দাগ আচ্ছে হ্যে [গল্প নহয়, সত্য] – (আব্দুছ চাজিদ)

পাঁচ নম্বৰী নিভিয়া বলটো পাই এই কেইদিন ক’ব নোৱাৰা হৈ পৰিছে ল’ৰা৷ কিমানবাৰ যে ধন্যবাদ দিছে মোক! ধন্যবাদৰ পিছত ধন্যবাদ৷
সন্ধিয়া লাগিছে৷ আৰ্ট ক্লাছৰ পৰা আনি ঘৰৰ আগত নমাইছোঁ মাত্ৰ, দৌৰাদৌৰি আৰম্ভ৷ লক্ষ্য আন একো নহয়, নতুন ফুটবলটো৷
অলপ পিছতে ভনীয়েকৰ চিঞৰ… ‘বেগেতে আহাচোন, বৰ বেয়াকৈ কাটিলে ইয়াক৷ বহুত তেজ ওলাইছে৷’
চাওঁগৈ যে হয়৷ গেটৰ মুখতে পিছল খাই পৰিল সি৷ গেটত লগোৱা টিনখনে ভালকৈ এবখলা নিলে৷ সোঁহাতৰ ভিতৰফালে কিলাকুটিৰ পৰা চাৰিআঙুল দূৰত৷ চাৰিআঙুলমান বহলকৈ ফালি মাংস ওলাই গৈছে৷ মাকে কিবা এখনেৰে হেঁচি ধৰিছে৷ মচিও আছে, বকিও আছে৷ কাপোৰখন তেজেৰে ৰাঙলী৷ ভনীয়েকৰ চকুপানী৷ সি কিন্তু অলপো কন্দা নাই! ঘাঁ টুকুৰালৈ একেৰাহে চাই আছে৷
বুজিলোঁ, ই অলপ টান হৈছে৷ সৰুতে কেনেবাকৈ ক’ৰবাত অকণমান তেজ ওলালেই হ’ল আৰু৷ কান্দোনত যেন গছৰ পাত সৰাব, তেনে টাইপৰ আছিল৷
আঘাত পোৱা ঠাইখিনি নিৰীক্ষণ কৰি গালি এজাউৰি পাৰিলোঁ প্ৰথমে৷ তাৰ পাছত তুৰন্তে হস্পিটাল৷ ইমাৰজেন্সিৰ ডিউটিত থকা ডাক্তৰ নুনিচাই মনোযোগেৰে চালে৷ ‘চিলাব লাগিব৷ নহ’লে আগলৈ দাগ থাকি যাব৷ চিলালে দাগ নাথাকিব৷’ তেওঁ ক’লে৷
ল’ৰাক অলপ চিন্তাত পৰা যেন লাগিল৷ ডাক্তৰৰ আগত একো ক’বও নোৱাৰে৷ মুখমণ্ডল চাই ভিতৰৰ অৱস্থা মই ধৰি পেলালোঁ৷ চিলোৱাৰ সপক্ষে এটা-দুটা বাক্য নিজেও ক’লোঁ৷ সি সেমেনা-সেমেনি কৰিলে৷
তেনেকুৱাতে ডেকা ডাক্তৰজনে তাৰ পিঠিত ঢকিয়াই কৈ উঠিল… ‘এ ডেকা ল’ৰা৷ নালাগে দিয়া চিলাব৷ দাগ থাকক৷ তেহে ডাঙৰ হ’লে আনক দেখুৱাব পাৰিবা৷ আৰু ক’বও পাৰিবা৷’
লগে লগে তাৰ মুখত হাঁহি বিৰিঙি উঠিল৷ ডাক্তৰে লিখি দিয়া প্ৰেছক্রিপচনখন হাত পাতি লওঁতে হাঁহিটো যেন একেবাৰে পূৰ্ণাংগ হ’ল! বিষ-বেদনা নিমিষতে শূন্য হৈ পৰিল! ড্ৰেচাৰজনে এণ্টিচেপ্টিক ড্ৰেচিং কৰি দিলে৷ বেণ্ডেজ সলাবৰ কাৰণে আহিবলৈ ক’লে৷ তাৰ পিছতে টিটেনাচ টক্সাইড এটা৷ নাৰ্চকেইগৰাকীৰ লগত কথা পাতি থকা দেখি মনতে ভাবিলোঁ, আমাৰ দিনত বেজীৰ কথা ওলালেই বুকু কঁপি উঠিছিল আৰু ভয়তে পলাই পত্ৰং দিছিলোঁ৷ এতিয়া ইনজেকচনটো লওঁতে ইয়াৰ চোন অকণো কেৰেপেই নাই৷
বুজিলোঁ, ই অলপ সাহসীও হৈছে তাৰ মানে৷ সৰুতে ডাক্তৰ, বেজীৰ নাম ল’লেই, চকুপানী কিন্তু আগত!
সকলোকে ধন্যবাদ জনাই ঘৰ পোৱাৰ পিছত মাকে কথাবোৰ সুধিলে৷ সি ক’লে… ‘ডাক্তৰজনে প্ৰথমে চিলাব লাগিব বুলি কৈছিল৷ পিছত নিজেই ক’লে, নালাগে বুলি৷ ময়ো ভালেই পালোঁ৷ দাগ থাকিলেহে পিছত বাহাদুৰী মাৰিব পাৰিম৷ নহ’লে দেখোন একোৱেই চিন নাথাকিব৷ সঁচা কথা ক’বলৈ প্ৰমাণ লাগিব নহয়৷ দাগ আচ্ছে হ্যে৷ বুইছা?’
 
 

 
আকৌ এবাৰ নিজক বিচাৰি পোৱাৰ সুযোগ…
(গল্প নহয়, সত্য)
সৰুসজাই ষ্টেডিয়াম৷ উপৰ্যুপৰি দুটা গ’ল খাই মনটো তেনেই মৰি থাকিল৷ ল’ৰাটোৱে বাৰেপতি কৈ আছিল, ফুটবল এটা আৰু বুট এযোৰ তালৈ কিনি নিব লাগে৷ এনেয়ে সি বেডমিণ্টনহে খেলে৷ এতিয়াৰ পৰা ফুটবলো খেলিব হেনো৷ আই.এছ.এল.এ বৈ অনা উৎসাহ! স্থায়ী হ’লেতো ভালেই৷ তাকে কাইলৈ আগবেলাতে বি. বৰুৱা ৰ’ডত নেহৰু ষ্টেডিয়ামৰ সমীপত কিনিম বুলি ভাবি থৈছিলোঁ৷ এতিয়া ছয় আৰু চৈধ্য মিনিটত টপাটপ সোমাই যোৱা গল দুটাই হতভম্বতো কৰিলেই, ল’ৰাৰ ফৰমাইচ পূৰা কৰাৰ ইচ্ছাটোও সমূলি নাইকিয়া কৰি পেলালে৷ ধেইত, এনেকুৱাওনো হয়নে? বিষাদৰ লগতে তলে তলে খংটোও নুঠাকৈ নাথাকিল৷ নব্বৈ মিনিটীয়া যুদ্ধখনৰ সমাপ্তিৰ দীঘলীয়া হুইচেলটোত দুয়ো পক্ষ থমকিল৷ দুই-একত আমি সমৰ্থন কৰা এন.ই.ইউ.এফ.চি. দলটো হাৰিল৷ হৰা কথাটো মানি লোৱা এনেয়েও বৰ টান৷ তাতে, অতি বেয়া হ’ল খেলখন৷ পুতৌজনক প্ৰদৰ্শন আৰু এই পৰাজয়ে ফুটবলপ্ৰেমীৰ মনলৈ বোৱালে শোকৰ বন্যা৷ অন্তৰখন গধুৰ হৈ পৰিল মোৰো৷
পিছদিনাখন দুপৰীয়া৷ ছিলভাৰ স্পৰ্টছত ফুটবল বুটযোৰ হাতত লৈ ষ্টাডবোৰ লিৰিকি-বিদাৰি গুণা-গঁথা কৰি আছোঁ, কিনো নে নিকিনো? আগ-সন্ধিয়াৰ শোক-বেদনা এতিয়াও মনৰ পৰা মাৰ যোৱাই নাই৷ হ’লেও চাওঁচোন বুলিয়ে আচলতে চিনাকি দোকানখনত সোমাইছোঁ৷ নিজৰ প্ৰতি নিজে অন্তিম প্ৰশ্নটো তুলিছোঁ… আমি পিতৃ-মাতৃবোৰেই যদি আমাৰ ল’ৰাটোক বা ছোৱালীজনীক নিজস্ব কাৰণত ভাল কথাৰ পৰা আঁতৰাই ৰাখোঁ, তেনেহ’লে হ’ব জানো? খেলা-ধূলাৰ মাজেৰে সাধিত হোৱা শাৰীৰিক-মানসিক বিকাশৰ বিষয়ে আমিচোন জানোৱেই৷ কৈও দিব পাৰোঁ এবকলা; লিখিও দিব পাৰোঁ এডৰা৷ তেনেস্থলত???
নিজৰ সময়খিনিলৈ মনত পেলালোঁ৷ ৰবাব, লেচিং বল৷ তাৰ পাছত কোনোমতে ৰাছিয়ান বলটো৷ শুদা ভৰি, কাপোৰৰ জোতা৷ তাৰ পিছত কিবাকৈ বুট এযোৰ৷ হেঁপাহ আৰু হেঁপাহ পূৰোৱাৰ খণ্ডযুদ্ধ৷ এতিয়া পিছে সেই ধৰণে নচলিব৷ ‘ভালকৈ খেলিবৰ হ’লে খেলা সামগ্ৰীখিনি ভাল জাতৰ হ’ব লাগিব’ বুলি সিদিনা ইনড’ৰত এজনে কৈ থকা কথাষাৰে মনৰ অভ্যন্তৰত ৰিঙিয়াই আছিল, খুন্দিয়াই আছিল৷ খেলত জয়-পৰাজয় থাকেই৷ তাকে লৈ সন্তানক বঞ্চিত কৰাটো উচিত নহ’ব৷ গতিকে কিনিবই লাগিব৷ বুট, মোজা, গাৰ্ড আৰু ফুটবল এটা লৈ ল’লোঁ৷
ল’ৰাৰ বাবেই পজিটিভ হ’লোঁ৷ তাৰ লগতে অৱশ্যে নিজেও এটা যুক্তি বিচাৰি পালোঁ৷ এতিয়া সি যেতিয়া নতুন বুটযোৰ পিন্ধি বলটোৰ পিছে পিছে ফিল্ডত দৌৰি ফুৰিব, মোৰো এনে লাগিব, তাৰ প্ৰতিটো খোজত ময়ো যেন নিজকে বিচাৰি পাম!
সেই সুযোগকে এতিয়া লৈছোঁ৷ সেই সুযোগ কোনো কাৰণতে অথলে যাবলৈ দিব নোৱাৰি৷
(শেহতীয়া দৃশ্যপট : পৰীক্ষা থকাৰ বাবে ফিল্ডলৈ ওলাব নোৱাৰি আবেলি ঘৰতে বল চুটিয়াই ল’ৰাই খিৰিকীৰ আইনা এখন থ’লেই!
আক্ষেপ নাই৷ আনন্দহে লৈছোঁ৷ কাৰণ তাতো যে নিজকে বিচাৰি পাইছোঁ৷)
 
3
বাৰ্বি প্লেয়াৰ!
(গল্প নহয়, সত্য)
পঞ্চম শ্ৰেণীত পঢ়া ছোৱালীজনীক নিশা ভাত খোৱাৰ পিছত কাষতে বহি লৈ এনেয়ে সুধিলোঁ… ‘ইণ্ডিয়ান ছুপাৰ লীগত কোনটো টীমক চাপ’ৰ্ট কৰা, তুমি?’
অকণো দেৰি নকৰাকৈ তাই ঘপকৈ ক’লে… ‘নৰ্থ-ইষ্ট ইউনাইটেড এফ.চি.৷’ শব্দকেইটা যেন জিভাৰ আগত লাগিহে আছিল!
‘ইহঁতে দেখোন গলেই দিব নোৱাৰে৷ স্ক’ৰাৰ নাই৷ ফিনিশ্বিং দুৰ্বল৷ ড্ৰিবলিং বেছি৷ বেকপাছ, মিছপাছ…’
‘হ’লেও, নিজৰ টীম৷’
ৱৰ্ল্ডকাপত জাৰ্মানীৰ দুৰ্দান্ত সমৰ্থক আছিল এইজনী৷ ডিমাপুৰৰ পৰা জাৰ্চি এটা আনি দিলতহে শান্তি৷ এবাৰ ধোৱাতে সেইটো টান হোৱাত আকৌ কলকাতাৰ পৰা আন এটা৷ জাৰ্মানী চেম্পিয়ন হ’লত কি যে স্ফূৰ্তি! ফিলিপ লাম তেওঁৰ ফেভাৰিট ফুটবলাৰ৷ এতিয়া সলাইছে৷ এতিয়া বোলে অঝিল৷ ইফালে আকৌ বাৰ্ছিলোনাৰো ঘোৰ সমৰ্থক দেই৷ মন কৰিছোঁ, ব্ৰাজিল বিশ্বকাপৰ সময়ৰ পৰা ফুটবলে এইকো ভালকৈ লম্ভিছে৷
‘বাৰু, আই.এছ.এল.ত ফেভাৰিট প্লেয়াৰ কোন তোমাৰ?’
‘চান্তোছ৷’ অলপ পৰ ভাবি উত্তৰটো দিয়েই হাতত লৈ থকা ৰিম’ট কণ্ট্ৰলটো অ’পাৰেট কৰাত লাগিল তাই৷
তেনেকুৱাতে ককায়েকে ধৰিলে… ‘কোনটো চান্তোছ?’
‘ডছ চান্তোছ৷ দিল্লীৰযে৷’ চাৱনিটোত ‘মই চিনি নাপাওঁ বুলি ভাবিছ?’ টাইপৰ প্ৰকাশ৷
‘বাৰু, তোমালোকৰ ক্লাছৰ বাকীবোৰৰ ফেভাৰিট প্লেয়াৰ কোন কোননো, কোৱাচোন?’
‘ৰংগীৰহে আছে৷ বাকীবিলাকৰ নাজানো৷’
‘কিয়? বিকাই ফুটবল নাচায় নেকি?’
‘নাই নাচায়৷’
‘ফুটবল নাচায়?’
‘তাই বাৰ্বি খেলে৷ তমচিয়ে অলপ-চলপ চায়৷ দীপাইতো কয়েই, গেমছ এণ্ড স্পৰ্টছ বোলে তাই ভাল নাপায়৷’ কথাকেইটা কওঁতে বেকেটামুৱা হৈ পৰিল গোটেইজনী!
‘শৈলৰ কোনবা?’
‘বাৰ্বি খেলে৷’
‘অৰ্নিৰ?’
‘সিহঁত চবেই বাৰ্বি প্লেয়াৰ বুলি কৈছোঁৱেই দেখোন৷ এইবোৰ একো বুজি-চুজি নাপায়৷ ফেভাৰিট প্লেয়াৰ কেনেকৈ থাকিব?’
স্পষ্টকৈ কথাকেইটা কৈ তাই টিভিৰ পৰ্দাত মনোনিৱেশ কৰিলে৷ কাৰ্টুন ছবিখনতো ফুটবল এটা দেখা গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক