সম্পাদকীয় – একেলগে নে অকলে?

ঐক্য মানে কি? আভিধানিক অৰ্থ একতা। মানে মনৰ মিল, মতৰ মিল। আৰু অনৈক্য ইয়াৰ সম্পূৰ্ণ বিপৰীত।
অসম আৰু অসমীয়াৰ একতাৰ চিন কি বুলি কোনোবাই সুধিলে জাতি-ভাষা-বৰ্ণ নিৰ্বিশেষে মাথোঁ এটা শব্দৰে দিব পৰা উত্তৰটো হ’ল মহাবাহু ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ হ’ল অসমৰ ৰাজহাড়স্বৰূপ। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ইয়াৰ দুয়ো পাৰতে গঢ়ি উঠা বিভিন্ন জাতি-জনজাতিৰ সংস্কৃতিৰ মিলনভূমি হ’ল অসম। প্ৰতিটো জাতি, প্ৰতিটো জনগোষ্ঠী নিজৰ স্বকীয় বৈশিষ্ট্যৰে বহ্নিমান। তথাপিও সকলোৰে মাজত আছে ভাতৃত্বসুলভ আদৰ-চেনেহ। সকলোৰে আবেগ-অনুভূতি, সুখ-দুখ একে। মহাবাহু ব্ৰহ্মপুত্ৰ বিভিন্ন উপনৈসমূহৰ যিদৰে সম্বন্বয়ৰ সেঁতু ঠিক সেইদৰে অসমৰ পাহাৰে-ভৈয়ামে বসবাস কৰা ভিন্ন খাদ্যাভ্যাস, ভিন্ন সাজ-পোচাক, ভিন্ন উৎসৱ-পাৰ্বন, বিভিন্ন লোকাচাৰ পালন কৰা জাতি-জনজাতিৰ মাজতো সংহতিৰ উৎস। ভূপেন দাই গাইছে,
“মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কতযুগ ধৰি আহিছে প্ৰকাশি
সমন্বয়ৰ অৰ্থ….”
অসমত শক্তি উপাসনাৰ দিনবোৰত, বলি-বিধান প্ৰচলনৰ দিনবোৰত পোন প্ৰথমবাৰৰ বাবে বিভিন্ন ধৰ্ম আৰু জাতি-জনজাতিৰ মাজত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি সকলোকে একতাৰ দোলেৰে বান্ধিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। তেওঁ সংস্কৃতত লিখা বিভিন্ন শাস্ত্ৰ, ভাগৱত আদিৰ ভাঙণি কৰি সৰ্বসাধাৰণৰ বোধ্যগম্য কৰি তুলিছিল। অসমৰ মানুহখিনিয়ে সেইবোৰৰ সাৰমৰ্ম ভালকৈ বুজি পাবৰ বাবে তেওঁ বৰগীত-ভটিমা ৰচনা কৰিছিল, নাট লিখিছিল, ভাওণা কৰিছিল। তেওঁ ৰচনা কৰা গীত-নাটৰ মূল চৰিত্ৰৰ যুক্তি-আবেগ-অভিমান-খং সাধাৰণ ডেকা বা গাভৰুতকৈ পৃথক নাছিল। মহাপুৰুষজনাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ “কীৰ্তনঘোষা”ৰ ‘শিশু লীলা’ পঢ়িলে যিদৰে বাৎসল্য প্ৰেমত হৃদয় উঠলি উঠে একেদৰে “হৰমোহন” পঢ়িলে শৃংগাৰ ৰসৰ বা “শ্যামন্তক হৰণ”ত বীৰ ৰস বা “গোপী-উদ্ধৱ সংবাদ”ত কৰুণ ৰসৰ স্ফুৰণ হয়। আনকি অসমৰ মানুহখিনিৰ আৰু কাষ চাপিবলৈ অনেক ঠাইত কথিত কাহিনীৰ লগত সংগতি ৰাখি তেওঁ নিজাকৈ কিছু চৰিত্ৰ সৃষ্টি কৰিছিল। “ৰুক্মিণী হৰণ” নাটত বেদনিধি ব্ৰাহ্মণ তেনে এক চৰিত্ৰ। —-আৰু এইদৰেই শংকৰদেৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোকে নৱবৈষ্ণৱ ধৰ্মৰে সাঙুৰি একতাৰ এনাজৰীৰে বান্ধ খুৱাবলৈ সক্ষম হৈছিল। আজিও অসমত শংকৰদেৱৰ আদৰ্শ গভীৰভাবে শিপাই থাকিলেও তাৰ মাজতো মতৰ অমিল দেখা যায়। সেয়ে হয়তো যোজনাত কোৱা হয়, “গুৰুৱে এক কৰে, ভকতে ভাগ কৰে।”
সাহিত্যৰথী বেজবৰুৱাই সাহিত্যৰ ৰথ চলাই, জ্যোতিপ্ৰসাদে জ্যোতিপ্ৰপাত বোৱাই আৰু বিষ্ণু ৰাভাই নিজৰ আভাৰে মহিয়ান কৰা অসমীয়া জাতি-ভাষা-সাহিত্য-সংস্কৃতিৰ স্বৰগমত বজাইছিল একতাৰ ঐক্যতান। অসম আৰু অসমীয়াৰ হৃদয়ত বৰপীৰা পাৰি বহা গণশিল্পী ড০ ভূপেন হাজৰিকাই “আহ আহ ওলাই আহ সজাগ জনতা” বুলি আহ্বান দিলেই ৰাজপথলৈ ওলাই আহিছিল সহস্ৰ জনতা। তেওঁৰ গীত আছিল সহস্ৰজনৰ গীতৰ কণ্ঠ।
সৰুতে পঢ়াশালিত, ঘৰত সকলোতে শিকাইছিল “একতাই পৰম শক্তি”। সৰুকালৰ টিভিত দিয়া সেই বিজ্ঞাপন আজিও মনত পৰে – প্ৰথমে দুখন পেশীবহুল হাতে এডাল বাঁহ ভাঙি পেলায়। এইবাৰ হাত দুখনত দুডাল বাঁহ দিয়া হ’ল। হাত দুখনে অলপ বেছি শক্তি প্ৰয়োগ কৰা যেন লাগিল যদিও বাঁহ দুডাল ভাঙিল। এইবাৰ এমুঠি বাঁহ দিয়া হ’ল। প্ৰচণ্ড শক্তি প্ৰয়োগ কৰিও হাত দুখনে বাঁহৰ মুঠিটো ভাঙিব নোৱাৰিলে। বিজ্ঞাপনটোত এইবাৰ বাক্য এটা জিলিকি উঠিল ‘একতাই পৰম শক্তি’।
নতুবা একতাৰ ওপৰতে ভিত্তি কৰি প্ৰদৰ্শন কৰা আন এখন শ্বৰ্ট ফিল্ম “এক চিৰিয়া অনেক চিৰিয়া”। আমিবোৰ তেতিয়া সৰু সৰু আছিলোঁ। কিন্তু একগোট হৈ কাম কৰিলে যে ভাল ফল পোৱা যায় সেয়া বুজি পাইছিলোঁ। পিছলৈ যিমানে ডাঙৰ হ’লোঁ সিমানে বুজিলোঁ, ব্যক্তিগতভাৱে মানুহজন যিমানেই দক্ষ নহওঁক কিয় দলগত প্ৰদৰ্শন সফলতাৰ আচল চাবি-কাঠি। কিন্তু এয়া জানো ইমান সহজ! একতাৰ মূল ভেটি হ’ল মনৰ মিল আৰু মতৰ মিল। দুজন মানুহৰ সকলো ক্ষেত্ৰতে মনৰ মিল বা মতৰ মিল হোৱাটো এক প্ৰকাৰ অসম্ভৱ। সেয়েহে মনৰ মিল আৰু মতৰ মিলৰ লগত পাৰস্পৰিক বুজা-পৰা বা এৰা-ধৰা হয়তো একতাৰ মূল আধাৰ।
কথাতে কয় বোলে গাঁওখনত এটা নামঘৰ থাকিলে বুজিব ৰাইজৰ মাজত ভাল একতা আছে। সৰু-সুৰা কাজিয়া-পেচাল সকলো গাঁৱতে থাকে কিন্তু সামাজিক কামত একগোট হৈ আগবাঢ়ি অহাটো ভাল লক্ষণ। নামঘৰটো বা সেই নগৰৰ মাজমজিয়াত থকা শিৱদৌলটো অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক। দৌলৰ সিপাৰে থকা ক’ৰ্টৰ মোকৰ্দমাৰ এটা পক্ষই কে’চ জিকিবলৈ দৌলত চাকি জ্বলাই আহে আৰু আনটো পক্ষই কাষৰে মছজিদত আল্লাৰ আশীষ বিচাৰে। আল্লা আৰু ভগৱান দুয়োজনে আদালতৰ সন্মুখৰ পান দোকানখনত চলি থকা আড্ডাত হাতে হাতে ঘূৰি-ফুৰা চাধা অলপ ওঁঠৰ টিপত ভৰোৱাটোৱেই সেই মুহূৰ্তত চাগৈ উচিত বুলি ভাবে। সেই চাধাকণকো আপুনি ক’ব পাৰে ‘অনৈক্যৰ মাজত ঐক্য’ৰ প্ৰতীক বুলি।
ভগৱান বা আল্লাৰ কথা ওলাওঁতে আৰু এটা কথা কৈ থওঁ। ধৰ্ম হ’ল সমাজত জীয়াই থকাৰ নিয়ম। জন্মসূত্ৰে লগত আহে। নিজে অৰ্জা নহয় কিন্তু ভুঞ্জিব লগা হয় ওৰে জীৱন। ধৰা হওঁক পৃথিৱীৰ প্ৰথম ধৰ্ম হিন্দু ধৰ্ম। মনৰ বা মতৰ মিল নোহোৱাটো স্বাভাৱিক। ধানটোৱে প্ৰতি কণটো, মানুহে প্ৰতি মনটো। এজাকে কিছুমান নিয়ম ভাল নাপালে আৰু সেইবোৰ আঁতৰাই আন কিছুমান নতুন নিয়মৰ সংযোজন কৰি এক নতুন ধৰ্ম সৃষ্টি কৰিলে। সেয়াই হয়তো মুছলমান ধৰ্ম। ধৰ্মৰ গুৰিটো কিন্তু একেই আছে। গুৰিত এতিয়াও কোনোবা এজন অদৃশ্য শক্তি বহি আছে কাৰোবাৰ বাবে তেওঁ আল্লা, কাৰোবাৰ বাবে যীশু বা আন কাৰোবাৰ বাবে শিৱ, বিষ্ণু বা বুদ্ধ। ধৰ্ম মানেই এক অদৃশ্য ভয়।
তেঁতেলীপৰীয়া গাঁৱৰ কাজীৰ অৱস্থা সংকটজনক। ডিব্ৰুগড় মেডিকেলত পৰি আছে। ডাঙৰ ল’ৰা ৰিয়াজুল ‘O-ve’ ব্লাডগ্ৰুপৰ সন্ধানত ঢাপলি মেলিছে। ব্লাডবেংকত ‘O-ve’ বটল দুটা পাই তাৰ মুখলৈ পানী আহিল। দুটা বটলৰ এটাত মন্দিৰৰ পুৰোহিত বীৰেণ গোস্বামীৰ তেজ আছে আনটোত আছে হৰিজন বস্তিৰ মিতৱাৰ তেজ। দুয়োজনে দুদিন আগতে লায়ন্স ক্লাৱে আয়োজন কৰা ৰক্তদান শিবিৰত তেজ দান কৰিছিল। মানে এতিয়া কাজীৰ দেহত একেলগে গোঁসাই আৰু হৰিজনৰ তেজ দৌৰিব। এই তেজটুপিকো কিন্তু অনৈক্যৰ মাজত ঐক্যত স্থান দিব পাৰি।
তেজে যেনেকৈ ধৰ্ম-ভাষা নামানে তেনেকৈ যিকোনো মাদক দ্ৰব্যেইও ধৰ্ম-ভাষা নামানে। কথাতে কয়, “মদাপীৰ জাত নাই”। সেই পানীটুপিকো অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক হিচাপে ঠাই দিব পাৰি। প্ৰচণ্ড গোৰ এটা আহি ৰেষ্টুৰেণ্টৰ মালিকৰ টেবুলত পৰিল। “পইচা দিবি নে নিদিয় ক’?” এটা কঠোৰ কণ্ঠস্বৰ ভাহি আহিল। চাৰিওফালে এজাক পাহুৱাল ডেকাই তাক আৱৰি আছে। কোনোবা ৰাজনৈতিক দলৰ গুণ্ডাবাহিনী হ’ব। মালিকৰ কঁপা কঁপা হাতত এশটকীয়া বান্দিল দুটামান। এয়াও একতা। কিন্তু ভুল পথৰ একতা। আজিৰ দিনত এনেকুৱা ধৰণৰ ঐক্য বেছি দেখা যায়। তেনে ঐক্য আমাক নালাগে। আপুনি বিৰোধ কৰিব বিচাৰে? আপুনি জানে আপুনি শুদ্ধ। তেন্তে অকলে আৰম্ভ কৰক। আপুনি যদি সত্য আৰু শুদ্ধ তেন্তে মতৰ মিল হোৱালৈ ৰৈ থকাৰ প্ৰয়োজন নাই। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত “যদি তোৰ দাক শুনে কেউ না আসে তবে একলা চলো ৰে”।
বেছি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই ফেইচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটটোৰ কথাই চাওঁক। প্ৰথমতে আঙুলিৰ মূৰত গণিব পৰা দুজনমানে অসমীয়াত লেখা আৰম্ভ কৰিছিল। লাহে লাহে সংখ্যা বাঢ়ি আহিবলৈ ধৰিলে। কোনোকালে নিলিখাজনেও ইয়াত লেখা-মেলা কৰা হ’ল। লেখাবোৰ লাহে লাহে পাঠকে গ্ৰহণ কৰা হ’ল। মাজে-মাজে তৰ্ক-বিতৰ্ক নোহোৱা নহয়। কিন্তু সুস্থ পৰিৱেশত তৰ্ক-বিতৰ্ক হোৱাটো একো বেয়া কথা নহয়। অসমীয়াৰ অস্তিত্বকলৈ বিশেষ চিন্তা কৰিব নালাগে। যেতিয়ালৈ এই গোটটো আছে অসমীয়া ভাষা জীয়াই থাকিব; কাৰণ গোটৰ মূল উদ্দেশ্যই হৈছে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ। ভাল লাগে যেতিয়া হাজাৰ যোজন আঁতৰৰ কোনোবাই নিজৰ ঘৰখনৰ কথা মনত পেলাই কিবা লিখে বা কেতিয়াও নুশুনা এটা বিষয়ৰ ওপৰত কোনোবাই জ্ঞান দিয়ে। কেতিয়াবা ভাৱ হয় ইয়াত ভাল-বেয়া, হাঁহি-কান্দোন , জীৱন সংগ্ৰাম সকলো আছে। নাই ধনী-দুখীয়াৰ প্ৰাচীৰ। নাই কোনো জাত-পাত, উচ্চ-নীচৰ ভেদাভেদ, আস্তিক-নাস্তিক সকলোৱে একেলগে আনন্দ কৰা এক মঞ্চ। এই মঞ্চৰ আন এক অৱদান মাহেকীয়া আলোচনী ‘সাহিত্য ডট্ অৰ্গ’; যি অসমীয়া ই-আলোচনীৰো বাটকটীয়া। প্ৰথমে এক অজান বাটত অকলে আগবঢ়া ‘সাহিত্য ডট্ অৰ্গ’ৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰু বহুকেইখন সফল ই-আলোচনী দেখা গৈছে। এয়া অসমীয়া জাতি আৰু ভাষাৰ বাবে শুভলক্ষণ। আমি সৰুকৈ আৰম্ভ কৰিছিলোঁ কিন্তু আজি ই এক পৰিয়ালৰ দৰে হৈ পৰিছে। এটা হাজাৰজনৰ পৰিয়াল। হয়তো ইয়াতেই আমাৰ অজানিতে গঢ় লৈ উঠিছে এক বৌদ্ধিক আন্দোলন। অনৈক্যৰ মাজত একতাৰ সাঁকো হৈ আগলৈয়ো সাহিত্য ডট্ অৰ্গৰ এই যাত্ৰা অব্যাহত থাকক— এয়ে আমাৰ কামনা।
শুভেচ্ছাৰে,
সম্পাদনা সমিতি
সাহিত্য ডট্ অৰ্গ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!