বিশিষ্ট সাহিত্যিক ড° বসন্ত কুমাৰ ভট্টাচাৰ্যৰ সৈতে কথোপকথন

“অপ্ৰাপ্তিয়ে এজন লেখকক লেখক কৰি ৰাখে”

(১) আজিকালি লেখা-মেলা কৰা মানুহ ঢেৰ বাঢ়িছে। স্বয়ম্ভু সাহিত্যিকো বহুত। নতুনকৈ ওলাই অহা এইচামৰ সাহিত্যক লৈ আপুনি কি অনুভৱ কৰে?

* সাম্প্ৰতিক সময়ত অসমত সাহিত্য চৰ্চা সণ্ঢালনিভাৱে হৈ আছে। বিশেষকৈ আলোচনী আৰু বাতৰি কাকতৰ জৰিয়তে অসমীয়া সাহিত্যৰ বিকাশ আৰু বিস্মৃতি লাভ হৈছে। আজিৰ পৰা কুৰি বছৰ আগত সেইটো নাছিল। এতিয়া কি নতুন প্ৰজন্ম, কি পুৰণি প্ৰজন্ম সকলোৱে সাহিত্য চৰ্চাৰ কাৰণে এখন পথাৰ পাইছে। আৰু এই পথাৰখন বিস্তৃত হোৱা কাৰণে আখৰৰ লগত, ভাষাৰ লগত সম্পৰ্ক নথকা ব্যক্তিও সাহিত্য চৰ্চাত ব্ৰতী হৈছে। ই আমাৰ কাৰণে এক শুভ লক্ষণ।

(২) কিন্তু সাহিত্যৰ মান বা গুণগত মান ৰক্ষা হৈছেনে?

* গুণগত দিশ কিছু কিছু আছে। বিশেষকৈ চুটিগল্পৰ ক্ষেত্ৰত অসমীয়া চুটিগল্পই এক বিশেষ মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল ভাৰতীয় নহয়, সমগ্ৰ বিশ্বত চুটিগল্পৰ ইতিহাসত অসমৰ নতুন প্ৰজন্মৰ চুটিগল্পই এক বিশেষ মাত্ৰা লাভ কৰিছে। মইতো ভাৱো সাম্প্ৰতিক সময়ত এক বিশেষ দিশক প্ৰতিনিধিত্ব কৰিছে নতুন প্ৰজন্মৰ গল্পই। যেনে সৃষ্টি শ্ৰেয়ম, প্ৰাৰ্থনা শইকীয়া, মৌচুমী কন্দলী, কাব্যশ্ৰী মহন্ত – এইসকল চুটিগল্প লেখিকাই চুটিগল্পৰ পৰীক্ষা-নিৰীক্ষা কৰি ৰচনাত ব্ৰতী হৈছে আৰু তেওঁলোকৰ পৰা উন্নত মানৰ চুটিগল্প পাইছোঁ। আনকি সাম্প্ৰতিক সময়ৰ লগত খাপ খোৱা চুটিগল্প ৰচিত হৈছে। অৱশ্যে ইয়াৰ ওপৰত পশ্চিমৰ প্ৰভাৱো যথেষ্ট পৰিছে। অৰ্থাত্‍সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ পাশ্চাত্যকৰণ প্ৰক্ৰিয়াটো দ্ৰুতগতিত বৃদ্ধি পাইছে।

BKB2

(৩) এয়া শুভলক্ষণ বুলি ভাবেনে?

* উপায় নাই। এতিয়া বিশ্বক এখন ‘গ্লোৱেল ভিলেজ’ বুলিয়ে কোৱা হৈছে। এতিয়াৰ যুগ বিশ্বায়নৰ যুগ।

(৪) গৰিয়সীয়ে প্ৰতি বছৰে চন্দ্ৰপ্ৰসাদ শইকীয়া চাৰৰ স্মৃতিত চুটিগল্প প্ৰতিযোগিতা পাতে। গোটেই অসমৰ পৰা তেওঁলোকে ভাল গল্পৰ আহ্বান কৰে। কিন্তু দুখৰ কথা তেওঁলোকে যোৱাবছৰ নে আগৰ বছৰ পুৰস্কাৰৰ বাবে তিনিটা ভাল গল্প বাচনিয়ে কৰিব নোৱাৰিলে। অৰ্থাত্‍ভাল গল্প নাহিল। গৰিয়সীয়ে মানদণ্ড ইমান কম পালে যে এটা গল্পকো তেওঁলোকে পুৰস্কৃত কৰিব নোৱাৰিলে। ইয়াৰ পিছতো আপুনি চুটিগল্পৰ ক্ষেত্ৰখন সমৃদ্ধ হোৱা বুলি কবনে?

* হয়তো যিসকল লোকে ভাল গল্প লিখে তেওঁলোকে তাত অংশগ্ৰহণ কৰা নাই। পুৰস্কাৰৰ লালসাত প্ৰতিযোগিতাত অংশ নোলোৱা লেখক লেখিকাও আছে। নিজৰ সন্তুষ্টি আৰু পাঠক সমাজে ভাল পালেই যথেষ্ট বুলি কোৱা লেখকো মই পাইছোঁ।

(৫) সাহিত্য সৃষ্টিৰ আঁৰত কেতিয়াবা বঁটা-বাহন থাকে, কেতিয়াবা পাঠকৰ সমাদৰ থাকে। আপুনি যি সাহিত্য সৃষ্টি কৰি আহিছে তাত কোনটো কথা নিহিত হৈ আছে?

* এই দুয়োটাই আছে। কেতিয়াবা বঁটা-বাহন পোৱা সাহিত্যও উচ্চমানৰ নহয় আৰু কেতিয়াবা বঁটা-বাহন নোপোৱা সাহিত্যও পাঠকৰ দ্বাৰা সমাদৃত হয়। কেতিয়াবা বঁটাৰ বাবে নিৰ্বাচিত সাহিত্যও উচ্চমানৰ নহয়, আৰু কেতিয়াবা উচ্চমানৰ সাহিত্যও নিৰ্বাচিত হয়। যেনে চৈয়দ আব্দুল মালিকে ‘অঘৰী আত্মাৰ কাহিনী’ৰ বাবে পুৰস্কাৰ পাইছিল, অথচ তেওঁৰ ‘সূৰুযমুখীৰ স্বপ্ন’ক তাতকৈ উচ্চমানৰ বুলি সমালোচকসকলে কয়। অৰুণ শৰ্মাৰ ক্ষেত্ৰতো সেয়া হৈছে। তেওঁ যদিও ‘আশীৰ্বাদৰ ৰঙ’ৰ বাবে পুৰস্কৃত হৈছে, কিন্তু তেওঁৰ ‘কুকুৰনেচীয়া মানুহ’ নাটকখন উচ্চমানৰ। তেওঁৰ ‘নিবাৰণ ভট্টাচাৰ্য’ খনো বহু উচ্চমানৰ নাটক। অসমত এবছাৰ্ড নাটকৰ এটা ধাৰা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত এইখন নাটকৰ এক বিশেষ অৰিহণা আছে।

(৬) আজিৰ তাৰিখত সাহিত্য ৰচনাৰ ধাৰাটোৰ কিবা পৰিৱৰ্তন হোৱা বুলি আপুনি ভাবে নে?

* এতিয়া ধাৰাৰ পৰিৱৰ্তন হৈছে। এতিয়া পাশ্চাত্যকৰণ প্ৰক্ৰিয়া, ভোগবাদৰ আগ্ৰাসন আৰু বিশেষকৈ বাণিজ্যিক সভ্যতাৰ প্ৰসাৰ – এই তিনিটা কাৰণত সাহিত্যৰ যথেষ্ট পৰিৱৰ্তন হৈছে। সাহিত্য বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত। এতিয়া সাহিত্য বাস্তৱমুখী হৈছে। সামাজিক বাস্তৱতাই সাহিত্যত জীৱন সমগ্ৰতাক উপস্থাপন কৰে। এই জীৱন সমগ্ৰতা উপস্থাপিত হোৱাৰ লগে লগে সাহিত্যৰ মান বা ৰীতি, প্ৰকৃতি সলনি হবলৈ বাধ্য। আগৰ যিটো প্ৰকৃতি বা ৰীতিৰে বেজবৰুৱাই গল্প লিখিছিল, সেই ৰীতিৰে আজিৰ ভাৱনাক প্ৰকাশ কৰা নতুন লেখকৰ বাবে কঠিন। পাঠকৰো মনোজগত সলনি হৈছে। এতিয়াৰ পাঠকে সাহিত্যত গতি বিচাৰে। বাস্তৱতা বিচাৰে।

(৭) পাঠকৰ কথা ওলাওতে এটা কথা সুধোঁ। গুৱাহাটীৰ গ্ৰন্থমেলাত এতিয়া যথেষ্ট ভীৰ হয়। এনে ভীৰৰ আঁৰত বহুতৰে নিজকে প্ৰচাৰ কৰাৰ মানসিকতাও থাকে। টিভিৰ কেমেৰাত ওলোৱাৰ বাসনাও বহুতৰে থাকে। আপোনাৰ মতে সাহিত্যৰ প্ৰকৃত পাঠকৰ সংখ্যা বাঢ়িছেনে?

* পাঠক বাঢ়িছে। কিন্তু অধ্যয়নশীল পাঠক বা  ভাল পাঠক বঢ়া নাই। মই ভাবোঁ সেইচাম পাঠকে সাম্প্ৰতিক অসমীয়া সাহিত্যক লৈ সন্তুষ্ট নহয়।

(৮) ভাল পাঠক যে বঢ়া নাই তাৰবাবে কৰবাত সাহিত্যিকৰো ক্ৰুটি আছে নেকি?

* কৰবাত ক্ৰুটি আছে বা পাঠকক সন্তুষ্ট কৰিব পৰা নাই। শিক্ষা লাভ আৰু আনন্দ লাভেইতো সাহিত্য পঠনৰ মূল কথা। সেইবাবেই কোৱা হয় ব্ৰহ্মপ্ৰাপ্তিত এজন ভক্তই যি আনন্দ লাভ কৰে, তদ্ৰূপ আনন্দ সাহিত্য পঠনৰ জৰিয়তে এজন পাঠকে লাভ কৰে। সেই আনন্দ হয়তো সাহিত্যকাৰে এতিয়া নতুন প্ৰজন্মক দিব পৰা নাই। সেইকাৰণে অসমীয়া পুথিৰ সলনি তেওঁ বঙালী পঢ়িছে, ইংৰাজী পঢ়িছে।

(৯) এয়া লেখকৰ অসমৰ্থতা নে পাঠকৰ মানসিকতাৰ দ্ৰুত পৰিৱৰ্তন?

* দুটা কথা আছে। মানসিকতাৰ পৰিৱৰ্তন আৰু লেখকৰো কিছু পৰিমানে অসমৰ্থতা আছে। কলম হাতত ল’লেই সাহিত্যিক নহয়। কিন্তু আমাৰ বহুতেই এতিয়া কলম হাতত লৈয়ে সাহিত্যিক হব খুজিছে। গুৰুত্বপূৰ্ণ কথা হ’ল সাহিত্যিকৰ ভাষাৰ ওপৰত দখল লাগিব, অধ্যয়ন, অনুশীলন, চিন্তন, মনন লাগিব, বাস্তৱ অভিজ্ঞতা লাগিব। গতিকে এইবিলাকৰ আধাৰত ৰচিত সাহিত্যইহে পাঠকক সন্তুষ্টি প্ৰদান কৰিব পাৰে।

(১০) এইক্ষেত্ৰত সমালোচনা সাহিত্যৰ ভূমিকা আপুনি কেনে বুলি ভাৱে?

* আচলতে অসমীয়া সাহিত্যত সমালোচনা সাহিত্য বৰ দ্ৰুতগতিৰে আগবাঢ়িব পৰা নাই। বহুত সমালোচকে একোটা দলত আৱদ্ধ হৈ থাকে। দলীয় সমালোচনা তেওঁৰ মতে এজনৰ কৰে, আনজনক তাৰ পৰা পৰিহাৰ কৰে। বহুক্ষেত্ৰত এয়া দেখা যায় যে সমালোচকজন সমদৰ্শী নহয়। কিন্তু সাহিত্যৰ সমালোচক হ’ব লাগে সমদৰ্শী। সকলোৰে প্ৰতি সমান দৃষ্টি তেওঁ ৰাখিব পাৰিব লাগে। কিন্তু এয়া দেখা নাযায়। বিভিন্ন পুৰস্কাৰৰ ক্ষেত্ৰতো এয়া হয়। মোৰ মনত যিখন কিতাপে হয়তো পুৰস্কাৰ পাব লাগে, হয়তো আনৰ মনত সেইখনে পোৱা নাই। এটা উদাহৰণ দিছোঁ মই। ‘সেহি গুণনিধি’ উপন্যাসখন আমি সৰস্বতী সন্মানৰ বাবে পঠিয়াইছিলোঁ। এই সন্মানৰ বাবে পূৰ্বাঞ্চলৰ পৰা মাত্ৰ এখন কিতাপহে নিৰ্বাচিত হয়। আমি সেইখনৰ কথা ক’লোঁ। কিন্তু তাত বহুকেইজন পণ্ডিতে ক’লে যে এইখনটো মাত্ৰ এখন ‘মাইথোল’জি’, ‘ন’ভেল’ নহয়।

(১১) ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমাৰ সাহিত্য প্ৰতিষ্ঠা লাভৰ বাবে কিছুমান অনুষ্ঠানৰ, যেনে ধৰক ‘নেচনেল বুক ট্ৰাষ্ট’ আদিৰ কৰণীয় আছেনে?

* নেচনেল বুক ট্ৰাষ্টে আচলতে বহুত কৰিব পাৰে। ২০০৩ চনত ইয়াত (নলবাৰীত) নেচনেল বুক ট্ৰাষ্টে গ্ৰন্থমেলা পাতিছিল। কিন্তু তাৰ পৰৱৰ্তী কালত অসমীয়া সাহিত্যৰ উত্‍কৰ্ষ সাধনত নেচনেল বুক ট্ৰাষ্টে বিশেষ কিবা কৰিছে বুলি মই নাভাবোঁ। এতিয়া কি হয় মই নাজানো, যিহেতু ৰীতা চৌধুৰী তাৰ সঞ্চালক হৈছে। অসম সাহিত্য সভাৰ লগত, চৰকাৰৰ লগত সম্পৰ্ক ৰাখি নেচনেল বুক ট্ৰাষ্টে বিশেষ কিছুমান পদক্ষেপ ল’লে আমি উপকৃত হম।

(১২) চৰকাৰৰ কৰণীয় কি?

* চৰকাৰেইতো আচল। চৰকাৰে পৃষ্ঠপোষকতা দান কৰিলেহে সাহিত্য সৃষ্টি সম্ভৱ। আগৰ কালত ৰজা বিলাকে নিজে কষ্ট কৰি কবি সাহিত্যিকসকলক ভৰণ-পোষণ দি তেওঁলোকৰ পৰা সাহিত্য সৃষ্টি কৰাইছিল। ৰামায়ণ, মহাভাৰত অনুবাদৰ বাবে ৰামসৰস্বতীক ৰজাই নিজে সকলো সুবিধা কৰি দিছিল। বিক্ৰমাদিত্যৰ ৰাজসভাত কবি কালিদাসৰ জন্ম হৈছিল। শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, মাধৱ কন্দলী আদি কবিয়ে ৰাজ-পৃষ্ঠপোষকতা নাপালে উত্‍কৃষ্ট কাব্য সৃষ্টি হ’লহেঁতেননে ! আজিও যিসকলে চৰকাৰৰ পৰা পৃষ্ঠপোষকতা পাইছে, তাৰপৰা তেওঁলোক নিশ্চয় লাভৱান হৈছে।

(১৩) এতিয়া সাহিত্যিকে ‘ৰাজ-পৃষ্ঠপোষকতা’ ঠিকমতে পোৱা বুলি কব পাৰিনে?

* ঠিকমতে পোৱা বুলি কব নোৱাৰি। চৰকাৰে সাহিত্যিক পেঞ্চন এটা দিয়ে, কিন্তু সেই পেঞ্চন কোনে পায় সেয়া এটা গুৰুত্বপূৰ্ণ কথা। এতিয়া ৰাজপৃষ্ঠপোষকতা পক্ষপাতপুষ্ট, নিৰপেক্ষ নহয়। সাহিত্য সৃষ্টি নকৰা মানুহেও, আনকি ধাৰাপাত লিখা মানুহেও সাহিত্যিক বঁটা পাইছে। চৰকাৰৰ অনুষ্ঠানবোৰত অ-সাহিত্যিক আৰু স্বয়ম্ভু সাহিত্যিকৰ ভীৰ বেছি দেখিবলৈ পোৱা গৈছে।

(১৪) চৰকাৰী পৃষ্ঠপোষকতা নপোৱাকৈয়ে টলষ্টয়, ডষ্টয়েভস্কিৰ দৰে লেখকে বিশ্বমানৰ সাহিত্য সৃষ্টি কৰিছিল। তেনেস্থলত সাহিত্যিকে চৰকাৰী পৃষ্ঠপোষকতা বিচৰাটো কিমান সমীচীন?

* এষাৰ আপ্তবাক্য আছে ‘অন্নচিন্তা চমত্‍কাৰাহা’। অন্নৰ চিন্তাই সকলোতকৈ ডাঙৰ। অন্নৰ চিন্তা যদি থাকে তেওঁ যিমানেই প্ৰতিভাবান নহওঁক কিয় তেওঁ এটা পৰ্যায়লৈ নিশ্চয় যাব, কিন্তু তাতকৈ ওপৰলৈ তেওঁ উত্তীৰ্ণ হব নোৱাৰে; অথচ তেওঁৰ সম্ভাৱনা আছিল। ভাতৰ চিন্তা থাকিলে তেওঁ বাৰু সাহিত্যৰ চিন্তা কেনেকৈ কৰিব। তাৰোপৰি অধ্যয়ন, অনুশীলনৰ কাৰণে কিছু যোগান ধৰিবও লাগিব। এতিয়াতো প্ৰয়োজনবোৰ আৰু বেছি বাঢ়ি গৈছে। আগতে চিন্তা আছিল সীমাৱদ্ধ, এতিয়াতো আন্তৰ্জাতিক হব লাগিব। এজন বিশ্বমানৰ লেখক হব লাগিলে, তেওঁৰ বিশ্ব সম্পৰ্কে ধ্যান ধাৰণা থাকিব লাগিব। আৰু বিশ্বৰ ধ্যান ধাৰণা আয়ত্ব কৰিব লাগিলে লেখকজনে গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। গ্ৰন্থ অধ্যয়ন কৰিব লাগিলে আজি বহু অৰ্থৰ প্ৰয়োজন। অথচ তেওঁৰ যদি ভাতৰ চিন্তাই অধিক, সংস্থাপন বুলিবলৈ একো নাই তেনেহলে? গতিকে চৰকাৰী পৃষ্ঠপোষকতা কথাটোত এনেবোৰ কথাও সাঙোৰ খাই আছে। অৱশ্যে যিসকলে চৰকাৰী সুবিধা পায় আছে, অথচ একো সৃষ্টি কৰিব পৰা নাই তেওঁলোকক আমি ‘সুবিধাবাদী’ বুলি অভিহীত কৰিব পাৰোঁ।

(১৫) আজিকালি চৰকাৰী বঁটা-বাহনৰ সংখ্যাও বাঢ়িছে, গতিকে একাংশ সাহিত্যিকে স্বচ্ছল অৱস্থা পোৱা দেখা গৈছে। কিন্তু যিটো সময়ত চৰকাৰী বঁটা-বাহন, সা-সুবিধা এইবোৰ বৰ বিশেষ একো নাছিল তেতিয়া যথেষ্ট উন্নত মানৰ সাহিত্য পাঠকে লাভ কৰিছিল। অথচ এতিয়া?

* আগৰ সাহিত্য স্বতঃস্ফূৰ্ত আছিল। এতিয়াৰ সাহিত্য জোৰ কৰি সৃষ্টি কৰা সাহিত্য যেন মোৰ প্ৰায়ে অনুভৱ হয় আৰু স্বতঃস্ফুৰ্ততাৰ অভাৱ মই অনুভৱ কৰোঁ। জোৰপূৰ্বক সাহিত্যিক হবলৈ যাব খোজা কাৰণে সাহিত্যৰ এনে অৱস্থা হোৱা বুলি মই ভাবোঁ। ভৱেন্দ্ৰ নাথ শইকীয়া, লক্ষ্মীনন্দন বৰা বা শীলভদ্ৰৰ ৰচনাত যিটো স্বতঃস্ফূৰ্ততা দেখা যায়, সেয়া এতিয়া খুব কম। অৱশ্যে তেওঁলোক আছিল আজন্ম প্ৰতিভাবান। এষাৰ কথা আছে নহয়, লেখকৰ জন্ম হয়, লেখকক সৃষ্টি কৰিব নোৱাৰি।

(১৬) স্বতঃস্ফুৰ্ততাৰ কথা ক’লে বাবে এটা কথা সোধো। আপুনি ডেকাকালৰ পৰা আজি চৌসত্তৰ বছৰ বয়সলৈ লিখি আছে। এতিয়াও আপোনাৰ কলমেৰে সৃষ্টিশীল লেখা ওলায়ে আছে। আপোনাৰ এই সৃষ্টি কিমান স্বতঃস্ফূৰ্ত? নে কেতিয়াবা পাঠকৰ কথা মনত ৰাখি জোৰকৈয়ো লিখিব লগা হয়?

* পাঠকৰ কথাও কেতিয়াবা ভবা যায়। মই নাটক ৰচনা কৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলৰ অনুপ্ৰেৰণাত। নহ’লে মই নাটক লিখিব নোৱাৰিলোহেঁতেন। কলেজত এটা সময়ত একাংক নাটকৰ বৰ প্ৰয়োজন আছিল। কিন্তু একাংক নাটক দুস্প্ৰাপ্য আছিল। সেই সময়ৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ বাবেই মই নাটক লিখিব লগা হৈছিল। মই অসমীয়া সাহিত্যৰ শিক্ষক, গতিকে ছাত্ৰ-ছাত্ৰীৰ বাবে কেতিয়াবা প্ৰসংগপুথি বা প্ৰবন্ধসমূহো লিখিব লগা হয়। গতিকে পাঠকৰ কথা মনত ৰাখিও কেতিয়াবা লিখিব লগা হয়। কিন্তু সাহিত্য হ’ব লাগে স্বতঃস্ফূৰ্ত।

(১৭) ১৯৭৪ চনত আপোনাৰ প্ৰথম কিতাপ প্ৰকাশ হৈ ওলাইছিল। এতিয়া ২০১৬ চনত সেই লেখকজন আৰু এতিয়াৰ লেখকজনৰ মাজত কিমানখিনি পাৰ্থক্য অনুভৱ কৰে?

* বহুত পাৰ্থক্য। ১৯৭৪ চনত মই প্ৰথম গল্প প্ৰকাশ কৰোঁ, ‘প্ৰতিবাদ’ মোৰ প্ৰথম গল্পপুথি। কিন্তু সেই তেতিয়া লিখা কেইটামান গল্প পঢ়ি এতিয়া নিজৰে বেয়া লাগে। এতিয়াৰ পৰিপক্ক বয়সত সেই গল্পবোৰ পঢ়িবলৈয়ে মন নাযায়। গতিকে এই পৰিপক্কতাই সেই বয়সৰ কিছু সৃষ্টিক নাকচ কৰে। গতিকে সেইজন গল্প লেখক বসন্ত ভট্ট আজি নহয়। আৰু আজিৰ যিজন ২৫ বা ২৮ বছৰীয়া প্ৰাৰ্থনা শইকীয়া, গীতালী বৰা, প্ৰাৰ্থনা বা প্ৰশান্ত কুমাৰ দাস; তেওঁলোকো মই হ’ব নোৱাৰো। গতিকে সেইজন ব্যক্তি আৰু এইজন ব্যক্তিৰ মাজতে আমি ওলমি থাকিবলগা হৈছে।

(১৮) আপুনি নতুন লেখকৰ সৃষ্টি শ্ৰেয়ম, প্ৰাৰ্থনা শইকীয়া, প্ৰশান্ত দাস, মৌচুমী কন্দলী আদিৰ কথা কৈছে। কিন্তু আপুনি কোৱা এইসকল লেখকৰ প্ৰতিগৰাকীয়ে চুটি গল্প লিখিহে প্ৰতিষ্ঠিত হৈছে। এওঁলোকৰ চুটিগল্পই আপোনাক সন্তুষ্টি দিছে বুলি জানিছোঁ। কিন্তু বাকী কাব্য সাহিত্য বা উপন্যাস সাহিত্যৰ?

* উপন্যাস সাহিত্যৰ চৰ্চা এতিয়া সাহিত্য ক্ষেত্ৰতে কম। কিন্তু প্ৰাৰ্থনা শইকীয়াৰ উপন্যাস ‘প্লেটফৰ্মত এতিয়া কোনো নাই’খন পঢ়ি মই ভাল পাইছিলোঁ। মৌচুমী কন্দলীৰ গল্পও মোৰ প্ৰিয়। তেওঁৰ ‘তৃতীয়ত্বৰ গল্প’খন ভাল। হীৰেণ গোহাঁইৰ নিচিনা সমালোচকে প্ৰাৰ্থনা বা মৌচুমীৰ গল্পক খুব মৰ্যাদাপূৰ্ণ স্থান দিছে। ই এক গুৰুত্বপূৰ্ণ কথা।

(১৯) কবিতাৰ ক্ষেত্ৰখনৰ কথা কওকচোন।

* কবিতাৰ জগতখনত অভিনৱত্ব আহিছে, কিন্তু বেছিভাগেই অনুকৰণপ্ৰিয় হৈ উঠিছে। প্ৰণৱ কুমাৰ বৰ্মনৰ ‘যি হ’ব মোৰ প্ৰেয়সী’ৰ পিছৰ পৰা সেই দৃষ্টি বা ৰীতিৰে কবিতা ৰচনা কৰাৰ ধাৰা এটা জনপ্ৰিয় হৈ পৰিল।

(২০) নতুন কবিসকল প্ৰনৱ কুমাৰ বৰ্মনৰ ধাৰাৰে গতি কৰা বুলি আপুনি ভাবে নেকি?

* সকলোৱে নহয়, কিন্তু এটা নতুন চামে, যাৰ বয়স এতিয়া পোন্ধৰৰ পৰা পঁচিশ বছৰ তেওঁলোকে প্ৰনৱক অনুসৰণ কৰিব খোজে। এটা সময়ত নীলিম কুমাৰক বহুতে অনুসৰণ কৰিছিল। নীলিম কুমাৰৰ ধাৰাটোকে প্ৰনৱে এটা নতুন মাত্ৰা দিলে।

(২১) আকৌ মিতভাষ?

* হয়, নগেন শইকীয়াই আজি কুৰি বছৰে মিতভাষ লিখি আছে। কিন্তু মিতভাষৰ অনুকৰনকাৰী ওলোৱা নাই। দ্বিতীয় এজন মিতভাষ লেখক অসমত ওলোৱা নাই। যেনে যতীন দুৱৰা বা ৰঘুনাথ চৌধাৰীৰ পিছত কথা-কবিতা আৰু নোলাল। সময়ে কিছুমান ধাৰাক জনপ্ৰিয় কৰে, কেতিয়াবা কেতিয়াবা কিছু সৃষ্টিক নাকচো কৰে।

(২২) তাৰমানে কথাটো এনেকুৱা নেকি যে নীলমণি ফুকন বা অনুভৱ তুলসীৰ কবিতাৰ যিটো ৰীতি, চিত্ৰকল্প, কাব্যালংকাৰ বা সৌন্দৰ্য তাক বৰ্তমানৰ প্ৰজন্মই নাকচ কৰিছে?

* কিছু নাকচ কৰিছে। অনুভৱ তুলসীৰ নিচিনা বৌদ্ধিক, ইনটেলেকচুৱেল কবিতাৰ মাজলৈ এতিয়াৰ প্ৰজন্ম যেন সোমাব নোখোজে।

(২৩) তাৰমানে এতিয়াৰ পাঠকে গভীৰতালৈ সোমাব নোখোজে?

