কটন কলেজৰ ফাইল (বিকাশ শইকীয়া)

হায়াৰ ছেকেণ্ডাৰীৰ কথা। ২০০২ চন , নতুনকৈ কলেজৰ হাৱা লাগিছে। সেই হাৱাতেই লগৰ এটাৰ প্ৰেম হৈ গ’ল। ছোৱালীজনী আমাৰ একে ক্লাছৰ। পাছে লগৰটো আছিল একেবাৰে লাজকুৰীয়া টাইপৰ। কটনত ক্লাছৰ বাবে এটা ডিপাৰ্টমেণ্টৰপৰা আনটোলৈ যাব লাগে। সদায় সি ছোৱালীজনীৰ পাছে পাছে যায় কিন্ত ‘হাই’ বুলি ক’ব নোৱাৰে। তাৰ পাছত আমি তাক জেকাই জেকাই এদিন প্ৰপজ দিবলৈ পঠিয়াই দিলোঁ। কটনৰ লাইব্ৰেৰীৰ চিৰিটোৰ কাষতে সি ছোৱালীজনীক প্ৰপজ দিলে। প্ৰপজ দি সি আমাৰ ওচৰলৈ আহিল।

– কি হ’ল ………. আমি সুধিলোঁ।
– তাইৰ বয়ফ্ৰেণ্ড আছে হা…….. সি কন্দনামুৱা হৈ ক’লে।

তাৰ গ্লুমি চেহেৰা দেখি বেয়া লাগিল। তাক বহুত সান্ত্বনা দিলোঁ। হোষ্টেলত থকা সুজয়ে তাক বুজালে যে বাছ, ট্ৰেইন আৰু ছোৱালীৰ কথা বেছি চিন্তা কৰি লাভ নাই, এখন গ’লে আৰু এখন আহিব।

কিন্তু তাৰ পাছত সি বৰ আমন-জিমনকৈ থকা হ’ল। কাকো নামাতে। তাৰ অৱস্থা দেখি বেয়া লাগিল। এদিন অফ পিৰিয়দত মেইন বিল্ডিঙৰ ৰুম এটাত বহি আছোঁ।

– তোৰ কি হৈছে বে, চিল য়াৰ চিল ……. পংকজে ক’লে।
– নাই, একো হোৱা নাই…….. সি ক’লে।
– চা দোস্ত, আমি তোৰ বন্ধু, এটা কাম কৰোঁ। তাইৰ বয়ফ্ৰেণ্ডটোক পিটি দিওঁ আৰু তাইৰপৰা দূৰত থাকিবলৈ ৱাৰ্ণ কৰি দিওঁ, তেতিয়া ৰাস্তা ক্লিয়াৰ………. সুজয়ে ছাৰ্টৰ কলাৰটো কোঁচাই কোঁচাই ক’লে।
– অ, আমি আছোঁ, তাক এনেকে ধুলাই দিম যে, সি তাইৰ নামে পাহৰি যাব…….. বিনোদে যোগ দিলে।

তাৰপাছত অলপ ডিচকাচন হ’ল। ডিচকাচনৰ সাৰমৰ্ম এয়ে যে তাইৰ বয়ফ্ৰেণ্ডটোক তাইৰ আগতে সি থাপৰ কেইটামান লগাই প্ৰমাণ কৰিব যে সি আচলি মৰ্ড হয় যি তাইৰ বাবে “দুনিয়া চে লৰি” যাব পাৰে। যদি কিবা জেং হয় আমি তাৰ লগতে থাকিম আৰু তাইৰ বয়ফ্ৰেণ্ডে কিবা তেৰি মেৰি কৰিলে পাঁচোটাই মিলি তাক ফালি দিম।

লগৰ এজনীৰপৰা গম পালোঁ যে তাইৰ বয়ফ্ৰেণ্ডটোৰ নাম নবু , সি কমাৰ্চত পঢ়ে আৰু আজি আবেলি সিহঁতৰ ডেটিং আছে। লান্সৰ পাছৰ পৰাই তাইক ফলো কৰিলোঁ। লাষ্টৰ আগৰ ক্লাছটো তাই বাংক দি কাছাৰী ষ্টপেজৰফালে খোজ ল’লে।

দোস্তিৰ খাতিৰত আমিও বাংক দিলোঁ। তাই ১ নং চিটিবাছ এখনত উঠিল। তাইৰ পাছৰ বাছখনত আমিও উঠি দিলোঁ। সুজয়ে বাছৰ দুৱাৰত ওলমি আগৰ বাছখনত তীক্ষ্ণ নজৰ দি গ’ল।
আমাৰ বাছ গৈ চানমাৰি ফ্লাই অ’ভাৰত উঠিল। ফ্লাই অ’ভাৰখন শেষ হওঁ হওঁ অৱস্থাতে সুজয়ে চিগনেল দিলে। মানে তাই নামিল। আমিও নামি দিলোঁ।

– নবুৰ আজি নেমু বনাই দিম, আমাৰ কলেজৰ ছোৱালীক খেপ দিয়ে…….. বিনোদে ক’লে।
– বেছি নিপিতোঁ দেই, চিৰিয়াছ হৈ গ’লে জেং হৈ যাব………. মই ক’লোঁ।

তাই ৰাষ্টাটো পাৰ হৈ কমাৰ্চৰ অপজিতত থকা ৰেষ্টুৰেণ্টখনৰ ফালে গ’ল। আমিও ৰাষ্টাটো পাৰ হ’লোঁ। তাইৰ পৰা দহমিটাৰমান দূৰত পজিচন ল’লোঁ। তেতিয়াৰ দিনত মাৰপিটৰ বাবে ল’ৰা লৈ অহা কাৰবাৰটোক ফাইল লৈ অহা বুলি কোৱা হৈছিল। লাইফত মই প্ৰথমবাৰৰ বাবে ফাইল হৈ আহিছোঁ। মনে মনে ভয় এটাও লাগিল।

অলপ পাছত এক্স-এল চাইজৰ পাঁচ ফুট আঠ ইঞ্চি ওখ ল’ৰা এটা তাইৰ ওচৰ পালেহি। তাই তাৰ লগত কথা পতাত লাগিল।
– ল’ৰাটো আমাতকৈ অলপ ডাঙৰ হ’ব নেকি……… সি ক’লে।
– চিন্তা নকৰিবি, আমি আছোঁ, বি এ মেন, মেন হ মেন… সুজয়ে তাক সাহস দিলে।

সি সিহঁতৰ ফালে আগুৱাই গ’ল। সুজয়, বিনোদ আৰু পংকজ তাৰ পাছে পাছে গ’ল। মই ইন দা মিন টাইম ৰাজগঢ়ৰ বাইলেনেৰে পলোৱাৰ প্লেন এটা বনাই ল’লোঁ। আখিৰ জান হে তো জাহান হে।

সি, সুজয়, বিনোদ আৰু পংকজ সিহঁতৰ ওচৰ পালেগৈ। মই চাৰি মিটাৰমান পাছত আছোঁ।
– আপোনাৰ নামেই নবু নেকি……… সি কঠোৰ মাতেৰে সুধিলে।
– অ, কিয় কি হ’ল……….. নবুই ক’লে।

নবুৰ পাছফালে কমাৰ্চৰ ইউনিফৰ্ম পিন্ধা লৰাৰ গ্ৰুপ এটা আছিল। হঠাত গ্ৰুপটোৰ কনচেনট্ৰেচন এইফালে বাঢ়ি গ’ল। ভায়েলেন্সৰ অনুমান কৰি মই অটো এখনৰ পাছত লুকাই দিলোঁ।

– আপোনাৰ নাম শুনি থাকোঁ, ইউ আৰ লাকী, এইক কিন্তু সদাই সুখত ৰাখিব……….. এই বুলি কৈ সি চানমাৰী ব্ৰিজৰ ফালে বেগাবেগিকৈ খোজ ল’লে।

কি হ’ল একো ধৰিব নোৱাৰি সুজয়, বিনোদ আৰু পংকজেও তাৰ পাছে খোজ ল’লে। ময়ো অটোৰ আঁৰৰ পৰা বাহিৰ ওলালোঁ।
– এইকেইটা ক’ৰ নমুনা আছিল …….. নবুই তাইক সুধিলে।
– মোৰ কলেজৰে…….. তাই হাঁহি হাঁহি ক’লে।
– ফিল্মি টাইপৰ ফক্কৰ চোন একেবাৰে…… নবুই ক’লে।

মই সিহঁতে নেদেখাকৈ চানমাৰী ব্ৰিজৰ ফালে আগবাঢ়িলোঁ। ব্ৰীজৰ সিটো মূৰত তাক আৰু লগৰকেইটাক লগ পালোঁ।
– কি হ’ল, একো নকৰিলি যে, তাক ফালিম ফালিম বুলি ভাবি আছিলোঁ……… মই অলপ মাতটো গহীন কৰি তাক সুধিলোঁ।
– নাই ভাই, আপী এটাৰ কাৰণে হাড়া ভাঙিবা ন’ৰি আৰু…….. সি উত্তৰ দিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!