জীৱন জীৱন বৰ অনুপম (-দে‌ৱজিৎ নাথ)

প্ৰথম দৃষ্টিতে ক’ব পাৰি ছোৱালী দুজনী খুবেই ধুনীয়া ৷ ট্ৰাইবেল বিউটি ! পিন্ধনত টাইট জিনছ আৰু টি-চাৰ্ট ৷ এজনী বহি আছিল আৰু আনজনীয়ে ফাৰ্মাচিৰ ল’ৰা এটাৰ লগত কথা পাতি আছিল ৷ কথা পাতি থকা জনীয়ে মুখত সৰু মাক্স এখন পিন্ধি আছিল ৷
মা ৰ কাৰণে কেইটামান ঔষধ লবলগীয়া আছিল কাৰণে ফাৰ্মাচি খনত সোমাইছলো ৷ ফাৰ্মাচি খনৰ গোটেইকেইটা ল’ৰা ব্যস্ত হৈ থকা কাৰণে অলপ সময় ৰ’ব লগা হ’ল ৷ আৰ চকুৰে ছোৱালী কেইজনীলৈ চালো ৷ ধুনীয়া ৷ মনে মনে ভাবিলো নৰ্থ-ইষ্টৰ ট্ৰাইবেল ছোৱালীবোৰৰ সচাঁকৈ জ‌ৱাব নাই !

jiwon bor anupam
সিঁহত ঔষধ কিনাত ব্যস্ত আছিল ৷ প্ৰেছক্ৰিপচন খনলৈ চকু গ’ল ৷ পেচেন্টৰ নামৰ লগত এদ্ৰেছটো লিখা আছে ৷ মিজোৰাম ৷ মিজো ছোৱালী !
ল’ৰাটোৱে ঔষধৰ দামবোৰ হিচাপ কৰি বিলখন সিঁহতক দিলে আৰু মাক্স পিন্ধা ছোৱালীজনীয়ে পিঠিৰ পৰা “পুমা”ৰ বেগটো নমাই পাচশ টকীয়া নোট কিছুমান গনিব ধৰিলে ৷ খুব খৰকৈ ৷
” বাপৰে কি স্পিডত পইছা গন্তি কৰে !” মোৰ পিনে চাই ল’ৰটোৱে কৈ উঠিল ৷
“একদম মেচিনৰ দৰে না?” তালৈ চাই কলো ৷
“অ’… মেডিছিনো বহুত খিনি ল’লে ৷ প্ৰায় ছাব্বিছ হাজাৰ টকা ৷”

অলপ পিছত ছোৱালী দুজনী পইচা পাতি হিচাপ কৰি ল’ৰাটোক দি হোৱাৰ পিছত যাবলৈ ওলাল ৷
” ভাইয়া অব চলতে হ্যয় ৷ ফিৰ আয়েংগে” মুখত এমোকোৰা মিছিকিয়া হাঁহি লৈ ছোৱালী দুজনীয়ে ফাৰ্মাচিৰ ল’ৰাটোক মাত দিলে ৷ মাক্স পিন্ধা ছোৱালীজনীয়ে ল’ৰাটোৰ লগত হেণ্ডচেক কৰিলে ৷
ছোৱালী কেইজনী ওলাই যোৱাৰ পিছত মোৰ হাতত লৈ থকা প্ৰেচক্ৰিপচন খন ল’ৰাটোক আগবঢ়াই দিলো ৷
মোৰ পিনে চাই সি ক’লে ” মৰমে লাগে ছোৱালী কেইজনীলৈ ৷ মিজোৰামৰ পেচেন্ট ৷”
” বহুত মেডিচিন কিনিলে !”
” মোৰ লগত হাত মিলাই যোৱা ছোৱালীজনীয়ে পেচেন্ট ৷ বেচেৰিলৈ বেয়াই লাগে ৷ কিডনি এটা নাই তাইৰ ! টোটেলি ডেমেজ !”
” কি?” মোৰ মাতটো অলপ টানকৈ ওলাই গ’ল ৷
” অ’.. এক মাহত পঁচিশ হাজাৰ টকাৰ মেডিছিন লাগে তাইক !নাজানো কিমান দিনলৈ ঠিকে থাকে তাই !” ল’ৰাটোৱে মই লবলগীয়া ঔষধবোৰ ঠিক ঠাক কৰি কৈ আছিল ৷

কথাটো শুনি মনটো কিবা বেয়া লাগি গ’ল ৷ অকণমান পিছুৱাই আহি সিঁহত যোৱাৰ পিনে ঘুৰি চালো ৷ ৰাস্তা পাইছিলগৈ ৷ কিবা হাঁহি হাঁহি কথা পাতি গৈ আছিল দুয়োজনীয়ে ৷

 

দেবজিৎ নাথ

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!