চিনেমা – পৰেশ দেৱচৌধুৰী

“আজি অলপ দেৰীয়ে হ’ব যেন পাইছোঁ৷ ৰাস্তাতে এই বহুবল্কীজনক পাব লাগেনে? তুমিওঁযে আৰু কথা শেষ নকৰিবাই যেন৷ দেৰী হ’লে মোক নকবা৷”

-ওঁ… !!

-“এতিয়া যে তোমাৰ কথা নোলোৱা হ’ল৷ তুমিয়েই এই চিনেমাখন চাবলৈ হুলস্থুল লগাইছিলা৷ কাষ্টিংৰ আগত পালেই হ’ল”

-ওঁ..ওঁ!!

– “কি ওঁ ওঁ কৰি আছা? চিনেমা চোৱাৰ ইচ্ছা নোহোৱা হ’ল নেকি?”

বিয়া হোৱাৰ তিনি চাৰি মাহ হৈছে যদিও শ্রীমতীক লৈ চিনেমালৈ মাত্র ইয়াৰ আগতে এবাৰ হে গৈছিলোঁ৷ চাকৰিটোৰ দায়িত্ব এনেকুৱা যে গধূলি সময়ত কামৰ পৰা এৰিবই নোৱাৰি৷ এইবাৰ সাধনা থকা এইখন চিনেমা দিয়াৰ পৰাই শ্রীমতীয়ে কুতুৰিয়ে আছে৷ আজি শনিবাৰে ৰাতিপুৱাই মোৰ লগৰ ইঞ্জিনিয়াৰজনক তেল মাৰি কোনোমতে সন্মত কৰিলোঁ- মোৰ কামখিনি চাই থাকিবলৈ৷ দুপৰীয়া ঘৰলৈ গৈ চাৰি বজাতে ৰেডী হৈ থাকিবলৈ কৈ আহিলোঁ৷ মূৰামূৰি সময়ত কোনোমতে অফিচৰ পৰা স্কুটাৰেৰে আহি শ্রীমতীক পাঁচ মিনিটতে ওলাব দিলো৷ এনেয়ে ওলাওঁতে যথেষ্ঠ সময় লাগে যদিও আজি ওলাই আহিবলৈ পাঁচ মিনিটো নালাগিল- বোধহয় আগতেই ৰেডী হৈ আছিল৷ স্কুটাৰত কিক মাৰি ষ্টার্ট হোৱাৰ লগে লগে শ্রীমতী পিছত বহি ল’লে৷ ঘড়ীত চাই দেখিলো তেতিয়াও প্রায় আধাঘণ্টা আছে৷ চিনেমা হলটো অলপ দূৰ যদিও সময়মতে পাই যাম৷ বজাৰখন পাৰ হৈ অকলশৰীয়া ৰাস্তাটোৰে প্রায় তিনি কিলোমিটাৰ মান গলেই চিনেমা হলটো৷ কিন্তু হলে কি হ’ব৷ দাতাই দিলেও বিধাতাই নিদিয়ে৷ বজাৰতে পালো নহয় সেইডালক৷ মানে ৰূদ্র বৰাক৷ মানুহজন আমাৰ ঘৰুৱা বন্ধু৷ বৰ ভাল, কিন্তু এবাৰ কথা আৰম্ভ কৰিলে শেষ নকৰে৷ দেখিয়ে বাট ভেটি ধৰিলেই নহয়৷ ক’ত যে কথা! মই আমাৰ চিনেমা প্রগ্রেমৰ কথাও ক’লো- কোনো পৰিবর্ত্তন নাই৷ বাৰে বাৰে ঘড়ী চাইছোঁ৷ কি কৰোঁ৷ চিনেমা আৰম্ভ হ’বই এতিয়া৷ এইবাৰ ভদ্রতা বাদ দিলো৷ “আপোনাৰ বাকী খিনি পিছত শুনিম৷ আজি আহো” বুলি স্কুটাৰত এক্সেলেৰেটৰ দবাই স্কুটাৰ এৰি দিলো৷ আন্ধাৰো হ’ল৷ ইমান নিজম এই ৰাস্তাটো৷ এখনো গাড়ী নাই, আনকি মানুহ এজনো লগ পোৱা নাই৷ কিছুমান মানুহেতো এই দলংখনত ভূত ওলাই বুলিও কয়৷ হেড লাইট জ্বলাই কিছু দূৰ যোৱাৰ পিছতহে অলপ টেনছন কমাই শ্রীমতীৰ লগত কথা আৰম্ভ কৰিলোঁ৷ “কি হ’ল ? বাকাপাৰাৰ দলংখন পাই ভয় লাগিছে নেকি? ৰাস্তাটো ভাল হোৱা হলে আমি কাষ্টিংৰ আগতেই পালোহেঁতেন৷ হলেওঁ মেইনখিনি পাম দিয়া৷” ‘ওঁ’৷ মোৰ ওপৰত কিবা খং উঠিছে নেকি? মইওঁ মুখ বন্ধ কৰি স্পিডত গৈ চিধা চিনেমাৰ আগত ৰৈ দিলোঁ৷ কিন্তু পিছফালে চাইহে মোৰ চকু কপালত উঠিল৷ পিছফালৰ ছিট খালী৷ শ্রীমতী ক’ত গ’ল৷ বাকাপাৰাৰ ভূতেই উঠাই লৈ গ’ল নেকি? কিন্তু মোৰ কথাৰ উত্তৰ দি ওঁ ওঁ কৰি কোন আছিল৷ নে ৰাস্তাৰ থেকেচনিতে ক’ৰবাত পৰি আহিল৷ লগে লগে স্কুটাৰ ঘুৰাই অহা বাটে এক্সেলেৰেটৰ দবাই দিলোঁ৷ বাটত ক’ৰবাত পৰি আছে নেকি চাই চাই আহি বজাৰ পালোঁহি৷ দূৰৰ পৰাই দেখিলো শ্রীমতী আৰু বৰা৷ কন্দনামুৱা শ্রীমতী কাষতে বৰাই তামোলখোৱা দাঁত দুপাৰী উলিয়াই মোৰ ফালে চাই খুব হাঁহিছে৷ “ হেৰি চৌধুৰী, আপোনাৰ নতুন কইনাক মোৰ ওচৰত থৈ আপুনি অকলে চিনেমা চাব গ’ল৷ চিনেমাৰ লগত পত্নীকে পাহৰিলে৷ হা: হা: হা:” তাৰমানে বৰাই কথা কৈ থাকোঁতে শ্রীমতীয়ে নামি থিয় হৈ আছিল৷ “ব’লা এতিয়া ঘৰলৈ৷ আৰু কেতিয়াও নাহোঁ তোমাৰ লগত চিনেমা চাবলৈ” নিশব্দে ঘৰ পালোঁহি৷ কিন্তু এতিয়াও মাজে মাজে ভাব আহে স্কুটাৰৰ পিছফালে কোনে ওঁ ওঁ কৰি আছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!