কৰ্বি (CoRBiE)ৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

দুদিন আগৰপৰাই যোগাযোগবোৰ আৰম্ভ হৈছিল৷ সেইদিনা ৰাতিপুৱাই কিনকিনিয়া বৰষুণৰ মাজেৰে যাত্ৰা আৰম্ভ হৈছিল৷ লক্ষ্য নলবাৰী৷ দিশপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বেলতলা, আমিনগাওঁ আৰু শেষত ৰঙিয়াত গৈ সম্পূৰ্ণ হৈছিল ভাৰ্চুৱেল জগতৰ চাৰি বন্ধুৰ মিলন৷ মসৃণ হাইৱে, গাড়ী দৌৰিছে লক্ষ্যস্থানলৈ৷ গুগল মেপৰ নেভিগেছন অনুসৰণ কৰি আমি গৈ পালো ‘এম এন চি বালিকা মহাবিদ্যালয়’৷ তাৰ সন্মুখতেই আমালৈ ৰৈ আছিল এদল উদ্যমী যুৱক৷ কোনোবাজন ব্যৱসায়ী, কোনোবা ছাত্ৰ, কোনোবা লিখক৷ সাহিত্যৰ কৰ্মদলক উষ্ণ আদৰণি জনোৱা এওঁলোকৰ ব্যক্তিগত পৰিচয় গৌণ হৈ পৰিছিল৷ তেওঁলোক একগোট হৈ পৰিছিল এটা পৰিয়াল হিচাপে, CoRBiE হিচাপে৷ হয় সকলোৰে নিজা পৰিচয় থাকিলেওঁ, একগোট হৈ পৰিলে এওঁলোকৰ এটাই পৰিচয়… Corbie.. পাগলাদিয়াৰ পাৰত প্ৰকৃতিৰ উমাল স্পৰ্শ বিছাৰি ঘূৰি ফুৰা এওঁলোকে নিজকে ডাক্তৰ, প্ৰফেচাৰ, ব্যৱসায়ী, ছাত্ৰ বুলি চিনাকী নিদি আমাক চিনাকী দিলে একোজন প্ৰকৃতিপ্ৰেমী বুলি৷ বিনা স্বাৰ্থত প্ৰকৃতিক আমাৰ বসবাসৰ উপযোগী কৰি ৰাখিবলৈ অংগীকাৰবদ্ধ CoRBiE ( Conservation and Research of Biodiversity and Environment)ৰ এজন সেনা বুলি৷ আহক এওঁলোকৰ মুখেৰেই শুনো প্ৰকৃতি আৰু এওঁলোকৰ মাজৰ সম্পৰ্কৰ কাহিনী৷

 

সাহিত্য ডট্ অৰ্গ: নমস্কাৰ৷ পোনপ্ৰথমে আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে সাহিত্য ডট্ অৰ্গৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ৷ আজি আমি আপোনালোকৰ পৰা ‘কৰ্বি’ৰ বিষয়ে জানিবলৈ বিছাৰিছোঁ৷ প্ৰথমতেই জানিব বিছাৰিম ‘কৰ্বি’ৰ জন্মলগ্নৰ কথা৷ কেনেকৈ, কি উদ্দেশ্যে কৰ্বিৰ জন্ম হ’ল?

কৰ্বি (CoRBiE): প্ৰথম অৱস্থাত কোনো এন জি অ’ খোলাৰ লক্ষ্যৰে আমি কৰ্বি খোলা নাছিলোঁ৷ আমি চাৰিজনমান আছিলোঁ; যিয়ে প্ৰকৃতি ভাল পাইছিলোঁ৷ আমাৰ সীমাবদ্ধতাৰ মাজতো প্ৰকৃতিৰ বাবে কিবা কৰাৰ হেঁপাহ এটা আছিল৷ বিশেষকৈ সাপৰ প্ৰতি আমাৰ আগ্ৰহ বেছি আছিল৷ কিয় আছিল সেই বিষয়ে কোনো নিৰ্দিষ্ট উত্তৰ আজিও আমাৰ হাতত নাই৷ সাপৰ ফটো তুলি, সাপ উদ্ধাৰ কৰি আমি ভাল পাইছিলোঁ৷ কেতিয়াবা এনেকৈ সাপ উদ্ধাৰ কৰি ৰাখিও থৈছিলোঁ, হয়তো সেই সময়ত আমি কৰা এইবোৰ ভুলৰ বিষয়ে আমি অনুভৱ কৰিব পৰা হোৱা নাছিলোঁ৷ ২০০৯ চনৰ শেষৰ ফালে আমি এদিন এই সাপ উদ্ধাৰ কৰা কামটো ভালকৈ কৰিম বুলি সিদ্ধান্ত ল’লোঁ৷ লাহে লাহে মানুহে আমাৰ কথা জানিবলৈ ল’লে; ঘৰ, চৌহদত সাপ দেখিলে আমাক উদ্ধাৰ কৰিবলৈ মতা হ’ল৷ তেনেকৈয়ে আমাৰ কামৰ পৰিসৰ বাঢ়িবলৈ ধৰিলে৷ বন বিভাগেও আমাক সহায় কৰিবলৈ ল’লে৷ আচলতে কিছু ক্ষেত্ৰত আমিহে বন বিভাগক সহায় কৰিবলগীয়া হ’ল৷ তেওঁলোকে সাপ আদি উদ্ধাৰ কৰিব নোৱাৰি কেতিয়াবা আমাক মাতে, আমি গৈ যি পাৰোঁ সহায় কৰোঁ৷ তেনেদৰে আমাৰ কাম আগুৱাই গৈ থাকিল৷ লাহে লাহে কামৰ পৰিসৰ বাঢ়ি গৈ থাকিল৷ সাপৰ পৰা কাছ, চৰাই, হৰিণা, আনকি বাঘৰ পোৱালি পৰ্য্যন্ত আমি উদ্ধাৰ কৰিলোঁ৷

তেনেকৈয়ে এই কামবোৰক সংগঠিত ৰূপ দিয়াৰ বাবে লাহে লাহে এটা এন জি অ’ খোলাৰ চিন্তা আমাৰ মনলৈ আহিবলৈ ধৰিলে আৰু তাৰ ফলস্বৰূপে ২০১৪ চনৰ ১৭ অক্টোবৰত ‘কৰ্বি’ এক এন জি অ’ ৰূপে গঠন কৰা হ’ল৷ আমাৰ সাধাৰণ কমিটি এখন আছে৷ ইতিমধ্যে আমি জিলাভিত্তিক কমিটি গঠন কৰাৰ বাবে চিন্তা-চৰ্চা কৰি আছোঁ৷

 

সাহিত্য ডট্ অৰ্গ: বৰ্তমান প্ৰধানত কি কি ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে?

কৰ্বি: প্ৰথমতে আমি কেৱল উদ্ধাৰ কাৰ্য্যতে নিজৰ কৰ্ম সীমাবদ্ধ কৰি ৰাখিছিলোঁ৷ পিছলৈ আমি নলবাৰী কলেজৰ শিক্ষক ৰাভা চাৰহঁতৰ সংস্পৰ্শলৈ আহিলোঁ৷ তেওঁলোকৰ পৰা আমি বহুত শিকিবলৈ পালোঁ৷ তেতিয়াই আমি ঠিক কৰিলোঁ যে থেছিচ পেপাৰত আবদ্ধ হৈ থকা জ্ঞানবোৰ সৰ্বসাধাৰণৰ মাজলৈ নিয়াটো এক গুৰুত্বপূৰ্ণ কাম হ’ব পাৰে৷ গৱেষণা কৰা মানুহসকলে বহুত জানে, কিন্তু সেই জ্ঞান বহুক্ষেত্ৰত সেই থেচিছ পেপাৰখনৰ বাহিৰলৈ নাযায়৷ সেই জ্ঞানখিনি সাধাৰণ মানুহে বুজি পোৱাকৈ জনসাধাৰণৰ মাজলৈ নিয়াটো এটা ডাঙৰ কাম হ’ব পাৰে বুলি আমি অনুভৱ কৰোঁ৷ বন্যপ্ৰাণী কি? ইয়াৰ সংৰক্ষণ কিয় জৰুৰী, প্ৰকৃতিৰ ভাৰসাম্যতা নষ্ট কৰি আমি নিজৰেই কিমান অপকাৰ কৰি আছোঁ আদি অনেক সাধাৰণ কথা আমি সৰ্বসাধাৰণৰ মাজলৈ নিয়াটো অতি জৰুৰী৷ প্ৰকৃতি কি আৰু আমাক কিয় প্ৰকৃতি লাগে সেই বিষয়ে ৰাইজক জনোৱাটো আমাৰ এক লক্ষ্য৷

 

সাহিত্য ডট্ অৰ্গ: মানে উদ্ধাৰ আৰু সজাগতা, এই দুয়োটাতেই আপোনালোকে গুৰুত্ব দিছে৷ তাৰ বাহিৰে আৰু কিবা?

কৰ্বি: বৰ্তমানলৈ আমি ভবা নাই৷ অৱশ্যে আমাৰ এটা ৰিছাৰ্চ টীম আছে, ‘এডুকেচন আৰু ৰিছাৰ্চ’ বিভাগ এটা আছে৷ আমাৰ এজন সদস্য ৰাভা চাৰে এই দলটোৰ কাম-কাজ চোৱা-চিতা কৰে৷ বৰ্তমান এই দলটোৱে এখন পখিলা উদ্যান নিৰ্মাণ কৰাৰ বাবে চিন্তা চৰ্চা কৰি আছে৷ যদিও এই বিভাগত আমাৰ মুখ্য কৰ্মদলৰ বেছিভাগেই নলবাৰী কলেজৰ, কিন্তু অন্য নলবাৰীৰ কলেজসমূহৰ পৰা আমাৰ দলত যোগ দিয়া সদস্যও বাঢ়ি আহিছে৷ যিসকলে প্ৰকৃতিক ভাল পায়, পৰিবেশ সংৰক্ষণৰ বাবে কিবা এটা কৰিবলৈ আগ্ৰহী, সেই সকলোৱেই কৰ্বিৰ অংশীদাৰ হোৱাটো আমি বিছাৰিম৷ সমাজখনে যিদিনা পৰিবেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজিব, যেতিয়াই মানুহে বন্যপ্ৰাণী সংৰক্ষণৰ উপকাৰিতাৰ বিষয়ে নিজে বুজি পোৱা হ’ব সেইদিনাই কেৱল কৰ্বি বুলি নহয়, সকলোৰে বাবে ই এক ডাঙৰ সফলতা হ’ব৷

আকৌ ঘূৰি আহিছোঁ পখিলা উদ্যান( butterfly garden)ৰ কথালৈ৷ প্ৰশ্ন উঠিব পাৰে, পখিলা উদ্যান কিয়৷ বেলেগ কামৰ বিষয়ে আমি কিয় নাভাবিলোঁ৷ আপোনালোকে চাগে’ জানে যে পখিলাই এয়াৰ ইন্দিকেটৰ হিচাপে কাম কৰে৷ যদি আমি নলবাৰীত এনেকুৱা এখন উদ্যান স্থাপন কৰোঁ তেনেহ’লে তাৰ জৰিয়তে আমি নলবাৰীৰ বায়ু প্ৰদুষণৰ পৰিমাণ বিষয়ে এক আভাস পাম৷ সেইবাবেই আমি প্ৰথম পৰ্য্যায়ত এই কাম হাতত লৈছোঁ৷ বৰ্তমান আমি এই উদ্যান নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হিচাপে বিভিন্ন বয়স, প্ৰকাৰ ভেদে নলবাৰী বা ইয়াৰ আশে-পাশে থকা বিভিন্ন অঞ্চলৰ পখিলাৰ ওপৰত এটা সমীক্ষা চলাই আছোঁ৷ বিভিন্ন ডাটা আমি সংগ্ৰহ কৰিছোঁ৷ এইক্ষেত্ৰত নলবাৰী কলেজৰ বটানী বিভাগৰ শিক্ষক শ্ৰীযুত কন্দৰ্প কলিতাৰ সহযোগিতা বিশেষভাৱে উল্লেখযোগ্য৷ আপোনালোকে জানেই নলবাৰীৰ পাগলাদিয়া নদীৰ কথা! পাগলাদিয়া নদীৰ পাৰৰ কিছুমান ঠাই পখিলাৰ বংশবৃদ্ধিৰ বাবে অনুকুল৷ আমি প্ৰায়েই তালৈ সমীক্ষা কৰিবলৈ গৈ থাকোঁ৷ পখিলাৰ লগে লগে আমি তাতে বাকী বন্য জীৱ-জন্তুবোৰৰো খবৰ ৰাখোঁ৷ তাতে দেখা বিভিন্ন জন্তু, চৰাই আদিৰো অৱস্থান, সুবিধা,-অসুবিধাৰ দিশটোলৈ আমি খবৰ ৰাখোঁ৷

ইতিমধ্যে আমি দেখিবলৈ পোৱা বিভিন্ন চৰাইৰ ফটো তুলি সেইবোৰ চিনাক্ত কৰি ৰাখিছোঁ যাতে এইবোৰে সময়ত বেলেগক উপকাৰ কৰে৷ বৰ্তমানলৈ আমি এশৰ বেছি এনেকুৱা চৰাইৰ বিষয়ে খবৰ সংগ্ৰহ কৰি প্ৰণালীবদ্ধ ভাৱে সংগ্ৰহ কৰি ৰাখিছোঁ৷

নলবাৰীৰ বন্যাঞ্চল বুলিবলৈ তেনেকৈ নাই৷ পাগলাদিয়াখনেই হৈছে নলবাৰীৰ প্ৰাণকেন্দ্ৰ৷ পাগলাদিয়াই আমাক দিয়ে সজীৱতা৷ পাগলাদিয়া আমাৰ বাবে কিমান জৰুৰী সেয়া আমাৰ অধিকাংশই আজিও অনুভৱ কৰা নাই৷ নদীৰ ওপৰত মানুহৰ হেঁচা দিনে দিনে বাঢ়ি গৈছে৷ কোনোবাই নদীৰ পাৰত ঘৰ বান্ধি লেতেৰা কৰিছে, কোনোবাই নদীৰ পাৰৰ গছ এডাল কাটি দিছে৷ এইবোৰে যে প্ৰাকৃতিক ভাৰসাম্যতাত কিমান প্ৰভাৱ পেলাই আছে তাক সৰ্বসাধাৰণে আজি অনুভৱ কৰিব পৰা নাই৷ স্থানীয় ৰাইজ এই ক্ষেত্ৰত সজাগ নহ’লে পৰিবেশ ৰক্ষা কৰিব পৰা নাযাব৷ উদাহৰণস্বৰূপে আমি বাতৰি কাকত, আলোচনী আদিত লিখি কাজিৰঙা ৰক্ষা কৰিব নোৱাৰোঁ৷ স্থানীয় ৰাইজৰ সহযোগিতা প্ৰধানকৈ জৰুৰী৷ পৰিবেশ ৰক্ষাৰ প্ৰয়োজনীয়তা মানুহে অন্তৰৰ পৰা অনুভৱ নকৰালৈ পৰিবেশ ৰক্ষা নহ’ব৷ হৃদয়ৰ টান এই ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ৷

