সম্পাদকীয় (অগ্নিভ দত্ত)

“অসম”— ই কেৱল এটা শব্দই নহয় এটুকুৰা ভূখণ্ডই নহয়, ই আমাৰ জীৱন শক্তি। ইয়ে আমাৰ আৱেগ, আমাৰ হাঁহি, আমাৰ চকুলো, আমাৰ জীয়াই থকাৰ প্ৰেৰণা। ই আমাৰ আৱেগ, আমাৰ স্পন্দন, আমাৰ জীয়াই থকাৰ প্ৰেৰণা।

খুব সম্ভৱ আমাৰ বহুতে বুজিব পৰা দিন ধৰি কেৱল শুনি আহিছোঁ বা আমাক দেখুৱাই অহা হৈছে আমাৰ মৰমৰ অসমখনকলৈ দেখা সপোনবোৰৰ কথা। কেতিয়াবা সোণৰ অসম, কেতিয়াবা বিদেশীমুক্ত অসম, কেতিয়াবা স্বাধীন অসম। সময়ৰ লগে লগে সেই সপোনবোৰৰ কোনোবাটোৰ হয়তো আগৰ সেই প্ৰাসংগিকতাই নোহোৱা হৈ পৰিল অথবা কোনোবাটোৱে হয়তো সময়ৰ গতিৰ আগত নিজেই থমকি ৰ’ল।

প্ৰাকৃতিক সম্পদ, নৈসৰ্গিক সৌন্দৰ্য্য, এক আকৰ্ষণীয় ভৌগোলিক অৱস্থান লগতে বিভিন্ন ধৰ্ম-ভাষা-জাতি-সংস্কৃতি নিৰ্বিশেষে এদল কৰ্মপটু মানুহেৰে ভৰপুৰ আমাৰ অসম। এই সকলোবোৰ থকাৰ পাছতো পাইছোঁ নে আমাৰ সপোনৰ অসমখন। কেনেকুৱানো হ’ব পাৰে আমাৰ অসমখন?

এইখিনিতে এটা কথা টানি আনিছোঁ। নতুন ভাৰতৰ স্বপ্নদ্ৰষ্টা সমগ্ৰ ভাৰতৰ বুকুৰ আপোন ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° কালাম ছাৰে হেনো এবাৰ এগৰাকী কিশোৰীক সুধিছিল “তোমাৰ সপোন কি?” কালাম ছাৰৰ সেই প্ৰশ্নৰ উত্তৰত কিশোৰীগৰাকীয়ে জনাইছিল–“মই এখন উন্নত ভাৰতত বাস কৰিব বিচাৰোঁ।”
পাছত কালাম ছাৰৰ ‘ইণ্ডিয়া 2020’ নামৰ কিতাপখন এই কিশোৰীগৰাকীৰ নামত উত্সৰ্গিত কৰিছিল। কালাম ছাৰৰ সেই ‘ইণ্ডিয়া 2020’ কিতাপখনত ভাৰতক ২০২০ চনলৈ উন্নত দেশ হিচাবে গঢ়ি তুলিবলে’ হ’লে কি কৰিব লাগে তাৰ এক দিক্ নিৰ্দেশকৰ ভূমিকা লৈছে। এই উন্নত ভাৰতৰ সপোন কালাম ছাৰে কেৱল নিজৰ সপোন কৰি ৰখা নাছিল। সেই সপোনক সমগ্ৰ দেশবাসীৰ সপোন কৰি ল’বলৈ আহ্বান জনাইছিল। এই সপোনক দিঠকত পৰিণত কৰিবলে ড° কালামে পাঁচটা বিষয়ক মূল কৰি লৈছিল। সেই পাঁচটা মূল বিষয় আছিল কৃষি, আন্তঃগাঁঠনি, শিক্ষা আৰু স্বাস্থ্য, ইনফৰমেচন আৰু কমিউনিকেচন, বিশেষজ্ঞ প্ৰযুক্তি। এইখিনি কৰিবলৈ হ’লে তাৰ লগতে আমি নিশ্চয়কৈ জানিব লাগিব আমাৰ নিজৰ সক্ষমতা আৰু আমাৰ দুৰ্বলতাসমূহ। উন্নত ভাৰত আৰু তাত উন্নত আৰু সবল অসম। এয়াই জানো আমাৰ সপোন হ’ব নোৱাৰে? উন্নত আৰু সবল অসমৰ কাৰণেও আমি তাৰ পথ নিৰ্ধাৰণ কৰি ল’ব লাগিব। এক সুস্থ সবল পৰিকল্পনাৰেহে সেই সপোনক দিঠক কৰিব পৰা যাব।

অসম এখন কৃষি প্ৰধান ৰাজ্য য’ত নেকি ৭০% মানুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন প্ৰকাৰে। কৃষিৰ পৰা ৰাজ্যখনৰ মুঠ আয়ৰ প্ৰায় এক তৃতীয়াংশ আহে কৃষিৰ পৰা। এক অৰ্থত কৃষি হ’ল আমাৰ অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ। ৭০% মানুহৰ জীৱন জীৱিকা নিৰ্ভৰশীল কৃষিক লৈ আমি সঠিক দিশেৰে আগবাঢ়িব নোৱাৰিলে আমাৰ ৰাজহাড়ডাল পোন কৰি থকাই টান হৈ পৰিব। এই কৃষিক লৈ আমাৰ চৰকাৰ কিমান আগ্ৰহী? অৱশ্যে চৰকাৰ বুলি কোৱাতকৈ চৰকাৰী ব্যৱস্থাটোকহে আঙুলিয়াব লাগিব য’ত নেকি জড়িত হৈ আছে মন্ত্ৰী-আমোলাৰ পৰা কৰ্মচাৰীলৈ সকলো। আমাৰ অসমৰ মুঠ মাটিৰ ৫০% মাটিয়েই হ’ল খেতিৰ বাবে উপযোগী। অথচ এই ৩৬লাখ হেক্টৰ খেতি উপযোগী মাটিৰ আধাতকৈও বেছি মাটিত জলসিঞ্চনৰ ব্যৱস্থা নাই। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় আমাৰ খেতিয়কে। কলৈ যায় আমাৰ চৰকাৰী প্ৰতিষ্ঠানবোৰৰ বিভিন্ন আঁচনি? কোনোবা জবাবদিহি হয় নে এনেকুৱাবোৰ কাৰণত? অসমত চলি থকা আওপুৰণি পদ্ধতিৰে খেতি কৰি অৰ্থনৈতিকভাবে সবল খেতিয়ক গঢ়ি তুলিব পৰা নাযাব তাৰ লগে লগে গঢ়িব পৰা নাযাব সবল কৃষিভিত্তিক অৰ্থনীতি। কৃষিৰ লগে লগে তাৰ আনুসংগিক ফুড প্ৰচেচিং উদ্যোগ গঢ়ি তুলিব পাৰিব লাগিব।

বৰ্তমান উদ্যোগ বুলিলেও আমাৰ চাহ আৰু তেল কেন্দ্ৰিক উদ্যোগেই প্ৰধান। চাহ উদ্যোগতেই বৰ্তমান সকলোতকৈ বেছি শ্ৰমিক জড়িত হৈ আছে অথচ এইসকল শ্ৰমিকৰ অৱস্থা অতিকে শোচনীয়। এই চাহ উদ্যোগৰ কোনো বিকল্প নথকাত চাহ শ্ৰমিকসকল সদায় বঞ্চনা শোষণৰ চিকাৰ হৈ ৰ’ল। এই শ্ৰমিকসকলৰ কাৰণে কোনো বিকল্প উদ্যোগ গঢ়ি নুঠিল। তাৰ ফলস্বৰূপে চাহ শ্ৰমিকসকল কেৱল চাহ উদ্যোগটোৰ কাৰণে সস্তীয়া শ্ৰমিক যোগান ধৰা কাৰখানাই হৈ ৰ’ল। এই চাহ উদ্যোগৰ ১৭লাখ শ্ৰমিকে সবল উন্নত অসম গঢ়াত বিশেষ ভূমিকা ল’ব পাৰিব যদিহে উপযুক্ত পৰিকল্পনাৰে আগবাঢ়ে।

উন্নত অসমৰ চিন্তা কৰিবলৈ যাওঁতেই বাৰে বাৰে উজুতি খাবলগীয়া কথাটো হৈছে ৰাজ্যখনৰ আন্তঃগাঁঠনি। এখন ঠাইৰ উন্নতিৰ বহুলাংশাই নিৰ্ভৰ কৰে ঠাইখনৰ যোগাযোগ ব্যৱস্থা তথা তাৰ আনুসংগিক আন্তঃগাঁঠনিৰ সফলতাৰ ওপৰত। প্ৰায় ২০লাখ নিবনুৱাৰ আশাৰ প্ৰাচীৰ হৈ থকা বিভিন্ন কাৰণৰ ভিতৰত এই দুৰ্বল আন্তঃগাঁঠনিও অন্যতম।

কৃষকৰ খেতি-বাতি, উদ্যোগ আদিৰ লগতে এক অত্যন্ত গুৰুত্বপূৰ্ণ কথা হ’ল মানুহখিনিৰ কাৰণে উলিয়াই দিব লগা বজাৰখন। কিন্তু বজাৰখন ধৰিবলৈ হ’লে আমাক লাগিব যোগাযোগৰ এক সুচল ব্যৱস্থা, ভাল ৰাস্তা-পদূলি আদি। এইবোৰ কৰি দিবলৈ যদিও চৰকাৰখন আছে কিন্তু এইবোৰ কৰিবলৈ যাওঁতে চৰকাৰী ব্যৱস্থাটো সফল নহয়গৈ কিয়? কাৰ দোষত? এইবোৰৰ প্ৰকৃত বিচাৰ কৰি আগবাঢ়িব পাৰিলেহে “উন্নত অসম”ৰ সপোন সফল কৰিব পৰা যাব।

সকলো থাকিও একো নথকা অসমখনৰ কাৰণে অসমৰ ভৌগলিক অৱস্থানটোক লৈ হয়তো বহুজনৰ বহু মত। অসমৰ ভৌগলিক অৱস্থান অসমৰ বাবে কিজানি এক আশীৰ্বাদ। ASEAN দেশ কেইখনৰ লগত অসমৰ যোগাযোগ অতি সুচল হৈ পৰিব পাৰে যদিহে চৰকাৰে ইয়াক আৰু গুৰুত্ব সহকাৰে লয়। ASEAN দেশকেইখনৰ লগত মুক্ত বাণিজ্যৰ পৰা অসমৰ যিদৰে প্ৰচুৰ লাভৰ সম্ভাৱনা আছে ঠিক সেইদৰে যদিহে সাৱধানতা অৱলম্বন কৰা নহয় তেনেহ’লে অসমৰ অৰ্থনীতি হৈ পৰিব পাৰে পৰামুখপেক্ষী। এই ASEAN দেশ কেইখনমানৰ লগত ভাৰতৰ ব্যৱসায় আৰু দহ বছৰমানত ২৮০বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে কিন্তু এইখিনিতে বিশেষ মন কৰিবলগীয়া কথা হৈছে ভাৰতে এই দেশসমূহৰ পৰা আমদানি কৰা আৰু এই দেশসমূহলৈ ৰপ্তানি কৰা সামগ্ৰী সমূহ। ভাৰতে এই দেশসমূহলৈ ৰপ্তানী কৰা সামগ্ৰীৰ তালিকাত প্ৰধানত আছে তীখা, পেট্ৰকেমিকেলছ, বিভিন্ন ধৰণৰ গহনা, গাড়ী লগতে গাড়ীৰ পাৰ্টছ, ফাৰ্মাটিউকেলছ আদি। অসমে এই মুক্ত বাণিজ্যৰ লাভ আদায় কৰিবলৈ এই বিষয়কেইটাত বিশেষ গুৰুত্ব দিব লাগিব। তাৰ কাৰণে বিশেষ আন্তঃগাঁঠনিৰ বিশেষ নীতি গঢ়ি তুলিব লাগিব। সকলোতকৈ ডাঙৰ কথাটো হৈছে এইবোৰৰ কাৰণে উপযুক্ত মানৱ সম্পদ গঢ়ি তুলিব লাগিব তেতিয়াহে আমি আচল সুফল লাভ কৰিবলৈ সক্ষম হ’ম।

অসমৰ সামগ্ৰিক পৰিস্থিতিয়েও অসমৰ উন্নতিত এক প্ৰাচীৰ হৈ পৰিছে। আন্দোলন, বন্ধ, ধৰ্মঘট আদিয়ে ৰাজ্যখনত ব্যৱসায়িক ক্ষেত্ৰখনত নেতিবাচক প্ৰভাৱ পেলাই আহিছে। কেৱল অইল ইণ্ডিয়া নামৰ চৰকাৰী প্ৰতিষ্ঠানটোৰেই এটা বছৰত ২০০কোটি টকালৈ লোকচান হৈছে এই বন্ধ ধৰ্মঘটৰ বাবে। তদুপৰি এটা হিচাব মতে ৰাজ্যখনৰ প্ৰায় ৪০কোটি টকাৰ লোকচান হয় প্ৰতিটো বন্ধৰ কাৰণে। এই বন্ধ ধৰ্মঘট অশান্তি আদিৰ কাৰণে সামগ্ৰিকভাবে ৰাজ্যখনত বিনিয়োগ কৰিবলৈ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আদি বিশেষভাবে আগবাঢ়ি অহা নাই। লগতে অসমত উদ্যোগ আদিৰ কাৰণে ভূমি অধিগ্ৰহণ এতিয়াও সুচল নহয়। সৰু সৰু মালিকীসত্ব থকা মাটিবোৰৰ অধিগ্ৰহণৰ কাৰণে উপযুক্ত ক্ষতি পূৰণেৰে বিশেষ উপায় কৰিব নোৱাৰিলে উদ্যোগ আদিক আকৰ্ষিত কৰা বৰ সহজ নহ’ব।

অসমৰ উন্নতিৰ হেঙাৰ কোন? অসমৰ উন্নতিৰ হেঙাৰ বুলিলে একেষাৰতে বহুতে বহিৰাগত, কেন্দ্ৰীয় চৰকাৰ হিন্দী লবী আদিৰ দৰেই উত্তৰতে নিজৰ দায়িত্ব সামৰি থ’ব বিচাৰিলে “উন্নত অসম” এক সপোনহে হৈ থাকিব। ইয়াৰ বাবে আমি একেবাৰে সাধাৰণভাবেই যদি এক নিমোৰ্হ আলোচনা কৰোঁ তেনেহ’লে মন কৰিম অসমৰ এই অৱস্থাৰ বাবে আমিও কম জগৰীয়া নহয়। আজিৰ দিনটোলৈ অসমৰ চৰকাৰখনৰ মন্ত্ৰী, এমএলএকে আদি কৰি দেখোন সকলোবোৰ অসমৰে মানুহ। তদুপৰি কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহক বাদ দি কৃষি, জলসিঞ্চন, উদ্যোগ, পৰিবহন, গড়কাপ্টানি, বান নিয়ন্ত্ৰণ আদি বিভাগবোৰৰ বৰমূৰীয়াৰ পৰা সাধাৰণ কৰ্মচাৰীসকলচোন আমাৰেই অঙহি-বঙহিৰে ভৰা। অথচ আমাৰ কৃষকে কৃষিক্ষেত্ৰতে ভাল বীজ নাপায়, খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নহয়, এজাক বৰষুণতে ৰাষ্টা ভাঙি চুৰমাৰ হয়, মথাউৰি চিগে। এইবোৰৰ কাৰণেও আমি আনকে দোষ জাপি কিমান দিনলৈ নিজক আভুৱা ভাৰি থাকিম? আমি এইবোৰ নোহোৱা কৰিবলৈয়ো আমিয়েই উপায় উলিয়াব লাগিব। তেহে আমাৰ “উন্নত অসম”ৰ সপোনৰ বাটবোৰ নিৰ্ধাৰিত কৰিব পৰা যাব। আমিবোৰেই সেই বাট দেখুৱাব পাৰিব লাগিব; তাৰ দায়িত্বও আমিয়েই ল’ব লাগিব। আমাৰ নিজৰ সবলতা আৰু দুৰ্বলতা আদিক আমি নিৰপেক্ষভাবে বিচাৰ-বিবেচনাৰে চিনাক্ত কৰি তাক শুধৰাই ল’ব পাৰিলেহে আমাৰ “উন্নত অসম” সম্ভৱ হৈ উঠিব। কেৱল উদ্যোগৰেই “উন্নত অসম” সম্ভৱ হ’ব জানো? শিক্ষা আৰু স্বাস্থ্যহীন অসমে জানো আমাক উন্নত অসম দিব পাৰিব। স্বাধীনতাৰ প্ৰায় ৭০বছৰৰ পাছতো প্ৰায় ৩০%ৰো ওপৰৰ মানুহ আজিও শিক্ষা লাভৰ পৰা বঞ্চিত। সাধাৰণ শিক্ষাৰ উপৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ৰাজ্যখন বাৰুকৈয়ে পিছ পৰা। কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো একেই অৱস্থা। ৰাজ্যখনত এক knowledge based অৰ্থনীতি গঢ়ি তুলিবলৈ কাৰিকৰী শিক্ষাত বিশেষভাৱে গুৰুত্ব দিব লাগিব।

আনহাতে স্বাস্থ্য খণ্ডত অসমে কিছু সফলতা দেখুৱাইছে যদিও গ্ৰাম্যঞ্চলসমূহ এতিয়াও সেইবোৰৰ সুফল পোৱাৰ পৰা বঞ্চিত। ২০১৪চনৰ এক হিচাব মতে গ্ৰাম্যঞ্চলত এতিয়াও প্ৰায় ১১০০জন চিকিত্সকৰ অভাৱ ঠিক তেনেদৰেই প্ৰায় ৫০০০নাৰ্ছিং ষ্টাফৰ অভাৱ। এতিয়াও অসমত মেলেৰীয়া, এনকেফেলাইটিছ আদি মহামাৰীয়ে বছৰি হাজাৰজনৰ প্ৰাণ লৈ আহিছে। এতিয়াও সুষম আহাৰৰ অভাৱত শিশু পুষ্টিহীনতাত ভুগিব লাগিছে। আনহাতে ইনফাণ্ট মৰটেলিটিত এতিয়াও প্ৰতি এহাজাৰটা শিশুৰ ভিতৰত প্ৰায় ৬৭টাৰ জন্মৰ সময়তে মৃত্যু হয়। এই সংখ্যা নিশ্চিতভাৱেই ভয়াবহ আৰু ই স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে। এইবোৰক ৰোধ কৰাৰ চেষ্টা আজিও সম্পূৰ্ণ সফল কিয় হ’ব পৰা নাই তাক বিবেচনা কৰি চোৱাৰ দায়িত্বও আমিয়েই ল’ব লাগিব। এই সকলো দুৰ্বলতাক আমি সফলভাৱে প্ৰতিহত কৰিব পাৰিলেহে আমি “উন্নত অসম” এখনৰ সপোন বাস্তৱত সাকাৰ কৰিব পাৰিম।

এইসকলোবোৰ সবলতা-দুৰ্বলতাক জয় কৰি আমিও দেখিব নোৱাৰো নে সপোনৰ এখন অসম য’ত কৃষি-উদ্যোগ-পৰ্য্যটন-শিক্ষা-স্বাস্থ্য আদিৰ বিকাশেৰে জাকতজিলিকা হৈ উঠা এখন সফল আৰু সবল অসমৰ, এক উন্নত অসমৰ। তেনেকুৱা এখন অসমৰে সপোন আৰম্ভ হওঁক সাহিত্যৰ এইখন চোতালৰ পৰাই— তাৰেই কামনাৰে,

অগ্নিভ দত্ত
সম্পাদক, সাহিত্য ডট অৰ্গ, নৱেম্বৰ ২০১৫

Subscribe
Notify of
6 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ডিম্বেশ্বৰ
5 years ago

সুন্দৰ ভাৱে বিষয় বস্তু উপস্থাপন হৈছে। ভাল লাগিল।

Anonymous
5 years ago

সুন্দৰ অগ্নিভ

শান্তনু কৌশিক বৰুবা
5 years ago

ভাল লাগিল

জিণ্টু শৰ্মা
5 years ago

ভাল লিখিছে ৷

Pinkumani Deka
5 years ago

সুন্দৰ উপস্থাপন. আমাৰ বাবে এটা নিতান্তই ভাল খবৰ ……

হেমন্ত কাকতি
3 years ago

বৰ ভাল লাগিল সম্পাদকীয় পঢ়ি ৷