ডিক্ৰঙৰ পাৰৰ শব্দবোৰ( অ'দিত্য ৰঞ্জন দত্ত)

 
kobita dikrong.jpg
শব্দবোৰ খেলিমেলি হোৱাৰ বয়সতেই ডিক্ৰঙৰ প্ৰেমত পৰিছিলো৷
আইয়ে জাকৈখন লৈ মাছ মাৰিবলৈ যায়,
ভন্টীয়ে ঘৰৰ পিছফালে মাটিৰ চৌকা সাজি খেলি থাকে৷
পিতায়ে হাৰিয়া বিচাৰি ওচৰৰ চাহ বাগানখনত বহি থাকেগৈ৷
মই উমলি থাকিছিলো ডিক্ৰঙৰ পাৰত জলপৰী এজনীৰ সৈতে৷
ঝাওবনৰ আঁৰ লৈ তাইৰ বুকুত মূৰ থৈ শুইছিলো৷
বুকুত কবিতা লিখিছিলো তাইৰ৷
পিতাইয়ে হাৰিয়া বেছিকৈ খাবলৈ লৈছিল৷
ভন্টীৰ বুকুখন গাঁৱৰ মহাজনৰ সৰুটো পুতেকৰ ওচৰত বন্ধকী দি হাৰিয়া খাবলৈ ধন আনে৷
ভন্টীক এনিশা জুইয়ে পুৰিছিল৷
তাই পলাই আহি নিজকে বচাইছিল৷
বীৰুবালা ৰাভা হৈছিল পিছলৈ তাই৷
এদিন পুৱা পিতাইক ডিক্ৰঙত গতা মাৰি দিলো মই৷
আইয়ে পিছে শিৰত সেন্দুৰ এতিয়াও লয়!
মই ডিক্ৰঙলৈ আজিও যাওঁ৷
জলপৰীজনীহে নাহে আজিকালি৷
ক’ৰবাত ক’ৰবাত শুনিবলৈ পাওঁ পিতাইয়ে হেনো তাইক পুৰি খালে৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nirod Bora
6 years ago

সুন্দৰ অনুভৱ , অতি সুন্দৰ কবিতা ।

nitubora
6 years ago

বৰ ভাল লাগিল কবিতাটো ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক