সম্পাদকীয়: হত্যাকাৰী গোমধান আৰু পুঁজিবাদী শুকৰ বনাম ঘাতক দুগ্ধ আৰু অসংগঠিত কৃষি

হত্যাকাৰী গোমধান আৰু পুঁজিবাদী শুকৰ বনাম ঘাতক দুগ্ধ আৰু অসংগঠিত কৃষি
————————————————————–

ভাৰতৰ দূৰদৰ্শনৰ ইতিহাসত আটাইতকৈ দীৰ্ঘদিন ধৰি সম্প্ৰচাৰিত হৈ থকা অপৰাধ-তদন্ত আধাৰিত ধাৰাবাহিক ‘চি আই ডি’ৰ ‘ফৰেনচিক লেব’ৰ মুখ্য বিজ্ঞানী জনক জানে কিজানি। ড. চালুংখে। এগালমান নীলা, সেউজীয়া তৰল থকা বটলৰ আলমিৰা এটা, ধোঁৱা ওলাই থকা পাতন যন্ত্ৰ এটা, মাজে সময়ে ৰঞ্জন ৰশ্মি অংকিত আলোক চিত্ৰ দুখন মান, এটা সকলো কাম কৰিব পৰা কম্পিউটাৰ প্ৰণালী। তাৰে মাজত ড. চালুংখে আৰু ড. চাৰিকাই পৰীক্ষা নলী একোটাত কিবা ৰঙীন পানীয় অকণ ঢালি দি জোকাৰি জোকাৰি চায়েই এ চি পি প্ৰদ্যুম্ন আৰু তেওঁৰ চি আই ডিৰ দলৰ বাবে অপৰাধ তদন্তৰ গাঁঠি খুলি দিয়ে।
এইটো সেইখন দেশৰ দৃশ্য য’ত দেশৰ সংসদত মন্ত্ৰীয়ে তথ্য দিব লগা হয়, “আমাৰ দেশত উৎপাদিত গাখীৰৰ ৬০ শতাংশই ভেজাল আৰু খাদ্যৰ অনুপযোগী”। ইফালে সেইখন দেশেই বিশ্বৰ দুগ্ধ উৎপাদনত শীৰ্ষৰ ফালে স্থান অধিকাৰ কৰি আছে। মুঠ দুগ্ধ উৎপাদনত ভাৰতবৰ্ষই অন্যতম শীৰ্ষস্থানত থাকিলেও গবাদিৰ জনমূৰি দুগ্ধ উৎপাদন (প্ৰতিজনী গাইয়ে গড়ে দিয়া গাখীৰৰ পৰিমাণ)ৰ লেখ হতাশজনক। গবাদিৰ উৎপাদন সক্ষমতাৰ জোখ তেনেই কম। ইয়াত দুগ্ধ উৎপাদনক এটা উদাহৰণ হিচাপেহে লোৱা হৈছে। অন্যান্য খাদ্যোৎপাদনৰ ক্ষেত্ৰটো (উৎপাদন সক্ষমতাৰ) ছবিখন বৰ এটা বেলেগ নহয়। এনেবোৰ ক্ষেত্ৰত দুটা দিশত প্ৰশ্ন উত্থাপিত হব পাৰে: (১) পৰম্পৰা, সততা আৰু সংস্কৃতিৰ দোহাই দি থকা দেশ এখনৰ (এচামৰ) সামগ্ৰিক নৈতিক চৰিত্ৰ আৰু (২) উৎপাদন অক্ষমতা। অখাদ্য দুগ্ধ আৰু শিশু খাদ্যৰ ভেজালকাৰী সকলৰ নৈতিক চৰিত্ৰৰ বিষয়ে আলোচনা কৰাটো হয়তো শিয়ালৰ শিঙৰ ওপৰত গৱেষণা পত্ৰ লিখাতকৈ কম নহ’ব। কিন্তু উৎপাদন সক্ষমতা ? (কৃষিৰ ক্ষেত্ৰত বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতৰ অৱস্থাৰ বিষয়ে এই সংখ্যাৰ সাহিত্য.অৰ্গত প্ৰকাশিত “খাদ্য সুৰক্ষা আইন” বিষয়ক পৰ্যালোচনাটোত কিছু তথ্যসহ আলোচনা কৰা হৈছে।)
উৎপাদন সক্ষমতা বঢ়াবলৈ বহু দেশত কৃষি ক্ষেত্ৰৰ পূৰ্ণ-ঔদ্যোগিকৰণ হৈছে। ঔদ্যোগিকৃত সংগঠিত কৃষি ঘনীভূত কৃষি ব্যৱস্থাৰ ৰূপ লবলৈ যাওঁতে আধুনিক কৃষি প্ৰযুক্তিৰ নামত বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োগ আৰু অপ-প্ৰয়োগ দুয়োটাই হৈছে। কৃষি ক্ষেত্ৰও মূলতঃ কেইটা মান বৃহৎ বাণিজ্যিক বিজ্ঞান-প্ৰযুক্তিবিদ্যা গৱেষণা বিপণন সংস্থাৰ একচেতিয়া নিয়ন্ত্ৰণৰ ফালে গৈ আছে। উন্নত সঁচৰ বীজৰ পেটেন্ট ব্যৱস্থাৰ আধাৰত সঁচৰ স্বত্ব কৃষকৰ যে নাথাকেই (সাধাৰণতেই উৎপাদিত সামগ্ৰীৰ সঁচ গুণ নাথাকে) আনকি উৎপাদিত সামগ্ৰীৰ ওপৰতো বহুক্ষেত্ৰত ওপৰৰ হাত অইনৰ হে হয়গৈ। কৃষক হৈ পৰে অন্য এক প্ৰকাৰৰ কৃষি দাস। সমগ্ৰ ভাৰতত ব্ৰয়লাৰ কুকুৰাৰ ‘এদিনীয়া পোৱালি’ আহে মাত্ৰ চাৰিটা মান সংস্থাৰ পৰা। উন্নত সঁচৰ শস্যৰ বীজৰো সিংহভাগেই নিয়ন্ত্ৰণ হয় মাত্ৰ এটা সংস্থাৰ দ্বাৰা। এই ছবিখন কেৱল ভাৰতবৰ্ষৰে নহয়। সমগ্ৰ বিশ্বতে ছবিখন একেই। এইখিনি হ’ল উৎপাদনৰ বিষয়ে। বিপণন? বিপণনৰ ক্ষেত্ৰতো কেইটামান বিপণন সংস্থাইয়েই লাহে লাহে ঔদ্যোগিক খাদ্যৰ জগতখন নিজৰ একচেতিয়া দখললৈ নি গৈ আছে। একচেতিয়া ঔদ্যোগিক খাদ্য উৎপাদন তথা বিপণনৰ আঁৰৰ ছবিখনৰ একাংশ ৰবাৰ্ট কেনাৰ নামৰ মাৰ্কিন তথ্যচিত্ৰ নিৰ্মাতা এজনৰ “Food, Inc” নামৰ তথ্যচিত্ৰখনত ডাঙি ধৰা হৈছে। বিপণনৰ ক্ষেত্ৰত বিশ্বজনীন বা তথাকথিত প্ৰথম বিশ্বৰ দেশৰ তুলনাত ভাৰতৰ ভিতৰুৱা ছবিখন কেনেকুৱা সেই বিষয়ে কৰা অধ্যয়ন আৰু জনসাধাৰণে হাততে পাব পৰাকৈ তথ্যৰ বিষয়ে জনা নগ’ল। (কিন্তু উৎপাদকৰ হাতৰ পৰা আহি গ্ৰাহকৰ হাতত পৰেহি মানে কেইবাটাও স্তৰৰ মধ্যভোগী আৰু লাভখোৰৰ ভেজালীকৰণৰ স্তৰকেইটাৰ কথা অৱশ্যে পাহৰি যাব নোৱাৰি।) সংগঠিত ক্ষেত্ৰৰ ঔদ্যোগিক খাদ্যৰ সকলোবোৰেই খোৱাৰ উপযোগী নে? “খোৱাৰ উপযোগী” শব্দ দুটাৰ ওপৰত বিতৰ্ক কৰিব পাৰি। ঔদ্যোগিক ভাৱে উৎপাদিত খাদ্যৰ ক্ষেত্ৰত সংসদত “ইমান শতাংশ খাদ্যৰ অনুপযোগী” জাতীয় তথ্যৰে দলিল দাখিল কৰিবলগীয়া হোৱা নাই যদিও “খোৱাৰ উপযোগী” বুলি লেবেল মৰা ঔদ্যোগিক ভাৱে উৎপাদিত/বিপণনকৃত খাদ্যৰ সম্ভাৱ্য আৰু স্বীকৃত বিভিন্ন স্বাস্থ্যজনিত আশংকাৰ বিষয়ে হোৱা অধ্যয়ণবোৰৰ বেছিভাগৰে ফলাফলবোৰ সুবিধাজনক নহয়। (সংগঠিত ঔদ্যোগিক খাদ্যৰ শক্তিশালী লবীৰ ওপৰত সংসদত আলোচনা হোৱাটো ইমান সহজো নহয় অৱশ্যে।)
সময়ৰ লগে লগে পৰিবৰ্তনশীল মানৱ সমাজৰ জীৱনশৈলী। জীৱনশৈলী পৰিবৰ্তনৰ লগে লগে এসময়ৰ পৰম্পৰাগত ৰুচিকৰ খাদ্য সামগ্ৰীৰ কিছু কিছু অংশও আশংকাজনক খাদ্যৰ অন্তৰ্ভুক্ত হ’বলৈ ধৰিছে। খাদ্য বিপণন উদ্যোগে গৱেষণাৰ দ্বাৰা মানুহৰ স্বাদগ্ৰন্থীয়ে ‘ভালপোৱা’ বিভিন্ন উপাদান-প্ৰকৰণ চিনাক্ত আৰু সংশ্লেষণ কৰি সেইবোৰ মিশ্ৰিত বিভিন্ন খাদ্য সামগ্ৰী বজাৰত মেলি দিছে। এই স্বাদগ্ৰন্থীয়ে ‘ভালপোৱা’ ধৰণৰ উপাদানবোৰৰ স্বাস্থ্যজনিত আশংকাৰ দিশটো সততে লুকুৱাই ৰখা হয় বুলি অভিযোগ উঠিছে। দ্ৰুত জীৱনশৈলীৰ লগত খাপ খুৱাবলৈ গৈ দ্ৰুত-আহাৰ, এঙাৰ গেছ ভৰা পানীয়ৰ পাশত বন্দী হ’ব লগা হোৱাটো চিন্তাজনক যদিও ইয়াৰ পাশৰ পৰা বাহিৰ হোৱাটো সহজ নহয়। কিছুলোকৰ বাবে তেনে খাদ্য খোৱাটো ফেচন, আধুনিকতাৰ ঢং, কাৰোবাৰ বাবে বাধ্যবাধকতা আৰু কোনোবা হয়তো সংশ্লেষিত স্বাদগ্ৰন্থী মোহকৰ নিচাত আসক্ত। স্বাদগ্ৰন্থী মোহকৰ নিচাৰ বাবেই অনেক থলুৱা সুষম খাদ্যও লাহে লাহে এলাগী হ’বলৈ ধৰিছে। থলুৱা খাদ্যই বিশ্বায়নৰ বজাৰৰ লগত ফেৰ মাৰিবলৈ হ’লে সময়ৰ লগত খাপ খুৱাই খাদ্যবোৰৰ উপযোগিতাৰ প্ৰচাৰৰ উপৰিও সেইবোৰৰ প্ৰস্তুতি আৰু পৰিবেশনশৈলীৰ কিছু পৰিবৰ্তন আনিব লাগিব। কেৱল জাতীয়তাবাদ, দেশপ্ৰেম, মাটিৰ গোন্ধৰ মোহ আদি আৱেগৰ বলেৰে স্বাদ-ঘ্ৰাণ-দৃষ্টি ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হ’ব বুলি পতিয়াব নোৱাৰি।
এতিয়া আকৌ ঘুৰি আহোঁ, ড. চালুংখেৰ কাষলৈ। অপৰাধ-তদন্ত বিষয়ক ধাৰাবাহিক এখনৰ প্ৰসংগটো খাদ্য সম্ভাৰৰ প্ৰসংগতনো কিয় আনিব লগা হ’ল? বিশ্বৰ বিভিন্ন অংশত সম্প্ৰচাৰিত হৈ থকা অপৰাধ-তদন্ত আধাৰিত ‘চি আই ডি’-ৰ লেখীয়া অনুষ্ঠানবোৰৰ বহুততে আমি ওপৰত উল্লেখ কৰা ঔদ্যোগিক খাদ্যৰ প্ৰস্তুত প্ৰণালী, সেই খাদ্যৰ পুষ্টি, স্বাস্থ্যৰ ওপৰত হব পৰা আশংকা, খাদ্য উদ্যোগৰ কৰ্মক্ষেত্ৰত কৰ্মপৰিবেশ, কৰ্মী সকলৰ প্ৰতি ব্যৱস্থাপক সকলৰ আচৰণ আদি অপৰাধমূলক তদন্তৰ বিষয়বস্তু হৈ পৰা দেখুৱাইছে। সেইটোক লৈ বিশ্বব্যাপী থকা ঔদ্যোগিক খাদ্য প্ৰস্তুত আৰু বিপণনৰ শক্তিশালী লবীটোৱে সেইবোৰৰ বিষয়ে কিছু বৌদ্ধিক প্ৰতিপ্ৰচাৰৰ যোগাৰ কৰিছে। এই লেখাৰ শিৰোনামটোৰ প্ৰথম অংশ মাৰ্কিন নৃতাত্বিক সংগঠনৰ দ্বাৰা প্ৰকাশিত সংস্কৃতি আৰু কৃষি বিষয়ক গৱেষণা বাৰ্তা Culture, Agriculture, Food and Enviroment ত প্ৰকাশিত Killer Corn and Capitalist Pigs: Forensic Noir and Television Portrayals of Modern Agriculture Technology শীৰ্ষক এটা প্ৰবন্ধৰ পৰা লোৱা হৈছে। প্ৰবন্ধটোত এই জনপ্ৰিয় মাধ্যমত সম্প্ৰচাৰিত অপৰাধ-তদন্ত আধাৰিত বহুবোৰ অনুষ্ঠানে আধুনিক কৃষি প্ৰযুক্তি আৰু ঔদ্যোগিক কৃষি “মানৱ স্বাস্থ্যৰ বাবে হানিকাৰক” বুলি দেখুওৱাৰ কথা উল্লেখ কৰিছে। প্ৰবন্ধটোৰ মতে এনেদৰে দেখুৱাই আধুনিক কৃষি পদ্ধতিৰ বিষয়ে মানুহৰ মাজত ভুল ধাৰণাৰ প্ৰচাৰ কৰা হৈছে।
ভাৰতৰ পৰা সম্প্ৰচাৰিত ‘চি আই ডি’ৰ নিচিনাই জনপ্ৰিয় আমেৰিকান এটা অনুষ্ঠান হৈছে “চি এচ আই : মায়ামি” (CSI: Miami)। ইয়াৰে এটা খণ্ডত (শীৰ্ষ- Bad Seed)ত মায়ামিৰ এক ৰেষ্টুৰেন্টত (শাকাহাৰী) ভোজনৰ পাছত এক যুৱ দম্পতি মৃত্যু মুখত পৰাৰ কাহিনী সম্প্ৰচাৰিত হৈছিল। এই খণ্ডৰ তদন্তত খাদ্য উৎপাদন-বিপণন কৰা বৃহৎ সংস্থা এটাক অভিযুক্ত হিচাপে দেখুওৱা হৈছিল। অনুষ্ঠানটোত দেখুওৱা মতে, সংস্থাটোৰ জলসিঞ্চন প্ৰণালীত খাদ্যজনিত বিষক্ৰিয়া ঘটাব পৰা বেক্টেৰিয়াৰ উপস্থিত আছিল। জলসিঞ্চন প্ৰণালীলৈ সেই বেক্টেৰিয়া আহিছিল সেই সংস্থাৰে ঘনীভূত কৃষি ব্যৱস্থাৰ অংশ গো-পামৰ পৰা। প্ৰাণহানি হোৱা এজনৰ মৃত্যুৰ কাৰণ বেক্টেৰিয়া সংক্ৰমণজনিত বিষক্ৰিয়া আৰু আনজনৰ মৃত্যুৰ কাৰণ আছিল জিনীয় অভিযান্ত্ৰিকীৰে সংশ্লেষিত কৰা পাচলিত সংশ্লেষিত হোৱা এবিধ বিহ জাতীয় পদাৰ্থ। একেটা অনুষ্ঠানতে সংস্থাটোৰ অধীনৰ কৃষি কাৰ্যত অবৈধ অনুপ্ৰবেশকাৰী সস্তীয়া শ্ৰমিকৰ ব্যৱহাৰৰ নিচিনা বেআইনী কাৰ্যও দেখুওৱা হৈছিল। পেটেন্ট থকা শস্যৰ ৰেণু ওচৰৰ অইন গাইগুটীয়া (অসংগঠিত) খেতিয়কৰ পথাৰলৈ প্ৰাকৃতিক ভাৱে বিস্তাৰিত হোৱাৰ পিছত সেই খেতিয়ক জনক বেআইনীভাৱে তেওঁলোকৰ পেটেন্ট থকা শস্যৰ খেতি কৰা, বীজ ব্যৱহাৰ কৰা বুলি আইনী পাকত পেলাই তেওঁৰ সা-সম্পত্তি বাজেয়াপ্ত কৰা, কৃষিভূমি সংস্থাৰ কব্জালৈ অনাৰ কথাও পোহৰলৈ আহে।
ওপৰত উল্লেখ কৰা কথাখিনি এক অপৰাধ-তদন্ত অনুষ্ঠানৰ কাহিনী হ’লেও ‘ৰিলৰ বাহিৰৰ ৰিয়েল’ জগততো ঔদ্যোগিকভাৱে উৎপাদিত খাদ্যত বিষক্ৰিয়া হোৱাৰ বাতৰি তেনেই সুলভ। কিছুদিনৰ আগতে পশ্চিমীয়া দেশবোৰৰ বহুলোকৰ তিয়ঁহৰ লগত লাগি অহা বেক্টেৰিয়াৰ বিষক্ৰিয়াত হাহাকাৰ লাগি গৈছিল। ঔদ্যোগিক ভাৱে উৎপাদিত ছচেজ আৰু বাৰ্গাৰতো একেধৰণৰ বিষক্ৰিয়া হোৱাৰ খবৰ আছে। বাৰ্গাৰত লাগি অহা বীজানুৰ বিষক্ৰিয়া হৈ প্ৰাণহানি হোৱা এটা শিশুৰ পৰিয়ালে ন্যায় বিচাৰি শক্তিশালী খাদ্য প্ৰস্তুত – বিপণন লবীৰ হাতত কি দুৰৱস্থা হৈছিল সেয়া ইন্টাৰনেটত অলপ বিচাৰ খোচাৰ কৰিলেই পাব পাৰি। সেই বিষয়ে ওপৰত উল্লেখ কৰা তথ্যচিত্ৰখনতো কিছু কথা উপলব্ধ। কিন্তু এইবোৰত কৃষি প্ৰযুক্তি বোলা বিষয়টোক দোষ দিব নোৱাৰি। প্ৰযুক্তিৰ ফলাফল নিৰ্ভৰ কৰে ব্যৱস্থাপনাৰ ওপৰত, প্ৰয়োগ, অপ-প্ৰয়োগ নে কু-প্ৰয়োগ হৈছে সেইটো দিশ ব্যৱস্থাপনাৰ অন্তৰ্গত।
খাদ্যৰ চাহিদা যি হাৰত বাঢ়ি গৈ আছে সেই হাৰৰ লগত তাল মিলাই সকলোৰে খাদ্য সুনিশ্চিত হ’বলৈ হ’লে খাদ্য উৎপাদন আৰু প্ৰস্তুতিৰ ঔদ্যোগিকৰণ অবিহনে অন্য কোনো পথো খোলা নাই। সময়ৰ লগত তাল মিলাই কৃষি ক্ষেত্ৰত প্ৰযুক্তিৰ প্ৰয়োগত আপত্তি কৰাৰ কোনো থল নাই। কৃষি বিজ্ঞানৰ অপপ্ৰচাৰ হব নালাগে। কেৱল এইটো নিশ্চিত হ’ব লাগে যে বানিজ্যিক মুনাফাৰ বাবে প্ৰযুক্তিৰ অপপ্ৰয়োগ হব নালাগে, কৰ্মক্ষেত্ৰ অনৈতিক বেআইনী কামৰ থলী হব নালাগে। স্বাস্থ্যৰ আশংকাৰ বিষয়ে নিশ্চিত নোহোৱালৈকে আভিযান্ত্ৰিকৃত বা সংশ্লেষিত খাদ্য উপভোক্তাৰ হাতলৈ আহিব নালাগে। এইবোৰ দিশ নিশ্চিত কৰিব পৰা আইন-কানুন প্ৰণয়ন আৰু সেইবোৰৰ যথাযথ ৰূপায়ন নহ’লে, ঔদ্যোগিক খাদ্য উৎপাদন আৰু বিপণন ব্যৱস্থা অন্য এক ভস্মাসুৰ হ’বলৈ বেছি পৰ নালাগিব হয়তো।
খাদ্য প্ৰস্তুত উদ্যোগৰ বাবে স্বাস্থ্য সন্মত ইমানবোৰ বিধান থকা স্বত্বেও ‘সৰ্বশক্তিমান’ মাৰ্কিন মুলুকতে সংগঠিত ঔদ্যোগিক খাদ্যৰ লবীয়ে আইন প্ৰণয়ণ কৰা সকলক হাতৰ মুঠিত আৰু মানুহক আন্ধাৰত ৰাখি অজ্ঞাতে বিহু দেখুৱাই আছে, সেইবোৰে অসংগঠিত ভেজালকাৰীৰ বিৰুদ্ধেই বিশেষ কাৰ্যক্ষম পদক্ষেপ লব নোৱাৰা আমাৰ দেশত সংগঠিত লবীৰ বিৰুদ্ধে কিমান সফল হ’ব সেইটোত সন্দেহ ৰৈ যায়। কিন্তু কিবা এটা পদক্ষেপৰ সময় থাকোতেই চিন্তা নকৰিলে পিছত সকলো পুঁজিপতি গঁড়ালৰ বুলি আস্ফালন কৰাৰ কোনো মূল্য নাথাকিব।

: ভগৎ লাল দত্ত

Subscribe
Notify of
17 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

তথ্য সমৃদ্ধ সম্পাদকীয় ।

7 years ago

এটা গুৰুত্বপুৰ্ণ বিষয়।সঁচাকৈ, ..” কিবা এটা পদক্ষেপৰ সময় থাকোতেই চিন্তা নকৰিলে পিছত সকলো পুঁজিপতি গঁড়ালৰ বুলি আস্ফালন কৰাৰ কোনো মূল্য নাথাকিব।”

Amitabh Mahanta
7 years ago

অতি সুন্দৰভাবে বৰ্ণনা কৰিছে৷ আমি সকলোৱে এই বিষয়ে কম বেছি পৰিমাণে জানিও যেন নজনাৰ ভাও ধৰি আছো৷ এইবোৰ পঢ়িও যেন আমি অসহায়, কেনেকৈ ইয়াক ৰোধ কৰিব পাৰি সেই বিষয়ে আমাৰ হাতত বিশেষ উপায় নাই৷ যিবোৰ উপায় আছে সেইবোৰ বাস্তৱত পৰিণত কৰিবলৈ আমাৰ সময় বা সজাগতাৰ অভাব৷

Nitu kumar Das
7 years ago

ভাল লাগিল ।অতি নিখুঁত,আদৰণিয় সম্পাদকীয়।

পংকজ
7 years ago

অতি গুৰুত্বপূৰ্ণ গধুৰ বিষয় পঢ়ি ্ৰামনি নলগাকৈ উপস্থাপন কৰা কথাটোৱে মন চুই গ’ল। সাধাৰণ ৰাইজক উপযুক্ত পথ এটাৰ সন্ধান দিলে ভাল আছিল … আকৌ কৈছো … ভাল লাগিল

Anonymous
7 years ago

গুৰুত্বপূৰ্ণ, বিষয়বস্তুৰে এটি তথ্য সমৃদ্ধ বলিষ্ঠ সম্পাদকীয়| ভগৎ দাৰ পৰ্যবেক্ষণমূলক লেখনিসমূহে
নিঃ সন্দেহে পাঠকসকলক যথেষ্ট পৰিমানে উপকৃত কৰি আহিছে বুলি মই ভাবো|

ইন্দ্ৰনীল গায়ন
7 years ago

গুৰুত্বপূৰ্ণ, বিষয়বস্তুৰে এটি তথ্য সমৃদ্ধ বলিষ্ঠ সম্পাদকীয়| ভগৎ দাৰ পৰ্যবেক্ষণমূলক লেখনিসমূহে
নিঃ সন্দেহে পাঠকসকলক যথেষ্ট পৰিমানে উপকৃত কৰি আহিছে বুলি মই ভাবো|

7 years ago

দৰাচলতে, জনসংখ‌্যা বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ জৰিয়তে কৃষিভূমি আৰু কৃষক অথবা খাদ‌্যোপযোগী প্ৰাণী আৰু পশুপালকৰ ওপৰত পৰা চাপ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে বাবেই খাদ‌্যত কৃত্ৰিমতাও বাঢ়ি গৈ আছে। এই কৃত্ৰিমতাই জনস্বাস্থ‌্যৰ ক্ষতি কৰাই নহয়, পৃথি‌ৱীৰ পৰা জী‌ৱৰ প্ৰকৃতিসৃষ্ট সঁচবিলাককেই অ‌ৱলুপ্তিৰ পথলৈ লৈ গৈ আছে। আপোনাৰ ভা‌ৱগধুৰ সম্পাদকীয় চিন্তাই খাদ‌্যৰ সৰ্বসাধাৰণ গ্ৰাহক আৰু নিয়ন্ত্ৰক, অৰ্থাৎ চৰকাৰ নামৰ যন্ত্ৰটোৰ চিন্তা উদ্ৰেক কৰাত সফল হ’ব বুলি আশা আৰু কামনা কৰিলো।

Vikramjit Kakati
7 years ago

লেখাটো পঢ়ি বহু নজনা ক’থা জানিলো | কিবা জেমচ বন্ডৰ কাহিনী পঢ়া যেন লাগিল | একেষাৰে কবলৈ হ’লে মোৰ দৰে খাদ্য ৰসিক মানুহে এই ক’থা বোৰ জনা উচিত | ধন্যবাদ

ধনজিৎ কুমাৰ শৰ্ম্মা
7 years ago

বহু চিন্তা উদৃগকাৰী এটা মানসম্পন্ন সম্পাদকীয় লেখা।
মোৰ সহকৰ্মী পাণ্জাৱী বন্ধু এজনে কৈছিল – আধুনিক কৃষি প্ৰযুক্তিৰ নামত বিজ্ঞান-প্ৰযুক্তিৰ অদূৰদৰ্শী প্ৰয়োগে (বা অপ-প্ৰয়োগে) ৰাজ্যখনৰ কৃষিভূমিৰ সৰ্বানাশ মাতি আনিছে। পৰিসংখ্যাৰ পৰা ভাৰতৰ অন্নদাতা হ’লেও – কেৱল উৎপাদনৰ বাবেহে কেবাদশকো প্ৰযুক্তিৰ এনে প্ৰয়োগৰ বাবে ৰাজ্যখনৰ ভবিষ্যত হয়টো অন্ধকাৰ হৈ পৰিছে। এ‍ই ক্ষেত্ৰত হয়টো ঐতিহাসিকভবে‍ই ভাৰতীয় গৱেষণা বা সম্পাদকীয়ত উল্লেখিত লবীয়ে মাৰ্কিন লবী (প্ৰযুক্তিৰ প্ৰয়োগৰ)ৰ ওচৰত পৰোক্ষভাৱে সেও মানি আহিছে – ইয়াতে‍ই আহিছে কৃষিক্ষেত্ৰত ভাৰতীয় ব্যৱস্থাপনা বা ৰাজনৈতিক প্ৰভাৱ, সুবিধাবাদী চক্ৰান্ত আদি।
অন্য কথাটো হ’ল এঙাৰ গেছেৰে পূৰ্ণ পানীয় অৰ্ৰু দ্ৰুত খাদ্য – আস গোটে‍ই পৃথিৱীয়ে‍ই এ‍ই জ্বৰত অক্ৰান্ত আৰু আমিটো বাহিৰক অনুকৰণ কৰি ভালে‍ই পাওঁ; গতিকে নোকোৱা‍ই ভাল। তথাপি তেনে খাদ্যৰ বিষয়ে ভালদৰে বুজি উঠাটো দৰকাৰ; তথা আপোনজন বা বন্ধুবৰ্গক দুই এটা উপদেশ পৰামৰ্শ দিব পাৰি।
প্ৰতি ৰাতিপুৱা‍ই Nextbigfuture ৰ Newsletter খন এবাৰ চামে‍ই – ভাৰতীয় মহাকাশযান বা উপগ্ৰহৰ সাফল্যৰ বাতৰিয়ে যেনেদৰে মনটো সজীৱ কৰি টোলে; খাদ্য উৎপাদনকে ধৰি আন বহু ভাৰতীয় খবৰে নিৰাশ কৰে। তেনে এটি খবৰ এতিয়াও মনত আছে – লিংকটো বিছাৰি উলিয়া‍ইছো: http://nextbigfuture.com/2013/04/india-is-overproducing-and-wasting.html
তথ্যপ্ৰযুক্তি, ছেমিক’ণ্ডাক্টৰ বা ফাৰ্মাচিউটিকেল ক্ষেত্ৰত ভাৰতবৰ্ষই দেখুওৱা বিপ্লৱ খাদ্য প্ৰস্তুত বা উৎপাদনত যে দেখুৱাব পৰা না‍ই সেয়া সকলোৱে দেখি আহিছে… তথাপিও যুক্তৰাষ্ট্ৰই ভাৰতবৰ্ষক কেৱল বজাৰ হিচাপে‍ই গ্ৰহণ কৰি দেখুওৱা মাৰ্কিন বিহু আমি বুজাখিনিয়ে অন্তঃত বুজি উঠা দৰকাৰ।

7 years ago

অত্যন্ত সু-চিন্তিত লেখা। পিছে দুখৰ কথা হ’ল এনেবোৰ কথা অৰণ্যৰোদনহে হয়।

7 years ago

সম্পাদকীয় লেখাটোত অতিশয় গুৰুত্বপূৰ্ণ বিষয় এটা তুলি ধৰা হৈছে। বহুতো নজনা কথা জানিবলৈ পালোঁ।

Aftar Chowdhury
7 years ago

অত্যাৱশকীয় লেখা৷ মুনাফাখোৰসকলৰ হাতোৰাত বন্দী আমাৰ আয়ু৷ “সত্যমেৱ জয়তে” নামৰ ধাৰাবাহিকৰ এটা খণ্ডত মাৰাত্মক কীটনাশক ব্যৱহাৰ কৰি কেনেকৈ আমাক তিলে তিলে মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে সেয়া দেখুৱাৰ পিছত সংশ্লিষ্ট কীটনাশক কম্পেনিটোৱে কৰা কেছত ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ হৈ গৈছে৷ এয়াই আমাৰ দেশ আৰু আইন৷ আমি চৰকাৰক বাধ্য কৰাব লাগিব যাতে কোনেও মানুহক খাদ্যৰ নামত বিহ খুৱাই মাৰিব নোৱাৰে৷

Anonymous
7 years ago

এটা অতি চিন্তনীয় বিষয়ৰ ওপৰত সুন্দৰ আলোকপাত । পুনৰ প্ৰমাণ হল আমি কব নোৱাৰাকৈয়ে এনে এখন বৃহৎ বজাৰত সুমাই পৰিছোঁ যাৰ পৰা পৰিত্ৰাণ পোৱা বৰ সহজ নহয় । নিতৌ আমি বলি হৈছোঁ । এই ভেল্কিবাজি আৰু ছলনাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে সজাগ আৰু সচেতন মহলে পদক্ষেপ লোৱা উচিত ।

পংকজ ঠাকুৰীয়া
7 years ago

খাদ্য সুৰক্ষাৰ নতুন আৰু কঠোৰ আইনে কৃষকৰ অধিকাৰ ব্যক্তিগত বহুজাতিক ব্যবসায়ীৰ হাতলে নিব বুলি ভয় হয়। লগতে নতুন লাইচেঞ্চ ৰাজ জাতীয় ব্যবস্থা সৃষ্টি হৈ বৃদ্ধিৰ হাৰ কমি যাব যেন লাগে। গতিকে দুয়োটাৰ মাজত এটা স্থানত থকা মানে মধ্যভোগীক নিয়ন্ত্ৰন আৰু বৃহৎ কম্পেনীৰ মুক্ত হস্তক্ষেপ নিয়ন্ত্ৰন কৰিব পাৰি। খুচুৰাত প্ৰত্যক্ষ বিদেশী বিনিয়োগেও সুদুৰ ভবিষ্যতে কৃষকক মাধমাৰ দিব যেন লাগে।

baharul ali
7 years ago

sob porha nai. porha khiniu kisu kisu muror uporadi goi mudhos fati jau jau lagise.tamam likhise dei.

Anonymous
7 years ago

.