দোমোজা (বৃতুল শৰ্মা)

জেঠমহীয়া গৰমত দুপৰীয়াৰ ভাতসাঁজ খাই খিৰিকিৰ কাষৰ বিচনাখনত দীঘল দি বাল্মীকিয়ে বাহিৰলৈ চাইছে। হাতত ফলা লেফাফা এটা আৰু এখন চিঠি। ঠিক “হাতত” বুলি কলে ভুল হব। হাতখন চিঠিখনত লাগিহে আছে। চিঠিখন কিন্তু নিশ্চিন্তমনে শুই আছে বাল্মীকিৰ বুকুৰ ওপৰত। তাৰ মনত পৰিল, দ্বিতীয় নে তৃতীয়মান শ্ৰেণীত ভূগোল নে সাধাৰণজ্ঞান কোনোবা এটা বিষয়ৰ খুব সতকাই প্ৰশ্নকাকতত দেখা পোৱা এক নম্বৰৰ প্ৰশ্ন, –

এটা শব্দত উত্তৰ দিয়া – দিনটোৰ ভিতৰত বতৰ সালসলনি হব পাৰে নে(পাৰে/নোৱাৰে) ?

বাল্মীকিয়ে প্ৰশ্নটো খুব সহজ পাইছিল কিয়নো ইয়াৰ উত্তৰ দিবলৈ কোনো পুথিগত জ্ঞানৰ প্ৰয়োজন নাই। অলপ ভাবি চাই খুব নিশ্চিতভাবেই উত্তৰবহীত লিখিছিল – ৩ নং প্ৰশ্নৰ উত্তৰ:- পাৰে।

উত্তৰটোত সি খুবেই আত্মবিশ্বাসী। কেলেইনো নোৱাৰিব। কেতিয়াবা দেখোন পুৱাৰ ৰ’দ দেখি চোতালত মেলি দিয়া ধান বৰষুণৰ ভয়ত আয়ে দুপৰীয়াতে চলাব লগা হয়। গতিকে নিশ্চয় পাৰে। তৃতীয় মান শ্ৰেণীত এইটো প্ৰশ্নৰ একেবাৰে সংক্ষিপ্ত উত্তৰ দিছিল, কিন্তু আজি সেই একেটা প্ৰশ্ন কোনোবাই তাক সোধা হলে অকল যে বতৰেই নহয় আন বহু বস্তু দিনটোৰ ভিতৰতে সলনি হ’ব পাৰে সেই কথা ভালদৰে বুজাই দিলেহেতেন। আজি সি নতুনকৈ আবিষ্কাৰ কৰিলে, অকল বতৰেই নহয় মানুহৰ ভাগ্যও দিনটোৰ ভিতৰতে সলনি হ’ব পাৰে। দিনটোৰ ভিতৰতে ভাগ্য সলনি হোৱা মানে লটাৰিত লাখ টকা পুৰস্কাৰ পাই বা “কৌন বনেগা ক্ৰোৰপতি”ত কৌটি টকা জিকি ভাগ্য সলনি হোৱাৰ কথা সি ভবা নাই। দৈনন্দিন জীৱনৰ সাধাৰণ(বা অসাধাৰণ!) ঘটনাক্ৰমৰ মাজেদি ভাগ্য সলনি হোৱাৰ কথাহে ভাবিছে।ঘৰত কথাটো কোৱা নাই। ঘৰ আহি সোমাওঁতে মাক দেউতাকে সুধিছিল, কামটো হ’লনে নাই। সি অলপ সময় লাগিব বুলি ক’লে আৰু কিবা কিবি ইফাল সিফালৰ কথা কৈ লগতে খুব ভাগৰ লগা যেন দেখুৱাই কথাটো পাতলালে। মাক দেউতাকহাল হোজা। দেউতাক মেট্ৰিক পাচ। মাকৰ শিক্ষা নাই বুলিলেই হয়। বাল্মীকিৰ দেউতাক ওচৰৰ হাইস্কুল এখনত পিয়নৰ কাম কৰে। অৱসৰ হবলৈ বেছি দিন নাই। স্কুলখন ওচৰতে বাবে দুপৰীয়া ভাত খাবলৈ ঘৰলৈয়ে আহে। আকৌ যায়গৈ। তেওঁলোকে বেছি জটিল কথা বুজি নাপায়। পুতেকৰ কথাবোৰ সিমান বুজি নাপালেও কিবা এটা বুজা যেনে দেখুৱালে; জানোচা বেছিকৈ সুধি থাকিলে খঙেই উঠে। মাকৰ পিছে কথাবোৰ অলপ খুচৰি সুধিবলৈ মন আছিল। কিন্তু পুতেকৰ ক্লান্ত মুখাৱয়ৱ আৰু ভাতলৈ ৰৈ থকা গিৰিয়েকৰ কথা ভাবি কথাবোৰ গধূলিয়ে পতা ভাল হব বুলি মনতে সাঁচি থলে।

তেনেতে দেউতাকে বাল্মীকিক উদ্দেশ্যি কলে, “মানুহ এজনে তোলৈ বুলি এখন চিঠি দি থৈ গৈছে যোৱা কালি। টিভিটোৰ ওপৰতে আছে। আমি খোলা নাই।”ভাত খাই উঠি বাল্মীকিয়ে দৌৰাদোৰীকৈ নিজৰ ৰুমত সোমাই বিচনাত দীঘল দি পৰি চিঠিখন পঢ়াত লাগিল। চিঠিখন নহয়; জানোচা মাক দেউতাকে আৰু কিবা সোধে সেই ভয়টোহে দৌৰাদোৰীৰ কাৰণ। যি কি নহওক চিঠিখন সি পঢ়িলে আৰু পঢ়াৰ শেষত এতিয়া তৃতীয় মান শ্ৰেণীৰ সেই প্ৰশ্নটোৱে তাৰ মনত বাৰে বাৰে দোলা দি আছে।পৰহি ৰাতিৰ উদ্বিগ্ন অৱস্থাটোও মনত পৰিল। কিছুমান কাম কৰি উঠাৰ পিছত “কিয় কৰিলো” বুলি ভাবি লাভ নাই। ভাল কৰিলো নে বেয়া কৰিলো সেইটোও ভাবি লাভ নাই। কৰিলো যেতিয়া কৰিলো। এতিয়া আগলৈ চোৱাহে কথা। এনেকুৱা বেপৰোৱা ভাবেৰেই টোপনি আহিছিল সি। কেতিয়াবা খুব আশাৰে বাট চাই থকা কিছুমান মুহূৰ্ত ওচৰ আহি পালে ভয় লাগে। জানোচা ভবা মতে নহয় তেনেধৰণৰ এটা ভয়ে মনত বাহ সাজে। তাৰ সলনি সেই মুহূৰ্তটো অলপ দূৰত থাকোতে মনত বাহ সাজি থকা আশাখিনিয়ে বেছি ভাল যেন লাগে। বাল্মীকিৰো পৰহি ৰাতি তেনেকুৱাই অৱস্থা আছিল। যোৱাকালি পুৱা এলাৰ্ম বাজোতেও উঠিবলৈ মন যোৱা নাছিল। এলাহৰ বাবে নহয়, টোপনি শেষ নোহোৱা বাবেও নহয়। কাৰণটো ঠিক বুজাব নোৱাৰা ধৰণৰ। যোৱা দুদিনমানৰ পৰা যিটো আশাৰে মনটো ভাললগাই জীয়াই আছিল, তেনেদৰেই থাকিব বিছাৰে সি। যি কি নহওক শোৱাপাতি এৰি গা পা ধুই গোসাঁইঘৰত ভালদৰে সেৱা এটা জনালে। দিনটো যেন সুকলমে পাৰ হয়, কামবোৰ যেন ভবামতে হয় তাৰেই প্ৰাৰ্থনা। পইতা ভাত, নিমখ-তেল আৰু আলু পিটিকাৰে পেটটো ভৰাই দিনটোৰ বাবে ওলাল বাল্মিকী। যথাসময়ত বাল্মীকি হাজোৰ পৰা বাচেৰে আহি জালুকবাৰীত নামিলেহি। তাৰপৰা চিটিবাচেৰে আকৌ চান্দমাৰী অভিমূখে ৰাওনা হ’বলৈ বাচ ৰখা ঠাইত থিয় হৈ আছে। “আদাবাৰী জলুকবাৰী কাচাৰী চান্দমাৰী ফৰেষ্টগেট … আহক দাদা আহক খালীগাড়ী খালীগাড়ী … ঐ ৰʼব .. আষ্টে .. লেদীজ ..আহক আহক খালীগাড়ী খালীগাড়ী … যাব নেকি ?” সম্মুখত ৰোৱা ৬ নম্বৰী চিটিবাচখনৰ হেণ্ডীমনজনৰ কথাত,  খপজপ্‌কৈ উঠি লৈ খালী চিট এটাত বাল্মীকি বহিল। বাচ চলিবলৈ ধৰিলে। খিৰিকী কাষৰ চিটটোৱে গুৱাহাটী মহানগৰীৰ প্ৰদূষণ আৰু আৱৰ্জনাৰ দুৰ্গন্ধ মিশ্ৰিত মলয়াৰ সহায়ত কপালৰ ঘামক কিছুসময়ৰ বাবে প্ৰতিহত কৰিলে। এই সাময়িক বিজয় উপভোগ কৰি বাল্মীকি কিছুসময় বাহিৰৰ ফালে চাই থাকিল। এনেতে সি অনুভৱ কৰিলে বাচখনত যেন মানুহৰ ভিৰ অলপ বাঢ়িছে। কিন্তু ক’তা ? আদাবাৰী পোৱাই নাই। আৰু সি উঠাৰ পিছত বাচখন ক’তো ৰখোৱাও নাই। তেনেহ’লে নতুনকৈ মানুহ ক’ৰ পৰা আৱিৰ্ভাৱ হ’ল ? এনে বিৰক্তিমিশ্ৰিত ভাৱেৰে অৱস্থাৰ বুজ ল’বলৈ বুলি মূৰ ঘুৰাওতেই দেখিলে তাৰ চিটৰ ওচৰত অলপ ভিৰ। পিচে বাচৰ মজিয়াৰ আন অংশত মানুহ নাই বুলিলেই হয়। তাৰ অলপ হাঁহি উঠিল। মানুহবোৰে হয়তো ভাবিছে সি আগন্তুক ষ্ট’পেজতেই নামিব আৰু নমাৰ লগে লগেই তাৰ চিটটো হস্তগত কৰিবলৈ তেওঁলোক সাজু। কিন্তু তেওলোকে কিহৰ ভিত্তিত ভাবি ল’লে যে সি ওচৰৰ ষ্ট’পেজতেই নামিব ? প্ৰশ্নবোধক চাৱনিৰে সি ওচৰৰ মাইকী মানুহ এজনীলৈ চালে। উৱা … এয়া কি ? মানুহজনীয়েও দেখোন ইতিমধ্যে তাৰফালেই চাই আছে। সি চুচুক চামাক্‌কৈ বেলেগফালে মূৰ ঘুৰালে। বেলেগফালে মূৰ ঘুৰালেও সি অনুভৱ কৰি থাকিল যেন মানুহজনীয়ে এতিয়াও তাৰ ফালেই আই আছে। আস্‌.. কি যে অস্বস্তি। কোনো নাৰীৰ নিষ্পলক দৃষ্টিও ইমান অস্বস্তিকৰ হʼব পাৰে বুলি সি কেতিয়াও ভবা নাছিল। এবাৰ চাই দিও নেকি ? নাই ঠিক নহব। নহয়, চাই দিয়োৱেই। আৰু তাই বেলেগফালে মুখ নুঘুৰুৱালৈকে মইও চাই থাকিম তাইৰ ফালে। তেতিয়াও যদি চাইয়েই থাকে ?? নাই নাচায়। মাইকী মানুহ। লাজ বুলি কথা এটা আছে। কিমাননো আৰু চাই থাকিব। এনেদৰে কি কৰো কি নকৰো ভাৱত বাল্মীকি বিবুদ্ধি হোৱাৰ উপক্ৰম হৈছে। হাজাৰ হʼলেও, তাৰ পুৰুষত্বৰ প্ৰশ্ন …। বহুসময় ভাবি গুণি তাকেই কৰিবলৈ থিৰাং কৰিলে, … মানে সিও মাইকী মানুহজনীৰ ফালে চাব আৰু তেখেতে বেলেগফালে মুখ নুঘুৰোৱালৈকে চাইয়েই থাকিব। মূৰ ঘুৰাই চাও বুলোতেই বাচৰ খিৰিকীখনত ৰঙা ৰঙেৰে লিখা কেইটামান আখৰ তাৰ চকুত পৰিল। ৰঙা আখৰকেইটাৰ মাজেৰে অহা ৰʼদে বাল্মীকিৰ মুখমণ্ডল ৰাঙলী কৰি পেলাইছে। খিৰিকীখনত স্পষ্টভাৱে গোট গোট আখৰেৰে লিখা আছে – “মহিলা(LADIES)”। বাল্মীকিৰ বুজিবলৈ বাকি নাথাকিল। তাৰ চিটৰ ওচৰত মাইকী মানুহকেইজনী কিয় গোট খাইছে আৰু সেই মানুহজনীয়ে তাৰফালে কিয় চাই আছিল ইত্যাদি বহুতো সাথৰৰ উত্তৰ বিচাৰি পালে। পিচে এতিয়াও সি চিট এৰি দিব বুলি তেওলোকে আশাৰে বাট চাই আছে।

বাল্মীকি অলপ বিবুদ্ধিত পৰিল। এৰি দিও নে নিদিও ? মই চিতটো এৰি দিয়াটোৱেই উচিত। সেইবুলি বাল্মীকি উঠি দিলে আৰু ইমানপৰে  তাৰফালে চাই থকা মাইকী মানুহজনীলৈ চাই মিচিকীয়া সেমেকা হাঁহিৰে কʼলে, “আপুনিয়ে বহক”। মানুহজনীয়ে ভাবলেশবিহীন ভাৱে ধমহকৈ বহি দিলে আৰু বাহিৰলৈ ছোৱাত লাগিল। বাল্মীকিয়ে এটা “ধন্যবাদ” আশা কৰিছিল। “ধন্যবাদ” নʼহলেও অন্ততঃ এটা সৌজন্যৰক্ষী হাঁহিৰ সম্মুখীন হʼবলৈ সি সাজুৱেই আছিল। কিন্তু তাক আচৰিত কৰি কোনো ধৰণৰ প্ৰত্যুত্তৰ নিদিয়াকৈ মনুহজনী চিটটো অধিকাৰ কৰি বহি পৰিল। আচৰ্য্যজনক আৰু উপেক্ষাপূৰ্ণ পৰিস্থিতিটোৰ সি লগত ক্ষণিকতে সন্ধি কৰি লʼলে।

 

মনটো শান্ত কৰিবলৈ চেষ্টা কৰিও সি সিমান এটা সফল হʼব পৰা নাই। বাৰে বাৰে মনটো অশান্ত হৈ উঠে। পৰীক্ষাৰ আগে আগে লʼৰা ছোৱালীবিলাকৰ যি অৱস্থা হয় ঠিক তেনেকুৱাই। পেটৰ ভিতৰত অসংখ্য পখিলা কিলবিলাই থকা যেন এটা অনুভৱ। ইতিমধ্যে বাচখন বামুনীমৈদাম ষ্টপেজত ৰʼলহি।

সি ঘঢ়িটোলৈ চালে। দহ বাজিছে। চৰকাৰী অফিচত মানুহবোৰ সময়মতে আহে জানো ? অলপ সময় ফুটপাথতে অতিবাহিত কৰি সি চেবা অফিচৰ ফালে অগ্ৰসৰ হʼল। “চেবা” অৰ্থাৎ SEBA মানে Secondary Education Board of Assam, .. মাধ্যমিক শিক্ষা পৰিষদ। তাতেই আজি তাৰ ভাগ্য উদয় হোৱা কথা। এখোজ দুখোজকৈ সি চেবা অফিচ পালেহি। ঘঢ়িটোৱে চাৰে দহটা বজাৰ ইংগিত দিছে। অফিচৰ কৰ্মচাৰীৰ সংখ্যা অনাকাংক্ষিত ভাৱে বেছি। যেন সকলোৱে বাল্মীকিৰ ভাগ্য উদয়ৰ সুখানুভুতিৰ অংশীদাৰ হʼবলৈহে আজি অন্যদিনাতকৈ সোনকালে অফিচলৈ আহিছে। অফিচ বিল্ডিংটো তিনিমহলীয়া মান হʼব লাগে। বিভিন্ন ঠাইত পুৱাৰ চাফ চিকুন ঝাৰু দিয়া ইত্যাদি কাম চলি আছে। কৰ্মচাৰীৰ সৰবৰাহ অব্যাহত। কৰ্মচাৰীৰ লগতে অনা-কৰ্মচাৰী যেন দেখা মানুহৰ সংখ্যাও কম নহয়। কেইজনমানে আকৌ অফিচ আহি পাইয়েই গেটৰ সম্মুখৰ পান দোকান খনত আড্ডা আৰম্ভ কৰিছে। মানুহবোৰৰ নো ইমান কি কথা থাকে যে পাতি থাকিলেও শেষেই নহয়।

দুজনমানে পান তামোল চোবাই নিজৰ কথাৰ মহলা মাৰি অন্যৰ ফালে নোচোৱাকৈ অফিচত পদাৰ্পন কৰিছে। চাণক্য বোলা মানুহজনেও চাগে এনেকৈয়ে অফিচত পদাৰ্পণ কৰিব আৰু বাল্মীকিয়ে পিচফালৰ পৰা মাতিব – “চাৰ”, মানুহজনে ঘুৰি চাই কʼব – “অʼ তুমি। আহা আহা, তোমাৰ কামটো হৈছে। মই আজি তোমাক ফোন কৰিম বুলি ভাবিছিলোৱেই। পিছে মোক একো পাৰ্টি চাৰ্টি নিদিয়া নেকি ? হেঃ হেঃ হেঃ ….” কথাখিনি শুনি বাল্মীকি অলপ লাজ লাজ ভাৱেৰে আৰু অলপ ধন্যবাদমিশ্ৰিত হাহিৰে কʼব – “দিম চাৰ নিশ্চয় দিম। ঘৰলৈ আহিব চাৰ। বেছি দুৰ নহয় চাৰ, মোৰ ঘৰ হাজোত। শৰাইঘাটত ট্রেফিক যাম নালাগিলে এঘন্টাতে পাব। আহিব চাৰ এদিন।” তাৰ কথাখিনি শুনি মানুহজনে কʼব “বাৰু বাৰু নিশ্চয় যাম এতিয়া তোমাৰ কাগজখন লোৱা” এইবুলি মানুহজনে নিজৰ টেবুলৰ দ্ৰয়াৰৰ পৰা এটা লেফাফা উলিয়াই বাল্মীকিৰ ফালে আগবঢ়াই দিব আৰু বাল্মীকিয়ে সেইটো পূজাৰ প্ৰসাদৰ নিছিনাকৈ দুহাতেৰে আলফুলকৈ লʼব  – কথাখিনি ভবাৰ লগে লগে বাল্মীকিয়ে বুকুৰ কোনো এটা অংশত ধপ্‌ধপনি বাঢ়ি যোৱা যেন অনুভৱ কৰিলে। যেন গোটেই গাটো ঝিকাৰ খাই উঠিল।

লাহে লাহে ঘড়ীৰ কাটাই বাৰটা বজাৰ সংকেত দিলে। পিছে চাণক্য মণি বৰগোহাঞিৰ দেখা দেখি নাই। সাংস্কৃতিক সন্ধিয়াত নিশাৰ আকৰ্ষণ বিখ্যাত গায়ক শিল্পী আৰু ডাঙৰ ডাঙৰ অফিচৰ বচ(BOSS) – এই দুইবিধ প্ৰজাতিয়ে সদায় নিৰ্দ্দিষ্ট সময়তকৈ দেৰীকৈ উপস্থিত হয়। বাল্মীকি ধৈৰ্য্য ধৰি ৰৈ আছে। মনৰ কোনোবাখিনিত অলপ অলপ দুচিন্তাই বাহ লবলৈ চেষ্টা চলাই আছে যদিও বাল্মীকিয়ে লাই দিয়া নাই। মনতে এবাৰ ভাবিলে এবাৰ ফোন কৰি চাও নেকি ? নাই নাই ফোন কৰিলে ঠিক নহব। মানুহজনে বেয়া পাব পাৰে। কিন্তু কি কৰো নʼহলে ? হʼল বুলি এনেকৈ বোন্দাপৰ দি ৰৈ থাকিব নোৱাৰি আৰু। ফোন এটা কৰিয়েই চাওঁ বুলি বাল্মীকিয়ে এবাৰ মোবাইটোৰ স্ক্ৰীনত চকু ফুৰালে। হঠাতে আকৌ ৰৈ গʼল। কিয়নো মানুহজনক খং উঠাও পুৱাই পুৱাই ? অলপ ৰৈ অপেক্ষা কৰাতনো ইমান অসুবিধা পাইছোনে মই ? মোবাইলটো আকৌ পকেটাত সোমাই থʼলে।

এইবাৰ হঠাতে অন্য এটা ভাৱে মনত খোপনি পুটিলে, – যদি মানুহজন চুটিত আছে ? কালি ৰাতি এবাৰ ফোনযোগে, আজি আহিম বুলি জনাই থওঁ বুলিয়ো ফোন কৰা নʼহল। বেলেঞ্চ নাছিল। আৰু দেউতাকৰ ফোনৰ পৰা কৰিলে নুঠাব পাৰে unknown number বুলি।

 

কিন্তু এতিয়া কাক সোধো ? সকলোৱে সাংঘাতিক ব্যস্ত দেখোন। তেনেতে গেটৰ ওচৰত একান্তমনে চাধা মাৰি থকা চকিদাৰ এজনলৈ চকু গʼল। এই চকীদাৰবিলাক সাংঘাতিক বস্তু। সিহতে সকলো গম পায়। কাৰ ঘৰত ঘৈণীয়েকৰ লগত কাজিয়া, কাৰ ঘৰত কামকৰা দিদিজনী অহা নাই, কাৰ ঘৰত শহুৰ সাহুৱে অনিৰ্দ্দিষ্ট কাললৈ বাহৰ পাতিছে ইত্যাদি ইত্যাদি নানান গৰম গৰম খবৰ সিহতৰ নখদৰ্পণত। ইয়াৰ তুলনাত চাণক্য চাৰৰ আজি অফিচত উপস্থিতি/অনুপস্থিতি আৰু তাৰ কাৰণ জনাটো নিতান্তই সাধাৰণ কথা।

এই সকলোতকৈ দৰকাৰী কথা হʼল খবৰৰ বিশ্বাসযোগ্যতা। চকীদাৰবোৰে দিয়া খবৰ কেতিয়াও মিছা হʼব নোৱাৰে। বিভিন্ন কাৰণত অফিচে অফিচে ঘুৰি ঘুৰি অন্ততঃ এইখিনি অভিজ্ঞতা বাল্মীকিৰ হৈছে। গতিকে চকীদাজনকেই সোধা যাওক। কিন্তু সি আন এজনৰ লগত কথা পাতি আছে। লগতে চাধা। এনে অৱস্থাত তাক সুধিলে সি সিমান পাত্তা নিদিব পাৰে। তাৰ বিপৰীতে মুদ ভালে থকা সময়ত সুধিলে অকল সংক্ষিপ্ত উত্তৰতেই সমাপ্ত নকৰি সি আন আন বহু কথাই কʼব। চিকাৰৰ বাবে চোপ দি থকা বাঘৰ দৰে বাল্মীকিও অপেক্ষাৰত হৈ ৰʼল।

যথাসময়ত, আনজন মানুহ এৰা দিলে। সুযোগৰ সৎব্যৱহাৰ কৰি বাল্মীকি চকীদাৰ জনৰ ওচৰ চাপিল। চকীদাৰজনে প্ৰথমতে বাল্মীকিৰ ফালে চকু দিয়া নাছিল কিন্তু সম্মুখত আহি থিয় হোৱাৰ লগে লগে অলপ অপ্ৰস্তুত হৈ প্ৰশ্নবোধক দৃষ্টিৰে বাল্মীকিলৈ চালে। বাল্মীকিয়ে সৌজন্যতামূলক হাঁহিৰে সম্ভাষন জনাই সুধিলে, “চাণক্য চাৰ আজি নাহে নেকি” ? চকীদাৰজনে মুখ মেলি হেবাং দৃষ্টিৰে বাল্মীকিৰ ফালে চালে। অলপ ভাবি কʼলে, “মই গম নাপাও, সৌ কʼৰিডʼৰটোত এজন আছে। তেখেতক সোধকগৈ।” ধন্যবাদৰ ভংগীমাৰে মূৰ দুপিয়াই দেখুৱাই দিয়া কʼৰিডʼৰটোৰ ফালে অগ্ৰসৰ হʼল বাল্মীকি।

টামোল আৰু গুট্‌খাৰ পিকেৰে ৰাঙলী হোৱা দুখন বেৰৰ মাজৰ কʼৰিডৰ এটাৰে গৈ আন এজন চকীদাৰৰ ওচৰ পালে বাল্মীকি। এইজনেও চাধা আৰু আড্ডাৰ মাজতে নিজকে ব্যস্ত ৰাখিছে। কিন্তু বাল্মীকিৰ ৰবলৈ সময় নাই। চিধা চিধি চকীদাৰজনৰ সম্মুখত থিয় হʼল আৰু তেও তলকিব পৰাৰ আগতেই সুধিয়েই পেলালে, চাণক্য চাৰ আজি নাহে নেকি ? মানুহজন অলপ অপ্ৰস্তুত হʼল। অলপ দৌৰাদৌৰিকৈ চাধাখিনি মুখত ভৰাই পাতনি মেলাৰ নিচিনাকৈ সুধিলে, অʼ কওঁকচোন, কাক বিচাৰিছে আপুনি ?

বাল্মীকিৰ সংক্ষিপ্ত আৰু ক্ষিপ্ৰ উত্তৰ, চাণক্য চাৰ …. চাণক্য মণি বৰগোহাঞি। আজি নাহে নেকি তেখেত ?

চকীদাৰজনে নিজৰ সমগ্ৰ চিন্তাশক্তি ব্যৱহাৰ কৰি কিবা এটা মনত পেলাবলৈ চেষ্টা কৰা যেন দেখা গʼল। কেইটামান মৌন মুহূৰ্ত্তৰ মূৰত আগৰজনতকৈয়ো বেছি হেবাং চেহেৰাৰে সৈতে মৌনতা ভংগ কৰিলে, আপুনি ঠিক কাক বিচাৰিছে মই ধৰিব পৰা নাই। নামটো আকৌ কওকছোন।

চাণক্য চাৰ … সম্পুৰ্ণ নাম চাণক্য মণি বৰগোহাঞি।

নাই নাই মই এতিয়াও ধৰিব পৰা নাই। আপুনি এটা কাম কৰক। সেই যে গেটৰ আগত সেইজন ইউনিফৰ্ম পিন্ধা মানুহ দেখিছে, তেখেত মোৰ চিনিয়ৰ। তেখেত ইয়াত বহুবচৰৰ পৰা আছে আৰু এইটো অফিচৰ সকলো মানুহকে চিনি পায়। ওপৰৱালাৰ পৰা আৰম্ভ কৰি দ্ৰাইভাৰটোলৈকে। আপুনি তেওকে সোধকগৈ।

ইমানসময়ে বাল্মীকিয়ে ধৈৰ্য্য ধৰি চাই আছিল। কিন্তু এতিয়া আৰু ধৈৰ্য্যৰ সীমা চেৰাই গʼল। খঙত ৰঙা চিঙা পৰি বাল্মীকি ফাটি পৰিল। “হে..ৰি আপোনালোকৰ কিবা দিচিপ্লিন বোলা বস্তু আছেনে নাই হে ? এজনে কয় সেইঅজনক সোধক, সিজনে কয় সৌজনক সোধক … এনেকৈ আৰু কিমান ঘুৰাই থাকে ? মই মাত্ৰ এজন বিশেষ মানুহ অফিচলৈ আহিছেনে নাই সেয়াহে সুধিছিলো। নাজানে যদি নাজানো বুলি কৈ দিয়ক। আৰু যদি জানে কিন্তু কবলৈ মন নাই তেতিয়াও কৈ দিয়ক, যে মই জানো কিন্তু আপোনাক কবলৈ মন নাই, গতিকে নকওঁ। বা অলপ পইচা দিলে কʼম। কৈ দিয়াক কিমান লাগে। বচ্‌ খেল খতম। মই বাৰু আপোনাক ফুটা কড়ি এটাও দিব নোৱাৰো। এনেকুৱা নহয় যে মোৰ আছে কিন্তু দিব খোজা নাই বা মই দুৰ্নীতি বেয়া পাওঁ ইত্যাদি ইত্যাদি। সচা কথাটো হʼল মই দিব খুজিলেও দিব নোৱাৰো। মোৰা হাতত নাইয়েই দিব পৰাকৈ। ঘৰলৈ ঘুৰি যাব পৰাকৈ হাতত অকল লাইন বাচৰ ভাড়াটোহে আছে। তাৰ বাহিৰে আৰু একো নাই।”

কথাখিনি একে উশাহত কৈ লৈ বাল্মীকি ফোপাবলৈ ধৰিলে। চকীদাৰ জনৰ মুখ খন “হা” কৈ মেল খাই থাকিল। ওচৰৰে পাৰ হৈ যোৱা দুজনমান মানুহে ঘুৰি ঘুৰি চালে। দুজনমানে অলপ আতৰৰ পৰা নিৰীক্ষণ কৰি আছিল। কথাখিনি শেষ হোৱাৰ পিচত সিহতে ফিচিং ফাচাংকৈ হাঁহিবলৈ ধৰিলে। আকৌ বাল্মীকিয়ে দেখা পায় বুলি টিপি টাপি হাঁহিটো গিলি থলে।

খুব বিনয়িভাৱে চকীদাৰজনে কʼলে, “মই সঁচাকৈ নাজানো। আপুনি যিজন মানুহৰ কথা কৈছে সেইটো নাম আজি প্ৰথমবাৰ শুনিছো। কিন্তু তেখেতে নিশ্চয় জানিব।” চৰম বিৰক্তিৰে বাল্মীকিয়ে কʼলে “আৰু মই যদি কওঁ তেওৱেই মোক আপোনাক সুধিবলৈ পঠিয়াইছিল, তেতিয়া ?”

এইবাৰ মানুহজনৰ চকু কপালত উঠিল। বʼলক মোৰ লগত। বাল্মীকি সহ সেইজন চকীদাৰ গেটৰ সম্মুখ পালেহি।

“এ, হেৰি নহয়, এখেতে কোনোবা এজনক বিচাৰি আহিছে।” মুখ ঘুৰাই বাল্মীকি আৰু লগত আনজন চকীদাৰক দেখিহে সম্বিত ঘুৰাই পালে চকীদাৰজনে।

“পিছে মই নাজানো কোন হয় সেইজন। আপুনিয়ে কৈ দিয়কছোন।”

কথাখিনি শুনি বয়সস্থ চকীদাৰজনে মাত লগালে, “এৰা মোকও সুধিছিল তেও … পিচে মই মনত পেলাব নোৱাৰি তোলৈ পঠিয়াই দিলো। বুঢ়া হৈছো নহয়। কথাবোৰ মনত নাথাকে। মানুহৰ নামবিলাকৰো একেই অৱস্থা … কাৰোবাৰ মুখখন মনত থাকিলে নামটো পাহৰো .. কাৰোবাৰ নামটো মনত পৰিলে আকৌ মুখখন মনলৈ নাহে …। এখেতেওঁ কোনোবা এজনৰ নাম কৈছিল। পিছে মই অলপ ভাবি মনত নপৰাত তোলৈ পঠিয়াই দিলো। পিছে কাক বিচাৰিছে নো ? লগ পালে নে ?”

নকব আৰু .. নামটো আজি প্ৰথম শুনিছো। …. কি নাম কৈছিল ?

চাণক্য … চাণক্য মণি বৰগোহাঞি।

এইবাৰ দুয়োজনা চকীদাৰবৃন্দ একেলগে ভাবিবলৈ লাগিল। অলপ পৰ ভাবি চিন্তি দুয়ো এই সিদ্ধান্তত উপনীত হʼল যে এই অফিচত চাণক্য মণি বৰগোহাঞি নামৰ কোনো মানুহ নাই। মানুহ নাই মানে অকল যে ওপৰৱালা অফিচাৰখিনিৰ কথাহে কোৱা হʼল সেইটো নহয়। দুয়োজনে এইটো কথা বাল্মীকিক ভালদৰে বুজাই কʼলে যে তেনে নামৰ অফিচাৰ টো দুৰৰেই কথা, চাপ্ৰাচী বা দ্ৰাইভাৰ এজনো নাই এই অফিচত। কথাখিনি কোৱাৰ সময়ত দুয়োজনে খুবেই বিনয়ী হৈ পৰিছিল যাতে বাল্মীকিৰ খং নুঠে।

সিহতৰ কথাখিনি শুনাৰ পিছত বাল্মীকিৰ মনত দুৰু দুৰু হেন্দোলনি বাঢ়িবলৈ ধৰিলে। এফালে চাণক্যৰ লগত হোৱা কথা বতৰা আৰু আজিৰ কামটোৰ লগত জড়িত সীমাহীন আশা আকাংক্ষা, ভৱিষ্যতৰ সপোন ইত্যাদি ইত্যাদি আৰু আনফালে সেই সমস্ত আশা আকাংক্ষা মষিমূৰ কৰি পেলাব পৰাকৈ দুজন চকীদাৰৰ বিশ্বাসযোগ্য প্ৰতিবেদন – “এই অফিচত চাণক্য নামৰ কোনো মানুহ নাই”।

কথাখিনি বুজাই দি চকীদাৰবৃন্দ নিজৰ মাজত অন্য কথাত ব্যস্ত হʼল। এয়া আংশিকভাৱে বাল্মীকিৰ পৰা হাত সাৰিবলৈও হʼব পাৰে।

বাল্মীকি এখোজ দুখোজকৈ কি কৰো কি নকৰো ভাৱেৰে অফিচৰ ফালেই আগুৱাই গʼল। মনৰ ভিতৰত ক্ৰমে ক্ৰমে বাঢ়ি আহিব ধৰা শংকাই তাক বাৰুকৈয়ে অস্থিৰ কৰি আনিলে।

শেষত উপায় নাপাই বাল্মীকি সাজু হʼল ব্ৰহ্মাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ। কঁপা কঁপা হাতেৰে মোবাইলটো লৈ চাণক্যৰ নাম্বাৰটো ডায়েল কৰিলে। ফোনৰ সিফালৰ পৰা সুললিত নাৰীকণ্ঠৰ উত্তৰ – “আপুনি যোগাযোগ কৰিব বিচৰা নাম্বাৰটো বৰ্তমান সংযোগ সীমাৰ বাহিৰত। আপোনাৰ নাম্বাৰৰ সৈতে ভয়চ এচ-এম-এচ পঠাবলৈ এক টিপক..’

 

ফোনটো সম্মুখৰ বেৰত দলিয়াই ভাঙি পেলাবলৈ মন গʼল তাৰ। চিন্তাদগ্ধ অৱস্থাত ঋষিৰ খোজেৰে বাহিৰলৈ ওলাই আহিল বাল্মীকি। বাল্মীকি যেন সঁচাকৈয়ে বাল্মীকি।

ঘড়ীটোৰ ঘন্টাৰ কাটাই “এক”ৰ সম্মুখত বীৰদৰ্পে থিয় হʼল। ভোক, ভাগৰ, দুঃচিন্তা আৰু অবাক হৈ পৰা মানসিক অৱস্থাৰে বাল্মীকি কি কৰো কি নকৰো হৈ থিয় হৈ আছে চেবা অফিচৰ সম্মুখত। অলপ আগতে ভাবিছিল যদি কামটো হৈ যায় বা অন্ততঃ মানুহজন আজি অহা নাই বা আৰু কেইদিনমান নাহে বুলি খাটাং হৈ যায় তেন্তে কʼৰবাত অলপ খোৱা লোৱা কৰি ঘৰলৈ উভতিব। ভোকও লাগিছে কিন্তু ভোকক প্ৰশ্ৰয় দিব নোৱাৰি। মূৰৰ ওপৰেদি নানান কথা পাৰ হৈ গʼল। মাজতে ভাবিলে পুলিচৰ ওচৰত যাও নেকি ? কিন্তু গৈ কি কʼম ? বা এজাহাৰ দিলেও কি বুলি দিম ? তেখেতক মই বিচাৰি ফুৰিছো কিন্তু বিচাৰি পোৱা নাই। সেইটো নো কি কথা হʼল ? দুনিয়াত কোনে কাক বিচাৰি আছে ঠিকনা নাই। আৰু বিচাৰি নাপালেই সকলোৱে পুলিচৰ ওচৰত যাব নেকি ? নিৰুদ্দেশ ? নিৰুদ্দেশ হোৱা বুলি কʼব পাৰি। কিন্তু নিৰুদ্দেশ হোৱা এজাহাৰ সাধাৰণতে নিজৰ আত্মীয়ইহে দিয়ে। মই তেনে এখন এজাহাৰ দিবলৈ গʼলে পুলিচে প্ৰথমতে মোকেই সুধিব আপুনি তেখেতৰ কোন হয় বা তেখেত আপোনাৰ কোন হয় বুলি ? মই কি কʼম ? কোনো এটা বিশেষ কামত আমি দুয়োজন জড়িত। আৰু সেই বিশেষ কামটো ?? নাই নʼহব। পুলিচৰ ওচৰলৈ গʼলে মই হে ফচিম। তেন্তে কি কৰো ? কিন্তু কিবা ভুল বুজাবুজি হʼল নেকি ? ফোনটো নালাগিল বুলিয়ে …. ? কিন্তু চকীদাৰকেইজনেও কৈছে …..। মোৰেই কিবা ভুল হʼল নেকি ? তেখেতে বাৰু এইটো অফিচৰ কথাই কৈছিল নে ? হয়টো। তেখেতে চেবা অফিচ বুলিয়ে কৈছিল। আৰু এইটোৱে চেবা অফিচ। অন্তঃত সেইখিনি মই জানো। বাৰে বাৰে কথাবোৰ বেলেগ ধৰণে ভাবিবলৈ চেষ্টা কৰি বাল্মীকি ভাগৰি পৰিল। শেষত এটা কথা ভাবিবলৈ বাকী থাকিল আৰু সেই কথাটো ভাবিবলৈ বাল্মীকিৰ ভয় লাগে।

হাজোলৈ যোৱা বাছ গধূলি সাতটা মানলৈ পোৱা যায়। সেইবোৰ বাছত উঠিবলৈ হয়টো পানবজাৰ নাইবা আদাবাৰীলৈ যাব লাগিব। এতিয়া পাঁচটা বাজিছে। এতিয়াই আগ নাবাঢ়িলে বাছ পোৱা আশা ক্ষীণ। কিন্তু বাল্মীকিৰ সেইবোৰ কথালৈ ভ্ৰুক্ষেপ নাই। দুপৰীয়া ঘৰৰ পৰা মাকে ফোন কৰিছিল। ভাত খালেনে নাই, দেৰি হʼব নেকি, আদি প্ৰশ্ন আৰু খুব গৰম, গৰমৰ পৰা বাচি থাকিবি ইত্যাদি বহু উপদেশৰ শেষত এটাই প্ৰশ্ন … কামটো ? তাৰ ক্ষিপ্ৰ উত্তৰ “হৈ যাব”। বেছি দীঘলীয়াকৈ বুজাবলৈ তাৰ ধৈৰ্য্য আৰু সঁচা কথা কʼবলৈ সাহস নাই। সময় বাগৰিল। অফিচত মানুহ নাইকীয়া হʼল। দিনৰ চকীদাৰকেইজনৰ ঠাইত ৰাতিৰ ডিউটিৰ বাবে আন কেইজনমান চকীদাৰ আহিল আৰু দিনৰ কেইজন ঘৰাঘৰি যাবলৈ ওলালে। দিনত লগ পোৱা চকীদাৰদুজন একেলগে কথা মহলা মাৰি যাবলৈ ওলাই আহোতে ফুটপাথতে বাল্মীকিক দেখা পাই মোটামুটি উচপ খাই উঠাৰ নিচিনাই হʼল। বাল্মীকিৰ লগত সিহতৰ কাৰো চকুত চকু পৰা নাই যদিও বাল্মীকিয়ে গম পায় সিহতে তাক দেখি আচৰিত হৈছে বুলি। সিহতে আচৰিত হৈছে যদিও এতিয়া পুনৰ বাল্মীকিৰ লগত কথা পতাৰ বা পৰিস্থিতিৰ বুজ লোৱাৰ ধৈৰ্য্য সিহতৰ নাই। সিহত গʼলগৈ।

ঘৰলৈ ঘুৰি যাবলৈ এতিয়া আৰু বাচ নাপাব সি। গাড়ী এখন ভাড়া কৰি যাবলৈ তাৰ পইচা নাই। গধূলি হৈ অহা দেখি এতিয়া অলপ আগতে দেউতাকে ফোন কৰিছিল। দেউতাকৰ প্ৰতিটো প্ৰশ্নৰে সংক্ষিপ্ত উত্তৰ, –

মানুহজনক লগ পালিনে ? – পালো

কাম আগ বাঢ়িলনে ? – হৈ আছে

তই আহি আচʼ নেকি ? – নাই আজি নাযাও। ইয়াৰ পৰা ওলাওতে দেৰি হʼল।

ৰাতি কʼত থাকিবি ? – ব্যৱস্থা এটা কৰিছো।

ৰাতি কʼত খাবি ? – ভবা নাই। কিবা এটা হʼব।

কালি কেতিয়া আহিবি ? কালিও অফিচত কাম আছে নেকি ?  – পুৱাই। নাই।

ঠিক আছে তেন্তে, ভালদৰে খোৱা লোৱা কৰিবি। বৰ গৰম। পানী বেছিকৈ খাবি …. ফোন থওঁ – হʼব।

দেউতাকক গোকাট মিছা কথা কেইটামানেৰে সদ্যহতে সন্তুষ্ট কৰি থʼলে। এতিয়া সকলো কথা বুজাব পৰাৰ যোখাৰে তাৰ শক্তি, সামৰ্থ্য, সাহস .. একো নাই। আৰু ফোনত সকলো বুজাব নোৱাৰি। গতিকে, ঘটনা বিলাক গম পোৱাৰ পিচত সৃষ্টি হʼব পৰা ধুমুহাটোক সি এদিনৰ বাবে স্থগিত ৰাখিলে।

সময় বাগৰিল। খোৱা লোৱা কৰিব লাগে বুলি বা কোনো বেলেগ ঠাইত আশ্ৰয় লʼব লাগে বুলি বাল্মীকিৰ ভ্ৰুক্ষেপেই নাই। এতিয়া সি লাহে লাহে ঘটনাটোৰ লগত সন্ধি কৰি পেলাইছে। কিন্তু মাক দেউতাকক কেনেদৰে বুজাব সেই কথাইহে তাৰ মগজু ঘোলা কৰিছে। লাহে লাহে দোকান, সৰু ঘৰ, ডাঙৰ বিল্ডিং সকলোৰে লাইটসমূহ নুমাবলৈ ধৰিলে। নামমাত্ৰ এটা দুটা লাইট জ্বলি ঠাকিল। সেইকেইটা চাগে গোটেই ৰাতি জ্বলি থাকিব। ৰাষ্টাটোত এটাও ত্ৰেফিক লাইট নোহোৱা বাবে দোকান আৰু ঘৰ বোৰৰ লাইট নুমুওৱাৰ লগে লগে ৰাষ্টাটোও অসহ্যজনক ভাবে অন্ধকাৰ হৈ পৰিল। বাল্মীকি গধূলিৰ পৰাই ফুটপাথৰ একে ঠাইতে নিঃশ্চঃ হৈ বহি আছে। বাল্মীকিৰ বহা ঠাইৰপৰা নাতিদূৰত অলপ আগতে এটা ভিক্ষাৰীয়ে ৰাতিটোৰ বাবে আশ্ৰয় লৈছে। কিছু দূৰত ৰাষ্টাৰ কুকুৰবোৰৰ কাজিয়া। মাজতে খুব জোৰেৰে পাৰ হৈ গʼল এখন বাইক। কুকুৰকেইটাই ভয় খাই আতৰি দিলে। ক্ষণিক বিৰতিৰ পিচত আকৌ আৰম্ভ হʼল সিহতৰ চিঞৰ বাখৰ। বহুত দুৰত গাড়ী মটৰ চলাৰ ৰিণি ৰিণি শব্দ। এইবাৰ হঠাতে এখন গাড়ী পাৰ হৈ গʼল। খুব জোৰেৰে। কিন্তু গাড়ীখনৰ ইঞ্জিনৰ শব্দতকৈও ভিতৰত চলি থকা গান আৰু বহুতো ডেকা গাভৰুৰ উত্তাল চিঞৰ বাখৰৰ শব্দইহে নিস্তব্ধতাক বেছিকৈ আঘাত হানিলে। কুকুৰকেইটা আকৌ ভয় খাই ৰাষ্টাৰ কাষলৈ দৌৰ দিলে। এইবাৰ সিহতে গাড়ীখনৰ ফালে চাই অলপ চিঞৰিলে আৰু তাৰপিচতে নিজৰ মাজত কাজিয়াত লিপ্ত হʼল।

পুৱাৰ প্ৰখৰ ৰʼদে বাল্মীকিক টোপনিৰ পৰা সাৰ পোৱাই দিলে। চাৰিওফালে মূৰ ঘুৰাই অৱস্থাৰ বুজ লʼলে সি। ঘড়ীটোলৈ চালে … ন টা বাজিছে। গুৱাহাটি মহানগৰী ইতিমধ্যেই ব্যস্ত হৈ পৰিছে যদিও চেবা অফিচ খোলা সময় হোৱা নাই।

গাটো খুব দুৰ্বল যেন অনুভৱ কৰিলে। কালি দিনে ৰাতি একো নোখোৱা বাবেই নিশ্চয়। আজি উপায় নাই। ঘৰলৈ যাবই লাগিব। খুব সংঘৰ্ষ কৰি সি থিয় হʼল। মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে। বেছি দেৰি কৰি লাভ নাই। ঘৰ যোৱাৰ সংকল্পৰে এখোজ দুখোজকৈ আগবাঢ়িলে সি।

ঘৰ আহি পোৱা সময়ত দেউতাক স্কুলত আছিল। ঘৰত অকল মাক আছিল। ঘৰ সোমায়েই ভাগৰ আৰু ভোকত অৱস্থা কাহিল বুলি মাকক খোলা খুলিকৈ কʼলে, কিন্তু তেনেকুৱা কিয় হʼবলৈ পালে আৰু ৰাতি কʼত থাকিল সেইবোৰ মাকেও নুশুধিলে সিও নʼকলে। হাজাৰ হওক মাকৰ মন। লʼৰাই ভোক লগা বুলি কʼলে আৰু ৰৈ থাকিব পাৰিনে। আন কথা পিচত, সদ্যহতে ভালকৈ গৰম ভাত দাইল আৰু চব্জিৰে দুপৰীয়াৰ সাজ দিয়াহে কথা। সিও লৰালৰিকৈ গা ধুবলৈ গʼল।

গা ধুই উঠে মানে মাকে ভাত বাঢ়িলে। সি ভাবিছিলে দেউতাকে ভাত খাবলৈ অহাৰ আগতে ভাত খাই বিচনাত পৰিব। সেয়া একো নহয়, মাত্ৰ ধুমুহাটো আৰু অলপ পিচুওৱাৰ এটা সামান্য চেষ্টা। কিন্তু তাৰ কি যে দুৰ্ভাগ্য, সি গা ধুই থাকোতেই দেউতাক আহি পালে।

কিন্তু যি কি নহওক, সি ভাগৰুৱা বুলি জানিয়ে নেকি মাক-দেউতাকে দুই এটা সৰু প্ৰশ্নৰ বাহিৰে বিশেষ একো নুলিয়ালে। চাগে গধূলি এফলীয়া হৈ বহি লৈ শুনিবলৈ সাচি থলে। সিও যিমান পাৰে দৌৰাদৌৰিকৈ ভাত খাই নিজৰ ৰুমলৈ যাব ওলাইছিলেহে মাত্ৰ, দেউতাকে তাক আগদিনা মানুহ এজনে দি যোৱা চিঠিখনৰ কথা কʼলে। তাৰ আচৰিত লাগিল। আজিকালিৰ দিনতো কোনোবাই চিঠি লিখে নে। তথাপিওঁ সি চিঠিখন লৈ নিজৰ ৰুমলৈ আহিল আৰু বিচনাত বাগৰ দি পঢ়িবলৈ ধৰিলে।

চিঠিখন পঢ়ি উঠি এতিয়া সি তৃতীয় মান শ্ৰেণীৰ সেই মহান প্ৰশ্নটোৰ লগত যুঁজ বাগৰ কৰি আছে। দিনটোৰ ভিতৰতে বতৰেই নহয় আন বহু বস্তু সলনি হʼব পাৰে। তাৰ ভিতৰত প্ৰথমটো হৈছে ভাগ্য। সি তেনেদৰে ভবাৰ কাৰণটো হʼল চিঠিখন আছিল চাণক্য মণি বৰগোহাঞিৰ। চিঠিখনত লিখা কথাখিনি এনেধৰণৰ –

“মিষ্টাৰ বাল্মীকি,

 

কথাখিনি আপোনাক কবলৈ খুবেই বেয়া লাগিছে। কেনেকৈ কʼম, কেনেকৈ পাতনি মেলিম ইত্যাদি বহুত ভাবিলো। শেষত থিৰাং কৰিলো যে ঘুৰাই পকাই কোৱাতকৈ চিধাচিধি খাৰাংখাচ কোৱাটোৱেই ভাল। আপোনাৰ বাবেও, মোৰ বাবেও। গতিকে খাৰাংখাচ কবলৈ লৈছো, শুনক, –

মই আপোনাৰ কামটো কৰিব নোৱাৰিম। অৰ্থাৎ, মই আপোনাক চাকৰি দিব নোৱাৰিম। চাকৰি দিব পৰাকৈ সামৰ্থ্য, ক্ষমতা আৰু পদমৰ্য্যদা মোৰ নাই। মই চেবাৰ কোনো উচ্চপদষ্ঠ বিষয়া নহয়। গতিকে আপোনাৰ কামটো মোৰ দ্বাৰা নʼহব। কিন্তু আপোনাৰ পৰা লোৱা দুই লাখ টকা মই ঘুৰাই নিদিওঁ। আচলতে সেই টকা খিনি সৰকাবলৈহে মই এই নাটকখন কৰিলো। সচাকৈ আৰু খুব চুটিকৈ কʼবলৈ গʼলে কথাটো হʼল মই আপোনাক ঠগিলো। আকৌ কৈছো, মই আপোনাক ঠগিলো।

এতিয়া আপোনাৰ খং উঠিব আৰু লগতে খুব নাৰ্ভাচ হৈ পৰা যেন লাগিব। কিন্তু ৰʼব এতিয়াই চিঠিখন ফালি পেলাই নিদিব। আগলৈ পঢ়ক। আগলৈ দুই এটা এনেকুৱা কথা আছে যিয়ে আপোনাৰ খং হয়টো অলপ কম কৰিব পাৰে। কিন্তু আপোনাৰ খং কম কৰোৱাটো মোৰ দ্বায়িত্ব বা কৰ্ত্তব্য নহয়। কিন্তু সেইখিনি কথা মই কʼমেই। কাৰণ সেইখিনি নোকোৱাকৈ থাকি গʼলে মোৰ নিজৰে আধৰুৱা যেন লাগিব।

আপুনি চাগে ভাবিছে মই বেয়া মানুহ। কিন্তু মোৰ নিজৰ চকুত মই মুঠেও বেয়া মানুহ নহয়। কিয়নো মই একো বেয়া কাম কৰা নাই(মোৰ চকুত)। মই মাত্ৰ পিতৃ ধৰ্ম্ম পালনৰ বাবে কাৰোবাৰ ভৱিষ্যত ধ্বংস কৰিছো।

সন্তান বুলিবলৈ মোৰ মাত্ৰ এটা লʼৰা। এইবাৰ হায়াৰ চেকেণ্ডাৰী ফাইনেল দিছিল। কিন্তু দুৰাৰোগ্য ৰোগৰ কবলত পৰি সি যোৱা কেইবা মাহ ধৰি জি-এন-আৰ-চি হাস্পাতালত চিকিৎসাধীন হৈ আছিল। ইমান দিনৰ মূৰত এতিয়া ডাক্তৰে হাত ডাঙি দিছে আৰ বাহিৰলৈ লৈ যাবলৈ উপদেশ দিছে। মই ইমান চহকী মানুহ নহয়। তথাপি ইমানখিনি চিকিৎসাৰ খৰচ বহন কৰিব পৰাকৈ মোৰ সম্বল আছিল। কিন্তু মোৰ আৰ্থিক অৱস্থা ক্ৰমে ক্ৰমে দুৰ্ব্বল হৈ অহাত প্ৰথমতে মোৰ আত্মীয় আৰু পিচলৈ বন্ধুবৰ্গৰ পৰা আৰ্থিক সহায় লʼলো। কিন্তু ইমানতো চিকিৎসা শেষ নহʼল। পিচলৈ মোৰ আত্মীয় আৰু বন্ধুবৰ্গই মোক এৰাই চলিবলৈ ধৰিলে। জানোচা লগ পালেই মই পইচা খোজো। মইও সিহতৰ অৱস্থাটো বুজিছো। কিন্তু কি কৰিম, মই যে পিতৃ। শেষত উপায় নেপাই এই পন্থা অৱলম্বন কৰিব লগা হʼল। মই আপোনাৰ পৰা অলপো বেছিকৈ পইচা লোৱা নাই। যিমানত চিকিৎসা শেষ হʼব(যদিহে ভগবানে কৃপা কৰে) তাতকৈ অলপ কমকৈহে লৈছো; কাৰণ মোৰ লগত আগৰ ধাৰে লোৱা পইচা অলপ আছিল।

এয়াই হʼল মোৰ কাহিনী। হওঁতে মই বেয়া মানুহ নহয়। মোৰো উপাৰ্জন বেয়া নাছিল। পিচে কʼত, কি কাম কৰো সেইটো নকও, নʼহলে আপুনি মোক বিচাৰি উলিয়াব পাৰে। মোক বিচাৰিবলৈ মিছাতে চেষ্টা নকৰিব। কাৰণ, আপুনি নোৱাৰে। কিয় নোৱাৰে কৈছো শুনক,

মোৰ নাম চাণক্য মণি বৰগোহাঞি নহয়। আচল নামটো নকওঁ। আৰু আজিলৈকে মই যে আপোনাক সদায় ৰেষ্টʼৰাতহে লগ কৰিছো, আনকি পইচা লোৱাৰ দিনাও, অৰ্থাৎ দুদিনমান আগতে আমি ৰেষ্টʼৰাতহে কথা পাতিছিলো। কিয় ? কাৰণ হিচাপে মই আপোনাক কৈছিলো যে আজিকালি অফিচবোৰত ষ্টিং অপাৰেচন চলি থাকে গতিকে অফিচত এইবোৰ লেন দেন কৰা ভাল নহয়। আচলতে কথাটো হʼল মই চেবা অফিচত কাম নকৰো, গতিকে অফিচৰ চৌহদৰ ভিতৰত তেনে এটা কাম কৰিবলৈ মোৰ সাহস নাই আৰু ধৰা পৰি যোৱাৰ সম্ভাৱনা বহু বেছি। আপুনি মোৰ ঘৰ চিনি পোৱাটো মই নিবিচাৰো। আনহাতে আনৰ ঘৰ ভাড়ালৈ লৈ তেনে নিখুঁত নাটক কৰিবলৈ মোৰ শক্তি সাহস আৰু সামৰ্থ নাই।

এই কথাখিনি আপোনাক চিঠিযোগে জনোৱাৰ কাৰণ দুটা, – প্ৰথম কাৰণটো হʼল, ফোনত কʼলে আপুনি মোক ইমান কথা কʼবলৈ সুযোগ নিদিয়ে। ফোনত কথা পাতিলে আপুনি মোৰ অৱস্থিতি গম লৈ লʼব পাৰে। দ্বিতীয় কাৰণটো হʼল, ফোনত চাগে মই নিজেও আপোনাক ইমানখিনি কথা শুনাব নোৱাৰিলোহেতেন। আপুনি নিশ্চয় মোক যোৱাকালি আৰু আজি ফোনযোগে কেইবাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মোৰ যিটো মোবাইল নাম্বাৰ আপোনাৰ লগত আছে সেইটো এতিয়া কৰ্মক্ষম অৱস্থাত নাই। সেইটো মোৰ আচল নাম্বাৰ নাছিল। এই নাটকখন খেলিবলৈহে সেইটো নাম্বাৰ লৈছিলো।এতিয়া আপুনি ভাবি চাওক আপুনি না মোৰ নাম জানে, না ঠিকনা জানে না মোৰ অন্য কিবা তথ্য আপোনাৰ লগত আছে। গতিকে বেছি চিন্তা নকৰিব। ধৰি লওক সেই দুই লাখ টকা আপুনি ৰুগীয়া সন্তানৰ পিতৃক দান দিলে।এই চিঠিখন মই আপুনি ঘৰত নোহোৱা সুযোগ লৈ নিজহাতে দি থৈ আহিছিলো। এতিয়া মই অসমত নাই। মোৰ সন্তানৰ চিকিৎসাৰ বাবে বাহিৰলৈ গৈ আছো।

বেছি চিন্তা কৰি নাথাকিব। ভগবানে আপোনাৰ ভাল কৰক,

ইতি,

“চাণক্য মণি বৰগোহাঞি” ওৰফে “এজন পিতৃ””

পঢ়া শেষ হোৱাৰ পিচত চিঠিখন পেটৰ ওপৰত পেলাই থৈ বাল্মীকি বাহিৰলৈ চাই কিবা ভাবি আছে।

মা-দেউতাক কথাটো কওঁ কেনেদৰে ? দেউতাৰ গোটেই জীৱনৰ কষ্টোপাৰ্জিত ধন। হওক তেও …. চাণক্যৰেই ভাল হওক।  চিকিৎসা কৰাওক নিজৰ পুতেকৰ। দান দিলো বুলিয়ে ধৰি লʼম। কিন্তু এয়া দান কেনেকৈ হʼব পাৰে ? ভাল হʼল বুলি ভাবিবলৈ যত্ন কৰিছো নে নিজকে সান্ত্বনা দিছো ? নে সচাঁকৈ ভালেই হʼল ? ঠিকেইটো … কথাতে কয় নহয় … যি হয় ভালৰ কাৰণেই হয়। … উফ্‌ … কি যে দোমোজা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!