ছেহ, হৈ যায় কেতিয়াবা! (- দিগন্ত কুমাৰ ভট্টাচাৰ্য)

আমাৰ অ’ফিচৰ আমি বহা ফ্ল’ৰটোৰ সোঁমাজতে ‘পেন্ট্ৰি ৰুম’টো। তাত চাহ-কফি মেচিনৰ লগতে খোৱাপানীৰ ‘কুলাৰ’, ফিল্টাৰ আদি আছে।

cheh hoi jai

সিদিনা ৰাতিপুৱা সোনকালে অ’ফিচ গৈ পালোঁ। বটলত পানী ভৰাই আনিবলৈ গ’লোঁ পেন্ট্ৰি ৰুমটোলৈ। হঠাতে কফি মেচিনটোৰ কাষতে দেখিলোঁ মোবাইল ফোন এটা। ৰুমটোত তেতিয়া কোনো নাছিল। ফোনটো হাতত লৈ ৰ’লোঁ কিছুপৰ। তাত ফোনটো তেনেকৈ ৰাখি থৈ অহাটো সুবিধাজনক যেন নালাগি আৰু তেতিয়ালৈ কাকো নেদেখি, ফোনটো লৈ আহিলোঁ নিজৰ ডেস্কলৈ।

আমাৰ ফ্ল’ৰটোত বহা আটাইৰে এটা উমৈহতীয়া ই-মেইল আই.ডি আছে। মোবাইল ফোন এটা পোৱা বুলি সেইটোতে ই-মেইল এখন কৰিলোঁ মই। প্ৰায় দহ-পোন্ধৰ মিনিটমান পাছত যুৱতী এগৰাকী লৰি-ঢাপৰি মোৰ ওচৰলৈ আহিল। আগতে তেওঁক দেখা মনত নপৰিল, বোধকৰো নতুনকৈ আমাৰ ফ্ল’ৰলৈ আহিছে। দেখাত ধুনীয়া। মোৰ কাষত বহাজনে ‘মই যে মোবাইলটো কিয় নাপালোঁ!’- তেনে এক চাৱনিৰে চাইছে মোলৈ।
তাই মোৰ হাতৰ পৰা মোবাইলটো লৈ কিবাকিবি চালে পিটিকি। তাইৰ ধুনীয়া ওঁঠৰ পৰা ‘থেংক ইউ’টো শুনিবলৈ ৰৈ থাকোঁতেই সুধিলে মোক হিন্দীতে- ‘লগত দহটকীয়া নোট এখনো পাইছে নেকি?’
মই ক’লোঁ- ‘নাই.. অকল ফোনটোহে কফি মেচিনটোৰ কাষত পাইছোঁ’।
‘আৰ ইউ ছিওৰ? ফোনটোৰ তলতে দহটকাৰ নোট এখনো থোৱা মনত আছে। মই পাহৰি গৈছিলোঁ পাছত লৈ যাবলৈ।’
মই ক’লোঁ যে নোটখন বতাহত উৰি কাষতো পৰি থাকিব পাৰে। তাইক মেচিনটোৰ ওচৰে-পাজৰে বিচাৰি চাবলৈ ক’লোঁ। তাই মোলৈ কেৰাহিকৈ চাই অন্য ফালেহে গ’ল। মোৰ কাষৰজনে খুকখুকাই হাঁহি হয়তো ভাবিছে-‘আস: কি ভাগ্য! মইযে মোবাইলটো নাপালোঁ!’
ভাবিলোঁ কিজানিবা মই ফোনটো উঠাওতে দহটকীয়াখন মজিয়াতে পৰিল। তাই অন্যফালে যোৱা দেখি মই গ’লোঁ পেন্ট্ৰি ৰুমটোলৈ। চাৰিওফালে চালোঁ, কিন্তু ক’তো নেদেখিলোঁ নোটখন।
নিজৰ মানীবেগটো উলিয়াইও চালোঁ এবাৰ, কিজানি অৱচেতন মনটোৱে…! মানীবেগটো পিছৰ পকেটত থোৱাৰ মূহুৰ্ততে ৰুমটোৰ দুৱাৰমুখত দেখিলোঁ সেই যুৱতীগৰাকী আহি ৰৈছে।
মুখৰ অভিব্যক্তি পঢ়ি এনে লাগিল, তাই যেন ক’ব বিচাৰিছে-‘দহটকীয়াখন সেইবাৰ নিব নোৱাৰিলি, এতিয়া বিচাৰি বিচাৰি পাই পকেটত সুমুৱালি!’
মই তলমূৰ কৰি ওলাই আহিলোঁ ৰুমটোৰপৰা। কিহে যে পাইছিল মোক তালৈ পুনৰ যাবলৈ!

এতিয়া সেই যুৱতীগৰাকীক দেখিলে আঁৰ চকুৰে চাওঁ। তাইৰ ধুনীয়া চকুজুৰিয়ে যেন কৈ যায়-‘মাৰিলি(খালি) ন মোৰ দহটকা?!!’…
ছেহ, কি যে হৈ যায়!

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments