দেওবাৰৰ আবেলি – নিকু কাশ্যপ

 

বতৰটো ডাৱৰীয়া৷ দুই এটোপাল কিনকিনীয়া বৰষূণো পৰিছে৷ পাহাৰৰ মাজৰ লুঙলুঙীয়া বাটেৰে আমি আগবাঢ়িছোঁ৷ চৌদিশে সেউজীয়া৷ নানাৰঙী চৰাইৰ কি যে অমিয়া মাত৷ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ ইয়াত প্ৰচুৰ পৰিমাণে দেখা গৈছিল৷ ধুনীয়া ধুনীয়া ময়ূৰৰ অপৰূপ দেখি সঁচাকৈ আপ্লুত হৈ ৰ’লো৷ বাটত ভেড়াৰ পাল দেখিলোঁ৷ এটা পালত কমেও ৫০০ -ৰ পৰা ৬০০ – ৰ ভিতৰত ভেড়া হ’ব৷ কোমলীয়া ঘাঁহনিডৰাত নাচি নাচি জপিয়াই থকা ভেড়াৰ পোৱালিকেইটা ইমানেই ধুনীয়া আছিল যে প্ৰকাশ কৰিব নোৱাৰিম৷
ৰাজস্থানৰ কোতা চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ মান নিলগৰ এই পাহাৰখনিৰ সুকীয়া নাম নাই যদিও লোককথা মতে ঠাইখিনিক “পাৰাঝাৰ” নামেৰে জনা যায়৷ পাহাৰখনিৰ মাজে মাজে সমতল এলেকাত জনবসতি আছে যদিও খুব তাকৰ৷ ঠায়ে ঠায়ে ৰাজস্থানৰ “গুজৰ” সম্প্ৰদায়ৰ বস্তি দেখিছিলোঁ৷ জনবসতি খুবেই কম৷ পশুধনেই তেওঁলোকৰ জীৱিকাৰ প্ৰধান আহিলা৷ ম’হ, উট, ভেড়া এইবোৰৰ পৰাই তেওঁলোকে ধন উপাৰ্জন কৰে৷ প্ৰধানতঃ তেওঁলোকে ৰাজস্থানি ভাষা কয় যদিও হিন্দীও খুব ধুনীয়াকৈ ক’ব পাৰে৷
পাৰাঝাৰ পাহাৰিৰ সৌন্দৰ্য্যময়তা জুন মাহৰ পৰা চেপ্টেম্বৰ মাহলৈ অধিক মনোমোহা হৈ পৰে৷ মুলতঃ ইয়াত জুন মাহৰ ২০ তাৰিখৰ পিছৰপৰা মানচুন আৰম্ভ হয়৷ পাহাৰি নিজৰাবোৰ বৱ ধৰে৷ পাহাৰখনিৰ পৰা বৈ অহা নিজৰাবোৰ দেখিবলৈ খুবেই ধুনীয়া হৈ পৰে৷ কুলু কুলু শব্দৰে বৈ থকা নিজৰাৰ পানী চুই চাই মই বুজাব নোৱাৰা পৰশ অনুভৱ কৰিলোঁ৷ সঁচাকৈ প্ৰকৃতিৰ ৰূপ বিনন্দিয়া৷
পাহাৰখনিৰ মাজত শিলৰ ফাকত প্ৰকাণ্ড প্ৰকাণ্ড গুফা দেখিলে ভয়লগা৷ এই গুফাবোৰ হেনো প্ৰাচীন কালৰেই৷ এটা হনুমাণৰ শিলৰ মুৰ্তিও দেখিলোঁ৷ এই মুৰ্তিটো প্ৰাচীন কালৰেই৷ মানুহৰ সমাগম হোৱাৰে পৰা সেই মুৰ্তিটোত পুজা-অৰ্চনা কৰা আৰম্ভ কৰিছিল আৰু এতিয়া পাহাৰৰ প্ৰাচীন গুফা এটাত মুৰ্তিটো স্থাপন কৰি সৰু মন্দিৰ এটা সাঁজি উলিয়াইছে৷ আমিও তাত সেৱা কৰিলোঁ৷
এইদৰে পাৰাঝাৰ পাহাৰিৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি থাকোঁতে কেতিয়া বেলি ডুবিবৰ হ’ল গমকে নাপালো৷ কিছুসময়ৰ বাবে নিজকে পাহৰি গৈছিলো৷ সময়খিনিকে ধৰি ৰাখিবৰ মন গৈছিল৷ শেষত, পাৰাঝাৰ পাহাৰিৰ মাজেৰে অহা ডুবিব ধৰা সুৰুযৰ হেঙুলীয়া কিৰণ লৈ আমি উভতিলোঁ৷ বাটত আহোঁতে ঘৰমুৱা চৰাইবোৰৰ অমিয়া মাতে মনটোক চুই গ’ল৷ ৰৱ নোৱাৰিলোঁ৷ চৰাইৰ মাতৰ তালে তালে সুৰ মিলাই গুনগুনাই দিলো

“বনৰীয়া আমি বনৰ চৰাই

বনে বনে ফুৰো অনাই বনাই”

এইদৰে কেতিয়াবা প্ৰকৃতিৰ মাজত নিজকে এৰি দি খুবেই ভাল লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!