সহযাত্ৰী – উপাসনা কৃষ্ণাত্রেয় শৰ্মা

এই মাজৰাতি খন চৰাইৰ মাত শুনিলে যিকোনো মানুহেই চকিত হৈ পৰিব৷ তাকো চলন্ত ট্ৰেইনৰ ভিতৰত? কিন্তু অইন মানুহবোৰৰ টোপনি ভগা নাই কিয়! বাহিৰলৈ চাই পঠিয়ালে এবাৰ তাই৷ উত্তৰ প্ৰদেশ নিশ্চয়! ইমানপৰে কম্পাৰ্টমেণ্টটোত খপজপাই ফুৰা চৰাইজনী তাইৰ সোঁ বাহুতে পৰিলহি৷ ৰেলৰ আসনত শুবলৈ তাই অকণো অসুবিধা নাপায়৷ বাকী যাত্ৰীবোৰো নিদ্ৰাত লালকাল! তাই ল’ৱাৰ বাৰ্থত, তাইৰ পোণে পোণেই ল’ৱাৰ বাৰ্থত শুই থকাজনো নিদ্ৰাদেৱীৰ কোলাত৷ তাইত বাদে বাকীবোৰে চৰাইজনীৰ মাত শুনা নাই নেকি! এইটো সময়ত পাত এটা পৰিলেও শুনা পায়৷ তাতে আকৌ চৰাইজনীয়ে কিবা গাইও আছিল৷ ৰেলযাত্ৰাত লগ পোৱা মানুহবোৰ ভাল নাপায় তাই৷ প্ৰায় ত্ৰিশ ঘণ্টা একেখিনি মানুহৰ এনেদৰে এষাৰো মত বিনিময় নোহোৱাকৈ থকাতো অসম্ভৱপ্ৰায়! সেয়ে মাত বোল কৰে, কিন্তু নাম ঠিকনা নোসোধে৷

চৰাইজনী তাইৰ বাহুত পৰিয়ে আছিল৷ তাই খেদি পঠিয়াবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে৷ ইতিমধ্যে চৰাইটোৱে গান গাবলৈ ধৰিলে৷ শোৱা নহব বুলিয়ে ভাবিলে তাই! চৰাইটোৱে কিনো গাই আছে বহুপৰ ধৰিব পৰা নাছিল৷ দুচকু জাপ খাই আহিছিল প্ৰায়, এনেতে কিবা এটা যেন আৱিস্কাৰ হ’ল, এনে ভাৱত উঠি বহিলে, ঠিক বহিব নোৱাৰিলে, মিডিল বাৰ্থত নিশ্চয় পাগুৰী মৰা পাঞ্জাৱীজন শুই আছে….চৰাইজনীয়ে চোন তাইৰ কম্পাৰ্টমেণ্টৰে পোণে পোণে থকা ল’ৱাৰ বাৰ্থত শুই থকা মানুহজনে অথনি গুণগুণাই থকা গানকেইটাকে গাই আছে৷ সপোন দেখিছে নেকি কেনেবাকে এবাৰ নিজকে চিকুটিও চালে, নাঃ!

তাইৰ মুখামুখিকে বহা অৰ্থাৎ ৰাতি ল’ৱাৰ বাৰ্থত শোৱা মানুহজন হেনো নীলা পাহাৰৰ দেশৰ৷ তাই নৈৰ পাৰৰ, সমতলৰ! তেওঁলোকৰ পিনেও হেনো নৈ আছে, কিন্তু চঞ্চল, অবাধ্য! মানুহজনো তাইৰ দৰেই ঘৰৰ পৰা আঁতৰত শুকান, ধূলিময় ঠাইখনত থাকে৷ তাই তাক কয় কিদৰে নৈখন তাই কেতিয়াবা সপোনতো দেখে! নাম ঠিকনা সুধিম বুলি কথা পতা নাছিল মানুহজনৰ সৈতে৷ চৰাইজনীয়েহে কালি গোৱা গানকেইটা আকৌ মানুহজনে গাব লাগে বুলি অনুৰোধ কৰিব লাগে বুলি কুটকুটাই থকা বাবে তাই তেওঁৰ সৈতে কথা পাতিবলৈ লাগিল৷ চৰাইজনীক মানুহবোৰে দেখিলে যদিও বৰ বেছি কেৰেপ নকৰিলে দেখোন৷ হয়তো ভাবিছে তাই প্ৰকৃতি প্ৰেমী ধৰণৰ বুলি৷ এনেয়েও ৰেলৰ যাত্ৰীসকল তুলনামূলকভাৱে সহনশীল৷

মানুহজনক গান গাবলৈ তাই কোৱাৰ প্ৰয়োজনেই নহ’ল! তেওঁ গুণগুণালেই! গানৰ ভাষাটোও নুবুজে তাই৷ চৰাইজনীয়েহে বুজাই দিলে তাইক৷ চাহ খাওতে মানুহজনে তাইৰ ফ্লাস্কটোৰ ঢাকনিখন খুলি দিয়াত সহায় কৰিলে৷ সদায় পইচা থকা পাৰ্চটো নিনিয়াকে তাই ৰেলৰ ভিতৰত লৰচৰ নকৰে, কিন্তু এইবাৰ তেওঁক চাবলৈ দি গ’ল৷ চৰাইজনীৰ ওপৰত তাইৰ খঙো উঠিছিল৷

মানুহজনৰ সৈতে হাঁহি মাতি কথা পাতি থকা দেখি পাগুৰি মৰা পাঞ্জাৱী মানুহজনো আহিছিল কথাৰ মহলা মাৰিবলৈ৷ কিন্তু চৰাইজনীয়ে নিদিলে৷ বিকট ভাৱে চিঞৰি চিঞৰি কি জানো গালে, পাগুৰি মৰা মানুহজন আঁতৰি গ’ল৷ আকৌ চৰাইজনীয়ে পাহাৰৰ ভাষাৰ গানবোৰ হোৱাত লাগিল৷ পৰ্বতীয়া ঠাইখন এৰি এই বিদেশত আছো, এনে ধৰণৰ অৰ্থৰ গান এটা গাই আছিল৷

এনেকৈয়ে দিনটো পাৰ হৈ গৈছিল৷ আপাততঃ আনন্দদায়ক দিন আছিল৷ পিছদিনাখন মানুহজন নামি যাব, তাই ঘৰ পোৱাৰ প্ৰায় এদিন আগেয়েই৷ কথাটো মানুহজনে তাইক কৈছিল, পিছে তাই পাহৰি গৈছিল, চৰাইজনীয়েহে শোবৰ সময়ত কাণে কাণে কৈ মনত পেলাই দিছিল৷ পিছদিনা পুৱা মানুহজনে নিজৰ বাবে চাহ বনাওতে তাইৰ বাবেও বনালে৷ চাহ খাই খাই মানুহজনে আকৌ কিবা গুণগুণালে৷ কিন্তু চৰাইজনীয়ে এই গানটোৰ অৰ্থ বুজাই দিওতেহে তাইৰ চিন্তা হ’ল৷ মানুহজনে হেনো গাই আছিল- ” মোৰ চৰাইজনী মোক ওভটাই দে” এনেধৰণৰ গান এটা৷ চৰাইজনী তাই নিজৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিল৷ যদি চৰাইজনী তেওঁৰেই হয়, তেওঁকতো ওভটাই দিব লাগিব, কথাষাৰ ভাবোতে ডিঙিটোত কিবা এটাই সোপা মাৰি ধৰা যেন পালে৷

মানুহজনে অৱশেষত কৈছিল চৰাইজনী তেওঁৰেই হয় বুলি৷ আৰু তাইক নিজৰ সৈতেই ৰাখিব দিলে চৰাইজনীক! সময় আহি পালে মানুহজন নামি যাব বুলি তাই জানে, চৰাইজনীয়েও জানে৷ মানুহজন আৰু চৰাইজনীয়ে এইবাৰ গাই আছিল-” হয়তো এয়াই আমাৰ শেষ দেখা” এনে অৰ্থৰ গান এটা৷ মানুহজনে পুনৰ কৈছিল শুকান, ধূলিময় ঠাইখন ভাল নোপোৱাৰ কথা৷ সময় হৈছিল আৰু মানুহজন নামি গৈছিল়৷ চৰাইজনী তাইৰ লগতেই আছিল৷ সেই ষ্টেচনটোত কিছু সময় ৰেলখন ৰয়৷ ৰেলখন পুনৰ চলাৰ আগতেই তাই নামি গৈ চৰাইজনীক মুক্ত কৰি দিলে৷ নাজানে তাই চৰাইজনী এতিয়া তেওঁৰ ওচৰলৈকে যাবনে, উভটি আহিব নে কৰবাত হেৰাই যাব!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments