অসমীয়া লোক বাদ্য নিৰ্মাতা দ্বিজেন গগৈ ৰ সৈতে কিছু অন্তৰংগ আলাপ

অসমীয়া লোক বাদ্য নিৰ্মাণৰ ক্ষেত্ৰত শিৱসাগৰৰ দ্বিজেন গগৈ বৰ্তমান এটা পৰিচিত নাম, বৰ্তমানলৈকে ৫০ অধিক লোক বাদ্য তেওঁ নিৰ্মাণ কৰি ওলিয়াইছে, ইয়াৰে বহুবোৰ বাদ্য অসমত আজিকালি প্ৰায়েই দেখিবলৈ পোৱা নায়ায়, যোৱা ৩০ বছৰে তেখেতে এইবোৰৰ নিৰ্মাণ, সংৰক্ষণ, প্ৰদৰ্শন আৰু এইবোৰৰ বাদনৰ প্ৰশিক্ষণ দি আহিছে। বিহুৰ বতৰত সাহিত্যৰ পাঠকলৈ আগবঢ়াইছো কৰ্মসূত্ৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অভিযন্তা দ্বিজেন গগৈৰ সাক্ষাত্‍কাৰ। সাক্ষাত্‍ গ্ৰহণ সাহিত্যৰ সম্পাদকদ্বয়ৰ।

সাহিত্য: নমস্কাৰ, প্ৰথমে সাহিত্য ডট্‌ অৰ্গৰ ফালৰ পৰা আপোনালৈ বিহুৰ ওলগ জনালো10373073_459388630871256_6215254959798742344_o

দি. গ.: ধন্যবাদ, মোৰ ফালৰ পৰাও সাহিত্য ডট্‌ অৰ্গৰ পৰিয়াললৈ বিহুৰ ওলগ জনাইছোঁ।

সাহিত্য: প্ৰথমে আপোনাৰ চাকৰি জীৱনৰ কথাকে সুধিব বিছাৰিছোঁ

দি. গ.: বৰ্তমান ম‍ই তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ খনন বিভাগৰ কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত হৈ আছোঁ।

সাহিত্য: লোক বাদ্য আপুনি কেতিয়াৰ পৰা নিৰ্মাণ কৰি আহিছে? লোক বাদ্য নিৰ্মাণ কৰি যাম বুলি ভাবি লোৱাৰ আঁৰৰ কাহিনী খিনি ক’বনে?

দি. গ.: এই কথা ক’বলৈ গ’লে মোৰ একেবাৰে সৰুকাললৈ যাব লাগিব, জন্ম হৈয়েই ঘৰত ঢোল আৰু পেপা দেখি আহিছোঁ, তেতিয়াৰ পৰাই এইবোৰত মোৰ ৰাপ। তৃতীয়-চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতে ম‍ই বাহীঁ সাজো নিজেই, দেউতাই পেপা সাজে, দেউতাক ম‍ই এই কামত সহায় কৰি দিছিলোঁ। ঢোল ঘৰত দেখিছিলোঁ যদিও প্ৰথম অৱস্থাত কেনেকৈ সাজে জনা নাছিলো, কিন্তু ঢোল কেনেকৈ টানে সেইয়া শিকিছিলো সৰুতে। মোৰ জন্ম স্থান শিৱসাগৰ জিলাৰ জামুগুৰিৰ ওচৰতে আছিল, জামুগুৰি তেতিয়া ঢোল নিৰ্মাণৰ বাবে জনাজাত আছিল, আমাৰ ঢোলবোৰ তাতে সজা হৈছিল। লাহে লাহে সপ্তম-অষ্টম মান শ্ৰেণী মান পোৱাৰ পাছত ম‍ই নিজেই ঢোল নিজেই সাজিবলৈ আৰম্ভ কৰিছিলোঁ।

সাহিত্য: সৰুৰে পৰা আপুনি এনেদৰে লোকবাদ্য নিৰ্মাণ কৰিবলৈ শিকিছিল, আপুনি কেতিয়া বৰ্তমানৰ গগৈ বাদ্য ভাণ্ডাৰ নিৰ্মাণ কৰাৰ কথা ভাবিলে?

দি. গ.: গগৈ বাদ্য ভাণ্ডাৰৰ জন্ম প্ৰায় ১৯৮০চনত, প্ৰথমে এটা দুটা বাদ্য ম‍ই সাজিছিল। তেতিয়ালৈকে ম‍ই চাকৰিত যোগদান কৰা নাছিলোঁ, ১৯৮৩ চনত ম‍ই চাকৰিত যোগদান কৰো, তাৰ পাছত ১৯৮৫ চনত ডাঙৰকৈ বহল ভাৱে বাদ্য ভাণ্ডাৰটো ন-ৰূপত আৰম্ভ কৰোঁ। তেতিয়াৰ পৰা ইয়াক ব্যৱসায় ভিত্তিতো লোৱা হয়।

সাহিত্য: গগৈ বাদ্য ভাণ্ডাৰত এতিয়ালৈকে কিমান প্ৰকাৰৰ বাদ্য যন্ত্ৰ নিৰ্মাণ কৰিছে? এইবোৰৰ ভিতৰত কেনেকুৱা ধৰনৰ বাদ্য আছে?

দি. গ.: বৰ্তমানলৈকে প্ৰায় ৬৪বিধ মান বাদ্য ম‍ই নিৰ্মাণ কৰিছোঁ। কেনেকুৱা বাদ্য বুলি ক’লে এইবোৰৰ আটাইখিনিয়েই অসমৰ ঠলুৱা বাদ্য, এনে কিছুমান বাদ্য আছে যিবোৰৰ ব্যৱহাৰ বৰ্তমান কমি গৈছে, সঠিক কৈ ক’বলৈ গ’লে যিবোৰৰ আজিৰ দিনত নিৰ্মাণ নোহোৱা হৈ পৰিছে, এনে কিছুমান বাদ্য আমি ইয়াত নিৰ্মাণ কৰিছোঁ।

সাহিত্য: বাদ্য ভাণ্ডাৰৰ বাবে আপোনালোকে কেঁচা সামগ্ৰী কেনেদৰে সংগ্ৰহ কৰে? এইক্ষেত্ৰত আজিৰ দিনত অসুবিধাৰ সন্মূখীন হয় নেকি?dwijen_gogoi

দি. গ.: ম‍ই যিখিনি আজৰি সময় পাওঁ, চাকৰিৰ পৰা আহৰি উলিয়াব পাৰোঁ সেইখিনি সময়ত ম‍ই এনে সামগ্ৰী সংগ্ৰহ কৰোঁ। যেনে ঢোলবোৰ আমি জানুৱাৰী মাহমানত সাজিবলৈ আৰম্ভ কৰোঁ, গতিকে তাৰ কেইবামাহৰ আগৰ পৰা ম‍ই এইবোৰ বাবে কাঠ সংগ্ৰহ কৰোঁ। তেনেদৰেই আনবোৰ বাদ্যৰ বাবেও আগতিয়াকৈ প্ৰয়োজনীয় সামগ্ৰী গোটাই লওঁ।

এইবোৰ গোটাওঁতে বিশেষ অসুবিধা নাই তেনেকৈ, এইবোৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অসমত এতিয়াও পৰ্যাপ্ত পৰিমাণে আছে, অঁ বিচাৰিবও জানিব লাগিব বাৰু।

সাহিত্য: গগৈ বাদ্য ভাণ্ডাৰত আপোনাৰ সহযোগী সকলৰ কথা জনাবচোন?

দি. গ.: সঠিককৈ ক’বলৈ মাজে মাজে বেছি হয় মাজে মাজে কমি যায়, মাজতে ১৪ জনমান সহযোগী আছিল, বৰ্তমান নিয়মীয়াকৈ মোক আঠজনে মোক সহায় কৰে।

তাৰোপৰি কোনো সময়ত প্ৰয়োজন সাপেক্ষে ঠিকা ভিত্তিতো আন লোকক কোনো কাম দিয়া হয়।

এওঁলোকৰ আটায়েই মোৰ ইয়াতেই শিকা, শিকাৰ পাছত এতিয়া তেওঁলোকে মোক সহায় কৰে। তাৰে দুই এজনে মোৰ ইয়াতেই থাকি কলেজীয়া শিক্ষাও গ্ৰহণ কৰি আছে।

সাহিত্য: জীৱিকা হিচাপে পৰম্পৰাগত বাদ্য নিৰ্মাণ সম্পৰ্কে আপোনাৰ মতামত? পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বানিজ্যিকিকৰণৰ সম্ভাৱনীয়াতা সম্পৰ্কে ক’বচোন?

দি.গ.: নিশ্চয়কৈ যিকোনো এজন ব্যক্তিয়েই পৰম্পৰাগত বাদ্য নিৰ্মাণক পেচা হিচাবে লৈ সফল হ’ব পাৰে, অৱশ্যে সাধাৰণভাৱে বাদ্য নিৰ্মাণ কৰি যোৱাৰ ওপৰিও তেওঁৰ কিছু সৃজনশীলতাও লাগিব, এই ধৰা বাদ্যযন্ত্ৰসমূহ দেখাটো অলপ আকৰ্ষনীয় হ’ব লাগিব, লগতে এইবোৰ উন্নত মানৰো হ’ব‍ই লাগিব।

দ’তৰা বা টোকাৰী খন আগতেও আছিলে, এতিয়া বহুতেই সেইখন দেখি পোৱা নাই, গতিকে সেইখন আগেয়ে নেদেখা এজনে আদৰি ল’বলৈ সেইখনৰ নিৰ্মাণ উন্নত মানৰ হ’ব লাগিব লগতে দেখাতো সেইখন কিছু আকৰ্ষনীয় হ’ব লাগিব। আৰু তেনে কৰাত যে ৰাইজে আদৰি লৈছে সেইয়া আমি ইতিমধ্যে আমি দেখিবলৈও পাইছোঁ। আমাৰ ইয়াত নিৰ্মিত টোকাৰী আমি বিদেশলৈও পঠিয়াইছো, জাৰ্মানি, থাইলেণ্ডলৈ গৈছে বহু বাৰ।

আমি নিৰ্মাণ কৰা আন বাদ্য সমূহ যেনে “টকা”বোৰৰ ডিজাইনতো আমি গুৰুত্ব দিওঁ, “বাহীঁ”বোৰো দেখাত ধুনীয়াকৈ সাজো ইও এক অন্য ধৰনৰ কলা, আৰু এইবোৰৰ যোগেদি ৰাইজ আমাৰ ঠলুৱা বাদ্য সমূহৰ প্ৰতি অধিক আকৰ্ষিত হয়।

গতিকে সামগ্ৰিক ভাৱে ক’বলৈ, ব্যৱসায়ৰ দিশৰ পৰাও এই বাদ্যসমূহৰ যতেষ্ঠ গুৰুত্ব আছে, মাত্ৰ ইহঁতৰ মান উচ্চ খাপৰ হ’ব লাগিব।

সাহিত্য: আপুনি নিজেই গগৈ বাদ্য ভাণ্ডাৰক লৈ কিমান সুখী?DSCF0665

দি.গ.: ম‍ই বহুত সুখী আচলতে, অলপ কষ্ট হৈছিল জীৱনত এসময়ত কিন্তু বহুত সুখী ম‍ই গগৈ ভাণ্ডাৰক লৈ।

সাহিত্য: গগৈ বাদ্য ভাণ্ডাৰৰ উপৰিও, এতিয়া আপোনালোকৰ আন এটি ভগ্নী গোট হৈছে সুৰ সমলয় নামেৰে, সুৰ সমলয়ৰ কথা অলপ ক’বনে? সুৰ সমলয়ৰ যোগেদি আপোনালোকে কেনেধৰণৰ কাম হাতত লৈছে?

দি.গ.: ম‍ই কি ভাবোঁ, ম‍ই যেতিয়া মঞ্চসমূহত পশ্ছিমীয়া বাদ্য সমূহৰ প্ৰধান্য দেখোঁ, এইবোৰে মঞ্চসমূহ দখল কৰা দেখোঁ, তেতিয়া ম‍ই এটা অনুভৱ কৰিলোঁ যে, আমাৰ লোকবাদ্যও পাশ্চ্যাত্য বাদ্যতকৈ যে কম নহয়, এইবিলাকেৰেও মঞ্চ এখনত দৰ্শকক ধৰি ৰাখিব পাৰি, আমোদ দিব পাৰিব, আৰু সেইয়া কৰি দেখুওৱাটোও প্ৰয়োজনীয়। সেইটো প্ৰতিপন্ন কৰিবলৈ ম‍ই তাৰ পাছত উঠি পৰি লাগিলোঁ আৰু সেইকাৰণেই সুৰ সমলয়ৰ সৃষ্টি হ’ল। সুৰ সমলয়ৰ ম‍ই নিজেই পৰিকল্পনা কৰোঁ আৰু পৰিচালনাও কৰোঁ, আৰু বাদ্য ভাণ্ডাৰত নিৰ্মাণ হোৱা বাদ্য সমূহ সৃংখলিত ভাৱে বাদন কৰি ইয়াৰ জড়িয়তে প্ৰদৰ্শন কৰো।

সাহিত্য: আপোনাৰ বাদ্য সম্ভাৰ এতিয়ালৈকে ক’ত ক’ত প্ৰদৰ্শিত হৈছে?

দি.গ.: সুৰ সমলয় আৰু বাদ্য ভাণ্ডাৰৰ প্ৰদৰ্শনী অসমৰ বিভিন্ন ঠাইত প্ৰায়েই হৈ থাকে, অসমৰ বাহিৰত দিল্লীত প্ৰদৰ্শনী হৈছে। অসম সাহিত্য সভা, শংকৰ সংঘৰ অধিবেশন, আৰু আন আন সৰু বৰ সভাত বাদ্য ভাণ্ডাৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।

প্ৰদৰ্শনী সমূহত আমি বিক্ৰীৰ ব্যৱস্থাও কৰো, এইবোৰৰ বিক্ৰীৰ জড়িয়তে উপাৰ্জিত অৰ্থ‍ই আমি সুৰ সমলয় আৰু বাদ্যভাণ্ডাৰত কৰ্মৰত মোৰ সহযোগী সকলক আৰ্থিক দিশত সমৰ্থন যোগান ধৰিব পাৰোঁ।

সাহিত্য: প্ৰদৰ্শনী সমূহত ৰাইজৰ সহায় সহযোগিতা কেনেধৰনৰ?

দি.গ.: সাধাৰনতে প্ৰদৰ্শনী সমূহত ঠলুৱা লোকবাদ্যৰ ষ্টল বেছিকৈ দেখা নাযায়, সেইয়া সাহিত্য সভাতেই হওক বা শ্ৰীমন্ত শংকৰ সংঘৰ অধিবেশনেই হওক, বহুসময়ত আমাৰ খনেই লোকবাদ্যৰ একমাত্ৰ ষ্টল হয় গোটেই প্ৰদৰ্শনী খনত, গতিকে স্বাভাৱিকতেই ৰাইজৰ সহায় লাভ কৰাত, দৃষ্টি আকৰ্ষণ কৰাত আমি সফল হওঁ, বাদ্য যন্ত্ৰৰ বিক্ৰীৰ ফালৰ পৰাও এইবোৰ সফল বুলি আমি ক’ব পাৰো। সেই বাবে ম‍ই গৌৰৱো অনুভৱ কৰোঁ।

যেতিয়া আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক মেলা সমূহত ভাগ ল’বলৈ যাওঁ, দিল্লীৰ প্ৰগতি মৈদানলৈ আমি যাওঁ, তেতিয়াও দেখোঁ আমাৰ খনৰ বাহিৰে ঠলুৱা বাদ্যৰ আৰু ষ্টল নাথাকে, ভাৰতৰ আন ৰাজ্যসমূহৰ বিভিন্ন ষ্টল আহে, পাকিস্তানকে ধৰি কাষৰীয়া দেশসমূহৰো আহে। তেওঁলোকে সাধাৰণতে পৰম্পৰাগত মণি মুকুতা, সাজ-পাৰ আদি আনে। কিন্তু পৰম্পৰাগত বাদ্যৰ প্ৰদৰ্শন সাধাৰণতে দেখা নায়ায়। আমাৰ বাদ্য ভাণ্ডাৰে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি আমি পুৰস্কৃতও হৈছোঁ তাত, আৰু ম‍ই কৈ অহাৰ দৰে পৰম্পৰাগত বাদ্যৰ প্ৰদৰ্শন আন ষ্টল সমূহত দেখা নোপোৱাৰ বাবে আমাৰ প্ৰদৰ্শনীয়ে বহু দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আৰু আমাৰ বাদ্য খিনিৰ বাবে দেশী বিদেশী দৰ্শক আৰু আন আন শিল্পীৰ পৰা আমি প্ৰশংসাৰ লগতে সন্মানো পাওঁ। এইয়া অন্য এক সুখানুভুতি, অন্য এক সন্তুস্তি।

যিকোনো ঠাইলৈ যেতিয়াই যাওঁ দ্বিতীয় এখন এনে ষ্টল আমি দেখা নাপাওঁ, হয়তু কোনো এখন দুখন ষ্টলত তিনিটা চাৰিটা থলুৱা বাদ্য থাকে আন সামগ্ৰীৰ সৈতে, কিন্তু সম্পূৰ্ণ ৰূপে ঠলুৱা বাদ্যৰ এখন ষ্টল নাথাকে, গতিকে আমাৰ খন আনবোৰৰ মাজত এক পৃথক হৈ ওলাই পৰে, এই কথাটোৰ বাবে ভাল লাগে।

সাহিত্য: আপুনি পৰম্পৰাগত্‌ বাদ্যসমূহ বিভিন্ন সময়ত অলপ পৃথক ধৰনেও সাজি অহা আমি দেখি আহিছো, অলপতে আপুনি সাতজন মানুহে একেলগে বাদন কৰিব পৰা এটা বাঁহী নিৰ্মাণ কৰি ওলিয়াইছিল, তাৰ আগতে এবাৰ বৃহত্‍ আকাৰৰ টকাও সাজি ওলিওৱা দেখা পাইছিলো, এনেধৰণৰ বাদ্য নিৰ্মাণৰ আঁৰৰ আপোনাৰ মনৰ ভাৱ খিনি আমাক জনাবচোন

দি.গ.: হয় সুৰ সমলয়ৰ জড়িয়তে আমি দুই এটা এনে বাদ্য ৰাইজৰ আগত প্ৰদৰ্শন কৰিছোঁ, মাজে মাজে আমি বাদ্য ভাণ্ডাৰত আমি এনেধৰণে দুই এটা বাদ্য বেলেগ ৰূপত সাজিব চেষ্টা কৰোঁ। ইয়াৰ আঁৰত কেতিয়াবা একাধিক কথা থাকে, প্ৰথম কথা কিবা এটা বেলেগ কৰাৰ বা নতুন কৰাৰ মান, বাহীঁটো আগৰ ভগৱান শ্ৰী কৃষ্ণৰ দিনৰে পৰা বাহীঁটোৱেই হৈ আছে, এটা বাহীঁ এজনে বজোৱা। আমি চেষ্টা কৰি চাইছোঁ, আগেৰে পৰা এজনে বজোৱা বাহীঁটো একাধিক ব্যক্তিয়ে বাদন কৰিব পৰা সাজি উলিয়াব পাৰিনেকি? সেয়ে আমি সাতজনে বজাব পৰাকৈ ষোল্ল ফুট দৈৰ্ঘ্যৰ এটা বাহীঁ নিৰ্মাণ কৰি উলিয়াইছিলোঁ, তাৰ পাছতো মূল বাহীঁটো একেই হৈ আছে। তাৰোপৰি এনেধৰনৰ বাদ্য নিৰ্মাণৰ আঁৰত কেতিয়াবা একোটা বাৰ্তাও নিহিত হৈ থাকে, সাতজনে বজাব পৰা বাহীঁটোৰ জড়িয়তে উত্তৰ পূৱৰ সাত ৰাজ্যৰ সম্প্ৰীতি চিহ্নিত কৰিব চেষ্টা কৰা হৈছে। আমি ৰাজ্যকেইখন যাতে একতাৰ দোলেৰে বান্ধ খাই থাকোঁ তাৰ সপোন দেখো আৰু সেইয়া এই বাহীঁটোৰ জড়িয়তে আমি প্ৰকাশ কৰিব বিচাৰিছোঁ।

তেনেদৰে যোৱাবছৰ ম‍ই সাজিছিলো সম্প্ৰীতিৰ বৰ-টকা, সম্প্ৰীতিৰ গেংটং, যোৱাবাৰ সজা সেই টকাটো ২৭ ফুট দীঘল আছিল, এইটোৰ যোগেদিও ম‍ই অসমৰ জিলাকেইখৰ একতা চিহ্নিত কৰিব বিচাৰিছিলোঁ। ২৭ ফুটৰ প্ৰতিফুটৰ ব্যৱধানত অসমৰ ২৭ খন জিলাৰ নাম লিখা হৈছিল এই বৰ-টকাটোত।

সাধাৰণতে বাদ্য ভাণ্ডাৰৰ এনেধৰনৰ ব্যতিক্ৰমী বাদ্য সমূহত এনেদৰে আমাৰ ৰাজ্যখনৰ বা আমাৰ চুবুৰীয়া ৰাজ্যসমূহৰ বাবে একো একোটা বাৰ্তা দিব বিচাৰোঁ। সেয়ে আমি এইবোৰৰ (এনে ব্যতিক্ৰমী বাদ্য সমূহৰ) প্ৰচাৰ বা প্ৰদৰ্শনো এই অঞ্চলৰ ভিতৰতে সীমাবদ্ধ ৰাখোঁ। তাৰ বাহিৰে এনে বাদ্যৰ আন ঠাইত প্ৰদৰ্শন বা এনেধৰনৰ বৃহত্‍ আকাৰৰ বাদ্য সাজি কোনো ৰেকৰ্ড লিপিবদ্ধ কৰাতো আমাৰ উদ্দেশ্যৰ ভিতৰত নপৰে। এনে কৰাতো মোৰ বোধেৰে প্ৰয়োজনীয় বা প্ৰাসংগিকো নহয়।

সাহিত্য: আপোনাৰ শৈশৱৰ বিহুৰ বিষয়ে কওকচোন, শিৱসাগৰৰ বিহুৰ বিষয়ে! আজিৰ বিহুৰ বিষয়ে আপোনাৰ মনোভাৱ কেনেকুৱা

দি.গ.: মোৰ শৈশৱৰ বিহু বুলি ক’লে, একেবাৰে সৰু কালৰ কথা কৈছোঁ, মোৰ ঘৰ শিৱসাগৰৰ একেবাৰে সীমাত, সিফালে নগালেণ্ড আছে, আমাৰ ঠাইখিনি আমগুৰি বুলি কয়,অসমৰ ঢোল নিৰ্মাণৰ বাবে বিখ্যাত জামুগুৰি আৰু ফুলপানীচিগা আগৰ এটা প্ৰশ্নৰ উত্তৰত ম‍ই কৈছিলো, সেই দুখন ঠাই মোৰ জন্ম স্থানৰ ওচৰতে আছিল, আমি তেতিয়া খোজকাঢ়ি গৈ তাত কেনেদৰে ঢোল সাজে সেইয়া লগৰ বোৰৰ সৈতে গৈ চাইছিলোগৈ।

তেতিয়াও কিন্তু আমাৰ গাওঁৰ ঘৰসমূহত ঢোল সিমান বেছি নাছিল, গাওঁত এটা বা দুটা ঢোলহে থাকিছিল সেই কেইতাও বিহু মাৰিবলৈ দিছিল মাননীৰ বিনিময়ত, আমি তেনেদৰে ঢোল থকা সকলৰ পৰা পাঁচ দিনৰ কাৰণে বা সাত দিনৰ কাৰণে ঢোল ভাড়াত লৈ লৈ হুচৰি গাইছিলোঁ।

তেতিয়া খেতি পঠাৰতো লাগিব লগা হৈছিল, গতিকে ব’হাগৰ প্ৰথম সাত দিনত বিহু মাৰি লৈ তাৰ পাছৰ পৰা খেতি পথাৰত লাগিছিলোঁ। কেতিয়াবা খুব বেছি দহ দিনলৈকে বিহু মাৰিছিলোঁ। দহ দিনলৈ গ’লেও মানুহবোৰে অলপ বেয়াকৈ চাইছিল আমালৈ। এতিয়াৰ দৰে গোটেই মাহটো বা জেঠলৈকে বিহু নাছিল তেতিয়া।

পাছত যেতিয়া ম‍ই নিজেই শিৱসাগৰলৈ আহিছিলোঁ, তেতিয়া মই নিজেই হুচৰিৰ দল উলিয়াইছিলোঁ। বিহু নাচ বা বাদ্য বজোৱাৰ কৰ্মশালা, ম‍ইয়েই খুবসম্ভৱ প্ৰথম শিৱসাগৰত আৰম্ভ কৰিছিলোঁ। সৰু পৰা বাদ্য সমূহ আনে বজাওতে বাদন শৈলীৰ ওপৰিও দেহৰ ভংগিমা আদি খুব ভালকৈ লক্ষ্য কৰিছিলোঁ পাছৰ সময়ত ম‍ই সেইখিনিকে কৰ্মশালাৰ জড়িয়তে আনক শিকোৱাৰ প্ৰয়াস কৰিছিলোঁ। নাচনী সকলকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিলোঁ।

প্ৰথম শিৱসাগৰলৈ আহোঁতে ঘৰৰ ওপৰত, চোতালত য’তে যেনেকৈ পাৰো ম‍ই প্ৰশিক্ষণ দিছিলোঁ, আৰু এইবোৰ পাছৰ সময়তো চলি গৈছিল।04a

সাহিত্য: এতিয়াও এনেধৰণৰ প্ৰশিক্ষনৰ ব্যৱস্থা কৰেনে?

দি.গ.: পাছলৈ বাদ্য ভাণ্ডাৰ আৰম্ভ হোৱাৰ পাছত, ম‍ই ঠলুৱা বাদ্য নিৰ্মাণৰ প্ৰ্শিক্ষণ দিয়া আৰম্ভ কৰোঁ, সজা আৰু বজোৱা দুয়োতাৰে প্ৰশিক্ষণ দিবলৈ ম‍ইআৰম্ভ কৰিলোঁ। এই প্ৰশিক্ষণসমূহ বিনামূলীয়া আছিল, অসমৰ বিভিন্ন ঠাইৰ যুৱকে প্ৰশিক্ষণ লৈছিল, প্ৰশিক্ষণ কালত ম‍ই নিজেই তেওঁলোকৰ খোৱা বোৱাৰ উপৰিও তেওঁলোক চলিব পৰাকৈ এটা ভাট্টা দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, তেওঁলোকৰ চমহীয়া প্ৰশিক্ষণ কালত। তেওঁলোকৰে কেইবাজনেও পাছত মোক যতেষ্ঠ সহায় কৰিছে, দুই এজন মোৰ সহযোগী হৈ বাদ্য ভাণ্ডাৰত আছে, আৰু দুই এজনে বিভিন্ন সময়ত নিজেই বাদ্য সাজি মাজে মাজে বাদ্য ভাণ্ডাৰলৈ সেইয়া যোগান ধৰি আহিছে। আমি সেইয়া ক্ৰয় কৰি লওঁ, তেওঁলোকো আৰ্থিক দিশত লাভাম্বিত হৈছে।

সাহিত্য: গগৈ বাদ্য ভাণ্ডাৰ আৰু সুৰ সমলয়ৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰনৰ?

দি.গ.: বৰ্তমানৰ পৰিকল্পনা বুলি ক’বলৈ ম‍ই ইয়াৰ আৰু প্ৰসাৰ কৰিব বিচাৰোঁ, বৰ্তমানলৈকে ১৯৮৫ চনৰ পৰা আমি সকলোবোৰ বাদ্য হাতেৰেই নিৰ্মাণ কৰি আহিছোঁ, ভৱিষ্যতে আমি বাদ্যৰ নিৰ্মাণৰ বাবে কোনো মেচিন ব্যৱহাৰ কৰিব পাৰি নেকি চিন্তা কৰিম। যেনে ঢোল এটা সাজিবৰ বাবে যদি আমি কাঠ এটুকুৰা মেচিনেৰে খুলিব পাৰো সি হাতেৰে কৰাতকৈ যতেষ্ঠ সুবিধাজনক হ’ব। বাদ্য সমূহ আৰু উন্নত মানৰ কৰাত ম‍ই সদায়েই গুৰুত্ব দিওঁ, সেইয়া কৰিম। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু অধিক প্ৰদৰ্শন কৰিব পৰাকৈ এইবোৰৰ উন্নতি সাধিবলৈ চেষ্টা কৰিম।

বাদ্য ভাণ্ডাৰৰ এটা ৱেবচাইট নিৰ্মাণৰ কামো কৰি থকা হৈছে, মোৰ এজনী ছোৱালী আৰু ভতিজা এজনে সেইখিনি কামত লাগি আছে, সেইটোৰ জড়িয়তে বাদ্য ভাণ্ডাৰৰ সামগ্ৰী সমূহ ইয়ালৈ নহাকৈ চোৱাৰ আৰু প্ৰয়োজন সাপেক্ষে ক্ৰয় কৰাৰ ব্যৱস্থা কৰাৰ সুবিধা দিয়াৰ পৰিকল্পনা কৰা হৈছে।

সাহিত্য: শেষত আপোনাৰ পৰিয়ালৰ বিষয়ে আমাৰ পাঠকক জনাবচোন

দি.গ.: পৰিয়ালত মোৰ পৰিবাৰ আৰু ছাৰিজনী ছোৱালী, সিহঁত কেইজনীও সাংস্কৃতিক দিশটোৰ লগত জড়িত, ডাঙৰজনী ছোৱালী তেজপুৰ বিশ্ববিদ্যলয়্ত সাংস্কৃতিক অধ্যয়ন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত, বৰ্তমান হাইডৰাবাদ বিশ্ববিদ্যালয়ত performing arts বিষয়ত আন এটি স্নাতকোত্তৰ পাঠ্যক্ৰমত শিক্ষা গ্ৰহন কৰি আছে, মাজুজনী ছোৱালী গান গোৱাত আগ্ৰহী তাইয়ো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ performing arts বিষয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী, সৰু দুজনীকো ম‍ই এই বাদ্যসমূহ কেনেকৈ সাজিব লাগে বজাব লাগে অলপ শিকাইছোঁ, সৰু জনীয়ে ঢোল, নেগেৰা বজাই ভাল পায়, গায়ন বায়নতো তাই অংশগ্ৰহণ কৰিছে, তাই সত্ৰীয়া নৃত্যও শিকি আছে, এনেদৰে যিমান পাৰো সিহঁতকো ম‍ই মাতিৰ লগত সম্পৰ্ক থকা মানুহ কৰি ৰাখিব চেষ্টা কৰিছোঁ।

সাহিত্য: ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিয়াৰ বাবে অশেষ ধন্যবাদ, পুনৰবাৰ আমাৰ ফালৰ পৰা আপোনালৈ আৰু আপোনাৰ পৰিয়াললৈ বিহুৰ ওলগ জনালোঁ, আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ, লগতে গগৈ বাদ্য ভাণ্ডাৰ আৰু সুৰ সমলয় আৰু সফল হওক তাৰ কামনা কৰিলো, গগৈ বাদ্য ভাণ্ডাৰ আৰু সুৰ সমলয়ৰ বাবে আপোনাৰ সৈতে আমিও গোৰৱাম্বিত

দি.গ.: ধন্যবাদ, আপোনালোকলৈও পুনৰ ওলগ জনালো, সাহিত্য ডট অৰ্গলৈ মোৰ শুভকামনা থাকিল। সাহিত্য ডট অৰ্গৰ জড়িয়তে মোৰ কামখিনি ৰাইজৰ আৰু ওচৰলৈ লৈ যাবলৈ মোক সুবিধা কৰি দিয়াৰ বাবেও ধন্যবাদ জনালোঁ ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!