Chat ত নমা এটা সন্ধিয়া: দ্বীজেন্দ্ৰ নাথ শৰ্মা

পলাশ….. এতিয়াও অনলাইনত নাই। মনটো অলপ খালী খালী লাগি আছে। ইনবক্স আনৰিপ্লাইড মেছেজেৰে ভৰা। ছাট অন কৰি ৰাখিবই নোৱাৰি। বানপানীৰ মেটেকাৰ সোঁত বয়। ফিল্টাৰড মেছেজ, স্পাম মেচেজৰ ফোল্ডাৰ খুলিবই নোৱাৰি। জগতখন চাগে আচলতে আকাশৰ দৰে নীলাই। এৰা নীলা। নীলা শব্দটো মুখত আওঁৰাওতে ওঁঠত নিলাজ হাঁহি এটা বিৰিঙি উঠিল।

….তথাপিও ছাট কৰা যায়। এটা, এৰাব নোৱাৰা নিচা। কিমান চিনাকীৰে যে মুখা খুলি পৰিছে ছাটত। অচিনাকী কথানো আৰু কি? তথাপিও সন্ধিয়াপৰত, নোৱাৰে দেখোন তাই, থাকিব, অকমান চাট নকৰাকে। ৰিকুৱেষ্টবোৰ আহে, একচেপ্ত কৰা যায়। লগা লগ আহিলেই নহয়, হাই-হেলোবোৰ। তাৰ পিছত‌…… “কি কৰি আছা?”- প্ৰশ্ন এটা, অৰ্থ দুটা। তাৰ পিছত‌…… বি,এফ আছে নে নাই….. সেইয়াই আৰম্ভনী। ….. শেষ ক’ত হয়….. তাৰ সীমা নাই। আমনি লগা এক বিৰক্তিকৰ জগত এখনৰ নিচাত বন্দী। হুম‍…, আমনি লগা, এৰাব নোৱাৰা নিচা।

এই পলাশটো মৰিল নেকি? নে ছাট অফ কৰি আন কাৰোবাৰ লগত………….. বেলগ প্ৰফাইল নাইতো তাৰ। ক’বতো নোৱাৰি। ….নে…… ? ‘ডিজে প্ৰিন্স’….. মনত পৰা লগে লগে তাইৰ হাঁহিও উঠিল, খঙো উঠিল…. লাজো লাগিল, ভালো লাগিল…………. আৰু কি কি যে লাগিল, ভালকৈ অনুভবেই কৰিব নোৱাৰিলে। ভাৰ্চুৱেল ফিলিঙচবোৰ নামাকৰণ কৰিব পৰাকৈ অনুভুতিবোৰৰ শ্ৰেণীবিভাজন কৰিব পৰা হোৱাই নাই চাগে-তাই ভাবি থ’লে। ‘হুম্ …. ডিজে প্ৰিন্স’ -তাইৰ হাঁহি উঠি গ’ল। কিবাকৈহে দাঁত দুপাৰিৰে তল ওঁঠটোত কোমোৰ এটা মাৰি, হোঁ-হোৱাই ওলাই আহিব লগা হাঁহিটোৰ গতিৰূদ্ধ কৰিলে। মুখৰ ভিতৰতে ‘ডিজে প্ৰিন্স’ শব্দ দুটা উচ্চাৰণ কৰি তাই মুৰটো জোকাৰি দিলে। তাইৰ চকুদুটা সম্ভৱত প্ৰয়োজনতকৈ বেছিকৈ তিৰবিৰাই উঠিছিল। এইবাৰ তাই নোৱাৰিলে হাঁহিটো ৰখাব। ‘ডিজে প্ৰিন্স’ -বুলি কৈ হাঃ হাঃ কৈ হাঁহি দিলে। হাঁহিটো হয়তো প্ৰয়োজনতকৈ ডাঙৰকৈ ওলাল। সিটো কোঠাৰ পৰা মাকে অলপ বিৰক্তিৰেই কলে- “ঐ, দিনটো সেইডালৰ সন্মুখত বহি কি কৰি থাক’ অ’, অকলে অকলে হাঁহি আছ যে? চাবি পাগলী হ’বি।“

পলাশ‍… মৰাটো এতিয়াও অনলাইন হোৱা নাই। অসাৱধানতাবশতঃ ক্লিক পৰি কেতিয়া ছাট অন হৈ থাকিল নে অৱচেতন মনেৰে নিজেই ছাট অন কৰিলে, গমেই নাপালে। উফ্ ৰাম, মেটেকাৰ সোঁত ব’বলৈ আৰম্ভ কৰিলেই।
ছাট অফ কৰিবলৈ ওলাওঁতেই, অকস্মাত লেপটপটো অফ হৈ গ’ল। কি যে বেমাৰ লাগিল এইটোৰ। ‘কী-পেদ’খনৰো দুটা ‘কী’ কাম নকৰা হৈছে। সেই আৰু কমন প্ৰব্লেম। এক্সটাৰনেল কী বোৰ্ড। লাম-লেটেকু লৈ চলিব নোৱাৰি আৰু। সলাব লাগিব।

