ছবি (জোনা নায়ক)

চ্যন ফ্ৰানচিস্কো৷ প্ৰশান্ত মহাসাগৰৰ পাৰত উত্তৰ কেলিফৰ্ণিয়াৰ অতি আকৰ্ষণীয় এটা উপদ্বীপ৷ কি নাই তাত! ডলি ঘোষৰ গোটেই গানটোৱেই যেন৷ সপোনৰ মিঠা ইন্ধন হ’ব পৰা সমলেৰে ভৰি আছে ঠাইখন৷ গোটেই বছৰ জুৰি উপভোগ কৰিব পৰা ৰাতিপুৱাৰ কুঁৱলীৰ আচ্ছাদন, সেউজীয়া পাহাৰ, সুগভীৰ সৰল বনানি, মূৰ্তিমান গোল্ডেন গেইট দলং, পাহাৰীয়া উঠা নমা ৰাস্তাৰে অহা যোৱা কৰা ঐতিহাসিক কেবল-কাৰ, আকাশচুম্বী অট্টালিকাবোৰ আৰু আছে ৰং-বিৰঙী ভিক্টোৰিয়ান টাইপৰ ঘৰবোৰ৷ তাৰ বিপৰীতে উপকূলৰ পাৰ-ঘাটটোৰ পৰা প্ৰায় এক মাইল দূৰত্বৰ আন এটা দ্বীপত ৰ’দে বৰষুণে স্মৃতিৰ ভাৰ বৈ থিয় হৈ আছে এন্ধাৰত নিঃশেষ হৈ যোৱা বহুতো জীৱনৰ সাক্ষী, এসময়ৰ কুখ্যাত এলকাট্ৰাজ জেইল৷

প্ৰথমবাৰ ফুৰিবলৈ আহিয়েই তাইৰ খুব ভাল লাগিছিল এই চহৰখন৷ বাৰে বাৰে আহি থাকিব মন গৈছিল৷ প্ৰতিবাৰেই দিনৰ দিনটো ইফালে সিফালে ঘূৰি ফুৰাৰ পিচত পিয়্যৰ থাৰ্টি নাইনত আহি পশ্চিম আকাশত ডুব যাব ধৰা বেলিটো চাই চাই সন্ধিয়াটো কটাই দিব মন গৈছিল৷ ক’ব নোৱাৰাকৈয়ে এদিন ৰোমাণ্টিক গান এটা ভাল পোৱাৰ সমান ভাল পাই পেলাইছিল এই চহৰখন৷ এনে লাগিছিল যেন গোটেই জীৱনটোৱেই কটাই দিব পাৰিব ইয়াত৷ কেতিয়াবা ভাবে তাই কিয় ইমান ভাল পায় এই ঠাইখন৷ ইয়াতকৈও বহুত ধুনীয়া ঠাই তাইতো কিমান দেখিছে৷ কিন্তু আন কোনো এখন চহৰৰ প্ৰতি ইমান তীব্ৰ আকৰ্ষণ অনুভৱ কৰা নাই৷ কিয় জানো এই চহৰখনে তাইক বহুদিন আগতে এৰি থৈ অহা তাইৰ নিজৰ ঠাইখনৰ কথা ইমানকৈ মনত পেলাই দিয়ে! যিমানবাৰেই ভাবে সিমানবাৰেই এনে হয় যে আৰম্ভ হোৱাৰ সময়ত ছবিখন চ্যন ফ্ৰানচিস্কোতেই থাকে কিন্তু কোন সময়ত ই সলনি হৈ শ্বিলং পায়গৈ সেইটোতহে তাইৰ খেয়াল নাথাকে৷ বোধকৰো এয়া অকল সৰল গছেৰে ঠাহ খাই থকা পাহাৰ আৰু সেউজীয়াৰ প্ৰতি থকা আকৰ্ষণেই নহয়, বিশাল জলাশয়ৰ প্ৰতি থকা তাইৰ সীমাহীন দুৰ্বলতাও৷ আৰু চাগে সেই কাৰণেই তাই আওকাণ কৰিব নোৱাৰে ইয়াৰ টান৷

পিয়্যৰ থাৰ্টি নাইন৷ পৰ্যটকৰ বাবে বিভিন্ন ধৰণৰ অতি আকৰ্ষণীয় মনোৰঞ্জনেৰে ভৰি আছে এই মাৰিনা৷ প্ৰায়ে অকলশৰে থাকি ভাল পোৱা মানুহবোৰো ইয়ালৈ আহিলে যেন সলনি হৈ যায়৷ বহু বাট আহি আহি মানুহৰ মাজত নিজকে হেৰুৱাই ভাল লাগে ইয়াত৷ সকলোৰে ৰংবোৰ অলপ সময়ৰ বাবে হ’লেও নিজৰ গাত ছটিয়াই লবলৈ ভাল লাগে৷ প্ৰশান্তৰ পাৰৰ ৰেস্তোৰাঁ এখনৰ বাহিৰৰ ৰেলিঙত আউজি ঢৌবোৰ চাই থাকিবলৈ ভাল লাগে৷

’কাফে মাৰিনা’ৰ দীঘল বাৰান্দাখনৰ একেবাৰে সিটো মূৰত থকা ৰেলিঙত হাত দুখনেৰে ভৰ দি হাউলি বতাহৰ সতে উমলি থকা ডাৱৰখিনিলৈ একেথৰে চাই আছিল তাই৷ আবেলিৰ বেলিটোৱে ৰং ছটিয়াই ছটিয়াই ভাগৰি সুবিশাল জলৰাশিৰ সীমাহীন দিগন্তত হেৰাই যোৱাৰ আগতে ডাৱৰত ছিটিকি পৰা ৰংবোৰৰ মাজত হেৰাই গৈছিল তাইৰ গানৰ চৰাই৷

… … …

ইণ্টাৰন্যশ্চনেল এচোচিয়েশ্বন অব ফটোগ্ৰাফি এণ্ড থিওৰিৰ কনফাৰেন্সত অতিথি বক্তা হ’বলৈ আমন্ত্ৰণ পত্ৰখন পাই অবিনাশ খুব আনন্দিত৷ এইবছৰৰ কনফাৰেন্স হব লগা চহৰখনৰ নামটো পঢ়ি সংমিশ্ৰিত অনুভূতি এটাই তাৰ মনটোত দোলা দি গ’ল৷ বহুদিন নোখোলা বাকচটোৰ পৰা এটা পুৰণি সুবাস বিয়পি পৰিল কোঠাটোত৷ সেইখন চহৰতে বহুতো হেৰোৱা বসন্তৰ লগতে সি হৃদয়ৰ কোনোবা এটা টুকুৰাও হেৰুৱাই পেলাইছিল৷ কি ঠিক, কিজানি …

সি দুদিনমান আগতীয়াকৈ আহিছে৷ অলপ ফুৰি লও বুলি আজি ৰাতিপুৱাই ওলাই আহিছে৷ বহু সময় ঘুৰি ফুৰাৰ পিচত ভোক লাগিলত পিয়্যৰ থাৰ্টি নাইনত সোমাই ’কাফে মাৰিনা’ত চেণ্ডউইচ্ছৰ অৰ্ডাৰটো দি টেবুল এখনত বহি পৰিল সি৷ খাই উঠি কাষৰ দুৱাৰখনেদি ওলাই বাৰান্দাত ভৰি দি ৰৈ গ’ল তাৰ দুচকু৷ বৰ ধুনীয়া ছবি এখন৷ ৰেলিঙত হাত থৈ আউজি আছে বগা ড্ৰেচ পৰিহিতা কেঁকোৰা চুলিৰ অবয়ব এটা৷ ভৰিত সেউজীয়া চেন্দেল৷ দেহত ওলমি আছে লাইম গ্ৰীণ ক্ৰচবডি প্যৰ্চ এটা৷ সাগৰৰ পাৰৰ বতাহত চুলিবোৰে যেন নিয়ন্ত্ৰণ হেৰুৱাই উৰি ফুৰিব খুজিছে৷ হালধীয়া ফুল থকা বগা চানড্ৰেচটোৱেও গোটেই দৃশ্যটোকে সুশোভিত কৰিছে৷

সৌন্দৰ্য্যই আকৰ্ষণ কৰে তাক৷ সেয়া লাগিলে প্ৰকৃতিয়েই হওক বা কোনো ধুনীয়া ছোৱালীয়েই হওক৷ আৰু কৰবালৈ ওলাই গ’লে ডিঙিত ওলমি থকা কেমেৰাটোত সেই সৌন্দৰ্য্যখিনি ধৰি ৰখাটো আৰম্ভণিতে তাৰ আজৰি পৰৰ চখ আছিল যদিও পিচলৈ পেচা হৈ পৰিল৷ দূৰৰ পৰা ফটো এখন তুলিলে সি৷ কৌতূহলী মনটো অলপ উচপিচাই থাকিল৷ ওচৰ চাপি সুধি চাব আৰু এখন লব পৰা যায় নেকি৷

<হাই, ডু ইউ মাইণ্ড ইফ আই টেক আ পিক্‌চ্যৰ?

কোনোবাই পিচফালৰ পৰা যেন কিবা কৈছে৷ দিগন্তত হেৰাই যোৱা চাৱনিৰে দুই ওঠত শব্দ এটা সৃষ্টি কৰাৰ চেষ্টা কৰিব খুজি অৱস্থানৰ বিশেষ সলনি নকৰাকৈ ৰেলিঙত হাত ৰাখিয়েই ঘূৰি চালে তাই৷আৰু এইটো মুহূৰ্তত নিজৰ চকু দুটাক বিশ্বাস কৰিব পৰা নাই সি৷ সৌন্দৰ্য্যপিপাসু উৎসুক চাৱনিটো লাহে লাহে যেন পৰিবৰ্তিত হব ধৰিছে আশ্চৰ্য্যলৈ৷ তাইৰ এনে লাগিল যেন এইমাত্ৰ এটা সপোনৰ পৰা ওলাই আন এটা সপোনত প্ৰৱেশ কৰিছে৷ দুয়োৰে বাবে সেই সময়খিনি যেন আৰু এটা দীঘলীয়া সপোন হৈ পৰিছে৷ তাইৰ মুখেৰে ওলাব খোজা শব্দটো আধা বাটৰ পৰাই আকৌ উভতি গ’ল৷ টাইম লেপ্‌চ ভিডিওৰ নিচিনাকৈ এটা এটাকৈ ছবিবোৰ মনৰ ৰূপালী পৰ্দাখনেৰে খৰ গতিত পাৰ হৈ গ’ল৷ পাহৰিব খুজিলেও কোনোবাটো কোণত লিকটিয়া হৈ ৰৈ যোৱা ছবিবোৰ আকৌ এবাৰ দৃষ্টিয়ে স্পৰ্শ কৰি গ’ল৷ ইয়াকেই কয় নেকি কাকতালীয় সংযোগ! এনে এটা মুহুৰ্তৰ বাবেই যেন তাই গোটেই জীৱন অপেক্ষা কৰিবলৈ সাজু আছিল৷ কিয় জানো ইমান ভাল পাই পেলাইছিল তাক৷কোনোবা এজনেতো নিৰৱতা ভঙ্গ কৰিব লাগিব৷ ভাবিলে তাই৷

> তুমি ইয়াত? তায়েই প্ৰথমে সুধিলে৷

< কনফাৰেন্স এখনত আহিছো৷ তুমি?

> ফটোগ্ৰাফি৷ তাৰ ডিঙিত কেমেৰা দেখি ধেমালিৰে ক’লে তাই৷

< কেমেৰা নাই যে?

হাঁহি এটা উপহাৰ দি তাই নিজৰ চকু দুটালৈ আঙুলি টোৱালে৷ হাঁহিটোৰ ঢৌবোৰ বাধাহীনভাৱে তাৰ দুচকুৰে বাগৰি গ’ল৷

< কফি?

> কফি নাখাওঁ মই৷

চকুৱে মুখে বিয়পি পৰিব খোজা অবিশ্বাসৰ ভাৱটো লুকুৱাই থবৰ চেষ্টা নকৰিলে নীলাঞ্জনাই৷ মৌন শব্দবোৰ তাইৰ চকুত অলপ সময় বহি ভাগৰি তাৰ চকুলৈ বগাই গ’ল৷ নিশ্চয় বহুদিনেই পাৰ হৈ গ’ল৷ মনতে ভাবিলে তাই৷

< চাহ খাবা?

> ব’লা৷

’কাফে মাৰিনা’ৰ পৰা ওলাই গৈ দুয়ো ’চমোচা হাউচ এণ্ড ছায় টি’ত সোমাল৷

> কেনে আছা?

< আগতকৈ ভাল, তুমি?

> মোৰ সদায়ে ভাল, কেমেৰাটো টেবুলত থৈ উত্তৰ দিয়ে সি৷

দুকাপ চাহ আৰু চিংৰাৰ প্লেটখন সিহঁতৰ সন্মুখত দি থৈ যায় ৱেট্ৰেচজনীয়ে৷ তাই চিংৰা এটা মাজতে ভাঙি দুটুকুৰা কৰে৷ পদিনাৰ সেউজীয়া আৰু তেঁতেলীৰ মিঠা চাটনিৰ এচামুচকৈ প্ৰতিটো টুকুৰাতে আলুখিনিৰ ওপৰত দি দিয়াৰ ধৰণটো চাই থাকে সি৷

চাহত চুমুক দি মৌনতাৰ আৱৰণ গুচায় দুয়ো৷

< কিমান দিন আছা?

> অহা দেওবাৰলৈ৷ আহিবা আকৌ চাহ খাবলৈ?

দেওবৰীয়া আবেলি এটাৰ কেইটামান মুহূৰ্ত বন্দী হৈ ৰয় সময়ৰ কেমেৰাত, আকৌ এবাৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!