এই বিষয়ে সজাগতা আনিবলৈ আমি বিভিন্ন মেল-মিটিং, কৰ্মশালা আদিলৈ যোৱাৰ উপৰি বিদ্যালয়বোৰলৈ যাওঁ৷ সৰু সৰু ল’ৰা-ছোৱালীবোৰক পৰিবেশৰ বিষয়ে বুজাওঁ৷ তেওঁলোকে কিন্তু খুব আন্তৰিকতাৰে আমাৰ কথাবোৰ শুনে, আমাৰ ভাল লাগে৷

সাহিত্য ডট্ অৰ্গ: তাৰমানে যি বুজিলো সৰুকৈ হলেও কৰ্বিৰ কামৰ আওতালৈ আপোনালোকে বিভিন্ন দিশেই সামৰি লৈছে৷

কৰ্বি: হয়৷ উদ্ধাৰ, সংৰক্ষণ, ৰিছাৰ্চ আদি বিভিন্ন দিশ আমি সামৰি লৈছোঁ৷ পিছে ৰিছাৰ্চৰ দিশটো খুব বিস্তৃত৷ এইক্ষেত্ৰত আমি তেনেই চালুকীয়া৷ আশা কৰিছোঁ সময়ৰ লগে লগে আমি এই ক্ষেত্ৰত আগুৱাব পাৰিম৷ তাৰ বাবে আমাক প্ৰয়োজন হ’ব বিজ্ঞ, বিদ্বান ব্যক্তিসকলৰ সহযোগিতা আৰু পথ প্ৰদৰ্শনৰ৷

 

সাহিত্য ডট অৰ্গ: সাধাৰণ ৰাইজে একেআষাৰে কৰ্বিৰ কৰ্মপদ্ধতি জানিব বিচাৰিলে আপোনালোকে কি বুলি ক’ব?

কৰ্বি: বৰ্তমান আমি সজাগতাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ৷ বিদ্যালয়, মহাবিদ্যালয়, বাটে-ঘাটে আমি য’তেই সুবিধা পাইছোঁ আমি ৰাইজক সজাগ কৰিবলৈ প্ৰয়াস কৰিছোঁ৷ সজাগতাৰ অভাৱত যদি এটা অঞ্চল ধ্বংস বা এটা জন্তু বিলুপ্ত হৈ যায়, তেন্তে তাক আমি আৰু দুনাই নাপাওঁ৷ দ্বিতীয়তে গৱেষণা আমাৰ কামৰ এক গুৰুত্বপূৰ্ণ অংগ৷ কিন্তু এইক্ষেত্ৰত আমাক যথেষ্ঠ টকা-পইছাৰ দৰকাৰ৷ ধৰক, এই পখিলা উদ্যানখনেই, ইয়াক নিৰ্মান কৰিবলৈ, চোৱা-চিতা কৰিবলৈ, চাৰ্ভে কৰিবলৈ টকাৰ প্ৰয়োজন আছে৷ ইতিমধ্যে আমি এই প্ৰকল্পৰ বাবে আৰ্থিক অনুদান বিচাৰি চৰকাৰক পঠিয়াবলৈ এটা প্ৰস্তাৱ সাজু কৰিছোঁ৷ যদি এইক্ষেত্ৰত আমি চৰকাৰৰ সহযোগিতা পাওঁ, তেন্তে ই নিশ্চয়কৈ আমাৰ বাবে এক ডাঙৰ সাফল্য হ’ব৷

 

সাহিত্য ডট অৰ্গ: আপোনালোকে এই কামবোৰ কৰিবলৈ যাওঁতে কেতিয়াবা ৰাইজৰ ফালৰপৰা অসুবিধাৰ সন্মুখীন হৈছেনে? দহজন মানুহৰ গোটেইবোৰেই আপোনালোকক সমৰ্থন নকৰিবও পাৰে৷ তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ আগবাঢ়ে?

কৰ্বি: অসুবিধাৰ সন্মুখীন নিশ্চয়কৈ হওঁ৷ আচলতে এইবোৰত বিভিন্ন দিশ জড়িত হৈ থাকে৷ আপোনালোকে বালিৰ মহলবোৰৰ কথা জানেই চাগে’৷ এই মহলবোৰত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মহলদাৰ থাকে৷ এইক্ষেত্ৰত আমাৰ পাগলাদিয়া কোনো চৰকাৰী আওতালৈ নাহে৷ যিদৰে কাজিৰঙা এক সংৰক্ষিত অঞ্চল তেনেদৰে পাগলাদিয়াকো চৰকাৰী আওতালৈ আনিব পাৰিলে আমাৰ বহুত সুবিধা হয়৷ তথাপি আমি এইক্ষেত্ৰত নিজাকৈ গৈছোঁ, মহলৰ লগত জড়িত মানুহ, ওচৰ পাজৰৰ মানুহক বুজাইছোঁ৷ কিন্তু এতিয়ালৈ সঁহাৰি বৰ এটা আশাপ্ৰদ নহয়৷ কিন্তু চৰকাৰৰ সহায়-সহযোগিতা পালে এইক্ষেত্ৰত আমি বেছি ভালকৈ আগবাঢ়িব পাৰিম৷

 

সাহিত্য ডট্ অৰ্গ: কেতিয়াবা কোনো কামত এনেদৰে গৈ বিফল হোৱাৰ বা বাধা পোৱাৰ কোনো ঘটনা ঘটিছে নেকি?

কৰ্বি: এনে ঘটনা বহুত আছে৷ কিছু ক্ষেত্ৰত আমি ৰাইজৰ মাৰ খাবলৈহে বাকী৷ বিশেষকৈ জীৱ-জন্তু উদ্ধাৰ কৰিব যোৱা ক্ষেত্ৰত এই বাধাবোৰ আমি বেছিকৈ পাওঁ৷

 

সাহিত্য ডট্ অৰ্গ: আমাৰ পঢ়ুৱৈসকলক এই বিষয়ক কিবা অভিজ্ঞতাৰ ভাগ দিবলৈ বিচাৰিব নেকি?

কৰ্বি: বৰভাগ অঞ্চলত হোৱা এটা অভিজ্ঞতাৰ কথা ক’বলৈ বিচাৰিম৷ এদিন ৰাতি এঘাৰটামান বজাত আমালৈ ফোন আহিল৷ মানুহ এঘৰৰ তাত অজগৰ এডাল ওলাইছে৷ আমি গ’লোঁ৷ গৈ গম পালোঁ তেওঁলোকে গধুলিৰ পৰা বন বিভাগক ফোন কৰি আছে কিন্তু বন বিভাগ আহি পোৱা নাই৷ যি নহওক আমি সাপডাল উদ্ধাৰ কৰিলোঁ৷ উদ্ধাৰ কৰি আমি সাপডাল বস্তা এটাত ভৰাই লৈ আহিবলৈ লওতেই ৰাইজে আমাক বাধা দিলে৷ কাৰণ সোধাত জানিবলৈ পালোঁ, তেওঁলোকে সাপডালৰ সৈতে ফটো উঠিব, ফেচবুকত দিবলৈ৷ বেছিভাগেই আছিল সুৰাৰ নিচাত মত্ত৷