…………………………………………..
“This Connection is Untrusted
You have asked Firefox to connect securely to mobile.facebook.com, but we can’t confirm that your connection is secure.
Normally, when you try to connect securely, sites will present trusted identification to prove that you are going to the right place. However, this site’s identity can’t be verified.
What Should I Do?”
……. সিনো আৰু কি? কৰিব লাগিব তাইয়েই। দেটটো সলাই দিলে। অফ হৈ গলেই চিধাই ২০০৮….. কম বেটেৰী গৈছে বোধহয়। বেটেৰীটো কি সলাই থাকিব, এটা নতুনেই ল’ব লাগিব। নেটৰ যিদালহে স্পীড, লেপটপতো তাই m.facebook মাৰিয়েই সোমায়। ছাটত প্ৰফাইল পিকচাৰ নেদেখি। নেদেখি নাই।

মৰাটো এতিয়াও জগাই নাই। মেটেকাৰ সোঁত বইয়ে আছে। ছাট অফ কৰি দিলে তাই। পলাশলৈ ৰৈ ৰৈ আমনি লাগিল। মেচেজত ক্লিক পৰিল।
: কি খবৰ তোমাৰ?

ওপৰৰ মেছেজ কেটালৈ চালে। দুসপ্তাহ আগৰ। ওপৰৰ পৰা পঢ়ি আহিল।
: গুড ইভিনিং (১৯ আগষ্ট)

: গুড নাইট (১৯ আগষ্ট)

: গুড মৰ্নিং (২৬ আগষ্ট)

: তুমি ৰিপ্লাই নিদিয়া নেকি? (২ চেপ্তেম্বৰ)

…………………………
…………………………
…………………………
মৰাটো…. এতিয়াও অনলাইন হোৱা নাই।

: ভাল।

: কি খবৰ তোমাৰ।
তুমি! না জান না পেহচান মে তেৰা মেহমান। টিচিঙকৈ খং উঠি গ’ল তাইৰ। তথাপি মৰাটো নাই যেতিয়া টাইম পাছেই কৰা যাওঁক।

: মোৰ ভাল। আপোনাৰ ভালনে?

: কি কৰি আছা?

আছা!!….. মৰাটো আজি ক’ত মৰিছে। খঙটো সম্বৰণ কৰি ল’লে তাই। “কি কৰি আছা?”

-ভাৰ্চুৱেল দ্বৰ্থ্যবোধক প্ৰশ্ল। ক্লিয়াৰ হৈ লোৱাই ভাল।

: মানে?
: কি কৰি আছানো তুমি?

: মানে?

: কিয়া কৰ ৰহি হো?

: ……………….
: হোৱাট হেপেণ্ড ফ্ৰেণ্ড।

মোক্কেলেই হ’ব। ই পলাশ আজি ক’ত মৰিছে।

:  ৰাষ্ট্ৰভাষাত ক’লে যে?

:  অসমীয়াত সোধোতে উত্তৰেই নিদিলা যে?  তুমি অসমীয়া নাজানা নেকি?
:  কি সুধিছেনো আপুনি?

:  তুমি বুজিয়েই পোৱা নাই! কিয়?
…………………………
…………………………
…………………………
…………………………
…………………………
:  তোমাৰ ঘৰ ক’তনো?
:  যোৰহাট।
:  কি পঢ়ি আছা?
: পিজি কৰি আছোঁ।
:  অহ্‍, তুমি মোতকৈ ডাঙৰ হ’বা।

ডাঙৰ বুলি জনাৰ পিছতো তুমি! কি যে হ’ব ইহঁতৰ………

তাই প্ৰফাইলটো খুলি চালে। ইছ ৰাম, পেণ্ডুকনাৰ ফটো। এই পেণ্ডুকনাটোক তাই আপুনি আপুনি কৰি আছে! আৰু সি…………..
: এস্ হয়। তুমি একেবাৰে এটা ফুকলীয়া ল’ৰা দেখোন!
: উম্।
: কি পঢ়ি আছা?
: ক্লাছ টেনত।

ইছ ৰাম কি কাৰবাৰ। পঢ়ে ক্লাছ টেনত আৰু……………..

তাই প্ৰফাইলটো খুলি পুনৰ চালে। পেনপেনীয়া আপদেট। চিৰাচৰিত সেই একেই অভিযোগ। ছোৱালীয়ে মেছেজৰ ৰিপ্লাই নিদিয়ে। কি যে হ’ব আৰু।

: বাচ্ছা ল’ৰা এটা হৈ এইবিলাক কি কৰি আছা?
: কি কৰিলোনো? তুমি কিবা মোৰ বা নহ’বা নেকি?
: উম্, কি কথা পাতিবানো মোৰ লগত?
: তুমি মোৰ লগত কথা পাতি চাগে ভাল পোৱা নাই।
: বেয়াও পোৱা নাই। কিন্তু বাবা তুমি বহুত সৰু ল’ৰা। যোৱা পঢ়াগৈ।
: সিমান সৰুও নহয় দিয়া।
: হাঃ………
: তুমি মোৰ লগত ছাট নকৰা তাৰমানে ন…..
: ইমান সৰু ল’ৰা, ছাট কৰিব নাপায়। কৰিলেও তোমাৰ লগৰ কোনোবাৰ লগত কৰিবা‍, হা।
: মোৰ লগত কোনোৱে ছাট নকৰে বা। ৰিপ্লাইয়ে নিদিয়ে দেখোন!
…………….

কি যে কাৰবাৰ‍, ল’ৰাবোৰৰ ছাট কৰাৰ ইমান কিয় হেপাঁহ………. আৰু ছোৱালী বিলাকে সঁচাকৈ ৰিপ্লাই নিদিয়েই নেকি?  মই দেখোন ইয়াৰ লগত কথা পাতিলোঁ।
……………….

: বা, এটা কথা কওঁনে? বেয়া পাবা নেকি?
: কোৱা, নাপাওঁ দিয়া।
: তোমাৰ ফটো এখন আমাৰ তাত আছে?
: ! মোৰ ফটো!! তোমালোকৰ ঘৰত!!!
: কাকলিক চিনি পোৱা?
: কোন কাকলি? কাকলি হাজৰিকা নেকি?
: উহু……কাকলি কাকতি।
: নাপাওঁ দেখোন!
: মিছা কৈছা ন। ফটোখনত বাৰ লগত তুমিও আছা দেখোন!
: মিছা কিয়নো কম?
: ৰ’বা, মই ফটোখন দি আছোঁ।
………………………………………………………..

ইউনিভাৰচিটিৰ কোনো এটা ফাংচনত উঠা গ্ৰুপ ফটোখনৰ বাওঁকোণৰ মূৰত সৰুফুটীয়া মৰমলগা ছোৱালীজনী। চিনিপোৱাৰ  সুবিধাৰ বাবে সি স্কেটচ পেনেৰে গোল চিন এটা দি দিছে। সোঁমাজত বহি থকা তাইৰ মুখৰ কাষতো এটা কাড় চিন দি দিছে। পেণ্ডুকণা ছাটাৰ বয়টোৰ প্ৰতি তাইৰ চেনেহ উঠলি উঠিল। তেনেকৈ মাতবোল নাছিল যদিও সিহঁতৰ বেটছৰে আছিল কাকলি।
…………………………

: আজি মোৰ বালৈ খুব মনত পৰিছে। বালৈ মনত পৰিলে মই ফটোখনত থকা বা কেইজনীক পাওঁ নেকি ইয়াত বিচাৰি ফুৰোঁ।
: !!!! কিয়?  তোমাৰ বাৰ বিয়া হৈ গ’ল নেকি?
: বিয়া ….. বিয়াই চাগে। এবাৰ ইউনিভাৰচিটিলৈ যোৱাৰ পিচত মোৰ বা ঘূৰি নাহিল। তাই যোৱা বাছখনত বোমা ফুটিছিল।

বুকুখনৰ পৰা কিবা এটা উজাই আহি তাইৰ গলত হেঁচা মাৰি ধৰিছিল। কিবা এটা টাইপ কৰিবলৈও তাইৰ চাগে আঙুলি কঁপি উঠিছিল।

: ুবগিবগাপি৭ূীািিৰক্ত
: কি হ’ল বা?
:  নাি েকো হ আ ‌………………
:  বা……………..
………………
………………
কিবা এটা টাইপ কৰিলৈও তাই একো ভাবি পোৱা নাছিল। স্কীনৰ মেছেজবোৰ আউলি গৈছিল। লেপটপটো পুনৰ অফ হৈ গ’ল। অন কৰিবলৈ আঙুলিটোৱে ষ্টাৰ্ট বুটামলৈ যাবলৈ সমান্যতম তাগিদাও অনুভব কৰা নাছিল।
………………………………………….

ধেইত তেৰি, দুখবোৰ কেতিয়া ক’ত ওলমি থাকে তাৰ উমান পোৱাই মষ্কিল- স্বগতোক্তিটো ভাপ হৈ এটা দীঘল নিশ্বাসৰ আকাৰ লৈ বাহিৰলৈ ওলাই আহিল। মানুহে চাগে তাকেই হুমুনিয়াহ বুলি কয়।Chatot Noma Eti Xondhia

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!