চোৰ

 

দ’ পথাৰত ভুঁই ৰুই থাকোতে
তাইৰ কৰঙনত জোকে ধৰিছিল
গগনফলা চিঞৰ শুনি
নাঙল এৰি ঢপলিয়াই আহিছিল সি
আৰু জোক এৰুৱাৰ চলেৰেই
চুৰি কৰি নিছিল তাইৰ মন৷

গভাইত চোৰটোও এটা জোক হৈ পৰে
ভয়-ভীত নলগা, মৰমলগা জোক৷
মৰমৰ জোকে লাহে লাহে
শুহি নিয়ে মনৰ সকলো মৌ

chor

ফাগুনৰ পছোৱা বলে
সি এটা বাঁহী বজাবলে’ শিকে
বাঁহীৰ সুৰে তাইক মেৰাই মেৰাই বান্ধে
ঘাট মাউৰাটোৰ কাৰণে
বুকুখন বৰকৈ দহে

মন চুৰ কৰিয়েই নেৰিলে সি
এদিন মানুহজনীকে চুৰ কৰি নিলে
ইটোৱে-সিটোক ওচৰতে পালে
সমাজৰ আগত আঁঠু
লোৱাটোনো আৰু কি?

বৰপেট জিলিকে
কণমানি এটিয়ে হাঁহে
সুখো থাকে, দুখো থাকে
বাঁহী এৰি সি গাবলে’ শিকে
এফাকি নামঘোষা

হঠাৎ এদিন ৰাতি
তাৰ কাণৰ কাষত তাই ফুচফুচাই
: মোৰ সকলোৱেইতো
তই চুৰ কৰিলি, কেৱল
কপালৰ বেলিটো চুৰ নকৰিবি দেই৷

 

-টুনুজ্যোতি গগৈ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!