মই দ্বৈপায়ন ব্যাসে কৈছোঁ (ড০ মনোজ কুমাৰ ডেকা)

হে’ পৃথিৱীবাসী, মই দ্বৈপায়ন ব্যাস, হস্তিনাপুৰৰ ৰাজমাতা সত্যৱতীৰ বৰপুত্ৰ। মই মহাভাৰতৰ অমৰ কথাৰ স্ৰষ্টা ৰূপে জগত প্ৰসিদ্ধ। মোৰ মন–মগজুৰ পৰাই নিঃসৰিত হৈছিল সেই অমৃতময় কথা যি মানৱ জীৱনৰ বাবে যুগে যুগে দিশ নিৰ্দেশক হৈ থাকিব। এই মহাকাব্যত মানৱ জীৱনৰ, মানৱ সমাজৰ, মানৱ চেতনাৰ সকলোবোৰ দিশকে সামৰি লৈছিলো। মানৱ জীৱনৰ এনেকুৱা কোনো বিষয় বস্তু নাই, যাৰ চৰ্চ্চা আৰু বিশ্লেষণ মহাভাৰতত কৰা হোৱা নাই। সকলো চৰিত্ৰৰ সকলোবোৰ দিশকে মই নিৰ্মোহ ভাৱে দাঙি ধৰাৰ প্ৰয়াস কৰিছিলোঁ। মোৰ বিচাৰধাৰা আছিল সম্পূৰ্ণ নিৰপেক্ষ। মই নিজেও বহুবাৰ এই ঘটনাক্ৰমত প্ৰত্যক্ষ ভূমিকাত অৱতীৰ্ণ হৈছিলো। অৱশ্য সেই সময়ত জনা নাছিলো যে এই যুগৰ ঘটনাক্ৰমৰ লিপিবদ্ধতাৰ কাম মোৰ হাতেৰে হ’ব।
তথাপি কেতিয়াবা প্ৰশ্ন উঠিব পাৰে যে মই কিবা কথাত, কোনোবা চৰিত্ৰৰ লগত পক্ষপাতিত্ব কৰিছিলোঁ নেকি! দুৰ্য্যোধনক বহু বেয়াকৈ আৰু যুধিষ্ঠিৰক অধিক উজ্জলতৰ কৰি ৰিজাইছিলোঁ নেকি বাৰু?—-নাই, নাই, হে’ পৃথিৱীবাসী, হে’ মানৱ সমাজ, মই আৰু মোৰ কাম পক্ষপাতিত্বৰ উৰ্ধত। সকলোবোৰ চৰিত্ৰৰে ভাল-বেয়া সকলো সামৰি এই মহাকাব্য, এই মহাগাঁথা ৰচনা কৰা হৈছিল একমাত্ৰ ভৱিষ্যতৰ মানৱ সমাজৰ দিশ–নিৰ্দেশক কৰি।

এজন মানুহৰ জীৱন দৰ্শন নিৰ্ভৰ কৰে মানুহজনৰ নিজৰ চিন্তাৰ ওপৰত। মানুহৰ নিজৰ চিন্তাই গঢ় দিয়ে তেওঁৰ জীৱন। জীৱনৰ প্ৰত্যকতো সৰু-বৰ কাম মানুহজনৰ নিজৰ চিন্তাৰ প্ৰতিফলন মাথোন। মানুহ এজনে যেনেকৈ চিন্তা কৰে, ঠিক তেনেকৈ তেওঁ বাহ্যিক কৰ্ম-কাণ্ড সংঘটিত কৰে, আৰু এই কৰ্ম-কাণ্ডই হৈ পৰে তেওঁৰ পৰিচয়। মহাভাৰত যুগৰ প্ৰতিটো চৰিত্ৰকে তেওঁলোকৰ কৰ্ম-কাণ্ডৰ আঁত ধৰি তেওঁলোকৰ চিন্তাৰ পটভূমিত মই বিচৰণ কৰিছিলোঁ, আৰু অংকিত কৰিছিলোঁ তেওঁলোকৰ অৱয়ব, যি অৱয়ৱৰে তেওঁলোক জীয়াই থাকিব ভৱিষ্যতৰ মানৱ জাতিৰ প্ৰতিটো প্ৰজন্মৰ মাজত, তেতিয়ালৈকে যেতিয়ালৈকে জীয়াই থাকিব মানৱ ইতিহাস, বিশ্ব–ব্ৰহ্মাণ্ডৰ ইতিহাস। ঘটনা বহুলতাত তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট হেৰাই যাব বুলি মই আজি চমুকৈ বৰ্ণাই যাম মহাভাৰত মহাগাঁথাৰ প্ৰধান চৰিত্ৰবোৰ।
