চিৎকাৰ (উজ্জ্বল ফুকন)

ইটো সিটো বহুতো কথা মনলৈ আহিল অনিৰ্বাণৰ। ইমান ভাগৰ কিয় লাগিছে আজি একো বুজি পোৱা নাই সি। খোজত অকণো শক্তি নাই তাৰ। এয়া যেন এক অন্তহীন যাত্ৰা।

গোটেই শৰীৰটো সি তলৰপৰা ওপৰলৈ চালে এবাৰ। নাই ক’তো একো জখম বা দাগ নাই। হঠাৎ তাৰ কাষেদি ধৰ্মকাই আৰু ৰংমন কাই কান্ধত বাঁহ একোডাল লৈ পাৰ হৈ গ’ল।
“অ’ ধৰ্মকাই, কোনফালে যায়?” সি ধৰ্মকাইলৈ চাই মাত দিলে। তালৈ কোনো কাণ নিদিয়াকৈ আগবাঢ়িল ধৰ্মকাই। “অ’ অজলা ককাই, আপুনিয়ে কিবা এটা কওক।” ৰংমনক গোটেই গাঁওখনে অজলা ককাই বুলি মাতে।
“কিবা বেয়া দেৱী দেৱতাই পালে নেকি অ’ তাক” অজলা ককায়ে তাৰ কথাত একো পাত্তা নিদিয়াকৈ ধৰ্মকাইক সুধিলে।
“মই তাক পোনাকণ বুলি মাতিছিলোঁ। কেঁচাসোণৰ দৰে ল’ৰা সি। মনটো একেবাৰে নিকা। যোৱা বছৰ ব’হাগৰ দুপৰীয়া এটাত মই তাক ৰঙানদীৰ পাৰলৈ যোৱা দেখিছিলোঁ। নাজানো কিয় গৈছিল। সেইবোৰ নিষিদ্ধ নদী নিজৰাৰ পাৰ-ঘাটত যখিনী , বাঁক, বাঁকৰ পুতেকৰ অহৰহ বিচৰণ হয়।
সেইবোৰ কথা নুলিয়াওঁ আৰু। নিশাৰ অৰণ্যৰ পাৰৰ পৰা ৰঙানদীখন চালে খামিডাঠ মানুহৰো পিছপিনেদি গৰম বতাহ ওলাই যায়।” ধৰ্মকায়ে ক’লে।
“ৰঙানদীৰ কথা তেনেকৈ নক’বি অ’। তথাপিও নদী। তাৰ পাৰতেই আমাৰ ওপজা সোণৰ মাটি।” অজলা ককায়ে ক’লে।
“হয় দে, মোহমুক্তি হ’ল আৰু তাৰ। জীৱন তৃষ্ণাৰ পৰা মুক্তি পালে। কোনোবা নতুন পৃথিৱীলৈ গ’ল গৈ সি। আকাশৰ তৰা হৈ আমাক চাই আছে চাগৈ এতিয়া” ধৰ্মকায়ে হয়ভৰ দি ক’লে।
“ধৰ্ম এতিয়া কিন্তু মেঘমুক্তিহে হ’ব যেন পাইছোঁ। বৃষ্টি পৰাৰ আগতে সিহঁতৰ ঘৰ পাবগৈ লাগিব।” অজলা ককায়ে আকাশলৈ চাই ক’লে।
সিহঁতৰ কথাত অনিৰ্বাণেও আকাশৰ ফালে চালে। দূৰণিৰ ৰংবোৰ সঁচাকৈ মেঘৰ ক’লা চপৰাবোৰে আৱৰি ধৰিছিল।
সিহঁতৰ কথাবোৰত বৰ বেছি গুৰুত্ব নিদি আড্ডাত গৈ ধোঁৱা অলপ উৰুৱাই অহাই অনিৰ্বাণে ভাল বুলি ভাবিলে। কেনেবাকৈ যদি অলপ ভাগৰ নাইকিয়া হয় ভালেই।
দূৰৰ পৰাই দেখিলে আড্ডাত ইতিমধ্যে অকণ, তেজ, দীপজ্যোতি, চিৰাজ আৰু কল্লোল সোণমইনাৰ পান দোকানৰ আগৰ বেঞ্চখনত বহি আছে। সি গৈ সিহঁতৰ কাষত থিয় হ’ল। সি মন কৰিলে কোনেও যেন তাৰ উপস্থিতি গণ্যই কৰা নাই।
সিহঁতক কিবা এটা ক’বলৈ মুখ মেলোঁতেই সি দেখিলে তিনিটা ৰঙাপুলিচ সিহঁতৰ ফাললৈ আগবাঢ়ি আহিছে।
“অই, তহঁতে অনিৰ্বাণৰ কথা কি জান?” এটা পুলিচে সুধিলে।
“সি আমাৰ ভাই ভাই মানে মইনাজান মানে দীনবন্ধু আছিল। বিষ্ণুৰ অৱতাৰ বুলিয়ে ধৰক। সি আমাৰ সকলো বিপদত সহায় কৰিছিল।” অকণে স্বভাৱসুলভ ৰসিকতাৰে ক’লে।
“বন্ধু এজন নোহোৱা হৈ গ’ল তথাপি তহঁতৰ একো অনুতাপ নাই। কি নাম তোৰ।” আনটো পুলিচে সুধিলে।
“এন্থনী, এন্থনী মোৰ নাম” অকণে আকৌ ধেমালি কৰিলে।
“আৰু তোৰ নাম কি?” চিৰাজলৈ চাই সুধিলে পুলিচটোৱে।
“শঙ্কৰ যোচেফ আলি” চিৰাজে মিচিকিয়াই উত্তৰ দিলে।
“আৰু মই তেজ” তেজে তাৰ নামটো নোসোধাকৈয়ে ক’লে।
“কি তেজ? কাৰ তেজ? তয়েই কিবা এটা কৰিলি নেকি তাক” পুলিচটোৱে তেজলৈ চাই আগবাঢ়ি আহিল।
“সূৰ্য তেজৰ অন্য নাম। মানে ঘৰত মতা নাম” তেজে লাহেকৈ ক’লে।
“অ’ ইহঁতৰ ধেমালি বেছি হৈছে। জানি থ’ আমাৰ ইন্সপেক্টৰ সমীৰণ বৰুৱা আহি আছে। তেতিয়া কিন্তু এটাইও ৰক্ষা নাপাবি” পুলিচটোৱে ক’লে।
গোটেইকেইটা এইবাৰ মনে মনে থাকিল।
“কি হ’ল চাৰৰ নাম শুনি তহঁতৰ এতিয়া উত্তৰ শূন্য” পুলিচটোৱে হাঁহি হাঁহি ক’লে।
“সি আমাৰ আড্ডাৰ ধ্ৰুৱতৰা আছিল। সি আছিল এজাক ধুমুহাৰ নাম। কি নাছিল সি। আমাৰ ক্ৰিকেট টীমৰ সি অধিনায়ক আছিল। জীৱনটো যদি সি যুঁজ বুলি ভাবিছিল তেন্তে খেলপথাৰখন আছিল তাৰ বাবে ৰণাঙ্গণ। সাঁতোৰ তাৰ প্ৰথম প্ৰেম আছিল। সাগৰত সাঁতোৰাৰ তাৰ সৰুৰেপৰা হেঁপাহ আছিল।
কিন্তু সাগৰলৈ বহু দূৰ বাবে ৰঙানদীখন সাঁতুৰি পাৰ হোৱাৰ সপোন দেখিছিল। শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱাৰ দৰে। সি আমাক প্ৰায়ে কৈছিল এই দেশ মোৰ দেশ। এই অসম মাটিৰ স্বৰ্গ আৰু সেউজী ধৰণী ধুনীয়া। আমি কোনো ধনী দুখীয়া নহয় আমি অসমীয়া আৰু আমিয়েই ভূমিপুত্ৰ।
সি ভাবিছিল তাক অগ্নিয়ে পুৰিব নোৱাৰে পানীয়ে ডুবাব নোৱাৰে। কিন্তু মোৰ ভাব হয় ৰঙানদীৰ বানৰ কোবাল পানীয়ে তাৰ প্ৰাণ গঙ্গা কাঢ়ি নিলে। সি আমাৰ বাবে এতিয়া মাথোঁ এক স্মৃতিৰ পৰশ আৰু এখিলা সৰাপাত। আৰু ইমানৰ পিছত আপুনি ভাবে সমীৰণ বৰুৱাৰ ভয়ত আমি কোনোবা এজনে ক’ম ‘আই কিল্ড হিম চাৰ’?” কল্লোলে পুলিচটোলৈ চাই ক’লে।
কল্লোলৰ কথাত অনিৰ্বাণে হাঁহিম নে কান্দিম একো বুজি নাপালে। প্ৰতিবাদ কৰিব গৈও সি ৰৈ গ’ল। তাৰ প্ৰতি ইমান অনুৰাগ সিহঁতৰ। কিহৰ বন্ধন এয়া। এনে বন্ধুত্বৰ বান্ধোন গ্ৰহণ কৰিবলৈও এখন বহল হৃদয়ৰ প্ৰয়োজন হয়। এক অবুজ বেদনাত তাৰ বুকুৰ মাজত জ্বলি উঠিল একুৰা বিষাদৰ বনজুই।