* এতিয়াৰ পাঠকে গভীৰতালৈ বৰকৈ সোমাব নোখোজে। কাৰণ এতিয়াৰ পাঠকো বহু শাখাৰ বিস্তাৰিত প্ৰতিভাৰ অধিকাৰী হৈছে। এটা সময়ত আমি নলিনীবালা দেৱীৰ কবিতা বা হীৰেণ ভট্টাচাৰ্যৰ কবিতা বৰ ভাল পাইছিলোঁ। কিন্তু এতিয়াৰ প্ৰজন্মই বৰ ভাল নাপায়। মই জনাত হীৰেন ভট্টাচাৰ্যৰ কবিতাকো বহুতে নাকচ কৰিবলৈ আৰম্ভ কৰিছে।

(২৪) এয়া ভাল লক্ষণ নে এয়া অৱধাৰিত?

* সময়ৰ পটভূমিত পাৰিবেশিক বাস্তৱতাই মানুহৰ চিন্তাৰ ওপৰত প্ৰভাৱ পেলায়। গতিকে আজিৰ এজন নতুন প্ৰজন্মৰ পঢ়ুৱৈ বা পাঠকে সেই পৰিৱেশ নিবিচাৰে। ধানক লৈ, বতাহক লৈ, গছৰ পাতক লৈ, সেউজীয়াক লৈ, তেওঁলোকে যি কবিতা লিখিছিল সেই কবিতাবোৰ এতিয়া বহুত পাঠকে নাকচ কৰে।

(২৫) আগৰ কবিতাৰ (দুটা বা তিনিটা দশক আগৰ) যিটো দুৰ্বোধ্যতা সেয়া সাম্প্ৰতিক সময়ৰ কবিতাত কিছু শিথিল হৈছে নেকি?

* হৈছে। কাৰণ কবিয়েও গম পাইছে যে লিখি লাভ নাই যদিহে পাঠকে নুবুজে। পাঠকৰো সকলো শ্ৰেণীৰ পাঠকেই ইনটেলেকশ্বুৱেল বা অধ্যয়ণশীল, মননশীল নহয়। আমিতো বহুত কবিতা বুজিবৰ কাৰণে বহুত অধ্যয়ন কৰিব লগা হয়। কিন্তু এতিয়াৰ পাঠকে সিমানলৈ যাবলৈ টান পায়।

(২৬) চাৰ, এতিয়া দেখা যায় যে প্ৰায়ভাগ মাধ্যমতে অসমীয়া উচ্চাৰণ অতি বিভ্ৰান্ত তথা বিকৃত। এয়া কিহৰ কাৰণে হৈছে?

* বিভিন্ন ভাষাৰ প্ৰভাৱত আজি অসমীয়া ভাষাৰ উচ্চাৰণ বিকৃত হৈছে বুলি মই ভাবোঁ। বিভিন্ন ভাষাৰ, উপভাষাৰ, লোকভাষাৰ প্ৰভাৱ অসমীয়া ভাষাৰ ওপৰত পৰিছে। অন্যান্য মিচিং, কাৰ্বি, লালুং, গাৰো, মিচিমি, ডফলা আদি বিভিন্ন ভাষাৰ প্ৰভাৱ ইয়াত পৰিছে। উচ্চাৰণ ইটোৰ পৰা সিটোৱে গ্ৰহণ কৰে। আমি ঘৰত অথবা ক্লাছৰূমত যিবোৰ উচ্চাৰণ কৰোঁ, সেইবোৰো আচলতে সঠিক উচ্চাৰণ নহয়। কিন্তু আমি সকলোৰে লগত এনেদৰেই মিলি থাকিব লগা হৈছে। শৈক্ষিক দিশতো আজি এইবোৰ কথা আহি পৰিছে।

(২৭) এয়া অসমীয়া ভাষাটোৰ বাবে একপ্ৰকাৰ ভাবুকি স্বৰূপ হৈছে নেকি?

* অসমীয়া ভাষাৰ ওপৰত ভাবুকি আহিছে বুলি কব নোৱাৰি। অসমখন এখন বহুভাষিক দেশ। অসম বুলি ক’লেই কেৱল আৰ্যভাষাৰ পৰা ওলোৱা ভাষাটোৱেই নহয়, ইয়াৰ অষ্ট্ৰিক ভাষা আছে, তিব্বতৰ বাৰ্মী ভাষা আছে, দ্ৰাবিড় ভাষা আছে। গতিকে এই ভাষা গোষ্ঠীবিলাকক আমি উলাই কৰিব নোৱাৰো।

(২৮) যিহেতু বহু ভাষা আছে, গতিকে সেই ভাষাবোৰৰ চৰ্চা ইতিবাচক কথা। কিন্তু ইন্টাৰনেটত ব্যৱহাৰ হোৱা ইংৰাজী নাইবা গোলকীকৰণ বা বিশ্বায়নে আমাৰ ভাষাটোৰ প্ৰতি কিবা ভাবুকি আনিছে নেকি?

* কিছু ভাবুকি আহিছে। অকল অসমীয়া বুলিয়ে নহয় অসমীয়া, উড়িয়া, ভোজপুৰী, মৈথেলী বা বাংলা আঞ্চলিক ভাষাৰ প্ৰতিয়ে নহয়, ভাৰতীয় ভাষাৰ প্ৰতিও আহিছে। সমগ্ৰ ভাৰতবৰ্ষত এটা ভাবুকিৰ সৃষ্টি হৈছে। ইংৰাজী ভাষা এটা হত্যাকাৰী ভাষা। বহু ভাষা ই নিশ্চিহ্ন কৰি পেলাইছে। পশ্চিমীয়া দেশতে বহু ভাষা ই নিশ্চিহ্ন কৰি পেলাইছে। ইংৰাজী এটা অতি ধনী আৰু সহজ ভাষা। আনহাতে অসমীয়া ভাষাটো জটিল। অসমীয়া ভাষাৰ গঠন খুব জটিল, কিন্তু ইংৰাজীৰ সহজ।

(২৯) ভাষাৰ প্ৰসংগত সুধোঁ, যে আমাৰ ভাষাটোৰ কথিত ৰূপ বা স্থানীয় ৰূপ যিটো, তাৰ মাধ্যমেৰেও একাংশই সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। স্থানীয় ৰূপটোকো সংৰক্ষণ কৰিবলৈ সেই ৰূপেৰে সাহিত্য চৰ্চাত এচামে মনোনিৱেশ কৰিছে। নলবাৰী বা বৰপেটা, মঙলদৈ বা গোৱালপাৰাৰ যিটো স্থানীয় ভাষা বা ভাষিক ভিন্নতা, তাক ধৰি ৰখাৰ চেষ্টা কৰিছে। কথিত ভাষাটোৰে লিখা এটা নতুন ধাৰাৰ যেন সৃষ্টি হৈছে। ভৱিষ্যতলৈ আমাৰ সাহিত্যৰ ক্ষেত্ৰত ই এক অশনি বাৰ্তা নে শুভ বাৰ্তা বুলি আপুনি কব খোজে?

* মই আচলতে এইটোৰ বিৰুদ্ধে। আঞ্চলিক ভাষা বা আমাৰ কথিত ভাষা কেতিয়াবা কোনো চৰিত্ৰৰ বাস্তৱতা প্ৰকাশ কৰিবৰ কাৰণে তেওঁৰ সংলাপত ব্যৱহাৰ কৰিব পাৰে। কিন্তু অসমীয়া ভাষাটোৰ এটা মান্য ৰূপ আমি স্বীকাৰ কৰি লৈছোঁ। লিখা, পঢ়াৰ ক্ষেত্ৰত মান্য অসমীয়া ভাষাটোক আমি পাই আহিছোঁ। গতিকে সাহিত্যত আমি সেই মান্য ভাষাটোৰ মৰ্যাদা ৰক্ষা কৰিবলৈ বাধ্য।

(৩০) তেন্তে এয়া সাহিত্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈছে নেকি?

* ভাবুকি স্বৰূপেই হৈছে। এতিয়া কিছুমানে কবিতা নলবাৰীৰ বা মঙলদৈৰ বা বৰপেটাৰ স্থানীয় ভাষাৰে লিখিলে। তেতিয়া অসমীয়া ভাষাৰ যিটো মান্যতা সেয়া বিনষ্ট হব। মান্যতা বিনষ্ট হ’লে সেই ভাষাটো ধ্বংস হৈ যাব।

(৩১) কিন্তু কথিত ভাষাত বহুত শব্দ আছে, যেনে ধৰক নলবাৰী অঞ্চলত জলকীয়াক ‘ভজলুক’ বুলি কোৱা হয়। এই বিচিত্ৰ শব্দ সম্ভাৰ সংৰক্ষণ কৰিবলৈ হ’লে সেই ঠাঁচত সাহিত্য সৃষ্টি কৰাত অসুবিধা ক’ত?

* শৈক্ষিক (একাডেমিক) দিশত সেই শব্দ সম্ভাৰ ৰক্ষা কৰাৰ বাবে পদক্ষেপ লব লাগিব, সাহিত্যৰ দিশেৰে নহয়। ব্যৱহাৰিক দিশ আৰু বিদ্যায়তনিক দিশ। সাহিত্যত ব্যৱহাৰ কৰিব পাৰিব, পাৰিৱেশিক বাস্তৱতা ফুটাই তোলাৰ স্বাৰ্থত চৰিত্ৰত মুখত স্থানীয় সংলাপ প্ৰয়োগ কৰিব পাৰিব, কিন্তু তাৰ বিনিময়ত যদি অসমীয়া ভাষাৰ মান্যতা হ্ৰাস কৰা যায় তেতিয়া অসমীয়া ভাষাৰ প্ৰতি অন্যায় কৰা হব। কথিত ভাষাত সেই অঞ্চলৰ শব্দ, সুৰ, ঢেক ৰক্ষা কৰাৰ প্ৰয়োজন আছে, কিন্তু লিখাৰ ক্ষেত্ৰত আমি সংবিধান মানি চলিবই লাগিব। আমি যি ইচ্ছা তাকে লিখিব নোৱাৰো, যিকোনো ভাষা মই প্ৰয়োগ কৰিব নোৱাৰো। কাৰণ লিখোঁতে মই অসমীয়া ভাষাতহে লিখিম। গতিকে অসমীয়া ভাষাৰ যিটো মহত্ব আৰু গৰিমা সেয়া মোৰ লেখাৰ মাজেৰে প্ৰকাশ পাব লাগিব। শংকৰদেৱে যি লিখিছিল সেয়া কথিত ভাষাতকৈ বেলেগ আছিল। আমাৰ স্থানীয় ভাষাত বহু শব্দৰ প্ৰকাশিকা শক্তি মান্য ভাষাতকৈ বহু ওপৰত। সেইবোৰক আমি সংৰক্ষণ কৰিবই লাগিব। কিন্তু ভাষাৰ যিটো ‘ষ্ট্ৰাকচাৰ’ তাক আমি সলাই পেলাব নোৱাৰো।

(৩২) কিন্তু যিসকলে স্থানীয় ভাষাত লেখামেলা কৰি আছে, তেওঁলোকৰ এটা যুক্তি হ’ল তেওঁলোকে কব খোজা কথাখিনি পাঠকৰ মুখৰ ভাষাৰে সহজে পাঠকৰ ওচৰলৈ লৈ যাব পাৰিছে, যিটো মান্য ভাষাৰ জৰিয়তে নোৱাৰি।

* কিন্তু মান্য ভাষাটো অধ্যয়ন কৰি আমি লিখিবই লাগিব। কাৰণ সাহিত্য এবিধ কলা। স্থাপত্য, ভাস্কৰ্য, চিত্ৰ, নৃত্য, সংগীত আৰু সাহিত্য এই ছয়প্ৰকাৰ কলাৰ ভিতৰত সাহিত্য শ্ৰেষ্ঠ কলা। আৰু সাহিত্যক আন পাচপ্ৰকাৰ কলাৰ ভিতৰত পৃথক কৰে ভাষাই। ভাষা ভাৱ প্ৰকাশৰ প্ৰসূতি। সেইকাৰণে আমি কও চিৰচেনেহী মোৰ ভাষা জননী। লেখক এজনৰ সেই স্বাধীনতা নাই যে মই যিকোনো ভাষাতেই লিখিম। কিন্তু প্ৰয়োজন বোধে এটা চৰিত্ৰ যদি বড়ো হয়, তেন্তে তাৰ মুখত বড়ো সংলাপ প্ৰয়োগ কৰিম। মামনি ৰয়চমে ‘দতাল হাতীৰ উৱে খোৱা হাউদা’ত সেয়াই কৰিছে। স্থানীয় ভাষাৰ প্ৰয়োগে উপন্যাসখনিক কেনে এক উচ্চস্তৰলৈ লৈ গৈছে। গতিকে মই স্থানীয় ভাষাৰ প্ৰয়োগ হোৱাটো বিচাৰো, কিন্তু মান্য ভাষাৰ মৰ্যাদা অক্ষুন্ন ৰাখিহে। বেজবৰুৱা, ত্ৰৈলোক্য নাথ গোস্বামী আদি লিখকেওতো স্থানীয় ভাষা প্ৰয়োগ কৰিছিল। শৰত্‍চন্দ্ৰ গোস্বামীৰ গল্পতো নলবৰীয়া শব্দৰ, শীলভদ্ৰৰ গল্পত গোৱালপৰীয়া শব্দৰ বহুল প্ৰয়োগ দেখিবলৈ পোৱা যায়। এই শব্দবোৰৰ প্ৰয়োগে তেওঁলোকৰ লেখাক এটা বিশেষ মাত্ৰা দিছে। কিন্তু তেওঁলোকে নলবৰীয়া বা গোৱালপৰীয়া ভাষাত লিখা নাই, অসমীয়া ভাষাতহে লিখিছে। যেনে ইংৰাজী ভাষাতে ফৰাচী শব্দ বহু পৰিমাণে আছে। আমাৰ অসমীয়া ভাষাত বড়ো, লালুং, কাৰ্বি, মিচিং সকলো ভাষাৰ শব্দৰ মিশ্ৰণ ঘটিছে। এইবোৰৰ প্ৰয়োগ হব লাগে।

(৩৩) ত্ৰৈলোক্য নাথ গোস্বামী চাৰে আপোনাৰ গল্পক খুব ভালকৈ প্ৰশংসা কৰি থৈ গৈছে। মই আপোনাৰ যিকেইটা গল্প পঢ়িছোঁ (আটাইবোৰ পঢ়া নাই) তাৰ ওপৰত ভিত্তি কৰিয়ে কও, যে আপোনাৰ গল্পত সৰু সৰু খাটি খোৱা মানুহ আৰু গ্ৰামীণ চৰিত্ৰই বেছি। এই চৰিত্ৰবোৰ অংকণ কৰোঁতে কিহে আপোনাক প্ৰভাৱ পেলাইছে?

* সেয়া মোৰ পাৰিপাৰ্শ্বিকতাৰে প্ৰভাৱ। মই গাঁৱত জন্মিছিলোঁ, সেয়ে গাঁৱৰ মানুহবোৰক ওচৰৰ পৰা নিৰীক্ষণ কৰিবলৈ সুবিধা পাইছিলোঁ। তেওঁলোকৰ সুখ-দুখৰ লগত জড়িত হ’লোঁ। ওচৰ চুবুৰীয়াৰ লগতো আমাৰ সম্পৰ্ক গভীৰ আছিল। গতিকে তেনে পৰিৱেশৰ পৰাই ঘটনা, কাহিনী বা চৰিত্ৰকে পিছলৈ মই গল্পবোৰত অংকণ কৰিবলৈ চেষ্টা কৰিছিলোঁ।  তাৰোপৰি শৰত্‍চন্দ্ৰ গোস্বামী, ত্ৰৈলোক্য নাথ গোস্বামীৰ গল্প আমি সৰুৰে পৰা পঢ়িছোঁ। এই দুগৰাকী গল্পকাৰৰ প্ৰভাৱো আমাৰ ওপৰত আছে।

(৩৪) বুজিলোঁ যে সাধাৰণ মানুহৰ লগত সম্পৰ্ক বা গভীৰতাই আপোনাক গল্প লিখিবলৈ অনুপ্ৰাণিত কৰিছে। কিন্তু এতিয়াৰ বেছিভাগ গল্পতে, বিশেষকৈ যিবোৰ গল্পক আমি ‘উত্তৰ আধুনিক গল্প’ বুলি কব পাৰো, সেইবোৰত এনে সৰু সৰু চৰিত্ৰ বা মাটিৰ সৈতেই মিহলি হৈ থকা সহজ সৰল চৰিত্ৰবোৰ দেখিবলৈ নাপাও। সখা দামোদৰৰ বলধহাল অথবা হোমেন বৰগোহাঞিৰ হাতীটোৰ দৰে চৰিত্ৰ এতিয়াৰ গল্পত বিচাৰি পাবলৈ নাই। হয়তো এইবাবেই সাম্প্ৰতিক গল্পও সাধাৰন মানুহৰ বুকুৰ মাজলৈ যাব পৰা নাই। আপুনি কি ভাবে?

* হয়, কিছু পৰিমানে কৃত্ৰিম হৈ পৰিছে। অৱশ্যে নতুন লেখকে প্ৰত্যাৱৰ্তন কৰা উচিত। আমি আমাৰ সেই সমাজখনলৈ প্ৰত্যাৱৰ্তন কৰা উচিত। ‘প্ৰতিগ্ৰহণবাদ’ৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। নতুনৰ দুই এজনে অৱশ্যে আশা দেখুৱাইছে। গিতালী বৰাই সাধুকথাক ‘পুনৰ্নিমাণ’ কৰিছে।

(৩৫) এতিয়া ছ’ছিয়েল মিডিয়াত বহুতেই গল্প, কবিতা, প্ৰবন্ধ আদি লিখিবলৈ লৈছে। এই ধৰণৰ ছ’ছিয়েল মিডিয়াৰ সাহিত্যক আপুনি কেনে ধৰনে লয়?

* সাহিত্যৰো কিছুমান স্তৰ থাকে, মান থাকে। সেইটো কোনটো স্তৰত পৰিছে বা কিমান মানসম্পন্ন হৈছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। কিন্তু যেনেধৰনেই নহওক, সাহিত্যক আকোঁৱালি লোৱাটো এটা ভাল লক্ষণ।

(৩৬) এই ছ’ছিয়েল মিডিয়াৰ সাহিত্যই গ্ৰন্থ সাহিত্যৰ কিবা ক্ষতি কৰিব নেকি?

* নকৰে। কলমৰ শক্তিক কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰে।

(৩৭) কিন্তু যোৱাবাৰ উত্তৰ-পূব গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰী হোৱা কিতাপখন কিন্তু মূলতঃ ছ’ছিয়েল মিডিয়াৰ সাহিত্য। সেইখন হ’ল প্ৰতিভূ দত্তৰ ‘ভূ-ভাৰস্ত’। কিতাপখনত গহীন-গম্ভীৰ, চিৰিয়াছ কথা একো নাই, তেওঁ ফেচবুকত লিখা কথাবোৰ সাংঘাতিক জনপ্ৰিয় হোৱাৰ পিছত সেই কথাবোৰ থূপ খুৱাই কিতাপখন লিখি উলিয়াইছে। কিতাপখনৰ গ্ৰন্থমেলা চলি থাকোতেই প্ৰথম সংস্কৰণ শেষ হৈছিল। এইক্ষেত্ৰত আপুনি কি কব? সাহিত্য হিচাপে ভূ-ভাৰস্ত কিমান সফল?

* বেষ্ট চেলাৰ হ’লেই যে কিতাপ এখন উচ্চমানসম্পন্ন হব সেই কথা ভুল। সেইখন যিখিনি মানুহে পঢ়িছে, তেওঁলোকে মনোৰঞ্জন বিচাৰিছে।

(৩৮) কিন্তু ইয়ে উচ্চমানৰ, গুণগত দিশত যিখিনি ভাল কিতাপ তাত বাধা দিয়া নাই জানো?

* নাই দিয়া। উচ্চমানৰ কিতাপ যিখিনিয়ে পঢ়ে, তেওঁলোকে হয়তো সেইখন পঢ়া নাই। যিজন মানুহ যেনেধৰনৰ কিতাপ পঢ়াৰ উপযুক্ত তেওঁ তেনে কিতাপেই পঢ়িব। ‘চিৰিয়াছ’ পঢ়ুৱৈৰ ৰুচিৰ ওপৰত একোৱে প্ৰভাৱ পেলাব নোৱাৰে।

(৩৯) কিন্তু পঢ়ুৱৈৰ ‘চিৰিয়াছনেচ’ একেদিনাইতো নাহে। উদাহৰণ স্বৰূপে আমি একেদিনাই হয়তো গৰিয়সী বা প্ৰান্তিক পঢ়িব পৰা হোৱা নাই। প্ৰথমে আমি বিস্ময়, ৰহস্য পঢ়ি পঢ়ি নিজৰ পৰিপক্কতাক আগবঢ়াই নিব লাগিব। গতিকে এই যে বিস্ময় বা ৰহস্যৰ সাহিত্য বা প্ৰতিভূ দত্তৰ সাহিত্য এইখিনিকো আপোনাসৱৰ দৰে জ্যেষ্ঠজনে প্ৰেৰণা দিয়াৰ বা জীয়াই ৰখাৰ প্ৰয়োজন নাই জানো?

*প্ৰয়োজন আছে। এইখিনিও লাগিব। এইধৰণৰ সহিত্যৰে আমি বাট এটা মুকলি কৰি লব লাগিব। বিস্ময় বা ৰহস্য পঢ়াৰ পিছতহে এজন পাঠকে ‘জীৱনৰ বাটত’ পঢ়িব পাৰিব। গতিকে সেইখিনিও জীয়াই থাকিব লাগিব। গ্ৰন্থমেলাত ‘ভূ-ভাৰস্ত’ৰ যেনে চাহিদা, তেনে চাহিদা আন এখন উচ্চমানৰ চিন্তনীয় গ্ৰন্থৰ প্ৰতিও পাঠকৰ থাকিব লাগিব। আৰু যদি সেয়া হোৱা নাই তেন্তে বুজিব লাগিব কৰবাত আমাৰ কিবা এটা সংকট হৈছে।

(৪০) কিন্তু সমালোচকসকলে বা জ্যেষ্ঠ সাহিত্যিকসকলে ৰহস্য সাহিত্য, কল্পবিজ্ঞান সাহিত্য বা ব্যংগ সাহিত্যক সাহিত্য বুলিয়ে গণ্য কৰিব নোখোজে যেন আমাৰ ভাব হয়। হয়তো সেইবাবেই সাহিত্যত এই শাখাকেইটা বৰ দুৰ্বল হৈয়ে আছে। অথচ আগাথা ক্ৰিষ্টি, আৰ্থাৰ কনান ডায়েলৰ ৰহস্য উপন্যাসৰ পাঠক সমগ্ৰ পৃথিৱীতে আছে। বাংলাতো সাহিত্যৰ এই শাখাকেইটাৰ যথেষ্ট সমাদৰ আছে।

* আমি হাইস্কুলত পঢ়ি থাকোঁতে প্ৰেমনাৰায়ন দত্তৰ পাফু চিৰিজ ‘বেষ্ট চেলাৰ’ আছিল। আমাৰ অসমীয়া সাহিত্যৰ আৰম্ভণি হৈছে আচলতে ব্যংগাত্মক সাহিত্যৰে। সেই সময়ৰ পাৰিৱেশিক বাস্তৱতা অনুযায়ী অথবা নিম্নগামী অসমীয়া সমাজখনক উদগনি দিবলৈ হেমেচন্দ্ৰ বৰুৱাই কলম হাতত তুলি লৈছিল। তেওঁ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি’, ‘কানিয়াৰ কীৰ্তন’ ৰচনা কৰি এটা কালজয়ী ঐতিহ্য ৰচনা কৰিছে অসমত। তেওঁৰ পিছত বেজবৰুৱা আহিল। সেই ব্যংগ সাহিত্যৰ দ্বাৰাই আমাৰ আধুনিক অসমীয়া সাহিত্যৰ দুৱাৰ মুকলি হৈছে। সেই সময়ৰ পাৰিৱেশিক বাস্তৱতাই তেনে সাহিত্য সৃষ্টি কৰিছিল। বৰ্তমানৰ সামাজিক পৰিৱৰ্তনৰ পটভূমিত ব্যংগ সাহিত্য এতিয়া কিছু পৰিমাণে এলাগী হোৱা যেন লাগে। কিন্তু সাম্প্ৰতিক সময়ত ব্যংগাত্মক সাহিত্যৰ বিভিন্ন দিশ আন আন সাহিত্যৰ মাজত সোমাই পৰিছে। এতিয়াৰ ব্যংগ প্ৰচ্ছন্ন হৈ আছে গল্প, কবিতা বা অন্যান্য সাহিত্যৰ মাজত। এতিয়া হেমচন্দ্ৰ বৰুৱা বা বেজবৰুৱাৰ সমাজ নাই। আমি এখন নতুন সমাজৰ মুখামুখি হৈছোঁ। এই সমাজ একবিংশ শতিকাৰ পাশ্চাত্যকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে গঢ় লৈ উঠা এখন আধুনিক সমাজ।

(৪১) এই সমাজখনে বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা আদিৰ বৰেণ্যৰ অৱদানখিনিক ধৰি ৰাখিব পাৰিবনে?

* পাৰিব লাগিব। কাৰণ তেওঁলোকেই ইয়াৰ পটভূমি নিৰ্মাণ কৰিছে। বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা, প্ৰমোদ ভট্টাচাৰ্য, ড০ উপেন গোস্বামী আদি বৰেণ্য কেতিয়াও নজহে-নপমে। কাৰণ আজিৰ প্ৰজন্মৰ কাৰণে তেওঁলোকে এটা পটভূমি নিৰ্মাণ কৰি থৈ গৈছে। গতিকে এই পটভূমি যদি নাইকীয়া হৈ যাব লাগে, তেনেহ’লে অসমীয়া জাতি সমূলি ধ্বংস হব। তেওঁলোকে নিৰ্মাণ কৰি দিছে আধুনিক অসমীয়া ভাষা সাহিত্যৰ পটভূমি। এইসকল মহীৰূহ যিদিনাই হাওলি পৰিব, সেইদিনাই কিন্তু অসমীয়া জাতিৰ দুৰ্যোগ নিশ্চিত।

(৪২) কিছুদিন আগতে কিছুসংখ্যক সাহিত্যিকে প্ৰতিবাদৰ চিনস্বৰূপে পুৰস্কাৰ ঘূৰাই দিছিল। এই সম্পৰ্কে আপুনি কি কব?

* পুৰস্কাৰ ঘূৰাই দিয়া কথাটো মই ভাল কথা বুলি নাভাবোঁ। পুৰস্কাৰ মানে হৈছে স্বীকৃতি। সেই স্বীকৃতি তেওঁক পঢ়ুৱৈয়ে দিছে। তেনেদৰে প্ৰতিবাদ কৰাটো মোৰ মতে উচিত হোৱা নাই, প্ৰতিবাদ অন্যধৰনেও কৰিব পাৰি। মানুহৰ মৰমে জীৱনটোক ভাল পাবলৈ শিকায়। সেই মৰম ঘূৰাই দিব নোৱাৰি। পুৰস্কাৰ এটাক মইতো মৰম বুলি ভাবোঁ। গতিকে মৰমক ওভোটাই দিয়াটো শুভকাম বুলি মই নাভাবোঁ।

(৪৩) অলপ ব্যক্তিগত বিষয়লৈ আহোঁ। পৰিয়ালৰ মানুহে বেয়া পোৱা কোনটো কাম কৰি আপুনি ভাল পায়?

* পৰিয়ালে বেয়া পোৱা কাম মই কৰা নাই যেন লাগে দেখোন। লিখি থকা সময়ত মোক ‘কিনো এইবোৰ লিখি থাকে, বজাৰৰ পৰা আহকগৈ’ বুলি কোনেও কোৱা নাই। প্ৰতিটো কামতে পৰিয়ালৰ মানুহৰ মই সহযোগ পাইছোঁ, মৰম পাইছোঁ। গতিকে তেওঁলোকে ভাল পোৱা কামেই কৰি থকা বুলি মই ধৰি লৈছোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments