চিত্ৰশিল্পী বিষ্ণু ৰাভা – লুকীমনি বৰুৱা

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী সুদক্ষ চিত্ৰশিল্পী আছিল৷ ৰাভাৰ অংকন প্ৰতিভা তথা চিত্ৰকৰ্ম সমূহৰ সম্পুৰ্ণ অধ্যয়ন আজিও নোহোৱাটো পৰিতাপৰ বিষয়৷ ৰাভাৰ সংস্পৰ্শত থকা বহুকেইজন ব্যক্তিয়ে লিখি থৈ যোৱা বক্তব্যৰ পৰা বুজা যায় যে, ৰাভা অন্তঃকৰণেৰে চিত্ৰকলাৰ অনুৰাগী আছিল৷ অসমত চিত্ৰকলাৰ চৰ্চা আৰু শিক্ষাৰ এটি পৰিৱেশ গঢ়ি তুলিবৰ বাবে তেখেত অতি আগ্ৰহী আছিল৷ মহাপুৰুষ শংকৰদেৱৰ অৱদান আৰু আদৰ্শক গভীৰভাৱে শ্ৰদ্ধা কৰা ৰাভাই প্ৰথমবাৰৰ বাবে গুৰুজনাৰ ৰূপ লাৱণ্যক চিত্ৰপটত, ৰং তুলিকাৰে অংকন কৰিলে৷

প্ৰথমবাৰ ১৯৩৫ চনত কোমল ৰং ব্যৱহাৰ কৰি অংকন কৰিছিল৷ সম্ভৱতঃ ৰাভাৰ মনত ভিন্ন সময়ত গুৰুজনাৰ ভিন্নৰূপে ধৰা দিছিল৷ তেওঁ দ্বিতীয়বাৰ ১৯৪০ চনত পদ্মাসনত বহি হাতত পাখি কলম লৈ সৃষ্টিত নিমগ্ন হৈ থকা গুৰুজনাক অংকন কৰিছিল৷ পুনৰবাৰ ১৯৪৫ চনত এক গ্ৰাম্য পৰিৱেশত অৱস্থান কৰা গুৰুজনাৰ আন এখন প্ৰতিচ্ছবি অংকন কৰিছিল৷ অভিন্ন হৃদয় শংকৰ-মাধৱক একেলগে এখন চিত্ৰত অংকন কৰিছিল৷ খেয়ালি মনৰ শিল্পী ৰাভাই বিভিন্ন বিষয়বস্তুৰ চিত্ৰ অংকন কৰিছিল৷ চৌব্বিছ বছৰমান বয়সত ৰাভাই এগৰাকী নাৰীক বিশেষভাৱে প্ৰতিফলিত কৰি অংকন কৰা এখন চিত্ৰ “স্নান“৷ নাৰীক মুখ্য ৰূপত লৈ ৰাভাই ভালেকেইখন চিত্ৰ আঁকিছিল৷ দুষ্মন্তৰ ৰাজসভাৰ পৰা অপমানিত হৈ ঘূৰি অহা “শকুন্তলা”, উষাৰ প্ৰাণৰ লগৰী “চিত্ৰলেখা”, গৰমৰ দিনৰ তিৰোতা, জনজাতীয় তিৰোতা, ৰাভাৰ খুলশালী আদি চিত্ৰসমূহত ৰাভাই নাৰীৰ সৌন্দৰ্য্য, মোহনীয় ৰূপ লাৱন্য, কমনীয়তাক নিখুঁতভাৱে প্ৰতিফলিত কৰিছে৷

বড়ো সমাজৰ বিবাহ উপলক্ষে ওলোৱা এটা সমদল চিত্ৰপটত অংকিত কৰিছিল ৰাভাই, যিখন চিত্ৰ তেওঁৰ অনন্য সৃষ্টিৰ নিদৰ্শন৷ আন এখন ব্যতিক্ৰমধৰ্মী ৰাভাৰ চিত্ৰ “নটৰাজ”, বিশ্বৰ ছন্দে ছন্দে গীতৰ আধাৰত অংকিত কৰা বুলিও কোনো কোনোৱে ক’ব খোজে৷ ১৯৫০ চনৰ ভূমিকম্পই বিধ্বস্ত কৰা এগৰাকী জনজাতীয় গাভৰু বিশেবভাবে প্ৰকাশ কৰিছে, সেইখন চিত্ৰত সৰল ৰেখাক অধিক প্ৰধান্য দি এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ চিত্ৰখনৰ নাম “ভূমিকম্প” বুলিয়ে জনা যায়৷  “ডাঃ লক্ষ্মী গোস্ৱামী” ৰাভাৰ আন এখন উল্লেখযোগ্য চিত্ৰ৷ বিধায়ক হৈ থকা সময়ত ৰাভাই কনকলতাৰ চিত্ৰ এখন অংকন কৰাৰ কথা উল্লেখ আছে৷ সম্ভৱতঃ সেই চিত্ৰৰ আধাৰতেই কনকলতাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল৷ ৰাভাৰ আন এখন চিত্ৰ “পূজাৰিণী”, এইখন পানী ৰঙৰ আছিল৷ বিভিন্ন ব্যক্তি তথা সহকৰ্মীৰ কথাৰ পৰা ৰাভাৰ চিত্ৰকলাৰ অদ্বিতীয় প্ৰতিভাৰ বহু কথা জনা যায়৷ যাযাবৰী জীৱনে ৰাভাৰ অংকন আৰু সৃষ্ট সম্পদ (চিত্ৰ) সমূহ একগোট কৰি ৰখাত অসুবিধা কৰিলে৷

যিকেইখন আজিও আছে তাৰ উপযুক্ত সংৰক্ষণ নহ’ল৷ আটাইতকৈ দুখলগা কথাটো হ’ল বিষ্ণু প্ৰসাদ ৰাভাক চিত্ৰশিল্পী বুলি আজিও বহুতে নাজানে৷ বহুমুখী প্ৰতিভাৰ আকৰ হোৱা বাবেই মহাপুৰুষ শংকৰদেৱৰ চিত্ৰশিল্পই উপযুক্ত সংৰক্ষণ আৰু অধ্যয়নৰ মুখ নেদেখিলে৷ একে কথাই হ’ল বিষ্ণু প্ৰসাদ ৰাভাৰ ক্ষেত্ৰতো৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক