প্ৰেম আৰু যৌৱনৰ কবি দেৱকান্ত বৰুৱাৰ কবিতা: এটি আলোচনা -(অঞ্জল বৰা)

প্ৰেম আৰু যৌৱনৰ কবি দেৱকান্ত বৰুৱাৰ কবিতা: এটি আলোচনা :
-অঞ্জল বৰা
অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যত প্ৰেমে এক বিশেষ স্থান দখল কৰি আছে৷ এই প্ৰেম বিভিন্ন ভাৱ প্ৰকাশৰ মাজেদি ৰোমাণ্টিক কবিতাৰ মাজত প্ৰকাশিত হৈছে৷ এই ক্ষেত্ৰত নাৰীবাদী ইন্দ্ৰিয়গাহ্য যি প্ৰেম সেই প্ৰেমে সাৰ্থকতা লাভ কৰে অসমীয়া ৰোমাণ্টিক কাব্য সাহিত্যৰ অন্তিম তৰংগৰ শ্ৰেষ্ঠজন প্ৰেমৰ কবি দেৱকান্ত বৰুৱাৰ হাতত৷ কলঙৰ নিৰ্জন পাৰত বহি প্ৰেম আৰু যৌৱনৰ আৰতি কৰা কবিয়ে, তেখেতৰ পঁয়ত্ৰিশটা কবিতাৰ একমাত্ৰ সংকলন ‘সাগৰ দেখিছা’ পুথিৰ মাজেদি ৰোমাণ্টিক যুগৰ প্ৰেম অনুৰাগৰ কবিতাক; শৈথিল্য, বহুবল্কিতা, অৰ্মূততাৰ পৰা মুক্ত কৰি প্ৰেমক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷
প্ৰেম আৰু বিৰহৰ কাব্য হিচাপে সৰ্বভাৰতীয় স্তৰত কালিদাসৰ ‘মেঘদূত’ৰ যি মূল্য আৰু খ্যাতি, প্ৰেম বিষয়ক কাব্য সংকলন হিচাপে অসমীয়া কাব্য ৰসিকসকলৰ বাবে দেৱকান্তৰ ‘সাগৰ দেখিছা’ একেই আদৰৰ বুলিব পাৰি৷ কিয়নো বিভিন্ন দিশৰ পৰা এই কাব্য সংকলনে অভিনৱত্ব দাবী কৰাৰ থল আছে৷ প্ৰথমতে, পূৰ্বৱৰ্তী সকলো অসমীয়া ৰোমাণ্টিক কবিৰ প্ৰেম ভাৱনাতকৈ দেৱকান্তৰ প্ৰেম সম্পৰ্কীয় দৃষ্টিভঙ্গী সম্পূৰ্ণ ভিন্ন আৰু অগতানুগতিক৷ দ্বিতীয়তে, তেওঁৰ কবিতাৰ আংগিকত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বগতোক্তিৰ সফল ৰূপায়ণ ঘটিছে৷ যিয়ে আনি দিছে তেওঁৰ কবিতাত নাটকীয়তা আৰু গতিময়তা৷ তৃতীয়তে, তেওঁৰ কবিতাতেই অনুৱৰ্তিত হৈছিল ৰোমাণ্টিক উত্তৰ নতুন কবিতাৰ সংকেতধ্বনি, যাৰ বাবে ‘সাগৰ দেখিছা’ অসমীয়া ৰোমাণ্টিক কবিতা আৰু নতুন কবিতাৰ মাজৰ সংযোগ সেতু ৰূপে চিহ্নিত৷

অসমীয়া ৰোমাণ্টিক প্ৰেম কাব্যৰ পৰিক্ৰমাত দেহাতীত প্ৰেমৰ পৰশ নথকা অকল দেহজ প্ৰেমৰ আকুলতাৰে পূৰ্ণ কাব্য পাবলৈ নাই৷ প্ৰায়বোৰ প্ৰেমেই দৈহিক প্ৰেমক কেন্দ্ৰ কৰি গঢ়ি উঠিলেও শেষ সময়ত সি অতীন্দ্ৰিয় প্ৰেমলৈ পৰিৱৰ্তিত হৈছে৷ কিন্তু দেৱকান্ত বৰুৱা এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম৷ দেৱকান্ত বৰুৱা প্ৰেমৰ কবি৷ যৌৱনৰ কবি৷ এই প্ৰেম আৰু যৌৱনৰ বাবে তেজ মঙহৰ নাৰীয়েই হৈছে তেওঁৰ প্ৰেমিকা ৷ সেয়ে দেহ-বাস্তৱতাক তেওঁ স্বীকাৰ কৰি লৈছে৷ সেয়ে তেওঁৰ প্ৰেমত অতীন্দ্ৰিয়তাৰ সামান্য ছিটিকনিও পৰা নাই৷ প্ৰধানকৈ তেওঁ বিশ্বাস কৰে যে দেহজ প্ৰেমৰ মাজতে আছে, যৌৱনৰ শেষ সাৰ্থকতা৷ সেয়ে তেওঁৰ কাব্য ধাৰাৰ উৎস কোনো এক ‘গাভৰু প্ৰিয়া’,‘লগৰী’ ‘সখী’ বা ‘মনোৰমা’৷ কবিয়ে বিশ্বাস কৰে ‘গাভৰুৰ ওঠৰ লালিমা’ৰ অবিহনে জীৱন, যৌৱন, প্ৰেম সকলো ‘অসাৰ্থক’৷ কবিৰ বাবে দেহ আৰু মন দুয়োটাই সঁচা৷ তেওঁৰ যৌৱনে দেহক অস্বীকাৰ কৰিব বিচৰা নাই৷ মূলতঃ এক ইন্দ্ৰিয়গ্ৰাহ্য প্ৰেমৰ কবি হিচাপে কবিয়ে পাৰ্থিৱ ডেকা-গাভৰুৰ যৌৱনৰ উন্মাদনাত সৃষ্টি হোৱা দেহজ প্ৰেমৰ মাজতে জীৱন, যৌৱন আৰু প্ৰেমৰ সাৰ্থকতা বিচাৰি পাইছে৷ ডঃ মহেশ্বৰ নেওগদেৱে সেয়ে কৈছে- ‘‘কলং পাৰতে বহি যৌৱনৰ আৰতি শুনাবৰ অভিলাষত সৌন্দৰ্য লোলুপ কবিয়ে নাৰী শৰীৰৰ কামনাৰ জয়গান গাইছে, ইন্দ্ৰিয়-পৰমাৰ্থী সৌন্দৰ্যৰ অনুপম বাণীচিত্ৰ আঁকিছে, অনুভৱ কৰিছে ; বুভুক্ষু দেৱতা কাম গৰজিছে বিশ্ব জুৰি|” দেৱকান্ত বৰুৱাৰ প্ৰেমৰ কবিতাত ক’তোৱেই অস্পষ্টতা নাই৷ কোনো দাৰ্শনিক বা আধ্যাত্মিকতাৰ দ্বাৰাও তেওঁৰ কবিতা ভাৰাক্ৰান্ত নহয়৷ উদ্দাম কল্পনা আৰু বাস্তৱতাৰ নিৰাৱৰণ প্ৰকাশত তেওঁৰ কবিতা অকৃত্ৰিম উজ্জ্বল৷ তেজ-মঙহেৰে গঢ়া এক উদ্ভিন্ন যৌৱনা প্ৰেমিকাক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হৈছে দেৱকান্ত বৰুৱাৰ প্ৰেমভাৱনা৷ কিন্তু সেই প্ৰেমিকাৰ প্ৰতি কবিৰ প্ৰেমৰ আকাশ লঙ্ঘা আশা-আকাঙ্খাই প্ৰকাশ লাভ কৰিলেও কবিয়ে এক চৰম অতৃপ্তিবোধ আৰু নিয়তিৰ প্ৰভাৱক অস্বীকাৰ কৰিব নোৱাৰা এক চৰম অসহায়তাত ভুগিছে৷ কবিয়ে তেওঁৰ ‘পৃথিৱী’ নামৰ কবিতাত সৃষ্টিৰ অসাৰ্থকতা দেখা পাইছে এনেদৰে – ‘‘ফুলি উঠা পদুমৰ পাহি সৰে, বসন্ত লেৰেলি যায়, নীলা আকাশত মাৰ যায় তৰা৷ কবিৰ প্ৰিয়াৰো এদিন মৃত্যু হ’ব, শেষ হ’ব প্ৰেম-প্ৰীতি, সকলো গল্প সকলো ব্যথা৷ প্ৰেয়সীৰ প্ৰেমৰ উত্তাপেৰে ৰক্তিম কবিতা হ’ব মাথোঁ শব্দৰ বিন্যাস|” কিন্তু সৃষ্টিৰ এই অসাৰ্থকতাৰ মাজতো ‘প্ৰেম আৰু যৌৱন’ৰ কবিয়ে তেওঁৰ কবিতাক মহত্ব দান কৰিছে৷ কবিৰ বাবে কোনো বস্তুৱেই চিৰস্থায়ী নহয়৷ এই প্ৰকৃতি, এই যৌৱন সকলো এদিন কালৰ নিষ্ঠুৰ পৰশত শেষ হ’ব৷ আমি কোনেও জীৱনক অমৰ কৰিব নোৱাৰোঁ৷ কিন্তু এই অসাৰ্থকতাৰ মাজতো কবিয়ে এক সাৰ্থকতা বিচাৰি পাইছে ‘প্ৰেম’ৰ মাজত আৰু কবিয়ে সেই প্ৰেমকেই মানৱ জীৱনত স্থায়ী কৰাৰ বাবে চেষ্টা কৰিছে৷ এই সংক্ৰান্তত ডঃ সত্যেন্দ্ৰনাথ শৰ্মাই কৈছে- “তেওঁৰ (দেৱকান্ত) কবিতাত মানুহৰ বীৰ্য্য আৰু নিয়তিৰ জয় ধ্বনিত হৈছে৷ জীৱনৰ নশ্বৰতা, অসহায়তা আৰু সঘন সংগ্ৰামৰ ক’লা ভাৱ ভেদ কৰি প্ৰেমৰ যি এটি ক্ষণিক প্ৰভাবে জীৱন উজ্জ্বলাই তোলে তাকেই স্থায়ী কৰাৰ প্ৰয়াস দেৱকান্তৰ কবিতাত দেখা যায়৷ আন কথাত মানৱীয় প্ৰেমৰ গৌৰৱ ঘোষণা তেওঁৰ কবিতাৰ প্ৰধান সুৰ৷” (সমীক্ষাত্মক ইতিবৃত্ত)৷
কবিয়ে জানে যৌৱন মানুহৰ বাবে দুদিনীয়া৷৷ তথাপি কবিয়ে- “যৌৱন যৌৱন সৃষ্টিৰ মৌ-বন, অনাগত দিনৰ সৃষ্টিৰ গান৷” এইবুলি যৌৱনৰ আৰতি কৰিছে আৰু যৌৱনৰ অদমনীয় প্ৰেমৰ মাজতে জীৱনৰ সাৰ্থকতা বিচাৰিছে৷ এই জীৱনক মোহনীয় কৰি তোলা আৰু সাৰ্থক কৰি তোলাৰ মূলতে হ’ল প্ৰেম৷ জীৱন ক্ষন্তেকীয়া হ’লেও, পৃথিৱীখন ক্ষণভঙ্গুৰ হ’লেও প্ৰেমেই আমাৰ জীৱনক মহীয়ান কৰি তুলিছে ৷ প্ৰকৃতি যেনেকৈ এটি নিৰ্দিষ্ট ৰূপত ৰৈ নাথাকে সেইদৰে যৌৱনো সদায় আমাৰ শৰীৰত একেই ৰূপত নাথাকে৷ কিন্তু কবিৰ বাবে এই চিৰন্তন ৰীতিকো মহত্ত্ব দান কৰিব পাৰে প্ৰেমে৷ কবিয়ে অনুভৱ কৰিব পাৰিছে পৃথিৱীখনৰ সমস্ত অসাৰ্থকতাৰ মাজত কেৱল সত্য মৃত্যু৷ কিন্তু তাৰ মাজতো কবিয়ে সাৰ্থকতা বিচাৰি পাইছে ডেকা-গাভৰুৰ প্ৰেমৰ মাজত৷ সেয়েহে কবিয়ে মৃত্যুৰ মাজতো প্ৰেমৰ জয়গান ঘোষণা কৰিছে এনেদৰে-
“নিৰুপায় ! পৃথিৱীৰ শোভা ঢাকি আকাশৰ বিষাদ নীলিমা তুমি আৰু মই সজা প্ৰেমৰ পৃথিৱীখনি মৃত্যু তাৰ সীমা ৷ (পৃথিৱী) ইংৰাজ কবি ব্ৰাউনিঙৰ দৰে দেৱকান্তৰ কবিতাৰ মাজত ওঁঠ আৰু চুমাৰ প্ৰসংগ দেখা পোৱা যায়৷ প্ৰেমকেই সংসাৰৰ সাৰ বস্তু বুলি ভবা, আশা-আকাঙ্খা, কামনা-বাসনা, চৰম ফল বুলি ঘোষণা কৰা ব্ৰাউনিঙে নাৰীৰ এটি চুম্বনকেই জীৱনৰ সমস্ত গৌৰৱ, সকলো সত্য, সৌন্দৰ্য আৰু মাধুৰ্যৰ ঘনীভূত নিৰ্যাস বুলি অভিহিত কৰিছিল- “Brightest truth purest truth in the universe, All were for me In the kiss of one girl.” সেইদৰে দেৱকান্ত বৰুৱাই জীৱনৰ সকলো অসাৰ্থকতাৰ মাজত গাভৰুৰ ৰক্তিম ওঁঠত চুমা খোৱাটো পাপ বুলি ভাবিও চুমা দিবলৈ লালায়িত হৈছে আৰু চুমাৰ মাজতেই প্ৰেমৰ সাৰ্থকতা তথা যৌৱনৰ সাৰ্থকতা বিচাৰি পাইছে৷ “ফুলিছোঁ পদুম দুটি, ওঁঠতে লগাই ওঁঠ মনোৰমা ;
তুমি আৰু মই ! কি কৰিম ? হ’ক পাপ ক্ষতি নাই, মই পাম স্বৰ্গ তাতে তুমি ৰ’বা তুমি!” এইদৰে দেৱকান্ত বৰুৱাৰ কবিতাত আছে দেহ আৰু মনৰ যুগল বন্দনা৷ প্ৰেমৰ বাবেই তেওঁৰ প্ৰেম৷ দুদিনৰ পোৱাতেই তেওঁৰ বাবে আজীৱনৰ তৃপ্তি৷ নোপোৱাৰ বেদনাই দুখ দিলেও কবি কাতৰ হোৱা নাই৷ গভীৰ কোনো দৰ্শনতে তেওঁৰ কবিতা ভাৰাক্ৰান্ত নহয়৷ প্ৰণয়ৰ পথত বাধা দিয়া সমাজৰ নিষ্ঠুৰ ৰীতিলৈ কবিৰ ৰোষ আছে যদিও সেই ৰীতিক উপেক্ষা কৰিবৰ সাহস আৰু প্ৰবৃত্তিও কবিৰ আছে৷ গতিকে দেৱকান্ত বৰুৱাৰ প্ৰেমৰ কবিতাই মনলৈ যি ভাৱ আনে, সি হ’ল এক প্ৰদীপ্ত প্ৰেমিকৰ অহংকাৰ ভৰা যৌৱনৰ প্ৰেমৰ জগতৰ বাস্তৱ অভিজ্ঞতা৷ এই অভিজ্ঞতা হ’ল অসাৰ্থকতাৰ মাজতো প্ৰিয়াৰ চুমাৰ আলিঙ্গনেৰে বিচাৰি পোৱা অভিজ্ঞতা ৷ কল্পনাৰ বোলেৰে ৰঙীন আলসুৱা নহৈ দিঠকৰ মাটি আৰু বতাহৰ গোন্ধেৰে সিক্ত যৌৱনৰ মুক্ত অদমনীয় প্ৰেমৰ অভিজ্ঞতা ৷
(বিভিন্ন সময়ত পঢ়া বহুতো টোকাৰ পৰা আঁত ধৰি লেখাটো প্ৰস্তুত কৰা বাবে পূৰ্বৱতী বহুতো লেখকৰ লেখাৰ প্ৰত্যক্ষ প্ৰভাৱ থাকিব পাৰে৷ সেইসকলৰ নাম দিব নোৱাৰাৰ বাবে দুঃখিত৷)

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 months ago

প্ৰাঞ্জল প্ৰকাশভঙ্গী ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক