ডবা খেলৰ ৰাণী-  উৎপলা কৌৰ

“বেটা শুলেনে?”
“শুলে বাইদেউ”
“আমাৰ ভাতখিনি টেবুলত সজাই দি তয়ো শুগৈ যা৷ ”
ৰাধা মনে মনে ভিতৰলৈ গুছি গ’ল৷
গেষ্ট ৰুমটোত ডিম লাইট জ্বলাই অপৰ্ণা আৰু নীলাভ বহি আছে৷ কোঠাটোত এক ৰোমাণ্টিক পৰিবেশ৷ নীলাভৰ ‘আফটাৰ ছেভ’, পুৰুষসুলভ সুগন্ধি, অপৰ্ণাৰ দেহৰ কোমল সুগন্ধি আৰু সুৰাৰ গোন্ধৰ মিশ্ৰিত পৰিবেশ৷ কোঠাত থকা ডিভানখনত পিঠি কাষৰ বেৰত আউজাই বহিছে অপৰ্ণা৷ তাইৰ ওচৰত চোফাখন টানি আনি বহিছে নীলাভ৷ সন্মুখৰ টিপয়খনত গিলাছ, বটল, এশ্বট্ৰে’…. ইত্যাদি!
মাজতে অপৰ্ণা এবাৰ উঠি গৈ বেডৰুমৰ দুৱাৰখন খুলি চালে৷ তাইৰ বেটা, একমাত্ৰ তিনিবছৰীয়া পুত্ৰ ৰণ গাৰু এটাত ভৰি উঠাই শুই আছে৷ কাষতে ৰাধা… মাটিত বহি বিছনাত মূৰ পেলাই টোপনি গৈছে৷ তাইৰ এখন হাত ৰণে ভৰি উঠাই থকা গাৰুটোত- আঙুলিৰে তাৰ পিঠি স্পৰ্শ কৰি আছে৷ ৰণৰ দিনত জ্বৰ উঠিছিল৷ দিনটো আমনি কৰি আছে সি, ৰাধাই অসীম ধৈৰ্যৰে চম্ভালিছে তাক! মাক হিচাপে যিখিনি সময় তাই তাক দিব লাগিছিল তাই দিব পৰা নাই৷ গোটেই সপ্তাহ গাধৰ নিচিনা কষ্ট কৰাৰ পাছত ৱিকেণ্ডটোত অলপ “ৰিলেক্স” কৰিবলৈ মন যায় তাইৰ৷ সৌৰভৰো আজিকালি সদায় উইকেণ্ডত ট্যুৰ থাকে৷ যোৱা গোটেই বছৰটোত তাই তাক কেইদিন উইকেণ্ডত পাইছে আঙুলিৰ মূৰত গণিব পাৰি৷
লাহেকৈ দৰ্জাখন জপাই তাই পুনৰ গেষ্ট ৰুমলৈ গুছি আহিল৷ গেষ্টৰুমৰ দিভানত নীলাভ শুই আছে৷ তাইৰ নিচাগ্ৰস্ত ওঁঠেৰে বেঁকা হাঁহি এটা সৰকি গ’ল!
………..
আজি মিলিৰ মনটো ভাল৷ দিনটো যেনেকৈ বিচাৰিছে, তেনেকৈয়ে গৈছে৷ সৌৰভ আহিছে আজি তাইৰ ঘৰলৈ৷ সৌৰভত পুত্ৰ ৰণৰ গা বেয়া৷ তথাপি তাই বিচৰামতেই ৱিকেণ্ডটো সৌৰভে তাইৰ লগত কটাবলৈ আহি গ’ল, তাই বিচৰা ধৰণে৷ তাইৰ সমবয়সীয়া সৌৰভ৷ তাইৰ ৰূপৰ জুইত জাহ যাওঁ, জাহ যাওঁ কৰি থাকে৷
হাঁহি উঠি গ’ল তাইৰ!
পাঁচবছৰ আগতেই মটৰ দুৰ্ঘটনাত স্বামীহাৰা হোৱা মিলিৰ প্ৰেমত বলিয়া হোৱা বহুকেইজন আছে৷ স্বামী অলকেশৰ মৃত্যুৰ পাছতেই বহু সহায়ৰ হাত আগবাঢ়ি আহিছিল তাইৰ ফালে৷ তাইহে যাকে-তাকে গুৰুত্ব নিদিয়ে৷ কেইবাবছৰো অকলশৰে থকাৰ পাছত এই সম্পৰ্কটোত তাই সুখী হৈছে৷ এম এন চি এটাৰ এক্জুকিউটিভ মিলিৰ ফ্লেটত প্ৰায়েই মিলিত হয় দুয়ো৷ সৌৰভ আৰু তাই!
তাই সদায় কৈ আছে তাক ডিভ’ৰ্চৰ ফ’ৰ্মেলিটিজখিনি শেষ কৰি পেলাবলৈ৷ সি হে আজি কৰিম, কালি কৰিম বুলি পিছুৱাই আছে৷
আচলতে ৰণৰ কথা ভাবিলে সি তেনেই দুৰ্বল হৈ যায়৷ সেই কথাটো সি মিলিক ক’ব নোৱাৰে৷ সেয়ে কিবা-কিবি বাহানা দেখুৱাই থাকে তাইক, কোনো কাৰণত সি মিলিক হেৰুৱাব নোখোজে৷ অপৰ্ণা আৰু ৰণকো নোৱাৰে৷ সিহঁত দুয়ো তাৰ জীৱনৰ অভিন্ন অংশ, মিলি তাৰ সুখৰ কাৰণ৷
*******
নিশা একবজাত নীলাভৰ গাড়ীখন অপৰ্ণা থকা পুৰণা এপাৰ্টমেণ্টটোৰ পৰা ওলাই যাওঁতে ৰাজেন্দ্ৰ বুলি চিকিঅ’ৰিটি গাৰ্ডজন আনদিনা নীলাভ আহিলে থকাৰ দৰেই সাৰে আছিল৷ ঠিক গেইটৰ ওচৰতে ৰৈ যোৱা গাড়ীখনৰ ভিতৰলৈ সি হাতখন সুমুৱাই দুহাজাৰটকীয়া নোটখন মুঠিতে সামৰি লৈ কপালত হাতখন লগাই চালাম এটা দিলে নীলাভক৷ প্ৰভুভক্তিত গদ্‌গদ্ মুখখন তাৰ! আজি এবছৰে সি এই চাহাবৰ কৃপাত ধন্য হৈছে! কাৰণ যিয়েই নহওক, এই চাহাবে তাক দেৰিকৈ এপাৰ্টমেণ্টৰ পৰা ওলাই গ’লে পইছা দিয়ে, য’ৰ পৰা সি আৰু তাৰ পৰিয়ালটো বহু উপকৃত হৈছে৷ নীলাভৰ গাড়ীৰ ৰঙা লাইটকেইটা কেঁকুৰিটোত নেদেখা হোৱাৰ পাছত সি সোমাই আহি গেইটখন লাহেকৈ মাৰি দিলে৷ ৰেজিষ্টাৰখনত নীলাভ ওলাই যোৱাৰ সময়টো লিখিলে “11.30pm”, আচলতে সি সঁচা লিখে নে মিছা লিখে পৰীক্ষা কৰি চাবলৈ চিচিটিভিও নাই এপাৰ্টমেণ্টটোত৷
*****
দপদপীয়া বৰষুণ বাহিৰত৷ অপৰ্ণা-সৌৰভৰ ঘৰত নীলাভ আৰু সৌৰভৰ বৈঠক বহিছে! নীলাভ অফিচত সৌৰভৰ বচ৷ পদমৰ্যাদা বেলেগ হ’লেও অফিচৰ বাহিৰত সিহঁত বন্ধুৰ দৰে৷ সিহঁতৰ সন্মুখত সেই কাজু, আপেল, গিলাচ আৰু চাৰি চকুৰ মিলনৰ উদ্ভ্ৰান্ত খেল এখন! অপৰ্ণা আৰু নীলাভ৷ আজি অপৰ্ণাই খোৱা নাই৷ তাই কেৱল দৰ্শক আৰু ৰণ আৰু ৰাধা এক চহৰতে থকা অপৰ্ণাৰ মাকৰ ঘৰত থকাৰ বাবে যোগালিও দুইজনৰ! সৌৰভে কিমান খাইছে গম নাপায় সি নিজে৷ নীলাভেও বেছি খোৱা নাই৷ এটা সময়ত সি উঠিল, নিজৰ অধৰেৰে স্পৰ্শ কৰিলে কাষতে তৎপৰ হৈ থকা অপৰ্ণাৰ অধৰ… সৌৰভে কিবাকিবি কৈয়েই আছিল… অত্যন্ত নিচা লাগিছে তেওঁৰ৷ সন্মুখত যে নীলাভ নাই, কেতিয়াবাই উঠি গৈছে তেওঁ গমেই পোৱা নাই!
নীলাভে সৌৰভৰ ফালে চাই দিয়া ইংগিতত অপৰ্ণা বাস্তবলৈ ঘূৰি আহিল৷ নীলাভে হাত-ভৰিবোৰ হেঁচা মাৰি ধৰি থকা নিচাত অচেতনপ্ৰায় সৌৰভক বিছনাত থকা গাৰুটোৰে তাই নাকে-মুখে হেঁচি ধৰিলে৷ চটফটাই চটফটাই তাৰ বলিষ্ঠ, কিন্তু নিচাগ্ৰস্ত হাত-ভৰিবোৰ এটা সময়ত নিথৰ হৈ গ’ল৷
ক্লান্ত, ভীতিগ্ৰস্ত, অপৰ্ণা! এ. চি ৰুমতো কাণৰ কাষেৰে ঘামৰ স্ৰোঁত বৈছে৷ স্বাস্থ্যবান পুৰুষ এজনক নিচাগ্ৰস্ত হ’লেও ক্ষীণাংগী, সদায় ফিগাৰ সচেতন মহিলা এগৰাকীৰ বাবে শ্বাসৰূদ্ধ কৰি হত্যা কৰাটো বৰ সহজ কথা নহয়৷ তাইৰ কান্ধত হাত থৈ অভয় প্ৰদান কৰিলে নীলাভে৷ লাহেকৈ তাৰ বুকুত সোমাই পৰিব খোজা অপৰ্ণাক মুহূৰ্ততে সজাগ কৰি সি কৈ উঠিল, “জল্দি কৰা, বাকী কামখিনি সোনকালে শেষ কৰিব লাগে৷ ”
গোটেই চহৰখনেই নিদ্ৰামগ্ন৷ বৰষুণ কমি কিন্‌কিনকৈ দি আছে৷ কেৱল সিহঁত তিনিও, নহয় সিহঁত দুয়োৰে বাদে৷ নীলাভৰ সহযোগত লিফ্টেৰে তাই সৌৰভক গাড়ীৰ আগৰ চিটটোত হাউলাই বহুৱাই চিট বেল্ট মাৰি দিলে, লং ড্ৰাইভত যাওঁ বুলি দ্ৰাইভিং চিটত বহিল তাই৷ আগে পিছেও সিহঁত তেনেকৈ যায়৷
পিছত নীলাভৰ গাড়ীত নীলাভ অকলে৷ সৌৰভৰ হাউলি পৰা ডিঙিটো দেখি গাৰ্ডজনৰ মুখৰ কৌতূহল দমাবলৈ তাই নিজেই ক’লে “জানাইতো, দাদাই খাবলৈ আৰম্ভ কৰিলে কিমান পেগ খাই দিয়ে গমেই নাপায়৷ ৰাধা আৰু ৰণক আহোঁতে লৈ আনিম৷ ”
আগে পিছেও সিহঁত তিনিও মাজৰাতি ওলায় যায় বাবে সি টোপনিয়াই টোপনিয়াই গেইটখন খুলি দিলে৷ নীলাভৰ গাড়ীখনৰ ৰঙা বেকলাইটযোৰ কেঁকুৰিটোত নেদেখা হোৱালৈকে চাই থাকি সি শুবলৈ গ’ল৷
অগা-পিছাকৈ গাড়ীদুখন জনপ্ৰাণীহীন ৰাস্তাৰে আগবাঢ়িল৷ দীঘলীপুখুৰীৰ পাৰৰ ফ্লেটৰ পৰা চান্দমাৰীৰ ফালেৰে আগবাঢ়ি যাওঁতে অপৰ্ণাই মাজে মাজে মিৰ’ৰখনত নীলাভৰ গাড়ীখন চকু দি থাকিল৷ কথা আছিল নীলাভে সিহঁতৰ গাড়ীখনৰ পিছে পিছে যাব৷ যোৰাবাট পোৱাৰ লগে লগে গাড়ীৰে সৈতে সৌৰভৰ মৃতদেহ পাহাৰৰ পৰা বগৰাই তাই নীলাভৰ গাড়ীত উঠি গুছি আহিব৷ গোটেই প্লেনটো নীলাভে বনাইছে, বাটতে তাইৰ লগত কাজিয়া লাগি সৌৰভে তাইক এৰি থৈ নিজে ড্ৰাইভ কৰি গুছি আহিছিল বুলি ৰাজেন্দ্ৰক ফাঁকি দিব৷ সিমানখিনিলৈ ঠিক হৈ আছে, এতিয়া কেৱল ’প্লেন’টো ’এক্জিকিউট’ কৰিব লাগে৷ নিজক নিজে সাহসী হ’বলৈ প্ৰবোধ দিলে তাই৷ ইমানখিনি আগবাঢ়ি এতিয়া পিছুৱাব নোৱাৰে তাই৷ সৌৰভৰ ঠগবাজি, অফিচৰ ট্যুৰত যোৱাৰ নামত মিলিৰ লগত মিতিৰালি তাইৰ অজ্ঞাত নহয়৷ সি তাইক ফাঁকি দিব পাৰিলে নীলাভৰ দৰে মানুহ এজনৰ বাবে তাই সৌৰভক ফাঁকি দিয়াটো একো ডাঙৰ কথা নহয়৷
চানমাৰী ফ্লাইঅভাৰ পাৰ হৈ জু-তিনিআলি পাওঁ পাওঁ হওঁতেহে অপৰ্ণাই মন কৰিল পিছে পিছে অহা নীলাভৰ গাড়ীখন ক’ত জানো এৰি থৈ আহিল৷ জু তিনিআলি পুলিচ পইণ্টত গাড়ীখন ঘূৰাই চান্দমাৰীৰ ফালে আগুৱালে তাই৷ নীলাভৰ চানমাৰীত থকা ফ্লেটৰ সন্মুখেদি তাই ঘূৰি আহিল৷ নিমাত নিতাল ফ্লেটৰ সন্মুখ৷ কাষৰ চিটটোলৈ চালে, সৌৰভে আন পাৰ্টীবোৰৰ পৰা ঘূৰি অহা দিনবোৰৰ দৰেই ডিঙি বেঁকা কৰি শুই আছে৷ গাৰ নোমবোৰ ঠৰঙা লাগিল এইবাৰ, এয়াতো সৌৰভ নহয়, তাৰ মৃতদেহহে! এটা মৃতদেহৰ লগত তাই এই মাজৰাতি জনশূন্য পথ এটিৰে ভ্ৰমণ কৰি আছে৷ সৰুতে গাঁৱত কোনোবা ঢুকালে বহুদিনলৈ এটা কোঠাৰ পৰা সিটো কোঠালৈ তাই অকলে যাব নোৱাৰিছিল৷ কথাটো মনত পৰি গাৰ নোম আকৌ শিঁয়ৰি উঠিল, পিঠিখন এক অনামী অদৃশ্য স্পৰ্শত সিৰসিৰাই গ’ল৷ পুলিচ পেট্ৰলিঙৰ গাড়ীৰ চাইৰেনৰ শব্দত কমাৰ্চ কলেজৰ সন্মুখৰ পুলিচ পইণ্টত গাড়ীখন ঘূৰাই তাই স্পীডত গণেশগুৰিৰ ফালে ধাৱমান হ’ল৷ ওৰেটো বাট নীলাভৰ দুইটা মোবাইলত ফোন ট্ৰাই কৰি গ’ল, দুইটা ‘নট ৰিচ্চেবল’ হৈ আছে৷ খানাপাৰা পাওঁতে পুলিচে ৰখালে তাইক৷ লাহেকৈ গাড়ীৰ গ্লাছখন আধালৈ নমাই মিহিকৈ হাঁহি এটা মাৰিলে তাই৷ তাই অশেষ চেষ্টাৰে হাঁহি মাৰি “বাৰ্থডে’ পাৰ্টী এটা আছিল” বুলি কোৱা কথাষাৰত পতিয়ন গৈ ডিঙি হাউলি পৰা সৌৰভলৈ চাই “সোনকালে যাওক, বাইদেউ” বুলি বিদায় দিওঁতেহে উশাহ ঘূৰি আহিল যেন তাইৰ৷ কোনোপধ্যে ফোন নালাগে নীলাভৰ৷ কেঁকো-জেকোকৈ নিজৰ ভৰ নিজে টানিব নোৱাৰাৰ নিচিনাকৈ লাহে লাহে গৈ থকা ডাঙৰ ডাঙৰ পাঞ্জাৱ বডীৰ ট্ৰাকবোৰৰ মাজে মাজে তাইৰ চুইফ্ট ডিজায়াৰখন আগবাঢ়িল৷ শুই থকা মহানগৰখনৰ বিপৰীতে যোৰাবাটখন সাৰে আছে, বৰষুণ কমিছে৷ এই মাজৰাতি ট্ৰাকবোৰৰ মাজত গাড়ীখন অকলে ৰখাবলৈ কোনোপধ্যে সাহস নহ’ল তাইৰ৷ কেনেকুৱা জঁয়াল লাগিছে ঠাইখিনি! যোৰাবাট পাৰ হৈ গাড়ীখন নগাঁৱৰ দিশেৰে আগবাঢ়িল৷ এবাৰ ভাবিলে ক’ৰবাত ৰখাই সৌৰভক ঠেলা মাৰি বগৰাই ঘৰলৈ ঘূৰি যাব৷ দুবাৰ ৰখালেও, কিন্তু পিছফালৰ আৰু বিপৰীত দিশৰ পৰা অহা ট্ৰাক, তীব্ৰবেগী নাইটচুপাৰৰ পোহৰত সাহস নহ’ল৷ অকলশৰীয়া মহিলা এগৰাকীক জনশূন্য ৰাস্তাত অকলে গাড়ী চলাই গৈ থকা দেখিলে কোনোবা দুষ্কৃতিকাৰীয়ে বাট ভেটি গাড়ী ৰখাই কুকৰ্ম কৰাটো একো অস্বাভাবিক নহয়৷ সেইটো এতিয়ালৈকে হোৱা নাই, কাষতে শুই থকা সৌৰভৰ নিথৰ দেহটোৰ বাবেই হয়তো! মৃত্যুৰ পাছতো তাইৰ ঢাল হৈ আছে বেচেৰা৷ ভাবি ভাবি গৈয়ে থাকিল তাই৷ টোপনি চকুৰ পৰা ক’ৰবালৈ পলালে যদিও চকুদুটা পুৰিছে৷ গাড়ীতে চাৰ্জত দি থোৱা ম’বাইলত সময়টো চালে, চাৰি বাজো বাজো! অস্ফুট কান্দোন এটা ওলাই আহিল তাইৰ৷ ৰণলৈ মনত পৰিল৷ প্লেনমতে যে মৃতদেহটোৰ গতি লগাব নোৱাৰিলে, এতিয়া তাই ঘৰলৈ ঘূৰি যাব নোৱাৰিলে কি হ’ব? উদ্দেশ্যবিহীনভাৱে গৈ নগাঁও চহৰত সোমাওঁতে পূৱে ঢলফাঁট দিছিল৷ তাইৰ প্ৰসাৱ লাগিছিল৷ মৰসাহ কৰি পথৰ কাষৰ ধাবা এখনত সোমাই প্ৰসাৱ কৰি আকৌ সাউটকৈ গাড়ীত বহিলগৈ, গোটেই কামখিনিত পাঁচ/ছয়মিনিটৰ বেছি নালাগিল৷ ওৰে ৰাতি কাম কৰি থকাৰ বাবেই হ’বলা তাইক বিশেষ গুৰুত্ব নিদিলে কৰ্মচাৰীবোৰে, হয়তো ভালেই পালে এজন গ্ৰাহক কমিল মানে এটা কাম কমিল৷ কলমতিয়াই কলমতিয়াই ক্ষীণ-মীন ল’ৰা এজন কেশ্ব কাউণ্টাৰত বহি আছে৷
গাড়ীত বহি পুনৰ গুৱাহাটীৰ দিশলৈ গাড়ী উধালে৷ ৱাটচএপত নীলাভক দিয়া মেচেজবোৰ ডেলিভাৰ হোৱা নাই৷ জাগীৰোড পাই মানে তেলৰ টেংকি খালী হোৱাৰ হালধিয়া সংকেত আহিল৷ দৌৰাদৌৰি, টেনচনত তাই পাৰ্চটো আনিবলৈ পাহৰি গ’ল ৰাতি৷ হঠাৎ কিবা এটা খেলালে মনত৷ ক্ষন্তেকৰ কাৰণে গাড়ীখন পথৰ কাষত ৰখাই সৌৰভৰ সোঁ পকেটৰ পৰা তাৰ ৱালেটটো উলিয়ালে৷ আধাবহি আধা শুই থকা মানুহজনৰ জীনচৰ পকেটৰ পৰা ৱালেটটো উলিয়াওতে কষ্ট হ’ল তাইৰ অকণ, তায়ো ড্ৰাইভিং চিটৰ পৰাই হাউলি উলিয়াইছিল৷ তাৰ পকেটত কেশ্ব্ পইছা কিছু আৰু এটিএম কাৰ্ড দুখন৷ দুইখন কাৰ্ডৰ পিন তাই জানে৷ কিবা এটা ভাবি কেশ্বখিনি লগা হ’ব পাৰে বুলি ভাবি তাই ‘শ্বাইপ’ কৰি তাৰে এখন কাৰ্ডেৰে ফুল টেংকি তেল ভৰালে হাইৱেৰ কাষৰ পাম্প এটাত৷ অত্যন্ত গহীন মুখেৰে নামি গৈ কামখিনি কৰি থৈ আহিল যাতে কাৰো একো তাইক সুধিবলৈ সাহস নহয়৷ ঠেকেৰাগেটৰ কাষত গাড়ী ৰখাই কোনো দৰদাম নকৰাকৈ কল আৰু ডাৱনাৰিকল কিনি তাই পুনৰ গাড়ী ষ্টাৰ্ট দিলে৷
লাহে লাহে তাইৰ খং উঠি আহিছে৷ ড্ৰাইভ কৰি কৰি ভৰি বিষাইছে তাইৰ৷ ভোক টোপনিৰ অভাৱ অনুভৱ হোৱা নাই যদিও গাটো অতি দুৰ্বল লাগিছে৷ কল খাই, ডাৱৰ পানী খাই সকাহ পালে যদিও হঠাৎ মৃতদেহটোৰ ওপৰত চকু পৰাত থৈ দিলে৷
নীলাভৰ যদি একো বিপদ হোৱা নাই আৰু সি যদি জানি বুজি তাইক এভইড কৰিছে তেনেহ’লে সি বৰ ভাল কাম এটা নকৰিলে তাইক প্ৰতাৰণা কৰি, ভাবিলে তাই৷ তাৰ বাবে নিজৰ স্বামীক হত্যা কৰিলে তাই৷ তাইক ঠগি সাৰি যোৱাটো ইমান সহজ নহয়৷ মুখখনত কঠোৰ অভিব্যক্তি বিৰিঙি উঠিল তাইৰ৷ আজি গধূলিৰ ভিতৰত তাই যেনেতেনে মৃতদেহটোৰ কিবা এটা কৰি ঘৰলৈ, ৰণৰ কাষলৈ ঘূৰি যাবই যাব৷ তীব্ৰ বিবেক দংশনত ভুগিলে তাই, নিজৰ সুখৰ কাৰণে কিমান ডাঙৰ অপৰাধ এটা কৰি গোটেই ৰাতি নিজৰ সন্তানৰ পৰা আঁতৰি তাই অনাই-বনাই ঘূৰি ফুৰিব লগা হৈছে৷ কেনেবাকৈ ৰণ ডাঙৰ হৈ যদি গম পাই তাই নিজৰ পৰকীয়া প্ৰেমৰ কাৰণে তাক তাৰ পিতৃৰ স্নেহৰ পৰা বঞ্চিত কৰিলে, সি মাফ কৰিবনে তাইক? কেতিয়াও নকৰে, ঘিণ কৰিব৷ এইটো চিন্তাই তাইক আৰু দুৰ্বল কৰি তুলিলে৷
জাগীৰোডৰ পৰা নগাঁও লাহে লাহে পাঁচবাৰমান মৃতদেহটো লৈ অহা-যোৱা কৰাৰ পাছত ষষ্ঠবাৰলৈ জাগীৰোডত উপস্থিত হওঁতে চহৰখনক কাণিমুণি আন্ধাৰে সাৱটি ধৰিছিল৷ তেতিয়ালৈ সৌৰভ ক’লা বৰণৰ ঠৰঙা দেহ এটালৈ পৰিবৰ্তিত হৈছিল, AC চলি থকা গাড়ীখনৰ ভিতৰৰ অইন বস্তুবোৰৰ দৰে শীতল! এইবাৰ যোৰাবাটলেকে আগুৱাই গ’ল তাইৰ গাড়ী৷ ট্ৰেফিক জাম লাগিছে৷ কোনোপধ্যে গাড়ী ৰখোৱা সম্ভৱ নহয়৷ হতাশাত এইবাৰ চকুৰপানী ৰখাব নোৱাৰিলে তাই৷ হুক-হুকাই বন্ধ গাড়ীৰ ভিতৰত কান্দি উঠিল৷ ৰণলৈ চেৰেং চেৰেংকৈ মনত পৰিল৷ ট্ৰেফিক জাম ফালি তাই আগুৱাই গৈ এক্সপ্ৰেছ হাইৱেইৰ কাষত এঠাইত গাড়ীখন পাৰ্ক কৰিলে৷ সৌৰভৰ পাৰ্চৰ পৰা পইছাখিনি আৰু তাইৰ চাৰ্জত দি থোৱা ম’বাইলটো ল’বলৈ নাপাহৰিলে৷ নামি ভিতৰতে দুৱাৰখন লক কৰি জোৰেৰে বাহিৰৰ পৰা মাৰি দি খৰখেদাকৈ আঁতৰি আহিল তাৰ পৰা৷ আন্ধাৰ আৰু ব্যস্ত মহানাগৰিকক মনে মনে ধন্যবাদ দিলে তাই৷ অ’টো এখন লৈ প্ৰথমেই চানমাৰীত থকা নীলাভৰ ফ্লেট পালেগৈ৷ চিকিউৰিটিয়ে জনালে কালি আবেলিয়েই নীলাভ জালুকবাৰীত থকা বায়েকৰ ঘৰলৈ গ’ল৷ কাইলৈ অৰ্থাৎ সোমবাৰে পুৱাহে আহিব৷ জালুকবাৰীত যে তাৰ বিধবা বায়েক এজনী থাকে যাৰ পুতেকক নীলাভে বাংগালোৰত ইঞ্জিনিয়াৰিং পঢ়াই আছে সেই কথা তাইক কেইবাবাৰো কৈছিল সি৷ অ’টোখনত উঠিয়েই তাই নিজৰ ফ্লেটলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁতেহে তাইৰ মনত পৰিল, ঘৰৰ ছাবিটো তাই গাড়ীতে থৈ আহিল৷ আচলতে তাইৰ ভাগৰ ছাবিপাত তাইৰ গাড়ীৰ ছাবিৰিংটোতে লগাই থ’য়৷ এপাত ছাবি মাকৰ লগত থাকে৷ অগত্যা তালৈ যাবলৈ অটোক নিৰ্দেশ দিলে৷ মাকৰ ঘৰ সোমায়েই মাক-দেউতাক দুইজনৰ অলেখ প্ৰশ্নৰ এটাৰো উত্তৰ নিদি বাথৰুমত সোমাই দীঘলকৈ উশাহ ল’লে৷ এই নিৰাপদ স্থানত নিজকে বন্দী কৰিহে তাই গোটেই ঘটনাটো আকৌ এবাৰ ভাবি চালে৷ ইমান ভয়ানক কাম এটা কেনেকৈ ইমান সহজে কৰি পেলালে তাই৷ ভাল পাইছিল তাই সৌৰভক, সিও! কেতিয়ানো সিহঁতৰ মাজৰ দূৰত্ব ইমান বাঢ়ি গ’ল যে অইন মানুহে মাজত ঠাই উলিয়াই ল’লেহি৷ হিয়া উজাৰি কান্দি ল’লে তাই শ্বাৱাৰৰ শব্দত নিজকে লুকুৱাই৷ ভোকে-লঘোণে দুখে-ভাগৰে ভাতৰ টেবুলত বহিল যদিও খাব নোৱাৰিলে৷ মাকহঁতে কিবা সন্দেহ কৰে বুলি অলপ পিটিকি চুই উঠি গ’ল৷ মাকহঁতে তাই উঠি যোৱাৰ পাছত কথা পতা শুনিলে “গিৰিয়েক-ঘৈণীয়েকে কাজিয়া লাগি থাকোঁতে যে ল’ৰাই খাইছেনে কি কৰিছে সুধিবলৈ খবৰেই নাই! ”
হওক, তেওঁলোকে অনুমান কৰি লৈছে তাই সৌৰভৰ লগত কাজিয়া লাগি আপচেট হৈ আছে আৰু সেইবাবেই যে তাইক আৰু তাৰ কথা নুসোধে কথাটোত সকাহ পালে তাই৷ বিছনাত দুফালে দুটা গাৰু দি শুৱাই থোৱা ৰণৰ কাষৰ পৰা এটা গাৰু আঁতৰাই তাই শুই তাক আঁকোৱালি লৈ নাকটো তাৰ মূৰত গুজি দিলে৷ বেবী অইল আৰু তাৰ দেহৰ কোমল মিশ্ৰিত গোন্ধ এটা তাইৰ কলিজাৰ ভিতৰলৈ সোমাই গ’ল৷ গাড়ীখনলৈ মনত পৰি বুকুখন চেৰেংকৈ মাৰিলে৷ এতিয়ামানে চাগৈ মানুহে গম পাইছে কথাবোৰ, আকৌ ভাবিলে নাপাবও পাৰে৷ ৰাতিৰ কথা৷
মাকে হেঁচুকি হেঁচুকি জগাই দিওঁতে তাই চক খাই কোনোমতে জ্বলা পোৰা কৰি থকা চকুহাল মেলি চালে৷ বিবৰ্ণ মাকৰ মুখ৷ পুৱা আঠ বাজিছে৷
“উঠছোন, পুলিচ আহিছে ঘৰলৈ৷ ”
“কি? ? ” তাৰ পাছত ভয়ে ভয়ে সুধিলে, “কিয়? ”
“তোক বিছাৰিছে ব’ল… সৌৰভৰ কিবা হৈছে…”
যিমান পাৰি নৰ্মেল হ’বলৈ চেষ্টা কৰি তাই উঠি আহিল৷ মহিলা পুলিচ সমন্বিতে চাৰিজন পুলিচ ড্ৰয়িংৰুমত দেউতাকৰ লগত বহি আছে৷
“আপোনাৰ হাজবেণ্ড ক’ত? ”
“মই নাজানো৷ ”
“আপুনি থানালৈ যাব লাগিব আমাৰ লগত৷ ”
“কিয়? ”
“নাই AS 01**** নম্বৰৰ গাড়ীখনত বশিষ্ঠৰ ওচৰত তেওঁৰ ডেডবডী পোৱা গৈছে৷ ”
“কি? ? ” বুলি তাই জোৰেৰে আউলি-বাউলি হৈ কান্দিবলৈ ধৰিলে৷ পুলিচকেইজনে ইজনে-সিজনৰ মুখলৈ চালে৷ তাৰপাছত অফিচাৰ যেন লগাজনে ক’লে “আপুনি সোধ-পোচৰ বাবে থানালৈ যাব লাগিব৷ ”
“মই কিয় যাম আকৌ? মই মাৰিছোঁ নেকি? নাযাওঁ মই৷ ” কান্দি কান্দি ক’লে তাই৷
এসময়ত বুজাওঁতে-বঢ়াওঁতে তাই যাবলৈ মান্তি হ’ল৷ লগত দেউতাক৷
“আপুনি কালি দিনটো ক’ত আছিল? ”
“ঘৰতে আছিলোঁ আৰু ক’ত থাকিম? ”
পুলিচজনে দেউতাকৰ আৰু দেউতাকে পুলিচজনৰ মুখলৈ চালে৷
“আপুনি ৰাতি লং ড্ৰাইভত যোৱা বুলি ৰাজেন্দ্ৰ বুলি চকীদাৰজনে কৈছে৷ হয়নে নহয়? ”
“হয়৷ ”
“পাছত কি হ’ল? ”
“বাটতে আমাৰ কাজিয়া লাগিল৷ মই খঙতে নামি অ’টো লৈ মাৰ ঘৰলৈ গুছি আহিলোঁ৷ ”
তেনেতে নীলাভে সৌৰভৰ ভনীয়েকক লৈ সোমাই আহিল৷ তাই নিজকে ৰখাব নোৱাৰিলে৷ দৌৰি গৈ তাক সাৱটি ধৰিলে৷ তাই বুজি উঠিছিল তাই শুই উঠাৰ আগতে দেউতাকে পুলিচক কৈ দিছে তাই যে দিনটো ঘৰত নাই৷ দেউতাকৰ দোষ নাই, তাই আগতে শিকাই নথ’লে বা কথাবোৰ খুলি নক’লে৷ এতিয়া তাই নীলাভকো লগত লৈহে ফঁচিব৷
তাক সাৱটি ধৰি তাৰ পিঠিত ভুকুৱাই ভুকুৱাই কান্দিবলৈ ধৰিলে “তুমি কিয় এনে কৰিলা? মোৰ পাছে পাছে আহিম বুলি কৈ কিয় নাহিলা তুমি? এয়া কি হৈ গ’ল নীলাভ? ”
তাইৰ চুলিত হাত ফুৰাই সি সান্ত্বনা দিলে তাইক, সৌৰভ তাৰ বহুত ভাল বন্ধু আছিল৷ ‘ইনফেক্ট’ সি কালি তাক তাৰ ঘৰলৈ নিমন্ত্ৰণ দিছিল গধূলিৰ সময়খিনি কটাবলৈ৷ কিন্তু বায়েকৰ জ্বৰ উঠাৰ বাবে সি আবেলিতে জালুকবাৰীলৈ যাব লগা হ’ল৷ এতিয়া অত্যন্ত আফচোচ হৈছে তাৰ৷ হয়তো সি থাকিলে এনে ঘটনা ঘটিবলৈ নাপালেহেঁতেন! কিন্তু তাৰ মৃত্যুৰ বাবে যি দায়ী তাক সি সুদায় নেৰে, লাগিলে তাই তাৰ পত্নী অপৰ্ণাই নহওক কিয়- কথাখিনি কৈ সি তাইক ঠেলি আঁতৰাই দিলে৷ ওচৰতে সৌৰভৰ ভনীয়েকে কান্দি আছে, ভনীজোঁৱায়েকে সান্ত্বনা দি আছে৷
সিহঁতৰ ফালে এবাৰ চাই সি চকী এখন টানি অ’চিজনৰ মুখামুখিকৈ বহিল৷
কংক্ৰিট এভিডেন্সৰ বাবে ফ্লেটৰ চিকিউৰিটি ৰাজেন্দ্ৰৰো ষ্টেটমেণ্ট ৰেক’ৰ্ড কৰাৰ দৰকাৰ বুলি সিয়েই উপদেশ দিলে৷ কিবা দৰকাৰ হ’লে তাক খবৰ দিবলৈ দি সৌৰভৰ ভনীয়েকক লৈ ঘৰলৈ গ’লগৈ নীলাভ৷ মহিলা পুলিচ দুগৰাকীয়ে টানি নি অপৰ্ণাক লক আপত ভৰাই থ’লে৷
******
হাতত ছিগাৰেট আৰু সন্মুখত পানীয়ৰ গিলাছ লৈ টেবুলত ভৰি তুলি টিভি-ত বাতৰি চাই আছে নীলাভে৷ ৰাজ্যখন টিভি চেনেলকেইটাই “চাঞ্চল্যকৰ হত্যাকাণ্ড”ৰ বাতৰিটো মচলা সানি সুন্দৰকৈ পৰিবেশন কৰি উত্তেজিত কৰি থৈছে৷ মাজে মাজে অপৰ্ণাৰ চুইফ্ট ডিজায়াৰখন, মাজে মাজে হাতেৰে মুখ ঢকা অপৰ্ণা, মাজে মাজে ৰণৰ নিষ্পাপ মুখখন দেখুৱাই আছে৷ দুই এদিনতে প’ষ্টমৰ্টেমৰ ৰিপ’ৰ্ট আহিব৷ অৱশ্যে নীলাভে জানে ৰিপ’ৰ্ট কি আহিব- “প্ৰথমে বিষাক্ত দ্ৰব্য সেৱন কৰাই পাছত শ্বাসৰূদ্ধ কৰি হত্যা৷ চৌবিশ ঘণ্টাৰো অধিক সময়ৰ আগতে মৃত্যু… ইত্যাদি ইত্যাদি! ”
এৰা, ইমান দিনৰ পৰিকল্পনা, সেয়ে কোনো ৰিস্ক লোৱা নাযায় আৰু সেয়ে অপৰ্ণাই গম নোপোৱাকৈ সি পকেটত লৈ যোৱা বিষ মিহলাই দিছিল সৌৰভৰ পানীয়ত৷ নহ’লে এগৰাকী ক্ষীণাংগী মহিলাই হৃষ্ট-পুষ্ট পুৰুষ এজনক শ্বাসৰূদ্ধ কৰি হত্যা কৰা বুলি পুলিচক পতিয়ন নিওৱা সহজ কাম নহ’ব বুলি জানিছিল সি৷ অপৰ্ণাই গম নোপোৱাকৈ সি নিজে খোৱা গিলাছটোও চাৰ্টৰ মাজত সুমুৱাই লৈ আহি ৰাস্তাৰ কাষলৈ দলিয়াই থৈ আহিছিল৷
গিলাছটোত থকা পানীয়খিনি একে উশাহে গিলি সি কাষৰ টিপয়খনত থকা ৱালেটটোৰ পৰা গ্ৰুপ ফটোৰ পৰা কাটি উলিওৱা তাইৰ মুখখন চালে৷ ওঁঠত লগাই চুমা এটা দিলে ফটোখনত সি- মিলি! তাইলৈ মনত পৰিলে কলিজাটো মোচৰ খাই যায়৷ ক’ম বুলি ভাবি থকা কথাটো কোৱাৰ আগতেই তাই অলকেশৰ হৈ পৰিছিল৷ সি হে কাৰো হ’ব নোৱাৰিলে৷ আজি পোন্ধৰ বছৰে তাইক বুকুত কঢ়িয়াই লৈ ফুৰিছে৷ তাইক পাবলৈ সৌৰভক আঁতৰোৱাটো জৰুৰী আছিল৷ মিলিৰ কাষলৈ যাবলৈ সহজ ৰাস্তা এটা বিছাৰি তাৰ তীক্ষ্ণ মগজুত নক্সা এখন পাকঘূৰণি খাবলৈ ধৰিলে৷
**********************

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!