দয়া কৰি মোক ঘূৰাই দিয়াচোন -(ৰাজু সোণোৱাল)

দয়া কৰি মোক ঘূৰাই দিয়াচোন

ৰাজু সোণোৱাল

আমাৰ আৰু শিকিব লগা একোৱেই নাই। ভূমিষ্ঠ হৈয়ে শিশুৱে ক’বলৈ ধৰিছে, “জ্ঞান নিদিবি, বেছি বকলা নেমেলিবি”। দুটা শব্দতে সবৰে মুখ বন্ধ। সকলোতে স্ব-শিক্ষিত প্রতিভাৰ বহিঃপ্রকাশ। প্রথা মতে স্কুল-কলেজ আছে, শিক্ষক মহাশয় সকল আছে, কিন্তু শিকাব ল’গা একোৱেই নাই।
এই প্ৰসংগত তাহানিতে এক বৌদ্ধ সন্যাসীয়ে তেওঁৰ ওচৰলৈ অহা এক অহঙ্কাৰী শিক্ষার্থীক কি কৈছিল পঢ়কচোন ।
শিক্ষার্থীয়ে প্রশ্ন কৰিলে, “বৌদ্ধ ধর্ম কি? আপোনালোকৰ বুদ্ধই কি কয় ?”, তাৰ পাচত নিজেই বকিবলৈ আৰম্ভ কৰিলে। বৌদ্ধ ধর্ম মানে এই, বৌদ্ধ ধর্ম মানে সেই।
সন্যাসীয়ে মিচিকিয়াই হাঁহি ক’লে, “বৎস, বহা, বহা। আগেয়ে এপিয়লা চাহ খাই লোৱা, তাৰ পাচত কথা”।
টেবুলত দুটা পিয়লা থোৱা হ’ল। সন্যাসীয়ে প্রশ্নকাৰীৰ পিয়লাত চাহ ঢালিবলৈ ধৰিলে। ঢালিছে, ঢালিছে, ঢালিয়েই আছে। পিয়লা ভর্তি হৈ চাহ উপচি পৰি পিৰিচত পৰিবলৈ ধৰিছে। পিৰিচৰ পৰা মেজত।
শিক্ষার্থীয়ে আৰু থিৰেৰে থাকিব নোৱাৰিলে। বিৰক্ত হৈ ক’লে, “কি কৰিছে আপুনি! দেখা নাইনে পিয়লা ভর্তি হৈ মেজত পৰিছেগৈ। ভৰা পিয়লাত আৰু চাহ ধৰিবনে”।
সন্যাসীয়ে হাঁহি মাৰি ক’লে, “ঠিক কথা কৈছা! ভৰা পিয়লাত আৰু ভৰোৱা নাযায়। তুমি মোৰ ওচৰলৈ জ্ঞান ল’বলৈ আহিছা। তোমাৰ পিয়লা পিছে তোমাৰ নিজৰ জ্ঞানেৰেই পৰিপূর্ণ। তাত মই আৰু কি ঢালিম। খালি কৰি আহা, তেতিয়াহে মই তোমাক জ্ঞান ভৰাই দিব পাৰিম।“
যিটো পৰিয়ালত আমাৰ বসবাস, সেই পৰিয়ালৰ সকলো সদস্যই সকলো জানে। শেলুকৰ পৰা স্পুটনিকলৈ। জিৰাৰ পৰা হীৰালৈ। সব জ্ঞান সকলোৰে কৰায়ত্ত। শুধৰাই কাকো কোৱাৰ প্রয়োজন নাই। নিজেই শিকি থৈছে। শিশুৰ পৰা যুৱকলৈ, সকলো সদস্য-সদস্যাই। তেওঁলোকে ক্রিকেট জানে, ফুটবল জানে, টেনিচ জানে, চলচ্চিত্রৰ ভাষা জানে। ৰাজ্য পৰিচালন পদ্ধতি জানে, চাইনিজ ৰন্ধন প্রকৰণ জানে, কাশ্মীৰি কোফতা জানে। প্লেন হাইজেক হ’লে নিজেই নিমিষতে উদ্ধাৰ কৰি আনিব পাৰে। মুঠতে সুযোগ পালে সব কৰিব পাৰে। গোটচেৰেকে আকৌ নোবেল বঁটা, এক ডর্জন অলিম্পিক গ’ল্ড, হাঁহি হাঁহি জয় কৰিব পাৰে। মাত্র এটা সুযোগ লাগে।
সেয়ে আলোচনাৰ পৰিৱৰ্তে সর্বত্র সমালোচনা। ভাল হৈছে, হওক। পৃ্থিৱীৰ একো একোখন দেশৰ একো একোটা বিশেষত্ব থাকে। কোনো এক দেশৰ মানুহে ভাল বেলে আৰু চার্কাছ দেখাব পাৰে; ভাল ফুটবল খেলিব পাৰে; সুন্দৰ ঘড়ী তৈয়াৰ কৰিব পাৰে। আমি কিন্তু অসাধাৰণ, ভাল সমালোচনা কৰিব পাৰোঁ। যিজন যি বিষয়ৰ সবাতোকৈ ডাঙৰ পণ্ডিত তেওঁৱেই সেই বিষয়ৰ সবাতোকৈ ডাঙৰ সমালোচক হ’ব পাৰে। সেই যুক্তিত আমি সকলো বিষয়তে সুপণ্ডিত। আমাক দমাইহে ৰখা হৈছে, সেয়ে ‘নাম্বাৰ ওৱান নেশ্বন’ হ’ব পৰা নাই আমি।
কোনে দমাই ৰাখিছে ?
আছে। অজস্র অদৃশ্য হাতে আমাক চেপি ধৰি আছে। এই হাত বিলাকক আঁতৰাই একাষৰীয়া কৰিব লাগিব। সম্প্রতি নির্বাচনটো হৈ গৈছেহে। কিমান গৰম গৰম ভাষণযে শুনা গ’ল। পাতিহাঁহৰ নিচিনা মাইকৰ ডিঙি মুচৰি ধৰি লাভা-শ্রোতৰ দৰে অনর্গল বাক্যৰ শ্রোত। আজিকালি নেতাসকল যি কাৰণতেই নহওক লাগিলে অগ্নিশর্মা হৈ আছে। আৰু অৱশ্যেই হৈ থকাৰে কথা। সেই কেতিয়াবাই আমি স্বাধীন হৈছিলোঁ। য’তে-ত’তে দেৱালৰ গাত জলত্যাগ কৰাৰ বাহিৰে কিনো স্বাধীনতা পাইছোঁ। যি সকল উচ্চ পর্যায়ৰ, তেওঁলোকে পাইছে লাল ফিটা। এটাৰ পাচত এটাকৈ কাটিয়েই গৈছে, যোৱা পয়ষষ্ঠি বছৰ ধৰি। কিছুমানে সৰু-সুৰা মজলীয়া খাল খানিছে কুম্ভীৰ সোমাবলৈ। আৰু কিছুমানে বর্ষণ কৰিছে কুম্ভীৰাশ্রু।
জনতাৰ হাততেই জনতাৰ ভাগ্য। যি হাতলৈকে শাসন নাযাওক লাগিলে সেই হাত জনতাৰেই হাত। আম গছত আমেই লাগিব আৰু জামু গছত জামু। আমাৰ চৰিত্র যেনেকুৱা, শাসন-যন্ত্রৰ ধৰণো তেনেকুৱাই হ’ব। অলপ জধলা, হেলেং-পেলেং, কথা বেছি, কাম কম। আৰু বধিৰ। অৱশ্যেই অস্থিৰ। পৰিয়ালতে মানুহৰ জন্ম। সেই বিখ্যাত কথাষাৰ, ‘হেণ্ড ডেট ৰকচ্ ডা ক্রেডল ৰুলচ ডা ওৱর্ল্ড’। ‘যি হাতে শিশুৰ দোলনা দোলায়, সেই হাতেই জগৎ শাসন কৰে’। বর্তমানৰ জধলা বিভ্রান্ত পৰিয়ালৰ পৰা বিক্ষিপ্ত চৰিত্রৰ শিশুৱেই পৃথিৱীৰ বুকুলৈ নামি আহিব। সেই শিশুৱে যি শিক্ষালয়লৈ যাব তাৰ চেহেৰাইবা কেনে হ’ব ? তদানিন্তন যিকোনো বিদ্যামন্দিৰলৈ গ’লেই গম পাই যাব, বচা বচা কেইটামান প্রতিষ্ঠানৰ বাহিৰে।
