“এদিন”ৰ নাটক (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

গেলাৰীৰ দৰ্শকৰ সুহুৰি-চিঞৰ অথবা কাৰোবাৰ হাত-তালিৰ শব্দবোৰৰ লগে লগে সেই যে আঁৰ কাপোৰ আঁতৰি যায় ধীৰে ধীৰে, ঠিক একেদৰেই……
‘সাতটা বাজিবৰ হ’ল, কিমান শুৱা আৰু? ইহঁত দুটাৰ টিফিন দুটা ৰেডী কৰি দিব নোৱাৰা? অলপতো সহায় কৰি দিব পাৰা’- বিয়াৰ আগত ’তোমাৰ মাতটো কেডবেৰী’ৰ চকলেটতকৈও মিঠা ও’ বুলি কোৱা ময়েই এই সময়ত এনে মাতবোৰ কাণলৈ নাহিবলৈ গাৰুটোৰে ঢাকি ধৰোঁ৷ গাৰুটোক বল প্ৰয়োগ কৰি দলিয়াই পেলাই দিয়া হয়৷ আঁঠুৱাখন আঁতৰি যায়৷ আৰম্ভ হয় দিনটোৰ নাটক৷

গীতি নৃত্য-নাটিকা এখন নহ’লে ভাল লাগিব জানো? নৃত্য-নাটিকাৰেই আৰম্ভ কৰা যাওঁক….
‘দাদা, আপোনাৰ ককালৰ জোখ এতিয়া ফ’ৰ্টি পাৰ হওঁ হওঁ হে৷ লেটেষ্ট ষ্টাইলৰ জীনচ্ ক’তনো পাব? কেইটামান আছে চাই ল’ব পাৰে, নহ’লে চিলাই লওক’- জীনচ্ কিনিবলৈ গ’লে সদায় ছেলচবয় কেইটাৰ এই কথাবোৰ শুনি শুনিয়েই ঠিৰাং কৰিছিলোঁ ‘পেট’টো অলপ কমাম৷ সিদিনা অ’ফিচৰ এগৰাকীয়ে ’দাদাক কিন্তু পেটটো কমিলে যে কেনে হেণ্ডছম লাগিব!’ বুলি উৎসাহ দুগুণে বঢ়াই থৈছেই৷ ইউটিউব’ত ভিডিঅ’ লগাই বেলক’নীত পুৱা শুই উঠিয়েই সংগীতৰ তালে তালে মই নৃত্য আৰম্ভ কৰোঁ৷ আগতে ‘এক্সাৰচাইজ’ বুলি ক’লে ভয় হৈছিল৷ সংগীতৰ তালে তালে গা’টো অলপ নচুওৱা সিমান টান যেনো নালাগে৷
‘হেৰা, টিফিন কেইটা হ’ল নে ৰেডী? আঠ বাজিবৰ হ’ল৷ আৰু সেই নৃত্য-নাটিকাখন বন্ধ কৰা আৰু…সন্মুখৰ ঘৰত জীয়াৰী-বোৱাৰী থাকে, লাজো নাপায় পাই’৷ … ‘হেণ্ডছম’ হোৱাৰ আশাত যতি পৰে৷

পৰৱৰ্ত্তী দৃশ্যত হাতত ঝাৰু লৈ কুন্তলাৰ প্ৰৱেশ৷ কুন্তলা আমাৰ ঘৰত কাম কৰা বাইগৰাকীৰ নাম৷
‘দাদা, অলপ খীনাইছে কিন্তু৷ এইবোৰ কৰে যে, সেয়ে কিজানি৷ …আচ্ছা দাদা ও, অহা শনি-দেওবাৰে মই নাহোঁ কামত৷ ননদ’ৰ খুলশালীৰ বিয়া৷ হ’ব নহয়?’
‘হ’ব দিয়া, একো কথা নাই’ – কাকতৰ ক্ৰীড়াপৃষ্ঠাটোত চকু ফুৰাই কওঁ মই৷ এক আনন্দৰ সুৰ বাজি থাকে বেকগ্ৰাউণ্ডত৷ তাই আঁতৰি যায়৷ হঠাতে বেকগ্ৰাউণ্ড সংগীতত শিৱমণিৰ প্ৰৱেশ ঘটে, ঠিক দুৰ্গাদেৱীয়ে হাতত ত্ৰিশূলপাট লোৱাৰ সময়ৰ সংগীত যেন৷
‘বুঢ়া হ’বৰ হ’ল, তথাপিও মিহি মাত শুনিলে পাহৰিয়েই যায় কি ক’ব লাগে, কি নালাগে৷ বোলো, তাইক ছুটী কাক সুধি দিলা?’
‘এহ, বেচেৰীয়ে বিয়ালৈ যাম কৈছে ও৷ মই দেখোন তোমাৰ বাইদেউৰ ছোৱালীৰ খুলশালীৰ বিয়া দুদিন ’ছিক লিভ’ লৈ খাবলৈ গৈছিলোঁ হে…’৷
‘তাই বেচেৰী হ’ল এতিয়া? এইক খেদিব লাগিব৷ আজিকালি এনেয়েও তাই ‘লো কাট’ ব্লাউজ খুব পিন্ধিবলৈ লৈছে৷ ..আৰু অহা শনি-দেওবাৰে ক’লৈকো ওলাব নোৱাৰা, গোটেই ঘৰৰ কাম কৰিব লাগিব৷ মোৰ বেলেগ ‘প্লান’ কৰা আছে৷

পৰৱৰ্ত্তী দৃশ্যত ‘স্ক্ৰীপ্ট’ৰ প্ৰয়োজন নহয়৷ কোনে কাক কি কৈছে, কোনে কি বুজিছে- সেইবোৰ চাবলৈ কাৰো সময় নাথাকে৷ সৰু ল’ৰাৰ জোতাতো দহটা ফুটা কিয়নো থাকিব লাগে ফিতা ভৰাবলৈ, দুখনমান মুখ একেলগে দিলে ভগৱানে কিমান যে সুবিধা হ’লহেঁতেন ব্ৰেকফাষ্ট কৰোঁতে, অ’ফিচৰ ফাইল-ৰুমালখন বা চশমাযোৰো যদি ‘মিছ কল’ এটা দি বিচাৰি ল’বলৈ সুবিধা পালোঁহেঁতেন- এনেবোৰ চিন্তাই খেলা কৰে মগজুত এই সময়ত৷ ইমান যে দ্ৰুত এই দৃশ্যটো!

এইবাৰ অলপ ‘পুতলা নাচ’:
‘বৰা, এইটো ’ফাইল’ এতিয়াই সাজু কৰক৷’
‘ইয়েছ ছাৰ! ’ -মই কওঁ৷
‘আচ্ছা কালিৰ ’লেটাৰ’খন ৰে’ডী হোৱা নাই যদি তুৰন্ত কৰক’৷
‘ঠিক আছে ছাৰ’৷
মই ওলাব খোজোঁ বছ’ৰ কেবিনটোৰ পৰা৷
‘হেৰি বৰা, ক’লৈ যায়? ’
‘পেটটো অলপ ঠিক নহয়, অলপ টয়লেটৰ পৰা…’৷
‘যাব ৰ’ব..এইখিনি লিখি লওকচোন, মই কৈ যাওঁ…’৷ মই কাগজ-কলম লওঁ৷ তেওঁ সূতাবোৰ ঘূৰাই থাকে, মই নাচোঁ৷

কৰুণ দৃশ্য নাথাকিলে হেনো ‘নাটক’ চাই ভাল নালাগে!
আবেলি তিনিমান বজাত মই হোৱাটচ্ এপ খোলোঁ৷ এইখিনি সময়ত নয়না অ’নলাইন হয়৷ দুমাহমান আগতে নয়নাই এদিন হঠাতে ফোন কৰিছিল-‘দাদা, ভাল নে খবৰ? আপোনাৰ নম্বৰটো বাইদেউৰ পৰা পালোঁ৷ ভাবিলোঁ এনেই মাত লগাওঁ’
মোৰ বুকুখন গধুৰ হৈ পৰিছিল৷ নয়নাৰ বায়েক মোৰ ক্লাছমেট আছিল৷ মনত পৰিছিল নয়নাই মোক কোৱা শেষ কথাষাৰ-‘আচলতে আপোনাৰ মনত মোৰ প্ৰতি প্ৰেম নায়েই৷ আপুনি ধৰিবও পৰা নাই আচলতে কি আছে! ’ মই তাইক বুজাব খুজিও পৰা নাছিলোঁ৷ কথাবোৰ বৰ্ণনা কৰি বুজোৱাত মই সদায়েই বেয়া৷
‘আপোনাক হোৱাটচ্ এপ’ত মাজে মাজে মেছেজ দি ‘ডিষ্টাৰ্ব কৰি থাকিম হা’ -নয়নাই কৈছিল৷ মই ক’ব খুজিছিলোঁ-‘তুমি মোক প্ৰতি পল ‘ডিষ্টাৰ্ব’ কৰা, মই কিমান যে সুখী হ’ম!’…তেতিয়াৰে পৰা এই সময়খিনিত মই চাওঁ৷ তাইক অ’নলাইন দেখিলে বুকুখন কঁপি উঠে৷ এঘণ্টামান ৰৈ থাকি একো এটা নাপালে মই আকৌ ফিকা চাহ একাপ খাই ফাইল’ৰ মাজত ডুব যাওঁ৷ চকুদুটা সিক্ত হয়৷ ওচৰতে চকীদাৰ নৰপিতোই মোবাইলত সৰুকৈ গান শুনি থাকে৷ প্ৰতিমা পাণ্ডেৰ কণ্ঠৰ গীত৷
এটি যেন ‘পাৰ্ফেক্ট’ কৰুণ দৃশ্য!

পৰৱৰ্ত্তী দৃশ্যসমূহ গতানুগতিক৷ যেন অকল দীঘল কৰিবলৈহে এইবোৰ যোগ কৰা হৈছে! মই প্ৰিয়দৰ্শন’ৰ ছবি চাই ভাল পাওঁ৷ বিশেষকৈ তেওঁৰ চিনেমাসমূহৰ অন্তিম দৃশ্যৰ ‘ভাগম ভাগ’খিনি৷ ক’ব নোৱাৰাকৈয়ে মিলি যায় মোৰ এদিন’ৰ নাটকৰ শেষ দৃশ্যৰ লগত৷

ভাত খাই উঠি মই অসমীয়া ছেনেলত বাতৰি লগাওঁ৷ এওঁ চিঞৰে-‘হিমন্ত বিশ্বই বিজেপি নে এজিপিলৈ গ’ল সেইটো দুদিন পিছত গম পালেও একো লোকচান নাই৷ চ’নীত লগাওঁক৷ ছিৰিয়েলখনত আজি ইণ্টাৰেষ্টিং কিবা এটা হ’ব, ‘মিছ’ কৰিব নোৱাৰোঁ মই৷’
মোৰ খং উঠে৷ মই নুশুনা ভাও ধৰোঁ৷
এনেতে ডাঙৰটোৱে চিলনীৰ দৰে আহি ৰিমোটটো লৈ ক্ৰিকেট খেলত লগায়৷ সৰুটোৱে মোলৈ চাই কান্দে -‘দেতা, পোগো’৷ তাৰ চিঞৰে সিদ্ধুৰ কমেণ্ট’ৰীকো তল পেলাই দিয়ে৷ মই ডাঙৰটোৰ পিছে পিছে দৌৰো৷ কাষে কাষে শ্ৰীমতী৷
তাক ধৰি মই ৰিমোট’টো ল’বলৈ খোজোতেই সি দূৰলৈকে দলিয়ায়৷ এইবাৰ ৰিমোট’ৰ কাষলৈ দৌৰ পুনৰ৷ শ্ৰীমতী আগে আগে, মই পিছে পিছে৷ সৰুটোৱে মজিয়াত বাগৰি চিঞৰে৷ শ্ৰীমতীয়ে ৰিমোট’টো লৈ ছেনেল সলনি কৰিব লওঁতেই আন্ধাৰ হৈ পৰে৷ কাৰেণ্ট যায়৷ আমি অন্তিম কোৰাছটো গাবলৈ আৰম্ভ কৰোঁ প্ৰদুতৰ পৰা তৰুণ গগৈলৈ সকলোকে সামৰি৷

মই মোবাইলটোৰ পোহৰতে আঁঠুৱা টানিবলৈ চেষ্টা কৰোঁ৷ নয়না বা অ’নলাইন আছে নে নাই! এবাৰ যদি তাই ’শুভৰাত্ৰি’ বুলি ক’লেহেঁতেন মেছেজ এটা দি৷ জীৱন নাট’ৰ এদিনৰ মঞ্চখনত আঁৰ কাপোৰ পৰিবলৈ হয়তো আৰু এটি-দুটি ক্ষণ…. মোবাইলৰ বেটেৰী প্ৰায় শেষ হয়গৈ৷ পোহৰ ক্ষীণ হৈ আহে………….!

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
5 years ago

Nice story…really one day play..

অভিনন্দন
5 years ago

Comment text..জীৱনৰ নাটৰ এখন মঞ্চসফল নাট গেখুৱালে কিন্তু ৷ গেলেৰিত বহি বিকট উকি কেইটা মাৰাৰ বিপৰীতে চকুপানীহে নিগৰিল ৷