ধেৎ তেৰি !(-জয়ন্ত কুমাৰ খাখলাৰী)

ধেৎ তেৰি !

 

ক)

বাছখন নাযায়হে নাযায় ।
নাযাবই নেকি ? বহুতে হাত ঘড়ী আৰু কিছুমানে হাতত থকা মোবাইলটোতে সময়টো চাই ল’লে । অফিচ টাইমৰ বাছ, সময়মতে নগ’লে কেনেকৈ হ’ব ?
অৱশেষত বাছখনে হৰ্ণ বজাই দিলে ! যা হওঁক যাব এতিয়া । এজন দুজনকৈ বাছখন যাত্ৰীৰে ভৰি পৰিল । শেষত এনেকুৱা অৱস্থা হ’লগৈ যে ভৰি দুখন থ’বলৈকে জেগা নাই। সম্ভৱতঃ সেয়ে জ্ঞানী লোকে কৈ গৈছে ‘ প্ৰথমতে নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকিব লাগে ! ‘ ইয়াৰ আচল অৰ্থ যিয়েই নহওঁক লাগিলে , ইয়াত কিন্তু সম্পূৰ্ণৰূপে খাপ খাইছে কথাষাৰ ! সিফালে হেন্দিমেনজনে খং মিশ্ৰিত কণ্ঠেৰে কৰ্কশভাৱে চিঞৰি আছে ” ভিতৰলৈ যাওঁক , ভিতৰলৈ যাওঁক !”
“অ’ বাইদেউ ! “অ’ বাইদেউ , অলপ ভিতৰলৈ যাওঁকচোন । ”
থিয় দি থকা মহিলা কেইজনীক উদ্দেশ্যি সি আগতকৈও জোৰেৰে চিঞৰি ক’লে । বাইদেউ কেইজনীয়েও কেৱল গাটোহে যেন লৰাই দেখুৱালে । এক ইঞ্চিয়ো কিন্তু নিজৰ জেগা ইফাল সিফাল নকৰিলে । এজনীয়ে আকৌ ওলোটাইহে ক’লে – ” ভিতৰত জেগা ( ঠাই ) থাকিলেহে যাম!”

Gabi_091410_FoodTruck
” যাওঁক , যাওঁক … ”
ইহ ঠাই নাই … ভিতৰত ফুটবল ফিল্ডৰ সমান ঠাই আছে …আৰু …..” হেন্দিমেনজনে ভোঁৰভোঁৰালে । মই মাজৰ চিটত বহি চকু মুদি তেওঁলোকৰ নিয়মীয়া কাজিয়াখন উপভোগ কৰি আছোঁ । অৱশ্যে কেতিয়াবা থিয় দিয়া বাইদেউ কেইজনীৰ স্থানত মোয়ো বিৰাজমান থাকোঁ । আজি মোৰ ভাগ্য সদয় , সেয়ে চিটত । হঠাৎ এটা উৎকট গোন্ধত, ( অভ্যস্ত সকলৰ বাবে সুগন্ধি) বাইদেউ কেইজনী আৰু মোৰ কাষত বহি থকা সুন্দৰী বাইদেউজনীৰ নাক কোঁচ খালে ।
” ভাইটি , কোনে চিগাৰেট খাইছে গালি দি দিয়া না ! মোৰ সহ্য নহয় । ” তেওঁ নাকত ৰুমাললৈ ক’লে। মোৰো শৰীৰত যেন ভীমৰ বলহে সঞ্চাৰিত হ’ল।
” হেৰি , হেৰি কোনে বাছৰ ভিতৰত চিগাৰেট খাই আছে হে । নাজানে নেকি বাছৰ ভিতৰত চিগাৰেট খোৱা মানা আছে !” মই খঙেৰে কোৱাৰ দৰে ক’লোঁ।
মহিলা কেইজনীয়ে মোৰ ফলিয়া হৈ ‘হয় হয়’ কৰিলে ।
” হেৰি কনডাক্টৰ , কোনে বাছত চিগাৰেট খাইছে , তাক ডিঙিত ধৰি গাড়ীৰ পৰা বাহিৰ কৰি দিয়া ! চিগাৰেট খাবলৈ জেগা নাপায় ।”
কনডাক্টৰজন মোৰ চিনাকি । সি তৎক্ষণাত কিবা এটা একচন্ ল’ব বুলি ভাবিছিলোঁ ,নাই ! সি এটা মিচিকিয়া হাঁহিহে মাৰি আছে । মই আচৰিত ! আচৰিত নহৈ পাৰোঁনে ? অইন দিনা সি যাত্ৰীক বাছত চিগাৰেট খোৱা দেখিলে, নিজেই গালি দি চিগাৰেট মুখৰ পৰা কাঢ়ি পেলাই দিয়ে । আজি হাঁহি আছে । মই ভালদৰে গোটেই বাছখন নিৰীক্ষণ কৰিলোঁ । আজি কনডাক্টৰজনেও কোনো একচন্ নলয় , কথা কি? ধোঁৱা অহাৰ উৎসনো ক’ত ?
দেখিলোঁ বাছৰ ড্ৰাইভাৰজনেই নিজৰ চিটত বহি নিৰ্বিকাৰভাৱে ধোঁৱা হুঁপি আছে ।
ধেৎ তেৰি ! ৰক্ষকেই ভক্ষক। তেওঁকনো কোন সতে বাছৰ পৰা বাহিৰ কৰি দিয়া যায় ।

 

খ)

প্ৰাতঃস্নান কৰি কৰ্মক্ষেত্ৰলৈ বুলি ওলালোঁ । বতৰ ডাৱৰীয়া । বাছলৈ ৰৈ আছোঁ ।অচিনাকি এজনক হাঁহি হাঁহি মোৰ ফালে অহা দেখিলোঁ !
” হেল্ল’ !”
” হেল্ল’ ” মই সঁহাৰি দিলোঁ ।
” কলৈ যাব আজি ?”
” ডিউটিত !”
মানুহজন মোৰ কাষেৰে হাঁহি হাঁহি পাৰ গ’লগৈ ।মানুহজনক লক্ষ্য কৰিলোঁ । ইকি ! মানুহজনৰ কাণতচোন ‘ব্লুটুথ হেড্ ফোন ।
ধেৎ তেৰি ! মিছাতে অচিনাকি এজনক হাই হেল্ল’ কৰিলোঁ । মানুহজনে মোক নহয়, ফোনতহে কাৰোবাক হাই হেল্ল’ কৰি আছিল ! মানুহে লক্ষ্য কৰা নাইটো মোক! নাই দিয়া । উহঃ ৰক্ষা ।
……….

গ)

ট্ৰেভেলাৰ ফৰ্চ এখন আহিল ।
‘ আহক দাদা , আহক, খালী গাড়ী , খালী গাড়ী !”
” চিট আছে ?”
” আছে দাদা । আহক! ”
গাড়ী চলিল । মই হেন্দিমেন প্লাছ কনডাকটৰক সুধিলোঁ ” ক’তা মইচোন এটাও খালী চিট নাই দেখা ? ”
” খালী চিট নাই দাদা । অলপ দূৰত পাব !”
” তেতিয়াহ’লে আপুনি কিয় চিট আছে বুলি কৈছিল ?” মই খঙত ক’লো।
” দাদা আপুনিয়েচোন সুধিছিল চিট আছেনে নাই বুলি । সেয়ে কৈছিলোঁ আছে বুলি । খালী চিটহে নাই !” কনডাক্টৰজনে হাঁহি কলে । খং যে এনেকুৱা উঠিছিল নহয় ।
ধেৎ তেৰি ! সোধাত চোন মোৰেই ভুল !
………….

ঘ)

বজাৰলৈ বুলি সোমালোঁ । টৰ্চ লাইট এটা লাগে । বজাৰৰ অস্থায়ী টৰ্চ দোকান এখনৰ কাষ চাপিলোঁ। ” চাওঁ ভাল টৰ্চ এটা দেখুওৱাচোন ?”
“এই যে দেহেন দাদা , একদম ভালা টৰ্চ । এভাৰেডি অৰিজিনেল !”
” কিমান দাম?”
“একশ আছিটেহা দাদা!”
“কম??”
” না দাদা কম দিয়া যাইব না ! অৰিজিনেল ! যা নিবেনটো তাই দেৰশ টেহা দেন, বেটাৰী তিনদে ফ্ৰী আছে ! আমি পুৰণা বেটাৰী দিয়া টেষ্ট কইৰা দেহাইচ্ছি! এইযে দেহন দাদা !”
সি টৰ্চ জ্বলাই দেখুৱালে ।
” অলপ কম কৰক !”
“কত দিবেন”
“সোত্তৰ টকা দিম”
” না দাদা পামুনা ”
মই টৰ্চটো তাৰ হাতত দি যাবলৈ ওলালোঁ ।
“দাদা একশ টেহা দিবেন ?”
“নাই আশী টকা দিম! দিয় যদি দে? ”
ক্ষন্তেক চিন্তা কৰি
“নেন নেন , এক টেহাওঁ লাভ হইল’ না !”
সি টৰ্চটো পেক কৰি দিলে ! মই টৰ্চ লৈ ৰূম পালোঁ । ভাবিলোঁ নতুন টৰ্চ টোকে জ্বলাই চাওঁ ! ভাল নে বয়া । আৰে এয়া কি টৰ্চৰ বেটেৰি চোন নতুনৰ ঠাইত পুৰণি ! নতুন বেটাৰী তিনিটা ৰাখি পুৰণিটো দি দিলে ।
ধেৎ তেৰি !

 

::: জয়ন্ত কুমাৰ খাখলাৰী

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!