহজনী, (তই) সঁচা কথা নকয় কিয়?

এই বাক্যকেইটাৰ ৰূপা, হেৰ’ মানুহজনী আৰু হে প্ৰভু-ত প্ৰথমাৰ শূন্য বিভক্তি যোগ হোৱা নাই; বৰং তাৰ পিছত বাক্যৰ আৰম্ভণিতে উহ্য হৈ থকা তুমি আৰু তই-তহে প্ৰথমাৰ শূন্য বিভক্তি যোগ হোৱা বুলিব পাৰি।

৯.০২ কাৰক আৰু সম্বন্ধপদৰ ‘বোধ’ জন্মাবলৈ অথবা কাৰক আৰু সম্বন্ধপদৰ অৰ্থ প্ৰকাশ কৰিবলৈ কিছুমান সৰ্গ আছে। এই সৰ্গবোৰকে শব্দ বিভক্তি বা কাৰকবিভক্তি বোলা হয়। অসমীয়া শব্দ-বিভক্তি ছবিধ: প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, ষষ্ঠী আৰু সপ্তমী। কৰ্তা আৰু কৰ্ম কাৰকত কেতিয়াবা বিশেষ পৰিবেশ আৰু পৰিস্থিতিত কোনো বিভক্তি প্ৰত্যক্ষভাবে যোগ নহয়। কিন্তু তেনেবোৰ বিভক্তিহীন পদে কৰ্তা আৰু কৰ্ম কাৰকৰ অৰ্থ প্ৰকাশ কৰে আৰু বাক্যত বিভক্তিযুক্ত পদৰ দৰে প্ৰয়োগ হয়। তেতিয়া সেই কাৰকত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হয়। আনহাতে অসমীয়া ভাষাত অপাদান কাৰক বুজাবলৈ পঞ্চমী বিভক্তি নাই। কিছুমান ব্যাকৰণত পঞ্চমী বিভক্তি হিচাপে দেখুওৱা ‘পৰা’-টো এটা অনুপদহে। অসমীয়াত ষষ্ঠী-ৰ বিভক্তিৰ পিছত পৰা অনুপদ (post position) যোগ দি অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। গতিকে অসমীয়াত অপাদান কাৰক আছে, কিন্তু এই কাৰকৰ বোধ জন্মাবলৈ নিৰ্দিষ্ট কোনো পঞ্চমী বিভক্তি নাই। চুবুৰীয়া বঙলা ভাষাতো পঞ্চমী বিভক্তি নাই। ‘হইতে’ আৰু ‘থেকে’ অনুপদ যোগ কৰিহে বঙলাত অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। অসমীয়াত কৰণ কাৰক বুজাবলৈও ষষ্ঠী-ৰ বিভক্তিৰ পিছত দি, দ্বাৰা, হতুৱাই, সৈতে আৰু জৰিয়তে অনুপদ ব্যৱহাৰ কৰা হয়।

কাৰক আৰু সম্বন্ধপদ অনুযায়ী অসমীয়া শব্দবিভক্তি আৰু অনুপদবোৰ তলৰ তালিকাত দেখুওৱা হ’ল।

কাৰক বিভক্তি বিভক্তিৰ চিন অনুপদ
ব্যঞ্জনান্ত শব্দত স্বৰান্ত শব্দত
কৰ্তা শূন্য বিভক্তি -০ -০
১মা -এ এ, -ই
কৰ্ম শূন্য বিভক্তি -০
২য়া -অক -ক
কৰণ ৩য়া -এৰে -ৰে দি, দ্বাৰা, হতুৱাই, সৈতে, জৰিয়তে
নিমিত্ত ৪ৰ্থী -অলৈ -লৈ
অপাদান পৰা-
সম্বন্ধপদ ৬ষ্ঠী -অৰ -ৰ
অধিকৰণ ৭মী -অত

