কোৰিয়ান “ কমফৰ্ট ৱমেন” আৰু আমাৰ মিলিটেৰীয়ে চুৱা কৰা লাৱণ্যহঁতৰ কথাৰে (দেৱব্ৰত গগৈ)

চিউলৰ জাপানী দুতাবাসৰ সন্মুখৰ উদ্যানখনত এটা সাধাৰণ মুৰ্তি আছে। মুৰ্তিটো স্থাপন কৰা হৈছে খোদ কোৰিয়ান চৰকাৰৰ পৃষ্ঠপোষকতাত। দুখন চকী , তাৰে এখন খালী আৰু আনখনত জীৰ্ণ পোছাক আৰু শুদা ভৰিৰে চুটি চুলিৰ এজনী কোৰিয়ান ছোৱালীৰ মুৰ্ত্তি। তেওঁ এক বিশেষ অভিযোগৰ দৃষ্টিৰে জাপানী দুতাবাসটোলৈ চাই আছে। সেই অভিযোগ প্ৰায় শতিকাজোৰা অভিযোগ। সাম্ৰাজ্যবাদী জাপানী চৰকাৰে যেতিয়া দ্বিতীয় মহাসমৰৰ আগে আগে কোৰিয়া দখল কৰি তাত সামৰিক ঘাটী স্থাপন কৰিছিল , তেতিয়া জাপানী সৈন্যৰ বিনোদনৰ বাবে ‘কমফ’ৰ্ট জ’ন’ সজা হৈছিল , য’ত আন আন সুবিধাৰ উপৰিও প্ৰায় দুই লাখ কোৰিয়ান যুৱতীক সেনাৰ দৈহিক ক্ষুধা নিবাৰণৰ বাবে সেই ‘কৰ্মফট জ’নলৈ চালান দিয়া হৈছিল আৰু সেই কৰ্মফট জ’নত নৰক সদৃশ পৰিৱেশত বাস কৰা কোৰিয়ান ছোৱালীবোৰক এসময়ত ‘কমফৰ্ট ৱমেন” ৰূপে অভিহিত কৰা হৈছিল। জাপানী সেনাই সৃষ্টি কৰা “ কমফৰ্ট ৱমেন” সমস্যাটোৰ বাবে আজিও জাপান আৰু কোৰিয়াৰ মাজৰ সৰ্ম্পক স্বাভাবিক নহয়। “ কমফৰ্ট ৱমেন”ৰ বাবে ইতিমধ্যে জাপানী প্ৰধানমন্ত্ৰী আৰু জাপানৰ সংসদে কোৰিয়াৰ জনতাৰ ওচৰত ক্ষমা-প্ৰাৰ্থনা জনাইছে আৰু আৰ্থিক ক্ষতিপুৰণো দিছে , তথাপিও “ কমফৰ্ট ৱমেন” কোৰিয়াৰ জনতাৰ বাবে অৰ্ধশতিকাৰ পাছতো এটুকুৰা নুশুকুৱা ঘাঁ আৰু সেয়ে তেওঁলোকে জাপানী দুতাবাসৰ সন্মুখত এগৰাকী ““ কমফৰ্ট ৱমেন”ৰ মুৰ্ত্তি স্থাপন কৰি মৌন প্ৰতিবাদ অব্যাহত ৰাখিছে।

যিদিনা এই “ কমফৰ্ট ৱমেন”ৰ কাহিনীটো পঢ়িবলৈ পাইছিলো , সিদিনা হঠাত বহুদিনৰ আগতে দেখা এটা ঘটনালৈ মনত পৰিছিল। বিশেষ কাম এটাত উজনিৰ জিলা এখনৰ গাঁৱলৈ গৈছিলো। কথাৰ মাজতে এজনী আবিয়ৈ ছোৱালীৰ কথা ওলাল। বয়োজেষ্ঠ্যে মহিলা এগৰাকীয়ে আবিয়ৈ ছোৱালীজনীৰ বিষয়ে ক’লে — “ তাইক মেলিটেৰীয়ে চুৱা কৰা হয়, সেয়ে বিয়া-বাৰু নহ’ল”।
শুকান মুখ আৰু পকিবলৈ ধৰা চুলিখিনিৰে সৈতে কাৰুণ্যতাৰে ভৰা আবিয়ৈ গৰাকীলৈ মই কিছুসময় চাই থাকিলো আৰু ভাবিলো , এইধৰণৰ মিলিটেৰীয়ে চুৱা কৰা আবিয়ৈ কেৱল জানো এখেতেই আছে ? নবৈ দশকত পৃথিৱীৰ চতুৰ্থটো শক্তিশালী সৈন্য বাহিনীয়ে অসমত আলফা ধৰাৰ নামত একাধিক জীয়ৰী আৰু বোৱাৰীৰ সতীত্ব নষ্ট কৰিছিল , যিটো অপ্ৰিয় আৰু জীয়া সত্য। যাক আমি অস্বীকাৰ কৰিব নোৱাৰো। সেই সময়ত সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতেই গহপুৰৰ , লক্ষীমপুৰৰ , বিজনী , নাৰায়ণপুৰৰ বহু দুৰ্ভগীয়া নাৰীয়ে ভাৰতীয় সেনাৰ হাত ধৰ্ষিতা হব লগা হৈছিল আৰু বহুতে প্ৰাণো হেৰুৱাইছিল । সেইসকলৰ নাম আমাৰ হাতত মজুত আছে যদিও তেওঁলোকৰ আত্মাবোৰক পুনৰবাৰ অসন্মান নকৰাৰ উদ্দেশ্যেই নামৰ লিখা নাই।

সাধাৰণতে পৃথিৱীৰ পুৰুষ প্ৰধান সমাজখনেই সদায় যুদ্ধৰ দামামা বজায় , কিন্ত সেই যুদ্ধবোৰত শাৰীৰিক আৰু মানসিকভাবে নাৰীয়েই বেছিভাগ সময় লাঞ্চিত হব লগা হয়। অসমৰ আলফা দমন অভিযানতো তাৰ ব্যতিক্ৰম হোৱা নাছিল। আলফা যুৱকক ঘৰত আশ্ৰয় দিয়াৰ শাস্তিৰূপেই ঘৰত তালাচী চলোৱাৰ চলেৰে সেনাই এনে বহু ছোৱালী আৰু বোৱাৰীৰ সতীত্ব হৰণ কৰিছিল। কাৰোবাৰ নাম কিবা-প্ৰকাৰে জনচক্ষুৰ আগলৈ ওলাই আহিছিল আৰু সৰহভাগেই সমাজত বদনামৰ ভাগী হোৱাৰ ভয়ত ঘটনাবোৰ লুকুৱাই ৰাখিছিল।

বিশিষ্ট সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীয়ে “সাদিনৰ” পাততে এবাৰ সবিস্তাৰে লিখিছিল, কেনেকৈ হোজা খেতিয়কে সেনাৰ অত্যাচাৰৰ ভয়ত ঘৰ এৰি পলাই যোৱাৰ সুযোগত এজন ভাৰতীয় সেনা বিষয়াই সেই খেতিয়কৰ পত্নীক ছমাহ ধৰি ৰক্ষিতা হিচাবে ৰাখি থৈছিল। অসমৰ বহু গাঁৱত এতিয়াও “মিলিটেৰীয়ে চুৱা কৰা” জীয়ৰীয়ে এক একাকী জীৱন কটাইছে। নবৈ দশকতে নিজৰ সতীত্ব হেৰুৱা সেই দুৰ্ভগীয়া নাৰীসকলে কেনে এক দুখময় জীৱন কটাইছে তাৰ খৱৰ লবলৈ চৰকাৰৰ যে আহৰি নাই সেয়া স্বাভাবিক কথা , কিন্ত বিপ্লব কৰি ভাগৰি পৰা আলোচনা পন্থী আলফাসকলৰো নিশ্চয় সময়ৰ অভাৱ ঘটিছে ।

আজিৰ তাৰিখত অসমীয়াই নবৈ দশকৰ সেই বিভিষিকাময় দিনবোৰ পাহৰি পেলাইছে , কোনোবাই সেনাৰ হাতত ধৰ্ষিতা হোৱা সেই দুৰ্ভগীয়া নাৰীসকলৰ কথা উনুকিয়ালেও , সেইবোৰ সেনাৰ সাধাৰণ লেন্সনায়ক বা হাবিলদাৰেহে কৰিছিল বুলি কৈ ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনা বাহিনীক নিৰ্দোষী বুলি কবলৈ বিচাৰে লগতে বিষয়টোকো লঘু কৰিবলৈ বিচাৰে কিন্ত তেওঁলোকে পাহৰি যায় যে সেই ভাৰত চৰকাৰেই আমাৰ ওপৰত সেনাৰ বিশেষ ক’লা আইন জাপি দিছে যাৰ বলত বলীয়ান হৈ ভাৰতীয় সেনাই অসমীয়া জীয়ৰী বোৱাৰীক এনেধৰণৰ অত্যাচাৰ কৰিব পাৰিছিল।
হয়তো ভাগৰুৱা বিপ্লবীয়ে চৰকাৰ কোলাত বহি লৈ অসম চুক্তিৰ দৰে চুক্তি এখন কৰি আলফাৰ বিপ্লবৰ সামৰণি মাৰিব কিন্ত অসমীয়া এইসকল “ কমফৰ্ট ৱমেন”ৰ বাবে ন্যায় কোনে আনি দিব সেয়াহে মুল প্ৰশ্ন।

কোৰিয়াৰ দৰে স্বভীমানী আৰু আত্মগৌৰৱী জাতিয়ে জাপান চৰকাৰৰ পৰা পোৱা ক্ষমা-প্ৰাৰ্থনা আৰু আৰ্থিক ক্ষতিপুৰণৰ পাছতো “ কমফৰ্ট ৱমেন”ৰ বিষয়টোক নিজৰ অন্তৰাত্মাৰ পৰা মচি যাবলৈ দিয়া নাই , কিন্ত আমি অসমীয়া জাতিয়ে ইতিমধ্যে নবৈ দশকত সেনাৰ হাতত ধৰ্ষিতা হোৱা দুৰ্ভগীয়া নাৰীসকলক পাহৰি পেলাইছো। জাতি হিচাবে আমি জীয়াই থকাৰ যোগ্যনে ?

2 thoughts on “কোৰিয়ান “ কমফৰ্ট ৱমেন” আৰু আমাৰ মিলিটেৰীয়ে চুৱা কৰা লাৱণ্যহঁতৰ কথাৰে (দেৱব্ৰত গগৈ)

  • January 22, 2016 at 3:58 pm
    Permalink

    লিখনিটো সচাকে ভাল লাগিল্; মহিলা বা ছোৱালীৰ বিষয়ে এনে সুন্দৰ ভাৱ পোষন কৰি ৰখাৰ বাবে ধন্যবাদ্। কাৰণ মহিলা নোহোৱাকৈ কোনো পৰিয়াল গঠণ নহয় বা হবও নোৱাৰে। মহিলাক পুৰুষে বিভিন্না ধৰণে ব্যবহাৰ কৰে আৰু মহিলায়ো সেইকথা জানিয়ৈ নিজ জ্ঞানে বুজি সেই মতে পুৰুষক সহায় -সহযোগ কৰি আহিছে । তেহে সংসাৰ্ খন সুখেৰে চলি থাকে ;সৈ বাবে পুৰুষ সকলে আৰু ল্’ৰা বোৰেও ছোৱালীৰ বিষয়ে সামান্য সহানুভুতিৰ দৃষ্টি ৰাখি চলাটো আমাৰ কাম্য । অ্যাঅমাৰ দেশত অৱশ্যে মহিলাসকল সৱলীকৃত হোৱা দেখা গৈছে ।

    Reply
  • August 16, 2018 at 4:46 pm
    Permalink

    এনে বিষয়বোৰ সততে গাপ দি ৰখাৰ চেষ্টা কৰা হয়৷ ভাল লাগিল এইভাবি যে অন্ততঃ যি সকলে চকুমুদি কথাবোৰ আওকাণ কৰিবলৈ চাই তেওঁলোকৰ বাবে এতিয়াও প্ৰত্যাহ্বান বোৰ নাইকিয়া হৈ যোৱা নাই৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!