বিহগী কবি, তোমাৰ দহিকতৰা ভালে নাই (জয়দ্বীপ চক্ৰৱৰ্তী)

“ছয় ৰাগ সপ্তসুৰে মুৰলী বজাই
ৰাখিছ সাদৰী তই ভুৱন ভুলাই।”

নাই, প্ৰিয় বিহগী কবি ৰঘুনাথ চৌধাৰী … তোমাৰ দহিকতৰা ভালে নাই৷ ঢলপুৱাতে সুমধুৰ সংগীত গোৱা দহিকতৰাৰ খবৰ ৰাখোঁতাও আজি কোনো নাই৷ দহিকতৰাকলৈ এতিয়া আৰু ৰচনা নহয় কোনো কবিতা, ক’লাবৰণীয়া দহিকতৰাৰ হেনো গ্লেমাৰ নাই! নাই দহিকতৰা নাম নাই IUCN ৰ ৰঙা তালিকাত, ই বিপন্ন নহয় এক সাধাৰণ চৰাই সেয়ে তাৰ খবৰ ৰখাৰ প্ৰয়োজন বোধ কৰা নাই কোনেও, এটি দহিকতৰাৰ মৃত্যু কিদৰে খবৰ হ’ব পাৰে? য’ত প্ৰতিনিয়ত গঁড়, হাতী, বাঘৰ মৃত্যুৰ বাতৰিত অভ্যস্ত আজিৰ আমিবোৰ।

নানানটা সুৰত মাত মাতিব পৰা চৰাই হিচাবে দহিকতৰা সুপৰিচিত। দহিকতৰা বাংলাদেশৰ ৰাষ্ট্ৰীয় চৰাই, অতি চঞ্চলচিত্ত এই চৰাই জঁপিয়াই জঁপিয়াই গছৰ ডাল বা মাটিত খাদ্য বিচাৰি ফুৰে। কীটপতঙ্গ, পলু, সৰু জেঠি আদি ইহঁতৰ প্ৰধান খাদ্য যদিও দহিকতৰাক কেতিয়াবা ফুলৰ মৌ খোৱাও দেখা যায়। দহিকতৰাৰ ইংৰাজী নাম ওৰিয়েণ্টেল মেগপাই ৰবিন (Oriental Magpie Robin) আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ এছিয়াৰ বাংলাদেশ, ভাৰত, ভূটান, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়। অৱশ্যে সমুদ্ৰপৃষ্ঠৰ ২৫০০ মিটাৰৰ ওপৰৰ ঠাই সমূহত দহিকতৰা দেখা নাযায় ঠিক তেনেকৈয়ে পশ্চিম ৰাজস্থান আৰু তাৰ লগতে লাগি থকা পাকিস্তানৰ মৰুভূমি অঞ্চল সমূহত দহিকতৰা দেখা নাযায়। আকাৰত ১৫-২০ ছে:মি: বগা-ক’লা সংমিশ্ৰণৰ গাৰ বৰণৰ দহিকতৰাক বনাঞ্চলতকৈ সচৰাচৰ গাঁও বা নগৰৰ জনবসতিৰ ওচৰে পাজৰেই বেছিকৈ দেখা যায়৷ মতা দহিকতৰাৰ শৰীৰৰ উপৰিভাগ আৰু গলৰ তল ক’লা বৰণৰ হয়, পেটৰ অংশ বগা হয়, পাখিত বগা আঁচ থাকে। মাইকী দহিকতৰাৰ উপৰিভাগ আৰু গলৰ তল ধুসৰ বৰণীয়া হয় আৰু পেটৰ অংশ মতা দহিকতৰাৰ দৰে উজ্জ্বল নহয়৷ দহিকতৰাৰ প্ৰজননকাল মাৰ্চৰ পৰা জুলাই মাহলৈ। কণী যোগোৱাৰ এসপ্তাহ আগৰ পৰা ইহঁতে গছৰ ডালত বা মানুহৰ ঘৰৰ চাল সংলগ্ন সুবিধাজনক ঠাই নিৰ্বাচন কৰি বাহ সাঁজে। দহিকতৰাই সাধাৰণতে ৪/৫টা কণী পাৰে। কণীৰ ৰং পাতল নীলা বৰণীয়া হয় আৰু তাৰ ওপৰত মটীয়া বৰণৰ চিটা থাকে। ৮ পৰা ১৪ দিনৰ ভিতৰত এই কণীৰ পৰা পোৱালী ওলায়৷
দহিকতৰাৰ বিষয়ে লিখাৰ এটি বিশেষ কাৰণ আছে৷ ২বছৰমান আগলৈও কেইবাটাও দহিকতৰা মোৰ কোঠাটোৰ কাষৰ আমগছ জোপাত প্ৰায়ে পোক বিচাৰি আহিছিল৷ ৰাতিপুৱাই ইহঁতে কৰা চিঞৰ বাখৰত টোপনি ভাগি কেতিয়াবা বিৰক্তি নলগাও নহয় কিন্তু বৰ্তমান আমাৰ অঞ্চলত দহিকতৰা দেখাই নাপাও প্ৰায়। দুৰ্ভাগ্যজনক বিষয় এই যে শত-শত বছৰৰ পৰিচিত সাধাৰণ দহিকতৰা চৰাইও আজি বিলুপ্তিৰ পথত। পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তন, ক্ৰমান্বয়ে মানুহৰ আবাসস্থল সৃষ্টিৰ বাবে গছ-গছনি কাটি তহিলং কৰা, গাঁওৰ সৰু-সৰু ল’ৰাবোৰে কেটেপাৰে অকাৰণতে চৰাইবোৰক হত্যাকৰা আদিবোৰ নিশ্চয়কৈ এক ডাঙৰ কাৰক, কিন্তু তাতকৈও ভয়ংকৰ কাৰক হৈছে খেতি পথাৰত প্ৰয়োগ কৰা সাংঘাতিক কীটনাশক বোৰ, যিবোৰে আজি কেৱল চৰাইবোৰৰ বাবেই নহয় মানুহৰ জীয়াই থকাৰ প্ৰতিও এক ডাঙৰ ভাবুকি। যিহেতু দহিকতৰা আমাৰ কৃষিভূমি বোৰৰ কাষতেই বেছিকৈ থাকে সেয়েই কৃষিভূমিৰ অপকাৰী পতংগৰ নিয়ন্ত্ৰণ কৰি পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষাত এই চৰাইবোৰৰ গুৰুত্ব অপৰিসীম৷ পিছে দুঃখজনক ভাৱে মানুহে অত্যধিক লাভৰ বাবে খেতিত প্ৰয়োগ কৰিব লৈছে অবৈধ কীটনাশক ঔষধ আৰু ফলস্বৰূপে কীটনাশকৰ প্ৰয়োগৰ ফলত মৃত কীটপতঙ্গ খাই মৃত্যু হৈছে অসংখ্য চৰাইৰ৷ তদুপৰি এই ৰাসায়নিক পদাৰ্থ বোৰৰ বাবেই চৰাইবোৰে হেৰুৱাই পেলাইছে প্ৰজনন ক্ষমতা আৰু বিলুপ্তিৰ পথযাত্ৰী হৈছে এটি এটিকৈ প্ৰজাতি।
এই সম্পৰ্কে এতিয়াই সজাগতাৰ প্ৰয়োজন, নহলে এদিন কেৱল দহিকতৰাৰ দৰে এক সাধাৰণ গ্লেমাৰবিহীন চৰাইয়ে নহয় মানবজাতিৰ আজিৰ গ্লেমাৰসৰ্ব্বস্ব সভ্যতালৈও অচিৰেই আহি পৰিব চৰম ভাবুকি আৰু অসমৰ বুকুত কাহানিও জন্ম লোৱাৰ সুযোগকণও নাথাকিব দ্বিতীয় এজন বিহগী কবিৰ।

One thought on “বিহগী কবি, তোমাৰ দহিকতৰা ভালে নাই (জয়দ্বীপ চক্ৰৱৰ্তী)

  • February 9, 2015 at 1:12 pm
    Permalink

    Heartly I salute 2 all assamese writter off assam.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!