চিত্ৰ সংবাদ: যাদৱ পায়েং (প্ৰশান্ত শ‌ইকীয়া)

এই অসাধাৰণ সাধাৰণ মানুহজনক চিনি পাইছেনে? যোৱা ২১ নৱেম্বৰ তাৰিখে তোলা ফটোখনৰ এই মুহূৰ্তত তেওঁ আমাক কি কৈ আছিল জানেনে? ”নৈৰ সিপাৰে সৌ বালি চাপৰিতো মই গছপুলি ৰুম”। ঝঁ জিঅ’ন’ৰ “আশাৰ কঠীয়া ৰুই সুখ গজোৱা মানুহজন” যেন সাক্ষাৎ আমাৰ চকুৰ আগত। কাহিনীটোৰ নায়ক এলজিয়াৰ্ড বুফিয়াৰ স্বয়ং যেন আমাৰ চকুৰ আগত।

ঝঁ জিঅ’ন’ (Jean Giono) এজন ফৰাচী লেখক। ১৯৫৩ চনত তেওঁ L’homme qui Plantait des Arbres নামে এটা কাহিনী লিখিছিল। Vogue আলোচনীয়ে “The Man Who Planted Trees” শিৰোনামেৰে ১৯৫8 চনৰ মাৰ্চ মাহত কাহিনীটো প্ৰকাশ কৰিছিল। তাৰ পিছতে প্ৰায় ৪০০০ শব্দৰ এই কাহিনীটোৱে মানৱ চিন্তাধাৰত যুগান্তকাৰী প্ৰভাৱ পেলালে আৰু সামাজিক বনানীকৰণৰ ধাৰণা আৰু প্ৰচেষ্টাৰ প্ৰতি সকলোকে সচেতন কৰি তুলিলে। এলজিয়াৰ্দ বুফিয়াৰ নামৰ মানুহজনৰ নিৰলস আৰু নিস্বাৰ্থ ঐকান্তিক প্ৰচেষ্টাত কেনেদৰে জলহীন-বৃক্ষহীন আল্পছ্‌ পৰ্বতৰ পাদদেশৰ এটি উপত্যকা এক দশকৰ অন্তত সেউজ প্ৰাণচঞ্চল ভূমিলৈ পৰিবৰ্তন হয় তাৰে কাহিনী The Man Who Planted Trees। কল্পকাহিনীৰ নায়ক এলজিয়াৰ্দ বুফিয়াৰৰে জীয়াৰূপহেন আমাৰ যাদৱ পায়েং।
 
নীৰৱ কৰ্মী যাদৱ পায়েং প্ৰকৃতি সম্পৰ্কীয় জ্ঞানৰ মেটমৰা ভঁৰাল। মুলাই চাপৰিৰ গছ-বনৰ ছাঁ-পোহৰৰ মাজে মাজে আমাক কৈ গৈছিল বিবিধ আৰণ্যক অভিজ্ঞতা। বিনয়ী মানুহজনে কৈ গৈছিল কেনেদৰে তিনিটা দশকৰো অধিক কালত আজিৰ ১৩৬০ একৰৰো অধিক মাটিত বিস্তৃত এই অৰণ্য গঢ়ি তুলিছিল। আজি যি ঠাইত মুলাই কাঠনিবাৰী সেউজ প্ৰাণেৰে উখল-মাখল হৈ আছে সেই ঠাই এসময়ত আছিল শুকান বালি চাপৰি। প্ৰাকৃতিক ভাৰসাম্যতাৰ বাবে তেওঁ যে আমৰলি পৰুৱাও হাবিখনত মেলিছে সেয়া আমাক জানিবলৈ দিলে। এঠাইত দেখুৱালে বাঘৰ খোজৰ চিহ্ন। কৈ গ’ল বিভিন্ন বন-বিৰিখৰ ঔষধি আৰু অন্যান্য ব্যৱহাৰিক সম্ভাৱনাৰ কথা। একোবাৰত চোৰাং চিকাৰীয়ে তেওঁৰ হাবিত থকা গঁড় হত্যাৰ কথাত মৰ্মাহত হৈ কান্দি পেলালে। প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ একনিষ্ঠ মৰম আৰু তাক ৰক্ষণাবেক্ষণৰ বাবে কৰা অহোপুৰুষাৰ্থই আমাৰ বুকুতো আত্মানুসন্ধানৰ হাহাকাৰ সৃষ্টি কৰিলে ।
মুলাই কাঠনিবাৰীত যি অভিজ্ঞতা অনুভূত হ’ল সেয়া আছিল আমাৰ বাবে অনিৰ্বচনীয়; তেনেই নতুন। বতাহে দৌৰা-দৌৰি কৰি উলূৱনিত তুলিছিল মোজাৰ্টেও ভাবিব নোৱাৰা সুৰৰ লহৰ। আমাৰ কৰ্ণপটহত সুৰটো আজিও ভাহি আছে। হালি-জালি নাচি থকা তাছি (উলূ)ৰ মাজেৰেই চেঁকুৰ মেলিছিল কেইটামান পোহনীয়া ঘোঁৰা। কাঠনিবাৰীখন মুলাইৰ লগতে কেইবাটাও পৰিয়ালৰ জীৱন-জীৱিকাৰ সকাহ। তেওঁলোকৰ তাত গৰু-ম’হৰ খুটি আছে। গাহৰি-গৰু-ম’হে বনত মুকলিকৈ চৰি ফুৰিছিল। এপাল ম’হৰ মাজেৰে আমি পাৰ হৈ গৈছিলোঁ। আমাক বাট এৰি দিছিল যদিও মহ’জাকৰ মাজেৰে পাৰ হৈ যাওঁতে জীউ উৰি গৈছিল। প্ৰায় ত্ৰিশটামান ম’হ, তাতে হাবিত মুকলিকৈ থাকি আধা-বনৰীয়া। আমাক সাহস দি মুলায়ে ক’লে; ”একো নকৰে! কেৱল সিহঁতৰ চকুত চকু নথ’লেই হ’ল।”

যাদব পায়েঙৰ মুলাই কাঠনিবাৰীত জীৱন আছে, জীৱনৰ উচাহো আছে আৰু লগতে আছে জীৱনৰ সত্য- জীয়াই থকাৰ সংগ্ৰাম। পাঁচজনীয়া পৰিয়ালটোৰ গধুৰ দায়িত্ব সামৰি তেওঁ ঢাপলি মেলে কাঠনিবাৰীলৈ। এতিয়া বাৰিষা দিনত মানুহ তল যোৱা পানী ফালি নাও চলাই সাত-আঠ কিলোমিটাৰ অতিক্ৰমি কাঠনিবাৰীলৈ গাহৰিৰ দানা লৈ যায় তেওঁৰ বাৰ কি তেৰ বছৰীয়া ল’ৰাই। পৰিয়ালৰ সকলো সমানেই পৰিশ্ৰমী। তেওঁ আমাক জানিবলৈ দিছিল ল’ৰা-ছোৱালীকেইটাৰ পঢ়াৰ দায়িত্বকে যদি কোনোবাই লোৱাহেঁতেন তেওঁ বৰ সকাহ পালেহেঁতেন। কাঠনিবাৰীখনৰ প্ৰতি সৰুটো ল’ৰাৰ আগ্ৰহ বেছি বুলি তেওঁ জনাইছিল। সেই আগ্ৰহক সুবিকশিত হ’বলৈ দিলে, উপযুক্ত যতন কৰিলে অসমে এজন সুসম্পদ কিজানি পায়েই কোনে জানে? দেশে-বিদেশে তেওঁৰ খ্যাতি ৰৈ বৈ গ’লেও আমাৰ ৰাজ্য চৰকাৰৰ তেওঁৰ প্ৰতি ঔদাসীন্য মন কৰিবলগীয়া। দেৰিকৈ হ’লেও সামাজিক স্বীকৃতিয়ে তেওঁক আৰু কাম কৰি যাবলৈ উদ্যম দিছে। তেওঁৰ ভাষাতে ”আৰু দহ-পোন্ধৰ বছৰ আগতেই এনে স্বীকৃতি পোৱা হ’লে আৰু বহুত কাম কৰি যাব পাৰিলোহেঁতেন”। কথাৰ মাজে মাজে খৰি বুটলি বুটলি তেওঁ কৈছিল যে বাহিৰৰ পৰা অনেক মানুহে তেওঁক লগ পাবলৈ আহে, কিন্তু অসমৰ মানুহ বিশেষকৈ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আহিব লাগে।
সৃষ্টি আৰু ধ্বংস- এই দুই বিপৰীতমুখী ক্ৰিয়া প্ৰকৃতিৰ চিৰাচৰিত কথা। মুলাই কাঠনিবাৰীতো প্ৰকৃতিৰ এই দুই নিয়মে পৰিৱেশতন্ত্ৰটো ৰচনা কৰিছে। ইয়াৰোপৰি অনেক যত্নেৰে নিজ হাতেৰে যাদৱ পায়েঙে কাঠনিবাৰী ঠন ধৰি উঠাত সহায় কৰিছে। তেওঁৰ মৰম-যত্নতে তাত অনেক পশু-পক্ষীয়ে থিতাপি লৈ স্বৰ্গীয় প্ৰাণ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু ধ্বংসকামী মানসতাৰ কিছু মানুহ কাঠনিবাৰীখনৰ অনিষ্ট কৰিবলৈ সদায় তৎপৰ। এই ‘বৰাই নোখোৱা কচু’বোৰৰ ভিতৰত কাঠ-বাঁহ কাটি নিয়া মানুহকে আদি কৰি চোৰাং চিকাৰীলৈকে আছ। কাঠনিবাৰীখনত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ মৰ্মন্তুদ খবৰ কাততে-পত্ৰই আপোনালোকে পাইছেই নিশ্চয়। এজন মানুহৰ অহোপুৰুষাৰ্থত সৃষ্ট এই বিস্তৃত অৰণ্যত সৃষ্টিৰ বিপৰীতে মানৱকৃত (human induced) ধ্বংসৰ কথাটোৱেহে যাদৱ পায়েঙৰ লগতে আমাকো চিন্তাত কাতৰ কৰিছে। মুলাই কাঠনিবাৰীক ৰক্ষা কৰাৰ দায়িত্ব জানো অকল যাদব পায়েঙৰ?
প্ৰকৃতিৰ প্ৰতি থকা অকৃত্ৰিম আৰু অপৰিসীম ভালপোৱাই যাদৱ পায়েঙক তেওঁ নজনাকৈয়ে সকলোৰে দৃষ্টিত অসাধাৰণ হৈ ধৰা দিলে। আপুনি, মই সৰুৰে পৰা প্ৰকৃতি সংৰক্ষণৰ কথাকে পঢ়ি-শুনি থাকিও কৰিব পাৰিলোঁ কি?
কাঠনিবাৰীখনৰ পৰা মানুহে কাঠ-বাঁহ কাটি নিব বিচাৰে। চোৰাং চিকাৰীৰ দৌৰাত্ম্য আছেই। তেওঁ অতি দুখেৰে কৈছিল যে গঁড়বোৰে সদায় নিৰ্দিষ্ট ঠাইতে থিতাপি লয়। সেয়ে চোৰাং চিকাৰীহঁতে গঁড়ৰ লাদৰ দ’ম দেখিয়ে ৰাতি সহজে চিকাৰ কৰে। ইয়াৰোপৰি হাতী-মানুহৰ সংঘাতেও এক ডাঙৰ প্ৰত্যাহ্বান ৰূপে দেখা দিছে। কাঠনিবাৰীখনৰ কাষৰ-পাঁজৰে ধান খেতি কৰা হয়। হাতীয়ে শইচ নষ্ট কৰাৰ উপৰি অনেক ধন-জনৰ হানি কৰিছে। এই সমস্যাৰো আশু সমাধান লাগে। সাংসাৰিক মানুহ হিচাপে তেওঁ পাঁচজনীয়া পৰিয়ালটিৰ সকলোখিনি জোৰা-ফোন্দাও মাৰিব লাগে। তেওঁ প্ৰকৃতিৰ মৰমক নেওচা দিব নোৱাৰে। কাঠনিবাৰীৰ দায়িত্ব সদাই আগ। সেয়েহে তেওঁ কাঠনিবাৰীৰ উত্তৰৰ সীমাত ৰৈ সকলো প্ৰত্যাহ্বান নেওচি দৃঢ়তাৰে আমাক কৈছিল; ”নৈৰ সিপাৰে সৌ বালি চাপৰিতো মই গছপুলি ৰুম ”। আদৰ্শৰ এই দৃঢ়তাৰ বাবেই যাদৱ পায়েং মোৰ দৃষ্টিত নতুন আলোক হৈ ধৰা দিছে। এই আলোক অনুসৰণ কৰোঁ আহক।
 
 
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!