সি চিঞৰি উঠিল নীলকণ্ঠই যেনেকৈ অনল পান কৰি সকলোকে ৰক্ষা কৰিছিল মইও তহঁতৰ বাবে নীলকণ্ঠ হ’ম। সকলো কৰিম তহঁতৰ ভালৰ বাবে। সূৰ্যাস্তৰ আলোকৰ আহ্বানত এয়া অনিৰ্বাণৰ অঙ্গীকাৰ। লোকেল কুংফুৰ ভঙ্গিমাত সি হাত দুখন উঠাই দেখুৱালে।
“কিন্তু তাৰ এনে লাগিল কোনেও যেন তাৰ মাত নুশুনিলে। কি বিভ্ৰাট এয়া। নে সঁচাকৈয়ে কিবা লটিঘটি হৈছে। ইমান অভিমান কিয় ইহঁতৰ?” অনিৰ্বাণে ভোৰভোৰাই উঠিল।
“তোমালোকৰ কথা বুজি পাইছোঁ। তোমালোক তাৰ আপোনজন আছিলা। যিমানেই মহাৰথী নহওঁক কিয় মৃত্যুহীন জীৱন কাৰোৰে নহয়। মই বুজিলোঁ তাৰ এটা জোনাকী মন আছিল। সি তোমালোকৰ গ্ৰুপৰ মুকুতা বা আন অৰ্থত অপৰাজেয় নায়ক আছিল। কিন্তু তোমালোকেও জানা জীৱন নদীৰ দুটি পাৰ। এটা পাৰত তোমালোক আৰু তাৰ ঘৰ সংসাৰ আছিল। আনটো পাৰত কোনোবা উৰ্বশী ,মানসী,বনানি বা কোনোবা কাদম্বৰী আছিল নেকি? যাৰ হৃদয় কপোঁৱা গানে জেতুকা পাতৰ দৰে তাক আৱৰি ধৰিছিল।” আন এজন পুলিচে সুধিলে।
“ৱাহ! আপুনি ভাল এৰাবাটৰ সুৰ এটা টানিলে। ছোৱালীৰ নাম বোৰ ভালেই ক’লে আপুনি। বয়সলৈ চাই আপুনি মনোমতী, সোণমা, ইন্দ্ৰমালতী, সোণতৰা বা তৰামাই জাতীয় নাম ল’ব বুলিহে ভাবিছিলোঁ। ” অকণ আকৌ সাৰ পালে বহু দেৰিৰ পিছত।
“কদম তলে কৃষ্ণ নাচে বুলি কৈ ভালপোৱা বয়সত সকলোকে যৌৱনে আমনি কৰে। কৃষ্ণচূড়া, ৰজনীগন্ধা, ৰঙা মদাৰ বা পলাশৰ ৰং দেখিলে মন ৰাইজাই কৰে। বুধু অৰ্জুন আৰু জংকী পানৈৰ কাহিনীয়ে প্ৰেম ভৰা চকুলো বোৱায়। এই বয়সতে হৃদয়ৰ আঁৰে আঁৰে হিয়া দিয়া নিয়া হয়। প্ৰেম জনমে জনমে বুলি কৈ ভাল লাগে।
মন যায় মিঠা মিঠা লগনত ক’বলৈ মৰমী হ’বানে লগৰী বুলি। মনত বিৰিণাৰ জুই সকলোৰে লাগে। কোনোবাই প্ৰেমগীত গাই জীৱন বাটৰ লগৰীক কয় ‘তুমি মোৰ মাথোঁ মোৰ। আন কোনোবাই কয় ‘তুমিয়েই মোৰ কল্পনাৰ’ বা এই মৰম তোমাৰ বাবে। যৌৱন মানেই প্ৰেম আৰু প্ৰেম। প্ৰিয়া অ’ প্ৰিয়া বা অ’ চেনাই বুলি কোৱা সকলোৱে জীৱনত চাগৈ এবাৰ হ’লেও ক’বলগা হয় ‘মই তোমাক ভাল পাওঁ। আই লাভ ইউ।” কথাখিনি কৈ চিৰাজে সকলোলৈ চালে। সি যেন এক প্ৰেমিক পখী।
“মন আৰু মৰম দুয়োটা সম্পূৰ্ণ পৃথক বস্তু। মন হ’ল মন প্ৰজাপতি। ই প্ৰেমৰ চাকনৈয়াত পৰিলে বৰদৈচিলাৰ দৰে উৰা মাৰে। আৰু মৰম হ’ল মৰম নদীৰ গাভৰু ঘাট। সেই ঘাটত যাকেই ল’গ পাই তাকেই সোধা হয় “ইমান মৰম কিয় লাগে”। ইয়াৰ পিছতো কিছুমানে প্ৰেমত পৰিব নোখোজে আৰু কয় “ভাল পাব নাজানিলোঁ”।
সিহঁতৰ বাবে এটাই উত্তৰ “এয়েই জোনাকবিহীন জীৱন”। দ্বীপজ্যোতিৰ মাত সেইটো।
“ৰাগ বিৰাগ যোগ বিয়োগ সকলোৰে জীৱন সুৰভিৰ নিমিলা অংক। জীৱন তৃষ্ণাত মৰম তৃষ্ণা হ’ল এক সোণৰ হৰিণৰ মায়া মৰীচিকা। যি তাৰ পিছে পিছে গৈ চক্ৰবেহুত সোমাই সি অগ্নিস্নান কৰাটো নিশ্চিত। মানৱ আৰু দানৱ সকলোৰে নিজৰ ভিতৰৰ মন মন্দিৰত থাকে। ক’ব পাৰে দানৱ মানৱৰে এটা উপগ্ৰহ।
মনৰ তাগিদাত কেতিয়াবা কোনোবা অধোগমন হৈ দানৱ হয় আৰু কেতিয়াবা উত্তৰণ হৈ মানৱ হয়। এই ধৰক কিছুমানে কয় জোন জ্বলে কপালত আন কিছুমানে কয় জোন দা ইমান গুণ্ডা! কিন্তু আমি দেখা জোনটো সদায় দেখোন আকাশতে থাকে। সেয়েহে একে শব্দৰ কথাৰ অৰ্থ বেলেগ বেলেগ হ’ব পাৰে।
ঠিক সেইদৰে আপুনি দেখা মানুহটো আপুনি ভবাৰ দৰে নহ’বও পাৰে। সিও তেনেকুৱাই আছিল। হালধীয়া চৰায়ে বাওধান খাই বুলি শুনিছোঁ কিন্তু আহুধানোতো খাব পাৰে। নাম হলধৰ হ’ল বুলি মানুহটোৱে জানো অনবৰত নাঙল লৈ ঘুৰি ফুৰে। কোনো বাধা নিষেধতো নাই। আমি সকলোৱে ছোৱালী জোকাওঁ। ইয়াত থকা কোনো এটা ৰজা হৰিশ্চন্দ্ৰ নহয়। কিন্তু সেইবোৰ ফূৰ্তি। মৰমী, ৰশ্মিৰেখা, মমতা, পাপৰি, ময়ূৰী আৰু বহুত ছোৱালীক আমি চিনি পাওঁ। কোনোবা জনীৰ দেউতাকৰ নাম মানস বাবে তাইক মানস কন্যা বুলি জোকাওঁ। আন এজনীৰ ঘৰ মাছৰ বজাৰৰ ফালে বাবে তাইৰ জোকোৱা নাম মৎস্য কন্যা।
আৰু ধেৰ নাম। মধু চন্দা, ললিতা, জাতিঙ্গা ইত্যাদি। সকলো নামৰ কাৰণ এতিয়া মনত পৰা নাই। ক’ৰ পৰা আৰম্ভ কৰো তাৰ প্ৰেমৰ ইতিহাস। কাজিৰঙাৰ কাহিনী কওঁ নে সেই উজনীৰ দুজনী গাভৰু মামনি আৰু কণিকাৰ পৰা আৰম্ভ কৰোঁ। ঠিক আছে আকাশীতৰাৰ কথাৰে আৰম্ভ কৰিছোঁ” কল্লোলে কৈ গ’ল।
“অই নক’বি এইবোৰ” অনিৰ্বাণে চিঞৰি উঠিল।
তাৰ কথা আকৌ এবাৰ কোনেও নুশুনিলে।
আকাশীতৰাক সি কাজিৰঙালৈ যাওঁতে লগ পাইছিল। আমাৰ কাজিৰঙা অভিযানত তাইও লগ দিছিল। তাই আমাৰ লগৰ কুশলৰ পেহীয়েকৰ ছোৱালী। সেই বিশেষ এৰাতি চিকমিক বিজুলীৰ পোহৰত তাইক অপৰূপা লাগিছিল। বনহংসৰ দৰে তাইৰ চাল চলন। জুইৰ চাৰিওফালে আমি সকলো বহি গান গল্প-গুজৱ কৰি আছিলোঁ। নিজৰ ৰূপক লৈ অনিৰ্বাণৰ আগৰে পৰা অহংকাৰ আছিল। গুণ গুণ গানে গানেৰ চলেৰে সি তাইৰ কাষ চাপি গ’ল। অগ্নিসাক্ষী কৰি সি সুধিলে তাইক “আছেনে কোনোবা হিয়াত?” । তাই বিশেষ গুৰুত্ব নিদিলে তাৰ কথাক। একপ্ৰকাৰ প্ৰত্যাখান কৰিলে তাৰ আশাক। কিন্তু সি সেই ৰাতিয়েই কোনো এক অশান্ত প্ৰহৰত প্ৰতিশোধ লৈছিল। মোহাৰি পেলাইছিল সেই বনৰীয়া ফুল পাহ আৰু তাইৰ সংস্কাৰৰ কাঁচঘৰ। তাইৰ চৰিত্ৰৰ অগ্নিগড় ভাঙি চূৰমাৰ হৈছিল সেই ৰাতি। তাইৰ সেই নিশাৰ চকুলো তাৰ বাবে অভিশপ্ত প্ৰেমৰ প্ৰতিদান আছিল।
অৰণ্যত বোলে বাঘ মানুহৰ খেলা হয়। সেইদিনা চাগৈ বাঘৰূপী দানৱ তাৰ মনত আশ্ৰয় লৈ খেলা কৰিছিল। সেইয়াই তাৰ ক’লা অধ্যায়ৰ প্ৰথম ৰাগিণী। প্ৰভাতী পখীৰ গান শুনি ভাল পোৱা ল’ৰাটো অহেতুক কেনেকৈ এনকুৱা হ’ল সেয়া উত্তৰ কালত জনা যাব।
তাৰপিছত সি লাজ মান জলাঞ্জলি দি বন্ধুসমাজত কৈ ফুৰিছিল বোলে যোগ্য ভোগ্য বসুন্ধৰা। সেয়া হেনো আকাশীতৰা আৰু তাৰ প্ৰিয়া মিলন।
শ্বিলঙৰ সেই ৰাংধালী পাহাৰী কন্যা আকাশীতৰাক তাৰপিছত কোনেও দেখা নাই। এদিনটো বাৰুদৰ বিস্ফোৰণ হ’বই। শুনামতে তাইৰ ককায়েক দূৰ্জনে সংকল্প লৈছিল তাক উচিত শাস্তি দিয়াৰ।
কল্লোলৰ কথাৰ মাজতে অকণে একতা কাপুৰৰ চিৰিয়েলৰ ষ্টাইলত চিঞৰি উঠিল “সংঘাত সংঘাত সংঘাত! এই সংঘাতৰ বাবেই চাগৈ সি মৃত্যুৰ ৰূপত শেষ উপহাৰ পালে। মইও শুনিছিলোঁ সি দূৰ্জনৰ হিটলিষ্টত আছিল বুলি”।
“অই কল্লোল এতিয়া খুড়া খুড়ীৰ বুঢ়াকালৰ সাৰথি কোন হ’ব?” অকণে সুধিলে কল্লোলক।
“মই কি জানো। মই কিবা সৰব-জান নেকি। ভায়েক এটা আছে নহয় তাৰ। সি চাব আকৌ।” কল্লোলে ভেকাহি মাৰি ক’লে।
“আব্বে, মই কিমান ক’ব লাগে মই জীয়াই আছোঁ বুলি। কোনেও নুশুনা যেন দেখি অনিৰ্বাণে ঘৰ অভিমুখে ওলোটা খোজ দিলে। ৰেলৰ আলিৰ দূবৰি বন গচকি সি এটা উপপথ ল’লে।
ৰিক্সাৱালা এটাক চিঞৰিছিল যদিও একো কাণষাৰ নিদিলে ৰিক্সাৱালাটোৱে।
কল্লোলে আজি বহুদিনৰ মূৰত কণিকা আৰু মামণিৰ কথা মনত পেলাই দিলে। কণিকাৰ লগত সৰুতে সি পুতলা ঘৰ সাজিছিল। সিহঁতৰ ঘৰৰ বেৰাত দুয়োটাই ৰামধেনু আঁকিছিল। আৰু ৰামধেনুখনৰ তলত সি লিখিছিল “কণিকাৰ ৰামধেনু”। কণিকাক পিছে অনিৰ্বাণে কেতিয়াও প্ৰেমিকাৰ দৰে ভবা নাছিল।
আৰু মামণি, তাই একেবাৰে পূজাৰ প্ৰতিমাৰ দৰে ধুনীয়া আছিল। ‘একত্ৰিশ জুন’ তাৰ আজিও মনত আছে তাৰিখটো। সি কৈছিল তাইক “হিয়াৰ দাপোণত তোমাৰেই ছবি”। তাই চেণ্ডেল হাতত লৈ যি ৰণচন্দী ৰূপ ল’লে সি দৌৰি তত পোৱা নাছিল সেইদিনা। দুদিনমানৰ পিছত কোনোবাই কোৱা সি শুনিছিল মাঘত মামনিৰ বিয়া বুলি। খবৰটো পাই তাৰ তাইৰ চেণ্ডেলযোৰ মনত পৰি গ’ল। আকাশীতৰাৰ কথা ভাবি তাৰ বেয়া লাগিল। পাপ কৰিছিলোঁ যেতিয়া প্ৰায়শ্চিত্তও কৰিম। বিনা হকা-বধাৰে কন্যাদান কৰিলে তাইক মইয়েই বিয়া কৰাম। তাইক বিয়া পাতিলে অন্তত মই ক’ব পাৰিম ‘কইনা মোৰ ধুনীয়া’।
দূৰ্জনৰ লগতো কথা পাতিব লাগিব। পাপ আৰু প্ৰায়শ্চিত্তৰ মাজতে জীৱন। গণেশ বাবাকো লাড়ু দুটামান অৰ্পণ কৰিব লাগিব।” অনিৰ্বাণে মনে মনে ভাবিলে। পশ্চিমৰ আকাশৰ হেঙুলীয়া সূৰুজত সি এক নতুন আশা দেখা পালে। ৰ’দৰ চোঁক তেতিয়া কমি আহিছিল।
হঠাৎ কিবা এটা শব্দৰ প্ৰতিধ্বনি দূৰৰ পৰা ভাহি আহিল। প্ৰথমে কোনোবাই সন্ধাৰাগ বা আৰতি গাই থকা বুলি ভাবিছিল সি। কিন্তু লাহে লাহে শব্দবোৰ কান্দোন আৰু কোলাহলৰ ৰূপ ল’লে। ‘এয়া দেখোন আমাৰ ঘৰৰ পৰাই ভাহি আহিছে। কিবা নতুন অমঙ্গলৰ সূত্ৰপাত ন’হলেই হয়। অনিৰ্বাণে নেদেখাজনক সুঁৱৰিলে।
ককাদেউতাৰ কিবা হোৱা নাইতো? ককাদেউতা অতীজৰ ৰজাঘৰৰ বংশধৰ। মাৰ দেউতাক। আগৰদিনৰ হাতী থকা মৌজাদাৰ। এতিয়াও ককাদেউতা সি আৰু হাতীটোৰ ফটো এখন ঘৰৰ ড্ৰয়িং ৰূমত ওলোমাই থোৱা আছে। ফটোৰ তলত লিখা আছে ‘ককাদেউতা নাতি আৰু হাতী’। হাতীটো মৰা বহু বছৰ হ’ল।
দেউতাৰ আগে পিছে কোনো নাছিল সেয়ে বিয়াৰ পিছত ককাদেউতাৰ ঘৰ জোঁৱাই হিচাপে থাকি গ’ল।
‘স্নেহবন্ধন’ ককাদেউতাই দিয়া ঘৰৰ নামটো লাহে লাহে তাৰ দৃষ্টিত জিলিকি উঠিল। চোঁতালত লোকে লোকাৰণ্য। জপনাৰ মুখতে আইতাক দেখি কপাললৈ চকু দিলে সি। সেন্দুৰ কণ দেখি মনটো ভাল লাগি গ’ল।
ফাগুণী বাই, ৰূপহী, শেৱালি, আদি সকলো ভাগে ভাগে কামত ব্যস্ত। কেনেবাকৈ ওৰে জীৱন ঘৰ জোঁৱাই হৈ থকাৰ দুখত দেউতাই দ্বিতীয় বিবাহত বহি সকলো এৰি গুচি গ’ল নেকি আকৌ। হে ভগৱান , দেউতাৰ বিয়া’ এইটো যেন শুনিবলৈ নাপাওঁ আৰু। পিতাপুত্ৰৰ সম্বন্ধটো যাতে ভাল হৈ থাকে।
“ড: বেজবৰুৱা, এইয়া মোৰ বোৱাৰী। মানে সৰু বোৱাৰী। বৰ লখিমী ছোৱালী। আৰু এইয়া মোৰ পত্নী ৰুণুমী। আপুনিয়েই অলপ বুজাওক। মই বুজাই বুজাই পৰা নাই।” ককাদেউতাৰ মাতটো ভাহি আহিল।
“নিয়তি বা বিধাতাৰ আগত আমি কোন কুটা। প্ৰিয়জন বিশেষকৈ সন্তান হেৰুৱালে দুখ হ’বই। বিশেষকৈ নবৌক আপোনালোকে ভালকৈ খবৰ ৰাখক। বৰ সাদৰী মানুহজনী। আজলী নবৌ। ল’ৰাটোৰ আত্মাটো এতিয়া অঘৰী আত্মা।
সকাম ভাগ ভালকৈ পাতি মুক্তি দিব লাগে তাক। চামেলি মেমচাহাবক মাত গৈ যা। আমি উঠোঁ আৰু। চামেলিয়ে ককাদেউতাৰ পথাৰৰ গৰখীয়াটোৰ সৈতে চকু টিপিয়া টিপি খেলি আছিল। মালিকৰ মাত শুনি তাই দৌৰি ভিতৰ পালেগৈ। ডাক্টৰণী শ্ৰীমতী মহিমাময়ী আৰু একমাত্ৰ পুত্ৰ শ্ৰীমান মাইমন তাৰ কাষতে ৰ’লহি।
দুৱাৰৰ এটা পাল্লা ঠেলি এইবাৰ সি ভিতৰৰ ৰুমটোত সোমাল।
ভাইটিয়ে বাইদেউৰ পুতেক জুমন চুমনক কোচত লৈ আছিল। দেউতাকৰ লগত ব্লেকমানিৰে পকেট ওফন্দি থকা ৰতনলাল ঠিকাদাৰ আৰু বৰা খুড়া বহি আছিল।
“ৰতনলাল পিছে ক’ৰপৰা আহিল।” বৰা খুড়াই সুধিলে।
পূবেৰুণ গোষ্ঠীয়ে দুসপ্তাহ ধৰি নাট প্ৰদৰ্শন কৰি আছে নহয়। তাকে চাব গৈছিলোঁ। তাতে খবৰটো পালো। নাটক পিছে বৰ ধুনীয়া হৈছে। জয়মতী, পিয়লি ফুকন, নৰকাসুৰ, বদন বৰফুকন, ভক্ত প্ৰহ্লাদ, শকুন্তলা, সতী বেউলা, কনকলতা, লাচিত বৰফুকন, মণিৰাম দেৱান আদি সকলো নাটক হিচাপে দেখুৱাইছে।
বৰ ভাল হৈছে। আৰু সাধুবোৰৰো নাট্যৰূপ কৰিছে। যেনে তেজীমলা বা তুলা আৰু তেজা আদি। মণিৰাম দেৱান কনকলতা এইসকল কেনেকুৱা বিপ্লৱী আছিল জানেই নহয়। আমাৰ আজিৰ দৰে বিপ্লৱী নহয় যি কথাই প্ৰতি কয় যুগান্তৰৰ তেজাল পুৱা হ’ব। যুগে যুগে সংগ্ৰাম হ’ব। মই নাটক চাই বৰ ভাল পাওঁ। আই ডণ্ট ৱাণ্ট টু মিছ ইট ইন A Weekend ইউ ন’। কিন্তু বৰুৱাৰ সংসাৰ খনৰ কথা ভাবি আহিলো। ৰতনলালে ইংৰাজী অসমীয়া মিহলি কৰি ক’ব ধৰিলে।
“হৌৰি আপুনি ঘৰচিৰিকা চাবলৈ আহি গংগা চিলনীৰ পাখিৰ কথা পাতি আছে যে। কি মানুহ হে আপুনি। ইয়াত এটা ডেকা ল’ৰা নোহোৱা হৈ গ’ল আৰু আপোনাৰ নাটক লৈ চিন্তা হৈছে।” বৰাখুড়াই ৰতনলালক ক’লে।
সন্তান চিক্ছথ্ দে’ অফ ক্ৰিয়েচন নহয়। ৯ মাহ পেটত ৰাখে মাকে। দুখ হ’বই। কিন্তু আৱৰ্তন যেনেকৈ হয় প্ৰত্যাৱৰ্তনো হ’ব” ৰতনলালে ক’লে।
আপুনি অসমীয়া শব্দবোৰৰ অৰ্থ ভালকৈ শিকি ল’ব। শেষৰ বাক্যটো কিবা বেলেগ অৰ্থ হে বুজাইছে যেন পাইছোঁ।
ইতিমধ্যে ওপৰ মহলাৰ পৰা মাকক নামি অহা দেখিলে অনিৰ্বাণে। বৰা খুড়াই লাহেকৈ টিভিটো অ’ন কৰি দিলে যাতে মাকে অলপ সময়ৰ বাবে হ’লেও বেলেগ কথা ভাবিব পাৰে।
“হে অহিৰ ভৈৰৱ, এয়া তোমাৰ কি লীলা। পুঁৱতি নিশাৰ সপোনটো কিয় সঁচা কৰিলা। সেই চুৰেণ চোৰৰ পুতেক নাচি বাগি মদ পানী খাই গণ্ডগোল কৰে কিন্তু তাক আপুনি একো নকৰে। কিন্তু মোৰ ৰাজা মোৰ নয়নমনিক কিয় কাঢ়ি লৈ গ’ল আপুনি?” মাকৰ মাতটো শুনি সি কান্দোন ৰাখিব নোৱাৰিলে।
ৰূমটোত ইতিমধ্যে মাকৰ মাতটোৰ সৈতে আন এটা মাতো সমানে ভাহি আহিল। ‘হয় আজি আমি দেখুৱাই আছোঁ কেনেকৈ এজন ডেকা ল’ৰাক হত্যা কৰা হ’ল। পৰিয়ালে দোষীৰ উচিত শাস্তিৰ বাবে আদালতৰ কাষ চাপিব বুলি আমাক জনাইছে। আমিও ভাবো যদি কোনোবা পক্ষৰ সৈতে ল’ৰাজনৰ কিবা কাজিয়া হৈছে তেন্তে তাৰ উচিত তদন্ত হ’ব লাগে আৰু ইয়াৰ মীমাংসা হওক আৰু দোষীয়ে উপযুক্ত শাস্তি পাওঁক।” টিভিৰ সিপাৰৰ পৰা অহা সত্যম শিৱম সুন্দৰমৰ মাতটো সি চিনি পালে।
“দেউতা দিয়া বিদায় তাক। দাদা আৰু নাই।” ভাইটিৰ মাত এইটো। দেউতাকে কিবা এটা জোৰকৈ সাৱটি আছে। বগা কাপোৰেৰে ঢাকি ৰখা মৃতদেটো তেতিয়াহে সি দেখিলে।
‘মানে সি সঁচাই মৰিল নেকি?’ অনিৰ্বাণ আকৌ উচুপি উঠিল।
“হে শ্ৰীশ্ৰী মা কামাখ্যা, একো সোণৰ খাৰু নালাগে মোক। মাথো ল’ৰাটো ঘুৰাই দিয়া।” মাকে আকৌ চিঞৰি উঠিল।
‘আই মোৰ জনমে জনমে। মা তুমি অনন্যা। মা মা …..’ মাকৰ ভৰি দুটা সাৱটি চিঞৰি চিঞৰি কান্দি উঠিল সি।
“এইডালৰ কি হৈছে অ’। এৰ মোৰ ভৰিটো।” মাকৰ চিঞৰত সি বাস্তৱলৈ ঘূৰি আহিল। বিছনাৰ পৰা মজিয়াত লেপেটা কাঢ়ি মাকৰ ভৰিত ধৰি আছে সি।
টোপনিত খপজপকৈ জঁপিয়াওঁতে কিবা এখন কাগজ তুলিৰ তলৰ পৰা ওলাই আহিছিল।
সি দেখিলে কাষতে বহি থকা দেউতাকে সেই কাগজৰূপী ফাইনেল চেমিষ্টাৰৰ মাৰ্কছিটখন তুলি লৈছে।
এতিয়া সি দৌৰাৰ বাহিৰে উপায় নাই। দেউতাকৰ গালি আৰু খং মিহলি চিৎকাৰ কিছুমান ভাহি আহিল ঘৰৰ ভিতৰৰ পৰা। সি সন্মুখৰ আলিবাটটোৰে মাথোন দৌৰি আছে। এইয়া এক অন্য যাত্ৰা।
চিৎকাৰ শব্দটো ভাল লাগিল তাৰ। ভাল ভাল মগজুৰ নতুন চাম অসমীয়াই চিনেমা নিৰ্মাণত হাত দিছে। হয়তো চিৎকাৰ নামৰ এখন ভৌতিক অসমীয়া চিনেমা কোনোবা এদিন নিৰ্মাণ হ’ব।
অসমীয়া ভূতৰ চিনেমা। কথাটো ভাবি মনটো ভালো লাগিল সমানে ভয়ো লাগিল তাৰ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments