ব্যক্তিৰ সুঅভ্যাসেই সুস্থ সমাজ গঢ়ে – দেৱকান্ত সন্দিকৈ

কোৱা হয় – মানুহ অভ্যাসৰ ভৃত্য৷ আৰু কোৱা হয় – অভ্যাস দ্বিতীয় প্ৰকৃতি, হেবিট ইজ দ্য চেকেণ্ড নেচাৰ (habit is the second nature)৷ মানুহৰ কিছুমান প্ৰকৃতিপ্ৰদত্ত প্ৰবৃত্তি বা স্বভাৱ থাকে৷ তাৰ লগত অভ্যাসৰ দ্বাৰা আহৰণ কৰা স্বভাৱ কিছুমান যোগ হয়৷ আৰু প্ৰায় সময়তেই এজন মানুহক এই অভ্যাস আহৃত স্বভাৱ বা চৰিত্ৰই পৰিচালনা কৰে৷ সেয়েহে কোৱা হয় – অভ্যাস হ’ল মানুহৰ দ্বিত্বীয় প্ৰকৃতি (স্বভাৱ বা চৰিত্ৰ)৷ — আমাৰ যি কোনো আচৰণ ভাল বা বেয়া, অভ্যাসত পৰিণত হ’লে তাৰ পৰা বৰ সহজে মুক্তি পোৱা নাযায়৷ ভাল অভ্যাসবোৰ সদায় আমাৰ ইচ্ছা আৰু মানসিক দৃঢ়তাৰ সহযোগত গঢ় লৈ উঠে৷ বেয়া অভ্যাসবোৰ আমাৰ বিবেকৰ নিষ্ক্ৰিয়তা তথা আলস্যত জন্ম লাভ কৰে৷

পুৱা দেৰিলৈকে শুই থাকি আৰামবোধ হৈছে৷ সোনকালে উঠিবলৈ ইচ্ছা বা বিবেকে একো নিৰ্দেশ দিয়া নাই৷ ইচ্ছা আৰু বিবেকো আলস্যৰ দখলত৷ এনেকৈ প্ৰতিদিনে পুৱা দেৰিলৈকে শুই থাকি দেৰীকৈ উঠাৰ অভ্যাস এটা গঢ় লৈ উঠিছে৷ এই বদঅভ্যাসটো নাইকিয়া কৰিবলৈ হ’লে প্ৰতিটো পুৱাই আমি আমাৰ এলাহগ্ৰস্ত ইচ্ছাশক্তি বা বিবেকৰ বিৰুদ্ধে যুঁজিব লাগিব৷ সোনকালে উঠিবলৈ আমাৰ ইচ্ছা আৰু বিবেকে কঢ়া নিৰ্দেশ দিব লাগিব৷ সেই নিৰ্দেশ পালন কৰিব পাৰিলেহে আমি পুৱা সোনকালে উঠাৰ ভাল অভ্যাস এটা গঢ়ি তুলিব পাৰিম৷ অভ্যাস মানেই হ’ল আচৰণ এটা বাৰে বাৰে কৰি থাকি আচৰণটোৰ প্ৰতি এটা সহজ ‘প্ৰৱণতা’ সৃষ্টি কৰা৷

ব্যক্তিগত ভাল অভ্যাসে আমাৰ ব্যক্তিগত জীৱনটো সুচাৰুৰূপে চলি থকাত সহায় কৰে৷ বেয়া অভ্যাসে প্ৰায় ক্ষেত্ৰতে জীৱনলৈ অশান্তি আৰু বিপদ মাতি আনে৷ মাদক দ্ৰব্য সেৱন নকৰাৰ ভাল অভ্যাস থাকিলে আমাৰ স্বাস্থ্য ভালে থাকিব৷ ঘৰখনতো সুখ-শান্তি বিৰাজ কৰিব৷ নিয়মীয়া অধ্যয়নৰ ভাল অভ্যাসে আমাক জ্ঞান অৰ্জনত সহায় কৰাৰ উপৰিও মানবীয় বিচিত্ৰ অভিজ্ঞতা আৰু চিন্তাৰ আনন্দ প্ৰদান কৰিব৷ –আচলতে সুখী আৰু আনন্দময় জীৱন মানেই ভাল অভ্যাসৰ জীৱন৷ আনহাতে বেয়া অভ্যাসে আমাৰ স্বাস্থ্য হানি কৰে, সন্মান নষ্ট কৰে, অনাকাংক্ষিত বিপদ বিঘিণিৰ সন্মুখীন কৰাই জীৱনটো দুৰ্বিষহ কৰি তোলে৷ আনকি কেতিয়াবা বেয়া অভ্যাসেই মৃত্যুৰ কাৰণ হৈ উঠে৷ এইবোৰ সকলোৱে জনা কথাৰ উদাহৰণ প্ৰয়োজন নাই৷

আমাৰ ক্ষুদ্ৰ ব্যক্তিগত সুঅভ্যাসবোৰৰ সমষ্টিয়েই হ’ল সামগ্ৰিকভাৱে বৃহৎ সামাজিক সুঅভ্যাসৰ এখন আনে দেখি পোৱা ছবি৷ আমি প্ৰতিজন নাগৰিকে যদি ৰাস্তা পদূলিত পেলনীয়া কাগজ বা আৱৰ্জনা নেপেলোৱাৰ সুঅভ্যাস গঢ়িব পাৰো, য’তে ত’তে থূ-খেকাৰ নেপেলোৱাৰ, বিষ্ঠা ত্যাগ নকৰাৰ সুঅভ্যাস গঢ়ি তুলিব পাৰো – আমাৰ ৰাস্তা-পদূলি আৰু পৰিবেশ পাৰিপাৰ্শ্বিকতা পৰিষ্কাৰ হৈ থাকিব, আৰু সেই নিৰ্মল পৰিষ্কাৰ পৰিবেশৰ ছবিখনে আনৰ দৃষ্টিত আমাৰ ‘ভাল সামাজিক অভ্যাস’ এটাৰ পৰিচয় দাঙি ধৰিব৷ আমি যি কোনো সেৱা (service) গ্ৰহণ কৰিবলৈ হেতাওপৰা বা বিশৃংখলতাৰ সৃষ্টি নকৰি শৃংখলাবদ্ধভাৱে শাৰী পাতি থিয় দিয়াৰ ‘সামাজিক সুঅভ্যাস’ গঢ়িব পাৰো৷ ইয়াৰ দ্বাৰা সকলোৰে সুবিধাই হ’ব আৰু সময়ো বাচিব৷ – সমাজৰ প্ৰতিজন ব্যক্তিৰ সুঅভ্যাসবোৰৰ সমাহাৰেহে এটা ‘সুসভ্য জাতি’ গঢ়ি তোলে৷

মানৱ জীৱনত অভ্যাসৰ কিমান সুদৃঢ় আৰু স্থায়ী প্ৰভাৱ থাকে তাৰ এটা উৎকৃষ্ট উদাহৰণ হ’ল – সমাজৰ প্ৰায় সকলোৱেই ৰাস্তাৰে যাওঁতে কাষতে পোৱা ধৰ্মগৃহ বা প্ৰাৰ্থনাগৃহবিলাকলৈ মূৰ দোৱাই কপাললৈ হাতখন তোলা দেখিবলৈ পোৱাটো৷ সৰু কালৰে পৰা পাই অহা এক ধৰণৰ শিক্ষাৰ ফলতে এনে এটা অভ্যাস গঢ় লৈ উঠিব পাৰিছে৷ –এইটো ভাল অভ্যাস নে বেয়া অভ্যাস, বা এই অভ্যাসৰ সামাজিক উপকাৰিতা কিমান এই বিষয়ে আমি একো মন্তব্য নিদিওঁ৷ আমি গুৰুত্ব দিব খোজা কথাটো হ’ল – প্ৰাৰ্থনাগৃহলৈ স্বয়ংক্ৰিয়ভাৱে হাতখন কপাললৈ উঠাৰ অভ্যাসটোৰ দৰে আমি সদায় সময় হোৱাৰ লগে লগে অলপো দেৰী নকৰাকৈ কাৰ্য্যালয়ত উপস্থিত হোৱা অভ্যাস কৰিব পাৰো, দিনটোত টেবুললৈ অহা এটাও ফাইল এমাহ-ছমাহলৈ পেলাই নোথোৱাৰ অভ্যাস কৰি আমাৰ কৰ্মসংস্কৃতিলৈ ইতিবাচক পৰিবৰ্তন আনিব পাৰো, ঘোচ বা উৎকোচ নোলোৱাকৈ কামৰ বাবে অহা সকলোকে প্ৰয়োজনীয় কামবোৰ যিমান পাৰি সোনকালে কৰি দিয়াৰ অভ্যাস কৰিব পাৰো, মহিলাসকলক তেওঁলোকৰ প্ৰাপ্য সন্মান জনোৱাৰ অভ্যাস কৰিব পাৰো৷ – কিন্তু এনেকুৱা এটাও মানৱীয় সুঅভ্যাস গঢ়ি তোলাৰ চেষ্টা নকৰি কেবল ধৰ্মস্থান দেখিলে কপাললৈ/বুকুলৈ হাত নিয়া অভ্যাসটোৰে সমাজৰ একো উপকাৰ নহয়৷ আমি মাত্ৰ এই কথাটোহে কব বিচাৰিছো৷ নহ’লে এজনৰ ব্যক্তিগত অভ্যাসত মাত মাতিবলৈ আমাৰ একো অধিকাৰ নাই৷

কথাতে কয় – অভ্যাসৰ নৰ, কৰ্ণ পথে কৰে শৰ৷ অভ্যাসৰ বলত মহিলাৰ কাণৰ থুৰীয়া পিন্ধা বিন্ধাটোৱেদিও শৰ এপাট সৰকাই পঠাব পাৰি!

চাৰ্কাচত আমি যিবোৰ আচৰিত হ’ব লগা খেল দেখা পাওঁ, সেইবোৰ দিনে ৰাতিয়ে কৰা অভ্যাসৰ ফল৷ মেজিক বা যাদুবিদ্যাতো কোনো ধৰণৰ মন্ত্ৰ বা অলৌকিকতা নাই৷ মেজিক সদায় বিজ্ঞানৰ নীতি বা সূত্ৰৰ অধীন৷ মেজিচিয়ানজনে মাত্ৰ মেজিকৰ কৌশলটো দৰ্শকে একো বুজিব নোৱাৰাকৈ দেখুওৱাৰ অভ্যাস কৰে৷ দক্ষতাৰ বাবে অভ্যাসৰ বিকল্প নাই৷

সেয়েহে কোৱা হয় – অনভ্যাসে হত বিদ্যা৷ অভ্যাস কৰি নাথাকিলে আমাৰ এই কষ্টআৰ্জিত সকলো বিদ্যা আৰু জ্ঞানৰ ভাণ্ডাৰ নষ্ট হ’ব! মানৱ সভ্যতা কঠোৰ জ্ঞান অভ্যাসৰ ফচল৷ আমাৰ অভ্যাসেই আমাৰ চৰিত্ৰ৷ পৃথিৱীৰ উন্নত সুসভ্য জাতিবিলাকৰ সমকক্ষ হ’বলৈ আমি সকলো ধৰণৰ ব্যক্তিগত তথা সামাজিক সুঅভ্যাসৰ সাধনা কৰিবই লাগিব৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments