দৈনন্দিন জীৱনত বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰ – ছবিনা ইয়াছমিন

বৰ্তমান সমাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিভিন্ন দিশত প্ৰভাৱ বিস্তাৰ কৰা সততে পৰিলক্ষিত হয়৷ নিজস্ব প্ৰয়োজনৰ ফলতেই সৃষ্টি হয় আহৰণৰ৷ আৰু আহৰণে সৃষ্টি কৰে প্ৰয়োজনৰ৷ আৰু এনেদৰেই আগবাঢ়ি গৈ থাকে জীৱন পৰিক্ৰমা৷ মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এটি ছেফ্‌টিপিনৰ পৰা আৰম্ভ কৰি চুপাৰ কম্পিউটাৰলৈকে সকলোবোৰ বস্তুৰ সৃষ্টিৰ আঁৰতে আছে বিজ্ঞান৷ অতীজৰ পৰা চলি অহা অন্ধবিশ্বাস আৰু কু-সংস্কাৰবোৰৰ পৰা মুক্তি লাভ কৰাত বিশেষভাবে সহায় কৰে বিজ্ঞানে৷ বিজ্ঞানে মানুহৰ দৈনন্দিন জীৱনটোক অত্যধিক আৰামদায়ক কৰি তুলিছে৷ অতীজতে সমাজ এখন গঢ় লৈ উঠিছিল আধ্যাত্মিক চিন্তাৰ আলমত৷ বৰ্তমানেও আধ্যাত্মিক চিন্তাৰ প্ৰাসংগিকতা আছে যদিও বৈজ্ঞানিক সভ্যতাৰ উপকৰণসমূহে সমাজ গঠনত বিশেষভাবে প্ৰভাৱ বিস্তাৰ কৰিছে৷ বৰ্তমান মানুহে এই কথা উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে যে বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হ’লেহে এখন সুশৃংখলিত সমাজ গঢ়ি উঠে৷ জীৱনৰ মানদণ্ড উন্নত কৰাত, সমাজ আৰু পৰিবেশৰ প্ৰকৃত ৰূপ উপলব্ধি কৰাত বিশেষভাবে সহায় কৰে বিজ্ঞানে৷ দৰাচলতে বস্তুবাদী সমাজ এখন গঢ়ি তোলাত বিজ্ঞানৰ অৱদান অতুলনীয়৷ অন্ন, বস্ত্ৰ, নিলয়, স্বাস্থ্য সকলোতে আছে বিজ্ঞান৷ বিজ্ঞানৰ প্ৰভাৱ ক’ত নাই!! সকলোতে আছে৷ কিন্তুু সৰ্বসাধাৰণে বিজ্ঞানৰ ৰহস্যময়তা আঁতৰাই গভীৰলৈ সোমাই যাব নোখোজে৷ কাৰণ ইয়াৰ গভীৰতালৈ দৃষ্টি নিক্ষেপ কৰিলে বিস্ময়ত হতবাক হ’ব লগা হয়৷ বিজ্ঞান হৈছে উপলব্ধি আৰু চৰ্চাৰ বস্তু৷

মানুহে ৰোগ-ব্যাধি আদিৰ স’তে সংগ্ৰাম কৰিবলৈ সক্ষম হৈছে বিজ্ঞানৰ বাবেই৷ চিকিৎসা বিজ্ঞানে মানৱ জাতিৰ মৃত্যুৰ হাৰ বহু পৰিমাণে হ্ৰাস কৰিছে৷ বৰ্তমান দুৰ্ভিক্ষ বা দুৰ্যোগৰ পৰা মানুহে উপশম পাবলৈ সমৰ্থ হৈছে কেৱল বিজ্ঞানৰ বলতেই৷ বিজ্ঞান আৰু বৈজ্ঞানিকসকলৰ মূল লক্ষ্যই হৈছে সমাজ আৰু সভ্যতাক অৰ্থনৈতিক অগ্ৰগতিৰ পথ দেখুৱাই মানৱ জাতিক সৎ পথেৰে পৰিচালিত কৰা৷ দৈনন্দিন জীৱনত কৰি থকা সকলো কামতে অৰ্থাৎ খেতি কৰা, শস্য চপোৱা, ঘৰ সঁজা আৰু মেৰামতি কৰা, খোৱা বস্তু ৰন্ধা আৰু সংৰক্ষণ কৰা, ঘৰত ব্যৱহাৰ কৰা নানান ধৰণৰ বস্তু—এই সকলোৰে মাজত বিজ্ঞানৰ বহুতো কথা সোমাই থাকে৷

সাধাৰণতে নতুনকৈ দেখা পোৱা বস্তুক আমি আৱিষ্কাৰ বুলি কওঁ৷ অৰ্থাৎ এবিধ বস্তুক যদি নতুনকৈ চিনাক্ত কৰা হয় তেন্তে তাক আৱিষ্কাৰ বুলি কোৱা হয়৷ প্ৰকৃতিত আগৰে পৰা থকা বস্তুবোৰক নতুনকৈ ধৰা পেলোৱা কামক আমি “আৱিষ্কাৰ“ বুলি কওঁ৷ যেনে—ডিগবৈত খনিজ তেল আৱিষ্কাৰ হৈছিল, কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল ইত্যাদি৷ আৱিষ্কাৰ কৰা বস্তুবোৰৰ কিছুমান পোনে পোনে ব্যৱহাৰ কৰিব পাৰি৷ আৰু কিছুমান বস্তুৰ আকাৰ আৰু গুণ সলনি কৰিহে ব্যৱহাৰ কৰিব পাৰি৷ ডিগবৈৰ খনিজ তেল বৈজ্ঞানিক পদ্ধতিৰে শোধন কৰিহে ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়৷ জুই আৰু লোহাৰ আৱিষ্কাৰ হোৱাৰ লগে লগে বাষ্পৰ অসীম শক্তিৰ কথা মানুহে বুজিছিল৷ ষ্টিম ইঞ্জিন আৱিষ্কাৰৰ পিছত ৰেলগাড়ীয়ে যাতায়ত ব্যৱস্থা সুগম কৰিলে৷ যিকোনো সামগ্ৰী এঠাইৰ পৰা আনঠাইলৈ নিবলৈ সহজ হ’ল৷ পেট্ৰ’লৰ আৱিষ্কাৰৰ পিছত পেট্ৰ’লৰ ইঞ্জিন ওলাল৷ দ্ৰুতবেগেৰে মানুহে বিভিন্ন ঠাইলৈ যাত্ৰা কৰিব পৰা হ’ল৷ সেইদৰে বিজুলী শক্তিৰ আৱিষ্কাৰে যান্ত্ৰিক জগতত নতুনত্বৰ সৃষ্টি কৰিলে৷ বৃহৎ উদ্যোগ গঢ়ি তুলি নতুন উৎপাদনেৰে সভ্যতাক ক্ষিপ্ৰ গতিৰে আগুৱাই নিবলৈ সক্ষম হ’ল৷ বিজুলী পাংখা, শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ আদিৰ আৱিষ্কাৰে মানুহৰ দেহৰ ক্লান্তি দুৰ কৰাত সহায় কৰিছে৷ গ্ৰামোফোনৰ আৱিষ্কাৰৰ ফলত মানুহে সংগীতৰ মধুৰ মাধুৰী উপভোগ কৰিবলৈ সক্ষম হৈছে৷ বোলছবিৰ আৱিষ্কাৰে মানুহৰ জীৱন-গাঁথাক বাণীবদ্ধ কৰাৰ উপৰিও অভিনয়ৰ আস্বাদেৰে মানুহৰ মাজত মনোৰঞ্জনৰ সৃষ্টি কৰে৷ টেলিভিছন, ৰেডিঅ’ আদিৰ আৱিষ্কাৰে পৃথিৱীত এক নতুন যুগৰ সূচনা কৰিলে৷ পানীৰ বাবে মানুহে নৈ, বিল, নিজৰা আদিৰ ওপৰত নিৰ্ভৰ কৰিব নলগা হ’ল৷ গাওঁ আৰু চুবুৰীসমূহত নলী-নাদৰ ব্যৱস্থা হ’ল৷ জল-বিদ্যুৎ উৎপাদনে খেতিয়কসকলৰ সকলো প্ৰয়োজন পূৰ্ণ কৰিবলৈ সক্ষম হয়৷ টাইপৰাইটাৰ, কম্পিউটাৰ আদিৰ আৱিষ্কাৰে অফিচ, কোৰ্ট, কাছাৰীৰ কাম সহজ কৰি তুলিলে৷ সূক্ষ্মাতিসূক্ষ্ম গণনাও নিৰ্ভুল ভাবে কৰিব পৰা হ’ল কম্পিউটাৰৰ সহায়ত৷ কাগজ, কলম, মুখ চাবলৈ ব্যৱহাৰ কৰা আৰ্চিখন, চছমাযোৰ, সময় চাবলৈ পিন্ধা হাতঘড়ীটো, জুই জ্বলাবলৈ লোৱা জুইশলাটো, প্ৰেছাৰ কুকাৰটো, ইষ্ট্ৰি, কাপোৰ ধোৱা মেছিনটো ইত্যাদি দৈনন্দিন জীৱনত ঘৰখনত নহ’লেই নোহোৱা অনেক সৰু-বৰ লাগতিয়াল সামগ্ৰী বিজ্ঞানৰেই অৱদান৷

বিজ্ঞানক জনবোধ্য কৰিব পাৰিলেহে মানুহৰ প্ৰয়োজনীয় সকলো দিশ, যেনে—কৃষি, স্বাস্থ্য ৰক্ষা, শিশুৰ যতন, পৰিপুষ্টি আদি দিশসমূহ লাভৱান হ’ব৷ বিজ্ঞানক সৰ্বসাধাৰণৰ মাজলৈ লৈ যোৱাৰ দায়িত্ব কেৱল বৈজ্ঞানিক সকলৰ নহয়৷ পৃথিৱীৰ বহু শক্তিশালী ভাষাত বহু উৎকৃষ্টমানৰ বিজ্ঞান-সাহিত্য সৃষ্টি কৰি সাহিত্যিক সকলে বিজ্ঞানক সৰ্বসাধাৰণৰ মাজলৈ লৈ গৈছে৷ মানুহৰ মাজত সংযোগ স্থাপন কৰা সকলো ধৰণৰ মাধ্যমকে আমি বিজ্ঞান প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ৷ কিতাপ, আলোচনী, বাতৰি কাকত আদিয়ে বিজ্ঞান প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ নিজৰ সুবিধা মতে পঢ়িব বা বিশ্লেষণ কৰিব পৰি বাবেই ছপা মাধ্যম বিজ্ঞান প্ৰচাৰৰ উৎকৃষ্ট আহিলা৷ তদুপৰি ৰেডিঅ’, টেলিভিছন আদি শক্তিশালী আধুনিক প্ৰচাৰ মাধ্যম সমূহকো বিজ্ঞান প্ৰচাৰৰ মাধ্যম হিচাপে ব্যবহাৰ কৰিব পাৰি৷ মুঠতে মানুহৰ উন্নয়নৰ প্ৰতিটো পদক্ষেপতে বিজ্ঞানে অৰিহণা যোগায়৷

মানুহৰ দৈনন্দিন জীৱনত গণিতৰ ব্যৱহাৰ কি সেই বিষয়ে ক’বলৈ যাওঁতে এফাঁকি ডাকৰ বচনৰ কথা উল্লেখ কৰিলে কথাখিনি অধিক বোধগম্য হ’ব৷
“এগুণ চাউল, দুগুণ পানী, তিনিগুণ জাল দিবা টানি৷ “

বচন ফাঁকিত চাউল, পানী আনকি জুই কিমান হাৰত দিব লাগে তাকো কোৱা হৈছে গাণিতিক হাৰত৷ সেইদৰে আঞ্জা এখন ৰান্ধোতে নিমখ দিয়া হয় উচিত হাৰত৷ বেছি বা কম পৰিমাণৰ নিমখে আঞ্জাখনৰ স্বাদ নষ্ট কৰে৷ আমি পিন্ধিবলৈ ব্যৱহাৰ কৰা বস্ত্ৰবোৰৰ ক্ষেত্ৰতো গণিতৰ ব্যৱহাৰ লুকাই আছে৷ জোখৰ খেলি-মেলি হোৱা বস্ত্ৰই মানৱদেহৰ শোভা নবঢ়ায়৷ সেইদৰে আমাৰ যাত্ৰাৰ ক্ষেত্ৰতো গণিতৰ ব্যৱহাৰ আছে৷ এঠাইৰ পৰা আনঠাইলৈ যাবলৈ হ’লে কিমান সময়ৰ প্ৰয়োজন হ’ব বা কিমান গতিবেগত গ’লে লক্ষ্যস্থানত উপনীত হ’ব পৰা যাব এই সকলোবোৰতে গণিতৰ ব্যৱহাৰ আছে৷ এয়া হৈছে গণিতৰ পৰিমাপকতা গুণ৷ গণিতৰ জগতখন এটা মূল সুত্ৰৰ ওপৰত প্ৰতিষ্ঠিত৷ যাক কোৱা হয়–Law of trichotomy অৰ্থাৎ যদি আমি দুটা বস্তুৰ উচ্চতা জোখোঁ তেন্তে এটা বস্তুৰ উচ্চতা আন এটাতকৈ বেছি হ’ব বা এটা বস্তুৰ উচ্চতা আনটোতকৈ কম হ’ব নাইবা দুয়োটাৰ উচ্চতা সমান হ’ব৷ সেয়ে ক’ব পাৰি পৃথিৱীৰ প্ৰতিটো কথাই গাণিতিক সূক্ষ্মতা আৰু পৰিমাপকতাৰে গঁথা হয়৷

প্ৰাচীন সভ্যতাৰ পৰাই আমাৰ সমাজত গণিতৰ ব্যৱহাৰ হৈ আহিছে৷ প্ৰাচীন ইজিপ্তৰ পিৰামিডসমূহ সজাৰ আঁৰত আছে সেই সময়ৰ জ্যামিতি আৰু পৰিমিতিৰ জ্ঞান৷ কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰাৰ দুহেজাৰ বছৰ পূৰ্বেই গ্ৰীচৰ গণিতজ্ঞই ত্ৰিকোণমিতিৰ সহায়ত পৃথিৱীৰ পৰিধি জুখি উলিয়াইছিল৷ ৰামায়ণ আৰু মহাভাৰতত বৰ্ণিত মেঘৰ আঁৰত থাকি যুদ্ধ কৰাৰ পৰা বিভিন্ন আগ্নেয় অস্ত্ৰ সাজি এপাত বাণেৰে আন এপাত প্ৰতিহত কৰালৈ প্ৰয়োজন হোৱা গাণিতিক জ্ঞান গণিতৰ ব্যৱহাৰৰ উৎকৃষ্ট নিদৰ্শন৷ শিল্প বিপ্লবৰ পৰা নৱজাগৰণলৈকে গণিতৰ বিকাশ হৈছিল দ্ৰুতগতিৰে৷ সেইবাবেই বৰ্ত্তমান আমি এক সমৃদ্ধ, কামে-কাজে ব্যৱহৃত গণিত পাবলৈ সমৰ্থ হৈছো৷ গণিত হৈছে মানুহৰ অন্তৰাত্মাৰ ভিতৰত লুকাই থকা এক শক্তি যি আমাক যুক্তিৰে কথা কাটিবলৈ, বুদ্ধিৰে টান কাম সহজ কৰিবলৈ, সুচিন্তিতভাবে মনৰ ভাব প্ৰকাশ কৰিবলৈ সমৰ্থ কৰি তোলে৷ বৰ্তমান বিজ্ঞানে শীৰ্ষস্থান লাভ কৰাৰ মূলতে আছে গণিত৷ আধুনিক সংযোগ ব্যৱস্থাৰ দ্ৰুতবৃদ্ধি সম্ভৱ হৈ উঠিছে গণিতৰ বাবেই৷ মানুহে পদে পদে সমস্যাৰ সন্মূখীন হয়৷ সেয়া জীৱনৰ সমস্যাই হওক বা বিজ্ঞান কাৰিকৰীৰ সমস্যাই হওক সেই কথা সুকীয়া৷ এই সমস্যাসমূহ সমাধানৰ বাবে প্ৰয়োজন হয় চিন্তা আৰু বিশ্লেষণৰ৷ ইয়াতেই প্ৰয়োজন হয় গণিতৰ প্ৰত্যক্ষ বা পৰোক্ষ জ্ঞানৰ৷ সমস্যাবোৰ সাধাৰণতে দুই প্ৰকাৰৰ হ’ব পাৰে৷ এবিধ হ’ল আংকিক আৰু আনবিধ হ’ল বৌদ্ধিক৷ আংকিক সমস্যা সমাধানৰ বাবে সমস্যাটোৰ এটা গাণিতিক ৰূপ (model) সাজি লোৱা হয়৷ আৰু বৌদ্ধিক সমস্যা সমাধানৰ বাবে প্ৰয়োগ কৰা হয় গণিতৰ বিশ্লেষণ পদ্ধতি৷ গতিকে এই সিদ্ধান্তত উপনীত হ’ব পৰা যায় যে, সমস্যা সমাধান বাবে গণিতৰ জ্ঞান অপৰিহাৰ্য৷ গণিত হ’ল এক সৰ্বজনীন ভাষা৷ যোগাযোগৰ অনুভূতিতেই এই ভাষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পৰা যায়৷ ই হৈছে এটা হাতে-কামে শিকা বিষয়৷ অৰ্থাৎ গণিতৰ প্ৰশ্নবোৰ যুক্তি-বুদ্ধি আৰু বিশ্লেষণেৰে সমাধান কৰিব পৰা যায়৷ দৈনন্দিন জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে যদিও গণিতৰ ব্যৱহাৰক নুই কৰিব নোৱাৰি তথাপিও সততে দেখা পোৱা এক সমস্যা হৈছে— গৰিষ্ঠ সংখ্যক ছাত্ৰ-ছাত্ৰী বা অভিভাৱকে গণিত বিষয়টোৰ প্ৰতি এক অৱহেলিত ভাৱ প্ৰকাশ কৰে৷ এনে সমস্যা সমাধানৰ বহু উপায় আছে৷ শিক্ষাদান কৰোঁতে গণিতৰ পাঠৰ উদ্দেশ্য, তাকনো ক’ত ব্যৱহাৰ কৰা হ’ব, লগতে পাঠৰ আধাৰ ক’ত কেনেকৈ আৱিষ্কাৰ কৰা হৈছিল আদি কথাবোৰ শিক্ষাৰ্থীক জনোৱাটো অতি প্ৰয়োজনীয়৷ শিক্ষাৰ্থীক গণিত সম্পৰ্কে স্পষ্ট ধাৰণা দিয়াটোৱেই হ’ল শিক্ষকৰ মূল ভূমিকা৷ মুঠতে শিক্ষক আৰু শিক্ষাৰ্থীৰ সমন্বয়তহে গণিতৰ সম্যক জ্ঞান লাভ কৰিব পৰা যায়৷

গতিকে ক’ব পাৰি যে দৈনন্দিন জীৱনত মানৱজাতিৰ আটাইতকৈ প্ৰয়োজনীয় দিশটোৱেই হৈছে বিজ্ঞান আৰু গণিতৰ ব্যৱহাৰ৷ আমি ক’ব নোৱাৰাকৈয়ে জীৱনৰ প্ৰতিটো খোজতে বিজ্ঞান আৰু গণিত ব্যৱহাৰ কৰি আহিছোঁ৷ ইয়াৰ অবিহনে জীৱন ধাৰণ অসম্ভৱ৷■■

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

Apuni direk rasona bur likharu km korar aromva karok ,student bur bhut khukhi hb,,,thnk apunr anuvb bur