ডি এচ পিৰ জীয়েক ! ( -জ্যোতিৰূপম দত্ত)

কলেজত পঢ়ি থকা সময়ৰ কথা ৷ সম্বন্ধীয়া বাইদেউ এগৰাকীয়ে এদিন লগ পাই ক’লে, “মোক স্নাতক প্ৰথম বৰ্ষৰ বুৰঞ্জীৰ দুখনমান কিতাপ লাগিছিল ৷ তোমাৰ লগৰ কাৰোবাৰ তাত পাম নেকি ?” মই তেতিয়া গুৱাহাটী কমাৰ্চ কলেজত পঢ়ো ৷ মই কলো, “চাই দিম বাৰু ৷ পিছে কিয় লাগিছিল বাৰু ?” বাইদেৱে কলে, “মই এইবাৰ অসম অসামৰিক সেৱাৰ পৰীক্ষা দিম বুলি ভাবিছো, কিতাপকেইখন পালে সুবিধা হয় ৷ পোৱা যদি চাবাচোন ৷ এসপ্তাহমানতে ঘুৰাই দিম ৷”

মোৰ ঘৰৰ কাষতে কলা শাখাত পঢ়া মোৰ স্কুলৰ দিনৰে বান্ধৱী এগৰাকীৰ ঘৰ ৷ আবেলি তাইৰ ঘৰলৈ গৈ কথাটো কলো যে দুখনমান বুৰঞ্জীৰ কিতাপ লাগিছিল ৷ তাই কলে, “মই অসমীয়াত হে মেজৰ লৈছো, ক’ত বুৰঞ্জীৰ কিতাপ থাকিব মোৰ লগত ৷ তই এটা কাম কৰ সেই ডি এচ পিৰ ঘৰলৈ যা, সৰুজনী জীয়েকৰ তাত পাই যাবি ৷ তাই বুৰঞ্জীৰ মেজৰ লৈছে ৷” তাৰ পাছত চকুটো বেঁকা কৰি অদ্ভুত এটা চাৱনি দি তাই কলে, “তই ভালেই পাবি যা, বহুদিন দেখাই নাই চাগে তই, তায়ো চাগে বিনাই আছে তোক এবাৰ চাবলৈ !”

“ধুইত ! কি যে কৱ তই ! বাৰু তাইকেই সুধি চাম ৷”, বুলি কৈ মই ডি এচ পিৰ ঘৰলৈ খোজ পোনালো ৷ ডি এচ পিৰ সৰুজনী জীয়েক, নীলা (ধৰি লোৱা নামহে দেই, আচলটো বেলেগ !) ৷ তাই হাইস্কুলত আমাৰ লগত ক্লাছ নাইনৰ পৰা পঢ়িছিল, দেউতাক গুৱাহাটীলৈ বদলি হৈ অহাৰ পাছত আমাৰ স্কুলতে নাম লগাইছিল ৷ দেখাত সিমান বেয়া নহয় কিন্তু একেবাৰে জেওৰা খৰি হেন গাটো ! পিছে মোৰো সেই সময়ৰ চেহেৰাটো দিয়াশলাই কাঠীৰ লগতহে ৰিজাব পৰা গৈছিল ! একেবাৰে নিবোকা চামোন ছোৱালীজনীক ক্লাছৰ প্ৰায়ভাগেই মোৰ সৈতে জোৰা লগাই জোকাই শেষ কৰিছিল ৷

এদিন লগৰ এজনে কলে, “তাইৰ ঘৰতে দুটাকে বন্দুক আছে আৰু ককালত বোলে বাপেকে ৰিভলভাৰটো লৈয়েই ফুৰে !”

DSP r jiyek

মিছা নকও, মোৰো ভৰি পিছল খাওঁ খাওঁ হওতেই তাইৰ বাপেকৰ সমৰ সজ্জাৰ কথা শুনি সেইফালেই তাপ মাৰিলো ৷ মেট্ৰিক পৰীক্ষা ভালকৈয়ে পাছ কৰি কমাৰ্চত নাম লগোৱাৰ পিছত বহুদিনলৈ তাইৰ লগত দেখা সাক্ষাৎ নোহোৱাৰ নিচিনাই হৈছিল ৷ কেতিয়াবা বাটত দেখিলে মিচিকিয়া হাহি এটা সেয়াই আৰু ! পিছে কাঁহৰ বাচনত কোব মৰাৰ নিচিনাকে অলপ সময়লৈ ৰিণ ৰিণকৈ কিবা এটা বাজি থাকিছিল অবশ্যে, পিছে অলপ পাছতেই সকলো শেষ !

ফোঁ-ফোৱাই গৈ কলিংবেল বজালো ডি এচ পিৰ ঘৰত ! তেতিয়াহে মনত খেলালে, বাপেকে যদি বন্দুকটো লৈ ওলায় ! দৰজাখন মেল খালে, বাপেক ওলাই আহিল !

: “কি লাগে ?”, একদম পুলিচি মেজাজেৰে সুধিলে ৷

মোৰ ইফালে অবস্থা কাহিল ৷ প্ৰথমতে তেওঁৰ হাতলৈ চালো, ৰক্ষা একো নাই ! উত্তৰ দিবলৈ গৈ গম পালো ডিঙি কৰ্কৰীয়া মাৰিছে ৷ কিবাকে মুখেৰে ওলাল, “নীলা আছে নেকি ?”

পিছে প্ৰশ্নটো কৰিহে গম পালো এইটোৱেই ভুল হ’ল ৷

: “কিয় ?”, মোৰ কাণৰ কাষেৰে যেন এটা থ্ৰি নট্ থ্ৰিৰ গৰম বুলেট সো-সোৱাই পাৰ হৈ গ’ল তেনে লাগিল !

: “নাই মানে মানে এখন কিতাপ লাগিছিল মানে ! মানে মই তাইৰ লগত মানে একেলগে স্কুলত পঢ়িছিলো মানে !”, এসোপামান ‘মানে’ লগাই কিবাকে বাক্যটো শেষ কৰি তেওঁৰ মুখলৈ চাই ৰলো৷

: “ক’ত ঘৰ ?”, আকৌ জেৰা আৰম্ভ ৷

অলপ অলপকৈ মোৰ মুৰটো গৰম হৈ আহিব ধৰিছিল কিজানি ৷

‘কিতাপ এখন বিচাৰি আহিছো, জীয়েৰক নিবলৈ অহা নাই !’ এনেকৈ কম বুলি ভাবিলেও অলপ ভাবি এফালৰ পৰা গাই গলো, ঘৰ অমুকত, অমুকত পঢ়ো, দেউতাৰ নাম ইত্যাদি ৷

: “অ’ হয়নেকি ৷ আহা বহাহি ! তাইক মাতি দিছো ৷”, জেৰা শেষ ! অবশেষত ডি এচ পিয়ে গ্ৰীলখন ঠেলি মোক বাৰাণ্ডাৰ চকীখন দেখুৱাই অন্তৰ্ধান হ’ল !

নীলা ওলাই আহিল ৷ আহিয়েই ভিতৰলৈ যাবলৈ আব্দাৰ ধৰিলে ৷ মই নাযাও, তাই নেৰে ! অবশেষত ড্ৰয়িংৰুমত প্ৰৱেশ কৰিলো ৷ তাইক কলো মই অহাৰ কাৰণটো ৷ তাই কলে তাইৰ ওচৰত মই বিচৰা কিতাপকেইখন আছে ৷ দিব বাৰু কিতাপকেইখন ৷ পিছে চাহ খাইহে যাব লাগিব আজি ৷ সিহঁতৰ ঘৰলৈ প্ৰথম গৈছো গতিকে আজি চাহ নুখুৱাই নেৰে ! অলপ পাছতেই তাইৰ মাকো আহিল আৰু কথাৰ বকলা মেলিলে ৷ অকণ সময় কথা পতাৰ পাছতে মোক বহিবলৈ কৈ ভিতৰলৈ গ’লগৈ তেখেত ৷ নীলা আহি মোৰ লগত আড্ডা মৰাত ব্যস্ত হ’ল ৷ আইনষ্টাইনৰ ‘থিয়ৰি অফ ৰিলেটিভিটি’ৰ সৰল বাখ্যা মতে ধুনীয়া ছোৱালী এজনীৰ লগত কলেজীয়া ল’ৰা এজনে এঘন্টা কথা পাতিলে বোলে পাচ মিনিট যেনহে অনুভৱ হয় ৷ মোৰ পিছে সিদিনা ওলোটাটোহে হৈছিল ৷ মই ঘড়ী চাই আছো আৰু ভাবি আছো যে একাপ চাহ বনাওতে কিয় ইমান দেৰি লাগিছে বাৰু ? কেনেবাকে আকৌ ডি এচ পিয়ে যদি বন্দুকটো লৈ ওলায় !
চাহ আহিল ৷ লগত কিবাকিবি এসোপা ৷ কেনেবাকে চাহটোপা পি দুটামান খোৱাবস্তু মুখলৈ নি কিতাপকেইখন লৈ নীলাক কলো, “আজিলৈ উঠিলো, এইকেইখন দহদিন মানতেই ঘুৰাই দিম !”
আৰু কথা নবঢ়াই চিধাই আহি গেটৰ মুখ পালোহি ৷

গেটখনত হাত দিছো মাত্ৰ এনেতে এটা প্ৰচণ্ড শব্দ হ’ল ৷ “ঘেৰেং ৰেৰেৰেং !”

‘শেষ ! দিলে পিছফালৰ পৰাই ৰাইফল চলাই !’, বুলি ভাবি ভয়ে ভয়ে ঘুৰি চালো ৷

বাৰাণ্ডাত ডি এচ পি ! লোহাৰ গ্ৰীলখন বন্ধ কৰিছে !
—————————————————————

উপসংহাৰ : বাইদেৱে সেইবাৰেই ‘অসম অসামৰিক সেৱা’লৈ নিৰ্বাচিত হৈছিল ৷ কিতাপকেইখন এদিন মই আবেলি তাইৰ পদুলিত মাকৰ হাততেই ঘুৰাই দিছিলো ৷ তাৰ পিছত তাইক আৰু লগ পোৱা নাই ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!