এদিন – অনন্ত বড়া

পেহীৰ একমাত্ৰ ল’ৰা পংকজদা, শিক্ষকৰ চাকৰি৷ পেহীয়ে পংকজদাৰ বাবে ঘৰধৰা ছোৱালী এজনী বিচাৰি আছে৷ কেৱল শিক্ষিত হলেই ন’হব, ঘৰুৱা কাম কাজৰ লগতে গাঁৱৰ সমাজখনৰ লগত মিলিজুলি থাকিব পৰা পেহীৰ ভাষাত ঘৰধৰা ছোৱালী এজনী লাগে৷

ওচৰৰে বৰুৱানীখুড়ীয়ে ছোৱালী এজনীৰ কথা ক’লে৷ পেহীয়ে পংকজদাৰ লগত ছোৱালীজনী চাবলৈ যাবলৈ মোক দায়িত্ব দিলে৷ আমাৰ পচন্দ হ’লে পাছত পেহীহঁত যাব৷ পংকজদাৰ মতে এনেকৈ ঘৰে ঘৰে গৈ ছোৱালী চাই পচন্দ কৰা, বা দুদিনৰ পাছত পচন্দ ন’হল বুলি খবৰ দিয়া কাৰবাৰটো বৰ ঠিক নহয়৷ কিমান আশাৰে ছোৱালীৰ ঘৰখনে ছোৱালী পচন্দ কৰিব বুলি আয়োজন এটা কৰে৷ বৰ বেয়া কথা এইবোৰ৷ তথাপি উপায় নাই৷ মোৰ পুৰণি গাড়ীখন লৈ ওলালো দুয়োটা৷ গাড়ীত গৈ থাকোঁতে পংকজদাই আকৌ এবাৰ ক’লে, কথাটো বৰ ভাল নহ’ব নেকি! আমি শিক্ষিত বুলি ভবা বোৰেই যদি এনেকৈ ছোৱালীৰ ঘৰে ঘৰে গৈ চাহ জলপান খাই পচন্দ ন’হল বুলি উত্তৰ দিব লগা হয় তেতিয়া বাকীবোৰলৈ কি থাকিব? মই বোলো: তোৰ পচন্দৰ কোনোবা আছে যদি ক? এতিয়াও সময় আছে৷
নাই তাৰ তেনেকুৱা পচন্দৰো কোনো নাই৷ আগতে থকাবোৰে এতিয়া কাৰোবাৰ ঘৰ ধৰি আছেগৈ৷
অৱশেষত ছোৱালী চাবলৈ বুলি মানুহঘৰৰ সন্মুখত মোৰ গাড়ীখন ৰখালোঁ৷ গেটখন খুলি বাৰান্দাৰ কলিংবিলটো বজাবলৈ লওঁতেই প্ৰকাণ্ড কুকুৰ এটাই খেদা মাৰি আহিল, খেদাৰ কোবত পংকজদা মাটিত বাগৰি পৰিল, বৰষুণত বোকাহৈ থকা চোতালত পংকজদা পৰি বুকাৰে লুটুৰি পুটুৰি হ’ল৷ এইবাৰ পংকজদাক এৰি মোৰ ফালে চোঁচা ললে৷ মোৰো একেই অৱস্থা৷ চিঞৰ বাখৰ শুনি ছোৱালীঘৰৰ মানুহবোৰ ওলাই আহিল৷ চিঞৰ, দৌৰা – দৌৰি এক যুদ্ধ সদৃশ পৰিবেশ৷ বোকা পানীৰে কাঢ়িল অৱস্থাৰে কুকুৰটোৱে দুয়োটাকে খেদি নি গেটৰ বাহিৰ কৰি দিলে৷ ছোৱালীজনীৰ বাপেকে কাৰোবাক গালি পাৰিছে: কুকুৰটো কোনে খুলি দিলি, বৰ বেয়া কথা হ’ল ইত্যাদি৷
তথৈবচ অৱস্থা আমাৰ দুয়োটাৰে৷ এনেতে পানী এবাল্টি লৈ ছোৱালী এজনী ওলাই আহি কুকুৰটো ধৰি লৈ গ’ল৷ আৰে ছোৱালীজনী দেখুন চিনাকি চিনাকি যেন লাগিল৷ ক’ত দেখিছো বাৰু! মনত পৰিল, এইজনী দেখুন মোৰ ফেচবুক ফ্ৰেণ্ড৷ দুদিনমান আগতে ইন এন অপেন ৰিলেচনচিপ বুলি দিয়া “লাইফ ইভেণ্ট ষ্টেটাচ”টোত মই বেষ্ট অৱ লাক বুলি কমেণ্ট দিছিলো৷
ছোৱালীৰ বাপেক মাকে বহুত অনুৰোধ কৰি ভিতৰলৈ মাতিছে, বেয়া নাপাব বুলি বাৰে বাৰে হাতযোৰ কৰিছে৷ পাছত বেলেগ এদিন আহিম বুলি বোকাই পানীয়ে দুয়োটা গাড়ীত বহিলোঁগৈ৷
পংকজদাই শুধিলে: কামোৰিলে নেকি!

: নাই, কামোৰা নাই, খেদিলেহে৷ তোক!

: বৰ বেয়া ঠাইত ধৰিছিল৷ পেণ্টটো ডাঠ কাৰণে বাচিলো৷

গাড়ী ষ্টাৰ্ট দিলোঁ৷ কাৰো মুখত মাত নাই৷ পৰিবেশটো পাতল হওক বুলি গান এটা বজাই দিলো৷ গান বাজিল– তেৰি গলিও মে না ৰাখেংগে কদম / আজকে বাদ৷

পংকজদাৰ খং উঠিল: সেই বন্ধ কৰ সেইডাল৷!!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰাকেশ
4 years ago

হাহিলোঁ দেই অলপ।