তালিকাত দেখুওৱাৰ দৰে অসমীয়াত অপাদানৰ বাহিৰে প্ৰতিটো কাৰকৰে নিজা বিভক্তি আছে। কেতিয়াবা একেটা বিভক্তিৰেই বিভিন্ন কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। সাধাৰণতে কৰ্তা কাৰকৰ এ- বিভক্তিয়ে কৰণ, অপাদান আৰু অধিকৰণ কাৰকৰ অৰ্থ প্ৰকাশ কৰে অৰ্থাত্ এ-বিভক্তিয়ে ক্ৰমে তৃতীয়া, পঞ্চমী আৰু সপ্তমী বিভক্তিৰো কাম কৰে। যেনে, হাতে-কটা সূতা (কৰণ), তুমি অহাৰ কথাটো ৰীতাৰ মুখে শুনিলোঁ (অপাদান) আৰু কথাটো সকলোৰে মুখে-মুখে (অধিকৰণ)। শব্দ বা কাৰক বিভক্তিবোৰ ধ্বনি সাপেক্ষে (phonologically conditioned)। সেয়েহে স্বৰ বা ব্যঞ্জন অনুসৰি ওপৰত দেখুওৱাৰ দৰে সিহঁতৰ ৰূপৰ পৰিৱৰ্তন হয়।

এইদৰে দেখা যায় যে অসমীয়াত কাৰক আৰু সম্বন্ধপদৰ সম্পৰ্ক দুটা উপায়েৰে নিৰ্দেশ কৰা হয়:

(ক) শূন্য বিভক্তিকে ধৰি আন শব্দ-বিভক্তিৰ যোগত

(খ) সম্বন্ধপদৰ ৬ষষ্ঠী বিভক্তিৰ পিছত বিবিধ অনুপদ যোগ কৰি।

কেতিয়াবা কোনো বিশেষ শব্দৰ যোগতো বিভিন্ন কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। সংস্কৃতৰ কাৰক বুজোৱা সুপ্ বিভক্তিবোৰ বচন সাপেক্ষ। ইয়াত প্ৰতিটো বিভক্তিৰ ৰূপেই বচন অনুযায়ী ভিন ভিন। যেনে, কৰ্তাকাৰকৰ ১মা বিভক্তি তিনিটা বচনৰ কাৰণে তিনিটা: সু (একবচন), ঔ (দ্বিবচন), জস্ (বহুবচন)। সেয়েহে সংস্কৃতত বচন অনুযায়ী সাতোটা বিভক্তিৰ ৰূপ ২১টা। কিন্তু অসমীয়াত শব্দ-বিভক্তিবোৰ বচন নিৰপেক্ষ অৰ্থাত্ এক বচন আৰু বহুবচন নিৰ্বিশেষে ইয়াৰ একেটাই ৰূপ; সেয়েহে ইয়াত ছটা কাৰকৰ কাৰণে মাত্ৰ ছটা বিভক্তিৰ ৰূপ। বচন অনুযায়ী শব্দ ৰূপ কৰিব লাগিলে ইয়াত শব্দ বিভক্তি যোগ হোৱাৰ আগতে বচনবাচক প্ৰত্যয় যোগ কৰা হয়। কোনো বস্তুৰ আকৃতি-প্ৰকৃতি বা পুংলিঙ্গ-স্ত্ৰীলিংগ বুজাব লগা হ’লেও প্ৰথমে সেই সেই অৰ্থবাচক প্ৰত্যয় যোগ হোৱাৰ পিছতহে শব্দবিভক্তি যোগ দিয়া হয়। অসমীয়াত শব্দৰ বিভক্তিবোৰৰ প্ৰয়োগ এনেদৰে দেখুৱাব পাৰি:

মূলশব্দ + শব্দ বিভক্তি; যেনে, ৰাম + এ = ৰামে

মূলশব্দ + বচনবাচক/নিঃবাচক/লিঙ্গবাচক প্ৰত্যয় + শব্দ বিভক্তি; যেনে,

মানুহ + জন + এ = মানুহজনে

মানুহ + বোৰ + এ = মানুহবোৰে

ফুকন + অনী + ক = ফুকননীক আদি।

৯.০৩ কাৰক অনুযায়ী শব্দ বিভক্তি আৰু কাৰকবাচক অনুপদৰ প্ৰয়োগ:

কৰ্তা কাৰক: যি কৰে বা হয়, সিয়েই কৰ্তা। অথবা যাৰ যত্নত বা যাক আশ্ৰয় কৰি ক্ৰিয়া সম্পাদিত হয়, সেয়ে কৰ্তা। কৰ্তা কাৰকত শূন্য বিভক্তি আৰু ১ মা -এ বিভক্তি যোগ হয়। যেনে,

মানুহ মৰে।

চৰাই উৰে।

সি যায়।

ল’ৰাটোৱে কান্দিছে।

গৰুৱে ঘাঁহ খায়।

লতাই কিতাপ পঢ়িছে।

উল্লিখিত বাক্যকেইটাৰ ভিতৰত প্ৰথম তিনিটা বাক্যৰ মানুহ, চৰাই আৰু সি কৰ্তা, যাৰ মৰে, উৰে আৰু যায় ক্ৰিয়াৰ লগত প্ৰধান সম্পৰ্ক স্থাপিত হৈছে। কিন্তু সেই কৰ্তাকেইটাত প্ৰত্যক্ষভাৱে কোনো বিভক্তি লগ লগা নাই, কিন্তু পদ হিচাপে তাত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হয়। এয়ে শূন্য বিভক্তি। সাধাৰণতে অকৰ্মক ক্ৰিয়াৰ কৰ্তাত শূন্য বিভক্তি যোগ হয়। ওপৰত মানুহ মৰে, চৰাই উৰে বাক্যৰ মানুহ, চৰাই পদ মৰে আৰু উৰে অকৰ্মক ক্ৰিয়াৰ কৰ্তা। কিন্তু হাঁহ, কান্দ, নাচ, সাঁতোৰ আদি কিছুমান অকৰ্মক ক্ৰিয়াৰ কৰ্তাত সদায় প্ৰথমা এ-বিভক্তি যোগ হয়। ল’ৰাটোৱে কান্দিছে বাক্যৰ কৰ্তা ল’ৰাটোৱে অকৰ্মক ক্ৰিয়াৰ কৰ্তা হোৱা সত্ত্বেও তাত -এ বিভক্তি যোগ হৈছে। শেষৰ বাক্য দুটাৰ গৰুৱে, লতাই সকৰ্মক ক্ৰিয়াৰ কৰ্তা আৰু ইয়াত স্বাভাৱিকতে প্ৰথমা -এ, -ই বিভক্তি যোগ হৈছে।

দুজন বা অধিকৰ ভিতৰত পাৰস্পৰিক কাৰ্য বুজাবলৈও প্ৰথমা বিভক্তি হয়। যেনে,

ল’ৰাই ল’ৰাই কাজিয়া লাগিছে।

গৰুৱে গৰুৱে যুঁজ লাগিছে।

ধন্য শব্দৰ যোগতো প্ৰথমা বিভক্তি হয়। কিন্তু ইয়াত বিভক্তিটো উহ্য হৈ থাকে। যেনে, ধন্য তুমি, তুমি ধন্য।

কৰ্মকাৰক: যাৰ ওপৰত ক্ৰিয়া হয় অথবা ক্ৰিয়াৰ যি ব্যাপ্য বা ইপ্সিত, তাকেই কৰ্মকাৰক বোলা হয়। অৰ্থাত্ কৰ্তাই যাৰ ওপৰত ক্ৰিয়া কৰি সম্পূৰ্ণতা লাভ কৰে, সিয়েই কৰ্মকাৰক। কৰ্মকাৰকত শূন্য বিভক্তি আৰু দ্বিতীয়া বিভক্তি -ক/-অক যোগ হয়। যেনে:

ৰামে কিতাপ পঢ়াইছে।

আয়ে ভাত ৰান্ধিছে।

এই বাক্য দুটাত কৰ্তা ৰাম আৰু আয়ে ক্ৰমে পঢ়া আৰু ৰন্ধা কাৰ্য কৰি সম্পূৰ্ণতা লাভ কৰিছে কিতাপ আৰু ভাতৰ ওপৰত। গতিকে কিতাপ আৰু ভাত কৰ্ম আৰু ইয়াত কৰ্মকাৰকত শূন্য বিভক্তি যোগ হৈছে বুলি ধৰা হয়। আনহাতে,

শিক্ষকে ছাত্ৰক পঢ়াইছে।

আয়ে মগনীয়াটোক চাউল দিছে।

এই দুটা বাক্যত কৰ্তা শিক্ষক আৰু আয়ে ক্ৰমে পঢ়োৱা আৰু চাউল দিয়া কাৰ্য সম্পন্ন কৰিছে কৰ্ম ছাত্ৰক আৰু মগনীয়াটোক পদৰ ওপৰত। এই পদ দুটাত দ্বিতীয় -অক/-ক বিভক্তি যোগ হৈছে।

কেতিয়াবা একেটা বাক্যতে এটা সকৰ্মক ক্ৰিয়াৰ দুটা কৰ্ম থাকে। যেনে, মই তাক অংক শিকাইছোঁ। এই বাক্যত শিকাইছোঁ ক্ৰিয়াৰ লগত অংকৰ সম্বন্ধ প্ৰধান, গতিকে ই প্ৰত্যক্ষ কৰ্ম আৰু অপ্ৰধানভাৱে সম্বন্ধ থকা – ‘তাক’ টো পৰোক্ষ কৰ্ম। কেতিয়াবা এনে ধাতুৰপৰা ওলোৱা বিশেষ্য শব্দটো সেই ধাতুৰ ক্ৰিয়া ৰূপৰ কৰ্ম হয়। এনে কৰ্মক সম্বন্ধী কৰ্ম বোলে। যেনে, তই মাত নেমাতিবি। ইয়াত মাত্ ধাতুৰ পৰা মাত বিশেষ্যটো সম্বন্ধী কৰ্ম।

ধিক্ শব্দৰ যোগতো বিশেষ্যত দ্বিতীয়া বিভক্তি হয়। যেনে,

তেনে মানুহক ধিক্।

ধিক্ তোৰ জীৱন। (শূন্য বিভক্তি)

আদি, অনুসৰি, পৰ্যন্ত শব্দৰ যোগতো নামপদত দ্বিতীয়া বিভক্তি যোগ হয়। এনে শব্দৰ আগত থকা নামপদটোত প্ৰায়ে শূন্য বিভক্তি যোগ হয়। যেনে,

যাদৱকে আদি কৰি সকলো আহিল।

আজি (আজিক) পৰ্যন্ত টকাখিনি ঘুৰাই নিদিলে।

আৰ্হি (আৰ্হিক) অনুসৰি কিছুমান কাম কৰিব লাগে।

কৰণ কাৰক: ‘ক্ৰিয়া নিষ্পতিৰ সৰ্ব প্ৰধান উপায়ে হ’ল কৰণ কাৰক। অৰ্থাৎ যাৰ বা যিহৰ দ্বাৰাই কৰ্তাই ক্ৰিয়া সম্পন্ন কৰে’ সেইটোৱে কৰণ কাৰক। কৰণ কাৰকত তৃতীয়া বিভক্তি –ৰে/-এৰে যোগ হয়। যেনে,

তেওঁ কাণেৰে কম শুনে।

হাতেৰে নাখাবা, চামোচেৰে খোৱা।

দাখন লোৰে গঢ়া।

ইয়াত ক্ৰমে কম শুনা, নাখাবা, খোৱা আৰু গঢ়া কাৰ্য সম্পন্ন হৈছে ক্ৰমে কাণ, হাত, চামুচ আৰু লোৰ দ্বাৰা। গতিকে কাণেৰে, হাতেৰে, চামুচেৰে আৰু লোৰে কৰণ কাৰক আৰু ইয়াত তৃতীয়া বিভক্তি –এৰে/-ৰে যোগ হৈছে।

ষষ্ঠী –ৰ বিভক্তিযুক্ত পদৰ পিছত দি, দ্বাৰা, সৈতে, হতুৱাই, জৰিয়তে আদি অনুপদ যোগ দিও কৰণ কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে,

তাৰদ্বাৰা কামটো কৰোৱা হ’ল।

ৰীতা দেউতাকৰসৈতে দিল্লীলৈ গৈছে।

মাধৱৰহতুৱাই বা জৰিয়তে তাক খবৰটো দিয়া হ’ল।

প্ৰথমা –এ বিভক্তিৰ যোগতো কৰণ কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে, দশৰথ নামে (নামেৰে) এজন ৰজা আছিল।

নিমিত্ত কাৰক: “উদ্দেশ্য, লক্ষ্য, দিশ, নিমিত্ত আদি অৰ্থত ক্ৰিয়াৰ লগত যিবোৰ শব্দৰ সম্পৰ্ক ঘটে, সেইবোৰেই নিমিত্ত কাৰক।”

নিমিত্ত কাৰকত চতুৰ্থী বিভক্তি -লৈ/-অলৈ যোগ হয়। যেনে,

পৰীক্ষালৈ আৰু মাত্ৰ চাৰিদিন আছে।

দেউতা ইংলেণ্ডলৈ গৈছে।

সাপলৈ মোৰ বৰ ভয় লাগে।

উল্লিখিত বাক্য তিনিটাত পৰীক্ষা, ইংলেণ্ড আৰু সাপ শব্দত চতুৰ্থী –লৈ/-অলৈ বিভক্তি যোগ হোৱাত ইহঁত নিমিত্ত কাৰকৰ পদ হৈছে।

কিছুমান অসমীয়া ব্যাকৰণত সংস্কৃত সম্প্ৰদান কাৰকৰ আৰ্হিত অসমীয়াতো –লৈ/-অলৈ বিভক্ত্যন্ত পদবোৰক সম্প্ৰদান কাৰক বোলা হৈছে। কিন্তু –লৈ/-অলৈ বিভক্ত্যন্ত পদে সংস্কৃতৰ দৰে স্বত্ব ত্যাগ কৰি দান কৰা নুবুজায়; ওপৰত দেখুওৱাৰ দৰে প্ৰতি, অভিমুখ, নিমিত্ত আদি অৰ্থহে প্ৰকাশ কৰে। সেয়েহে অসমীয়াত সম্প্ৰদান কাৰকক নিমিত্ত কাৰক বোলা হৈছে। সম্প্ৰদান অৰ্থত অসমীয়াত দ্বিতীয়া বিভক্তিহে যোগ হয়। যেনে, দুখীয়াক দান কৰিবা।

অপাদান কাৰক: ‘যাৰ পৰা বা যিহৰপৰা উৎপন্ন হোৱা আৰম্ভ হোৱা বা নিৰস্ত হোৱা, পতিত হোৱা, ভয় খোৱা, ৰক্ষা পোৱা, আঁতৰ হোৱা’ বুজায়, তাকে অপাদান কাৰক বোলা হয়। অপাদান কাৰকত ষষ্ঠী–ৰ বিভক্ত্যন্ত পদৰ পাছত ‘পৰা’ অনুপদ যোগ কৰা হয়। যেনে,

তিলৰপৰা তেল ওলায়।

একৈশ মাৰ্চৰপৰা বছেৰেকীয়া পৰীক্ষা হ’ব।

গছৰপৰা ফল সৰিছে।

বিপদৰপৰা কোনো মতে হাত সাৰিলোঁ।

হাবিত বাঘৰপৰা বৰ ভয়, ইত্যাদি।

প্ৰথমা –এ বিভক্তিয়েও অপাদানৰ অৰ্থ প্ৰকাশ কৰে। যেনে, কথাটো লীনাৰ মুখে (মুখৰপৰা) গম পালোঁ।

অনুপদবোৰ নামপদৰ গাতে লাগি বহিব নে পৃথক বহিব, এই লৈ খেলি-মেলি হোৱা দেখা যায়। ব্যাকৰণবোৰত এই সম্পৰ্কীয় কোনো নিৰ্দেশনা নাই। ফলত কোনোৱে নামপদৰ গাতে লগাই আৰু কোনোৱে পৃথকে অনুপদ ব্যৱহাৰ কৰে। ‘অসমীয়া ব্যাকৰণ প্ৰবেশ’ত ডঃ গোলোক চন্দ্ৰ গোস্বামীদেৱে কৈছে “পৰা যিহেতু এটা সুকীয়া অব্যয় পদ, সেইদেখি ইয়াক সম্বন্ধবাচক –অৰ বিভক্তিযুক্ত পদৰপৰা মাজত ফাঁক ৰাখি আঁতৰাই লিখিব লাগে।” এই দৃষ্টিভঙ্গীৰ পিনৰপৰা ‘পৰা’ অনুপদ পৃথকে লেখাই যুগত। কিন্তু সুকীয়া হ’লেও পৰা অনুপদ যদি অব্যয়ৰ দৰে স্বতন্ত্ৰ নহয়; ই আনুষঙ্গিক অব্যয়। এনেবোৰ অনুপদ সম্পৰ্কযুক্ত পূৰ্বপদৰ গাতে লগাই লিখাটোহে যুক্তিসঙ্গত। কিয়নো পৰা, হেঁতেন, চোন, দেখোন, সৈতে, দ্বাৰা, দৰে, নিচিনা আদি অনুপদে পূৰ্ব পদৰ সহায় নহ’লে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। সেইদৰে ভৱিষ্যত কৃদন্ত কৰিবলগীয়া, যাবলগীয়া আদিতো বদ্ধৰূপ লগীয়াটো ‘কৰিব’-ৰ লগত গাতে লগাই লিখাটো বাঞ্ছনীয়।

অধিকৰণ কাৰক: ‘স্থান, কাল আৰু পাত্ৰ যিহৰে আধাৰ বা আশ্ৰয়ত ক্ৰিয়া সম্পাদিত হয়,’ সিয়েই অধিকৰণ কাৰক। অধিকৰণ কাৰকত সপ্তমী –অত/-ত বিভক্তি যোগ হয়। যেনে,

হাবিত বাঘ থাকে।

সন্ধ্যা সময়ত শোৱা বেয়া।

তেওঁ বৰ বিপদত পৰিছে ইত্যাদি।

কেতিয়াবা প্ৰথমা –এ, -ই বিভক্তিৰদ্বাৰাও অধিকৰণ কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়। অধিকৰণ কাৰক বুজালে –এ, -ই বিভক্ত্যন্ত পদটো সদায় দ্বিত্ব হয় আৰু তেতিয়া ই ‘প্ৰত্যেক’ বা প্ৰতিটো অৰ্থ প্ৰকাশ কৰে। যেনে,

ঘৰে ঘৰে (প্ৰতিটো ঘৰত) বিচাৰিলোঁ।

ফুলে ফুলে (প্ৰতিপাহ ফুলত) পখিলা পৰিছে।

হাতে হাতে (প্ৰতিখন হাতত) পতাকা।

কথাই কথাই (প্ৰতিটো কথাত) তৰ্ক কৰে ইত্যাদি।

কালবাচক বিশেষ কিছুমান শব্দত অধিকৰণৰ –ত বিভক্তি যোগ নহয়। এনেবোৰ শব্দত অধিকৰণ বুজাবলৈ শূন্য বিভক্তি যোগ হোৱা বুলি কোৱা হয়। যেনে,

যোৱা বছৰ বতৰ বৰ খৰাং আছিল।

ৰাতিপুৱা সূৰ্য উদয় হয়।

এই বাক্য দুটাৰ বছৰ আৰু ৰাতিপুৱা শব্দত অধিকৰণৰ –ত উহ্য হৈ আছে। সেয়ে তাত শূন্য বিভক্তি যোগ হোৱা বুলি ধৰা হৈছে।

অৰ্থৰ ভিত্তিত অধিকৰণ কাৰকক কালাধিকৰণ আৰু আধাৰাধিকৰণত ভাগ কৰা হয় যদিও ওপৰত উল্লেখ কৰা দুই-এটা ব্যতিক্ৰমৰ বাহিৰে এই সকলো অধিকৰণতে সপ্তমী –অত/-ত যুক্ত হয়।

বিনে আৰু বিনা শব্দৰ যোগতো অধিকৰণৰ অৰ্থ প্ৰকাশ কৰা হয়। যেনে,

ঈশ্বৰত বিনে গতি নাই।

বিনা ধনে (অধিকৰণ বুজোৱা –এ) কাম নিসিজে।


Subscribe
Notify of
4 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
1 year ago

সুন্দৰ

1 year ago

সুন্দৰ

1 year ago

সুন্দৰ হৈছে

Tilok Upadhyay
1 year ago

ভাল লাগিল। ময়ো চাই লিখিলো.।।।।