মহামহিম ভীষ্ম যি আছিল কুৰু বংশৰ লাইখুঁটা, হস্তিনাপুৰৰ ৰাজসিংহাসনৰ সৰ্ব্বদা অতন্দ্ৰ জাগ্ৰত প্ৰহৰী, মহান যোদ্ধা, তেওঁৰ কিন্তু প্ৰকৃত নাম আছিল দেৱব্ৰত – গংগা আৰু শান্তনু নন্দন দেৱব্ৰত। সময়ৰ পাতত তেওঁ জীয়াই থাকিব প্ৰতিজ্ঞা পালনৰ কঠোৰ সংকল্পৰ বাস্তৱ প্ৰতিমূৰ্তি হৈ। প্ৰতিজ্ঞাৰ আনটো নামে হৈ পৰিব ভীষ্ম।
বিদ্বান বিদুৰ, মানৱ ইতিহাসৰ আটাইতকৈ সম্পূৰ্ণ আৰু পৰিপক্ক নিদৰ্শন – যাৰ মন আৰু মগজুৰ সামঞ্জস্যতা এই বিশ্ব–ব্ৰহ্মাণ্ডত আৰু কাৰোৱেই সৈতে তুলনা নহ’ব। অন্তৰৰ সত্যতা উপলব্ধি আৰু সেই উপলব্ধিৰ তাৎক্ষণিক কাৰ্য্য সম্পাদনৰ কুশলতাত যি হৈ থাকিব এই পৃথিৱীত অদ্বিতীয়, বিদুৰৰ নীতি জ্ঞান মানৱ জাতিৰ ভৱিষ্যতৰ প্ৰতিটো প্ৰজন্মৰ বাবে হৈ পৰিব পাথেয়। মহাৰাজ ধৃতৰাষ্ট্ৰ নেত্ৰহীনতাৰ এনে এক উদাহৰণ যাৰ কেৱল নিজৰ চাক্ষুষ দৃষ্টিয়ে নাছিল এনে নহয়, যাৰ মন-মগজুৰো দৃষ্টি নাছিল-উচিত চিন্তা কৰি উচিত নিৰ্ণয় ল’বলৈ, দৃষ্টি নাছিল ইচ্ছা শক্তিৰ-উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ। এজন ব্যক্তিৰ চাক্ষুষ দৃষ্টি শক্তি নাথাকিলেই সম্পূৰ্ণ অন্ধ নহয়,সম্পূৰ্ণ অন্ধ হয় তেতিয়া যেতিয়া চকুৰ লগতে মনৰো দৃষ্টি শক্তি লোপ পায়। মনৰ অক্ষমতা আৰু অন্ধত্ব প্ৰসংগত যুগে যুগে মানৱ সমাজে ধৃতৰাষ্ট্ৰৰ নাম ব্যৱহাৰ কৰিব। অন্ধ পুত্ৰমোহৰ এক কু-খ্যাত উদাহৰণ আৰু, শাসকৰ দুৰ্ব্বল আৰু স্থিতিস্থাপকতাৰ জ্বলন্ত উদাহৰণ হৈ পৰিব মহাৰাজ ধৃতৰাষ্ট্ৰ।
মহাৰাণী গান্ধাৰী – স্বামী ভক্তিৰ গৰিমা যাৰ তুলনাবিহীন, পতিব্ৰতা ধৰ্ম যাৰ ধ্বজা, কিন্তু পুত্ৰমোহে যাক কোনো ঘটনাৰ উচিত পৰ্য্যালোচনা কৰাত বিঘিনি দিছিল। নিজ পুত্ৰৰ মৃত্যুৰ বাবে স্বয়ং ভগৱান শ্ৰীকৃষ্ণকো দোষী সাব্যস্ত কৰিব বিচৰা গান্ধাৰীৰ চৰিত্ৰৰ অন্ধ পুত্ৰমোহ সেয়ে সদায় সন্দেহৰ আৱৰ্তত থাকিব।
দেৱী কুন্তীৰ প্ৰতি মানৱ সমাজে কি ধাৰণা লয় তাক মই ক’বলৈ অপাৰগ। মোৰ সামৰ্থ্যৰ বাহিৰত এই কথা। কিন্তু এটা কথা ক’ব পাৰিম যে, কুন্তীৰ নাম মানৱ ইতিহাসৰ প্ৰতিটো প্ৰজন্মৰ মাতৃ-সংকটৰ লগত জড়িত হৈ থাকিব। মাতৃ জাতিৰ ধৰ্ম-সংকটৰ সময়ত কুন্তী হৈ পৰিব সাহসৰ প্ৰতিভূ আৰু যন্ত্ৰণাৰ সমভাগী। দেৱী কুন্তীৰ কৰ্ণক ত্যাগৰ সিদ্ধান্ত কেতিয়াও তৰ্কৰ উৰ্ধত নাযাব – কিছু যুক্তি থাকিব তেওঁৰ সপক্ষে আৰু কিছু যুক্তি থাকিব তেওঁৰ বিপক্ষে।
যুধিষ্ঠিৰ –স্বয়ং ধৰ্মৰ অৱতাৰ বুলি জগত প্ৰসিদ্ধ হ’ব। ন্যায় পৰায়ণতা আৰু ক্ষমাৰ যেন আন এটি নাম যুধিষ্ঠিৰ। সত্যৰ বাহক যুধিষ্ঠিৰৰ জুৱাখেলৰ নিচাই জগতক সোঁৱৰাই থাকিব জুৱাখেলৰ ভয়াবহতা।
যি মানুহে নিজৰ হৃদয়ৰ বাণী শুনে তেওঁক পৱিত্ৰ হৃদয়ৰ গৰাকী বুলি কোৱা হয়। পৱিত্ৰ হৃদয়ৰ গৰাকীৰ উৎকৃষ্ট উদাহৰণ হৈ থাকিব মহাবলী ভীম –অন্তৰৰ শুদ্ধতা যাৰ চৰিত্ৰৰ অলংকৰণ। নাৰী নিৰ্য্যাতনৰ ভয়ংকৰ প্ৰতিবাদকাৰী এই মহাবলশালী বীৰ যোদ্ধাৰ জয়-জয়কাৰ আকাশলংঘী হ’ব।
নিজৰ কঠোৰ সংকল্প অবিহনে ইস্পিত বস্তু লাভ সম্ভৱ নহয়। কঠোৰ সংকল্প আনিবৰ বাবে সমুখত লাগিব লক্ষ্য,সৰ্ব্বোত্তম হোৱাৰ উচ্চাকাংক্ষা। সেই উচ্চাকাংক্ষা পূৰণৰ বাবে কৰিব লগা কঠোৰ অনুশীলনত ব্ৰতী হোৱাটোৱে তেতিয়া হৈ পৰে মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য। গাণ্ডীৱধাৰী অৰ্জ্জুন -কঠোৰ সংকল্প,সৰ্ব্বোত্তম হোৱাৰ উচ্চাকাংক্ষা, লক্ষ্য ভেদৰ বাবে কৰিব লগা কঠোৰ অনুশীলনৰ নাম।
অৰিহণা সামান্য হলেও তাৰ যোগদানৰ মাহাত্ম্য সোঁৱৰাই থাকিব অশ্বিনীকুমাৰদ্বয় – নকুল আৰু সহাদেৱে।
পত্নী স্বামীৰ বাবে হয় ভাগ্যৰ পৰিসৰ। যেতিয়া এগৰাকী পুৰুষে জীৱনত অপাৰ সফলতা বা অসফলতা লাভ কৰে,তাৰ আঁৰত এগৰাকী স্ত্ৰীৰ হাত অৱশ্যেই থাকে। পঞ্চ পাণ্ডৱ বান্ধ খাই আছিল একে ডাল সূতাৰে আৰু এই সূতা ডালে আছিল তেওঁলোকৰ পত্নী দ্ৰৌপদী। পাঁচজন পুৰুষৰ লগত বিবাহ বান্ধোনত বান্ধ খোৱাৰ পিছতো দ্ৰৌপদী সতীৰ শাৰীত থাকিব একমাত্ৰ তেওঁৰ ব্যক্তিত্ব, ত্যাগ আৰু পতিৰ দুখৰ দিনত আগবঢ়োৱা সহযোগিতাৰ বাবে। যদি কুৰুকুল এটা জীৱ হয়, পাণ্ডৱ আৰু কৌৰৱ হ’ব জীৱটোৰ হাত আৰু ভৰি, আৰু এই জীৱটোৰ প্ৰাণ শক্তিৰ নামেই হৈছে দ্ৰৌপদী। দ্ৰৌপদীৰ হাতৰ ৰেখাতে অংকিত আছিল সেই সময়ৰ ভাৰতবৰ্ষৰ ভাগ্য। ভৱিষ্যতলৈ পৃথিৱীৰ প্ৰত্যেক পুৰুষে দ্ৰৌপদীৰ দৰে পত্নী বিচাৰিব আৰু প্ৰত্যেক নাৰীয়ে দ্ৰৌপদীক কৰিব ঈৰ্ষা।
দুৰ্যোধনে – ভাৰতবৰ্ষৰ এনে এক খলনায়ক যাৰ নাম শুনিলেও মানুহ কঁপি উঠিব। এওঁ এনেকুৱা খলনায়ক যাৰ হাতত সংঘটিত হৈছিল মানৱ ইতিহাসৰ আটাইবিলাক কু–কৰ্ম, যাৰ পৰিসীমাৰ ভিতৰত গুপ্তহত্যা, নাৰী নিৰ্য্যাতনৰ দৰে জঘন্য অপৰাধো আছিল। কিন্তু, এই দুৰাচাৰী দূৰ্য্যোধনেও নিজে ভালপোৱা আৰু তেওঁক ভালপোৱা বুলি ভৱা মানুহক কেতিয়াও ত্যাগ কৰা নাছিল। বন্ধুত্ব আৰু বন্ধুত্ব বিশ্বাসক আজীৱন লালন কৰাৰ এক মহৎ গুণ এই কালখ্যাত খলনায়ক জনৰ আছিল। এজন মানুহ যে কেতিয়াও সম্পূৰ্ণ অৰ্থত বেয়া নহয়, আৰু বেয়াৰ মাজতো যে ভালৰ অংকুৰ নিহিত হৈ থাকে তাৰেই পাঠ পঢ়াব এই চৰিত্ৰই। দূৰ্য্যোধন চৰিত্ৰৰ লগত আত্ম অহংকাৰ সদায়ে পৰিপূৰক হৈ থাকিব।
দুঃশাসন সদায়ে অধৰ্মৰ ছায়া হিচাপে বিবেচিত হ’ব। নিজস্ব চিন্তাৰহিত এই চৰিত্ৰটো ঘৃণিত হৈ ৰ’ব চিৰকাল। হীনমন্যতাত আক্ৰান্ত ব্যক্তিয়ে অকণমান খ্যাতি, অইনৰ অকণমান দৃষ্টি লাভ কৰিবলৈ যে যি কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে, তাৰে উদাহৰণ হৈ থাকিব দুঃশাসন। সূৰ্য্য পুত্ৰ কৰ্ণক সময়ে মনত ৰাখিব পৰাক্ৰমী বীৰ, দানবীৰ,সৰ্ব্বশ্ৰেষ্ঠ মিত্ৰ ৰূপত। উচ্চ বংশত জন্ম নোলোৱাকৈয়ে জীৱনত উচ্চ কাম কৰিব বিচৰা মানুহৰ লাখুটি হৈ থাকিব কৰ্ণৰ নাম। ভাগ্য বিড়ম্বনাৰ এক বেদনা দায়ক অথচ অৱদমনীয় চৰিত্ৰৰ নাম কৰ্ণ, পৰাক্ৰমী হৈও ভাগ্যৰ হাতোৰাত ধৰাশায়ী হোৱাৰ নাম কৰ্ণ, সকলো থাকিও শূন্যতাৰ প্ৰতিমূৰ্তি কৰ্ণ।
এনেদৰে অংকিত হৈছিল মহাভাৰতৰ মুখ্য চৰিত্ৰবোৰ। চৰিত্ৰবোৰ অংকিত হৈছিল তেওঁলোকৰ জীৱনৰ কাৰ্য্যক্ৰমণিকাৰ ওপৰত ভিত্তি কৰি, পক্ষপাতিত্বৰ সন্দেহ তেনেই অমূলক।
কিন্তু কি দৰে মই প্ৰেৰিত হৈছিলো এই মহাকাব্য ৰচনা কৰিবলৈ। —–এদিন মই ধ্যানস্থ হৈ থকাৰ সময়ত প্ৰচণ্ড ধুমুহাৰ আগজাননী লৈ নামি আহিছিল শিলা-বৃষ্টি। সেই শিলা-বৃষ্টিৰ মাজতো মুকলি আকাশৰ তলত ধ্যানত অটল হৈ থকাৰ সময়ত ক’ৰ পৰা জানো পাঁচ-সাত বছৰীয়া শিশু এটি আহি মোৰ ওচৰতে খেলিব ধৰিছিল। মই শিশুটিক নিৰাপদ আশ্ৰয়লৈ বুলি ঢাপলি মেলিবলৈ কৈ পুনৰ ধ্যানত আত্মমগন হ’বলৈ চেষ্টা কৰিছিলোঁ যদিও শিশুটিৰ হাঁহি-খিকিন্দালিয়ে ধ্যানত ব্যাঘাত জন্মোৱাত, অলপ কঠোৰতাৰে তাক খেল বাৰণ কৰি নিৰাপদ আশ্ৰয়ৰ কথা দোহাই দিয়াত, মোৰ নিৰাপত্তাক লৈ প্ৰশ্ন তুলিছিল শিশুটোৱে , “—-মই বৰষুণত খেলিলে যদি বিপদ হয়,তেন্তে সেই বিপদ আপোনাৰো হ’ব পাৰে—–গতিকে দয়া কৰি আপুনি আপোনাৰ কাম কৰক আৰু মোক মোৰ কাম কৰিব দিয়ক—–“
শিশুটিয়ে তাৰ সামান্য খেলক মোৰ ধ্যানৰ লগত ৰিজাব খোজাৰ কথাটিতে মই বিচাৰি পালো মোৰ জীৱনৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্যৰ সম্ভেদ। এৰা, খেল আৰু ধ্যান, অৰ্থাৎ সৰু আৰু ডাঙৰ, সকলোবোৰ কামে আপাত দৃষ্টিত সমপৰ্য্যায়ৰ হৈ পৰে, নিৰৰ্থক হৈ পৰে সামাজিক প্ৰেক্ষাপটত যেতিয়া তাৰ পৰা সমগ্ৰ মানৱ জাতিৰ কোনো উৎকৰ্ষ সাধন নহয়। ব্যক্তিগত লাভালাভৰ বাবে কৰা কৰ্মৰ মূল্য সঁচা অৰ্থত শূন্য, লাগিলে সেয়া বহু বিপদ-বিঘিনিৰ মাজেৰেই সম্পন্ন কৰা নহওক কিয়! মানৱ জীৱনৰ উদ্দেশ্য হোৱা উচিত প্ৰাণীৰ সেৱা, জীৱ জগতৰ সেৱা আৰু সেই সেৱাই হৈছে পৰম ধৰ্ম। —–মই সামৰি থৈছিলোঁ ব্যক্তিগত ধ্যান আৰু ধ্যানস্থ হৈছিলো মানৱ জাতিৰ উৎকৰ্ষ সাধন হ’ব পৰা, সৰ্বতো প্ৰকাৰে মংগল হ’ব পৰা সৃষ্টিশীল কাৰ্য্যত, আৰু সৃষ্টি হৈছিল যুগে যুগে মানৱ জাতিৰ দিশ নিৰ্দেশক মহাভাৰত মহাকাব্য। আৰু এই মহাগাথাঁই মোক দ্বৈপায়ন ব্যাসক ধৰাত অমৰ কৰি ৰাখিলে চিৰদিন চিৰকালৰ বাবে।
শেষত, মোৰ ওপৰত উঠিব পৰা শেষ প্ৰশ্নটোৰ উত্তৰো মই দিওঁ। হে’ পৃথিৱীবাসী আপোনালোকৰ মনত উদয় হ’ব পাৰে যে কিয় মই অকল কুৰু বংশৰ কথাকে উদাহৰণ হিচাপে ল’লো মানৱ জাতিৰ দিশ নিৰ্দেশনা কৰা দৰ্শন বুজাবলৈ। উত্তৰত কওঁ যে তাৰ কাৰণ দুটা—প্ৰথম কাৰণ হৈছে যে স্বয়ং ভগৱান বিষ্ণুৰ পূৰ্ণ মানৱ অৱতাৰ শ্ৰীকৃষ্ণই মহাভাৰত যুগত আৱিৰ্ভাব হৈছিল আৰু কুৰু বংশকে মাধ্যম হিচাপে লৈছিল অধৰ্মক নাশি ধৰ্ম সংস্থানৰ বাৰ্তা বিলাবলৈ। আনহাতে, মানুহৰ প্ৰত্যকটো প্ৰবৃত্তি, প্ৰত্যকটো চিন্তা,প্ৰত্যকটো আকাংশা, প্ৰত্যকটো দৃষ্টিভংগীৰ ডাঙৰ সমাগম কুৰু বংশতকৈ আৰু ক’তো নাছিল, নাই আৰু নহ’ব। আৰু এইটো আছিল দ্বিতীয় কাৰণ।
হে’ মানৱ জাতি, যেতিয়াই আপোনালোক সমস্যাৰে ভাৰাক্ৰান্ত হ’ব, সংসাৰৰ চাকনৈয়াত দিশহাৰা হ’ব, ধৰ্ম-সংকটে বাট আগুচিব, আশাহত হ’ব তেতিয়াই আপোনালোকে উলিয়াই ল’ব মহাভাৰত – সকলো কথাৰ উত্তৰ পাই যাব।

ওঁমঃ শান্তি!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments