চেন্নাই ডায়েৰী (হেমাঞ্জলী চুতিয়া)

প্ৰাককথন: আমি যেতিয়া বিভিন্ন কাৰণত ঘৰৰ পৰা আঁতৰি কোনো এখন নতুন ঠাইত থাকিবলৈ লওঁ, স্বাভাৱিকতেই আমাৰ সকলোৰে বাবে ই নতুন নতুন অভিজ্ঞতা সঞ্চয়ৰ বাট মুকলি কৰে৷ বহু ক্ষেত্ৰত এই অভিজ্ঞতাসমূহে আমাৰ জীৱনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায় আৰু বহু কথাক ন দৃষ্টিৰে চাবলৈ শিকায়৷ চেন্নাইত থকা আজি আমাৰ প্ৰায় তিনি বছৰেই হ’বৰ হ’লহি আৰু আমাৰ ক্ষেত্ৰতো ই ব্যতিক্ৰম নহ’ল৷ এই সময়ছোৱাত অৰ্জন কৰা অভিজ্ঞতাসমূহকে মনৰ পৰা লিখাৰ চেষ্টা কৰিছোঁ৷
চেন্নাইত মোৰ প্ৰথম দিনটো:
তাৰিখ: ৩১ ডিচেম্বৰ, ২০১১ চন৷
সময়: পুৱা প্ৰায় ৬.৩০ বজা৷
স্থান: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ৷
মন মোৰ উখল-মাখল৷ কিয় বা নহ’ব! চেন্নাইলৈ যে আহিম সেইদিনা, তাকো জীৱনত প্ৰথমবাৰৰ বাবে৷ মনত অজস্ৰ সপোন আৰু লগত কেইটামান গধুৰ গধুৰ বেগ৷ টিকট, পৰিচয় পত্ৰ আৰু লগত নিয়া বস্তু-বাহানিসমূহ পৰীক্ষা কৰি হোৱাৰ পিছত জেট এয়াৰৱেজৰ নিৰ্দিষ্ট কাউণ্টাৰটোত থিয় হ’লোঁগৈ লগত নিয়া বেগকেইটা জমা দিবলৈ৷ কাউণ্টাৰটোত উপস্থিত থকা জেট এয়াৰৱেজৰ প্ৰতিনিধি গৰাকীয়ে হাঁহি এটা মাৰি মোৰ হাতৰ পৰা বেগকেইটা ল’লে হয়, পিছে অলপ সময়ৰ পিছত পুনৰ মিচিকিয়া হাঁহি এটা মাৰি জনালে যে মোৰ হেনো বয়-বস্তুৰ ওজন মুঠতে ৩৬ কেজি হ’ল, সেয়েহে মই অতিৰিক্তভাৱে ২৪০০ টকা ভৰিব লাগিব৷ এনেয়ে নতুন ঠাইলৈ ওলাইছোঁ, হাতত এমাহ চলিবলৈ জোখৰ কেইটামান পইচা, গতিকে কথাটো শুনি মনটো সেমেকি গ’ল৷ পিছত নিজকে বুজালোঁ, বোলো- পইচানো কি, হাতৰ মলিহে…আৰু ওজনটো হ’বই, লগত অলপ বস্তু আনিছোঁনে!!!
সময়ত আমাৰ বিমানখন চেন্নাই অভিমুখে উৰা মাৰিলে আৰু প্ৰায় ৫ ঘণ্টাৰ মূৰত চেন্নাই বিমানবন্দৰত অৱতৰণ কৰিলেহি৷ বিমানপৰা মাত্ৰ নামিছোঁহে, হঠাৎ গাত কিবা প্ৰচণ্ড চেকচেকনি অনুভৱ হ’ল, অসহ্যকৰ!! আৰে, ই কি..ইম্মান.গ..ৰ..ম.!!!! কিন্তু এতিয়াতো ডিচেম্বৰ মাহ!!! কথাটো মই একো ধৰিব নোৱাৰিলোঁ৷ বিমানবন্দৰৰ পৰা ওলাই আহিয়ে সুন্দৰমক ল’গ পালোঁ৷ মই যোগদান কৰিবলগীয়া কোম্পানীটোৱে ঘৰৰপৰা অহাৰ আগতেই বিমান বন্দৰৰপৰা মোক যে সুন্দৰমে নিবহি, তাৰ সবিশেষ সুন্দৰমৰ ফটোসহ মেইল কৰি পঠাইছিল৷গতিকে তেখেতক দেখিয়েই চিনি পালোঁ৷ চা-চিনাকি হোৱাৰ পিছত তেখেতৰ লগত অফিছৰ ফালৰপৰা ইতিমধ্যে থকাৰ বাবে বন্দবস্ত কৰি থোৱা হোষ্টেলটোলৈ বুলি গাড়ীত উঠিলোঁ৷ বিমানবন্দৰৰ পৰা হোষ্টেল পাওঁতে প্ৰায় ৪০ মিনিট সময় লাগিল৷ বাটটোত সুন্দৰমৰ লগত বিভিন্ন কথা পাতি আহিলোঁ৷ তেতিয়াহে গ’ম পালোঁ যে চেন্নাইত মই ভৱাৰ দৰে কোনো ঠাণ্ডা দিন নাই৷ মানে বছৰৰ বাৰ মাহেই গৰম৷ অহাৰ আগতে এই বিষয়েও অলপ ভাৱিবলৈ মনত যে কিয় অকণো নেখেলালে, তাকে ভাৱি অলপ খঙো উঠিল নিজৰ ওপৰত৷ সময়ত হোষ্টেল পালোঁগৈ৷ হোষ্টেলত অফিচৰে আন এজন মানুহে মোৰ প্ৰয়োজনত আহিব পৰা বস্তুসমূহ কিনি আমালৈ ৰৈ আছিল৷ তেখেতৰ লগতো চা-চিনাকি হ’লোঁ৷ প্ৰয়োজনীয় কাগজ-পত্ৰসমূহ জমা দি হোষ্টেলত পঞ্জীয়ন কৰা হৈ গ’ল৷ ইয়াৰ পিছত মোক অফিচলৈ যাবলৈ বাচ ক’ৰ পৰা ধৰিব পাৰি, তাকে ধৰি ওচৰ পাজৰৰ ঠাইসমূহ অলপ অচৰপ দেখুৱাই দুয়ো বিদাই ল’লে৷ ময়ো হোষ্টেললৈ উভতি আহিলোঁ৷
ৰুমত সোমাই নিজৰ বয়-বস্তুবিলাক থান-থিত লগাবলৈ আৰম্ভ কৰিলোঁ৷ ঠিক সেই সময়তে হোষ্টেলৰ এগৰাকী কৰ্মী মোৰ ৰুমলৈ সোমাই আহিল৷ কথাবোৰ কিবা বেলেগ ভাষাত (তামিল!) কৈছিল যদিও লান্স লান্স মাজে মাজে কোৱাৰ বাবে অনুমান কৰিলোঁ যে দুপৰীয়াৰ আহাৰ খাম নে নাখাম সেইটোকে সুধিছে! খোৱাৰ নামত ৰাতিপুৱাই এটা আপেলহে খাইছিলোঁ, ভোক লাগিছিলেই ইতিমধ্যে৷ গতিকে ময়ো য়েছ য়েছ বুলি ক’লো, মানে খাম খাম৷ কিবা কিবি নিজৰ ভাষাতে কৈ থাকিল তেখেতে অলপ সময়৷ ময়ো লান্সৰ কথাই কৈছে বুলি মাজে মাজে মূৰ দুপিয়াই থাকিলোঁ৷ এটা সময়ত মোৰ বস্তু থান-থিত লগোৱা হৈ গ’ল, গা-পা ধোৱাও হৈ গ’ল৷ কিন্তু লান্সৰ একো খা-খবৰ নাই! ৰুমৰপৰা ওলাই সুধি সুধি কিচ্চেন পালোগৈ৷ কিন্তু ই কি, তাতচোন এটা মস্ত তলা ওলমি আছে! মোৰ বুজিবলৈ বাকী নাথাকিল যে আমাৰ দুয়োৰে কথাটো বুজাত খেলি মেলি লাগিল! ৰুমলৈ ওভতি আহিলো, লগত থকা ফলমূল কেইটামানকে খালোঁ৷ সন্ধিয়া মোৰ ৰুমমেট অফিচৰপৰা আহিল৷ চা-চিনাকি হ’লো৷ নাম সূৰ্য্যা, মাডুৰাইৰ ছোৱালী৷ ইতিমধ্যে সন্ধিয়া হৈছিলেই, হোষ্টেলতহেচোন নৱবৰ্ষ পালনৰ একো উমঘামেই নাই৷ কওঁ নকওঁকৈ সূৰ্য্যাকে ক’লোঁ- ‘কিবা এটা কৰো দিয়া, কেক্ এটাকে আনোঁ৷’ পিছে তাই ইমান উৎসাহিত হোৱা যেন অনুভৱ নহ’ল৷ মোৰো বৰ বেছি জোৰ দিবলৈ মন নগ’ল৷ সময়ত হোষ্টেলৰ ৰাতিৰ আহাৰ দিয়াৰ সময় হ’ল৷ আমি দুয়োজনী আহাৰ ল’বলৈ কিচ্চেনলৈ বুলি যাওঁতে গ’ম পালোঁ যে খাবলৈ বোলে ডোচা দিছে৷ ডোচা মই আগতে খাইছোঁ হোটেলত৷ সিমান বেয়া নালাগে৷ গতিকে শুনি ভালেই লাগিল! অন্ততঃ ৰাতি কিবা এটা ভাল খাম!! কিন্তু ই কি!!!! ডোচাৰ নামতচোন কেইখনমান ঘূৰণীয়া ঘূৰণীয়া আধা ইঞ্চি মান বহল বগা বগা পিঠা!! না সেই আগতে হোটেলত খোৱাৰ নিচিনা দেখিবলৈ নিচেই পাতল ডাঙৰ ডাঙৰ আকাৰৰ, না মাজত ভৰাই দিয়া আলু মচলা! খাবলৈ বুলি মুখত সুমুৱাইছিলোহে, কিন্তু ওকালি আহি গ’ল, ইম্মান টেঙা!! খোৱা মোৰ নহ’ল সেই নিশা, পুনৰ ফলমূলকে খাই অলপ সময়ৰ পিছত শুবলৈ বুলি বিচনাত পৰিলোঁ৷ চকুৰ আগত দিনটোত ঘটা ঘটনাবোৰ এটা এটাকৈ ভাহি উঠিল৷ নিশা ইতিমধ্যে ১১ বাজি গৈছিল, ঘৰত সেইদিনা ভোজভাত খাইছিল, নৱবৰ্ষৰ শুভেচ্ছা দিবলৈ যিসকললৈ ফোন কৰিলোঁ বা যাৰ যাৰ ফোন আহিল সকলোৱে নৱবৰ্ষক আদৰিবলৈ বিভিন্ন ধৰণে যো-জা চলাইছিল, মোৰহে কেৱল!!! ৩১ ডিচেম্বৰ ইমান শুকানকৈ আগতে কেতিয়াও মোৰ যোৱা নাই৷ ভাৱি কিবা দুখ লাগি গ’ল৷ তাৰ মাজতো অৱশ্যে মনত আন এটা ভাৱে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছিল৷ সেইটো হ’ল, দিনটোৰ ঘটনা প্ৰবাহে এটা কথা ভালদৰে বুজাই দিছিল যে চেন্নাইত জীয়াই থকাতো হয়তো ইমান সহজ নহ’ব মোৰ বাবে! সেয়েহে বছৰৰ প্ৰথম দিনটোৰপৰাই মোৰো এখন যুঁজ আৰম্ভ হ’ব একেবাৰে নতুন পৰিবেশৰ লগত নিজকে খাপ খুৱাবলৈ!! ভাৱি মনটো কিবা ভাল লাগি গ’ল৷ সেইবোৰ ভাৱি ভাৱিয়েই কেতিয়ানো টোপনি গ’লো মই গম নাপালোঁ৷
তামিল ভাষাৰ সৈতে পৰিচয় হোৱাৰ সময়ত :
২ জানুৱাৰী, ২০১২ চন৷ মানে চেন্নাইত মোৰ তৃতীয় দিনৰ কথা৷ পুৱাৰে পৰা মনটো অলপ কিবা কিবি লাগি আছে, কাৰণ সেইদিনা মই কামত যোগ দিম৷ কাম, অফিচ, সহকৰ্মী আদিবোৰৰ বিষয়ে চিন্তাটোও আছেই, লগতে আন এটা কথাইও মোক চিন্তিত কৰি তুলিছিল৷ সেইটো হ’ল যে সেইদিনাৰ পৰা মই স্থানীয় মানুহৰ লগত প্ৰকৃতাৰ্থত মিলা মিছা কৰাটো আৰম্ভ কৰিব লাগিব, ৰাস্তাই-ঘাটে, বজাৰে-সমাৰে সকলোতে৷ চেন্নাইলৈ অহাৰ দিনাই অনুমান কৰিব পাৰিছিলোঁ যে ইয়াৰ ভাষাই মোক ভালকৈ এজুলুকা খুৱাব৷ যিহে পাকলগা, বুজিয়েই নাপাওঁচোন একোকে! তদুপৰি সৰুৰে পৰা শুনি আহিছোঁ ইয়াৰ মানুহবোৰ হেনো নিজৰ ভাষা-সংস্কৃতি আদিৰ ক্ষেত্ৰত বৰ ৰক্ষণশীল মনোভাৱৰ৷ হিন্দী ভাষাক হেনো একো গুৰুত্বই নিদিয়ে৷ তামিলত নক’লে হেনো কোনো কথাৰ একো উত্তৰেই নিদিয়ে ইত্যাদি ইত্যাদি৷ আৰু মইতো তামিলৰ ‘ত’টোও নাজানোঁ! তাকে ভাৱি ভাৱি বহি আছো ৰুমতে ৰাতিপুৱা৷ সূৰ্য্যাই কিবা অনুমান কৰিব পাৰিলে হ’বলা, ওচৰলৈ আহি সুধিলে কি হ’ল বুলি৷ কাৰণটো কোৱাত মোৰ কান্ধত হাত থৈ মিচিকিয়া হাঁহি এটা মাৰি ক’লে, ‘ড’ণ্ট ৱৰি, চেন্নাই ৱিল টেক কেয়াৰ অফ্ ইউ!’ তাৰপিছত তাই কাগজ এটুকুৰাত কিবা এটা লিখি, সেই টুকুৰা মোৰ ফালে আগবঢ়াই দিলে৷ পঢ়ি চাই দেখোঁ তাত ইংৰাজীতে কিবা ‘পগুমা’ বুলি লিখা আছে৷ ‘পগুমা’ই হেনো তামিলত ‘যাবানে’ বুজাই৷ গতিকে মই অফিচৰ ওচৰৰ বাছ ষ্টেণ্ডটোৰ নাম লৈ ‘পগুমা’ বুলি কণ্ডাক্টৰক সুধিলে যদি কণ্ডাক্টৰে ‘পগুমা’ বুলি কৈ মোৰ দুপিয়াই তেতিয়াহ’লে মই নিচিন্তমনে সেই বাছখনত উঠি যাব পাৰোঁ৷ মই সুধিলোঁ, ‘যদি পগুমা বুলিও নকয়, মোৰো নুদুপিয়াই, তেন্তে কি কৰিম?’ তেতিয়া তাই মোক ক’লে, ‘ছিম্পল, তেতিয়া সেইখনত নুঠিবি আৰু কেনেবাকে উঠিলেও ল’গে ল’গে নামি দিবি৷’ মইও সেই কথাকে সাৰোগত কৰি বাছ ষ্টেণ্ড পালোঁগৈ৷ পিছে ক’তনো আৰু মোৰ মুখৰপৰা ‘পগুমা’ ওলাব সেইসময়ত! ইংৰাজীয়েই ব্যৱহাৰ কৰিব লগীয়া হ’ল৷
সময়ত অফিচ পালোঁগৈ৷ H.R. মেনেজাৰক প্ৰয়োজনীয় কাগজ পত্ৰ আদি জমা দি হোৱাৰ পিছত তেখেতে মোক সহকৰ্মী সকলৰ লগত চিনাকি কৰাই দিলে৷ পৰিচয় পৰ্ব সমাপ্ত হোৱাৰ পিছত মোক এটুকুৰা নিৰ্দিষ্ট ঠাইত বহিবলৈ কোৱা হ’ল৷ বহাৰ অলপ সময় হৈছেহে মাত্ৰ, তেনেতে মোৰ পুৰুষ সহকৰ্মী এজনে কাৰোবাৰ লগত ফোনত কথা পাতি পাতি আহি মোৰ ওচৰতে ৰ’লহি আৰু তাতে থিয় হৈ কথা পাতিবলৈ লাগিল৷ প্ৰথমতে মই সিমান মন দিয়া নাছিলোঁ, কিন্তু পিছতহে মন কৰিলোঁ। হয় হয়, মই ঠিকেই শুনিছোঁ। তেখেতেচোন কথাই কথাই ফোনৰ সিপাৰৰ জনক ‘চুম্মা’ ‘চুম্মা’ বুলি কৈছে। মই বোলো হে ভগৱান, মই ক’ত সোমালোঁহি! ইমান খুলা খুলিকৈ আৰু ডাঙৰ ডাঙৰকৈ ‘চুম্মা’ ‘চুম্মা’ বুলি চিঞৰি চিঞৰি কথা পাতিছে! কেনে পৰিবেশ হ’ব এইটো! পিছত ৰুমত গৈ সূৰ্য্যাক কওঁতে তাইৰ হাঁহিত ঢলি পৰোঁ, ঢলি পৰোঁ যেন অৱস্থা। তেতিয়াহে গম পালো ‘চুম্মা’ মানে তামিল ভাষাত হেনো ‘এনেয়ে’ বুজাই৷ মোৰ শুনি একদম আচৰিত হোৱাৰ পাল…ইম্মান পাৰ্থক্য নে!!!
দিনবোৰ এদিন দুদিন কৈ পাৰ হৈ গৈ থাকিল৷ দুই এটা তামিল শব্দ ইতিমধ্যে মোৰো শিকা হৈছে লাহে লাহে৷ অৱশ্যে ‘চুম্মা’ৰ দৰে দুই এটা শব্দই মাজে সময়ে মোক অসহজ অৱস্থাত পেলাবলৈ নেৰিলে৷ যেনে কামত যোগ দিয়াৰ কেইদিনমানৰ পিছৰ কথা৷এদিন হঠাৎ অফিচৰে বয়সস্থ সহকৰ্মী এজনে কথা নাই বতৰা নাই মোক ‘কুট্টী’ ‘কুট্টী’ বুলি মাতিবলৈ ধৰিলে৷ মোৰ শুনিয়েই টেমা গৰম হৈ গ’ল৷ বোলো, কৰিলোঁ কি মই, এনেকৈ মাতিবলৈ? তেতিয়াহে গ’ল পালো, ‘কুট্টী’ মানে তামিল ভাষাত হেনো সৰু, অকণমানি, ছোৱালী আদি বুজাই৷ আৰু এটা শব্দ হ’ল ‘মা’৷ ইয়াৰ মতা মানুহবোৰে প্ৰায়ে কোনো মহিলা বা ছোৱালীক সম্বোধন কৰিবলৈ ‘মা’ শব্দটো ব্যৱহাৰ কৰে৷ যেনে, ‘ভালে থাকিবা মা’, ‘এই কামটো কৰি দিয়াচোন মা’ ইত্যাদি ইত্যাদি৷ মই প্ৰথমতে শুনি বোলো- ‘ইয়ৌ, ইয়াৰ মতা মানুহবোৰ ইম্মান ভাল, সকলো নাৰীৰ মাজতে নিজৰ মাকক দেখে!’ পিছত অৱশ্য গম পালো যে কথাটো মই ঠিক ভবাৰ দৰে নহয়৷ ‘মা’ই মাককতো বুজাইয়েই, লগতে বহুতে ইয়াক নিজতকৈ কম বয়সৰ ছোৱালীক সম্বোধন কৰিবলৈও ব্যৱহাৰ কৰে৷ আন এটা শব্দ হ’ল ‘স্বামী’৷ এদিন দেখিলো মোৰ পুৰুষ সহকৰ্মী এজনে আন এজন পুৰুষ সহকৰ্মীক ‘স্বামী’ ‘স্বামী’ বুলি মাতি আছে৷ এতিয়া, ‘স্বামী’য়ে বা তামিলত কি বুজাই! গম পালো, ‘স্বামী’ হেনো ভগৱানৰে আন এটা নাম আৰু মতা মানুকে নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গক ইনফৰমেলি সম্বোধন কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰে৷
ইতিমধ্যে মোৰ চেন্নাইলৈ অহা ছমাহ হ’বৰ হ’লহি৷ লাহে লাহে মোৰো ভাষা সম্পৰ্কে থকা ভয় ভাৱটো কমি আহিল বহুখিনি৷ এদিন হঠাৎ মনলৈ ভাৱ আহিল যে ইতিমধ্যে মোৰ দুই এটা তামিল শব্দ শিকা হৈছেই আৰু কোনোবাই তামিলত কিবা ক’লেও অনুমান কৰি ল’ব পৰা হৈছোঁয়েই কিনো কৈছে, গতিকে সূৰ্য্যাই শিকোৱা সেই ‘পগুমা’টোনো ব্যৱহাৰ কৰি নাচাও কিয় এবাৰ? ভৱা মতেই কাম৷ সন্ধিয়া অফিচ ছুটি হোৱাৰ পিছত বাছত বহিলোঁগৈ৷ সময়ত গাড়ী চলিল, কণ্ডাক্টৰজন মোৰ ওচৰলৈ আহিল ভাড়া লবলৈ৷ মই ক’লোঁ-
:আন্না, অমুক পগুমা(অমুক মানে মোৰ হোষ্টেলৰ ওচৰৰ বাচ ষ্টেণ্ডটো)?
:কণ্ডাক্টৰ- ব্লা ব্লা ব্লা(মানে তামিলতে কিবা ক’লে)৷
মই একো বুজি নাপালোঁ৷ বুজি পোৱা নাই বুলি ভাৱি আকৌ ক’লোঁ-
:ন’ ন’ আন্না, অমুক পগুমা, অমুক?
:কণ্ডাক্টৰ- (পুনৰ) ব্লা ব্লা ব্লা৷
মইও নাচোৰবান্দা, মোৰ ওচৰত বহা কাকো সোধা নাই কি কৈছে তেখেতে৷ মাত্ৰ মই বাৰে বাৰে অমুক পগুমা, অমুক পগুমা কৈ আছোঁ৷ তেখেতেও তামিলতে কিবা কিবি কৈ আছে৷ অৱশেষত মোক টিকট এটা দি দিলে, মইও পইচা দি দিলোঁ৷ মই মনতে ভাবিলোঁ- বাপ্পেকে, আজি অৱশেষত পগুমা কৈহে এৰিলো! এটা সময়ত বাছৰপৰা নামিলোঁ৷ সেইদিনা মই সেই গোটেই ঘটনাটোৰ পৰা দুটা কথা শিকিলোঁ-
১। আমাৰ অফিচৰ ওচৰৰপৰা মোৰ হোষ্টেলৰ ওচৰলৈ দুটা বেলেগ বেলেগ ৰাস্তাইদি বাচেৰে আহিব পাৰি৷ হয়, সেইদিনা সেইখন বাছে বেলেগ এটা ৰাস্তাৰে আহি মোক আন এটা বাছ ষ্টেণ্ডত নমাই থৈ গ’ল৷ সেইটো হোষ্টেলৰ ওচৰৰ বাছ ষ্টেণ্ডটো পাৰ হৈ গৈ পোৱা বাছ ষ্টেণ্ডটো৷ বাছত কণ্ডাক্টৰজনে মোক কি ক’বলৈ বিচাৰিছিল মোৰ বুজিবলৈ বাকী নাথাকিল তেতিয়া!
২৷ তামিল মই বুজা হৈছোঁ বুলি ভৱা ধাৰণাটো সম্পূৰ্ণৰূপে এটা ভুল ধাৰণা৷
আজি চেন্নাইত থকা তিনি বছৰেই হ’বৰ হ’লহি৷ তামিল মোৰ এতিয়াও ভালদৰে শিকা হোৱা নাই৷ অনুভৱ হয়, ইয়াত জীয়াই থাকিবলৈ তামিল অতি জৰুৰী নিশ্চয় নহয়৷ ইয়াৰ মানুহবোৰো আনক সহায় কৰি বৰ ভাল পোৱা স্বভাৱৰ৷ ভাষাই কেতিয়াবা কিবা অসুবিধাত পেলালেও কোনোবা নহয় কোনোবা আগ বাঢ়ি আহেই সহায় কৰিবলৈ৷ অৱশ্যে হিন্দী বহু কম লোকেহে জানে ইয়াৰ৷ হিন্দী তেওঁলোকে ৰাষ্ট্ৰীয় ভাষাৰূপে গণ্য কৰিব নিবিচৰা বিষয়টোক লৈ কেতিয়াবা কেতিয়াবা স্থানীয় সহকৰ্মীসকলৰ মতামত জানিবলৈও মই নিবিচৰা নহয়৷ তেওঁলোকে বহুতেই কয় যে হিন্দীক ৰাষ্ট্ৰীয় ভাষাৰূপে গণ্য নকৰাৰ প্ৰধান কাৰণটো হ’ল তামিল ভাষা হিন্দীতকৈ বেছি পুৰণি৷ ইয়াৰ প্ৰকৃত কাৰণ লাগে যিয়েই নহওক, কিন্তু তেওঁলোকৰ নিজৰ ভাষাৰ প্ৰতি থকা প্ৰেম তথা সন্মান দেখিলে মোৰ হ’লে শ্ৰদ্ধাত তেওঁলোকৰ প্ৰতি মূৰ দোঁ খাই যায়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক