ধৰ্ম-ৰক্ষক – ৰূপাংকৰ চৌধুৰী

প্ৰাতঃভ্ৰমণ কৰিবলৈ মূল পথত খোজ থৈছোঁ। ডিচেম্বৰ মাহত ডিৰাংত যথেষ্ট ঠাণ্ডা পৰে। পুৱাই শৰীৰ গৰম কৰি নল’লে, দিনটো হামিয়াই-হিকটিয়াই থাকিব লাগে। দূৰৈৰ পৰা তাছি দৌৰি আহি থকা দেখিলোঁ। বেলি মুৰৰ ওপৰ পালে শোৱাপাটি এৰা মানুহজনক পুৱাই দেখি মনত স্বাভাৱিকতেই কৌতুহল সৃষ্টি হ’ল।
– কি তাছি ভাই? আজি পুৱাই পুৱাই তোমাৰ দৰ্শন পালোঁ যে? কথা কি?
– ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যোৱা কালি একো বেয়া কামতো কৰা নাই?
– কি উল্টা-পুল্টা কথা বলকি আছা?
– ধৰ্ম-ৰক্ষক আহিব আজি। আমাৰ ‘আউ’ই মাতিছে।
ধৰ্ম-ৰক্ষক। কিছু-লোকে তেখেতক সত্যৰ ৰক্ষক বুলিও মানে। বংশানুক্ৰমে এই পৰম্পৰা চলি আহিছে। তেখেতৰ পিতৃৰ পৰা এই বিদ্যা আহৰণ কৰি লৈছে। এক প্ৰকাৰ তেখেতৰ ওপৰত জোৰ-জবৰদস্তি সঁপা ধৰ্মীয় দায়িত্ব। বিশ্বাসৰ দায়িত্ব। মন নাথাকিলেও কৰিবই লাগিব পালন। দেখাই শুনাই এক সাধাৰণ জীৱন যাপন কৰে ধৰ্ম-ৰক্ষক জনাই। কিন্তু যেতিয়াই ধৰ্ম-ৰক্ষকৰ ভূমিকা পালন কৰে তেখেত যেন হৈ পৰে- ‘অতি-মানৱ’।
এই অঞ্চলৰ বৌদ্ধ-ধৰ্মাৱলম্বী ‘মনপা’ মানুহখিনিয়ে বহুত দিন আগৰ পৰাই এই দায়িত্ব তেওঁলোকক দি থৈছে। এই পৰম্পৰা ইয়াত তিব্বত শাসকৰ দিনৰ পৰাই চলি আহিছে। যেতিয়াই কোনো ব্যক্তি বা অঞ্চল ধাৰ্মিক সংকটৰ মুখা-মুখি হয় তেতিয়াই নিমন্ত্ৰণ অনুযায়ী সেই ব্যক্তিৰ গৃহত বা অঞ্চলত উপস্থিত হ’ব- ধৰ্ম-ৰক্ষক।
কি কৰে এই ধৰ্ম-ৰক্ষক জনাই??
মইও দেখা নাছিলোঁ। শুনিহে আছিলোঁ। তাছিৰ নিমন্ত্ৰণ ৰক্ষা কৰি নিৰ্ধাৰিত সময়তকৈ কিছু আগতেই গৈ তাছিৰ ‘আউ’ৰ ঘৰত হাজিৰ হ’লোঁ। অজস্ৰ লোক গোট খাইছে। সকলোৰে চকুৱে-মুখে কৌতুহল। কি বা কয় ধৰ্ম-ৰক্ষকে? কি বা দোষ পাই বিচাৰি?
যথা সময়ত ধৰ্ম-ৰক্ষক আহিল। তেনেই সাধাৰণ দেখোন দেখিবলৈ। মইহে কিবা-কিবি কল্পনা কৰি আছিলোঁ। থলুৱা ‘মনপা’ সাজ পৰিধান কৰি আহিছে। সকলোৰে পিনে দৃষ্টি নিক্ষেপ কৰি হাত জোকাৰি সম্ভাষণ জনাইছে।
ইতিমধ্যে তাত ‘লামা’ আৰু আন ধৰ্মীয় গুৰুসকল উপস্থিত হৈছে। তেখেতক তাতে সজাই থোৱা চকীত বহাই তিব্বতীয় ভাষাতেই কিবা-কিবি মন্ত্ৰ মাতিছে। লাহে-লাহে তেখেত ঢলি পৰিছে। মোৰ কাষতে চুপ-চাপ বহি আছে ৱাকা। ৱাকাক সুধিলোঁ
– কি কৰি আছে নো?’
– চুপ! আৰু কিছু সময়ৰ পিছতে ধৰ্ম-ৰক্ষকৰ ৰূপ ল’ব।
গোটেই প্ৰক্ৰিয়াতো মোৰ স্কুলত থাকোঁতে কৰা ‘স্পিৰিট কলিং’ৰ দৰেই লাগিল। যদিও তাত কামতো অইন-ধৰণে উপস্থাপন কৰা হৈছিল।
ৱাকাই কোৱাৰ দৰেই কিছু সময় পিছত ধৰ্ম-ৰক্ষকৰ ৰূপ ল’লে সাধাৰণ যেন লাগি থকা মানুহজনে। হাতত তৰোৱাল তুলি চৌদিশে দৌৰিব ধৰিলে। পাছে-পাছে ‘লামা’ কেইজনমান। তৰোৱালখন উলিয়াই কিছুমানক পিঠিত কোব দিলে।
মোৰ ভয়ত অৱস্থা কাহিল। ভাবিলোঁ- কাম নাছিল মোৰ। অতি উৎসাহে এতিয়া মোক তৰোৱালৰ কোব খুৱাব। কোবালে বাৰু যেন-তেন। কিবা কাৰণত যদি ভৰাই দিয়ে সেইখন? পেটত! মূল-গেটৰ পিনে চালোঁ। কথা ঠিক নহ’ব। গেট বন্ধ। পলোৱাৰ আশাত চেঁচা পানী। মনতে গণ্টি কৰিব ধৰিলোঁ- যিকোনো ধৰণৰ বেয়া কাম অন্তিমবাৰ কেতিয়া কৰিছিলোঁ? তাছিয়ে এবাৰ কথা প্ৰসংগত কোৱা মনত আছে যে ধৰ্ম-ৰক্ষকে যাকে-তাকে তৰোৱালে দি নামাৰে- যাৰ ভিতৰি কিবা বেয়া চলি থাকে ব যিয়ে বেয়া কাম কৰি আহে- তেনেকুৱালোককহে তৰোৱালে দি কোবায়। মই মনতে ভাবিছিলোঁ- কোবাবলৈ তৰোৱাল কিয়?
মোৰ মানসিক অৱস্থা যিয়েই নহওঁক। ধৰ্ম-ৰক্ষকে নিজৰ কাম কৰি গৈছে। লোক-বিশ্বাস অনুযায়ী, এপিনৰ পৰা দোষ থকা সকলোকে তৰোৱালৰ কোব উপহাৰ দি গৈছে। মাজে মাজে তাছিৰ ‘আউ’ৰ প্ৰকাণ্ড বাংলোৰ ভিতৰত গৈ বাচি-বাচি কিছুমান বস্তুত তৰোৱাল লগাই গৈছে। সকলোৰে দৃঢ়-বিশ্বাস- এই প্ৰক্ৰিয়া সুকলমে পাৰ হৈ গ’লে ঘৰখনৰ তথা এই অনুষ্ঠানত ভাগ লোৱা সকলোৰে মংগল হ’ব।
মই তাত উপস্থিত সকলৰ শেষ শাৰীত বহি আছিলোঁ। চকু বন্ধ কৰি নেদেখাজনক প্ৰাৰ্থনা কৰি আছোঁ- ধৰ্ম-ৰক্ষকৰ তৰোৱালৰ কোবৰ পৰা মোক বচোৱা। মনত পেলাবলে চেষ্টা অব্যাহত আছে- যিকোনো ধৰণৰ অন্তিম বেয়া কাম কি আৰু কেতিয়া কৰিছিলোঁ!
ধৰ্ম-ৰক্ষক কাষ চাপি আহিছে। বুকুৰ ধপধপ শব্দ প্ৰথম বাৰলৈ নিজ কাণে শুনা পাইছোঁ। যি ৰকম তাল-ফাল লগাই ধৰ্ম-ৰক্ষক আগবাঢ়ি আহিছে- ধৰ্ম-ৰক্ষা কৰাৰ নামত যদি মোৰ পেটত সুমুৱাই দিয়ে- প্ৰকাণ্ড তৰোৱালখন?
ধেই। ইয়ালৈ অহাৰ আগে-আগে ঘৰতো ফোন এটা কৰা নহ’ল। কিবা হ’ব? মোক মাৰিলেতো ধৰ্মৰ নামত ছহিদ ঘোষণা কৰিব কিজানি! দিনত ভাত খোৱাই শেষ সাজ আহাৰ। ভাগ্যে আজি মেছত মোৰ প্ৰিয় খাহীৰ মাংসৰে এসাজ খাইছিলোঁ। ৰান্ধনীজনক ৰাতিলৈ অলপ ৰাখি থ’ব কৈ আহিছিলোঁ- কামত আহিব। চেহ। কি কি যে চিন্তাবোৰ আহি আছে মনত। বহুত ভাবি-গুণি চালোঁ- যোৱা এমাহ মান তেনেকুৱা বেয়া কাম কৰাই নাই। কাজিয়া-পেচাল, মাৰ-পিট, আনৰ অনিষ্ট হোৱা কৈ নিশা দেৰিলৈ হাল্লা কৰা নাই। কাৰোবাক উচতাই ৰং চোৱা কাৰবাৰতো বহুত দিন কৰা নাই।
ইতিমধ্যে বহু কেইজনে ধৰ্ম-ৰক্ষকৰ তৰোৱালৰ কোব খালে। অলপ দূৰত দেখিলোঁ মোৰ বন্ধু তাছিয়ে পিঠি পিহি আছে। বেচেৰাই কোব খালে। কি বা বেয়া কাম কৰিছিল সি? বেছি ভাগ সময় মোৰ লগতেই থাকে দেখোন! কাজিয়া-পেচাল কৰা মই দেখাই নাই। বেলেগক উচটাই ৰং চোৱা কাৰবাৰতো মোৰ পৰা শিকিছে। তাকো মোৰ উপস্থিতিতহে কৰে সেয়া। তেনেহ’লে? তাছিৰ পিঠিত কোব পৰাৰ পিছত মোৰ ভয়ৰ মাত্ৰা দ্ৰুত ভাৱে বৃদ্ধি পাব ধৰিলে! কিন্তু ভাবি পোৱা নাই এনেকুৱা কি বেয়া কাম কৰিছোঁ!
আমাৰ শাৰীত আহিল ধৰ্ম-ৰক্ষক। পিছে পিছে কেইজনমান লামা। মোৰ চকু মাজে মাজে ধৰ্ম-ৰক্ষক আৰু তেখেতৰ হাতত জিলিকি থকা তৰোৱালখনত আৰু মাজে মাজে চকু বন্ধ কৰি নেদেখাজনক সোঁৱৰি আছোঁ।
আঘাত পৰিল। পিছে সন্দেহ কৰাৰ দৰে পেটত আঘাত লৈ ধৰ্ম-ছহিদ হ’ব লগা নহ’ল। পিঠিত পৰিল কোব। চাৰি কোব পৰিল। অলপ পিছত তাছি কাষ চাপি আহিল হাঁহি-হাঁহি-
– ছাৰ। আপুনি ভাগ্যৱান। চাৰি কোব খালে।
– শাস্তি পোৱাতো ভাগ্যৱান কেনেকৈ হ’ল তাছি?
– তেনেকৈ নক’ব ছাৰ। আপোনাৰ ভিতৰত থকা বেয়াবোৰ উলিয়াই আনিব। এতিয়া আপুনি পবিত্ৰ।
– তুমি আৰু মই প্ৰায়খিনি সময় একেলগেই পাৰ কৰোঁ। কিন্তু মই ভাবি পোৱা নাই- আমি কিনো এনেকুৱা বেয়া কাম কৰিলোঁ যে চাৰিবাৰ কোব খালোঁ?
– ছাৰ! (তাছিৰ মুখত দুষ্টামি ভৰা শিশুসুলভ হাঁহি) যোৱা কালি ৰাতিয়েই দেখোন আপুনি বেয়া কাম কৰিছে? মই গম পাইছোঁ নহয় আপোনালোকৰ ৰান্ধনীজনৰ পৰা। কালি ৰাতি বাদ দিয়ক, আজি দিনত?
– কি ফাল্টু কথা কোৱা হে তাছি? মই কি এনে কি বেয়া কাম কৰিলোঁ- যে মই গমেই নাপাওঁ আৰু তুমি জানা?
– আপুনি কালি ৰাতি বেছিকৈ ঠাণ্ডা পৰাৰ দোহাই দি ‘ৰাম’ খোৱা নাছিল? আজি দিনত উদৰ পুৰাই খাহীৰ মাংস? আমাৰ ভগৱানে কৈ গৈছে- ‘জীৱ হত্যা মহাপাপ’ ‘মদ্যপান ঘোৰ অপৰাধ’।
পিঠি পিহি-পিহি মই তাৰ পৰ বিদায় ল’লোঁ। এই ঠাণ্ডাত চেকচেকাই আছে। ভাবিছিলোঁ ৰাতিলৈ ‘ৰাম’ এটা খুলিম। দিনৰ খাহীৰ মাংস আছেই। তাছিৰ সৈতে বহুত দিনৰ পৰা বহিম বুলি ভাৱি আছিলোঁ। নহ’ব- তৰোৱাল লৈ যদি কোনো পাকত সমুখত হাজিৰ হয়- ধৰ্ম-ৰক্ষক।
* আউ- দাদা, ককাইদেউ। (মনপা ভাষাত)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments