এটা চাইনা কলম (মণ্টু কুমাৰ ডেকা)

গাঁৱৰ পুখুৰীটোত সাঁতুৰি দুবাৰ ইপাৰ সিপাৰ মাৰিবহে পাৰিলো, এনেতে এছাৰি এডাল লৈ মায়ে ভয়ংকৰ ৰূপটো লৈ পাৰৰ পৰা চিঞৰিবলৈ ধৰিলে-
‘সাঁতুৰি সাঁতুৰি চকু ৰঙা কৰিবি নে স্কুল যাবি৷’পানীৰ মাজৰ পৰা মই উত্তৰ দিলো- ‘স্কুললৈ যাম নহয়, সময় হোৱায়েই নাই৷’ মায়ে পুনৰ ক’লে– ‘এতিয়াই উঠি আহ৷’ ভয়ংকৰ ৰূপটো লৈ মায়ে পুখুৰীৰৰ পাৰতে ৰৈ থাকিল। নাই নাই মায়ে আজি মোৰ কথাত সৈমান যোৱাত নাই। মোৰ ওচৰত মোৰ লগৰ সকলোবোৰ থকাৰ কাৰণে কিজানি কিবা সন্দেহ কৰিছে। পৰহি দিনা পানীত সাঁতোৰ খেল খেলোঁতেই অমুকাৰ পুতেকৰ জ্বৰ হৈছে। কেইদিন আগতে এনেকৈয়ে পানীত খেলি থাকোঁতেই আমাৰ মাজত এখন প্ৰকাণ্ড চীন-ভাৰতৰ যুদ্ধ হৈছিল। যুদ্ধত মই পৰোক্ষভাৱে অন্তভূক্ত থকাৰ কথাটোও মায়ে জানে। নাই নাই যাবই লাগিব। মই পানীৰ পৰা উঠা যেন পাই লগৰ এজনে উত্তৰ সুধিলে-
‘অই নেখেলা নেকি, তই নেখেলিলে আমি হাৰিম৷’
মায়ে মোৰ গামোচা আৰু হাফ পেন্টটো পাৰৰ পৰা হাতত তুলি লৈ যাবলৈ খোজ দিছিল হে মাত্ৰ। লগৰ জনৰ কথাটো শুনি পোৱাত কেৰাহীকৈ তাৰ ফালে এবাৰ চাই মায়ে ক’লে- ‘সাঁতুৰিব আহিছা, স্কুলৰ সময় হ’ল, উঠি স্কুল যোৱাগৈ৷’ সি লাজে-ভয়ে একে জাপে পানীৰ মাজলৈ সাঁতুৰি গৈ প্ৰত্যুত্তৰ কৰাৰ দৰে কৰিলে। মাৰ পাছে-পাছে দৌৰি গৈ গৈ ঘৰ পোৱাৰ বাটত ককাই দেখা পায় মোৰ নাঙঠ তপিনাত এথাপৰ দিলে।

বেলিটোৰ পোহৰ ঘৰৰ কাঠীৰ সেই নিদিষ্ট ঠাই ডোখৰত পৰিছে, সেইটো আমাৰ স্কুল যোৱা সময়ৰ সংকেট। ৰেডিঅ’টোত গীতিমালিকা শেষ হৈ চিত্ৰ গীতৰ অনুস্থান হৈ আছে। দৌৰা দৌৰিকৈ মাইৰ হাতৰ পৰা গেঞ্জী আৰু নীলা হাফ পেন্টটো লৈ, পিন্ধি ৰান্ধনি ঘৰত সোমালোঁ। মায়ে কাঁহীত গৰম গৰম ভাত কেইটা বাঢ়ি খাৱলৈ দি মোক বুজাই আছে- ‘স্কুলত গৈ বেছি উৎপাত নকৰিবি, কাৰো লগত কাজিয়া নকৰিবি, মনোযোগ দি পঢ়িবি…৷’ ততাতৈয়াকৈ খাই বৈ বগা চোলাটো পিন্ধি পিঠিত বেগটো লৈ বেগাই খোজ দিলোঁ। বাইদেউ তাইৰ বান্ধৱী কেইজনীৰ লগত অলপ আগত গৈ আছে। এনেতে মই আৰু অলপ জোৰকৈ খোজ দি সিহঁতৰ লগ ল’লো। তিতি থকা চুলি খিনিৰ ওপৰত সৰিয়হৰ তেল অধিক পৰিমাণে লগোৱাটো মোৰ এটা পুৰণা অভ্যাস। মুখত লগোৱা প’ঞ্চৰ পাউডাৰ খিনি ভালদৰে নলগোৱাত বাইদেৱে তাইৰ কিতাপ খিনি মোক ধৰিবলৈ দি মোৰ মুখত ভালদৰে লগাই লাহেকৈ গালত চৰ এটাও লগাই দিলে। সূৰ্যটো ক্ৰমান্বয়ে বেচি ওচৰলৈ অহাৰ দৰে হৈছে। মূৰত লেপেট খাই থকা চুলিবোৰৰ মাজেৰে মোৰ ঘ্ৰাম ওলাই বগা চোলাটোৰ আধা খিনি অংশ তিয়াই পেলাইছে। মাজে মাজে পিঠিত থকা ঘামচি কেইটা। ‘এহ! গৰমৰ দিনবোৰ বৰ বেয়া দেই, কেবল সাঁতুৰিবলৈহে ভাল !’ মুখেৰে অকস্মাতে ওলাই গ’ল। বাইদেৱে কেৰাহীকৈ চালে। আজি সকলোৰে স্কুল পোৱাত দেৰি হ’ল। শ্ৰেণী কোঠাত সোমাইয়ে দেখিছোঁ প্ৰধান শিক্ষক, মানে সকলোতকৈ ভয়ংকৰ মহোদয় জন ইতিমধ্যে কমন ৰুমত প্ৰৱেশ কৰি হাজিৰা বহীটো হাতত লৈ শ্ৰেণী কোঠাৰ ফালে আগবাঢ়িছে। ময়ো ততাতৈয়াকৈ নিজৰ ঠাইত মানে প্ৰথম শাৰীৰ বেন্সৰ প্ৰথম চীটটোতে বহিছোঁ৷ বেগৰ এটা পকেটত থকা ৰোমাল খন উলিয়াবলৈ গৈ গম পালো ৰোমালখন নাই। বেগটো যোৱা দেওবাৰে ধুই দিছিল। হয়তো মায়ে পাহৰিলে ৰোমালখন দুনাই সোমাই থ’বলৈ। বেলেগ পকেটটোত চাই দেখিলো মোৰ পুৰণা নিফ কলমবোৰৰ লগত এটা ধুনীয়া নতুন কলা ৰঙৰ চাইনিজ পেন। আচৰিত! ক’ৰ পৰা আহিল, মোৰ বেগত কোনে থ’লে। আজি দুই মাহৰ পৰা দেউতাক কৈ আছো। দেউতাই ক’লে ছমহীয়া পৰীক্ষাত ৮৫ শতাংশ নম্বৰ লৈ আনিলেহে হেনো দিব। জমা কৰা পইচা কেইটাৰেও কোনো পধ্যে তাৰ সাঁফৰটোও নেপাম। ৩৫ টকাও একেবাৰে মুখৰ কথা নহয়। চাৰি টকাতে ভাল নিফ কমল পোৱা যায়। হাতৰ আখৰো ভাল হয়। চাইনিজ কলমেৰে লিখাটো মোৰ কাৰণে এটা ডাঙৰ সপোন। সোণালী ৰঙৰ সাঁফৰটো সোলোকাই এবাৰ চাই জোৰকৈ চিঞৰিলোঁ, ‘চাইনিজ পেন, চাইনিজ পেন৷’ তপিনাত এথাপৰ মাৰি দেউতাই ক’লে, ‘উঠা, ৰাতিপুৱা পাঁচটা বাজিছে৷’ চকু কেইটা মোহাৰী মোহাৰী টেবুলৰ ওচৰত থকা বেগটোৰ ফালে চাবলৈ ধৰিলো। এনেতে মায়ে ক’লে, ‘পঢ়ি মেলি, হ’ম ওৱৰ্ক কৰি ঠিক আঠ বজাত ক’কাদেউতাৰেৰ ওচৰলৈ যোৱা৷’ মই বৰ আগ্ৰহেৰে শুধিলো- ‘কেলে?’ সিফালৰ পৰা বাইদেৱে টপৰাই উত্তৰ দিলে ‘মোকো কিন্তু লিখিবলৈ দিব লাগিব৷’ ঘড়ীটোৰ ফালে চাই থাকিলোঁ। আজি যেন ঘড়ীটোৱে খুব লাহেকৈ গতি কৰিছে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments