দুৱাৰডলিৰ সিটো মূৰৰ পৰা (সুস্মিতা দাস)

গাটো ভাল নাছিল দুদিনমানৰ পৰা৷ থেনথেনাই আছিলো ডাক্তৰৰ তালৈ যাব লাগে বুলি৷ দেউতাই সন্ধান উলিয়ালে এজন নামজ্বলা ডাক্তৰৰ৷ তেওঁৰ তাত পিছে এক সপ্তাহৰ এপইণ্টমেণ্ট একেলগে দিয়ে৷ দেউতাই ৰাতিপুৱাই দুঘণ্টা সময় শাৰী পাতি থিয় হৈ এপইণ্টমেণ্ট ল’লে৷ আবেলি ওলালো৷ বৰষুণৰ দিন৷ ৰাতিপুৱাৰ পৰাই বৰষুণ৷ পূৰণা কাপোৰ এযোৰ পিন্ধি গ’লো ডাক্তৰৰ তালৈ৷ চিন্থেটিক কাপোৰ৷ ধুই দিলে যাতে বোকামাটি লাগি নাথাকে৷ এই ডাক্তৰৰ ওচৰলৈ গ’লে আৰু বৰষুণৰ বতৰত চিন্থেটিক কাপোৰ পিন্ধি ওলাই যোৱা স্বভাৱটো মাৰ পৰা আহিছে৷ দুদিন আগতেই লৈ থোৱা এপইণ্টমেণ্ট৷ একঘণ্টাৰ বেছি সময় পিছত পাল পৰিল৷ সোমাই গ’লো৷ বহিবলৈ দিলে৷ বহিলো৷ সমস্যাখিনি ক’লো৷ তেওঁ বিশেষ একো জানিবলৈ নিবিচাৰিলে৷ দুটামান দৰৱ লিখি দিলে৷ কিবা এটা সুধিলো৷ উত্তৰ নিদিলে৷ অলপ সময় ৰ’লো৷ আকৌ সুধিলো৷ ভেকাহি মাৰি উত্তৰটো দিলে৷ ভয় খাই গ’লো৷ অকলে গৈছিলো৷ ওলাই আহিলো৷ দুনাই নাহো বুলি শপত খালো…..

ইৰাৰ বিয়া৷ বিয়াৰ আগতে পাৰ্টি এটা দিছে অভিজাত ৰিজৰ্ট এখনত৷ সদায়েই পিন্ধাৰ দৰে আজি সাজপাৰ নকৰিলো৷ খাপ নাখাব৷ তাই বেয়াও পাব পাৰে৷ সাজপাৰ সলনি কৰিলো৷ ছাল-চুলিখিনিও ঠিকঠাক কৰি ল’লো৷ নিজেই সন্তুষ্ট হ’লো নিজৰ ৰূপত৷ লগৰ কেইজনীও আচৰিত হ’ল৷ মানে তই বম এলেহুৱা….. “ভালকৈ চুলি বান্ধি টিপটপ কাপোৰ পিন্ধিলে তোকো ভাল দেখে দে বান্দৰী বেহেনজী”৷ হাঁহিলো আটাইকেইজনীয়ে৷ মুখৰ নানান অংগী ভংগী কৰি চেল্ফিও তুলিলো৷ খুব সুন্দৰভাৱে সময়খিনি পাৰ হ’ল৷ কামোৰটো দিলে মায়ে৷ দেউতায়ে এপইণ্টমেণ্ট লৈ থৈছে ডাক্তৰৰ, বাহিৰে বাহিৰে দেখুৱাই আহিবি… ফল’আপ ভিজিট নকৰাটো বেয়া কথা৷ অনিচ্ছাস্বত্বেও গ’লো দেউতাৰ কষ্টখিনিৰ কথা ভাবি৷ ডাক্তৰৰ ৰূমলৈ সোমাই গ’লোঁ৷ তেওঁ মিচিকিয়াই হাঁহিলে৷ আগতকৈ অলপ ভাল পোৱা বুলি জনালোঁ৷ মনোযোগেৰে শুনিলে কথাবোৰ৷ নতুন কিবা সমস্যা হৈছে নেকি সুধিলে৷ বহুতো দিহা পৰামৰ্শ দিলে৷ মনটো ভাল লাগিল৷ সিদিনা চাগৈ কিবা খংত আছিল বুলি ভাবিলো৷ লগৰ কেইজনীকো ইয়ালৈকে আহিবলৈ ক’ম বুলি মনতে ভাবিলো৷ অকস্মাত এজন মানুহ সোমাই আহিল৷ যথেষ্ট বয়সস্থ লোক৷ পিন্ধন উৰণ তেনেই সাধাৰণ৷ কিবা ৰিপোৰ্ট দেখুৱাবলৈ আনিছে৷ ডাক্তৰজনে নিৰ্লিপ্তভাৱে তেওঁৰ কাগজখিনি চালে৷ মানুহজনে কিবা এটা সুধিলে৷ ডাক্তৰে উত্তৰ নিদিলে৷ দুনাই সোধাত ভেকাহি মাৰি উঠিল৷ মোৰ লগতে মানুহজনো ভয় খাই গ’ল৷ মানুহজন ওলাই গ’ল৷ ফিজটো দি ময়ো ওলাই আহিলো৷ ডাক্তৰে বেছি অসুবিধা পালে ফোন কৰিবলৈও ক’লে৷ খুব কমকৈ পিন্ধা, এলাগী কৰি ৰখা কাপোৰযোৰলৈ মৰম লাগি গ’ল আজি৷ তেতিয়াহে মন কৰিলো দুপৰীয়াতে উঠাই থোৱা ব্ৰেণ্ডেড চানগ্লাছযোৰো মূৰৰ ওপৰতে আছে৷

বহুতো চিন্তাই আউল লগাই দিলে মনত৷ চেহ, এইবোৰ ভাবি লাভ নাই৷ পৰহিলৈ সোণদাৰ বিয়াৰ ৰিচেপচন আছে৷ জেঠাইৰ সৰু ল’ৰা সোণদা৷ জেঠাইৰ ঘৰৰ শেষখন বিয়া৷ আজিৰ কাপোৰযোৰ পিন্ধিয়েই বাহিৰে বাহিৰে দামী ফেচিয়েল এটা সেই অভিজাত স্পাখনত কৰাই ল’ব লাগিব৷ পইচা বাৰু সোণদাৰ পৰাই উলিয়াই লোৱা যাব৷ দৰাৰ ভনীয়েক ভাই, ধেমালি কথা নেকি? ধুনীয়া দেখিবই লাগিব৷ যোৱামাহৰ ঘটনা এটালৈ মনত পৰি গ’ল৷ পিছদিনাখন সোণদাৰ আঙুঠি পিন্ধোৱা অনুষ্ঠান আছিল৷ সেইদিনা দেওবাৰ বাবে আমাৰ ওচৰৰ দহটকাতেই থ্ৰেডিং কৰি দিয়া পাৰ্লাৰখন বন্ধ আছিল৷ এলাহৰ কোবত আজি কৰিম কালি কৰিম বুলি থ্ৰেডিং কৰা হোৱা নাই৷ ইফালে চেলাউৰি দুটি “চন্দ্ৰকান্তা“ চিৰিয়েলৰ ক্ৰূৰ সিং সদৃশ হৈ পৰিছিল৷ উপায় নাপাই দামী স্পাখনলৈ গ’লো, সাধাৰণ কাপোৰ এযোৰ আৰু হাৱাই চেণ্ডল পিন্ধি৷ ওচৰৰে স্পা৷ গতিকে বিশেষ একো ভবাই নহ’ল৷ যিহে ৰয়েল ইগন’ৰেঞ্চ দিলে থ্ৰেডিং কৰা ছোৱালীজনীয়ে…. উফ, উফ………….

মনতে ভাবিলো, এইজন ডাক্তৰৰ তালৈ আৰু ডাঙৰ চেলুনত চুলি কটাবলৈ যাওতে পিন্ধিবলৈ দুযোৰমান ধুনীয়া দামী কাপোৰ আৰু চেণ্ডেল কিনিব লাগিব সোনকালেই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments