কনফুচিয়াচ, বুদ্ধ আৰু এজাক কুকুৰ -(ৰক্তিম গোস্ৱামী)

আকৌ আহিল কনফুচিয়াচ। কাজিয়াত লিপ্ত দুটা কুকুৰক ক’লে “পৰাজিত হৈওঁ পুণৰ যুঁজ দিবলৈ মন বান্ধিব পৰাতহে প্রকৃত জয়”। কনফুচিয়াচৰ জ্ঞানেৰে বিমুগ্ধ দুয়োটা কুকুৰে প্রকৃত জয় প্রাপ্তিৰ সন্মোহনত পলকতে পৰাজয় বৰণ কৰি পুণঃ পুণঃ
বাৰ কাজিয়াত লিপ্ত হৈ অ‌ৱশেষত ইহঃ সংসাৰৰ পৰা মেলানি মাগিলে। সিঁহতৰ যুঁজৰ কোৰ্হালত প্রাণ যাওঁ যাওঁ হোৱা কনফুচিয়াচে সিহঁতৰ নিঠৰ দেহৰ নিস্তব্ধতাত মগন হৈ ক’লে, “মৌনতই আমাৰ প্রকৃত বন্ধু যি কেতিয়াওঁ আমাক বিশ্বাসঘাটকতা নকৰে।”
আৰু ঈশান দিশলৈ গতি কৰিলে কাজিয়াত লিপ্ত আন দুটা কুকুৰৰ সন্ধানত। বাটত লগ পোৱা এটা পিঞ্জৰাবদ্ধ পিশাচক জ্ঞান বিলাবলৈ, অজ্ঞতাৰ আন্ধাৰ আঁতৰাবলৈ দৃঢ়মনা কনফুচিয়াচে ক’বলৈ নাপাহৰিলে, “প্রকৃত জ্ঞান নিজৰ অজ্ঞতাত আৱিষ্কাৰ
কৰিব পৰা ক্ষমতাত পূঞ্জীভূত।”
বহু দিনলৈ কনফুচিয়াচ উটি বুৰি ফুৰিল সাগৰত, মহাসাগৰত, নদীত, পুখুৰীত আৰু মন কৰিলে সকলো পানীৰ ৰং বেলেগ বেলেগ। যিমান বিশাল, সিমান নীলা। বেলেগ বেলেগ ৰঙৰ এই পানীবোৰ যদি একেলগ কৰি দিয়া??? এক নতুন ৰঙৰ পানী উদ্ভাৱনৰ
আনন্দত কনফুচিয়াচে উৰে নিশা মদ খালে আৰু বাৰম্বাৰ উদ্বাউল হৈ চিঞঁৰি কৈ গ’ল, ” জীৱনটো সৰল, আমি জীৱনটোক স্ব-ইচ্ছাৰে জটিল কৰি পেলাওঁ” ..আৰু পুৱতি নিশা কনফুচিয়াচ শুই পৰিল..কুকুৰ দুটাওঁ ইতিমধ্যো মাটিত বিলীন হৈছিল।
গোলকৰ আন এক প্রান্তত বুদ্ধ সাৰে আছিল আৰু শিষ্যসকলক কৈছিল, ” সুস্বাস্থ্য আহৰণ কৰাটো আমাৰ কৰ্ত্তব্য অন্যথা আমাৰ মন ও মগজু সদায় দুৰ্ব্বল আৰু অপৰিপক্ক হৈ ৰ’ব।” বুদ্ধৰ কথা কনফুচিয়াচৰ কাণত ঝংকাৰিত হ’ল আৰু ততাতৈয়াকৈ উঠি ঢলংপলংকৈ সাগৰৰফালে খোজ ল’লে। পিঞ্জৰাবদ্ধ পিশাচটোৰ ডাঙৰ ডাঙৰ হাঁহি কনফুচিয়াচৰ কাণত পৰিল। কনফুচিয়াচৰ খোজ দ্রুততৰ হ’ল।
সাগৰৰ নীলা ঢাকি এজাক হিংসুক কুকুৰ কনফুচিয়াচ অভিমুখে আগবাঢ়ি আহিল…
 
হেপলগ্রুপ আৰু ভেকুৰে ধৰা ৰুটিৰ টুকুৰাবোৰৰ এজাক লা বিষাক্ত পৰুৱা
মাটিৰ টুকুৰাবোৰ থাৰম’কলৰ দৰে পানীত উপঙি ফুৰে। ৰুটিৰ টুকুৰাত আশ্রয় আৰু খাদ্য দুয়োটাৰ সন্ধানত থুপ খোৱা এজাক ক’লা বিষাক্ত পৰুৱা। নিজৰ ভাগ বিচাৰি কৰা অন্তহীন যুঁজৰ পৰিণতিত চিৰাচিৰ হোৱা ক্ষুদ্র ক্ষুদ্র ৰুটিৰ টুকুৰাত, X আৰু Y ক্র’মজ’মৰ উপস্থিতিৰে সমৃদ্ধ সৰু সৰু একোটা পৰুৱাৰ দলে নিজৰ একোখনকৈ পৃথিৱী গঢ়াত মনোনিবেশ কৰিলে। এক ভয়ানক কম্পনত এক সমৃদ্ধ পৃথিবী সামৰি ৰখা টুকুৰাবোৰ আকৌ চিটিকি আহি একলগ হ’ল। X আৰু Y ক্র’মজ’মবোৰ বিস্ফোৰণ হৈ যেনি তেনি সিঁচৰিত হৈ পৰিল।
এডাম, ঈভৰ পাপৰ পৰিণাম নেকি এইয়া? এনেকৈনো ধ্বংস হয় নে কষ্টৰে গঢ়া একোখন পৃথিবী? আহ্…প্রভু ৰামচন্দ্রৰ সংসাৰৰ বৃত্তান্তত লুকাই আছে নেকি নুশুকুৱা ৰক্তাভ নাভী? নাঃ নাঃ এইবোৰ আবেগ। বি প্রেকটিকেল… ডাৰউইনবাদ, বাস্তববাদ, বিবৰ্তনৰ বুকুতে সকলো সংশয় সমাধিস্থ। ডাৰউইনবাদ, বেদ, ৰামায়ণ, ধৰ্মাৱতাৰ পাপমোচনকাৰী যিশু এই সকলো মানিলেওঁ হ’ম ‘কাফেৰ’। ব্রহ্মাণ্ডই ধৰ্ম? নে ৰুটিটুকুৰাবোৰ? নে X আৰু Y ক্র’মজ’মৰ নাঠঙ উণ্ডাম নৃত্য যি নৃত্যৰ আঁৰত লুকাই আছে প্রতিজন ধৰ্মাৱতাৰৰ সৃষ্টিৰ ৰহস্য, ৰহস্য একোখন দেশৰ, একোটা জাতি-জনজাতিৰ, জনগোষ্ঠীৰ।
মোৰ আদিপুৰুষ আৰু তোমাৰ আদিপুৰুষ একেই। দুয়ো বিজুলীৰ চিকমিকনিত একেটা গুহাটে কুচিমুচি খাই সোমাই আছিল কোনোবা কালৰাত্রিত। একেজনী হৰিণীৰে কেঁচা মঙহ চোবাইছিল। একে ভাষাই কৈছিল। বুদ্ধি উদয় হ’ল,
সেয়ে তুমি ইজৰাইলত, মই পেলেষ্টাইনত,
মই আমেৰিকাত, তুমি আফগানিস্থানত,
মই ভাৰতত তুমি পাকিস্থানত।
পৰুৱাবোৰে X আৰু Y ক্র’মজ’মৰ পুণৰ যোৰা পাতিছে ভেকুৰে ধৰা ৰুটিৰ টুকুৰাবোৰত।
নষ্ট্রড’মাচে কৈছে এক ভয়ানক কম্পন আকৌ হ’ব…
 
 
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!