সম্পাদকীয়

সৰু সৰু কথা

অসমীয়াৰ ব্যৱসায়িক মানসিকতা৷

  আমাৰ ইয়াত চানা ভুজিয়া আৰু বিস্কুটৰ এখন নাম থকা দোকান আছিল৷ মই প্ৰায়ে তাৰ পৰা বজাৰ কৰো৷ এদিন ঘৰলৈ আলহী অহাৰ কথা৷ খৰধৰকৈ বিস্কুট কেইটামান লৈ আহি ঘৰত মেলি চায় দেখো সোপাকে সেমকা৷ আলহীক দিব নোৱাৰি৷ বৰ খং  উঠিল৷ চিনাকি দোকান কাৰণে বিশ্বাসত আনিছো, কিহৰ এইবোৰ ল’ৰাধেমালি? সেই জমকতে আলহীৰ লগতে ময়ো ওলাই গ’লো৷ পইছা বাৰু নালাগে পিছে কেইজন মান গ্ৰাহকৰ আগতে শাঁত পৰি যোৱাকৈ গালি পাৰিলো৷ আহিবৰ সময়ত ক’লো, “আজিৰ পৰা তোৰ দোকানৰ সৈতে আৰু মোৰ অহাযোৱা শেষ৷ ” বাকী শুনি থকা গ্ৰাহক কেইজনো যে আহিব আশা নাই৷ বেছ মন কৰিলো, এটা সময়ৰ ভিতৰত ইমান নাম থকা দোকানখন লাহে লাহে গ্ৰাহক নাইকিয়া হৈ শেষত বন্ধ হৈ পৰিল৷ মনতো অলপ বেয়া লাগিল৷ কাৰণ হেজাৰ হ’লেও দোকানখন গাঁৱৰে অসমীয়া মানুহ এজনৰ আছিল৷

  এতিয়া সাহিত্য অৰ্গৰ সম্পাদকীয়ত স্থান পোৱাৰ জোখাৰে এই ঘটনাটোত ইমান জোৰ নাই৷ কিন্তু চাবলৈ গ’লে ঘটনাটোৱে অসমীয়া মানুহৰ এটা বৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ বৰ্ণনা কৰিব পাৰে৷ সেয়া হ’ল অসমীয়াৰ ব্যৱসায়িক মানসিকতা আৰু সচেতনতা৷ আগৰে পৰা চাবলৈ গ’লে অসমীয়া মানুহখিনি চাহপাত কেইখিলাৰ বাহিৰে অন্য ব্যৱসায়ৰ প্ৰতি ইমানেই অনীহা যে কথাটো সঁচাকৈয়ে ভাবিবলগীয়া৷

  এতিয়া অকণমান আহো অন্য এটা বিষয়লৈ৷ অসমত প্ৰতি বছৰে লাখ লাখ ল’ৰা-ছোৱালী শিক্ষিত হৈ ওলাইছে৷ মেট্ৰিক হায়াৰচেকেণ্ডৰীত আজিকালি নম্বৰৰ খেল৷ ৬০% পোৱা ছাত্ৰ জনে কথমপিহে উচ্চ শিক্ষাৰ বাবে চিট পায়৷ কিন্তু তাৰ তলৰ এইযে ৩৫%ৰ পৰা ৪৫% পোৱা এক বৃহৎসংখ্যক ছাত্ৰ ছাত্ৰী আমাৰেই একেটা শিক্ষা-ব্যৱস্থাৰ পৰা ওলাইছে, এই সকলৰ বাবে ভবিষ্যতৰ বাবে শিক্ষাৰ দুৱাৰ প্ৰায় বন্ধ৷ এওঁলোককটো আমি দলিয়াই পেলাব নোৱাৰো৷ এওঁলোকো একো একোজন মানৱ সম্পদ৷ পিছে দুৰ্ভাগ্যজনকভাৱে এওঁলোকৰ মাৰ্ক নাই, ডনেশ্ব’ন দি পঢ়িবলে টকাও নাই৷ গতিকে ডিগ্ৰীও নাই৷ চাকৰিটো দূৰৰে কথা৷ ফলত এইসকলে হয় বাহিৰত গৈ ৫ হাজাৰ টকীয়া চিকিঅ’ৰিটী গাৰ্ডৰ  চাকৰি কৰিব লাগিব নাইবা থিয়েতাৰ পাতি, বিহু সন্মিলন পাতি চান্দা তুলি ফুৰাৰ বাহিৰে অন্য উপায় নাই৷ অৱশ্যে এইখিনিতে আমাৰ শিক্ষা ব্যৱস্থাৰ স্কিল ডেভলপমেণ্টৰ কথাটো আহে, কিন্তু মই ক’ব খুজিছো যে মানসিকতাৰ সামান্য পৰিবৰ্তন ঘটাব পাৰিলে আমি আঁঠুত সোণ নাপালেও ঘৰতেই যে সোণ পাম সেয়া খাতাঙ৷

  এষাৰ কথা আছে বোলে “বাণিজ্য বসতি লক্ষ্মী৷ ” পিছে কথাষাৰহে আছে, অসমীয়া মানুহৰ বোধহয় এইষাৰ কথাৰ সতে কিবা আখেজ আছে৷ বা এনেকুৱাও হ’ব পাৰে অসমীয়াৰ লক্ষ্মীক আদৰিবলৈ মন নাই৷ সকলোৱে কয় ডাক্তৰ হ’বি, ইঞ্জিনীয়াৰ হ’বি, কিন্তু কোনোৱে নকয় ব্যৱসায় কৰিবি৷ কিন্তু কিয়? আগৰ পৰাই ব্যৱসায়ক অসমীয়াই ওপায় নোহোৱাতহে লৈছে৷ মানে একো নাই যদি কিবা এটাকে কৰি থাকিবি আৰু, পিছে  বিকল্প হিচাপে লোৱা নাই৷ এইযে জাগৰণটো আজিলৈকে ন’হলেই৷ সেইটোৱেই পৰম দুখৰ কথা৷

   অসমীয়াৰ এনে মানসিকতাৰ গুৰি সন্ধান কৰি বহুতেই ক’ব খোজে অসমত হোৱা সেই বিখ্যাত আন্দোলনটো আৰু আজিও পূৰামাত্ৰাই হৈ থকা আন্দোলন ৰাজনীতিৰ বাবেই অসমীয়া ডেকা গাভৰু সকলৰ মনত এটা ওপৰতে টকা ঘটাৰ মানসিকতা গঢ় লৈ উঠিছে৷ ধৰক আন্দোলন কৰিলে, নেতা হ’ল৷ মিনিষ্টাৰৰ লগত চিনাকি হ’ল৷ চাকৰি এটা ল’লে৷ ঠিকা ঠুকুলি কিবা এটা যোগাৰ কৰিলে সেয়াই আৰু৷ এইবোৰৰ মাজতেই সকলো ব্যস্ত৷ চাকৰি পাবলে বেলেগে পঢ়ে আমাৰ খিনিয়ে লিংক লগাই বোলে আমুকক কচোন,এবাৰ কৈ দিলে কিজানি হৈ যায় চাকৰিটো৷ আৰু এনেকে নোহোৱাও নহয়৷ গতিকে সকলো এইবোৰতেই ব্যস্ত৷ আজিকালি সামান্য পৰিবৰ্তন হৈছে যদিও এই মানসিকতাৰ শেষ হোৱাৰ আগন্তুক যে নায়েই৷ কৰো বুলিলে ইমান কাম আছে, কিন্তু কৰিবলৈ কাৰো আহৰি নাই৷ ইয়াৰ ফলত হৈছে কি-

১)অসমৰ ধনবোৰ বাহিৰলৈ গৈ আছে৷

২)অসমত কৰ্মবিমুখিতা আৰু নিবনুৱা সমস্যাৰ এটা ভয়ানক পৰিস্থিতি৷

৩)কিছুমান বজৰুৱা সংস্কৃতি ইয়াৰে গাত ভেজা দি গঢ়ি উঠিছে৷

   মই কথাটো ব্যৱসায়িক মানসিকতা আৰু ব্যৱসায়িক সচেতনতা দুই ধৰণে ভাগ কৰিব খুজিছো৷ ব্যৱসায়িক মানসিকতা গঢ়িবলৈ ক’ৰবাত তিনিবছৰীয়া ক’ৰ্ছ কৰিব নালাগে৷ ব্যৱসায় কৰো বুলি ভাবিলেই হ’ল৷ কিন্তু ভবাৰ লগে লগে যদি তোমাৰ মনলৈ আহে যে মোৰটো হাতত টকা নাই ব্যৱসায় কৰিবলৈ, মই পঢ়া শুনাও নকৰিলো৷ ঘৰত গৰু গাই হাঁহ, পাৰহে চাওঁ, মইনো কি ব্যৱসায় কৰিম? তেন্তে তোমাৰ ব্যৱসায়িক মানসিকতা গঢ়ি উঠা নাই৷ ব্যৱসায়িক মানসিকতাৰ ল’ৰা এজনে এই কথাখিনি এনেদৰে ভাবিব যে মইচোন গৰু চৰাব পাৰো৷ গতিকে যদি কেনেবাকে চাৰি-পাচজনী জাৰ্চী পুহিব পাৰো তেন্তে মই চোন মাহে ৫০ৰ পৰা ৮০ হাজাৰ পৰ্যন্ত টকা আৰ্জিব পাৰিম৷ এয়াই হ’ল পাৰ্থক্য৷ অসমীয়া মানুহে অনুমানেই কৰিব নোৱাৰে যে গোৱাহাটীৰ এজন ফুচকাৱালাৰ আয় মাহে ত্ৰিচৰ পৰা পঞ্চাচ হাজাৰ টকাৰ ভিতৰত৷ এইবোৰ হ’ল সৰু সৰু কথা৷ আজি অসমৰ পাইকাৰী বিক্ৰীৰ প্ৰায় সকলো ব্যৱসায় বহিৰাগত বণিক শ্ৰেণীৰ হাতত৷ আমাৰতো একোৱেই নাই৷ গতিকে আমিও তেওঁলোকৰ আঙুলিৰ ঠাৰত নাচিবলৈ বাধ্য৷ আজি কেইটামান চাহ ফেক্টৰীৰ বাহিৰে প্ৰায় সকলো ডাঙৰ দোকান, ম’ল, উদ্যোগ-কাৰখানা, হোটেল এই সকলোবোৰটো অনা অসমীয়া মানুহৰ হাততেই৷ এতিয়া আমি তেওঁলোকে লুণ্ঠন চলাইছে, দাম বঢ়াইছে, সম্পতি কৰিছে বুলি কৈ নাথাকো কিয়, যেতিয়ালৈকে আমি নিজে নিজৰ ৰাস্তা নাসাজো, আনৰ পদূলিৰে বাজ ওলাবলৈ বাধ্য৷

   এতিয়া আঁহো ব্যৱসায়িক সচেতনতাৰ কথালৈ৷ এই সচেতনতাৰ লগত মই প্ৰথমৰ ঘটনাটো সম্পৰ্কিত কৰিব খোজো৷ তুমি তোমাৰ ব্যৱসায় সম্প্ৰসাৰণ আৰু সুচাৰূ ৰূপে চলাই নিয়াৰ প্ৰতি কিমান সচেতন৷ কোকাকোলাই প্ৰথম বৰ্ষত মাত্ৰ তিনি বটল ক’ক বিক্ৰী কৰিবলৈ সক্ষম হৈছিল৷ KFC ৰ প্ৰতিষ্ঠাতাই এটা সময়ত ঘৰে ঘৰে গৈ মাংস বিক্ৰী কৰিছিল৷ কিন্তু আজি কোকাকোলা আৰু KFC কোম্পানীৰ সমগ্ৰ বিশ্বতে কি স্থিতি সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ সেই দিশৰ পৰা চাবলৈ গ’লে প্ৰথম বৰ্ষত মাত্ৰ তিনি বটল আজি কোক বিক্ৰী কৰা কোম্পানীয়ে যদি পাছত সমগ্ৰ বিশ্ব বজাৰত প্ৰভাৱ পেলাব পৰাকৈ প্ৰতিষ্ঠা লাভ কৰিছে, তেন্তে আমাৰ গৃহিনীৰ হাতৰ নাৰিকলৰ লাৰুৱে কাইলে বজাৰত কিয় খলকণি তুলিব নোৱাৰিব? আজি জাৰ্চী গৰুৰ ফাৰ্ম খোলা ল’ৰাজনে কাইলে এটা নামথকা মিঠাইৰ ফেক্টৰী প্ৰতিষ্ঠা কৰি সুনাম অৰ্জন কিয় কৰিব নোৱাৰিব? কিন্তু সেইক্ষেত্ৰত তুমি সচেতন হ’ব লাগিব যাতে কাৰোলৈ ভেকুঁৰে ধৰা লাডু যোৱা নাই৷ আৰু যদি যায় তাৰ দায়িত্ব তোমাৰ৷ তুমি দোকান এখন খুলি যদি গোটেই জীৱনটো তাতে লাগি লাগি এদিন মৰি যোৱাগৈ, তেন্তে সেয়া ব্যৱসায়িক সচেনতাৰ পৰিচয় নহয়৷ কিন্তু এখন দুচটা টিনৰ চালিৰে আৰম্ভ কৰি যদি তুমি দুটাও শ্ব’পিং  ম’লৰ মালিক হ’ব পাৰিছা, তেন্তে তোমাৰ সেই সচেতনতা আছে৷ জৰুৰী নহয় যে সকলো কোকাকোলা, KFCৰ দৰে জগত বিখ্যাত হওক৷ ব্যৱসায়তো এনেকৈয়ো হয়৷

   আধুনিক বিশ্বখনৰ প্ৰায় প্ৰতিটো কথাই ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে৷ প্ৰায় সকলো কথাই প্ৰত্যক্ষ বা পৰোক্ষ ভাবে লাভ লোকচানৰ লগত জড়িত হৈ পৰিছে৷ ব্যৱসায়ৰ অংশ নোহোৱাকৈ কোনো থাকিব পৰা নাই৷ এইক্ষেত্ৰত অসমীয়াৰ ব্যৱসায় বিমুখিতা ইয়াৰ অনগ্ৰসতা আৰু অস্থিৰতাৰ অন্যতম কাৰণ৷ সকলো অপসংস্কৃতিৰ পৰা মুক্ত কৰি সমাজখনক সুস্থিৰ সবল আৰু স্বাবলম্বী কৰি তুলিবৰ বাবে আমাৰ ব্যৱসায়িক প্ৰবৃতি জগাই তোলা অতিকৈ প্ৰয়োজন হৈ পৰিছে৷ আজিকালি ইয়াৰ কিছু উন্নতি হৈছে যদিও জাগৰণটো এতিয়াও অহা নাই৷ ইয়াৰ উপযুক্ত সময়ো ইতিমধ্যেই পাৰ হৈ গৈছে৷ সহজে চকুত নপৰা সৰু সৰু কিছুমান কথা কিন্তু। ইবিলাকতে লুকাই আছে জাতিটোৰ প্ৰগতি আৰু সুস্থিৰতাৰ মূলমন্ত্ৰ৷

বিনয়েৰে

মানস গগৈ

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mridul
4 years ago

ভাল লাগিল ।