আমি তেওঁলোকক জনালোঁ যে আমি তাতে সাপডাল এৰি থৈ আহিব নোৱাৰোঁ কাৰণ এইডাল বন্যপ্ৰাণীৰ আওতাত আহে৷ কিন্তু ৰাইজে নেৰে৷ মাজতে কোনোবাই উলিয়াই দিলে যে আমি সাপ বেপাৰী৷ লগে লগে আমাক ওচৰৰ ঘৰ এটাত সুমুৱাই ৰখা হ’ল৷ তেতিয়া আমি তেওঁলোকক নলবাৰীৰ ৰেঞ্জাৰৰ সৈতে ফোনত কথা পতাই দিলোঁ৷ ৰেঞ্জাৰেও একে কথাই ক’লে৷ কিন্তু ৰাইজ নাচোৰবান্দা৷ সেইদিনা কোনোবা এটা অঞ্চলত হাতী ওলোৱা বাবে বন বিভাগৰ লোক তালৈ যাব পৰা নাছিল৷ অৱশেষত ৰাতি এটামান বজাত বন বিভাগৰ লোক গৈ হাজিৰ হ’ল৷ এইবাৰ এটা নতুন সমস্যাই দেখা দিলে৷ ইমান দেৰিকৈ বন বিভাগৰ লোক অহা বাবে ৰাইজে এইবাৰ তেওঁলোকক বান্ধি থ’লে৷ শেষত আমাৰ এজন সদস্যই সাপডাল লৈ তাৰপৰা পলাই গৈ পিছত পুলিছ লৈ গৈ বনবিভাগৰ কৰ্মী কেইজনক উদ্ধাৰ কৰি আনিলে৷ প্ৰায় একেই অৱস্থা এটা ঘগ্ৰাপাৰত কাছ এটা উদ্ধাৰ কৰিবলৈ গৈ হৈছিল৷

আকৌ তাৰ মাজতে বন্যপ্ৰাণী সংৰক্ষণ লৈ মাত মতা বহুতৰে ঘৰত আপোনোলোকে ভাটৌ, মইনা চৰাই দেখিব৷ ভাটৌ পোহাৰ বাবে চাৰি বছৰ আৰু মইনা পোহাৰ বাবে সাত বছৰ পৰ্য্যন্ত জেইল হ’ব পাৰে৷ দুখৰ বিষয়, আমাৰ মানুহে কাজিৰঙাৰ গঁড়কেইটা ঠিকেই ৰক্ষা কৰিবলৈ মাত মাতে কিন্তু ঘৰৰ নেউলটো মাৰিবলৈ খেদি ফুৰে৷

 

সাহিত্য ডট্ অৰ্গ: কথা-বতৰাৰ আঁত ধৰিয়েই সুধিব বিছাৰিম, বন্যপ্ৰাণী সংৰক্ষণ-সুৰক্ষা আদি এচামৰ বাবে ফেচন হৈ গৈছে নেকি?

কৰ্বি: নিশ্চয়৷ আমি কাৰো নাম ল’ব বিছৰা নাই, কিন্তু কিছুমান ব্যক্তি, সংগঠন দেখোঁ যিসকলে সাপ ধৰি সাপডাল টানি আজুৰি দীঘল কৰে৷ কাৰণ সেই একেই৷ ফটো তোলা৷ বিশেষকৈ অজগৰ৷ অজগৰ সাপ ধৰা বহুতো বন্যপ্ৰেমী আপুনি পাব, কাৰণ অজগৰৰ গ্লেমাৰ আছে৷ একেই ঘটনা আপোনালোকে দেখিব চৰাইৰ ক্ষেত্ৰত৷ আঘাটপ্ৰাপ্ত চৰাইবোৰৰ লগত ফটো উঠাৰ হেঁপাহত বন্যপ্ৰাণী প্ৰেমীসকলে পাখি দুখন যিমান পাৰি টানি-মেলি পজ দিয়ে৷ এবাৰ আমাৰ ক্ষেত্ৰতেই তেনেকুৱা হৈছে৷ আমাৰ সদস্য নৱজিতে এটা হুডু উদ্ধাৰ কৰিছিল৷ পাখি ভগা অৱস্থাত৷ যিহেতু আমাৰ হাতত এনেকুৱা বন্যপ্ৰাণী ঘৰত ৰাখি থোৱাৰ অধিকাৰ নাই গতিকে আমি বন বিভাগত হুডুটো শুশ্ৰুষাৰ বাবে থ’লোঁ৷ দুদিন পিছত দেখিলোঁ যে আমি গৈ পোৱাৰ আগতে ৰিপৰ্টাৰ গৈ হাজিৰ৷ দুইফালে পাখি মেলি ধৰি ফটো চেছনত ব্যস্ত৷ আমি গৈ কেমেৰা বন্ধ কৰি দিলোঁ৷ তেতিয়াৰ পৰা কৰ্বিৰ বাতৰিয়ে বিশেষ একো কভাৰেজ নাপায়৷ কাৰণ আমি তেওঁলোকে বিচৰা ধৰণে ফুটেজ ল’ব নিদিওঁ৷ চৰাইটো মৰি গলেও তেওঁলোকৰ সমস্যা নাই; তেওঁলোকক লাগে কেৱল গৰম খবৰ৷

 

সাহিত্য ডট্ অৰ্গ: আপোনালোকে বহুদিন ধৰি এই ক্ষেত্ৰত কাম কৰি আছে৷ প্ৰথম অৱস্থাত মানুহৰ সচেতনতা আৰু আজিৰ দিনৰ সচেতনতাৰ ক্ষেত্ৰত কিবা উন্নতি লক্ষ্য কৰিছেনে?

কৰ্বি: কৰিছোঁ৷ আজি অন্তত মানুহে সাপ দেখি মাৰি পেলোৱাৰ আগতে এবাৰ আমাক ফোন এটা কৰিছে৷ বহু ক্ষেত্ৰত আমি যাব পৰা নাই৷ কিন্তু ফোনবোৰে আমাক আশাবাদী কৰিছে৷

এইক্ষেত্ৰত এটা ভাল লগা ঘটনা ক’ব বিছাৰিছোঁ৷ মাজতে আমি এমাহমান সাপ উদ্ধাৰ অভিযান বন্ধ ৰাখিছিলোঁ৷ কাৰণ চিকিৎসালয়ত এণ্টি ভেনামৰ যোগান নাছিল৷ আমি বহুবাৰ ক’লোঁ, কাৰো কাণসাৰেই নাই৷ তেনেতে এদিন ফোন এটা আহিল যে এঘৰত দুডাল সাপ ওলাইছে৷ আমি যাব লাগে৷ আমি প্ৰথম মানা কৰাৰ পিছতো তেওঁলোকৰ অনুৰোধত যাবলৈ বাধ্য হ’লোঁ৷ গৈ দেখো দুডাল প্ৰকাণ্ড সাপ৷ সাপদুডাল বৰ বেয়া ঠাইত সোমাই আছিল৷ উলিয়াবলৈ গৈ ইতিমধ্যে আমাৰ সদস্যৰ ছাল-বাকলি এৰালেই৷ এডাল উলিয়াই অনাৰ পিছত ক’ত পলাল কোনেও ধৰিবই নোৱাৰিলে৷ দ্বিতীয়ডাল বস্তাত ভৰাই থাকোঁতে ঘৰৰ গৃহস্থই প্ৰশ্ন কৰিলে যে এতিয়া আমি সাপডাল কত এৰি দিম৷ আমি ক’লো যে এইডাল বিষাক্ত নহয়৷ স্থানীয় ভাষাত এইডালৰ নাম ‘হুলেবেইৰা’৷ আপুনিয়েই কওঁক ক’ত এৰি দিয়া ভাল হ’ব৷ তেতিয়া মানুহজনে সুধিলে যে এইডালৰ নেজত কিবা বিষ আছে নেকি৷ উত্তৰত আমি তেওঁক বুজালোঁ যে এইডাল সাপৰ নেজতো তেনে কোনো বিষ নাথাকে, বৰঞ্চ এইডাল ঘৰত থাকিলে কিছুমান সুবিধাহে হয়৷ যেনে বিষাক্ত সাপ, ভেকুলী আদি খাই এই সাপডালে গৃহস্থক সহায়হে কৰিব৷ আমাৰ কথা শুনিয়েই গৃহস্থই আমাক সাপডাল তাতেই এৰি দিবলৈ ক’লে৷ আমিও সাপডাল য’ৰ পৰা উদ্ধাৰ কৰিছিলোঁ, তাতেই এৰি দি আহিলোঁ৷ এয়া আছিল আমাৰ বাবে এক বিৰল ভাললগা মুহূৰ্ত৷ আচলতে এইবোৰহে সজাগতা, সচেতনতা৷

 

সাহিত্য ডট অৰ্গ: এনেদৰে সজাগতা, সচেতনতা অনাত আপোনালোক সফল হোৱা বুলি ভাবেনে?

কৰ্বি: নাই নাভাবোঁ৷ এতিয়াও আমি বহুদূৰ যাবলৈ আছে৷ সাপৰ ক্ষেত্ৰত আমি অলপ সফল৷ কিন্তু ইয়াত আমাৰ বিশেষ অৰিহণা নাই৷ দৰাচলতে সাপৰ লগত এটা আধ্যাত্মিক দিশ জড়িত হৈ আছে বাবে মানুহে সাপ মাৰিবলৈ টান পায়৷ সাপ মাৰিলে পাপ হয়৷ এই বাক্যশাৰীয়েই সাপৰ বাবে বৰস্বৰূপ হৈ পৰিছে৷ কিন্তু বাকী বন্যজন্তুবোৰৰ ক্ষেত্ৰত ৰক্ষা নাই৷ আপুনি কাৰোবাক ভাটৌ এটা এৰি দিবলৈ কৈ চাবছোন! কোনোপধ্যেই নেৰে৷ শেষত আমি বন বিভাগৰ সহায় লৈ এইবোৰক মুক্ত কৰাই দিব লগাত পৰে৷ কিন্তু হয়, কিছু পৰিমাণে সচেতনতা বৃদ্ধি হৈছে৷

 

সাহিত্য ডট্ অৰ্গ: কৰ্বিৰ ভৌগোলিক পৰিসৰ বৃদ্ধি কৰাৰ কথা কিবা ভবা হৈছেনে? বহু জিলাত হয়তো এনেকুৱা মানুহ আছে যিসকলে পৰিবেশৰ বাবে কিবা কৰাত আগ্ৰহী, কিন্তু তেওঁলোকে সঠিক পথ নাজানে৷ হয়তো তেওঁলোকৰ জ্ঞানো এইক্ষেত্ৰত বৃদ্ধি কৰাৰ থল আছে৷ তেনেক্ষেত্ৰত আপনালোকে কি ভাবিছে?

কৰ্বি: ইতিমধ্যে এইক্ষেত্ৰত চালুকীয়াকৈ ব্যৱস্থা হাতত লোৱা হৈছে৷ ওদালগুৰিত এটা গ্ৰুপ ইতিমধ্যে আছে৷ গুৱাহাটীতো এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে৷ গোৱালপাৰাটো আমি কাম আৰম্ভ কৰাৰ কথা ভাবিছোঁ৷ কিন্তু তাৰ মাজতো এটা কথা আছে, আমি যেতিয়া কৰ্বি আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাৰ প্ৰধান লক্ষ্য আছিল নগৰাঞ্চলৰ বন্যপ্ৰাণী সংৰক্ষণ৷ বাঘ, সিংহ, গঁড় আদিক ৰক্ষা কৰা নিশ্চয় জৰুৰী৷ কিন্তু এইবোৰক ৰক্ষা কৰিবলৈ খোলা সংস্থাৰ অভাৱ নাই, অন্ততঃ অসমত৷ কিন্তু সদায় দেখি থকা জীৱ-জন্তুৰ ক্ষেত্ৰত আমি নিৰুদ্বেগ৷ উদাহৰণস্বৰূপে আমাৰ বাৰীৰ নেউলটো, মকৰাটো, বেৰত বগাই থকা জেঠীডাল৷ আচলতে বহুতে এইবোৰৰ বিষয়ে নাজানেই৷ শালিকা, ঘনচিৰিকাও যে আমি সংৰক্ষণ কৰিব লাগে সেই কথা কাৰো মনতেই নাহে৷ সেইবাবে আমি নগৰাঞ্চলৰ বন্যপ্ৰাণীবোৰৰ ক্ষেত্ৰতেই বেছিকৈ মনোনিবেশ কৰিছোঁ আৰু আমাৰ প্ৰধান লক্ষ্য এইবোৰক সুৰক্ষা দিয়াটোৱেই৷

 

সাহিত্য ডট্ অৰ্গ: জীৱ-জন্তুৰ সংৰক্ষণ জৰুৰী৷ কিন্তু মানুহে সদায় বিচাৰিব যে এই জীৱ-জন্তুবোৰে আমাৰ কোনো অপকাৰ নকৰক৷ সাপডালো থাকক, কিন্তু আমাৰ কোনো অপকাৰো নকৰক৷ এইক্ষেত্ৰত সৰ্বসাধাৰণৰ কৰণীয় কি?

কৰ্বি: সাপৰ ক্ষেত্ৰত কম, আপোনাৰ ঘৰখন পৰিষ্কাৰকৈ ৰাখক৷ সাপে প্ৰধানত নিগনি খাবলৈ আহে৷ ঘৰখন ইমান পৰিষ্কাৰকৈ ৰাখক যে আপোনাৰ ঘৰত নিগনি আদি থকাৰ কোনো সম্ভাৱনা নাথাকে৷ তেতিয়া সাপেও নিশ্চয় আপোনাক আমনি কৰিবলৈ নাহে৷

 

সাহিত্য ডট্ অৰ্গ: বিষাক্ত আৰু কম বিষাক্ত সাপৰ চিনাক্তকৰণক লৈ গাঁও অঞ্চলৰ লোকসকল জ্ঞাত নহয়৷ ৰাইজৰ সজাগতা বৃদ্ধি কৰিবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?

কৰ্বি: বিষাক্ত সাপৰ চিনাক্তকৰণৰ ওপৰত আমাৰ NGO আৰু জীৱ বিজ্ঞান বিভাগৰ যুটীয়া প্ৰচেষ্টাত সাপৰ ওপৰত কেইবাখনো সজাগতামূলক সভাৰ আয়োজন কৰা হৈছিল৷ সাপৰ প্ৰতি অধিক সংখ্যক লোকৰে শংকা থাকে৷ আমি যিমান দূৰ সম্ভৱ এই শংকা দূৰ কৰিবলৈ চেষ্টা কৰো৷

 

সাহিত্য ডট্ অৰ্গ: সকলো সাপে খুটিলেই যে মৃত্যু অনিবাৰ্য নহয় সেই লৈ গাঁও অঞ্চলৰ লোক সজাগ নহয়৷ সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ আপোনালোকে বেলেগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেকি?

কৰ্বি: দুবছৰ মান আগতে আমি আৰিকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এখন প্ৰদৰ্শনীলৈ গৈছিলোঁ৷ বিদ্যালয়খনলৈ আমাক নিমন্ত্ৰণ জনোৱা হৈছিল৷ সজাগতা সভাখনত উপস্থিত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল৷ তেওঁলোকৰ ঔৎসুকতাৰ অন্ত পেলাবলৈ যত্ন কৰিছিলোঁ৷

 

সাহিত্য ডট্ অৰ্গ: প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ ৰাইজক সচেতন কৰিবলৈ কৰ্মশালা নাইবা অনুষ্ঠান আদিৰ আয়োজন কৰা হয়৷ এই কৰ্মশালাসমূহত সাপ সংৰক্ষণৰ বিষয়টোৰ প্ৰতি কেনেদৰে মানুহক আকৰ্ষিত কৰিব পাৰি?

কৰ্বি: হয় এইটো এটা মনকৰিবলগীয়া কথা৷ যিকোনো এটা ঘটনা চকুৰ আগত মানুহে প্ৰত্যক্ষ নকৰিলে সেই ঘটনাটোৰ সত্যতা মানি ল’ব নোৱাৰে৷ ধৰা হওঁক, ফেঁটী সাপ আৰু বাঁকৰাজ সাপ এই দুই প্ৰজাতিৰ সাপকেই বিষাক্ত বুলি ভৱা হয়৷ কিন্তু বাঁকৰাজ সাপডাল যে বিষাক্ত নহয় সেইটো বুজাবলৈ আমি নিজেই সেই সাপডাল ধৰি সাপডালে খোটাৰ দৃশ্য ৰাইজক দেখুৱাওঁ৷ এই সাপডালে খোটাৰ পাচতো যেতিয়া মানুহে আমাক জীৱিত অৱস্থাত দেখে তেতিয়া তেওঁলোকে বিশ্বাস কৰিবলৈ বাধ্য হয়৷ এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাচত সেই মানুহখিনিয়ে আন দহজন ব্যক্তিক এই ঘটনাৰ বিৱৰণ দিবলৈ চেষ্টা কৰিব৷ এই প্ৰক্ৰিয়াৰ যোগেদি ৰাইজৰ মাজত সজাগতাৰো সৃষ্টি হ’ব বুলি আমাৰ ধাৰণা ৷

 

সাহিত্য ডট্ অৰ্গ: বনৰীয়া আৰু ঘৰচীয়া প্ৰাণীৰ মাজৰ প্ৰধান পাৰ্থক্য কি হ’ব পাৰে?

কৰ্বি: যিকোনো বনৰীয়া প্ৰাণীৰ জন্মৰ পাচত দেহৰ বৰণ সলনি নহয়৷ কিন্তু ঘৰচীয়া প্ৰাণীবোৰৰ দেহৰ বৰণ সলনি হোৱা দেখা যায়৷

 

কৰ্বি:বন্যজীৱ আমাৰ বাসস্থানত নাই, বৰং আমিহে তেওঁলোকৰ বাসস্থানত আছো৷ হয়নে কথাটো? আমি জংঘল ইমান কমাই কমাই গৈ আছোঁ, আমি ক’ত সোমাইছোঁ? এই যে শহাপহুটোৰ বাসস্থানত আহি সোমাইছোঁ, শহাপহুটোৰ বাসস্থানত যে আমি লাওৰ খেতি কৰিছিলোঁ, সেইটো তেওঁ নাখাই কি আমি খাব পাম নেকি? হয়নে কথাটো, কওকচোন আপুনি? কথাটো ওলোটাহে হৈ গ’ল আচলতে। আমিহে আহি তেওঁলোকৰ ঠাইত সোমালোহি। বিজ্ঞানেও কৈছে মানুহৰ বাবেই এদিন ইক’চিষ্টেম ধ্বংস হব পাৰে। বিজ্ঞানে কৈ থৈ দিছে, মানুহৰ জনসংখ্যা বিস্ফোৰণ ইক’চিষ্টেম ধ্বংসৰ কাৰণ হব পাৰে। মই কোৱা কথা নহয় সেইটো। বৈজ্ঞানিক সকলে কৈ থৈ দিছে, ইক’ল’জিষ্টে কৈ থৈছে। আৰু আমিয়েই, মানুহেই য’ত কূটৰ ঘাই। আমি এচি গাড়ী চলাইছোঁ, পেষ্টিচাইড ছ’টিয়াইছোঁ-পৰিৱেশ আমি বিনষ্ট কৰিছো৷ মানুহৰ সুখ-সুবিধাৰ কাৰণে কি কৰা নাই আমি?

সাহিত্য ডট্ অৰ্গ:সজাগতাৰ ক্ষেত্ৰত এইটো এটা বাধা হব নোৱাৰে জানো?

কৰ্বি: হয়। বাধা হ’ব। সেইটো হৈয়ে আছে। এই কথাটো সেইকাৰণে মই কৈছোঁ। মই সমজুৱাকৈ কৈয়ে দিওঁ। যিয়ে যি কওক। সাংবাদিকক কৈয়ে দিওঁ মই। মই কৈছোঁ যে বাঘ এটাই মোক খালে আপোনালোকে দুখ কৰিব লগা নাই। আপোনালোকে ডাঙৰ ডাঙৰ বাতৰি কিয় ইমান প্ৰচাৰ কৰে? মই খাদ্যশৃংখলৰ এটা বাঘৰ খাদ্য হ’ব নোৱাৰো নেকি? কি দুখ কৰিব লগা আছে? ইমান মানুহ আছে, তাৰে মানুহ এটা খাওক। বাঘটো যদি মাৰি পেলোৱা হয়, তেতিয়া কিন্তু কোনেও নাকান্দে, মই কৈছোঁ। মালিগাঁওত কোনোবাই কান্দিব বাঘটো মৰাৰ কাৰণে? গঁড় মৰাৰ কাৰণে কোনোবাই কান্দিছে নেকি? নাই কন্দা। তেন্তে কিয়? মই মৰাৰ কাৰণে কিয় কান্দিব লাগে? এই সকলোবোৰ কথা মানুহে বুজিব লাগিব।

সাহিত্য ডট্ অৰ্গ: শহাপহুৰ কথাটো যদিও এটা উদাহৰণহে দিয়া হৈছে, এনেকুৱা সমস্যা বহুতো আছে। বান্দৰৰ কথাই কওক বা কেৰ্কেটুৱাৰ কথাই কওক।

কৰ্বি: বান্দৰৰ ক্ষেত্ৰত ডাঙৰ সমস্যা এটা আছে। বান্দৰৰ সমস্যাটো হৈছে বান্দৰে নিজৰ চাৰিত্ৰিক বৈশিষ্ট্য সলনি কৰিছে। চবতকৈ ডাঙৰ কথা হ’ল যিটো মেটাস্পিংট আছে, সিহঁতে কি কৰিছে নতুন এটা চৰিত্ৰ আকোঁৱালি কৰি লৈছে। আগতে সিহঁতে জংঘলত আছিল। এতিয়া খাদ্য কমি গ’ল। জংঘলেই কমি গ’ল, খাদ্য ক’ত থাকিব? সিহঁতে এটা কথা বুজি পালে যে, ইমান মাথা মাৰি থাকি লাভ নাই, মানুহৰ ওচৰত থাক। সিহঁতৰ পৰা কাঢ়ি সহজতে খাব পাৰি। সহজ খাদ্যাভ্যাস।

সাহিত্য ডট্ অৰ্গ:পৰজীৱিৰ নিচিনা অলপ হৈছে নেকি?

কৰ্বি: নহয় সিহঁতে এইটো অভ্যাস গঢ়ি তুলিছে৷

সাহিত্য ডট্ অৰ্গ: নহয় এনেকুৱাও দেখা গৈছে, মই নিজেই দেখিছোঁ এবাৰ পাঠশালাৰ ভিতৰুৱা গাঁও এখনত। তাত হঠাতে বান্দৰ এজাক আহিল, আহি কবিতলী এখন আছিল, উঘালি-মেলি ধ্বংস কৰিলে৷নাখালে, কিন্তু অত্যাচাৰ কৰি থৈ পলালে।

কৰ্বি:’বিহেভিয়াৰ চেঞ্জ’। সেইটো আচৰণ সলনি৷এটা নতুন আচৰণ কৰিছে।

সাহিত্য ডট্ অৰ্গ: সেইটোৰ কাৰণে কি কৰা উচিত? সিহঁতকমৰাতো সহজ নহয় বা বান্দৰৰ গোটেই জাক এটা ধৰাও সম্ভৱ নহয়, সেইটো কি ধৰণে কৰিব পাৰি? ৰঙিয়াতো আমাৰ ঘৰৰ ওচৰত বান্দৰ নাছিল। কিন্তু সিদিনা দুটা বান্দৰ দেখা পোৱা গৈছে। হয়তো আৰু আহিব।

কৰ্বি: জংঘল নাই।

সাহিত্য ডট্ অৰ্গ: সেইবুলি জংঘল নাই বুলিও ক’ব নোৱাৰে। কাৰণ সেই জেগাত আগতে যিদৰে জংঘল আছিল এতিয়াও সেইদৰেই আছে মোটামুটি।

কৰ্বি: নহয়। আপোনাৰ জেগাত নহয়। আজি যেনে ধৰক গুৱাহাটীত জংঘল নাই৷ মই গুৱাহাটীৰ ভৰলুমুখত ডাঙৰ দীঘল হৈছিলোঁ। সোণাৰাম হাইস্কুলৰ ওচৰত। আমি খেতি কৰিছিলোঁ চাঁদৰ ওপৰত। বছৰত এবাৰেই তাতে বান্দৰ আহি উৎপাত কৰে। কেতিয়া জানেনে? যেতিয়া কামাখ্যাত অম্বুবাচী মেলা বহে। সিহঁতে অৱশেষত বুজি পালে, অম্বুবাচীৰ উপলক্ষে ইমান মানুহ সোমায় কাৰণে সিহঁত থাকিব নোৱাৰে বাবে আমাৰ ইয়াতে আহি উৎপাত কৰে। সেই এটা সপ্তাহ। কিন্তু আজিৰ তাৰিখত কি হৈছে? গুৱাহাটীৰ এখন পাহাৰো নাই য’ত বান্দৰ থাকিব পাৰে। আৰু এইযে বাঘকেইটা। বাঘকেইটা এনেই ওলাই নাহে গুৱাহাটীত। কিয় ওলাই আহে জানেনে? বাঘৰ আহাৰ কি মূলতঃ? যিকেইটা লিওপাৰ্ড থাকে তাত সিহঁতৰ মূল আহাৰ আছিল হৰিণাকেইটা৷ এতিয়া এটা হৰিণাও বাছি থকা নাই। এতিয়া সিহঁতে নতুন এটা খাদ্যাভ্যাসগ্ৰহণ কৰিব লগা হৈছে। সেইটো হৈছে কুকুৰ। এনেই ওলাই নাহে। সিহঁতে কুকুৰ খাবলৈ ওলাই আহে। পোহনীয়া কুকুৰকেইটা খাবলৈও সহজ আৰু ঢেৰ আছে। গুৱাহাটীত যেতিয়া বাঘকেইটা নামি আহে এটাই কাৰণ, কুকুৰ খাবলৈআহে। কাৰণ পাহাৰত এনে এটা জন্তু নাই যিটো সিহঁতে ধৰি খাব পাৰিব। আৰু মানুহ খালেতো মাৰিবই সিহঁতক। আৰু সিহঁতে এইটো কথা জনা হৈছে যে মানুহ আমি খাব নোৱাৰো। কাৰণ এটা মানুহক খাম, আমাৰ গোটেই বংশ নোহোৱা কৰি থৈ যায়। সিহঁতৰ অলপ বুদ্ধিতো আছে গোটেই নাথাকিলেও। আৰু বন্য জন্তুই মোৰ মতে গুৱাহাটীত এনেই মানুহক আক্ৰমণ কৰা নাই। কেতিয়া আক্ৰমণ হৈছে, যেতিয়া মানুহে ঘেৰি ধৰিছে। ফ’টো উঠাবৰ কাৰণে হওক বা চাবলৈয়ে হওক।

সাহিত্য ডট্ অৰ্গ: এই বাঘ ওলোৱাৰ কথাত আপুনি ক’লে যে বাঘ আহি কুকুৰ খায়৷ কুকুৰ বাঘৰ অন্যতম খাদ্য নহয় কিন্তু অভ্যাসটো সলনি হৈ কুকুৰ খাবলৈ আৰম্ভ কৰিলে। যেনেদৰে বহুতো মানুহে ভাত খোৱা বাদ দি ৰুটি খোৱা আৰম্ভ কৰিছে, সেইটো এটা সময়ৰ লগত সলনি হৈছে। এই সমাধানটো কেনেকুৱা হ’ব- যে আমি বিশেষভাৱে কুকুৰ ব্ৰীড কৰিলোঁ আৰু বাঘক খাব দিলোঁ। সেইটো কোনো বাস্তৱিক সমাধান হ’ব পাৰিব জানো?

কৰ্বি: নাঃ। সেইটো কৰিব নোৱাৰি। সেইটো বাস্তৱ সমাধান হ’ব নোৱাৰে। গুৱাহাটীত যিখিনি মানুহে অবৈধভাৱে ৰিজাৰ্ভ ফ’ৰেষ্টত আছে, সেইখিনি মানুহক তাৰ পৰা গুচাব লাগিব। গুৱাহাটীৰ এখন পাহাৰ নহয়; যিমান পাহাৰ আছে, গোটেইবোৰ ৱাইলডলাইফ ৰিজাৰ্ভ ফ’ৰেষ্ট। আমাৰ বিভিন্ন সংগঠনে তাতে মানুহ বহুৱাবৰ বাবে চেষ্টা কৰি আছে। আচলতে সেইটো আমি ৰোধ কৰিব লাগে। তাতে যিহেতু জংঘলৰ কাৰণে ঠাই অকণমানেই আছে। গোটেই গুৱাহাটীখনে উশাহ ল’বৰ বাবে কেইডালমান মাত্ৰ গছ আছে। সেইকেইডালো যদি আমি কাটি পেলাই ধ্বংস কৰোঁ, তেন্তে গুৱাহাটীত মানুহ থকাই টান হ’ব। আজি নিশ্চয় পানীৰ সমস্যা পাইছেই। আপোনালোকৰ যিসকলে গুৱাহাটীত থাকে, পানীৰ সমস্যা পাইছেই নিশ্চয়; ছয়মাহ পানী নাথাকে গুৱাহাটীত। মই সৰুতে কালাপাহাৰত থকা বাইদেউৰ ঘৰত নিজৰা এটাৰ পৰা বৈ অহা পানীপিছপিনৰ শিলৰ টেংকি এটাত অনবৰত পৰি থকা দেখিছিলো । কিছুদিন আগত গৈ দেখিলো যে আজিকালি সিহঁতে পানী কিনিব লাগে। মানুহখিনিয়ে কষ্ট পাই আছে পৰোক্ষভাৱে৷ অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈ আছে৷ আগৰে মানুহখিনিয়ে পানী নিকিনাকৈও পাইছিলে। এতিয়া দুশ টকা টেংকিত পানী কিনিব লাগে। পইচাটো আমাৰেই গৈ আছে। প্ৰত্যক্ষভাৱে ক্ষতি নহ’লেও পৰোক্ষভাৱে ক্ষতি হৈ আছে৷

তেখেতে এটা বিৰাট ভাল কথা কৈছে, বান্দৰৰ সমস্যাটোৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ। চাওক, এসময়ত গছ-গছনি মানে ফল দিয়াগছ যথেষ্ট পৰিমাণে আছিল। আমাৰ গাঁও অঞ্চলতো যে আমাৰ বস্তি বুলি কওঁ আমি, যথেষ্ট পৰিমাণে আছিল, ফলমূলৰে হওক বা অইন কিবাই’ হওক। সেইবিলাক কমি আহিছেনে নাই? আমি গছ এডাল কাটিবৰ কাৰণে কুণ্ঠাবোধ নকৰোঁ। কিন্তু তেওঁলোকে যে ফলমূল এটা পাইছিল সহজতে, কলগছৰ পৰা কল পোৱাই হওক বা কঁঠালেই হওক, বা অন্যান্য ফলমূলেই হওক, যিবিলাক তেওঁলোকে খায়, যে সেই বস্তুবিলাকৰ যি পৰিমাণ, ফল দিয়া গছৰ পৰিমাণ বহু পৰিমাণে কমি গৈছে আৰু তেওঁলোকৰ সেই খাদ্যাভ্যাসটো বদলিছে। আমিৰোৱা কবিবোৰেই খাইছে বা অমিতাৰ পাতবোৰেই মুচৰি দিয়ে।

সাহিত্য ডট্ অৰ্গ: মানে কেতিয়াবা এনেকুৱা হয়, গছত অমিতা লাগি থাকে, অমিতাটো নাখায়। কিন্তু ৰঙালাওৰ ফুল বা কুমলীয়া কুহিটো খাই পেলায়, তেনেকুৱা হয়। কিন্তু তাৰ কাৰণে যথেষ্ট খাদ্য আছে। গছত কঁঠাল লাগি আছে, নাখায়। সি কিন্তু ৰঙালাওটোহে খায়। মানে মানুহৰ দৰে তাৰো এটা ফেশ্বন হৈছে নেকি?

কৰ্বি: হৈছে। মানুহৰ পৰা অলপ আহিছে। আচলতে বিহেভিয়াৰ চেঞ্জ হৈছে।

সাহিত্য ডট্ অৰ্গ: কিন্তু এতিয়া সেইটোৱে এটা ডাঙৰ সমস্যা কৰিছে বুলি ভাবো কিয়, ধৰক আমাৰ গাঁওখন। আমাৰ গাঁওখনৰ উদাহৰণটো দিছোঁ কিয়, তাত এইটো সমস্যা হৈ আছে। তাৰে বেছিভাগ মানুহ কৃষিজীৱি মানুহ। তেওঁলোকে খেতি-বাতি কৰি নিজৰো হয়, বিক্ৰীও কৰে। সবৰে ঘৰতে অতি কমেও ১০-১৫ জোপামানকৈ নাৰিকল গছ পাব, তামোল গছ আছে। কিন্তু এতিয়া কোনোৱে নাৰিকল খাব নোৱাৰে, বিক্ৰী কৰিব নোৱাৰে। ফল-মূল, শাক-পাচলি, যেনে জিকাটোৰ কথাই কৈছোঁ, জিকাটো খাই পেলাব, গতিকে খাবলৈ নাপায়। অৱশেষত হৈছে কি, মানুহে বান্দৰ খেদিবলৈ লাগি যায়, কেৰ্কেটুৱা মাৰিবলৈ লাগি যায়, আৰু সেইটোত যদি আমি বাধা দিব যাওঁ, যদি সচেতনতা আনিবলৈ যাওঁ, তেন্তে আমাৰ ওপৰত পিটন পৰাৰ সম্ভাৱনা আছে। তেন্তে সেইটো ক্ষেত্ৰতটো নিশ্চয় কিবা এটা ব্যৱস্থা কৰিব লাগিব?

অন্য আৰু এটা কথা, ফুড চেইনত বান্দৰৰ ওপৰত কি আছে, মানে বান্দৰ কিহে খায়? বান্দৰক কিহে নিয়ন্ত্ৰণ কৰে?

কৰ্বি: বান্দৰবিলাক কিছু কিছু ক্ষেত্ৰত আমাৰ দৰে সৰ্বভক্ষী হৈ যায়। শাক-পাচলি আৰু কিছু কিছু ক্ষেত্ৰত সৰু সৰু চৰাই চিৰিকটি আদিও খাব পাৰে বা কণীবিলাক খায়। তাক অমনিভৰাচ বুলি কয়।

সাহিত্য ডট্ অৰ্গ: নহয়, বান্দৰৰ জনসংখ্যা কিহে নিয়ন্ত্ৰণ কৰে?

কৰ্বি: বান্দৰক কোনেও নিয়ন্ত্ৰণ নকৰে। সেই বাবে তাক টপ কনজিউমাৰ বুলি কয়। মানুহবিলাকো আমি তেনেকুৱা। বাঘবিলাকো। এইবিলাকৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিলে, যিটো ফুড চেইন আছিল, ফুড চেইনৰ দ্বাৰাই নিয়ন্ত্ৰিত হ’ব। তৃণভোজী জীৱৰ জনসংখ্যা ঘাঁহৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া ঘাঁহখিনি খাই পেলাব তেতিয়া আৰু ঘাঁহ নোহোৱা হ’ব, খাদ্যৰ অভাৱত ই মৰি যাব৷প্ৰকৃতিয়ে এইটো নিজেই নিয়ন্ত্ৰণ কৰে৷

সাহিত্য ডট্ অৰ্গ: মানে বান্দৰেও খাব নাপাই মৰিব, তেনেকুৱা নেকি?

কৰ্বি: অ’। প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰিব। যদি তৃণভোজী প্ৰাণীবোৰৰ সংখ্যা কমি যায়, খাদ্য শৃংখলত তাৰ ওপৰত থকা জীৱৰো সংখ্যা কমি যাব৷ যেনে হৰিণাৰ সংখ্যা কমি গ’লে, বাঘৰ সংখ্যাও কমি যাব। এনেকৈ জীৱৰ জনসংখ্যাপ্ৰকৃতিয়ে নিজেই নিয়ন্ত্ৰিত কৰি ৰাখে৷ কিন্তু সেই প্ৰক্ৰিয়াটো বান্দৰৰ ক্ষেত্ৰত অলপ বেলেগ হৈছে। কেৰ্কেটুৱাৰ ক্ষেত্ৰতো হৈছে। খাদ্য শৃংখল প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰিব পৰা নাই। গৈ থৈ মানুহৰে দোষ। খাদ্য শৃংখলত যদি ভাৰসাম্য হেৰুৱাই, গম পাব যে প্ৰকৃতিত কিবা এটা হৈছে। মানে মানুহবিলাক জীয়া উদাহৰণ। এটা সময়ত ব্লেক কাইট নোহোৱা হৈ গৈছিল। চিলনী নোহোৱা হৈ গৈছিল। গুৱাহাটীত চিল

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
DJ
5 years ago

Very nice