শিক্ষা প্রতিষ্ঠান মানেই হ’ল ধূসৰ, তাপলি মৰা একোটি ঘৰ। পোষ্টাৰৰ তাপলি। কিছুমান হাতে লিখা, কিছুমান ছপা কৰা। কাগজ, চিয়াঁহী আৰু প্রেছৰ ব্যৱসায় ৰমৰমীয়া। পোষ্টাৰত লিখা আছে, আমাৰ জাতীয় জীৱনৰ যাৱতীয় ভৱিষ্যতবাণী। কি কৰিলে কি হ’ব। কাক লুটি খুৱাব লাগিব। কাক চূর্ণ কৰিব লাগিব। যেন কবিৰাজখানাহে। অনুপানৰ নির্দেশো দিয়া আছে। চিৰি, ঘৰ, দালান, সর্বত্রে ৰাশি ৰাশি আৱর্জনা। যত্নৰ সঞ্চয় যেন যাদুঘৰৰ মাল-মচলা। দুই এখন খিড়িকী খোল খাই পৰি আছে। কিছুমান কব্জাৰ পৰা খুলি গৈ বৃদ্ধাৰ দাঁতৰ নিচিনাকৈ হলফলাইছে। টেবুল, চকী, বেঞ্চ, মনীষী সকলৰ ছবি সকলো যেন পৰিত্যক্ত। এদিনাখন কিবা এটা হ’বগৈ, তাৰেই যেন মুকসাক্ষী হ’বলৈ ৰৈ আছে। বাথৰুমৰ দুর্গন্ধ সকলোতে বিয়পিছে। এই পৰিৱেশেই নির্মাণ কৰিব উজ্জ্বল আগন্তুক দিনবোৰ। হয়তো কৰিব। পঙ্কতেই পঙ্কজৰ জন্ম।
প্রতিনিধিত্ব কৰিবলৈ ভৱিষ্যতে ভালেমান নঙলা খুলি ওলাই আহিছে। পয়ষষ্ঠি বছৰ কম সময় নহয়। স্বাধীনতাৰ সময়ত যি সকল জন্মিছিল সেই সকল আৰু নাই। তেওঁলোকে আৰু এতিয়া সপোনৰ ভাৰত নগঢ়ে। প্রথমতেই তেওঁলোকে দেশখনক গোন্ধময় নৰক কৰি থৈ গৈছে। ঠিকেই কৰিছে, নৰক হ’ল, ‘মাচ’ৰ সৰগ নহৈ হ’ল ‘ক্লাচৰ। দ্বিতীয়তে, তেওঁলোকে এক ‘টাইমলেচ ৰিজিয়ন’ গঢ়ি থৈ গৈছে। সময়নো কি ? সময় নাযায় আৰু সময় নাহেও।
সর্বোপৰি, দলৰ পাচত দল, তাৰ পাচতো দল, নীতিৰ নেগুৰত ধৰি ঘূর্ণীয়মান। জাতীয় সঙ্কীর্তন কৰিব বিচাৰোঁ, কোনে কৰিব, পাচফালে আমাৰ নেজ যে কামুৰি ধৰিছে।……………………..
তীর্থযাত্রীক প্রশ্ন কৰা হ’ল, ‘কৈলাশতো সৌ সিফালেহে, তুমি দেখোন ওলোটা ফালেহে খোজ দিছা, কেতিয়াকৈ পাবাগৈ ?’
তেওঁ বোলে, ‘দয়া কৰি মোক ঘূৰাই দিয়াচোন। মই পিচলৈ খোজ কঢ়াতেই অভ্যস্ত’।
আমাক পাছে কোনে ঘূৰাই দিব!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments