বিশেষ দ্ৰষ্টব্য: জয়ন্ত কুমাৰ ডেকা

ঠাই টুকুৰাত সিন্‌হা ছাৰ বুলি ক’লে চিনি নপোৱা ব্যক্তি হয়তো এজনো নোলাব৷ পেচাত এজন চৰকাৰী চাকৰিয়াল যদিও…মনৰ এক অদম্য হেঁপাহৰ বাবে, ঠাইখিনিৰ নৱম আৰু দশম শ্ৰেনীৰ ল’ৰা-ছোৱালী খিনিক তেওঁ ঘৰতে গণিত পঢ়োৱাই৷ দক্ষিনাৰ কোনো ধৰা-বন্ধা নিয়ম নাই৷ কোনোবাই দিলে দিব…, নিদিলে নাই৷ পাঁচ খন ডেস্ক-বেঞ্চেৰে পৰিপূৰ্ণ ৰূমটোত…, সদায় আৱেলিৰ ৫ বজাৰ পৰা নিশা ৭ বজালৈ গণিত বিষয়ৰ এখন মেলা বহে বুলি ক’লেও ভুল নহ’ব৷

তেতিয়া আমি দশম মানত৷ আমি মানে….ঠাইখিনিৰ মই, ৰঞ্জন, দিগন্ত, সুমন, ৰশ্মি, নন্দিতাকে আদি কৰি আৰু কেইগৰাকীমান৷ নৱম মানৰ পৰাই আমি এই মেলাৰ বিদ্যাৰ্থী৷ প্ৰতিবছৰৰ দৰে ছাৰৰ ঘৰত সেইবাৰো সৰস্বতী পূজাৰ আয়োজন হ’ল৷ আৰু প্ৰতিবাৰৰ দৰেই ছাৰে নিজেই পুৰোহিত হৈ ৭.৩০ বজাৰ আগতেই পুজা সমাপ্ত কৰি সকলোকে স্কুলৰ বাবে যাবলৈ মুকলি কৰি দিলে৷ ঠিক বিদায়ৰ আগে আগে ছাৰে মোক আৰু সুমনক আছুতীয়াকৈ মাতি নি আৱেলি ৩ মান বজাত এবাৰ জৰুৰীভাৱে অহাৰ কথা ক’লে৷ দুয়ো বুজিব পাৰিছিলো যে….পূজাৰ ঠাইখিনি পৰিষ্কাৰ কৰিবলৈ ছাৰে এইবাৰ মোক আৰু সুমনক নিৰ্বাচিত কৰিলে৷ ছাৰৰ ঘৰৰ বাহিৰত ভৰি থৈয়ে সুমনে দূখেৰে ক’লে

ভাৱিছিলো…, স্কুলৰ পৰা বাহিৰে বাহিৰে নন্দিতাৰ স্কুললৈ যাম বুলি৷ তাইৰ লগত আৱেলিটো থাকি মনৰ কথা ক’ম বুলি …৷ চব পণ্ড হৈ গ’ল বে৷ ইমান দিনৰ পৰাই তাইক প্ৰপ’জ কৰিম কৰিম বুলি কৰিবই পৰা নাই৷ ছেহ…আবেলিটো আৰু ইয়াতেই বন্দী হ’ব লাগিব৷ “

– “ হ’ব দে …কি ঠিক! ! , এইকণ পুণ্য কৰিয়ে তই তাইক ডাইৰেক্টে পাই যাবি চাগে৷” বন্ধুত্বৰ ধৰ্ম ৰাখি তাক এটা উৎসাহে দিলো৷

– “নাই ৰ…তাই ছিংগলে আৰু মোকনো কোনে কম্পিটিছন দিব “ – কৈয়ে সি সৰুকৈ হাঁহি এ্ৰটা দিলে৷ কথাত আভিজাত্যৰ অভিমানৰ ছাঁ৷ … দেখিলো তাৰ মুখত হাঁহি আৰু কাল্পনিক সফলতাৰ এক উচ্ছাস৷

আবেলি ঠিক ৩ বজাত দুয়ো ছাৰৰ ঘৰত হাজিৰ৷ দেখিলো ছাৰে অকলেই চাফাই অভিযান চলাই আছে৷ আমিও আৰু ৰৈ নাথাকি অভিযানত নামি পৰিলো৷ দুয়ো নিজৰ নিজৰ কামবোৰ ভগাই ল’লো৷ সি টেণ্ট হাউছৰ সামগ্ৰীবোৰৰ দায়িত্ব ল’লে আৰু মই পূজাস্থলী খনৰ৷ মূৰ্ত্তিৰ কাষৰ পুষ্পাঞ্জলী চাফা কৰোতে দেখিলো বগা খাম এখন তাত পৰি আছে৷ ভাৱিলো সম্ভৱতঃ কোনোবাই “ঔ সৰস্বতৈয় নমঃ“ ১০৮ বাৰ লিখি ’মা’ৰ চৰণত দিছে৷ মূৰ্ত্তিৰ আগত কিছুমানে দিয়ে এনে চিঠি৷ কি মন গ’ল জানো…পাছত চাম বুলি সেইখন জেপত সুমুৱাই পুনৰাই কামত লাগিলো৷ দুঘণ্টা মানৰ পাছত সকলো চাফা হৈ যোৱাত দুয়ো ছাৰৰ পৰা বিদায় ল’লো৷

ৰাস্তাত উঠি ঘৰলৈ যাওঁনে, নন্দিতাক লগ কৰিবলৈ যাওঁ! ! ..দুয়ো গুণা-গঁথা কৰোতে তৎক্ষনাত মোৰ খাম খনলৈ মনত পৰিল৷ সুমনক কথাটো কওঁতে সিওঁ ক’লে … “ চাওঁ দে চিঠিখন…কেৱল মন্ত্ৰইটো লিখা থাকিব৷ কোনে লিখিছে জানিব পাৰিম৷ “ চিঠি মেলি মোৰ ধাৰণাই শুদ্ধ ওলাল৷ কিন্তু দেখিলো তাত ১০৮ টা শ্লোকৰ শেষত ’ বিশেষ দ্ৰষ্টব্য’ বুলি দি কিছু মনৰ ভাৱো লিখা আছে….দুয়ো একো আগ-পিছ নাভাৱি পঢ়াত লাগিলো..

“ বিঃদ্ৰঃ – হে মা সৰস্বতী ..অহাবছৰ মোৰ মেট্ৰিক৷ আশীৰ্বাদ কৰা যাতে সিন্‌হা ছাৰৰ পৰা ট’পাৰ ময়ে হওঁ৷ প্ৰতিটো বাধা অতিক্ৰম কৰি যাতে মই মোৰ ডাক্তৰ হোৱাৰ লক্ষ্যত উপনীত হ’ব পাৰো আৰু মোৰ প্ৰেম নন্দিতাৰ লগত বিয়া কৰি এই জীৱনটো সকুলমে পাৰ কৰিব পাৰো… তাৰ বাবে মোক আশীৰ্বাদ কৰা যেন৷ “““

—–ৰঞ্জন

সুমনৰ মুখলৈ চালো৷ খঙত চকু চলচলীয়া হৈ গৈছে তাৰ৷ বেচেৰাই ইমানদিনে ভাবি আছিল কম্পিটিছন নাই বুলি৷

 কি হাৰামী বে ই৷ কুকুৰে জানেই মই নন্দিতাক ভাল পাওঁ বুলি …তাৰ পিছতো এই চব৷ আৰু চাচোন ছিফাৰিছ কৰিছে কাক! ! মা সৰস্বতীক৷ এই চুপ-চাপকৈ থকা কেইটা বৰ হাৰামী বে….“

কিনো ক’ম ভাবি নাপালো৷ “বিশেষ দ্ৰষ্টব্য“ বুলি ভগৱানকো মনৰ কথা মানুহে লিখে বুলি সেইদিনাহে গম পালো……

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!