দেউতা (মৌচুমী দাস)

ঠাণ্ডা পানী এমগ ঢালি দিয়াৰ লগে লগে কিছু পৰিমাণে মোৰ শৰীৰৰ ক্লান্তি দূৰ হ’ল৷ কিন্তু মনৰ অৱসাদ? মনৰ অৱসাদ জানো এসাগৰ পানীয়েও দূৰ কৰিব পাৰে? প্ৰথমতে লাহে লাহে আৰু পিছলৈ খৰকৈ গাত পানী ঢালিবলৈ ধৰিলোঁ৷ গামোচাখনেৰে গাটো মচি মচি ভাৱিবলৈ ধৰিলোঁ মোৰ জীৱনৰ বিষয়ে৷ জীৱনৰ প্ৰাপ্তি আৰু প্ৰাচুৰ্য্যৰ পৰা মই চিৰদিনেই বঞ্চিত হৈ আহিছোঁ৷ ফুল আৰু গানৰ পৃথিৱীখনৰ বাসিন্দাসকললৈ মোৰ ঈৰ্ষা হ’ল৷

তেনেদৰেই বহু সময় পাৰ হ’ল৷ দেউতাৰ কাঁহৰ শব্দত মই সম্বিত ঘূৰাই পালোঁ৷

ৰুগ্ন দেউতা, পঁজাৰ দৰেই সৰু খেৰী ঘৰটো আৰু একঠামান মাটিৰ বাৰীখনেই বৰ্তমান মোৰ বাবে সংসাৰ৷ কৰ্মদক্ষতা হেৰুৱাই পেলোৱা দেউতাৰ জীৱন আৰু জীৱিকাৰ একমাত্ৰ পথ মোৰ পৰাই আৰম্ভ হৈ মোতেই শেষ হৈছে৷ দেউতাই হয়তো ভাৱে― এজনী ছোৱালীয়ে কিদৰে শ্ৰম কৰিবলগীয়া হৈছে৷ মোৰ বয়সৰ আন ছোৱালীবোৰৰ দৰে এক ৰঙীন জীৱনৰ কল্পনাত মই উটি-ভাঁহি ফুৰিব নোৱাৰোঁ৷ মোৰ জীৱনৰ ছন্দ যেন কেতিয়াবাই হেৰাই গৈছে৷ যন্ত্ৰবৎ পৰিচালিত হ’বলৈ ধৰিছে মোৰ জীৱন৷ বিষাদৰ অসহনীয় বোজা কঢ়িয়াই মই দিকভ্ৰান্ত হৈ ঘূৰি ফুৰিছোঁ৷ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য দেউতা আৰু মোৰ পেটৰ ক্ষুধা নিবাৰণতে সীমাবদ্ধ হৈ পৰিছে৷ কেতিয়াবা নিজকে হেৰুৱাই পেলাবলৈ মন যায়৷ কোনোবা অজান অসীমলৈ গুচি যাবলৈ মন যায় মোৰ৷ কিন্তু ৰুগ্ন দেউতাৰ কথা ভাবিলে পুনৰ সংকুচিত হৈ পৰে মনৰ সেই সুতীব্ৰ বাসনা৷ দেউতায়ো কেতিয়াবা চকুলো টুকি কয়―”পশুবৎ জীৱন ধাৰণ কৰাতকৈ আমি দুয়োটাই মৃত্যুৰ শীতল কোলাতে ঠাই লওঁ আহ৷ তই যে কিমান কষ্ট স্বীকাৰ কৰিছ সেয়া ভাবিলে মোৰ নিজকে ধিক্কাৰ দিবলৈ মন যায়৷” তেতিয়া মই একো নামাতো৷ নীৰৱে দেউতাৰ মনৰ গভীৰলৈ যাওঁ৷ গভীৰৰ পৰা গভীৰতালৈ…৷ দুখৰ যিমান মেটমৰা বোজাই মানুহক নিজৰ সন্তানৰ মৃত্যু কামনা কৰিবলৈ বাধ্য কৰাব পাৰে, তাতকৈও অধিক বিষাদে আমাক আজিকালি আচ্ছন্ন কৰি ৰাখে৷ দেউতাৰ বাবে আজিৰ পৃথিৱীত সকলো মিছা; একমাত্ৰ কেৱল ময়েই সত্য৷ মই নথকা হ’লে হয়তো!

সপোন দেখিবলৈ মই কেতিয়াবাই বাদ দিলোঁ৷ মোৰ জীৱনৰ কঠোৰ বাস্তৱতাই সপোনক যেন দূৰ সীমনালৈ ঠেলি লৈ গ’ল৷ খৰস্ৰোতা নদীয়ে পাৰ ভঙাৰ দৰে জীৱনৰ সুন্দৰতাৰ বাবে নিৰ্ধাৰণ কৰা পাৰ মই কেতিয়াবাই নিজ হাতেৰে ভাঙিলোঁ৷ ভাঙিবলৈ বাধ্য হ’লোঁ৷ সকলোবোৰ পথেই মোৰ বাবে যেতিয়া ৰুদ্ধ হৈ পৰিছিল, তেতিয়া মই এটা সৰ্পিল গতিৰ লগত একেলগে আগবাঢ়িলোঁ আৰু সাপৰ দৰে এটা পিছল বাটত খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ৷ হয়তো সেই পথেই মোৰ বাবে সেই সময়ত উন্মুক্ত হৈ আছিল৷ মই মোৰ পৰা পলাবলৈ বাধ্য হৈছিলোঁ৷

জীৱনৰ সকলো হেৰুৱাই নিঃস্ব হৈ পৰা দেউতাক দেখিলে গভীৰ দুখবোধে মোক ব্যতিবস্ত কৰি তোলে৷ তেওঁৰ মুখমণ্ডলত বিয়পি থকা কাৰুণ্যই আমাৰ দুটা প্ৰাণীৰ পৰিয়ালটোক বিষাদৰ এখন চাদৰেৰে আবৃত কৰি ৰাখে৷ উপাৰ্জনৰ বাবে কৰিবলগীয়া কামৰ বাবেই হওক বা অপ্ৰাপ্তিৰ বেদনাৰ বাবেই হওক, মোক কোনেও এতিয়া কুৰিশোৰ্ধ বুলি স্বীকাৰ নকৰে৷ তাৰ পৰিৱৰ্তে ত্ৰিশৰ পৰা পঁয়ত্ৰিছ বছৰ বয়সহে মোৰ বাবে যেন বেছি উপযুক্ত বুলি মানুহে ভাৱে৷ কিন্তু এদিন সকলোৱে কৈছিল যে মোৰ হেনো আছিল চালে চকুৰোৱা ৰূপ আৰু তেনে ৰূপৰ জুইত সহজে জাহ গৈছিল বহুজন যুৱক৷ কিন্তু মই সেই সময়তো আছিলোঁ সম্পূৰ্ণ নিস্পৃহ৷ কাৰণ দৰিদ্ৰতাই তেতিয়াৰ পৰাই আমাক ক্ৰমশঃ কোঙা কৰিবলৈ আৰম্ভ কৰিছিল৷ প্ৰেমে প্ৰদান কৰা ইন্দ্ৰীয়াতীত সুখৰ পৰা যেন মই চিৰদিন বঞ্চিত হৈ ৰ’লোঁ৷

আজি সেই ৰূপৰ কেৱল আঁচোৰডালহে মোৰ মুখাৱয়বত প্ৰতিভাত হৈ উঠে৷ কেতিয়াবা দাপোনৰ সমুখত ৰৈ ভাবোঁ―ক’ত হেৰাই গ’লোঁ মই৷ ক’ত হেৰাই গ’ল সপোন ভালপোৱা চঞ্চলা ছোৱালীজনী? ক’ত? ক’ত?

শৈশৱতে মাৰ মুখত শুনিছিলোঁ পৰীৰ দেশৰ সাধু৷ কেনেদৰে পৰীয়ে সপোনৰাজ্যত বাস কৰি আপোন জগতত বিভোৰ হৈ থাকে, কেনেদৰে ৰঙীণ আৱেশেৰে নিজৰ জীৱনৰ লগতে চৌপাশৰ জগতকো ধন্য কৰে একোজনী পৰীয়ে― এনেবোৰ বৰ্ণনাৰে মুখৰিত হোৱা সাধুবোৰ মাৰ মুখত শুনিলে মোৰো মন গৈছিল পৰীৰ দেশলৈ উৰি উৰি যাবলৈ৷ পৰীৰ দৰে স্বপ্নীল দেশৰ বাসিন্দা হ’বলৈ তেতিয়া মোৰ সুতীব্ৰ বাসনা জাগ্ৰত হৈছিল৷ মা থকালৈকে দেউতাও আছিল কৰ্মক্ষম৷ ভালকৈয়ে চলিছিল আমাৰ তিনিজনীয়া পৰিয়ালটো৷ কিন্তু মা নোহোৱা হোৱাৰ দিনাৰ পৰাই দেউতাৰ মৃত্যু-চেতনা অনুভূত হ’বলৈ ধৰিলে৷ জীৱনৰ পৰা পাবলৈ একো নথকাৰ দৰে কেৱল হা-হুমুনিয়াহ কাঢ়ি থকাৰ বাদে দেউতাই একো নকৰা হ’ল৷ লাহে লাহে দেউতাৰ শৰীৰত থিতাপি ল’লে কেতবোৰ ব্যাধিয়ে আৰু তেনে ব্যাধিয়ে দেউতাক বয়সতকৈ অধিক বৃদ্ধ কৰি তুলিলে৷ মাৰ মৃত্যু দেউতাৰ বাবে আছিল এক অপ্ৰত্যাশিত দুৰ্ঘটনা৷ সেয়েহে দেউতাক আৰোগ্য কৰাৰ বাবে মই কঠোৰ সংগ্ৰামত অৱতীৰ্ণ হ’বলগীয়া হ’ল৷ প্ৰথম অৱস্থাত সম্বন্ধীয় দুই-একে কিছু পৰিমাণে সহায় কৰিছিল যদিও পাছলৈ তেওঁলোকেও পিঠি দিবলৈ ধৰিলে আৰু আমিও আনৰ অনুগ্ৰহ বিচৰাতো লজ্জাজনক বুলি বিবেচনা কৰিলোঁ৷

এনেকৈয়ে আৰম্ভ হ’ল আমাৰ জীৱনৰ সকৰুণ অধ্যায়৷ প্ৰেমৰ ক্ষেত্ৰত জীৱনে মোক সম্পূৰ্ণ নিস্পৃহ হ’বলৈ বাধ্য কৰালেও এদিন অসীম আহিছিল৷ সীমাৰ পৰিধি ভাঙি সি ধৰা দিছিল মোৰ অন্তৰ্জগতত৷ অনুজ্জ্বল হৈ পৰা আমাৰ জগতখনত অসীমে অলপমান আভা ছটিয়াইছিল৷ কিন্তু আমাৰ পৃথিৱীখন ইমানেই আন্ধাৰ হৈ পৰিছিল যে বিচ্ছুৰিত সেই দীপ্তিয়ে নিজেই লাজ পাই নিষ্প্ৰভ হৈ পৰিছিল৷ নাছিল নেকি তাৰ পোহৰৰ অফুৰন্ত ভাণ্ডাৰ, যাৰ পোহৰত জোনৰ দৰে মই জিলিকিব পাৰোঁ― সেই উত্তৰ আজিও বিচাৰি নাপালোঁ৷ যেনেদৰে সি আহিছিল তেনেদৰেই গুচি গৈছিল অসীমলৈ৷ তাক ধৰি ৰখাতো মোৰ বাবে আছিল অসম্ভৱ৷ সি আঁতৰি যাওঁতেও মই কাতৰ হোৱা নাছিলোঁ৷ ইমানেই দুখবোধে মোৰ জীৱনটোক আবৃত্ত কৰি ৰাখিছিল যে অসীমৰ স’তে হোৱা বিচ্ছেদৰ দুখ সহ্য কৰিব পৰাৰ সাহস ইতিমধ্যেই মই আহৰণ কৰিছিলোঁ৷ এনেদৰেই এদিন প্ৰেমে মোৰ জীৱনত ভূমুকি মাৰি সান্ধ্য- বেলিৰ কিৰণ ছটিয়ালেও কিছু সময়ৰ পিচতে সেই কিৰণ নোহোৱা হৈ পৰিছিল আৰু ৰাতিৰ গাঢ় আন্ধাৰত মই ডুব গৈছিলোঁ৷
মই লাহে লাহে আন্ধাৰত অভ্যস্ত হৈ পৰিছিলোঁ আৰু পোহৰক ভয় কৰিবলৈ লৈছিলোঁ৷

ক্ৰমশঃ দেউতাৰ ৰোগ বেছি হৈ আহিছে৷ ৰোগত ঔষধৰ উপৰি পথ্যৰো যে অতীৱ প্ৰয়োজন সেয়া মই জানো৷ কিন্তু দুবেলা দুসাজ খোৱাৰ বাবে যোগাৰ কৰাৰ লগতে দেউতাৰ ঔষধ ক্ৰয় কৰাৰ পিছত মোৰ উপাৰ্জনৰ কিয়দাংশও বাকী নৰয়৷ ক্ৰমান্বয়ে দেউতা মৃত্যু অভিমুখে যোৱা লক্ষ্য কৰিও বিশেষ একো কৰিব পৰা নাই― এই বিষয়ে চিন্তা কৰিলেই মই উদভ্ৰান্ত হৈ পৰোঁ৷ দেউতাক যে উন্নত চিকিৎসাৰ প্ৰয়োজন সেয়া জানিও পৰিস্থিতিয়ে মোক উলাই কৰিবলৈ বাধ্য কৰাইছে৷ কেতিয়াবা দেউতাক গুৱাহাটীলৈকে লৈ যোৱাৰ বিষয়ে ক’লে কয়- “মোৰ বিশেষ একো হোৱা নাই অ’৷ তই মিছাই চিন্তা কৰিছ৷ এই আপদীয়া কাহটোৱেহে দিগদাৰ দি থাকে৷ সেইবোৰ এতিয়া থ’৷ পাছে-পৰে কেতিয়াবা গাটো বেছিকৈ বেয়া লাগিলে মই নিজেই ক’ম বাৰু৷”

দেউতাই কিয় এনেদৰে কয় সেয়া মই বুজি পাওঁ৷ তেতিয়া মই দেউতাৰ ওচৰৰ পৰা নিৰৱে আঁতৰি আহোঁ৷ তেতিয়াও মই নাকান্দো৷ মোৰ অশ্ৰু কেতিয়াবাই শুকাই গৈছে৷ যন্ত্ৰণাৰ অলংঘ্য পথ অতিক্ৰম কৰাৰ পাচত মানুহে কান্দিব নোৱাৰে৷ কান্দিলেও কাৰ বুকুত মূৰ থৈ কান্দিম? দেউতাৰ ওচৰত কান্দি তেওঁক দুখ দিয়াৰ বিষয়ে মই কল্পনাই কৰিব নোৱাৰোঁ৷ আৰু এইখন সমাজত সহানুভূতি বিচৰাতো হ’ব পৰ্বতত কাছকণী বিচৰাৰ নামান্তৰ মাত্ৰ!

গাটো ধুই ভিতৰলৈ সোমোৱাৰ পিছতেই দেউতাই মোক মাতিলে৷ কাপোৰ সাজ সলাই মই দেউতাৰ বিচনাৰ কাষত ৰ’লোঁগৈ৷ বহু দেৰিলৈকে তেওঁ একো নক’লে৷ এই নিৰৱতা মোৰ বাবে অসহনীয় হৈ পৰিল৷ ময়েই আৰম্ভ কৰিলোঁ―”দেউতা কিবা খাব নেকি?”

দেউতাই মূৰ লৰালে৷ কিছু সময়ৰ পিছত তেওঁ মোক ক’লে― “মই বৰ দুৰ্ভগীয়া অ’৷ এজনী ছোৱালী হৈ তই কিমান কষ্ট কৰি মোক পোহপাল দিছ, সেয়া ভাবিলে মই নিজেই আচৰিত হওঁ৷ ইফালে ভূতৰ ওপৰত দানহ পৰাদি মোৰ ৰোগটোও ভাল নোহোৱা হ’ল৷ এনেকৈ আৰু কিমান দিন…! কিন্তু তইনো চহৰত কি কৰগৈ? কেনেদৰে উপাৰ্জন কৰ’?

দেউতাৰ কথা শুনি বহুপৰ মই নিৰ্বাক হৈ ৰ’লোঁ৷ তাৰ পিছত “মই যি কৰিছোঁ পৰিয়ালটোৰ বাবেই কৰিছোঁ” বুলি কৈ দেউতাক একো কোৱাৰ সুযোগ নিদি কোঠাটোৰ পৰা ওলাই আহিলোঁ৷ ভাবিলোঁ―দেউতাক হয়তো কোনোবাই মোৰ বিষয়ে বেয়াকৈ কৈছে৷ আনৰ কূৎসা ৰতনা কৰি ভালপোৱা সমাজ এইখন৷ নিজৰ ঘৰৰ ভিতৰৰ সকলো অনিয়ম লুকুৱাই আনৰ বিষয়ে মুখৰোচক কথাৰে একাংশ লোকে সময় অতিবাহিত কৰি ভাল পায়৷

কিন্তু দেউতাক মই কিয় তেওঁ সোধা প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰি একপ্ৰকাৰ পলাই আহিলোঁ? আচলতে মই দেউতাৰ পৰা পলোৱা নাই৷ আজিও মই নিজৰ পৰাই পলাইছোঁ৷

বাহিৰত বকুলৰ সুবাস৷ মই ভিতৰলৈ সোমাই আহিলোঁ৷ ঘৰৰ দুৱাৰখন বন্ধ কৰি দিলোঁ৷ মোৰ কোঠাটোৰ খিৰিকিখনো বন্ধ কৰিলোঁ৷ কিয় জানো আজিকালি বতাহলৈ মোৰ বৰ ভয় লাগে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!