“দীপান্বিতা” (-দিগন্ত কুমাৰ ভট্টাচাৰ্য)

চে’নেল এটাৰ টক শ্ব’ত অংশ লৈ বৰুৱাই ঘৰ সোমোৱাৰ লগে লগে বৰুৱানীয়ে আৰম্ভ কৰি দিলে কুৰুক্ষেত্ৰ।
‘কি কৈ আহিলা আজি? ‘দীপান্বিতা’ তুমি আটাইতকৈ বেয়া পোৱা শব্দ? ‘দীপান্বিতা’ অহাৰ লগে লগে গা বেজবেজাই যায়!? তুমি নাজানা দেৱালী মোৰ আটাইতকৈ প্ৰিয় উৎসৱ? মোৰ জন্ম দেৱালীৰ দিনাই হৈছিল আৰু সেই বাবেই মা-দেউতাই মোৰ….’
‘নহয় ও, এই দেৱালী আহিলেই কিবা অশান্তি লাগে। ইমান শব্দ প্ৰদূষণ…এনেই মই ইমানো বেয়া নাপাওঁ।’
‘আৰু খৰচৰ কথা কি কৈছিলা? দীপান্বিতাৰ নামত তুমি এটকা খৰচ কৰিলেও অশান্তিয়ে আগুৰি ধৰে?’
‘মানে মানুহবোৰে কোটি কোটি টকা খৰচ কৰাটো দেখি অলপ বেয়া লাগে আৰু…’
‘কিন্তু তুমি দেৱালী বা দীপাৱলী বুলি এবাৰো কোৱা নাই, কৈছিলা দীপান্বিতাৰ….। আৰু এই টক-শ্বো’বোৰলৈ গৈ কি লাভ? মানুহে সকলো বুজি পায়। তুমি হেনো চেনেলৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰা সন্ধিয়া। জুবিনে সাতফুট নে দহফুট ওখ খুঁটা বগালে অসমীয়া সংস্কৃতি ধ্বংস হ’ব, জয়ন্ত তালুকদাৰে কিমান এংগ’লত শৰডাল মাৰিলে আৰ্চাৰীত গোল্ড পাব, গুৱাহাটীত কি কৰিলে কৃত্ৰিম বান কমিব- তোমালোকেহে বোলে জানা। মানুহে হাঁহে বুজিছা? সিদিনা আমাৰ পাপলুক সুধিছিল দেউতাই কি কৰে। সি উত্তৰ দিলে টিভিত কথা কয়, কম লাজ পাইছিলোঁনে মই!…আৰু কি কি বেয়া লাগে দীপান্বিতাৰ? নোকোৱা কিয়?’
‘নহয়, মোক তেনেকৈ ক’বলৈ কোৱা বাবেহে…..’
‘এটা কথা কোৱা, ৰঙিলী আহিলেই গা-মন জুৰ পৰি যায় বুলিছিলা যে…ৰঙিলী মানে ৰঙালী বিহুৰ কথা কৈছিলা? ৰঙিলীক দেখিলেই ইমান আপোন লাগে? কিন্তু বিহু এটিক কেনেকৈ দেখেনো?’
‘নাই মানে, ভুলতে ৰঙালীক ৰঙিলী বুলি কোৱা গ’ল। দেখোঁ মানে অনুভৱ কৰোঁ আকৌ…তুমি একো এটা নুবুজা!’
‘মই নুবুজোঁ? দীপান্বিতাকতো ক’বাই তেনেকৈ…যোৱা আজি নাৰান্ধোঁ ভাত মই’- মুখ ফুলাই বৰুৱা-পত্নী ‘দীপান্বিতা বৰুৱা’ বে’ডৰুমত সোমাল।
বৰুৱাই মোবাইলটো উলিয়াই চালে। আঠটা মিছড্ কল- অ’ফিছৰ সহকৰ্মী ‘ৰঙিলী ৰাজখোৱা’ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!