ধুম – ৪ (-উজ্জ্বল ফুকন)

“আজি শুকুৰবাৰ। অফিছৰ পৰা আহি সপ্তাহৰ ভাগৰ মৰাৰ দিন।” কেলেণ্ডাৰখন চাই ৰাজে ভাবিলে।
‘ফ্ৰাইডে চুড ন’ট বি এ ড্ৰাই দে” এইটো বিয়াৰ আগৰ ডাইলগ আছিল ৰাজৰ। বিয়াৰপিছত লাহে লাহে ভাল লগা শুকুৰবাৰ বোৰ চকুৰ আগৰপৰা নোহোৱা হ’ল।

“ড্ৰিংক্স কৰা নেকি?” বিয়াৰ আগৰ এই ব্ৰহ্মাস্ত্ৰ পাট বজ্ৰপাট পৰা দি প্ৰায় সকলোৰে ওপৰত পৰে।
“ন’ ড্ৰিংক্স মানে কিহৰ কথা কৈছা?” এনেকুৱা প্ৰশ্নত ৰাজ সাধাৰণতে অবুজ শিশু হৈ যায়।
‘মদৰ কথা কৈছোঁ’ এইবাৰ ৰিয়াই পোনপটীয়াকৈ সুধিলে।
‘মদ নাখাওঁ’ ৰাজে ক’লে।
ভিতৰৰ পৰা ভাল ৰাজ আৰু বেয়া ৰাজে একেলগে সাৰ পালে।
‘ঠিক কৈছ। আমি মদ পিওঁহে, নাখাওঁ নহয়।’ ভাল ৰাজটোৱে ভিতৰৰ পৰা মাত লগালে।
‘আৰু মদ বুলি ক’লে ৱাইন হে বুজোঁ। আৰু ৱাইননো ক’ত পিয়া হয়।’ বেয়া ৰাজটোৱে মাত লগালে।
‘কিন্তু তাই যদি ব্ৰেণ্ডৰ নাম লৈ সোধে তেন্তে বুজি পাবি তাইৰো অলপ অভিজ্ঞতা আছে।’ বেয়া ৰাজে আকৌ ক’লে।
কিন্তু ৰাজৰে দুৰ্ভাগ্য (?) ৰিয়াই একো ব্ৰেণ্ডৰ নাম নাজানে।
প্ৰথমবাৰ ৰাজে সুযোগ বুজি ৰামৰ নাম লৈছিল কোনোবা এটা সন্ধিয়াত। কিন্তুতাইৰ ওফন্দি অহা মুখখন সঠিক অৱস্থালৈ আনিবলৈ ৰাজে শপত খাব লগা হ’ল “ভালুকৰশপত আৰু ৰামৰ নাম নলওঁ।”
কিহৰ শপত, কোন ভালুক, কোন ৰাম এইবোৰ বুজাবলৈগৈ ৰাজে বুজি পালে শুকুৰবাৰবোৰ আৰু তাৰ ডিঙিটো আহি থকা দিনবোৰত থৰ মৰুভূমিহ’বলৈ গৈ আছে।
হঠাৎ ফোনটো বাজি উঠাত ৰাজ শুকুৰবৰীয়া বজাৰৰ পৰা উঠি আহিল।
‘ধুম-৩ৰ দুটা টিকেট কৰিলোঁ। সোনকালে আহিবা অফিছৰপৰা।’ ফোনৰ সিপাৰৰপৰা ৰিয়াই ক’লে।
‘ঠিক আছে।’ ৰাজে উত্তৰ দি ফোনটো কাটি দিলে।
“ধুম-৩ মানে আমিৰ খান আছে। বেয়া নহ’ব চাগৈ। ‘আমিৰ খান’ ব্ৰেণ্ডটো ভাল। লগতআছে কেটৰিণা মানে কাজু আৰু চিকেন ফ্ৰাই। অভিষেক বচ্চনক ঠাণ্ডা হিৰ’ মানেবৰফৰ টুকুৰা কেইটাৰ লগত তুলনা কৰিব পাৰি। আৰু ‘উদয় চোপ্ৰা’ সি অচলতে চিকেনৰঠেঙৰ হাড় কেইডাল।
ধুম-৩ চাবলৈ হ’লে তাকো চাব লাগিব। মানে অলম’ষ্ট ফ্ৰাইডে সন্ধিয়াত ‘অন দ’ ৰক্স’ এটা সাজু হৈ আছে।” ৰাজে ভাবিলে।
ধুম-৩ ৰ কথা ভাবি ভাবি সি অফিছৰপৰা ঘৰমুৱা হ’ল। বাটত আকৌ আমিৰ খানে তাৰ মনত ভুমুকি মাৰিলে।
‘দিল চাহতা হে’, ‘ৰং দে বচন্তি’, ‘চৰফৰোছ’ বা ‘থ্ৰি ইডিয়টছ’ৰ নিচাই তাকবহুদিন কিক মাৰি আছিল। এতিয়াও টিভিত এইকেইখনৰ কিবা এখন দিলেই সি পুৰণানিচাৰ পেগটোৰ সোৱাদ লয়।
চিনেমা হলটোত সোমায়েই ‘এক দুজে কে লিয়ে’ৰ দৰে দুটামান প্ৰেমিকযুগল দেখি ৰিয়াই ৰাজৰ হাতখন খামোচ মাৰি ধৰিলে।
এইটো ধুম -১ যেন লাগিল ৰাজৰ। ‘চেনিমাইক দেখি উঠিল গা কেটৰিণাই বোলে মোলৈও চা’ ৰাজে লাহেকৈ ক’লে।
“কি চেনিমাই আৰু কেটৰিণাক ক’ত দেখিলা” ৰিয়াই সুধিলে।
“চেনিমাই মানে চুগাৰ বেবি মানে সেইজনী” ৰাজে ইঙ্গিতেৰে দেখুৱালে। ‘আৰু মোৰ কাৰণে কেটৰিণা মানে তুমি’ ৰাজে আকৌ ক’লে।
‘অলপ বেছি হ’ল নেকি?’ ভাল ৰাজটোৱে ভিতৰৰপৰা মাত লগালে।
‘বেছি মাখন সানিছ। নিজেই পিছলি পৰিবি চাবি’ বেয়া ৰাজেও সুৰ মিলালে।
পপকৰ্ণ, পেপচিৰ বাবে শাৰী পাতি থকা মানুহজাকলৈ ৰিয়াই বেছিকৈ মন দিয়া দেখি ৰাজে বুজি পালে আজি কেইজনমান মহাত্মা গান্ধীৰ শ্ৰাদ্ধ হ’ব।
“এই মানুহবোৰ আৰু নৈশ বাছত উজনিৰ পৰা গুৱাহাটীলৈ যোৱা মানুহবোৰ একেই। যেনএসপ্তাহমানৰ পৰা একো খোৱা নাই। চিনেমা আৰম্ভই হোৱা নাই এইজাকৰ পেটৰ চিন্তাকৰিবলৈ হ’লেই।” ৰিয়াই শাৰী পাতি থকা মানুহজাকলৈ চাই ক’লে।
এইটো ‘ধুম – ২’ পৰিল ৰাজৰ মূৰত।
ভাল ৰাজটোৱে মাত লগালে ‘সেইকাৰণেই মই কওঁ মুখ চাই মহাভাৰত নপঢ়িবি মানুহৰ।’
মনিবেগৰ ভিতৰত দুজনমান মহাত্মা গান্ধীয়ে ইজনে সিজনক আনন্দত সাৱটি ধৰিলে।
ৰাজে ভাবিলে ‘এয়া কেটৰিণাৰ নামৰ কামাল নেকি বাৰু?’
চিটত বহি পৰ্দাত মন দিলে ৰিয়াই। ৰাজে পুৰণা অভ্যাসটো এৰিব নোৱাৰে লাগিলে সেয়া নাইট চুপাৰেই হওক বা চিনেমা হলেই হওক।
কাষৰ আৰু আগৰ পিছৰ চিটকেইটাৰ পৰিৱেশটো চাই সিও বহিল। আগফালে উড়িয়াউমৰাওজান এজনী বহি আছে। উড়িয়া ভাষাটো বুজিব পাৰি অলপ অলপ। অসমীয়া শব্দৰপিছপিনে ‘অন্টি’ৰ দৰে কিবা লগাই দিয়া যেন লাগে।
পৰ্দাত ধুম-৩ ৰ চৰিত্ৰবোৰ লাহে লাহে কাহিনীৰ সৈতে আগবাঢ়িল।
১০ টকীয়া ডাইলগ এটা ভাহি আহিল “বন্দে হে হাম উচকে, হাম পে কিচকা জৌৰ.. উম্মীদ’ কে চুৰজ, নিকলে চাৰৌ অঔৰ….”
ডাইলগটো শেষ হ’বলৈ নাপালেই চাৰিওফালৰ পৰা গেলা গোন্ধ এটা নাকত লাগিলহি।কাৰোবাৰ পেটত লিভাৰক মাজত ৰাখি পেপচি আৰু পপকৰ্ণে সাত পাক ঘূৰি বিবাহসম্পন্ন কৰিছে। লিভাৰে সহ্য কৰিব নোৱাৰি দুয়োটাকে ৰোহঘৰৰ পিছপিনেদি উলিয়াইআছে।
ৰিয়াক কথাটো ক’বলৈ কাষ চাপি গৈছিল ৰাজ কিন্তু অলপ কঠোৰভাৱেই ৰিয়াই ক’লে “চিনেমাত মন দিয়া”।
‘ছোৱালীবোৰে গায়ে মূৰে ইমান লেপি আহে যে সেই বেহু ভাঙি চাগৈ পেপচি পপকৰ্ণে সোমাব পৰা নাই।’ ৰাজে মনে মনে ভাবি পৰ্দাৰ পিনে চকু দিলে।
উমৰাওজানৰ কাষতে বহি থকা মস্ত কিবা এটা হঠাৎ উঠি আকৌ বহি দিলে। অলপ সময়ৰাজে চাই থকা পৰ্দাখন ঢাকি ধৰিলে তেওঁৰ পিছপিনটোৱে। খোপাত বান্ধি থোৱা ফুলৰমালা দেখি বুজিব পাৰি এখেত হয়তো তামিল টেহলকা।
পপকৰ্ণ অনবৰত উফৰি আছে তেখেতৰ মুখত। ৰাজে এতিয়াহে প্ৰডাকচন হাউচটো ধৰিব পাৰিলে।
ইণ্টাৰভেলৰ সময়ত শোলে থ্ৰিডীৰ ট্ৰেইলৰ দেখুৱালে। ধৰ্মেন্দ্ৰৰ চিনাকিডাইলগটো কাণত বেলেগকৈ পৰা যেন লাগিল ‘বচন্তী ইন কুট্টৌ কে চামনে মত পাদনা’।পপকৰ্ণ-পেপচীৰ ছিটিকনি অলপমান নাকলৈ উৰি আহি আকৌ ডাইলগটো হিট কৰি গ’ল।
লাহে লাহে ধুম-৩ৰ কাহিনী আগবাঢ়িল। ৰাজে বুজি পালে ভাল ব্ৰেণ্ডৰ অন দ’ ৰক্স হ’লেও নিচাৰ বাবে ক’ত বহি আছো সেইটোও সমানে জৰুৰী।
দুৰ্বল কাহিনী আৰু ধুনীয়া বাচনত পৰিবেশন কৰা বেয়া মাছৰ আঞ্জা একেই। অৱশেষতচিনেমাখন শেষ হ’ল আৰু পপকৰ্ণৰ শেষ গুলি এটাও নাকত লাগিলহি।
কিন্তু এইয়া কি তামিলিয়ানজনীৰ কাষত থকা ক্ষীণকায় মানুহ এটাই পেটত খামোচ মাৰি ধৰি ৱাছৰুমৰ ফালে খৰধৰকৈ দৌৰ দিছে।
“এইটো ধুম-৪। অথনিৰে পৰা তাৰমানে ইয়েই ধুম ধুমাই আছিল।” ৰাজে ক’লে।
“সেইকাৰণে কওঁ চেহেৰাত নাযাবি। কেপচিকামক দেখি কাষতে বহি থকা কণ জলকীয়াৰ কথা পাহৰি গ’লি” ভাল ৰাজে মাত লগালে।
“ৱাছৰুম বিচাৰিছে, ৱাছৰুম। এই গোন্ধৰ পিছে পিছে যাওক ৱাছৰুম পাই যাব।” বেয়া ৰাজৰ মাতটো ভিতৰৰপৰা ভাহি আহিল।
“কেনে পালা?” ৰিয়াৰ মাতত ৰাজ বাস্তৱলৈ ঘূৰি আহিল।
“গোন্ধ পালো তাকো বেয়া” ৰাজে ক’লে।
“চাবা এইখন চিনেমাই ৫০০ কোটিৰ ওপৰত পইচা ঘটিব। মোৰ কিন্তু ভাল লাগিল” ৰিয়াই ক’লে।
ৰাজে অলপ সময় ৰৈ উত্তৰ দিলে “মই এটাই কথা বুজি পাওঁ পইচা থকা সকলো মানুহৰেচৰিত্ৰ ভাল নহয়। এইখন চিনেমাই যিমানেই ঘটক কিন্তু ‘লান্সবক্স’ৰ দৰেচিনেমাৰ ছাঁ টোকো চুব নোৱাৰে।”
ৰিয়াই অলপ সময় মনে মনে থাকি ক’লে “ডিনাৰ বাহিৰত কৰি যাম।”
ৰাজে বুজি পালি বন্দুকৰ গুলীটো ক’ত লাগিল। মনিবেগৰ ভিতৰত মহাত্মা গান্ধী কেইজনেও চচমা খুলি লাহে লাহে ফাঁচীকাঠৰ পিনে আগবাঢ়িল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক