ড° পদ্মেশ্বৰ গগৈৰ বিষয়ে -( পংকজ চেতিয়া)

ড° পদ্মেশ্বৰ গগৈৰ বিষয়ে

– পংকজ চেতিয়া
আজি অকবৰ ৰাইজলৈ আগবঢ়াইছো মোৰ এজন শিক্ষাগুৰুৰ কথা। তেখেত একেধাৰে এজন বিশ্বখ্যাত উদ্ভিদ বিজ্ঞানী,  পৰিবেশবিদ তথা  বনসংৰক্ষক, এজন নামজ্বলা শিক্ষক। হয়, তেখেত হৈছে ড° পদ্মেশ্বৰ গগৈ। গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক। যোগ্যতা অনুযায়ী তেখেতে যি কোনো নামী-দামী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব পাৰিলে হয়। কিন্তু সুবিধা পাইও তেখেতে নিজে পঢ়া মহাবিদ্যালয়খনতেই সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল। অসমৰ ৰাইজে তেখেতক চিনি নেপাবও পাৰে,  কাৰণ তেখেত হৈছে এজন প্ৰচাৰ বিমুখ লোক। সেয়ে তেখেতৰ বিষয়ে ৰাইজক জনাবলৈ মন গ’ল। উদ্ভিদ বিজ্ঞানী হিচাপে তেখেত বিশ্বখ্যাত আছিল, তাত সন্দেহ নাই। তেখেতে বহু বিধ নতুন উদ্ভিদ আৱিষ্কাৰ কৰি নামাকৰণ কৰিছিল। সাচিঁ খেতিৰ প্ৰসাৰতো তেখেতৰ অৱদান উল্লেখনীয়। তেখেতৰ সন্মানাৰ্থে এজোপা ঢেকীয়া জাতীয় উদ্ভিদৰ নামাকৰণ কৰা হৈছে Thelypterisgogoiiনামেৰে। মহাবিদ্যালয়ৰ শিক্ষক আছিল যদিও তেখেতৰ তত্বাৱধানত কেইবাজনেও ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। বিদেশৰ বহু বিজ্ঞানীয়ে তেখেতক লগ কৰিবলৈ অহা আগতে দেখিছিলো। অৱসৰ গ্ৰহনৰ পিছত তেখেতে কামৰূপ জিলাৰ ক্ষেত্ৰীস্থিত NEDFiৰ ঔষধি ও সুগন্ধি উদ্ভিদৰ প্ৰয়োগশালাত অৱকাশ প্ৰাপ্ত বিজ্ঞানী (Emeritus scientist) হিচাপে ৩ বছৰ কাম কৰাৰ পিছত বৰ্তমান তেখেত থাকে গোলাঘাটৰ বগৰীজেংস্থিত বাসভৱনত। পদ্মেশ্বৰ গগৈ ছাৰৰ বৈজ্ঞানিক ক্ষেত্ৰখন আলোচনা কৰা আচলতে মোৰ উদ্দেশ্য নাছিল। কিন্তু যিখিনি ক’লো, সেইখিনি নকলে কিছু কথা আধৰুৱা হৈ ৰ’ব বুলি ভাবিলো। গগৈ ছাৰৰ আন এটা উল্লেখনীয় দিশৰ কথাহে আজি ক’ব বিচাৰিছো। সেয়া হৈছে অসমীয়া কলা-সংস্কৃতিত তেখতৰ দখল। অসমৰ ৰাইজে তেখেতক চিনি নেপাব পাৰে, কিন্তু সাম্প্ৰতিক সময়ত অসমীয়া কলা-সংস্কৃতিত তেওঁৰ সমান দখল থকা ব্যক্তি বোধহয় দ্বিতীয় এজন নোলাব। আজি অসমৰ ৰাইজে ঢোলৰ ওজা সোমনাথ বড়া ডাঙৰীয়াক চিনি পায়। কিন্তু সোমনাথ ডাঙৰীয়াক পোন-প্ৰথমে মঞ্চত উঠাইছিল এই গগৈ ছাৰেই।গগৈ ছাৰ নিজেই এজন ওজা। গগৈ ছাৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰাৰ পিছত তেখেতে এখন ঢোলৰ ওজাৰ প্ৰতিযোগিতা পাতিছিল। সোমনাথ ডাঙৰীয়া গণিত বিভাগৰ ছাত্ৰ আছিল। তেখেতৰ ঢোলতো হাতখন ভাল আছিল আৰু পঢ়া-শুনাতো ভাল আছিল বাবেই তেখেতে প্ৰতিযোগিতাত প্ৰথম পুৰষ্কাৰ পাইছিল। গগৈ ছাৰ কেৱল ঢোলৰেই ওজা নহয়। তেখেত মৃদঙ্গীয়া ওজাও। হয়, তেখেতে নিজে মৃদং বজায়।আৰু বহুতো থলুৱা বাদ্য-যন্ত্ৰ বজাব জানে। ২০১২ চনৰ ২৯ মে’ তাৰিখে গগৈ ছাৰক দেখা কৰিবলৈ তেখেতৰ গোলাঘাটৰ বগৰীজেংস্থিত বাসভৱনলৈ গৈছিলো। তাৰ কেইদিনমান আগতে তেখেতৰ বাইপাছ ছাৰ্জাৰী হৈ গৈছিল। তেখেত তাত অকলেই থাকে। কাৰণ তেখেতে বিয়া-বাৰু কৰোৱা নাছিল! এজন প্ৰকৃত প্ৰেমিক, চিৰ প্ৰেমিক। তেখেতৰ ঘৰলৈ যোৱাৰ উদ্দেশ্য আছিল, মোৰ ডক্টৰেট ডিগ্ৰী লাভৰ পিছত তেখেতক সেৱা এফাকি জনোৱা। কিন্তু তেখেতৰ ঘৰত গৈ যি দুঘণ্টামান সময় পাৰ কৰিলো,  সেই দুঘণ্টা মোৰ জীৱনৰ চিৰস্মৰণীয় মুহুৰ্ত হৈ ৰ’ব। সেইদিনা তেখেতৰ পৰা জানিব পাৰিলো অসম আন্দোলনৰ কথা, দশাৱতাৰ নৃত্যৰ জন্মৰ কথা, ঢোলৰ ইতিহাস, খোলৰ ইতিহাস, মৃদঙ্গৰ ইতিহাস, অসমীয়া আৰু বাংলা ভাষাৰ স্বকীয়তাৰ কথা, বাংলাদেশী প্ৰবজনৰ কথা, সত্ৰীয়া নৃত্যৰ কথা, বিহু গানৰ কথা, কাজিৰঙাৰ কথা, নামবৰৰ কথা।উদ্ভিদ বিজ্ঞানটো আছিলেই! সেইদিনা সময় কম আছিল। জানিবলগীয়া কথা আছিল বহুতো। ছাৰৰ ছাত্ৰ হৈ থকা অৱস্থাত ইমান মুকলিকৈ কথা পাতিব পৰাকৈ সাহস নাছিল। কিন্তু উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ হিচাপে ছাৰৰ লগত নামবৰ হাবিলৈ যাওঁতে বঢ়মথুৰি গছৰ তলত ৰৈ ছাৰে বঢ়মথুৰিক লৈ বিহুগান গোৱা এতিয়াও মনত আছে। হয়, ছাৰ ডিব্ৰুগড় অনাতাৰ কেন্দ্ৰৰ শিল্পীও আছিল। কি সুন্দৰ পুৰুষ সুলভ গলা তেখেতৰ! ১৯৯৯ চনত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱত সোমনাথ বড়াডাঙৰীয়া আহোঁতে গগৈ ছাৰৰ বিহুগান এটাই গাইছিল। গগৈছাৰৰ পৰা সেইদিনা বিদায় লোৱাৰ সময়ত ছাৰে কৈছিল, আৰু কিবাকিবি জানিবলৈ মন থাকিলে প্ৰশ্নবোৰ লিখি লৈ আহিবা। আকৌ এবাৰ ছাৰৰ ওচৰলৈ যাবলৈ সময়েই মিলাব নোৱাৰা হ’লোচোন। ছাৰক কৈছিলো, “আপুনি ইমান কথা জানে, কথাবোৰ লিখি নেৰাখে কেলৈ? বহু কথা কোনেও নজনাকৈয়ে নাইকিয়া হৈ যাবচোন”।ছাৰে কৈছিল, লিখিবলৈ আৰম্ভ কৰিছে বুলি।জানো, ছাৰ প্ৰচাৰ বিমুখ, লিখিলেও সেই লেখা ছাৰৰ লগতেই থাকি যাব।মাজে মাজে ভাবোঁ, অসমীয়া টিভি চেনেলবোৰে অদৰকাৰী অনুষ্ঠান কিছুমান দেখুৱাই সময় নষ্ট কৰে। কিন্তু গগৈ ছাৰৰ দৰে মানুহৰ ওপৰত এটা অনুষ্ঠান কৰিব নোৱাৰেনে??
ছাৰলৈ প্ৰণাম যাঁচি, ছাৰৰ সুস্বাস্থ্য কামণা কৰিলো…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments